Now you can Subscribe using RSS

Submit your Email

Wednesday, 3 June 2020

Bad boy ঃ 10

Unknown

#Bad_boy 

                              [ দহ ]

জ্ঞান পোৱাৰ পিচত নিজতে হস্পিটালৰ বেডত আবিস্কাৰ কৰি প্ৰথমে অলপ আঁচৰিত হৈছিল ৰমেশ। 
‘ মই ক’ত আছো আৰু কিয়?’
প্ৰশ্নটো নিজক সোধাৰ পিছতে কথাবোৰ মনত পৰিছিল তাৰ। তাৰ বুজিবলৈ বাকী নাছিল। তাৰমানে সি বাছি গলগৈ। কিন্তু কেনেকৈ! সিটো গোটেই বটলটোৱে মুখত বাকী দিছিল!
চাল্লা আজিকালিৰ ফেনলবোৰো যে চব ডুপ্লিকেট!
মনত পৰিছিল তাৰ¸ যন্ত্ৰনাত অস্থিৰ হৈ চকু মুদিব লোৱা মূহুৰ্ততে তাৰমানে বিষ্ণু আহি পাইছিল।

 গভীৰ অনুশোচনা হৈছিল তাৰ। ছেহঃ কি যে নকৰিবলগীয়া কাম কৰি পেলাইছিল সি। এবাৰ সি তাৰ চাৰিওফালে চালে।

তাৰ ওচৰতে বায়েক বহি আছিল। তাইৰ চকুদুটা ৰঙা পৰি চলচলীয়াহৈ আছিল। বোধহয় এসোঁতা কান্দিছিল তাই। তাৰ মুখলৈকে চাই আছিল তাই। অলপ আঁতৰত বিষ্ণু আৰু গনেশদাদাক থিয় দি আছিল।সকলোৰে দৃষ্টি তাৰ ওপৰতে নিবদ্ধ। একেই প্ৰশ্ন সকলোৰে চকুত। 

‘ কিয় বাৰু এনে কৰিলে সি? কিয়??

চাগে ইমানপৰে গাঁৱতো সকলোৱে জানি গৈছেগৈ। মাক-পিতাকে বাৰু কি কৰিছেগৈ? টিকলিয়ে? নাই আৰু ভাবিব নোৱাৰিলে সি। টোপটোপকৈ দুটোপাল চকুপানী তাৰ বৈ আহিল।

মানুহকেইজনৰ মুখামুখি হবলৈ অসুবিধা হ’ল ৰমেশৰ। মানুহকেইটাক পিছদি মুখখন ঘুৰাই ললে সি।

ৰমেশে ভাবিছিল¸ সি চাগে বাছি যোৱাতকৈ মৰি থকাহেতেনে বেছি ভাল আছিল। এতিয়া কেনেকৈ সকলোৰে মুখামুখি হব! মাক-পিতাকে সুধিলে কি কব সি! কব পাৰিবনে এই যন্ত্ৰনাৰ জীৱনৰ ওচৰত হাৰ মানিয়েই নিজকে শেষ কৰি দিব খুজিছিল। পাৰভাঙি দুখবোৰ উজাই আহিব খুজিছিল।
চকু দুটা জোৰকৈ মুদি দিছিল সি।

ৰমেশে সাৰপোৱা দেখি আনন্দ লাগিছিল তৰালীৰ। গোটেই ৰাতিটো শুই থাকিল সি। ডাক্টৰে কৈছিল¸ পুৱালৈ তাৰ জ্ঞান আহিবগৈ। এবাৰ বাহিৰলৈ চালে তাই¸ বাহিৰত ৰ’দ ওলাইছে। বোধকৰো এঘাৰটামান বাজিছে এতিয়া। ওচৰতে থিয় দি থকা বিষ্ণু আৰু গণেশৰ ফালে চালে তাই। সিঁহতৰো চকু দুটা তিৰবিৰাই উঠিছিল। 
তৰালীৰ দুচকুত পানী দুটোপাল জিলিকি উঠিছিল।
‘ ৰ’ মই ডাক্টৰক কওগৈ।’
আনন্দতে হাঁহি এটা মাৰি বিষ্ণু ওলাই গৈছিল।

তৰালী এইবাৰ ঘুৰি ৰমেশৰ ফালে চালে। লাহেকৈ তাৰ মুৰত হাতফুৰাই মৰমেৰে সুধিলে 

‘ ধন¸ ভাল পাইছনে অলপ?’

আৰু নিজকে সম্বৰণ কৰিব নোৱাৰিলে ৰমেশে। বায়েকৰ মৰমসনা মাতত তাৰ দেহটো কঁপি উঠিল। কান্দোন চেপি উচুপি উঠিছিল সি। তৰালীৰো কান্দোন ওলাই আহিব খুজিছিল। কিন্তু কন্দাকটা কৰাটো ভায়েকৰ বাবে ভাল নহব বুলি ভাবি বাহিৰলৈ উঠি গৈছিল।

অলপ পিছতে ডাক্টৰ সোমাই আহিছিল। অলপ সময় পৰীক্ষা কৰি কিবি-কিবি দিহা দি ওলাই গ’ল। মাথো যোৱাৰ আগতে ৰমেশক কৈ থৈ গ’ল¸
‘ নতুন জীৱন এটা পাইছা। চব পাহৰি নতুনকৈ আৰম্ভ কৰা।’
একো প্ৰত্যুত্তৰ নিদি সি মাথো ডাক্টৰজনলৈ চাই থাকিল।

দিনটো কাৰো লগতেই কথা নাপাতিলে সি। মাথো বায়েকৰ প্ৰশ্নবোৰত হা না কৰি মুৰটো লৰাই থাকিল। মাথো অাবেলি এবাৰ ক’লে সি¸ ‘বাথৰুম যাম।’
উঠিব খুজোতে বায়েকে তাক ধৰি পেলালে। অত্যন্ত দূৰ্বল হৈ পৰিছিল সি।  বিষ্ণু আগুৱাই আহিল। ৰমেশৰ বিষ্ণুৰ চকুলৈ চাবলৈ সাহস নহল। লাহে-লাহে তাৰ গাত ভেজা দি উঠি গ’ল সি। বিষ্ণুৱেও একো নকলে তাক।

আবেলি এবাৰ বায়েকৰ মুখত শুনিলে সি পলাশৰ নাম। বিষ্ণুৱে পলাশ কেতিয়া আহিব সুধিছিল বায়েকক। বায়েকে সি ৰুমৰ পৰা সন্ধিয়ালৈ আহিব বুলি কৈছিল।
গাটো অলপ চেবালে তাৰ। সি জানে¸ কোনেও একো নুসুধিলেও পলাশে নিশ্চয় নোসোধাকৈ নাথাকে। কি উত্তৰ দিব সি! ৰমেশ সাজু হৈ ৰ’ল।

-----
পলাশ যেতিয়া আহিছিল ৰমেশৰ টোপনি অহা নাছিল। এনেয়ে বিচনাত বাগৰি চকু দুটা মুদি আছিল সি। ওচৰতে বায়েক আৰু বিষ্ণু বহি আছিল। গণেশ নাছিল। ভাত খাবলৈ গণেশে বাহিৰলৈ ওলাই গৈছিল।

‘ পলাশ আহিলি!’
বায়েকে মাতোতে ৰমেশে গম পালে যে পলাশ আহিছে। কিন্তু লাজ সংকোচত ঘুৰি চাব নোৱাৰিলে সি। দিনটো শুনি আছিল¸ বিষ্ণুই ফোন কৰাৰ লগে-লগে সি দৌৰি আহিছিল। 

পলাশ আহি ৰমেশৰ কাষত বহিল। ইংগিত দিয়াত তৰালীয়ে বাহিৰলৈ উঠি গলগৈ। ৰমেশে গম পালে। হঠাতে ভয় নে সংকোচত তাৰ গাটো কঁপি উঠিল।

‘ ৰমেশ¸ মই জানো তোৰ টোপনি অহা নাই।’
এইবাৰ ৰমেশ লাহেকৈ উঠি বহিল। বিষ্ণুৱে গাৰুটো পিঠিত দি আউজিবপৰাকৈ সুবিধা কৰি দিলে। ৰমেশৰ মনটো খেলিমেলি লাগিছিল। দূপৰীয়াৰ পৰা কাকো মাতিব পৰা নাছিল। সি লাহেকৈ পলাশৰ চকুলৈ চালে আৰু চকুদুটা নমাই আনি তলৰফালে চাই থাকিল।

‘ এইবোৰ কিয় কৰিলি বুলি তোক এতিয়া নোসোধো ৰমেশ। মাথো কম¸ জীৱনটো বৰ মূল্যবান। কিন্তু মৃত্যু অহাৰ আগতে মৰিব খোজাটো আচলতে ডাঙৰ মূৰ্খামি। কিন্তু নাভাবিবি যে এই মূৰ্খামিৰ স্বীকাৰ অকলে তয়েই হৈছ! হয়তো সেইটো ভাবিয়েই তই এতিয়া মোৰ চকুলৈ চাবলৈয়ো সাহস কৰিবপৰা নাই। কিন্তু আত্মহত্যাৰ চেষ্টা অকলে তয়েই কৰা নাছিলি। দৈনিক অজশ্ৰ ল’ৰা-ছোৱালীৰ মনলৈ এই চিন্তাটো আহে। কিন্তু সকলোৱে কিবা নহয় কিবা কাৰণ এটা বিছাৰি লয়। কাৰণ তোৰো আছিল! মাথো চাব নাজানিলি!
পলাশে কৈ আছিল। ৰমেশে তলমুৰকৈ শুনি গৈছিল। পলাশে আকৌ কলে¸

‘ তই ভাবিছিলিনে এবাৰ¸ তোৰ অবিহনে মাৰ-পিতাৰৰ কি হলহেতেন? সেইটো তই মৰা বুলি শুনাৰ পিছতে তেওলোক দুজনৰ কোনোবা এজনে চিপলৈ মৰি থাকিলহেতেন। কি ঠিক কিজানিবা দুয়োজনেই …।’
পলাশে কথাখিনি শেষ কৰিব নাপালেই ৰমেশে ফেঁকুৰি উঠিল।

‘ আৰু নকবি পলাশদা¸ প্লিজ। সাৰ পোৱাৰ পৰা তাকেই ভাবিছো। বহুত দুখ দিলো মই চবকে।’
পলাশৰো বেয়া লাগিছিল। দুচকুৰ কোণ তাৰো সেমেকি উঠিছিল। লাহেকৈ কলে

‘ এতিয়া সেইবোৰ ভাবি কি লাভ? চব পাহৰি যা। এয়া এটা বেয়া সপোন আছিল। আচ্ছা¸ মই এটা কথা বুজি পোৱা নাই ৰমেশ। মই ভাবিছিলো তই বহুত সাহসী ল’ৰা আছিলি। স্কুলত পঢ়ি থকাৰ পৰাই কেনেকৈ তহঁত দুয়োটাই বিয়াত ৰিচেপচন মাৰি পঢ়িছিলো দেখিছো। কিন্তু হঠাতে এনে কি হ’ল¸ যাৰ বাবে তই এই সিদ্ধান্ত ললি?

বিষ্ণুৱেও যেন ইয়ালৈকে বাটচাই আছিল। ইমানপৰে অলপ দূৰত থিয় হৈ চাই আছিল সি। কথাটোৱে আৰম্ভনিৰে পৰাই তাৰ বুকুতো খুন্দিয়াই আছিল। ৰমেশে জ্ঞান পোৱাৰ পিছৰে পৰা কথাটো সোধো লাগি আছিল। কিন্তু কিবা দোষ লগাৰ ভয়তে সুধিবলৈ সাহস কৰিবপৰা নাছিল। এতিয়া পলাশে কাৰণটো সোধা সি সাহ পালে। 

‘ অ’ তই কিয় এনে কৰিলি ৰমেশ? কিবা কাৰণত বেছি দুখ পাইছিলি যদি মোকতো কব পাৰিলিহয়! আমিতো সদায় একেলগেই হতাশ হও।’

ৰমেশে সেমেকা হাঁহি এটা মাৰিলে।

‘ তইনো মোক কি সহায় কৰিবি বিষ্ণু! তোৰ অৱস্থাটো জানো মোৰ নজনা নহয়! ’
‘ তেন্তে?’
বিষ্ণুৰ ভ্ৰু কোঁচ খাই গ’ল।
হুমুনিয়াহ এটা কাঢ়ি ৰমেশে আকৌ কলে¸

‘ আচলতে মই বৰ দূৰ্ভগীয়া অ’। অভাৱৰ বাবে পঢ়া বাদ দিলো। আজিলৈ মাই-পিতাক ভালকৈ এসাঁজ খুৱাব নোৱাৰিলো। বিহু-পূজা আহিলে খং উঠে নিজৰ অসমৰ্থতাৰ কথা ভাবি। কামটো কৰি কোনোমতে খাই আছিলো। আজি সেইটোও হেৰুৱালো। অথচ সেইটো আশা কৰিয়েই কিস্তিবোৰ লৈছিলো। দৰমহাৰ বেছিখিনি টকা কিস্তি মাৰোতেই যায়। এতিয়া কামটো যোৱাৰ পিছত কৰিম কি! মাথা গৰম হৈ গৈছিল। অফিচৰ পৰা উলিয়াই দিয়াৰ পিছতে মায়ে ফোন কৰিছিল। পৰহিলৈকে তিনি হেজাৰ লাগে কিস্তিৰ বাবে। মই কব নোৱাৰিলো চাকৰীটো যোৱা বুলি। কিদৰে কও! মাৰ মুখখন মনলৈ আহিল! কিস্তি দিব নোৱাৰি লোকৰ কটু কথা শুনা! তহঁতেতো জানই মৰি হলেও কিস্তিৰ টকা সময়ত দিবই লাগিব। লগতে সহ্য কৰিব নোৱাৰা কথাবোৰতো আছেই। ডেকা পুতেকটো হৈ মাৰ সেই পৰিবেশটো কেনেকৈ সহ্য কৰো!’
কৈ কৈ ৰমেশ ৰ’ল। আৰু কিবা কব খুজিছিল সি¸ কিন্তু কব নোৱাৰিলে।

‘ তোতকৈ মই বেছি দূৰ্ভগীয়া অ’ ৰমেশ। সৰুতে মাক হেৰুৱালো। মাৰ মৰম কি বুজিয়েই নাপালো। মিছা নকও¸ কেতিয়াবা মোৰো মৰি যাব মন যায়। কিন্তু মনটোক বুজাও।’

কি কব পলাশে অলপ জুকিয়াই ল’লে। যথেষ্ট ভাঙি পৰিছে ৰমেশ। বেয়াকৈ হতাশ হৈ গৈছিল। হয়তো বহু দিনৰ পৰাই ডিপ্ৰেছনত ভূগি আছে সি। হয়তো এয়া মানসিক ৰোগ। হয়তো অাশাভংগৰ বেদনাই তাক কোঙা কৰি পেলাইছিল।
সি ৰমেশলৈ চালে। হয়তো এতিয়াও নিৰাশাৰ পৰা মুক্ত হব পৰা নাই সি।

‘ ৰমেশ¸ এইবিলাক কথাত কেতিয়াও মন বেয়া নকৰিবি। মনত ৰাখিবি¸ সময় সদায় একেই নাথাকে। ৰাতিৰ পিছত দিন অহাৰ দৰে ভাগ্যৰ ভাল ফালটো আহিবই। হয়তো দেৰি হব পাৰে! তেতিয়ালৈ ধৈৰ্য্য ধৰিবই লাগিব। মন বেয়া লাগিলে সদায় তললৈ চাবি। ফুটপাথৰ ভিক্ষাৰীবোৰক দেখিছ নহয়! কেনেকৈ লোকৰ গালি খাই হলেও জীয়াই থাকে লোকৰ তাচ্ছিল্য¸ অনুকম্পা লৈ। আৰু চাকৰীটো তোৰ থোৰি চেন্ট্ৰেল গভমেন্টৰ চাকৰী আছিল! এনেকুৱা চাকৰী বিচাৰিলে আকৌ পাবি। হব পাৰে¸ আজি তই দুখ পাইছ! হয়তো কিস্তি দিব নোৱাৰি মাৰেও দুখ পাব। কিন্তু তই মৰি গলে যে গোটেই ঘৰখনেই জীয়াই জীয়াই মৰি যাব।’
কৈ কৈ দুয়োটালৈ চালে সি।
এইবাৰ ৰমেশক অলপ আস্বস্ত হোৱা যেন লাগিল। 

‘ কাহিনী এটা কও শুন। চমুৱাই কৈছো।  ল’ৰা এজন আছিল। ঠিক তহঁতৰ দৰেই দুখীয়া ঘৰৰ ল’ৰা। পঢ়া-শুনাত বেয়া নাছিল। তাৰ লগ সংগও বেছি নাছিল। কষ্টকৈ পঢ়ি এদিন চহৰলৈ আহিল সি জীৱন গঢ়িবলৈ। কাম কৰি থকাৰ লগে-লগে পঢ়িও থাকিল। লাহে-লাহে হতাশা বাঢ়ি আহিল তাৰ। এই দুনীয়াত নিজকে অলাগতিয়াল যেন অনুভৱ হবলৈ ধৰিলে। আশাবোৰ লাহে-লাহে ভংগ হৈ আহিল। হতাশাই তাক ইমানে বেৰি ধৰিলে যে নিজকে শেষ কৰি দিয়াৰ কথা ভাবিলে। কিন্তু সমস্যাটো হ’ল মৰিব কেনেকৈ! বহুত ভাবি নৈত জাপ দিয়াটোৱেই উচিত হব বুলি ভাবিলে। সি চকু মুদি ব্ৰক্ষ্মপুত্ৰত জপিয়াবলৈ উদ্যত হ’ল। ঠিক তেতিয়াই তাৰ ঘৰৰ মানুহখিনিৰ মুখখন চকুৰ আগত ভাহি উঠিল। সি মৰিব নোৱাৰিলে। তাৰ সিমান সাহস নহল। কিন্তু জীয়াই থাকিবলৈ সাহস কৰিলে। চিৰদিনৰ বাবে ত্যাগ কৰিলে নিজক শেষ কৰাৰ ধাণ্ডা। এনে নহয় যে হতাশ নহয়¸ হয় এতিয়াও হতাশ হয়। হলে নিজকে নিজে বুজাই। কয় এই সময় চিৰস্থায়ী নহয়। গুণগুণাই ‘অপনা টাইম আয়েগা¸ তু উথজা অপনি ৰাখ চে¸ উথজা অব তলাচ মে। আৰু ল’ৰাটোক তহঁতে চিনি পাৱ।’
কৈ কৈ হাঁহি এটা মাৰিলে পলাশে।
ৰমেশ আৰু বিষ্ণুৱে অাচৰিত হৈ তালৈ চাই থাকিল।

অলপ ৰৈ আকৌ কলে পলাশে

‘ এতিয়াৰ পৰা হতাশাক প্ৰশ্ৰয় নিদিবি বুজিছ! মন বেয়া লাগিলে চিঞৰি চি়ঞৰি গান গাবি। অপনা টাইম জৰুৰ আয়েগা।’
যোৱাৰ সময়ত নিজৰ বুকুত লাহেকৈ ভুকু মাৰি দেখুৱালে পলাশে। মুখত হাঁহি এটা লাগি আছিল তাৰ।

ৰমেশৰ মুখতো হাঁহি এটা বিৰিঙিছিল। বিষ্ণুৰো মনটোও ভাল লাগিছিল। 
তৰালীৰ দুচকুৰে দুটোপাল চকুলো বৈ আহিছিল। তাইৰ বিশ্বাস হৈছিল¸ ভায়েকে আৰু ভুল নকৰে। 

‘ বাই¸ মোক মাফ কৰি দে অ’। ডাঙৰ ভুল এটা হৈ গ’ল।’
তৰালীক ভিতৰত সোমোৱা দেখি ঠোকাঠুকি মাতেৰে ৰমেশে কৈ উঠিছিল।

‘ হৰলিক্স অলপ খা।’
সেমেকা চকুহাল মোহাৰি নিদিয়াকৈ হাঁহি মাৰি তাই তালৈ চাই কৈ উঠিছিল। 

******
 আগলৈ 

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib