Now you can Subscribe using RSS

Submit your Email

Monday 25 May 2020

Bad boy ঃ6

Unknown

                               [ ছয় ]

সি দূৰৰ পৰাই দেখিলে প্ৰচ্ছায়া আহিছে। ব্লেক জিনচ আৰু হোৱাইট চাৰ্টটোৰে তাইক বৰ মৰম লাগিছে। অবাধ্য চুলিকেইদালে বাৰে বাৰে মুখৰ আগলৈ আহি আছিল। চকুৰ পৰা চানগ্লাছযোৰ খুলি তাই এবাৰ চুলিখিনি ঠিক কৰিলে।
 আনকালে অফিচলৈ সোমাওতে তাৰ অলপ দেৰি হয় । আনকালে সি অহাৰ সময়ত তাই নিজৰ কেবিনত কাম কৰি থাকে। কিন্তু আজি এফালে সোমাই অহাত অলপ সোনকালেই পালে। 
প্ৰচ্ছায়াক দূৰৰ পৰাই দেখি পলাশৰ মনত পৰিল আগদিনা তাই খং কৰি ওলাই গৈছিল। হয়তো তাকো ভুল বুজিব পাৰে। ভুলটো ভাঙি দিবলৈ আগদিনা সুযোগেই নাপালে সি। সেয়েহে ৰিচেনচনৰ কাষতে ৰৈ থাকিল সি তাই আহি পোৱালৈ।

‘ গুড মৰ্নিং। আহিলে।’
ধুনীয়াকৈ হাঁহি এটা মাৰি সম্ভাষণ জনালে সি। 
তাই একো প্ৰত্যুত্তৰ নিদিলে। তাৰ ফালে নাচালেও। সেইখিনি সময়তে ফোনত কথা পাতি অলপ দূৰত আহি পোৱা জুলেখাৰ কাষলৈ ‘হাই জুলেখা’ বুলি মাতি আগুৱাই গ’ল। স্মিত হাঁহি এটাৰে হাতখন জোকাৰি 
জুলেখায়ো তাইক হাই দিলে।

পলাশ আহত হ’ল। কিয় এনে কৰিলে তাই। তাৰ মুখখন ক’লা পৰি গ’ল। সেইটো মূহুৰ্ততে প্ৰচ্ছায়াৰ মুখত বেঁকা হাঁহি এটা ফুটি উঠিল। কথাটো জুলেখাৰো চকুত পৰিল।

ৰৈ নাথাকিল পলাশ। কাম আছে তাৰ। কথাটো ভাবি নাথাকি ওলাই আহিল সি।

আকৌ এবাৰ কেৰাহিকৈ চাইছিল প্ৰচ্ছায়াই। সি আঁতৰি যোৱা দেখি সুখী হৈ পৰিছিল তাই। 

‘ কি হ’ল? কিয় পলাশদাক ৰিপ্লাই নিদিলে?’
জুলেখা অলপ আঁচৰিত হৈছিল। পলাশক শ্ৰদ্ধা কৰে তাই। স্বাভাবিকতে প্ৰচ্ছায়াৰ এই আঁচৰণত তাই হতবাক হৈছিল। 

‘কম ব’লা। মিছিকিয়াই জুলেখাৰ হাতত ধৰি প্ৰচ্ছায়া ভিতৰলৈ সোমাই গ’ল।

-------

পলাশৰ খংটো কমি যোৱা নাছিল। আৰু সেই তাৰ প্ৰতিফলন তাৰ চকুৱে মুখে ফুটি উঠিছিল। আৰু সেই খঙৰ প্ৰথমেই চিকাৰ হৈ পৰিল আব্দুল। তীব্ৰবেগত বাইকখন উলিয়াই আনোতে অসাবধানবশঃত আব্দুল সমুখতে পৰিল। 
‘ মৰিব খুজিছা নেকি?’ 
ব্ৰেক মাৰি ৰাখি তাক ধমক দিছিল পলাশে। আব্দুলে একো তৰ্কিবই পৰা নাছিল। একেই স্পীডত কাষেৰে গুচি গৈছিল পলাশ। প্ৰচ্ছায়াৰ মুখখনে আমনি কৰি আছিল তাক। হয়তো অকলে থকা হলে ইমান বেয়া নালাগিলহেতেন। কিন্তু জুলেখাৰ আগতে প্ৰচ্ছায়াৰ তেনে ব্যৱহাৰে বিদ্ৰোহী কৰি তুলিছিল তাক। ফলত গোটেই দিনটোৱেই অথলে যোৱাৰ দৰে হ’ল পলাশৰ। তাৰ সেই খং¸ ক্ষোভৰ প্ৰতিফলনে তাৰ কামকো বাধাগ্ৰস্থ কৰিলে। দুদিনৰ পৰা তাক ঘুৰাই থকা মানুহজনক অলপ টানকৈয়ে কলে¸ ফলত কামবোৰ আৰু কিছুদিনলৈ পিছুৱাই গ’ল। পিছত হাজাৰ কাকুটি-মিনতি কৰিলেও যে সহজে মানুহজনে তেওলোকৰ এম ডিৰে লগ কৰাই নিদিয়ে পলাশে জানে। আনহাতে সেই মানুহজনক বাদ দিয়ো তাৰ কাম সিজোৱাৰ অন্য উপাই নাই। হতাশ হৈ ওলাই আহিল সি। কি কৰিব এতিয়া? ৰুমলৈকে যাব নেকি! এইখিনি সময়তে অফিচলৈ গৈয়ো কাম নাই। অলপ ভাবি উজান বজাৰৰ ফালে যোৱাৰ কথা ভাবিলে সি। পোন্ধৰদিনমান সেইফালে যোৱা নাই। আগতে উজান বজাৰতে দিনটো কটাইছিল সি। কলেজত পঢ়ি থকা দিনত উজান বজাৰতেই তাৰ ভাড়াঘৰটো আছিল। কৰ্ম জীৱনৰো আৰম্ভনি আছিল উজান বজাৰতেই। গাওৰ পৰা অহাৰ পিছত এই উজান বজাৰেই তাক আঁকোৱালি লৈছিল। 
জীৱনৰ উত্থা পতনৰ সাক্ষীও আছিল এই উজান বজাৰ। বাইকখন ঘুৰালে সি। 

মুৰৰ ওপৰত ৰ’দটো লাগিছে। দেই পুৰি দিয়া গৰম। সতী ৰাধিকা শান্তি উদ্যানৰ অলপ আগত বাইকখন ৰাখিলে সি। এম জি ৰোডৰ এইটো ফালে গছৰ ছা পৰি থাকে। গুৱাহাটীৰ ভিতৰতে এইখিনি ঠাই অন্যতম ধুনীয়া। এফালে বৈ থকা শান্ত সমাহিত ব্ৰক্ষ্মপুত্ৰ¸ আনফালে ওখ ওখ ঘৰবোৰ। আস কি যে প্ৰশান্তি ইয়াত। এইখনেই সেই ঐতিহ্যপূৰ্ণ গৌৰবী উজান বজাৰ। এইখনেই ক্ষিৰোদাকান্ত বিষয়াৰ উজানবজাৰ¸ লক্ষ্যধৰ চৌধুৰীৰ উজান বজাৰ। এইখনেই নিপ বৰুৱা¸ ৰমেন বৰুৱা¸ দীপেন বৰুৱাৰ উজান বজাৰ। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ উজান বজাৰ। এসময়ত গোটেই শিল্পী সাহিত্যিকৰ বাসভূমি আছিল উজান বজাৰ। এইখন উজান বজাৰৰ এটা ঘৰৰ খিৰিকিৰে চাই ক্ষিৰোদাকান্ত বিষয়াই অসমক চিনেমা উপহাৰ দিছিল¸ লক্ষ্যধৰ চৌধুৰীয়ে লিখিছিল মোৰ লক্ষ্য নামৰ বিখ্যাত কবিতাটো। আন এখন ঘৰৰ পৰাই নিপ বৰুৱাৰ পৰা দীপেন বৰুৱালৈকে প্ৰখ্যাত শিল্পী সকল ওলাই আহিছিল। এক গভীৰ প্ৰশান্তিৰে মনটো ভৰি পৰিল তাৰ। গুৱাহাটীলৈ প্ৰথম আহি গাঁৱলৈ গলে কোনোবাই ক’ত থাকে বুলি সুধিলে উজান বজাৰৰ নাম কলে সোধাজনে কৈ উঠিছিল¸ সেই বিখ্যাত উজান বজাৰ। তাৰ ভাল লাগিছিল। মন বেয়া লাগিলে নৈৰ পাৰে পাৰে খোজ কাঁঢ়িলে সি দুখবোৰ পাহৰি গৈছিল। সন্ধিয়া বিবেকানন্দ কেন্দ্ৰৰ কাষেৰে প্লেনেটেৰিয়াম হৈ খোজ কাঢ়ি ফুৰোতে সিয়ো সপোন দেখিছিল এদিন গুৱাহাটীৰ দৰে গৌৰবী হোৱাৰ। সি কষ্ট কৰিছিল। পঢ়াৰ সমান্তৰালকৈ পাৰ্ট টাইম কাম কৰিছিল। তাৰ সেই কষ্টৰ কথা কাছাৰী বজাৰখনে জানে। কিন্তু পাৰিলে জানো! জীৱনটো দেখোন সৰলৰেখা নহয়। সফলতাবোৰো কিবা লুকাভাকু খেলৰ দৰে। হুমুনিয়াহ এটা ওলাই আহিছিল তাৰ। কিন্তু সিতো হৰা নাই। জীৱনো শেষ হৈ যোৱা নাই। কোনোবাই ঠিকেই কৈছিল¸ সিঁহতৰ দৰে দৰিদ্ৰ পৰিয়ালৰ ল’ৰাবোৰৰ বাবে জীৱনটো যোগ্যতা আহৰণৰ প্ৰচেষ্টাৰেই নামান্তৰ হয়। 
এৰা কিবা পাবলৈ হলে যোগ্য হবই লাগিব।  মাথো যোগ্যতাৰ  বাবেই সিঁহতৰ সংগ্ৰাম। এক নিৰ্দিষ্ট সীমাৰেখা অতিক্ৰমী নিজৰ চকুত¸ লোকৰ চকুত যোগ্য হবলৈয়ে হাবিয়াস।

এবাৰ নৈখনলৈ চাই বাইকখন ষ্টাৰ্ট কৰিলে সি। এম চি ৰোডেৰে সোমাই  লতাশিল ফিল্ডৰ সমুখ পালে সি। ঘুৰি আকৌ এবাৰ চাই পঠিয়ালে। এইখনেইতো সেই ঠাই¸ যিখনে সপোনৰ দুনীয়াৰ পৰা বাস্তবৰ পৃথিবীখনৰ লগত চিনাকী কৰি দিছিল। গণেশ মন্দিৰৰ সমুখত ৰৈ মুৰ দোৱাই গুছি আহিল সি।

 পলাশৰ মনটো ভাল লাগি়ছিল। প্ৰচ্ছায়াৰ প্ৰতি উঠা খং ক্ষোভ পাহৰি মনটো তাৰ গভীৰ প্ৰশান্তিৰে ভৰি পৰিছিল। সুহুৰিয়াই সুহুৰিয়াই লিফ্টৰ পৰা নামি নিজৰ কেবিনত সোমাই লেপটপটো অন কৰিলে সি। জুনিয়ৰ দুজন এতিয়াও আহি পোৱা নাই। ক্লায়েন্টৰ লিষ্টখন উলিয়াই ললে সি। পিছদিনাৰ এপইনমেন্টৰ বাবে প্ৰিপেয়াৰ হব লাগিব।

টক টক টক টক
কেবিনৰ দৰ্জাখনত কোনোবাই নক কৰিছিল। মুৰ নোতোলাকৈয়ে কলে সি¸
‘ য়েছ। কাম ইন।’

‘ ঐ পলাশ¸ গুড নিউজ এটা আছে।’
কিশোৰে হাঁহি হাঁহি সোমাই আহি সাবতি ধৰিলে তাক। 
কিশোৰলৈ চাই হাঁহিলে সি। 
‘ আকৌ পাপা হব ওলাইছ?’
‘ না¸ তাতকৈয়ো ভাল খবৰ। চেক্ৰেটেৰীয়েটত ইন্টাৰভিউ যে দি থৈছিলো। পাই গলো বুজিছ।’

কিশোৰ উল্লাসিত হৈ পৰিছিল।

‘ ৰিয়েলি! ভেৰি গুড নিউজ। পাৰ্টি লাগিবদেই ভাই।’

‘ নিশ্চয় নিশ্চয়।’
‘জইন কেতিয়া কৰিবি?’
পলাশৰ ভাল লাগি গ’ল। কোম্পানীৰ চাকৰী কৰি চহৰত পৰিয়াল চলোৱাতো সহজ কথা নহয়। যাহওক কিশোৰৰ জীৱনটোতো ভাল হব।

‘ এই মানডেৰ পৰা। এয়া ছা’
এপইনমেন্টৰ কপিটো হোৱাটচএপত দেখুৱালে কিশোৰে। বোধহয় সেইখনৰ ফটো তুলি ঘৈনীয়েকে তাক হোৱাটচ্এপত দিছে। কিজানি সি নিজেই দেখুৱাবলৈ তুলি আনিছে। লেটাৰখন পঢ়ি পলাশে তালৈ চালে

‘ আজি হ’ল বুধবাৰ¸ মানে মাজতে এই কেইটা দিন। ৰেজিগনেচন দিলি?’

‘ ও দি দিলো শণিবাৰৰ পৰা।’
‘ ভালে কৰিলি। কিবা কলে নেকি?’
‘ এইচ আৰে কলে চৰকাৰী চাকৰী যেতিয়া যাবইতো লাগিব। তথাপি হায়াৰ অথৰিটিৰ লগত কথা পাতিম বুলি কলে ক্লিয়াৰেঞ্চৰ বাবে।’

‘ আইম ভেৰি হেপ্পী টুডে ফ’ৰ ইউ।’
‘ মি টু। ব’ল ব’ল¸ তোৰ যাবৰ হোৱা নাই?’
‘ হৈছে¸ ব’ল। যাওগৈ।’

দুয়োটা একেলগেই ওলাই আহিল। লিফ্টৰ সমুখত প্ৰচ্ছায়াক ৰৈ থকা দেখিলে সি। লিফ্টখন আহি পোৱা নাছিল। তাই অপেক্ষা কৰি আছিল। 
‘ ব’ল চিৰিৰে যাও।’
লিফ্টখনৰ সমুখত ৰৈ নাথাকি চিৰিখনৰ ফালে আগবাঢ়িলে পলাশে।
‘ লিফ্টত যাও ৰহ।’
‘ বিজি হৈ আছে সেইখন। নৰখো আহ।’
একো নাভাবি পলাশৰ পিছে পিছে কিশোৰো নামি আহিল।

দুয়োটাৰে বাইক দুখন একলগে অগা-পিছাকৈ আগবাঢ়িছিল। পলাশৰ মনটো অলপ বেয়া লাগিছিল। চাল্লা¸ থ্ৰী ইডিয়ট চিনেমাখনত ঠিকেই কৈছিল¸ বন্ধুৰ অসুবিধা হলে যিমান বেয়া লাগে¸ তাতোকৈ বন্ধু হঠাতে আগুৱাই গলে বেছি বেয়া লাগে। এয়াই চাগে ইৰ্ষা। নাই সি ইৰ্ষা কৰা উচিত নহয়। নিজকে নিজে গালি পাৰিলে পলাশে। অন্তঃত নিজে সিমান নীচ হব নোৱাৰে সি যে বন্ধুৰ সফলতাত ইৰ্ষা কৰিব। সেইজন বন্ধুক যিয়ে তাক এই চাকৰীটো দিয়াইছে। কৃতজ্ঞতাৰ দৃষ্টিৰে কিশোৰলৈ চালে সি। 

হঠাতে কিশোৰে বাইকখন ৰাখি দিয়াত সিয়ো ৰৈ দিলে।
‘ কিয় ৰাখিলি?’
‘ ব’ল পাৰ্টি কৰো।’
বিলাসী বাৰখনলৈ চাই কিশোৰে কলে।
‘ তই জান ভাই। মই ড্ৰিংকচ নকৰো।’
সেমেনা-সেমেনিকৈ কলে পলাশে। 

‘ প্লিজ ভাই। আজি না নকৰিবি। ঘৰ পালে ঘৈনীয়ে খাব নিদিয়ে। আফটাৰ অল আজি মোৰ লাইফৰ অন্যতম হেপ্পী মমেন্ট ভাই।’
হাঁহি হাঁহি কৈছিল কিশোৰে। চকুত তাৰ অনুনয়ৰ সুৰ। অনুৰোধটো উপেক্ষা কৰিবলৈ পলাশৰ বেয়া লাগিছিল। বন্ধুৰ সুখ-দুখৰ সমভাগী হব নোৱাৰিলে কিহৰ বন্ধু। তাতে কিশোৰ দূৰ্ঘোৰ মদাহীও নহয়¸ দুটা পেগ লৈয়েই উঠি দিব।

‘ ঠিক আছে। কম্পেনী দিম বাৰু। কিন্তু মোক খাবলৈ জোৰ নকৰিবি।’
হাঁহি মাৰি পলাশে কৈ উঠিল।
‘ হব বাবা। তই এনেয়েই বহি থাকিবি ব’ল।’
হাঁহি হাঁহি কিশোৰ বাৰৰ ভিতৰলৈ সোমাল।

অনুজ্জল পোহৰত বাৰখনৰ ভিতৰখন মায়াময় হৈ পৰিছিল। প্লাজমা টিভিত হিন্দী গানৰ চেনেল এটা লাগি আছিল। চাই চাই দুই এজনে পেগত চিপ মাৰিছিল। পলাশে সেইফালে চালে¸ ষ্ট্ৰিট ডেঞ্চাৰৰ হায় গৰ্মি চলে আছে। 
কিশোৰে চিকেনৰ টুকুৰা এটা লৈ হুইস্কিৰ গ্লাছত চিপ মাৰিছিল। সি স্প্ৰাইট এঢোক গিলি প্লেটৰ পৰা মছালা পিনাট গালিয়াই টিভিলৈ দৃষ্টি নিক্ষেপ কৰি আছিল। 

‘ কিমান আগুৱালি?’
হঠাতে কিশোৰে মাত শুনি টিভিটোৰ পৰা দৃষ্টি আঁতৰাই আনিলে সি। দুষ্টালিৰ হাঁহি এটাৰে সৈতে কিশোৰে তালৈ চাই আছিল।

‘ প্ৰচ্ছায়াৰ লগত কিমান আগুৱালি?’
ধুৰ্তালিৰ চকুহাল নচুৱাই কিশোৰে আকৌ সুধিলে তাক।

‘ ধুৰৰৰ। আগুৱাৰ কথা কৈছ! ছোৱালীজনীৰ বাৰু মাথাত গণ্ডগোল আছে নেকি?’
প্ৰচ্ছায়ালৈ মনত পেলাই দিয়াত আকৌ ক্ষোভ উজাৰি আহিব খুজিলে তাৰ।

‘ কি হ’ল আকৌ?’
একেই দুষ্ট হাঁহি কিশোৰৰ। 

‘ আজি গুডমৰ্ণি উইচ কৰিলো। ৰিটাৰ্ণ উইচ কৰা দূৰৰে কথা একো ৰিপ্লায়ে নিদিলে বে।’

‘ একেদিনাই বিয়াৰ প্ৰস্তাব দিব গলেতো ছোৱালীয়ে অলপ গহীন দেখাবই না!’

‘ তোকতো কৈছোৱেই¸ কালিৰ কেচটোত মোৰ অলপো দোষ নাই। নাজানো কি ভাবি অকস্মাতে বৈশ্যদাই সেয়া কৈ দিলে। তাত মোৰ কি ভুল আছিল ক?’

‘ ইস¸ তয়েই চাগৈ বৈশ্যদাক কবলৈ কৈছিলি?’
আকৌ এবাৰ কিশোৰে জোকালে তাক।
‘ বিশ্বাস কৰ ভাই। মই একো কোৱা নাই।’

‘ ৰিয়েলী?’
‘ অ’ ’
‘ হমম¸ একো নাই দে। লাগি থাক তই। এদিন মম গলিবই দে। তাই মোৰ লগত বেছি ফ্ৰী নহয়। নহলে ময়েই তোৰ হৈ কৈ দিলোহেতেন। একো নাই বাৰু¸ বৈশ্যদাৰ হেল্প কৰিব।’

‘ ওহো¸ দৰকাৰ নাই। আইম নট ইন্টাৰেষ্টেড। তাই মোৰ টাইপৰে নহয়।’

‘ কি টাইপৰে নহয়?’
‘ ফেমেলী বেকগ্ৰাউণ্ড।’
আকস্মাতে ওলাই গ’ল কিশোৰৰ মুখৰ পৰা।

‘ সেইবাবেতো কৈছো। ৰিচ্ছ ফেমিলীৰ ছোৱালী। তাতে সিঁহতৰ ল’ৰাও নাই। চেটেল হৈ যাবি।’
একেই কৌতুকৰ হাঁহি কিশোৰৰ মুখত।

‘ নো মিনচ্ নো। মোক নালাগে তেনেকুৱা ছোৱালী।’
গহীন হৈ পৰিল পলাশ।
‘ বাৰু দেখা যাব।’

কিশোৰৰ দুটা পেগ লোৱা হৈ গৈছিল। অলপ পিছতে বিল পৰিশোধ কৰি দুয়োটা ওলাই আহিছিল। আঠ বাজি গৈছিল। সন্ধিয়াৰ মহানগৰী মায়াময় হৈ পৰে। যেন ষোড়সী গাভৰুজনীয়েহে সাজি কাচি ওলাই আহে। নয়নপুৰৰ কিশোৰৰ ভাড়াঘৰটোলৈ যোৱা বাইলেনটোলৈ আগবঢ়াই পলাশ আকৌ গণেশগুৰিলৈ উভতি আহিল। কিশোৰৰ বেছি নিচা লগা নাছিল। তথাপিও বাইলেনটোৰ সমুখলৈ আগবঢ়াই থৈ অহাটোৱেই উচিত হব বুলি ভাবিছিল সি। কিশোৰেও বাধা দিয়া নাছিল। উলটি আহি জিএছ ৰোডেৰেই আগবাঢ়িল সি। বি বৰুৱাহৈ ষ্টেডিয়ামৰ কাষেৰেই চৰ্টকাট কৰিব সি শিলপুখুৰীলৈ। বশিষ্টৰ পৰা ভালেখিনি দূৰ হয় তাৰ ভাড়াঘৰলৈ। বামুনী মৈদামত থাকোতেই এই ৰুমটোলৈ অহা। বিছাৰিও ওচৰে পাজৰে ভালৰুম পোৱা নাই সি। পালেও হয় তাৰ বাজেটৰ বাহিৰত। কেতিয়াবা সকলো সুবিধা পায়¸ কিন্তু ভাৰাঘৰৰ মালিকে তাৰ দৰে ডেকাল’ৰাক ৰাখিবলৈ সন্মত নহয়। মুঠৰ ওপৰত মহানগৰীত ভাৰাঘৰ এটা বিছাৰি পোৱা আৰু পৰ্বতত কাছকণী বিছৰা একেই কথা। ভাবি ভাবি গৈ আছিল সি। অকলে অকলে কথাপাতি গৈ থকাৰো সুকীয়া মজা আছে। সি গৈ গৈ উলুবাৰী পাইছিলহি¸ হঠাতে ফোনটো বাজি উঠিল।
সি বাইকখন পথৰ দাঁতিত ৰখালে আৰু ফোনটো উলিয়াই ললে। সিহঁতৰ গাঁৱৰে বিষ্ণুৱে ফোন কৰিছিল। 
‘ বিষ্ণু ক… হা… কেতিয়া…? কেনেকৈ…? ৰহ গৈছো।’
আশ্বৰ্য্যত মূহুৰ্তৰ বাবে হতচকিত হৈ পলাশে বাইকখন ঘুৰাই তীব্ৰ বেগেৰে ধাৱমান হ’ল।

******



Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib