[ নবম অংশ ]
পলাশৰ ইচ্ছা আছিল সোনকালে অফিচৰ পৰা ওলাবলৈ। কিন্তু ৰাতিপুৱাৰ নব্যেন্দু দাসৰ সতে হোৱা খণ্ডযুদ্ধৰ পৰিণতিয়ে তাক সময়ৰ আগতে ওলোৱাৰ পৰা বাৰণ কৰিলে। ইচ্ছা কৰা হলে আগতে ওলাই আগতে আহিব পাৰিব পাৰিলেহেতেন। কিন্তু পিছলৈ আৰু এষাৰ কথা কবলৈ সুযোগ সি দিব নোখোজে। অগত্যা ডিউটি শেষ হোৱালৈকে অফিচত বহি থাকিল।
পলাশৰ গাত বৰ ভাল লাগি থকা নাছিল। আধৰুৱা টোপনিৰ বাবে গাটো বৰ দূৰ্বল যেন লাগিছিল। অফিচৰ পৰা ওলোৱা আগতে এবাৰ বিষ্ণুলৈ ফোন কৰিলে সি। ৰিং হৈ হৈ ফোনটো কাটি গ’ল। বোধহয় সি শুই আছে। পলাশে ভাবিলে। আৰু ফোন নকৰিলে সি। শুৱক সি।
দূপৰীয়া বিষ্ণুৱে এবাৰ ফোন কৰি জনাইছিল¸ ৰমেশে ভাল পাইছে। উঠি বহিছেও। অনুশোচনাত মাথো কাৰো চকুলৈহে চাব পৰা নাই। কাৰো সতে কথা কব ইচ্ছা কৰা নাই।
এবাৰ ৰমেশৰ বায়েকলৈকে ফোন কৰিব নেকি! নাহ¸ থাকক। ফোনটো উলিয়াইয়ো আকৌ পকেটত সোমালে সি। যাওতে সোমায়ে যাব এপাক।
অফিচৰ পৰা ওলাই আহিল সি।
তাৰ মনটো ভাল লাগিছিল। ভগবানে অন্তঃত ৰমেশৰ মাক-বাপেকৰ মুখৰ হাঁহিটো কাঢ়ি নললে। এতিয়া নতুনকৈ জীৱন পোৱাৰ দৰে নতুনকৈ জীৱনটোক চাবলৈ ৰমেশৰ সহজ হ’ব। পৰাখিনি সহায় সি কৰিব। ম’টিভেট কৰিব তাক¸ আকৌ যেন সি এনেকুৱা কৰিব নোখোজে। কথাবোৰ ভাবি-ভাবি কেতিয়া ভঙাগড় পালে সি গমেই নাপালে। হঠাতে ফ্লাই অ’ভাৰখন দেখিহে খেয়াল হ’ল তাৰ। ভবাৰ লগে-লগে ফ্লাই অ’ভাৰত নুঠি কাষেৰে সোমাই আহি জিএমচিলৈ যোৱা টাৰ্নিংটোতে থকা মন্দিৰটোৰ কাষতে বাইকখন ৰাখিলে। এতিয়া বাহিৰে বাহিৰে হস্পিটালত সোমাব মন নগল তাৰ। গাটো খুউব দূৰ্বল লাগি আছে। এতিয়া সোমোৱা মানে আৰু দূঘন্টা এনেকৈয়ে যাব। কিন্তু খবৰ এটা নকৰাকৈও ৰুমলৈ যাবলৈ তাৰ মনটোৱে বাধা দিলে। ফোনটো উলিয়ালে সি।
‘ অ’ পলাশ। তই নাহা এতিয়া?’
ৰিং হোৱাৰ লগে-লগে ৰমেশৰ বায়েক তৰালীয়ে ফোনটো ৰিচিভ কৰি সুধিলে
‘ ৰমেশৰ এতিয়া কেনে?’
তাইৰ প্ৰশ্নৰ উত্তৰ নিদি ওলোটাই সুধিলে সি
‘ সি দেখোন কথায়ে নকয় অ’। মন মাৰি চকিপানী মছি থাকে।’
কওতে মাতটো ঠোকাঠুকি হৈ পৰিল তৰালীৰ
‘ চা তৰা¸ তাক দুদিনমান সময় লাগিব সহজ হওতে। মাথো অকলে নেৰিবি। আৰু শুন মই অলপ দেৰিকৈ আহিম। এতিয়া অফিচৰ পৰা ৰুমলৈ আহিহে আছো।’
‘ হব দে। গণেশদা আৰু মই আছো এতিয়া। মই তাৰ কাষত আছো। গণেশদা বাহিৰৰ ফালে গৈছে। বিষ্ণুক তিনিটামান বজাত শুবলৈ পঠালো। আজি যাব নিদিয়ে বোলে। কাইলৈহে দিব।’
নোসোধা কৈয়ে তাই কৈ থাকিল।
‘ অ’ শুনচোন¸ কিবা অসুবিধা হৈছে নেকি?’
হঠাতে মনত পৰাৰ দৰে সুধিলে পলাশে। আচলতে সি সুধিব খুজিছিল পইছাৰ অসুবিধা হৈছে নেকি? আহোতে তৰালীয়ে যে বেছি টকা হাতত আনিব পৰা নাছিল সি জানে।
‘ নাই দে। তই এহাজাৰ দি গৈছিলি নহয়। তাৰে ঔষধ অলপ আনিলো। মোৰ লগতো অলপ আছে। গণেশদাৰ লগতো অলপ আছে চাগে। ইয়াতে হৈ যাব। ঘৰলৈহে যোৱাৰ পিছতহে কব নোৱাৰো আৰু!’
সামান্য হতাশ হোৱাৰ দৰে তাই কৈ উঠিল। উচপ খাই উঠিল সি।
‘ ঐ¸ তই এইবোৰ তাৰ সমুখতে থাকি কৈ আছ নেকি?’
পলাশৰ ভয় হৈছিল¸ জানোছা সি এই বাৰ্তালাপবোৰ শুনে আৰু হতাশ হৈ আকৌ এবাৰ…। এনেয়ে অপকৰ্মৰ চেষ্টা কৰা মানুহক সহজে বিশ্বাস কৰিব নোখোজে সি।
’ নাই নাই। সি শুইছে। গণেশদা আহি বহিছে তাৰ কাষত। মই বাহিৰলৈ ওলাই আহিছো ফোনটো ধৰিবলৈ।’
তাৰ মনোভাৱ বুজি কলে তাই।
’ দে ঠিক আছে দে। মই অলপ দেৰিকৈ আহিম।’
ফোনটো ৰাখি বাইকখন ষ্টাৰ্ট কৰিলে সি। এটা কথাই এতিয়াও তাৰ মনত খুদুৱনি লগাই আছিল¸ ৰমেশে কিয় অপচেষ্টা কৰিছিল। কথাটো ভাবি এক্সেলেটৰ ডবাই দিলে সি।
-----
জিএমৰ অফিচৰ পৰা আহি প্ৰচ্ছায়াই দেখিছিল যে পলাশ এতিয়াও ভিতৰতে আছিল। খং উঠিছিল তাইৰ। কিয় বাৰু বৈশ্যদাৰ আগতে তাইক কাট মাৰিবলৈ লাগে! নিশ্চয় এতিয়াও তাইৰ কথাই কৈ আছে। কথাটো ভাবি নিজৰ কেবিনৰ সমুখেৰে ৰাণীৰ ওতৰলৈ গ’ল তাই। সিঁহতৰ অফিচৰ পৰা অলপ দূৰতে একাউঞ্চ অফিচটো।
‘ ৰাণী বা।’
ৰাণীক মাতি তাই সোমাই গ’ল।
তাইক দেখি ৰাণীয়ে হাঁহিলে।
‘ বহা’
দৰ্জাখনৰ ওচৰতে থিয় হৈ থকা দেখি ৰাণীয়ে বহিবলৈ কলে তাইক।
‘ নালাগে। সেইটো ভিতৰতে আছে।’
সামান্য হঁহাৰ দৰে কৰিলে প্ৰচ্ছায়া।
ৰাণীয়ে বুজি পালে। তথাপি প্ৰচ্ছায়াৰ মুখৰ পৰা শুনিবলৈ লোভ হ’ল তাই। নুবুজা ভাও ধৰি সুধিলে।
‘ কোন? পলাশদা?
প্ৰচ্ছাই মুৰ দুপিয়ালে।
‘ কি কৰিছেনো তোমালোকৰ কেবিনত?’
‘ কি কৰিব আৰু । আড্ডা দিছে বৈশ্যদাৰ লগত।’
‘ অহ¸ তাৰ বাবে তুমি…। বেছেৰী!’
লাহেকৈ জোকালে ৰাণীয়ে । কৃটিম খং দেখুৱাই আকৌ হাঁহি দিলে প্ৰচ্ছায়াই। ৰাণীয়েও হাঁহি দিলে। তাইৰ অৱস্থাটো ৰাণীৰ হাঁহি উঠিছিল। প্ৰচ্ছায়াই নেদেখাকৈ মুখ টিপি হাঁহিলে তাই। প্ৰচ্ছায়াই গম নাপালে। ৰাণীয়ে কথী কৈ থকাৰ লগতে থিয় হৈ পুৰণি ফাইল কিছুমান বিছাৰি কিবা চাই আছিল।
‘ বহা প্ৰচ্ছায়া ’
বাথৰুমৰ পৰা আহি প্ৰচ্ছায়াক থিয়ৈ থিয়ৈ ৰাণীৰ সতে কথা পতা দেখি একাউঞ্চ হেড কিশোৰে বহিবলৈ কলে তাইক।
‘ নালাগে কিশোৰ দা¸ যামেই এতিয়া।’
মিচিকিয়াই কৈ উঠিল তাই। কথা নবঢ়াই সি নিজৰ কামত মন দিলে।
ডাঙৰ একাউঞ্চ চেকচনটোৰ একেবাৰে ভিতৰৰ ফালে তাৰ টেবুলখন। তাৰ পিছত অমৰৰ। ৰাণীৰ টেবুলখন দৰ্জাখনৰ ওচৰতে। সেয়েহে থিয় হৈ কথা পাতিবলৈ সুবিধা হৈছিল প্ৰচ্ছায়াৰ। কোনেও নেদেখাকৈ মাজে মাজে নিজৰ কেবিনটোলৈ চকু দি আছিল।
‘ আকৌ কিবা জগৰ লগাইছে নেকি বাৰু?’
এপাকত তাইৰ ফালে চাই হাঁহি দিলে ৰাণীয়ে।
‘ ওহো¸ সুবিধাও দিয়া নাই নহয়।’
তায়ো মিচিকিয়াই কৈ দিলে।
এইমাত্ৰ যাও বুলি কোৱা প্ৰচ্ছায়া আধাঘন্টালৈকে নোযোৱা দেখি অলপ আচৰিত হৈছিল কিশোৰে। ইমান কি কথাত মচগুল হৈ সিঁহত দুজনীয়ে হাঁহিছিল জানিবলৈ মন গৈছিল তাৰ।
সি আঁৰ চকুৰে লক্ষ্য কৰিলে সিঁহতলৈ। সিঁহতৰ কথাবোৰ শুনা নাছিল যদিও সি অনুমান কৰিছিল যে চাগে পলাশৰ কথাই পাতিছিল। ৰাণীয়ে বাহিৰলৈ ইংগিত দি কিবা কৈ থাকোতেই সি অনুমান কৰি লৈছিল। হঠাতে কিবা এটা ভাবি বহাৰ পৰা উঠিল সি। যোৱাৰ অাগতে অন্তঃত এবাৰ চেষ্টা কৰা যাওক।
‘ ৰাণী¸ প্ৰচ্ছায়াক বহিবলৈ দিয়া নাই কিয়? ইমান সময় থিয়ৈ থিয়ৈ কথা পাতি আছা?’
প্ৰচ্ছায়াক ডাইৰেক্ট কবলৈ টান পাই ৰাণীকে কলে সি।
‘ কৈছিলো। তাই নবহে বোলে।’
ৰাণীয়ে টপৰাই কৈ উঠিল। বোধকৰো কিশোৰে উঠি আহি কোৱাত প্ৰচ্ছায়াই সামান্য লাজ পাইছিল। এইমাত্ৰ যাও বুলি বহু দেৰিলৈকে থিয় দি আছিল। চাগে কথাটো কিশোৰদাই লক্ষ্য কৰিছিল। সলাজ হাঁহি এটা মাৰি কলে তাই
‘ অাচলতে অনবৰতে বহি বহি কঁকাল বিষাই গৈছিল কিশোৰদা।’
‘ হমম। এইটো বয়সতে কঁকাল বিষোৱা বুলি কলে কোনে বিশ্বাস কৰিব বাৰু!’
নিজৰ কথাতে ৰস পাই হাঁহিলে সি। আচলতে সি উলিয়াব খুজিছিল পলাশৰ প্ৰসংগ। কিন্তু সুবিধা নাপাই তাকেই কৈ দিলে।
প্ৰচ্ছায়াই সামান্য হাঁহিলে।
এইবাৰ প্ৰসংগ সলাই তাই কৈ দিলে।
‘ আপোনাৰ ভাল খবৰটো শুনি খুউব ভাল লাগিছে। পিছে পাৰ্টি দিব লাগিবদেই।’
‘ নিশ্চয় দিম।’
টপৰাই কৈ হাঁহিলে সি। আকৌ পিছ মূহুৰ্ততে কৈ দিলে
‘ মোৰ কিন্তু বেয়া লাগিব। বহুত মিছ কৰিম তোমালোকক।’
‘ আমিও মিছ কৰিম।’
এইবাৰ প্ৰচ্ছায়াৰ সলনি উত্তৰ দিলে ৰাণীয়ে। ঠিক সেই সময়তে প্ৰচ্ছায়াই দেখিলে যে পলাশ সিঁহতৰ কেবিনৰ পৰা ওলাই গ’ল। তাই আৰু ৰৈ নাথাকিল।
‘ অাহো দেই।’
মাত লগাই তাই ওলাই আহিল।
কিবা এটা গুণগুনাই বৈশ্যদাই ডেক্সটপত কিবা চাই আছিল। একো নোকোৱাকৈ নিজৰ টেবুলত গৈ বহিলগৈ তাই। বোধহয় বৈশ্যদাই গম পালে। মাতিলে তাইক
‘ প্ৰচ্ছায়া¸ কি হয়নো মাজে-মাজে তোমালোকৰ?’
গুণগুনাই থকা গানৰ কলিটো গাবলৈ বন্ধ কৰি বৈশ্যদাই মাতিলে তাইক। নাই¸ তেওৰ মনত কোনো অভিযোগ বা হতাশা নাই। তাৰ সলনি যেন কিবা ৰং হে পাইছে তেনে ভাৱত তেও হাঁহি আছিল।
ঠিক এইখিনিলৈকে বাট চাই আছিল প্ৰচ্ছায়াই। তাই জানিছিল¸ আজি বৈশ্যদাই তাইক নিশ্চয় সুধিব। উঠি আহি বৈশ্যদাৰ সমুখৰ চকীখনতে বহিল তাই।
‘ দাদা¸ আপোনাক কথা এটা কও আজি। কাকো নকও বুলি প্ৰমিজ কৰক আপুনি।’
কোনো পাতনি নেমেলাকৈ কৈ দিলে তাই।
‘ কি কথা?’
বৈশ্যই আচৰিত হৈ তাইলৈ চালে।
‘ আপুনি আগতে প্ৰমিজ কৰক। ৰিজনটো কম মই কিয় তেওক বেয়া পাও।’
হাতখন বৈশ্যৰ সমুখলৈ আগবঢ়াই দিলে তাই।
‘ অ’কে¸ ডান ।’
এপলক তভক মাৰি এমোকোৰা হাঁহিৰে তাইৰ হাতখনত তালি মাৰি অলপ আগলৈ হাউলি আহিল তেও
‘ দাদা¸ আপুনি ভৱাৰ দৰে পলাশ কলিতা চিম্পল চিধা চাধা ল’ৰা নহয়। এটা উদণ্ড মানুহ হয় প্ৰকৃততে। আৰু ইয়াত একটিং কি চাব! যেন একেবাৰে ইনোচেন্টহে!’
‘ হা…। কি কোৱাহে। তাৰ দৰে ল’ৰা মই খুউৱ কম লগ পাইছো। তুমি ভুল বুজিছা!’
গহীন হৈ কৈ উঠিল বৈশ্যই।
‘ আপুনি বিশ্বাস নকৰিব বুলি জানো! ৰব দেখুৱাম আপোনাক।’
কৈ কৈ মোবাইলত ফেচবুক খুলি তাৰ পোষ্টখিনি দেখুৱালে তাই।
‘ চাওক¸ ইমান মদাহী। কেনেকৈ নিৰ্লজ্জৰ দৰে অপেনলি দিছে চাওক।’
‘ হা হা হা এইটোনো কি ডাঙৰ কথা। মদ কোনে নাখায় কোৱা! ময়ো দেখোন খাও। সেইবুলি মই বেয়া নেকি! ডেকা ল’ৰা পাৰ্টি কৰিছে। দিলে কোনোবাই। আৰু সময়তো চোৱা¸ তিনি বছৰ আগৰ।’
কথাটো সহজভাৱে উৰুৱাই দিলে বৈশ্যই।
‘ মই এইটো কথাৰ বাবে মুঠেই ইমান বেয়া নাপালোহেতেন! কিন্তু আচল কথাটো বহুত ভয়ংকৰ। আপুনি বিশ্বাসেই নকৰিব হয়তো!’ কথাকেইটা কৈ প্ৰচ্ছায়া অলপ ৰ’ল। এইবাৰ তাই অান এটা প্ৰফাইল খুলি দেখুৱাই কলে¸ ‘ এয়া পলাশ কলিতাৰ এক্স গাৰ্লফ্ৰেণ্ড আছিল। মোৰ ফ্ৰেণ্ড এজনীৰ কাজিন। বিয়াৰ আগতে সি ইমানেই টৰ্চাৰ কৰিলে যে তাই তাৰ ওপৰত এফআইআৰ এখন দি দিছিল। এৰাতি লকআপতো আছিল সি। তাৰ পিছতো তাৰ টৰ্চাৰ সহিব নোৱাৰি মাক-বাপেকে অনুষ্ঠুপীয়াকৈ বিয়া পাতি উলিয়াই দিবলৈ বাধ্য হৈছিল। তাই মোক আৰু বহুত কথা কৈছিল¸ যিবোৰ আপোনাক কব নোৱাৰো। আপুনি এইখিনিতো চাগে বুজে ন দাদা¸ কিমান অাঘাট পালে ছোৱালী এজনীয়ে বহুত বেছি ভালপোৱা¸ জীৱনে-মৰনে একলগে থকাৰ সপোন দেখা মানুহজনৰ বিৰুদ্ধে অভিযোগ আনে! মই নিজেই প্ৰমাণ পাইছো¸ নাৰীৰ প্ৰতি চাগে বৰ সন্মান নাই মানুহটোৰ। সাধাৰণ কথাতে বৰ বেয়াকৈ কব পাৰে।’
খুউব লাহে লাহে কথাকেইটা কৈ প্ৰচ্ছায়াই বৈশ্যলৈ চালে।
আশ্বৰ্য্যত হতবাক হৈ পৰিছিল বৈশ্য। কি সঁচা কি মিছা একো ঠিৰাং কৰিব নোৱাৰি এটা শব্দই ওলাল তেওৰ মুখৰ পৰা
‘ আচৰিত ’
****-
আগলৈ -
0 comments:
Post a Comment