Now you can Subscribe using RSS

Submit your Email

Monday 25 May 2020

Bad boy ঃ 7

Unknown

                              [ সাত ]

পাঁচলিখিনি বজাৰ কৰি বিষ্ণুৱে মাংস অলপ কিনাৰ কথা ভাবিছিল। এইকেইদিন শুদা ভাতেই খাই আছে। হওতে শুদা ভাত নহয়¸ কিন্তু দাইলত আলু কাটি খোৱা ভাতসাঁজক সিঁহতে শুদা ভাত বুলিয়েই ভাবে। তিনিদিনমানৰ পৰাই ৰমেশে মাংস খোৱাৰ কথা কৈ আছিল। তাৰো দুদিনমানৰ পৰা ভাতকেইটা মুখলৈ নোযোৱা হৈছিল। কিন্তু মাহৰ দ্বিতীয়টো সপ্তাহত খাও বুলিয়েই সিঁহতৰ দৰে সাধাৰণ মানুহবোৰে জুঁতিলগাই খাব নোৱাৰে। দৰমহাকেইটা পোৱাৰ পিছত দুদিনলৈহে সিঁহতৰ পকেটত থাকে। তাৰ পিছতেই মাহৰ বাকী তিনিটা সপ্তাহ কষ্টকৈ চলিবলগা হয়। দৰমহা পায়নো কেইটকা! সামান্য টকাকেইটাৰে ঘৰখন চলোৱাৰ পৰা নিজে ৰুম ভাড়া কৰি খোৱালৈ জোৰা-টাপলি মাৰিবলগা হয়। তাৰোপৰি ভূতৰ ওপৰত দানহ পৰাদি মাজে-বেমাৰ আজাৰ¸আত্মীয়-কুটুম্বৰ বিয়াবোৰে সিঁহতক জলাকলা খুৱাই দিয়ে। আজিকালি আত্মীয়বোৰে কাজ-কৰ্মলৈ নিমন্ত্ৰম নিদিলেই ভালপোৱা হৈছে সি। ৰমেশৰ অৱস্থাও তাৰ দৰে একেই। কথাখিনি ভাবি ভাবি ৰও নৰওকৈ মাংসৰ দোকানখনৰ সমুখত ৰ’ল বিষ্ণু। ৰেপিড’ চলাই কালিতকৈ কেইটকামান বেছিকৈ পাইছিল সি। বাইকৰ তেল ভৰোৱাৰ পিছতো তাৰ হাতত এশটকামান বেছিকৈ ৰৈ গৈছিল। যাহ¸ এপোৱা মাংসকে লোৱা যাওক। অন্তঃত ভাতসাঁজ ভালকৈ খাব পাৰিব। মাংসখিনি কিনাৰ পিছত চিনাকি দোকানখনৰ পৰা মছলাৰ পেকেটকেইটা লৈ বিষ্ণুৱে ভাবিলে¸ চাগে মাংসৰ টোপোলাটো দেখি ৰমেশে বৰ ভাল পাব। ৰমেশক ছাৰপ্ৰাইজ দিবলৈকে বিষ্ণুৱে মাংস কিনাৰ কথাটো ফোন নকৰিলে। 

দিনটো ৰেপিড’ চলাই বৰ ভাগৰ লাগিছিল তাৰ। সোনকালে ৰুমলৈ গৈ আৰাম কৰাৰ কথা ভাবিছিল বিষ্ণুৱে। ভাত হোৱালৈ আনকি এঘুমটি মৰাৰ কথাও সি ভাবিছিল। ৰুমৰ দৰ্জাখন ঠেলি ভিতৰৰ পৰা বন্ধ পাই ৰমেশক মাতিলে সি
‘ৰমেশ¸ ঐ ৰমেশ’
চাগে ৰমেশৰ টোপনি আহিছিল। কামৰ পৰা আহি ভাগৰত চাগে লালকাল দিলে। ভাবি আকৌ এবাৰ দৰ্জাত ঢকিয়ালে বিষ্ণুৱে।

‘ ঐ ৰমেশ দৰ্জা খোল। কিয় শুই আছ দৰ্জা বন্ধ কৰি?’
সামান্য খঙো উঠিছিল বিষ্ণুৰ। ফুট গধুলিতে কোনোবাই দৰ্জা বন্ধ কৰি শোৱে নেকি! চোৰ কৰি নিবলৈ সিঁহতৰ ৰুমত আছেইবা কিটো! বোধহয় ৰমেশে গৰমত জাঙিয়াটো পিন্ধি শুই আছে! বোধহয় সি শোৱা সময়ত কাৰেন্ট নাছিল! কথাটো ভাবি ৰমেশৰ মোবাইলত ফোন কৰিলে সি। দৰ্জাখনৰ সিপাৰে ৰমেশৰ ফোনটো দুবাৰ ৰিং হৈ হৈ বন্ধ হৈ গ’ল। ৰমেশে ফোন নধৰিলে। 
‘ উসঃ ইমান টোপনিনে ইয়াৰ!’
বিষ্ণু অধৈৰ্য্য হৈ পৰিছিল। ভাগৰে জুগৰে আহি এনেকৈ ৰৈ থাকিবলগা হোৱাত খঙো উঠিছিল তাৰ।

খঙতে খিৰিকিখন খুলি ভিতৰলৈ চাই পঠিয়ালে সি। খিৰিকিখনত ভিতৰৰ পৰা হুক লগাই থোৱা নাছিল। এনেয়ে জপাই থোৱা আছিল। ভিতৰলৈ চাই মাংসৰ টোপোলাতো হাতৰ পৰা পৰি গ’ল বিষ্ণুৰ। ৰমেশে বিচনাখনত চিৎ ভঙলা খাই পৰি আছিল। তাৰ মুখেৰে বগা বগা লেলাৱতি নে কি এসোপা ওলাই বিচনাখন লেতেৰা হৈ পৰিছিল। অতি কষ্টৰে ৰমেশে চকু দুটা মেলি হাতখন লৰাবলৈ চেষ্টা কৰিও পৰা নাছিল। 

‘ ৰমেশ …কি হৈছে তোৰ? ’
চিঞৰ এটা মাৰি ওচৰৰ ভাৰাতীয়া কেইজনক মাতি দৰ্জাখন ভাঙি দিলে সি। 

ৰমেশে কিবা বেয়া বস্তু খাইছিল। ওচৰত পৰি থকা পইজনৰ বটলটো দেখি বিষ্ণুৰ বুজিবলৈ বাকী নাথাকিল। আৰ্তনাদ কৰি হাতযোৰ কৰি সহায় বিছাৰিলে মানুহকেইজনৰ। কোনোবাই অ’টো এখন মাতি লৈ আহিলে। এতিয়াও প্ৰাণ যোৱা নাই ৰমেশৰ। ডাক্টৰৰ ওচৰলৈ নিলে হয়তে বাছিবও পাৰে। ভাৰাতীয়া দুজন মানুহৰ লগত ডাংকোলাকৈ নি অ’টোত উঠাই জিএমচিলৈ লৈ আহিল সি। ভয়তে মুখখন শুকাই টেমি যেন হৈ পৰিছিল তাৰ। ভয়তে খোজবোৰ অ’ত ত’ত পৰিছিল। 

‘ কি হৈছে?’
ডাক্টৰৰ প্ৰশ্নৰ উত্তৰ একো দিব নোৱাৰি বটলটো ডাঙি দেখুৱালে সি। ভয়তে মুখেৰে মাত ওলাই নাহিল তাৰ। লগত যোৱা মানুহ এজনেহে কলে বিষ খোৱা বুলি

‘ অ’ মাই গ’ড! চুইচাইড এটেম্প?’
প্ৰশ্নবোধক চিহ্ন এটা দলিয়াই দি ডাক্টৰে ৰমেশক ভিতৰলৈ লৈ গ’ল। চুইচাইদ এটেম্প। নিয়মমাফিক পুলিচক জনাব লাগে। যদি কিবা এটা হৈ যায়। ভয়তে ভাৰাঘৰৰ মালিকে পিছে পিছে স্কুটিখন চলাই আহি পাইছিল। ডাক্টৰৰ লগত কথা পাতি থাকোতেও মানুহজনে মুখেৰে ভোৰভোৰাই আছিল।
‘ ক’ৰ এই ল’ৰাবোৰে চুইচাইদ কৰি মৰিব। বদনাম হব ভাৰাঘৰৰ মালিকৰহে।’ লগতে সোনকালে ৰুম খালী কৰিবলৈও সেই বিপদৰ সময়তে বিষ্ণুক সকীয়নী দিছিল মানুহজনে। বিষ্ণুৰ মুৰত একো সোমোৱা নাছিল। সি মাথো ভাবিছিল¸ কেনেবাকৈ ৰমেশ বাছি গলেই হয়। 

‘ কোন আছে ৰোগীৰ এটেনডেঞ্চ?’
ডাক্টৰে বিছৰাত কাষৰ ৰুমৰ ভাৰাতীয়া এজনে বিষ্ণুলৈ আঙুলিয়াই দেখুৱালে।

‘ কি হয় আপুনি?’
‘ বন্ধু। একেখন গাঁৱতে দুয়োৰে ঘৰ।’
‘ সোনকালে ঘৰৰ মানুহক খবৰ দিয়ক। ’
ডাক্টৰৰ কথা শুনি বিষ্ণুৰ ভৰিৰ তলৰ মাটি হেৰুৱাই যোৱাৰ উপক্ৰম হ’ল।

‘ কিয় ছাৰ? ৰমেশ…?
কথাটো শেষ কৰিব নোৱাৰিলে সি। 
‘ কব নোৱাৰো। কণ্ডিচন চিৰিয়াছ। ’
ডাক্টৰজন ভিতৰলৈ সোমাই গ’ল।

কি কৰিব এতিয়া সি! কাক জনাব! ৰমেশৰ ঘৰত মাথো মাক-বাপেক¸ ভনীয়েক আৰু বায়েকজনী। খবৰ দিলেও এই ৰাতিখন আহিব কেনেকৈ! নিদিলেওতো নহব! ৰিচেপচনৰ চকী এখনত অবশ হৈ বহি পৰিল সি। লগত যোৱা মানুহকেইজনে বাৰে-বাৰে কৈ আছিল ঘৰত খবৰ দিবলৈ। নহলে পিছলৈ সিয়ে দোষত পৰিব পাৰে। উপাই বিহীন হৈ নিজৰ ঘৰতে ফোন কৰি ৰমেশৰ ঘৰত কিবাকৈ জনাবলৈ কলে সি। হতাশ হৈ পৰিছিল সি। অসহায় হৈ পৰিছিল। কোনে তাক সহায় কৰিব এই বিপদৰ পৰা। যদি কিবা হৈ যায়¸ গাঁৱলৈ কেনেকৈ যাব সি। চকুদুটা চকুপানীৰে জপজপীয়া হৈ পৰিছিল বিষ্ণুৰ। হঠাতে তাৰ মনত পৰিল পলাশদাৰ কথা। পলাশদাদাকো গুৱাহাটীতে থাকে চান্দমাৰীৰ ফালে ক’ৰবাত। তাৰ ঘৰৰ পৰা চাৰিটা নঙলা পাৰহৈয়ে পলাশদাদাকহঁতৰ ঘৰ। নম্বৰটো তাৰ ফোনতেই আছিল। লৰালৰিকৈ নম্বৰটো উলিয়াই ফোন লগালে সি। 

‘ বিষ্ণু ক ’
পলাশে ফোনটো ৰিচিভ কৰালৈ সময়খিনি অধৈৰ্য্য হৈ পৰিছিল বিষ্ণু। পলাশৰ মাত শুনাৰ লগেলগে পাতনি নেমেলাকৈয়ে পোনে পোনে কৈ দিলে সি
‘ পলাশদা…পলাশদা…ৰমেশে চুইচাইদ এটেম্প কৰিছে। বিষ খাইছে। এতিয়া জিএমচিত আছে। ডাক্টৰে চিৰিয়াছ কৈছে।’
আৰু কব নোৱাৰিলে সি। ফোনটো কানত ধৰিয়েই ফেঁকুৰী উঠিল।

‘ বিষ্ণু…বিষ্ণু …মই এতিয়াই আহি আছো। একো নহয় তাৰ। তই ভয় নকৰিবি।’
কথাকেইটা কৈয়ে পলাশে ফোনটো কাটি দিছিল। মুৰ দুপিয়াই সমুখত ৰৈ তালৈ চাই থকা মানুহজনৰ ফালে চাইছিল সি।

‘ কোন আহি আছে?’
‘ গাঁৱৰে দাদা এজন।’
লগৰ ভাৰাতীয়াজনক উত্তৰটো দি ডাক্টৰক লগ ধৰিবলৈ ভিতৰলৈ সোমাই গ’ল সি।

ভিতৰত ডাক্টৰকেইজনে আলোচনা কৰি আছিল। প্ৰেছক্ৰিপছনখনত দুটামান মেডিচিনৰ নাম লিখি আনিবলৈ দিছিল। দৌৰি গৈ আনি দিলে সি। 

অলপ পিছতেই পলাশ আহি পাইছিল। এমাৰজেঞ্চী বিল্ডিঙৰ কাষতে বাইকখন ৰাখি ভিতৰলৈ সোমাই আহিল সি। ৰিচেনচন হ’লতে বিষ্ণুৱে আমন জিমনকৈ বহি আছিল। পলাশক দেখি সি উঠি আহিল।

‘ পলাশদা¸ তাক আইচিইউত ভৰাইছে।’
কাষলৈ আহি কলে বিষ্ণুৱে। তাৰ মুখখন সেমেকা। পলাশৰো মুখখন গহীন হৈ পৰিছিল। সিয়ো ভয় খাইছিল। দুখীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰমেশ। তাৰ অবিহনে পৰিয়ালটোৰ হবপৰা অালৈ-আথানিৰ কথা ভাবি তাৰ মনটো সেমেকি গৈছিল। ইশ্বৰক মনতে খাটিলে সি¸ যেন ৰমেশৰ একো নহয়।
কথাটো শুনাৰে পৰা প্ৰশ্নটোৱে খুন্দিয়াই আছিল পলাশৰ বুকুত। কিয় এনে কৰিলে ৰমেশে! হতাশ হৈ! 

একেই প্ৰশ্ন বিষ্ণুৰ মনটো। ৰাতিপুৱালৈকে হাঁহি মাতি থকা ল’ৰাটোৱে সন্ধিয়া এই কাণ্ড কৰিব বুলি সপোনতো ভাবিবলৈ অসুবিধা। পুৱাই কামলৈ ওলাই গৈছিল ৰমেশ। আৰু ৰেপিড’ চলাবলৈ। দিনটো আৰু দেখা সাক্ষাৎ হোৱা নাছিল সিঁহতৰ। দিনত এনে কি সাংঘাটিক ঘটনাৰ মুখমুখি হৈছিল যে ৰুমলৈ আহি আত্মহত্যাৰ চেষ্টা কৰিব! নাই¸ কথাবোৰ বুজি নাপায় বিষ্ণুৱে।

‘ সিহঁতৰ ঘৰত জনালি?’
পলাশে সোধাত মুৰ দুপিয়ালে বিষ্ণুৱে। 
পলাশে আৰু একো নুসুধিলে। বিষ্ণুৰ সতে গৈ আইচিইউৰ বাহিৰৰ পৰা চাই আহিলগৈ। সৰুকৈ অপাৰেচন এটা হৈ গৈছিল। বেছিসময় বাহিৰত থাকিব নিদিলে নাৰ্ছে। মেডিচিনকেইটামান আনিবলগা আছিল। নাৰ্ছৰ হাতৰ পৰা কাগজখন লৈ দুয়োটা নামি আহিল।
মেডিচিনৰ নাম লিখা কাগজখন দেখি বিষ্ণুৰ মুখখন কলা পৰি গ’ল। অসহায় হৈ পলাশলৈ চালে সি। পলাশে বুজিলে। কলে¸
‘ মোৰ লগত অলপ আছে।’
আচলতে নগদ টকা বেছি নাছিল পলাশৰ লগত। এটিএমৰ পৰা টকা পাঁচহেজাৰ টকা উলিয়ালে সি। এইখিনি লাগিবই চাগে। কবতো নোৱাৰি। এটিএমৰ পৰা পইচাখিনি পাৰ্ছত ভৰোৱাৰ সময়তে তাৰ মনত পৰিল একাউন্টত আৰু মুঠেই দুইহেজাৰ টকাহে থাকিল। উপাই নাই¸ এই মূহুৰ্তত ৰমেশক বছোৱাটোহে বেছি দৰকাৰী। প্ৰায় বত্ৰিশ শ টকাৰ মেডিচিন কিনি টোপোলাটো নাৰ্ছৰ হাতত দি আহিল সি। 
পলাশক দেখাৰে পৰা বিষ্ণুহঁতৰ কাষৰ ৰুমৰ মানুহজন যাবলৈ ওলাইছিল। তেৱো ঘৈনীয়েকক অকলে এৰি আহিছে। মানুহজনীয়ে চিন্তা কৰি থাকিব। এতিয়াটো কামো নাই। অসুবধা হলে জনাবলৈ কৈ মালিকৰ স্কুটীৰ পিছফালে বহিলগৈ। বিষ্ণুৱে বুজিলে কি অসুবিধাৰ কথা কৈছে। সেমেকা হাঁহি এটা মাৰিলে সি।

আইচিইউৰ বাহিৰত পকাতে বহি পৰিছিল বিষ্ণু। ওচৰতে পলাশে বেৰত আউজি ভাৱলেশহীন হৈ বাহিৰলৈ চাই আছিল। চাল্লা যিমানেই হস্পিটাললৈ আহিবলৈ টান পায় সিমানেই আহিবলগা হয়। চাগে কোনো মানুহেই নিবিচাৰে কেতিয়াও হস্পিটাল¸ কোৰ্ট আৰু থানা গচকিবলৈ। মাথোন জীবিকা সংক্ৰান্তক বাদ দি। কিন্তু নিবিচৰাবোৰহে বেছিকৈ ঘটাৰ দৰে অন্তঃত মেডিকেললৈ যেন আহি থাকিবই লাগে। বিষ্ণুৱে  প্ৰাণপনে কামনা কৰিছিল যেন এই ঘটনাটো মিছা হয়। হয়তো ৰমেশে ভুলতে পইজন খাই দিছিল¸ হয়তো অসাবধানবশঃত মুখলৈ গৈছিল! এনেয়ে এবাৰ জুকিয়াই চালে সি। কিন্তু দেখদেখকৈ ৰুমৰ ভিতৰতে উদ্ধাৰ হোৱা খালী ফেনলৰ বটলটোৱেতো আৰু মিছা কথা নকয়! আকৌ মনটো খেলিমেলি হৈ যাই তাৰ।

যদি কিবা কাৰণত ৰমেশ নাবাছে বিষ্ণুৱে বাৰু কি কৰিব! কি হব তাৰ অৱস্থাটো। ৰমেশেই বিষ্ণুক গুৱাহাটীলৈ লৈ আনিছিল। কোম্পানী এটাত চিকিউৰিটি গাৰ্ডৰ চাকৰী কৰিছিল দুয়োটাই। তাৰ মাজতো বিষ্ণুৱে ৰেপিড’ চলাইছিল। ৰমেশৰো ইচ্ছা আছিল ৰেপিড’ চলোৱাৰ। কিন্তু এগাল ধন ডাউনপেমেন্ট দি দুচকীয়া বাহন এখন কিনাৰ সামৰ্থ নাছিল ৰমেশৰ। তাৰোপৰি সামান্য টকাকেইটাৰে ভালকৈ পৰিয়ালটোৱে নচলা অৱস্থাত ইএমআই দিবপৰাৰ চিন্তাটোৱে তাক বেছিকৈ হতাশ কৰিছিল। অৱশ্যে তাৰ তুলনাত বিষ্ণুৰ সমস্যা কম। বিষ্ণুৰ এজন ককায়েকে ঘৰ চলোৱাৰ বাবে সি ঘৰত পইচা কমকৈ দিলেও চলে। সেয়েহে সি বাহনখন লব পাৰিছিল। পইচাৰ নাটনি হলেই বহু দেৰিলৈকে ৰেপিড’¸ অ’লা চলাইছিল সি। কিন্তু সেই সুবিধা ৰমেশৰ নাছিল। সেয়েহে মাজে-সময়ে বজাৰ সমাৰ কৰাৰ হিচাপ বৰকৈ ধৰা নাছিল বিষ্ণুৱে। তাৰ ভাগত কেইটকামান বেছিকৈ গলেও তাৰ বেয়া লগা নাছিল।
দুয়োটাই পঢ়াত বৰ বেয়া নাছিল। এবাৰো ফেইন নকৰাকৈয়ে হায়াৰছেকেণ্ডাৰীতে দ্বিতীয় বিভাগত পাছ কৰি পঢ়া এৰিছিল সিহতে। সিঁহতৰ বাপেকহঁতৰ আৰু সাধ্য নাছিল পঢ়ুৱাবৰ। দিন হাজিৰা কৰি কেনেকৈ পাঁচজনীয়া পৰিয়ালটো পোহ পাল কৰিছিল¸ একমাত্ৰ মানুহজনেহে জানে। দেউতাকক সহায় কৰাৰ মানসেৰে ৰমেশ গুৱাহাটীলৈ গুছি আহিছিল। একেই পৰিয়ালৰ বিষ্ণুৱো তাৰ লগতেই গুছি আহিছিল। কথাবোৰ সকলো জানে পলাশে। যদি এতিয়া ৰমেশক মৰি যাই সেই বদনামৰ পৰা হয়তো বিষ্ণু কেতিয়াও মুক্ত হব নোৱাৰিব। বিষ্ণুৱে জানে নিজে সহজভাৱে লব পাৰিব! 
হুমুনিয়াহ এটা ওলাই আহিল পলাশৰ।

‘ এটেডেঞ্চ কোন আছে?’
নাৰ্চে বিছাৰি অহাত দুয়োটা থিয় হ’ল। নাৰ্ছজনীৰ পিছে পিছে ৰমেশক প্ৰথমে চোৱা ডাক্টৰজনো ওলাই আহিছিল। বুকুখন ধপধপাবলৈ ধৰিছিল বিষ্ণুৰ। হয়তো পলাশৰো। ভয়তে বিষ্ণুৱে পলাশৰ হাত এখনত খামুচি ধৰিলে। কথাটো মন কৰিলে ডাক্টৰজনে। বোধহয় সিঁহতৰ অৱস্থাটো দেখি তেওৰো বেয়া লাগিছিল।
আগবাঢ়ি আহি কলে¸
‘ নাও হি ইজ আউট অব ডেঞ্জাৰ। চৌব্বিশ ঘন্টা অবজাৰভেচনত থাকিব। তাৰ পিছত লৈ যাব পাৰিব।’

উসঃ ৰক্ষা। ভগবান¸ গড¸ আল্লাকে ধৰি মনলৈ অহা সকলো ঐশ্বৰিক অবতাৰৰ নাম ললে পলাশে। গাঁৱৰ মেইন শিব মন্দিৰ আৰু বিষ্ণু মন্দিৰৰ বিগ্ৰহ দুটালৈ মনত পেলাই শৰাই মানস কৰিছিল বিষ্ণুৱে। বহু দেৰি উশাহ বন্ধ কৰি ৰখাৰ পিছত উশাহ লোৱাৰ দৰে মানসিক অৱসাদ এটাই তাক হেঁচা মাৰি ধৰিছিল। পলাশৰ মুখত হাঁহি বিৰিঙিছিল। ভাঙি পৰা বিষ্ণুৰ কান্ধত জোকাৰি দিলে সি। বিষ্ণুৱে কান্দি পেলাইছিল। হয়তো আনন্দত। স্বপ্নভংগ হোৱাৰ শেষ মূহুৰ্তত যেতিয়া আকৌ চন্দ ঘুৰি আহে¸ চাগে মানুহৰ চিঞৰি চিঞৰি কান্দিব-হাঁহিব মন যায়। 

বহু সময় পিছত হঠাতে পেটে কলমলাই উঠাত বিষ্ণুৰ প্ৰথমবাৰৰ বাবে অনুভৱ হ’ল যে সন্ধিয়াৰ পৰা সি একো খোৱা নাই। দূপৰীয়া ভাত খোৱাৰ পিছত সন্ধিয়া মাথো লালচাহ একাপ খাইছিল এখন বিস্কুটৰ সতে। প্ৰথমবাৰৰ বাবে মাংসৰ টোপোলাটোলৈ মনত পৰাত আপচোছ হ’ল তাৰ। চেহঃ চাগে আজি ভাগ্যত মাংস খাবলৈ লিখাই নাই। সেইখিনি চাগে পেলাই দিলে। পাঁচলিখিনি সুমুৱাই থলেনে! ৰুমটো বাৰু লক কৰিলেনে মালিকে! নে তেনেকৈয়ে মেলি ৰাখিলে! অৱশ্যে বাইকৰ চাবিপাত সি দি আহিছিল। নাহ¸ নাভাবে সেইবোৰ। ৰমেশ বাছিল যে সেয়ে বহুত। সি পলাশলৈ চালে।

পলাশৰো ভোক লাগিছিল। ৰুমলৈ যোৱাই নহল তাৰ। ৰুমলৈ গৈ থাকোতে ফোনটো পোৱাত তেনেকৈয়ে আহিল সি। পিঠিত লেপটপ বেগটোৰে লৈতে অফিচৰ কাপোৰসাঁজতে আহিল। 

‘ ঐ ব’ল¸ কিবা অলপ খাই অাহো।’
পলাশে বিষ্ণুৰ বাহুত ধৰি বাহিৰলৈ ওলাই আহিল। ৰমেশৰ বাবে এতিয়া আৰু চিন্তা নাই। আইচিইউত সিঁহতক আৰু সোমাবও নিদিয়ে আৰু একো মেডিচিনো এতিয়া আনিবলগা নাই। বিষ্ণুক কিবা অলপ খুৱাই অলপদেৰি পিছত হয়তো ৰুমলৈকে যাব পাৰিব। এবাৰ সেইটো মনলৈ আহিলেও শেষ মূহুৰ্তত ৰাতিটো ইয়াত কটোৱাটোৱেই ঠিক কৰিলে পলাশে। 

----
ফোনটো পোহাৰ পিছতে মনটো বেয়া হৈ গৈছিল গণেশৰ। মাক-দেউতাক আৰু ঘৈনীয়েকৰ লগত আলোচনা কৰি ৰমেশৰ ঘৰত জনোৱাটোৱে উচিত বুলি ভাবিলে সি। ভায়েকে কান্দি কান্দি ফোন কৰিছে যেতিয়া ঘটনা খুউৱ গুৰুতৰেই চাগে। সঁচা কথা কবলৈ টান পাই সি মিছাকৈয়ে অসুখ বেছি হোৱা বুলি কলে ৰমেশৰ। মানুহ আটাইকেইজন ঘৰতে আছিল। ৰমেশৰ পিতাকেও কাম কৰি আহি পাইছিল। বায়েকজনীও দুমাইল আঁতৰৰ আচাৰ কোম্পানীৰ পৰা কাম কৰি ঘৰ সোমাইছিল। সিহঁতলৈ ফোন নকৰি গণেশলৈ ফোন কৰাত আঁচৰিত হ’ল তেওলোক।
‘ খুৰী¸ অলপ বেছি অসুখ হৈছে তাৰ। হঠাতে বেছি হোৱাত ই হস্পিটালত ভৰ্তি কৰিলে।’
গণেশে কৈ দিলে।

‘ কিন্তু পুৱা দেখোন কথা পাতিছিলো তাৰ লগত। ডিউটি যাবলৈ ওলোৱা বুলি কৈছিল।’
সন্দেহৰ চকুৰে ৰমেশৰ বায়েকে চালে গণেশলৈ।

‘ নহয় মানে আচলতে তাৰ এক্সিডেন্ট এটা হৈছে।’
আৰু লুকুৱাব নোৱাৰি কৈ দিলে গণেশে।

মূহুৰ্ততে হুৱাদুৱা লাগি পৰিল ঘৰখনত। তাৰ পিছত এটা অৱৰ্ননীয় অৱস্থা। গণেশৰ অসহনীয় হৈ পৰিছিল পৰিবেশটো। গাঁৱৰে দুজনমান বন্ধুক জনাবলৈ সি পদুলিলৈ ওলাই আহিছিল। কোনোবা এজনে গাড়ী মাতিবলৈ গৈছিল। সকলোবোৰ মানুহ আহিবলৈ ওলাইছিল। নিজৰ মাকক ৰমেশৰ মাক আৰু ভনীয়েকৰ লগত এৰি পিতাক আৰু বায়েকক ওলাবলৈ কলে গণেশে। যিমান সোনকালে পাৰি গুৱাহাটী ওলাবগৈ লাগে। তিনিঘন্টাৰ বাট। গৈ নোপোৱাতে শেষ হলে বৰ বেয়া কথা হব। দুজনমানৰ পৰা টকা অলপ গোটাই গাড়ীখনত উঠিল সিঁহত। গাড়ীখনত অলপদূৰ অহাৰ পিছতে বিষ্ণুৱে ফোন কৰিলে ককায়েক গণেশলৈ। জনালে যে এই ৰাতিখন আৰু অহাৰ প্ৰয়োজন নাই। ডাক্টৰে ৰমেশক বিপদমুক্ত বুলি কৈছে। পুৱাই আহিলেই হব। কিন্তু কথাষাৰ বিশ্বাস নকৰি ৰমেশৰ বায়েকে আৰ্তনাদ কৰি ফোনটো কাঢ়ি নিলে গণেশৰ হাতৰ পৰা। তাই নাছোৰবান্দা¸ আহিবই গুৱাহাটীলৈ। আৰু ৰমেশৰ পিতাক! তেওতো যেন এচটা মৰা কাঠহে। ডাঙৰ আঘাট এটা পাইছিল মানুহজনে। একমাত্ৰ পুত্ৰইযে তেনেকৈ আঘাট দিব যেন কথাটো সহ্য কৰিবপৰা নাছিল মানুহজনে। 

‘ হেল্ল’¸ মই পলাশে কৈ আছো। এতিয়া অহাৰ দৰকাৰ নাই। ৰাতিটো বিষ্ণুৰ লগতে থাকিম মই। মিছা-মিছি ভাড়া ভৰি এতিয়া আহিব নালাগে। পিছলৈ টকাৰ দৰকাৰ হব।’
বিষ্ণুৰ অসহায় হৈ পৰা মুখখন দেখি ফোনটো কাঢ়ি নিলে পলাশে। ৰমেশৰ বায়েকজনী তাৰ লগৰ। অৱশেষত তাৰ বুজনিত মানুহকেইজন মান্তি হ’ল। গাড়ীখন ওভটাই নিলে তেওলোকে। পলাশৰ খং উঠিছিল ৰমেশৰ ওপৰত। কি দুখত¸ কি এনেকুৱা সাংঘাটিক দুখত সি এনেকুৱা সিদ্ধান্ত লৈছিল! সি শুধিব তাক¸ কব লাগিব সি সকলোবোৰ। পলাশৰ মুখখন কঠোৰ হৈ পৰিছিল।

ৰিচেপচনৰ লবীত মানুহবোৰ দীঘল দি শুই পৰিছিল। 
প্ৰচন্দ মহৰ কামোৰ খাই খায়ো মানুহবোৰে গভীৰ টোপনিত লালকাল হৈ পৰিছিল। এইখনেই সৰগ এইখনেই নৰক। 
লেপটপটো বুকুত বান্ধি এনেয়ে চকুদুটা মুদি দিছিল পলাশে। কিন্তু টোপনি নাহিল তাৰ। লেপটপৰ চিন্তা আৰু অাচহুৱা অৱস্থাটোৰ বাবে চকুৰ পতাই জাপ নাখালে তাৰ। বিষ্ণুৰো একেই গতি। অগত্যা গোটেই ৰাতি কথা পাতিয়েই পাৰ কৰি দিলে সিঁহতে। ৰমেশৰ কথা¸ বিষ্ণুৰ কথা¸ তাৰ নিজৰ কথা। সিঁহত দুটাৰ লগতে আৰু সাৰে থাকিল ৰমেশৰ ঘৰখনো। গোটেই ৰাতিটো বিষ্ণুৰ ফোনটো বাজি থাকিল। সিঁহতে কৈ থাকিব লগা হ’ল ৰমেশ কেনে আছে!

ৰাতিপুৱা সুৰ্য্য উদয় নোহোৱাতে ৰমেশৰ বায়েক আৰু মাক গণেশৰ লগত আহি পালে। মাছ নিবলৈ অহা গিয়াছুদ্দিনৰ গাড়ীখনতে আহিছিল সিঁহত। সিঁহত অহা দেখি পলাশ আৰু ৰৈ নাথাকিল। জেপৰ পৰা অৱশিষ্ট হাজাৰ টকা ৰমেশৰ বায়েকৰ হাতত দি ৰুমলৈ আহিল সি। বাৰ বজাত তাৰ দৰকাৰী এপইন্টমেন্ট আছে। তাৰ আগতে দুঘন্টা শুবই লাগিব।

*******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib