Now you can Subscribe using RSS

Submit your Email

Monday 25 May 2020

Bad boy ঃ 4-5

Unknown

[ চতুৰ্থ অংশ ]

কাম কৰি বেয়া বেয়া লগা নাছিল পলাশৰ। অফিচৰ সকলোৰে লগত ভাল সম্পৰ্ক এটা গঢ়ি উঠিছিল তাৰ। মাথো প্ৰচ্ছায়াৰ লগতহে বৰকৈ সি ক্ল’জ হব পৰা নাছিল। কথাবোৰ খুউব জুখি-মাখি কয় তাই। সি তাইৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। পলাশে ল’ৰালৰি কৰাৰ একো প্ৰয়োজন অনুভৱ কৰা নাছিল। আগতে সিঁহতৰ সম্পৰ্কটো ভাল হওকচোন। ইটোৱে সিটোক ভালকৈ বুজি লবলৈ অলপ সময় লাগেই। কলেজীয়া দিনবোৰ আকৌ ঘুৰি অহা যেন লাগিছিল তাৰ। 

পলাশৰ আইডিয়া মতে  নিজৰ সুবিধামতেই তাৰ টীমটোৱে কাম কৰি গৈছিল। ভবামতেই সফল হ’ল সিঁহত। দুমাহতে ভালেখিনি বিজনেছ ডেভেলপ কৰিবলৈ সক্ষম হ’ল। 

‘ৱেলডান পলাশ। আচ্ছা কাম কিয়া তুনে। মজা আ গয়া।’ জি এম উচ্ছাসিত হৈ পৰিছিল।

পলাশৰ মনটো ভাল লাগিছিল। যোৱা এমাহে যথেষ্ট কৰিছে সি। আৰম্ভনিতে ভাল পাৰ্ফমেঞ্চ দিব নোৱাৰিলে ইম্প্ৰেছন বেয়া হৈ যায়। বহু সময়ত জব চিকিয়’ৰ হৈয়ো নাথাকে। সেয়েহে পৰালৈকে কষ্ট কৰিছিল সি। এনেকৈ ডিউটি টাইমৰ পিছতো অফিচৰ কামত ঘুৰিছিল।

কনফাৰেঞ্চ ৰুমত মিটিং এখন পাতিছিল। মেনেজমেন্টৰ মান্থলী মিটিং। কিছুমান ডিচিছন লবলৈ এইদৰে মাজে-মাজে মিটিং বহে। সকলো মিটিঙত পলাশৰ যোৱাৰ প্ৰয়োজন নহয়। নামাতেও তাক। মাৰ্কেটিঙৰ মানুহহে। কিন্তু সেইদিনা তাক জিএমে নিজেই মতাত সিয়ো আহিল। 
বহুদিনৰ মুৰত গ্ৰুপ অফ কোম্পানীৰ চিইঅ’ আহিছিল। প্ৰতি মাহতে দুই তিনি তাৰিখে তেখেত আহে। বিজনেছৰ খা-খবৰ লয়। ব্যস্ত মানুহ। অসমত নাথাকেই। পলাশে আগতে 
দেখা নাছিল কোম্পানীৰ মালিকজনক। তাক এপইন্টমেন্ট দিয়াৰ সময়তো মানুহজন অহা নাছিল। মানুহজনক চিনি পোৱাত পলাশৰ অকনো অসুবিধা নহল। জিএমৰ কেবিনত প্ৰায় ষাঠি বছৰীয়া মানুহ এজনৰ ফটোখন দেখিছিল সি। এই আৰেই তাক চিনাকি কৰি দিছিল ফটোখন দেখুৱাই। কনফাৰেঞ্চ ৰুমৰ সমুখৰ চকীখনত চিইঅ’ বহি আছিল। অতি সাধাৰণ সাজপাৰ পিন্ধা মানুহজনক দেখি পলাশ অলপ আচৰিত হ’ল। ইমান ধনী মানুহ¸ অথচ এটা সাধাৰণ হাফচাৰ্ট পিন্ধিছে তেও। অথচ তেওৰ কাষতে বহি থকা জিএম এজিএম এইচ আৰে চুট পিন্ধি আছে। শ্ৰদ্ধাৰ ভাৱ এটা আহিল তাৰ। কোনে কব এই মানুহজন প্ৰায় ডেৰশকোটি টকা সম্পত্তিৰ মালিক বুলি।

‘গুড মৰ্ণিং ছাৰ।’
সি সোমোৱাৰ ফালে তেও চাই আছিল। সি আগুৱাই গৈ সম্ভাষণ জনালে তেওক। 
‘গুড মৰ্ণিং।’
লাহেকৈ হাঁহি হাতখন আগবঢ়াই দিলে তেও। কলে¸ ‘কংগ্ৰেচুলেচ্যন এণ্ড থেংক ইউ।’

সামান্য অসহজবোধ কৰিছিল সি। তথাপি  ডাঙৰ মানুহজনে হাতখন আগবঢ়াই দিয়া দেখি সিয়ো হাতখন আগবঢ়াই দিলে।

‘টেক য়’ৰ চিট জেন্টেলমেন।’ তাক বহিবলৈ কৈ জিএমক সুধিলে চিইঅ’ৱে
‘ইনকো কিটনা দে ৰহে অভি?’
‘টুৱেন্টি ফাইভ।’
‘অউৰ টেন পাৰচেন্ট দে দো।’

পলাশৰ মনটো ভাল লাগি গল। তাৰ কষ্ট অথলে যোৱা নাই। নিবিচৰাকৈয়ে আৰু পশিচটকাৰ সংযোগে তাৰ অভাবখিনিক বাৰুকৈয়ে পূৰাব পাৰিব।
‘থেংক ইউ ছাৰ।’
হাতযোৰ কৰি কৈ উঠিল সি।

‘দেখ ভাই¸ ছাৰ নে তেৰা চেলাৰী বঢ়া দিয়া। এইচেহি অাচ্ছা কাম কৰকে যাও।’
সেই মূহুৰ্ততে জিএমে হাঁহি কৈ উঠিল। কৌতুকেৰে কলেও কথাখিনি কওতে তেওৰ মুখখন উজলি উঠিছিল।

‘থেংক ইউ ছাৰ।’
আকৌ এবাৰ ধন্যবাদ জনাালে সি। চিইঅ’¸ জিএমৰ লগতে এইচ আৰেও হাঁহি আছিল। মাথোন এজিএমৰ মুখখনহে কলাপৰা যেন সি দেখিছিল। 

মিটিংখন সি ভবাৰ দৰে সাধাৰণ মিটিং নাছিল। কম্পেনীয়ে নতুনকৈ প্ৰজেক্ট এটা লঞ্জ কৰিব। প্লট ইতিমধ্যেই ল’লে। তাৰ অতিৰিক্ত কামৰ দায়িত্বও জিএমক দিবলৈহে চিইঅ’ ছাৰ আহিছিল। এইবাৰ এজিএমক অলপ ব্যস্ত হোৱা যেন লাগিল। যেন এইটো দায়িত্ব লবলৈহে মানুহটোৱে বৰ আশাৰে বাটচাই আছিল। চিইঅ’ই কৈ থকা সময়ত মানুহটোৱে দুবাৰমান মুৰ দুপিয়াই থকা সি দেখা পালে। তাৰ হাঁহি উঠিছিল। কথাবোৰ সচাকৈয়ে এজিএমে বুজিছিল নে এনেয়ে মুৰটো লৰাই আছিল ভগবানেহে জানে। এই নতুন কামটোত পলাশক একো দায়িত্ব নিদিলে। আচলতে আপকামিং প্ৰজেক্টত মাৰ্কেটিঙৰ একো কৰিবলগাই নাথাকে। মাত লগাই চিইঅ’ ওলাই যোৱাৰ পিছতো অলপদেৰি জিএম এজিএম¸ এইচ আৰ ভিতৰতে বহি ৰ’ল।

‘চাৰ¸ মুঝে লগতা হে হমে অভি একবাৰ  জানা চাহিয়ে।’
এপাকত অত্যুৎসাহী এজিএমে কৈ দিলে।

‘বাট চোচ চমজকে কিয়া কৰো।’
অত্যুৎসাহী এজিএমক জিএমে দবিয়াই উঠিল। লাজপাই মানুহটোৱে সেমেনা-সেমেনিকৈ ৰ’ল। 
পলাশৰ হাঁহি উঠিছিল। কোনোমতে চেপি ৰাখি আঁৰ চকুৰে এজিএমলৈ চালে সি। কাউৰীয়ে ম’ৰাৰ দৰে পেখম ধৰাৰ দৰে  নিলাজ মানুহটোৱেও জিএমৰ দৰে হবলৈ চেষ্টা কৰে। ক’ত জিএম আৰু ক’ত তেও। জিএমে একলাখ বিশহেজাৰ দৰমহা পোৱাৰ বিপৰীতে তেও পাই মাথো ত্ৰিশ হাজাৰ। সেয়াও মালিকক কৈ মেলি। অথচ তেওতকৈ এইচ আৰেই পাই বেছি। মালিকৰ পুৰণা কৰ্মচাৰী বুলি চুপাৰভাইজাৰ টাইপত ৰাখিছিল। পিছলৈ কুটুৰি কুটুৰি কিবাকৈ ডেজিগ্নেচনটো ল’লে। ৰৈ থকাৰ প্ৰয়োজন নকৰিলে পলাশে। তাৰ কাম নাই যেতিয়া আলোচনাৰ ভাগ লোৱাটো দৰকাৰ নাই।

-----

‘পলাশ¸ তেতিয়া জিএমে দবিয়াওতে তাৰ মুখখন দেখিছিলিনে?’
আবেলি বৈশ্যদাৰ কেবিনত আহি বহোতে সোধে বৈশ্য দাই। আজিকালি এইচ আৰ এমক দাদা বুলিয়েই মাতে সি। ছাৰ নকয়। তেৱো তাক তই মইকৈয়ে মাতিব লৈছে। মানুহজনে তাক ভায়েকৰ দৰেই ভাবিব লৈছে। 

‘মোৰ বিৰাট হাঁহি উঠিছিল জানে। কোনোমতেহে হাঁহিটো চেপি ৰাখিছো।’
হাঁহি হাঁহি কলে সি।

‘মোৰো একেই হৈছিল। ইফালে জিএম ছাৰ থকা বাবে হাঁহিবও নোৱাৰো। পেটত কোনোবাই ভাকূট কূটাই দিয়া যেন লাগিছিল।’

‘মানুহটোৰ কিয় বাৰু ইমান ওষ্টাদি।’

‘স্বভাবৰ দোষ বুজিছ। অলপ জানি বহুত জনা দেখুওৱাৰ লোভ।’
আকৌ এবাৰ হাঁহিলে বৈশ্য দাই। সিয়ো হাঁহিলে।

‘আচলতে মানুহটো এইটো অফিচত কাম কৰাৰ যোগ্যই নহয় বুজিছ। দিনটো কি কাম কৰে দেখিছই। এনেয়ে ইফালৰপৰা সিফাললৈ ঘুৰি নলগা জেঙাত লাগি থাকে। মালিকে এনেয়ে দৰমহা কেইটা দি ৰাখি থৈছে। বোধহয়¸ মালিকেও তাৰ খেচখেচনিত ৰব নোৱাৰিহে এজিএম কৰি দিলে। দুদিনমান বোলে ঘৰলৈকো গৈ মেমক কুটৰিছিলগৈ। শুনামতে মালিকৰো বোলে ইচ্ছা নাছিল ৰখাৰ।’

‘হহম। এটা কথা ঠিক কিন্তু¸ কিবা কাৰণত ইয়াৰ পৰা গলে বেলেগত কাম কৰিব নোৱাৰিব।’

‘ঠিক কৈছ। এতিয়া চাবি¸ দুদিনমান কি ষ্ট্ৰিক্ট হৈ দেখুৱাব ইয়াতে। বেছেৰাই হয়তো আশা পুহিছে কিজানিবা নতুন অফিচত জিএমৰ দায়িত্ব দিয়েই।’

সিঁহতে কথা পাতি থাকিল। বাহিৰলৈ যোৱাৰ আজি প্ৰ’গাম নাছিল তাৰ। জুনিয়ৰ দুজনক পঠাই অফিচতে কাম অলপ কৰিছিল। 

‘তই এতিয়া বিয়াখন পাতি পেলাব পাৰ দেখোন। চাকৰীও তোৰ হৈ গ’ল। পাতি পেলা এতিয়া।’
হঠাতে প্ৰসংগ সলনি কৰে বৈশ্যই।

‘পাতিম ৰব লাহে-লাহে।’
‘কি লাহে-লাহে? বয়স ৰৈ থাকিব নেকি? বত্ৰিশ হলেই দেখোন তোৰ। আচ্ছা ছোৱালী চাইছ?’
‘নাই।’
ঘপকৈ মুখৰ পৰা ওলাই যায় তাৰ। হওতে ঘৰটো বিয়াৰ কথা আলোচনা নকৰা নহয়। কিন্তু সাজি থকা ঘৰটো সম্পূৰ্ণ নকৰাকৈ সি ভাবেই বা কেনেকৈ! এই চাকৰীটো পোৱানো কিমান দিন হৈছে। দুমাহহে। আগতেতো পোন্ধৰ হাজাৰ টকাতেই ঘৰভাড়া দি খাই ঘৰ চলাবলগীয়া হৈছিল। 

‘ঐ পলাশ¸ এটা কাম নকৰ কিয়। তই দেখোন প্ৰচ্ছায়াকে বিয়া কৰাব পাৰ। দুয়োটা এটা অফিচতে চাকৰী কৰ যেতিয়া আণ্ডাৰষ্টেণ্ডিঙো থাকিব আৰু পুৰা কেয়াৰো লৈ থাকিব পাৰিবি।’

কিবা এটা দৰকাৰত প্ৰচ্ছায়া বৈশ্যদাৰ কেবিনলৈ আহিছিল। বৈশ্যদাৰ কথা শুনি 
চৰ্চৰণি খালে তাই। তাইৰ গাল মুখ ৰঙা হৈ পৰিল। পলাশৰো গাল দুখন ৰঙা হৈ পৰিছিল।

‘বৈশ্যদাদা¸ কি যে কয় আপুনি?’
কি কও নকওকৈ তাই কৈ দিলে। 
পলাশৰো অসহজ লাগিল। তাইৰ সামান্য খং উঠা অনুভৱ কৰি সিয়ো কলে¸ ‘ছৰি দেই¸ আচলতে বৈশ্য দাই ধেমালিহে কৰিছে।’

‘মই এনেকুৱা ধেমালি ভাল নাপাও।’
গম্ভীৰ হৈ কৈয়ে তাই ৰুমটোৰ পৰা ওলাই গ’ল।

মূহুৰ্তৰ বাবে বাকৰুদ্ধ হৈ পৰিল সি। তাই কি সচাই বেয়া পালে নেকি! কিন্তু বৈশ্যদাৰ সেইবোৰলৈ ভ্ৰক্ষেপ নাই।

‘তেও চাগে বেয়া পালে!’
তাই যোৱাৰ ফালে চাই সি নিজকে নিজে কোৱাৰ দৰে কলে।

‘নাই পোৱা¸ লাজ কৰিছে। কি তোৰ মন আছে তাৰমানে?’
বৈশ্যদাই হাঁহি হাঁহি তাক সুধি থাকিল।

এপাকত মুৰ দুপিয়ালে সি।

হাঃহাঃহাঃহাঃ
বৈশ্যদাৰ প্ৰাণখোলা হাঁহিত সৰু ৰুমটো কঁপি উঠিল।

--------

প্ৰচ্ছায়াৰ খং উঠিছিল। নভবা নিচিন্তাকৈ বৈশ্যদাই কিয় তেনেকৈ কৈ দিব লাগে। তাইক কি তাৰ নামত পাগল হোৱা বুলি ভাবিছে! সি নহৈ আন যিকোনো ল’ৰাৰ আগত কোৱা হলেও ইমান খং তাইৰ নুঠিলহেতেন। চাগে সিয়েই বৈশ্যদাৰ আগত কব লাগিব তাইৰ কথা। নহলে তেও আগেয়ে কিয় কব! এইবাৰ খংটো তাৰ ওপৰলৈ গুছি যাই তাইৰ।

এইবোৰ অসভ্য ল’ৰাৰ একো বিশ্বাস নাই। ছোৱালীৰ লগত অভদ্ৰৰ দৰে তৰ্ক কৰিব পাৰে¸ মদ খাই ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিব পাৰে যেতিয়া লুকাই লুকাই বা আৰু কি কি কৰিব নোৱাৰিব! কম অসভ্যালিৰ বাবেতো চাগেতো লকআপত এৰাতি সুমুৱাই থোৱা নাছিল। লীমাই কোৱা কথাখিনি মনত পৰাত তাৰ প্ৰতি ঘৃণাৰ ভাবটো উথলি উঠে তাইৰ। 

যাহ¸ কাইলৈৰ পৰা কথাই নাপাতে তাই। তাৰ চকুলৈয়ো নাচায়। এনেকুৱা অসভ্য ল’ৰাক লাই দিলে যে ডিঙিলৈকে জপিয়াব সেই কথা তাইৰ জনা আছে। আৰু নাভাবিলে তাই¸ ল’ৰালৰিকৈ বেগটো লৈ অফিচৰ পৰা ওলাই আহিল।

‘ প্ৰচ্ছায়া ৰবাচোন।’
পাৰ্কিঙত স্কুটীখন উলিয়াবলৈ হৈ ৰৈ গ’ল তাই। লিফ্টৰ পৰা নামিয়েই ৰাণীয়ে চিঞৰিছিল। তাই মাত শুনি প্ৰচ্ছায়াই ঘুৰি চালে।

‘ মোক লিফ্ট দিয়ানা।’
হাঁহি এটা মাৰি ৰাণী প্ৰচ্ছায়াৰ কাষলৈ আহিল।

‘আহা’
‘কি হ’ল¸ মুড অফ যে?’
প্ৰচ্ছায়াৰ মুখত হাঁহি নেদেখি ৰাণীয়ে তাইৰ বাহুত হেঁচুকি দিলে।

‘ নাই দিয়া তেনেকৈ একো হোৱা।’
পিছফালে নোচোৱাকৈয়ে প্ৰচ্ছায়াই কলে।

‘ আৰে কোৱাচোন। কোনোবাই কিবা কলে নেকি? নে কব নোৱাৰা কিবা সাংঘাটিক পাৰ্চনেল? 
আকৌ এবাৰ প্ৰচ্ছায়াৰ বাহুত হেঁচুকি দিলে ৰাণীয়ে। তাইৰ মুখত এটা স্মিত হাঁহি।

এইবাৰ প্ৰচ্ছায়াই এবাৰ ৰাণীৰ মুখলৈ ঘুৰি চালে। এটা মূহুৰ্ত ভাবিলে তাই। কবনে নকয়! একাউঞ্চৰ ৰাণীক প্ৰচ্ছায়াই বা বুলি মাতে। তাইতকৈ দূবছৰমান ডাঙৰ হব ৰাণী। ৰাণীবা তাই বান্ধবীৰ দৰে। অফিচটোত ৰাণীবা আৰু জুলেখাৰ লগতে তাইৰ বেছি বন্ধুত্ব। বাকী সকলোকে মাতে যদিও প্ৰয়োজনতকৈ অধিক বিশ্বাস কাকোৱেই নকৰে। তাইক জীৱনেই শিকাইছে এয়া। কিন্তু কথাবোৰ এই মুহুৰ্তত ৰাণীবাক কোৱাটোৱে ভাল হব বুলি ভাবিলে তাই।

‘ চোৱাচোন ৰাণীবা¸ সেইটোৱে বাৰু নিজকে কি বুলি ভাবে!’

‘ কোনে?’
একো নুবুজি ৰাণীয়ে স্কুটিৰ মিৰ’ৰখনতে প্ৰচ্ছায়াৰ মুখলৈ চাই থাকিল।

‘ কোনে হব আৰু। চেলছ মেনেজাৰে। লগতে বৈশ্যদাকো নিজৰ ফলীয়া কৰি ললে।’
‘ অ’ কি কৰিলে পলাশদাই?’
‘ শুনা তেনে¸ বৈশ্যদাই আজি মোক সেইটোৰ লগতে বিয়া হবলৈ কলে। ইস¸ সি বৈশ্যদাক পতাই মেলি মোক বিয়া কৰাব যায়।’

‘ হা হা¸ কি বেয়া কৈছেনো! পলাশ ল’ৰাটোও দেখাই শুনাই ভাল। বিয়া হৈ যোৱা। মিলিবা দুয়োটা।’
ৰাণীয়ে মিছিকিয়াই হাঁহিলে।

‘ ৰাণীবা তুমিও?’
কৃটিম খঙেৰে প্ৰচ্ছায়াই চালে ৰাণীলৈ।
‘ তুমি কথাটো বুজা নাই। ল’ৰাটো দেখিবলৈ ভাল হলে কি হব। কেৰেক্টাৰ একদম ভাল নহয়।’
লীমাই কোৱা কথাবোৰ সকলো ৰাণীৰ আগত কৈ দিলে প্ৰচ্ছাই। ‘কি কোৱা।’ অবাক হৈ ৰাণীয়ে মুখ মেলি দিলে।
প্ৰচ্ছায়াৰ মনটো ভাল লাগিল। এতিয়াৰ পৰা এজনে অন্তঃত তাৰ ৰূপটো চিনিলে। 
গণেশগুৰিত ৰাণী নামিল।

‘বাই কালিলৈ লগ পাম।’
হাঁহি এটা মাৰি বিদায় ললে প্ৰচ্ছায়াই। 
‘ বাই ’
হাতখন জোকাৰি ৰাণীয়ে চাই ৰ’ল প্ৰচ্ছায়াৰ ফালে।

******
                                   [ পাঁচ ]

‘ তোৰ নাম কি?’
‘ বদমাছ’
‘ ধেমালী কৰিছ?’
‘ নাই কৰা। কিয় কৰিম।’
‘ এইটো কি নাম?’
‘ মোক সকলোৱে এনেকৈয়ে মাতে।’
‘ হা¸ কিয় মাতে বাৰু?’
‘ এইটো মোৰ নাম। সেই কাৰণে মাতে।’
‘ তোৰ মাৰে-বাপেৰেও কি এনেকৈ মাতে?’
‘ মোৰ মা বাবা নাই। মই দেখাই নাই। লোকৰ ঘৰত ডাঙৰ হৈছো।’
‘ এনেকৈ মাতিলে তোৰ খং নুঠে?’
‘ নুঠে ’
‘ কিয় নুঠে?’
‘ মই যে বদমাছ।’
‘ কি বদমাছনো তই?’
‘ একেবাৰে বদমাছ মই।’
‘ চুৰি-দকাইটি কৰ নেকি?’
‘ নকৰো ’
‘ মদ ভাং খাই মাৰপিট কৰি জেইললৈ গৈছ নেকি?’
‘ মই মদ ভাং বিড়ি¸ চাধা¸ চিগাৰেট¸ ড্ৰাগছ¸ গাঞ্জা একোৱেই নাখাও। আজিলৈকে পুলিচ থানাও গচকি পোৱা নাই। ’
‘ তেন্তে! বেয়া মাইকীৰ লগত সম্পৰ্ক আছে তোৰ? কোনোবা ছোৱালীক কেতিয়াবা ফুচুলাই নষ্ট কৰিছ?’
‘ ওহো¸ মই কাকো প্ৰৱঞ্চনা কৰা নাই। আজিলৈ কোনো গাৰ্লফ্ৰেণ্ডো গোটোৱা নাই। আনকি কোনো বিবসনা নাৰীৰ শৰীৰো স্পৰ্শ কৰা নাই। ’
‘ তেন্তে! তেন্তে কিয় তই নিজকে বদমাছ বুলি স্বীকৃতি দিছ? ’

‘ কাৰণ মই হত্যাকাৰী। ব্লাডী মাৰ্ডাৰাৰ। ’
‘ মাৰ্ডাৰ?? কাক হত্যা কৰিলি তই? কেতিয়া??’
‘ সদায় হত্যা কৰো। নিজক¸ নিজৰ সপোনবোৰক।’
‘ এটা সময়ত সকলোৱে এনেকৈ ভাবে। সপোনবোৰক সকলোৱে হত্যা কৰে। ইয়াত একো ব্যতিক্ৰম নাই।’

‘ আছে। বহুত কথা আছে। মই হত্যাকাৰীয়েই। আৰু …’
‘ আৰু কি ? ’
‘ মই পাপী। ’
‘ কি পাপ কৰিলি?’
‘ মই হস্তমৈথুন কৰো।’
‘ এয়াটো স্বাভাবিক কথা।’
‘ নহয়। মন বেয়া লাগিলেই মই হস্তমৈথুন কৰো।’
‘ আপচোছ হয় যদি নকৰিবি।’
‘ কিয় নকৰিম। এয়াটো প্ৰকৃতিৰ নিয়ম।’

খীন মীন ল’ৰাটোৱে শান্তস্বৰেৰে কৈ থাকিল। হতবাক হৈ বিস্ফোৰিত নেত্ৰে তালৈ চাই থাকিল ধুনীয়া শকত মানুহজনে। ষ্টেটিস্কোপটো লিৰিকি বিদাৰি ডাক্টৰজনে ভাবি থাকি থাকিল¸ প্ৰেছক্ৰিপচনখনত কি ঔষধ লিখিব!’

পাতটো লুটিয়াই দিলে পলাশে। নাই¸ আৰু নাই। গল্পটো ইয়াতেই শেষ কৰিছে গল্পকাৰে। মনটো গধুৰ হৈ পৰিল তাৰ। গল্পটোৰ শিৰোনামটো আকৌ এবাৰ পঢ়িলে সি¸ দ্যা ডগ ইন চেম্বাৰ। 
 হুমুনিয়াহ এটা কাঢ়ি কিতাপখন জপাই থলে। উঠি আহি পানী এগিলাছ খালে। 

অফিচৰ পৰা আহি গাটো ধুই কিতাপখন মেলি লৈছিল সি। আধাপঢ়া হৈ আছিল সেইখন। নাই¸ গল্পটো পঢ়াৰ পিছত আৰু পঢ়িবলৈ মন নগল তাৰ। 
কিতাপখন বিচনাৰ পৰা টেবুলখনলৈ স্থানান্তৰ কৰি বেলকনিলৈ ওলাই আহিল সি।

অলপ পিছত ভিতৰলৈ সোমাই আহিল। চাহ একাপ বহালে আৰু হোৱাৰ পিছত দুখন বিস্কুটৰ সৈতে চাহকাপ হাতত লৈ আকৌ বেলকনিলৈ ওলাই আহিল।

পলাশৰ মন গৈছিল।
 আকাশৰ তৰাবোৰ চাবলৈ মন গৈছিল। ৰাতিৰ আকাশ।
 বিশাল আকাশ। 
সৌৱা বুঢ়া বুঢ়ীয়ে আকাশত কবিৰ খেতি কৰি কৰিছে। চপৰা চপৰে শুকুলা মেঘৰ টুকুৰাবোৰ দেখুৱাই আইতাকে কৈছিল। সেই আইতাকো এতিয়া তাতেই আছে। হয়তো মেঘ হৈ। হয়তো তৰা হৈ। 
 উভতি আহি ৰুমটোৰ এচুকত এলাগী হৈ পৰি থকা গীতাৰখন হাতত লৈ চাদলৈ উঠি গ’ল সি। বহুদিনৰ পিছত আকাশখনৰ সতে কথা পাতিবলৈ মন গৈছিল তাৰ। গীতাৰত সুৰ তুলি সি বজাই গ’ল এই আকাশ বৰ বিশাল। 

পলাশ তন্ময় হৈ পৰিছিল। ফেৰফেৰীয়া বতাহ এজাক গাত নলগা হলে হয়তো গমেই নাপালেহেতেন সময় কিমান পাৰহৈ গৈছিল। আকাশৰ তৰাবোৰ লুকাই গোমা হৈ পৰিছিল। হয়তো বৰষুণ এজাক আহিব। নামি আহিল সি। ভাত বনাবলৈ আছেই।

টোপনি নহা দেখি আজিও ফোনটো হাতত ললে সি। ডাটা অন কৰিলে আৰু ফেচবুক খুলি শুই শুই পোষ্টবোৰ এফালৰ পৰা চাই থাকিল।
টোপনি এনেয়েও তাৰ সোনকালে নাহে। ভাতকেইটা খোৱাৰ পিছত সামান্য টোপনিৰ ভাব এটা আহে যদিও কোনোদিনেই শোৱা নহয় তাৰ। সদায় ভাবে আজি সোনকালে শুম। কিন্তু অলপপৰ চকু মুদি থকাৰ পিছত আকৌ লাহেকৈ ফোনটো খুলি লয়। নাই¸ হেবিটটো সলাব পৰা নাই। কুকুৰৰ নেজ পোন নোহোৱাৰ দৰে টোপনি আৰু তাৰ সম্পৰ্কটো অহিনকুলৰ। যেন টোপনিৰ ইচ্ছা গলেহে টোপনি তাৰ কাষলৈ আহে।

ধেমেলীয়া পোষ্ট এটা লিখি দুইমিনিট ৰ’ল সি। দুই মিনিটতে দহটা লাইক পৰিল।  তাৰ পিছত এটা কমেন্ট।
‘ নাকত তেল দিয়ক আৰু শুই দিয়ক।’
হাঁহি উঠিল তাৰ। নাকত তেল দিলে টোপনি অৱশ্যেই আহে বুলি সিয়ো জানে। কিন্তু মিঠাতেলৰ চিপচিপিয়া ভাৱটোৰ কথা মনত পৰাত তাৰ গাটো জিকাৰ খাই উঠে। ভাল লাগে তাৰ। ভাৰ্চুৱেল দুনীয়াৰ অচিনাকী মানুহবোৰ চিনাকী নহৈয়ো যেন চিনাকি হৈ পৰে। মাৰ্ক জুকাৰবাৰ্গ সচাকৈয়ে এটা ধন্যবাদৰ পাত্ৰ। যদি সেই দিনবোৰতো ফেচবুকৰ দৰে কিবা থাকিলহেতেন। যদি তেতিয়াও এন্ড্ৰয়ডৰ দৰে মোবাইল ডিভাইচ থাকিলহেতেন। সেয়াও নহলে যদি কেইটা বছৰ দেৰিকৈয়ে তাৰ জন্ম হ’লহেতেন¸ চাগে আজি কথাবোৰ অলপ বেলেগ ধৰণেই চাবলৈ শিকিলেহেতেন। 

কিন্তু জীৱনৰ গতিৰ লগতেই বা কি সম্পৰ্ক এণ্ড্ৰইডৰ! আপাতত এটা বাজে প্ৰশ্ন। কিন্তু পলাশে জানে¸ কেতিয়াবা সময় পাৰ নোহোৱাটোও এটা সমস্যা হৈ পৰে। আৰু আন্তৰিতাবিহী়ন¸ বিশ্বাস কৰিব নোৱাৰা হলেওতো ভাৰ্চুৱেলী এটা সম্পৰ্কই হয়। হাঁহি এটা মাৰি পোষ্টবোৰ স্ক্ৰ’ল কৰি গ’ল সি। এখন যুঁজ লাগিছিল ফেচবুকত। স্কিপ কৰি পাৰ হৈ গ’ল সি। এতিয়া আৰু নলগা জেঙাত সোমাই তৰ্ক কৰাৰ মানসিকতা নাই। লাগিলে ভয়াতুৰেই হওক। হঠাতে বৈশ্যদাৰ ফেমিলী ফটো এখনত কমেন্ট এটা দেখি ৰৈ গ’ল সি। কমেন্টটো প্ৰচ্ছায়াৰ। নেট স্পীড ভাল নহয়। তাৰ ৰুমৰ ভিতৰত জিঅ’ৰ সেৱা ভালকৈ নাপায়। অলপ সময় লোড লোৱাৰ পিছত তাইৰ প্ৰফাইলটো খোল খালে। বেছিভাগ ফটোৱেই আছিল তাইৰ প্ৰফাইলত। মাজে মাজে দুই এটা সৰু সৰু পোষ্ট। তাই চাগে খুউব সজাগ ছ’চিয়েল মিডিয়াত। তাৰ দৰে ডেমকেয়াৰ নহয়। এইবাৰ তাইৰ এবাউটত চাই পলাশৰ অনুভৱ হ’ল¸ তাই চাগে তাতকৈ ওপৰৰ। তাইৰ লাইফ ষ্টাইলৰ লগত বোধহয় তাৰ নিমিলে। সেমেকা হাঁহি এটা ওলাই আহিল তাৰ। থোৰি তাই তাৰ গাৰ্লফ্ৰেণ্ড। এই সম্পৰ্ক আগনবঢ়োৱাই হ’ল। প্ৰফাইলটোৰ পৰা ওলাই আহি ডাটা অফ কৰি দি চকু দুটা মুদি দিলে সি। টোপনি নাহিলেও এইবাৰ চকু নোখোলে। পলাশ দৃঢ়প্ৰতিজ্ঞ।

                              ******

                             

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib