[ আঠ ]
পলাশে সাৰ পাই মানে বহু দেৰি হৈ গৈছিল। সুৰুযে পূবে ধলফাঁট মেলি পাটিত ভালকৈয়ে বহি লৈছিল। সি পাহৰি গৈছিল¸ ৰাতি ক’ত আছিল¸ কি কৰিছিল। তাৰ টোপনিটো তেতিয়াও পুৰাকৈ হোৱা নাছিল। সেয়েহে ৰাতি মাজতে টোপনি ভঙা বুলি ভাবি আকৌ বাগৰ সলালে সি। হয়তো আকৌ টোপনি আহি গ’ল হেতেন। কিন্তু সেই মূহুৰ্ততে ফোনটো বাজি উঠাত চকু মেলিবলৈ বাধ্য হ’ল। পৰম বিৰক্তিত আধামেল খোৱা চকুৰে ফোনটো ৰিচিভ কৰিলে।
‘ হেল্ল’
‘ দাদা গুডমৰ্নিং ’
সিফালৰ পৰা তাৰ টীমৰ তপনৰ মাতটো শুনাৰ লগে-লগে ধমহকৈ বিচনাতে বহি দিলে সি। তাৰ মনত পৰিল সি ৰাতিপুৱাহে আহি শুইছিল। ফোনটো কাণৰ পৰা নমাই সময় কিমান হ’ল চাই হতভম্ব হৈ পৰিল। ইতিমধ্যে চাৰে দহ বাজি গ’ল।
ধেৎ তেৰি। নবজাৰ এলাৰ্ম ৰাখিছিল সি। দুই মিনিটৰ মুৰে মুৰে তিনিবাৰকৈ এলাৰ্ম বাজিছিল¸ সি সাৰ পাব নালাগেনে!
ফোনটো হেল্ল’ হেল্লকৈ বাজি আছিল। সিফালৰ পৰা তাৰ উত্তৰ নাপাই তপনেও আচৰিত হৈছিল। লৰালৰিকৈ ফোনটো কাণত লগাই পলাশ ব্যস্ত হৈ পৰিল।
‘ ছৰি ছৰি তপন। এতিয়াহে সাৰ পালো। আচলতে ৰাতিটো শুৱাই নহল জানা। হস্পিটালত পেচেন্ট এজন ৰখিবলগা হ’ল।’
‘ আপোনাৰ মাতটোতে বুজিছো দাদা। আচলতে আপুনি সদায় ব্ৰিফিং দিয়ে যে। সেয়ে আপুনি আহি নোপোৱাতহে …।’
তপনে কথাটো শেষ নকৰিলে।
‘ ভালেই কৰিলা তুমি। নহলে সাৰেই নাপালো হৈ। এটা কাম কৰা¸ মোৰ ওপৰৰ দ্ৰয়াৰত ফাইল এটা আছে¸ সেইটো লৈ যোৱা।’
’ হব দাদা।’
ফোনটো ৰাখিব খুজিলে তপনে।
‘ অ’ শুনাচোন’ ¸ বৈশ্যদাক কথাটো বুজাই কবা। অকমান দেৰি হব মোৰ।’
‘ ঠিক আছে দাদা।’
তপনে ফোনটো ৰাখিলে।
ল’ৰালৰিকৈ বিচনাৰ পৰা নামি আহিল পলাশ। ৰাতিপুৱা ৬:৪০ৰ পৰা তিনিঘন্টা শুলে সি। হব¸ আজি পাৰিলে সোনকালে আহিব। ল’ৰালৰিকৈ গাটো ধুই ড্ৰেছ কৰিলে সি। তাৰ পেটে কলমলাইছিল। ৰাতিপুৱা ৰঙা চাহ একাপ খায়েই টোপনি গৈছিল। থাকক¸ বাটতে খাই লব। এতিয়া আৰু বনাবলৈ সময় নহব তাৰ। ইতিমধ্যেই এঘাৰটা বাজি গৈছিল। যিহে জাম¸ সি গৈ পোৱালৈ খাটাং বাৰ বাজিবগৈ। ইফালে বাৰ বজাত দৰকাৰী মিটিং এখনো আছে তাৰ। কথাটো ভাবি বৈশ্যদাক ফোন লগালে সি। প্ৰথমবাৰ ৰিঙ হওতেই বৈশ্যদাই ফোনটো ধৰিলে।
‘ পলাশ কোৱা’
‘ বৈশ্যদা শুনকনা¸ মোৰ গৈ পাওতে অলপ দেৰি হব হা। কালি মানে হস্পিটালত টোপনি খতি কৰি ৰখিবলগা হ’ল।’
‘ গম পাইছো। তপনে কলে মোক।’
সিফালৰ পৰা বৈশ্যদাৰ মাতটো ভাহি আহিল।
‘ শুনকনা¸ পাৰ্টি যদি মই গৈ পোৱাৰ আগতে আহি পাই আপুনি কথা পাতি লব। মই মাজতে এটেণ্ড কৰি দিম।’
‘ হব দিয়া।’
ফোনটো ৰাখিলে বৈশ্যদাই। তাৰ মনটো ভাল লাগিল। যাহ¸ এটা চিন্তা দূৰ হ’ল।
প্ৰেজেন্টেচনখিনি এবাৰ লেপটপত চেক কৰি ৰুমৰ পৰা ওলাল সি। তাৰ ৰুমৰ পৰা ওলায়েই মিশ্ৰাৰ ফাষ্টফুডখন। চাহ একাপৰ সৈতে পুৰি দুখন খালে সি। ৰাতিপুৱাৰ গুৱাহাটী। ৰাষ্টাত তামাম জাম। সি গৈ পোৱালে এঘাৰটা পয়ত্ৰিশ হৈ গৈছিল। পাৰ্কিঙত বাইকখন ৰাখোতেই দেখিলে সি এজিএম দাসক। মনটো টেঙাই গ’ল তাৰ।
‘ধেই¸ এইপাতক দেখিবই মন নাযায়।’
দাসেও দেখিলে তাক। সি বাইকখন লক কৰি থকা সময়তেই লিফ্টত উঠি গলগৈ তেও। পলাশে দেখিলে যে টাইম অফিচত দাস ৰৈ আছে। তাৰমানে আজি তাৰ লগত লাগিম বুলিয়েই ভাবিছে মানুহটোৱে। বিৰক্তিত নাকটো কোচখাই আহিল পলাশৰ। মানুহটোৱে সদায় বেলেগ বেলেগ ষ্টাফৰ লগত লাগি থাকে। একো কাৰণ নাথাকে¸ এনেয়ে সৰু সৰু চকু নিদিব লগা কথাতে লাগি থাকে। কোনেও ভাল নাপায় মানুহটোক। অফিচৰ চাপ্ৰাছীৰ পৰা আৰম্ভ কৰি জিএমলৈকে কোনেও মানুহটোক পচন্দ নকৰে। মাথোন মালিকৰ পুৰণি চিনাকী হোৱাৰ সুবাদতে¸ মালিকনীৰ চামচা কৰিয়েই টিকি আছে মানুহটো। জোৰকৈ মানুহৰ পৰা সন্মান লব বিছাৰে দাসে। অথচ এইটো নাজানে যে সন্মান জোৰকৈ লোৱা বস্তু নহয়। তেও বিছাৰে সকলোৱে তেওক ভয় কৰক। কিন্তু চবেই যি ঘৃণা কৰে সেইটো নাজানে। চব অফিচতে চাগে এনেকুৱা মক্কেল এটা থাকেই। আগৰ অফিচটো অাছিল। হাঁহি উঠিছিল পলাশৰ। টাইট চাৰ্টটোৰ ওপৰত পিন্ধা ৰঙা টাইদালে প্ৰকাণ্ড পেটটোৰ ওপৰত পেণ্ডুলামৰ দৰে লৰি আছিল। কেতিয়াও কাৰো শাৰিৰীক অৱয়ব লৈ পলাশে ইতিকিংসুচক দৃষ্টিৰে চোৱা নাছিল। কিন্তু এই মানুহটোক দেখিলেই কিয় জানো তাৰ গাত বিছাই ডকা যেন লাগে। সি ইচ্ছা কৰা হলে পাঞ্চিং মেচিনত এটেডেঞ্চ দি দাসক নেদেখা ভাও ধৰি পাৰহৈ যাব পাৰিলেহেতেন। কিন্তু তাৰ বিবেকে অভদ্ৰামি কৰিবলৈ নকয়।
‘ গুড মৰ্নিং ছাৰ ’
ভিতৰলৈ সোমাব লৈ দাসক উইচ কৰিলে সি। ভ্যেলুলেচ হলেও মানুহটো বয়স আৰু পদমৰ্যদাত তাতকৈ ডাঙৰ।
দাসে এবাৰ নিজৰ ঘড়ীটোলৈ চালে। আৰু আন কৰ্মীবোৰক কোৱাৰ দৰে তাকো কৈ উঠিল। একেই সেই ৰুক্ষ মুখ¸ ৰুক্ষ ব্যৱহাৰ
‘ হোৱাই আৰ য়ু ছ’ লেট? য়ে ৱক্ত হে আপকা অফিচ আনে কা?’
দপকৈ খংটো উঠি গ’ল তাৰ। কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সচাকৈয়ে নাজানে নেকি ইটোৱে।
‘ কুচ পাৰ্চনেল কাম থা। মেনে বটায়া থা এইচ আৰ এম কো।’
গপচত কৈ দিলে সি।
‘ ৱো হোতা কৌন হে য়েছে মৰ্জিচে অানেকেলিয়ে পাৰ্মিচন দেনেৱালে?’
‘ আপ খুদ হি পুচ লিজিয়ে।’
গৰগৰাই কৈ আঁতৰি আহিল সি।
দাসে পিছফালৰ পৰা চিঞৰি থাকিল।
‘ এইছা আন ডিচিপ্লিন নহী চলেগা। মে বাট কৰুংগা জিএম চে।’
সি একো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে।
ঠিক সেইখিনি সময়তেই প্ৰচ্ছায়া ওলাই আহিছিল । বোধহয় একাউঞ্চ অফিচৰ পৰা কিবা ফাইল নিব আহিছিল। সিহঁতৰ খকাখুন্দাখন দেখি সামান্য খোজটো ঢিলাই দিলে তাই। দাসে তাক গালি পৰা শুনি তাইৰ হাঁহি উঠিছিল। খুকখুকাই হাঁহি উঠিল তাই। পলাশে দেখিলে তাই হঁহা।এনেয়ে দাসৰ লগত লাগি মুৰটো গৰম হৈ আছিল। তাতে আকৌ তাই হাঁহিলে। দুচমন কা দুচমন দোষ্ট হোতা হে¸ সেয়েহে তাই তাক সুবিধা পালেই যে জব্দ কৰিব খোজে সি জানে। পলাশে জেপৰ পৰা মোবাইলটো উলিয়াই এনেয়ে কানত লগাই কৈ উঠিল¸ ‘কাৰোবাৰ অসুবিধাত এনেকৈ হঁহাটোক সভ্য লোকৰ লক্ষণ বুলি নকয়।’
কথাটোৱে কাম দিলে। প্ৰচ্ছায়াৰ হাঁহি বন্ধ হৈ গ’ল। এবাৰ কেৰাহিকৈ তালৈ চাই বেগাই আঁতৰি গ’ল তাই।
মানুহ কেইজন তেতিয়ালৈ আহি পোৱা নাছিল। সুখী হ’ল পলাশ। ঠিকেই আছে। কমচেকম গোটেই মিটিংখনত আৰম্ভনিৰে পৰা থাকিব পাৰিব সি। কেবিনত সোমাই এনেয়ে বৈশ্যদালৈ ইন্টাৰকমত ফোন কৰিলে সি।
‘ বৈশ্যদা¸ আহি পালো দিয়ক।’
‘ আহি পালা। ঠিক আছে। এওলোক আহি পোৱা নাই দেখোন।’
‘ ৰব মই ফোন এটা কৰো।’
ৰিচিভাৰটো ক্ৰেডেলত থৈ মবাইলটো পকেটৰ পৰা উলিয়াব খুজিছিলহে আকৌ ইন্টাৰকমটো বাজি উঠিল। ৰিচেপচনৰ পৰা জুলেখাৰ ফোন কৰিছিল।
‘ হেল্ল’ ’
‘ পলাশদা¸ মানুহ দুজন আহিছে।’
‘ পঠিয়াই দিয়া।’
ফোনটো ৰাখিলে সি।
পিয়ন হৰেনে লৈ আহে মানুহ দুজনক।
ভালে ভালেই মিটিংখন হৈ গ’ল তাৰ। দুয়োজনেই সিঁহতৰ কোম্পানীৰ ডিলাৰশ্বিপ লবলৈ আগ্ৰহী। মাথো এদিন নিয়মমাফিক তেওলোকৰ শ্ব’ৰমত ভিজিট কৰি এগ্ৰিমেন্টখন চাইন কৰিলেই হৈ গ’ল।
মনটো ভাল লাগিছিল পলাশৰ। ভবামতেই প্ৰেজেন্টেচন হৈ গৈছিল তাৰ। খবৰটো বৈশ্যদাক দিবলৈ বুলি বৈশ্যদাৰ কেবিনলৈ গ’ল সি। বৈশ্যদাক সি কেবিনত নাপালে। তাৰ সলনি প্ৰচ্ছায়াইহে ডেক্সটপত কিবা খুচৰি আছিল। বৈশ্যদাৰ কেবিনৰ কাষতে প্ৰচ্ছায়াৰো সৰু কেবিনটো। কিন্তু তাই নিজৰ টেবুলত নবহি বৈশ্যদাৰ টেবুলতে কিবা কাম কৰি আছিল। বোধহয় বৈশ্যদায়ে কিবা কাম দিছে। নক নকৰাকৈ সি সোমাই যোৱা দেখি তাই মুৰ তুলি চালে। ‘কি আছিল?’ তাৰ চকুত যেন সেইটোৱে প্ৰশ্নবোধক। একো নোকোৱাকৈ ওলাই আহিবলৈ ভাল নালাগিল। সুধিলে
‘ বৈশ্যদা কলৈ গ’ল?’
‘ জি এমৰ কেবিনত।’
ডেক্সটপৰ স্ক্ৰীণৰ পৰা মুৰ নোতোলাকৈয়ে তাই উত্তৰ দিলে।
তাৰ মন গৈছিল তাইৰ সতে কথা পাতিব। কিন্তু সিহঁতৰ চিনাকি পৰ্বটো এতিয়ালৈকে শত্ৰুৰ পৰ্যায়তে ৰৈছেগৈ। ওলাই আহিল সি। শত্ৰুৰ সমুখত ৰৈ থকাটোও অন্যায়।
সি বৈশ্যদাৰ কেবিনৰ পৰা অলপ আঁতৰি আহোতেই বৈশ্যদাক আহি থকা দেখিলে। ৰৈ দিলে সি।
‘ মানুহ কেইজন গ’ল? ’
তাক দেখি সুধিলে বৈশ্যদাই।
‘ উম। হৈ হ’ল।’
হাঁহিলে সি।
‘ জিএম ছাৰৰ লগত ৰুক্মিনীগাঁৱলৈ গৈছিলো। এম ডছাৰৰ ঘৰলৈ।’
নোসোধাকৈয়ে কয় বৈশ্যদাই।
‘ কিয়? কিবা দৰকাৰী কাম আছিল নেকি?’
হয়তো এনেয়ে সুধিলে পলাশে। কাম নাথাকিলে যে জিএম ছাৰ চিইঅ’ ছাৰৰ ঘৰলৈ নাযায় খাটাং। কিন্তু সি সামান্য আঁচৰিতো হ’ল। এম ডি ছাৰেতো সাধাৰাণতে কোনো ষ্টাফকে নামাতে ঘৰলৈ নামাতে!
‘ কম ব’ল। মোৰ অফিচলৈ।’
বৈশ্যদাই মাতিলে তাক।
‘ মোৰ অফিচতে বহোগৈ নেকি?’
বৈশ্যদাৰ কেবিনত বহিবলৈ অলপ হেহোঁনেহো কৰিলে সি। তাত প্ৰচ্ছায়া আছে। কেনেকৈ খোলাখুলিকৈ কথা পাতিব!
‘ নালাগে ব’ল। মোৰ অফিচতে বহো।’
তাৰ কান্ধত হাত এখন ৰাখিলে বৈশ্যদাই। আৰু একো কব নোৱাৰিলে সি। বৈশ্যদাৰ পিছে পিছে সোমাই গ’ল।
‘ বৈশ্যদা আহিলে। কিয় মাতিছিলনো!’
বৈশ্যদাক দেখি প্ৰচ্ছায়ায়ো একেটা প্ৰশ্নই কৰিলে।
‘ কও ৰবা।’
চকীখনত টানি পলাশকো বহিবলৈ ইংগিত দিলে তেও।
‘ ষ্টাফৰ ব’নাছৰ লিষ্টখন ৰেডী হৈ গৈছে দেই। আপুনি এবাৰ চকুফুৰাই দিব।’
বৈশ্যদাক চকীখনত বহিবলৈ এৰি দি প্ৰচ্ছাই পুনৰ কলে।
‘ হব দিয়া। তুমি ৰেডী কৰিছা যেতিয়া কিনো চাম আৰু। জিএমৰ অফিচলৈ পঠিয়াই দিবা।’
তাইলৈ চাই হাঁহিলে তেও। তাইক সুখী হোৱা যেন দেখা গ’ল।
‘ মালিকৰ ঘৰলৈ কিয় মাতিছিল কব পাৰা?’
কথাখিনি কৈ বৈশ্যই এবাৰ পলাশ আৰু প্ৰচ্ছায়ালৈ চালে।
‘ কও দিয়া। প্ৰচ্ছায়া বহি লোৱাচোন।’
সাংঘাটিক কিবা কৌতুক কোৱাৰ আগমূহুৰ্তত সাঁজু হোৱাৰ দৰে বৈশ্যদাই হাঁহি এটা মাৰিলে।
এতিয়াহে যেন শলঠেকত পৰিল প্ৰচ্ছায়া। ইমান সময়ে তাই থিয় হৈয়ে আছিল। অথচ বহিব খুজিলে এতিয়া তাৰ কাষত গৈ বহিবগৈ লাগিব। বুধি এটা পাঙিলে তাই। ৰেডী কৰা কাগজখিনি মিলাই থোৱাৰ ভাও ধৰি থিয় হৈয়ে থাকিল। কথাটো বৈশ্যৰ চকুত নপৰিলেও পলাশে ঠিকেই বুজিব পাৰিলে। পেটে পেটে হাঁহি উঠিল তাৰ।
‘ আমাৰ এজিএম বাবু দাসে মালিকনীক কমপ্লেইন দিলগৈ বোলে অফিচত যাৰ যি ইচ্ছা তাকে কৰিছেগৈ। ইচ্ছামতে আহিছে¸ ইচ্ছামতে গৈছে। জানাই দেখোন¸ মেমৰ কথা। কেনেকুৱা এটা কথাতে লাগি থাকে। মাতিলে জিএম আৰু মোক।’
‘ হা¸ তাৰ পিছত?’
‘ কি হব আৰু! কথাখিনি বুজাই দিয়াৰ পিছত ফোনতেই মেমে এনেকৈ কুকুৰে নোখোৱা গালি দিলে নহয় দাসক। চাৰেও ইউ এছৰ পৰা মেমলৈ ফোন কৰিলে। কলে বোলে এই সৰু সৰু কথাবোৰ কিয় জিএম তাতে শেষ নকৰি ঘৰলৈ আহিব দিছা। মুঠতে সাতে পাছে মিলি আজি দাসৰ আজি বৰ বেয়া দিন।’
কৈ কৈ বৈশ্যই হোহোৱাই হাঁহি উঠিল। সিহঁতেও হাঁহি দিলে।
‘ চব ইয়াৰ কাৰণেই হৈছে। ই আজি দেৰিকৈ অহা কথাটো দাসে মেমক কৈছিল। মিছ বিহেভ কৰিছিলি বোলে?’
হাঁহি হাঁহি পলাশলৈ আঙুলিয়াই প্ৰচ্ছায়ালৈ চালে বৈশ্যই। সামান্য হঁহাৰ দৰে কৰিলে তাই।
‘ হয়¸ আজি খকাখুন্দা লগাটো হয়। কিন্তু আপুনিয়েই কওকচোন বৈশ্যদা¸ আপোনাক জনোৱাৰ পিছত আৰু বেলেগে তেখেতকো কব লাগে নেকি? এনকৈ খং উঠালে নহয়¸ কৈ দিলো যি কৰে কৰক বুলি।’
‘ কি কৰিবা। মানুহটোৰ স্বভাবেই তেনেকুৱা! জোৰকৈ প্ৰভুক্ত দেখুৱাব যায়।’
বৈশ্যদাই কোৱাৰ পিছতে হঠাতে মনত পৰিল তাৰ। প্ৰচ্ছায়াক খোচ এটা মাৰিবলৈ সুযোগটো হেৰুৱাব নিবিচাৰিলে সি। কলে¸
‘ চাওকচোন বৈশ্যদা¸ আপোনাক জনোৱাৰ পিছতে অবাবত মানুহটোৱে ধমকি দিছে। তাকে দেখি আকৌ খুকখুকাই হঁহা মানুহো আমাৰ অফিচতে আছে।’
কথাখিনি কৈ আঁৰ চকুৰে চালে সি প্ৰচ্ছায়ালৈ। তাইৰ মুখখন কলা পৰি গ’ল।
‘ কোন …কোননো?’
নামটো জানিবলৈ বৈশ্যদা আগ্ৰহী হৈ পৰিল।
‘ আছে দিয়ক কোনোবা। নাম নকও আৰু।’
বৈশ্যলৈ চাই হাঁহিলে সি।
ঠিক সেইখিনি সময়তে প্ৰসংগটো সলাবলৈ প্ৰচ্ছায়াই বৈশ্যক সুধিলে।
‘ দাস ছাৰ মানুহজন কিয়নো বাৰু এনেকুৱা! কিয় মেমক কমপ্লেইন দিব লাগে বাৰু!’
বৈশ্যই হয়তো বুজি পালে। পলাশৰ চকুলৈ চাই কিবা কব খুজিও নকলে। এইবাৰ প্ৰচ্ছায়াৰ ফালে ঘুৰি হাঁহি মাৰি কৈ উঠিল।’
‘ আজি মানুহটোৰ দোষ নাই। মেমে ফোন কৰিছিল তেওলৈ। মেমৰ চামচাটো। কথা প্ৰসংগত বেছেৰাৰ মুখেৰে ওলাই গ’ল।’
আকৌ হাঁহি দিলে তিনিওটাই।
‘ মই এইখিনি জিএম ছাৰক দি আহো।’
কাগজখিনি গোটাই প্ৰচ্ছায়া কেবিনৰ পৰা ওলাই গ’ল।
পলাশে জানে¸ সি থকালৈকে তাই আৰু ভিতৰলৈ নোসোমাই।
‘ কিয় বাৰু এনেকুৱা কৰা ক’চোন?’
প্ৰচ্ছায়া কেবিনৰ পৰা ওলাই যোৱাৰ লগে লগে বৈশ্যই অলপ আগলি হাউলি তাৰ ফালে চালে।
‘ মোৰ কি দোষ! তেওহে প্ৰথমে সিদিনা জুলেখাৰ আগতে অপমান কৰিলে।’
কৈফিয়ৎ দিয়াৰ দৰে কৈ উঠিল সি।
‘ নহবদেই তহঁতৰ দ্বাৰা।’
সামান্য হতাশ হোৱাৰ দৰে কৈ চকীখনত হেলান দি বহিল বৈশ্য। অলপ ৰৈ আকৌ কলে¸
‘ আচ্ছা¸ ক’চোন ৰাতিৰ ঘটনাটো।’
গোটেইখিনি কৈ দিলে সি।
‘ অহ¸ ছ’ চেড। কি যে হৈছে আজিৰ ল’ৰা-ছোৱালীবোৰৰ! সদায় সদায় আত্মহত্যাৰ খবৰবোৰে শুনো।’
হুমুনিয়াহ এটা কাঢ়িলে বৈশ্যই।
‘ তাকেইতো বৈশ্যদা। সাহসী ল’ৰা বুলি ভাবিছিলো তাক। কিয়যে এনেকুৱা কৰিলে এতিয়াও মোৰ বাবে আশ্বৰ্য্যকৰ।’
পলাশৰো হুমুনিয়াহ এটা ওলাই আহিল।
আগলৈ -
0 comments:
Post a Comment