Now you can Subscribe using RSS

Submit your Email

Wednesday, 3 June 2020

Bad boy ঃ 11

Unknown
 
                              [ এঘাৰ ]

প্ৰচ্ছায়াৰ কথাবোৰ শুনাৰ পিছত বৈশ্যৰ মনটো খেলিমেলি হৈ গৈছিল। বিশ্বাস কৰো বুলিও কৰিব মন যোৱা নাছিল বা নকৰো বুলিও সন্দেহ এটাই মনত বাঁহ সাজিছিল। অথচ কথাবোৰ সোধো বুলিও পলাশক সুধিবলৈ সংকোচ হৈছিল তেওৰ।  কিবা এক যেন অশান্তিহৈ কথাটোৱে তেওক আমনি কৰি আছিল। দুদিনমান পাৰ হৈছিল। বহুত ভাবি চিন্তি এদিন সন্ধিয়া নিজৰ ঘৰলৈকে তাক নিমন্ত্ৰণ জনাইছিল তেও। কথাবোৰ জনাটো তেওৰ বাবে দৰকাৰী হৈ পৰিছিল। অথচ অফিচত উলিয়াব পৰাকৈয়ো পৰিবেশ এটা সাজি লব পৰাগৈ নাছিল। 

পলাশৰ আপত্তি কৰিবলগা নাছিল। বৈশ্যদা তাৰ দাদাকৰ দৰে। বৈশ্যদাৰ মুখত শুনি শুনি বৌ আৰু মনো তাৰ বাবে চিনাকীৰ দৰে হৈ পৰিছিল। তথাপিও কিয় জানো বৈশ্যদাই নিমন্ত্ৰণ জনোৱাৰ পিছত কিবা এটা সংকোচ হ’ল তাৰ। কিয় বাৰু মাতিলে তেও! হয়তো ঘৈনীয়েকৰ বাৰ্থডে! হয়তো মনৰ! অথচ নিশ্চিতকৈ নজনাকৈ কালৈকো একো গিফ্ট লব পৰা নাযায়। 
কথাটো ভাবি এবাৰ কিশোৰলৈ ফোন কৰিলে সি। কিশোৰে ইতিমধ্যেই এইটো চাকৰি এৰি নতুন চাকৰীটোত জইন কৰিছিল। তথাপিও চাৰিবছৰ কাম কৰা হেতুকে নিশ্চিতভাবেই কথাবোৰ জানিব পৰাৰ সম্ভাৱনা এটা আছিল। কিন্তু কিশোৰৰ উত্তৰেও নিৰাশহে কৰিলে তাক। মাতিলে হেনো কিল খাবও যাব লাগে। বহু ভাবি চিন্তি যোৱাটোৱেই ঠিৰাং কৰিলে সি। যাওতে মনৰ বাবে ডেইৰী মিল্ক দুটামান লৈ গ’ল।

সুউচ্চ এপাৰ্টমেন্টটোৰ বি ব্লকৰ থাৰ্ড ফ্লোৰত বৈশ্যদাৰ ফ্লেটটো। পাৰ্কিঙত বাইকখন ৰাখি লিফ্টখনৰ ওচৰলৈ গ’ল সি। লিফ্টখন আউট অব অৰ্ডাৰ হৈ আছিল। অগত্যা চিৰিয়েই উঠিল সি। 

‘ আহা আহা ’
কলিং বেল বজোৱাৰ পিছত দৰ্জাখন খুলি বৈশ্যদাই আথেবেথে বহুৱালে তাক। অলপ পিছতে বৌৱে চৰ্বত এগিলাছ লৈ সোমাই আহিল। বৈশ্যই পৰিচয় কৰি দিয়ে।

‘ এয়াই মোৰ অৰ্ধাংগিনী অসীমা।’
‘ নমস্কাৰ বৌ। আপোনালোকৰ কথা বৈশ্যদাৰ মুখত শুনিয়ে থাকো।’
প্ৰতি নমস্কাৰ দি মানুহ গৰাকীয়ে হাঁহি মাৰি কলে¸ ‘ এও আপোনাৰ কথাও কৈয়ে থাকে। পলাশ এনেকুৱা¸ পলাশ তেনেকুৱা।’

‘ বৌ পিছে মোক তুমি বুলি কলেহে ভাল লাগিবদেই।’
‘ হব বাৰু। ’

ধুনীয়া মানুহজনী সাদৰী। বৌৰ লগত কথা পাতি ভাল লাগিল পলাশৰ। অলপ পিছতে চুচুক-চামাকৈ সৰু ল’ৰা এটা সোমাই আহিল। 

‘ অাহা মন’
কাষলৈ মাতিলে সি। চকলেটকেইটা তাৰ হাতত দিলে সি। চকলেটকেইটা পাই তাৰ চকুহাল তিৰবিৰাই উঠিল। 

‘ কোন ক্লাছ পালা তুমি? ’
বৈশ্যদাই তাক কৈছিল। কিন্তু পাহৰি আকৌ মনক সুধিলে সি। মনে একো নকলে। এইবাৰ কৰুণ দৃষ্টি এটাৰে তালৈ চাই ৰ’ল।

‘ পলাশ¸ মনে কথা কব নোৱাৰে অ’।’
সেমেকা মাত এটাৰে বৈশ্যদাই কৈ উঠিল।

হা…
যেন ওপৰৰ পৰাহে সৰি পৰিল সি।
সি দেখিলে মানুহ দুজনৰ মুখ দুখন ক’লা পৰি গ’ল।

‘ তুমি বহাচোন দেই।’
তাক বহিবলৈ কৈ মানুহজনী ভিতৰলৈ সোমাই গ’ল।

‘ মন¸ যোৱা খেলাগৈ।’
দেউতাকে কোৱাৰ লগে-লগে টপকৈ তাৰ গালত চুমা এটা দি ল’ৰাটো মাকৰ পিছে পিছে সোমাই গ’ল। হতবাক হৈ চাই থাকিল সি তালৈ। ইমান ধুনীয়া সৰু ল’ৰাটো¸ অথচ …। কিমাননো বয়স হৈছে তাৰ! সাত বা আঠ! কি যে ভগবানৰ বিচাৰ!

‘ কি কৰিবা আৰু…। ভাগ্যৰ দোষ বুজিছা।’
কথাটো পাতল কৰিবলৈ সেমেকা হাঁহি এটা মাৰিলে বৈশ্যদা।

‘ ছ’ৰী বৈশ্যদা¸ মই একদম নাজানিছিলো।’
‘ না¸ তুমি কেনেকৈ জানিবা! বুজিছা নহলে বাকী একোৰে অভাৱ নাছিল মোৰ। অৱশ্যে মন বাকীবোৰ ল’ৰাতকৈ বহুত বুজন। আমি বেয়া পোৱা একো কামেই নকৰে। সদায় মাকৰ লগত স্কুললৈ যায়¸ স্কুলৰ পৰা আহে। আবেলি আৰ্টৰ স্কুলত যায়। ধুনীয়া আৰ্ট কৰে সি। চোৱাচোন এইবোৰ।’
দ্ৰয়ি ৰুমত সজাই থোৱা দুখনমান ছবিলৈ আঙুলিয়াই দেখুৱালে বৈশ্যই। মানুহজনে গৌৰবী হৈ কলেও পলাশৰ এনে লাগিল যেন তেও জোৰকৈ দুখটো লুকুৱাবলৈ চেষ্টা কৰিছে।

পলাশৰ বেয়া লাগিছিল। নুসুধিবলগীয়া কথা এটা সুধি হঠাতে মানুহদুজনক দুখ দিয়া যেন অনুভৱ হৈছিল তাৰ। 
অলপ পিছতে অসীমাবৌৱে দুখন প্লেটত ভৰাই ঢেৰ কিবাকিবি খোৱাবস্তু লৈ আহিছিল। 

‘ খোৱাদেই।’
ধুনীয়া হাঁহি মাৰি কৈ আকৌ ভিতৰলৈ চাহদুকাপ আনিবলৈ ভিতৰলৈ সোমাল তেও। অকমান আগতে মনটো বেয়া লগাৰ ভাবটো মুঠেই নাছিল মানুহজনীৰ মুখত।

‘ তই চাগে ভাবিছিলি কিবা বাৰ্থডে চাৰ্থডে জাতীয় থকা বুলি। পিছে এনেয়েহে এওলোকৰ লগত চিনাকী কৰি দিও বুলি মাতিছিলো মই।’
সামান্য হাঁহিলে মানুহজনে। পলাশেও হাঁহিলে। 

‘ মাল খাবি?’

‘ হা…
সামান্য আচৰিত হ’ল সি। কাণেৰে ভুল শুনা বুলি বৈশ্যৰ চকুলৈ চালে সি। মানুহটোৰ চকুত এটা ধুৰ্ত হাঁহি। আকৌ কলে

‘ পাৰ্টি কৰো দে। 100 পাইপাৰ এটা অনাই আছে। ভয় খাব নালাগে। মন আৰু এও কোনো এতিয়া এইফালে নাহে। এও খোৱাৰ যোগাৰ কৰিছে। মন চাগৈ ভিডিঅ’ গেমত ব্যস্ত। কি কৰিবি আৰু মাজে মাজে অকলে অকলে লও। ’
কৈ কৈ মানুহজন বহাৰ পৰা উঠিল। 

এইবাৰ বাৰুকৈয়ে আঁচৰিত হ’ল সি। বৈশ্যদাই জানে¸ সি মদ নাখায়। আগতেও দুদিন তাক লগ ধৰোতে উপেক্ষা কৰিছিল সি। 

‘ বৈশ্যদা¸ আপুনি জানে…।’
‘ মদ নাখাও! হব দে ফাঁকি দিব নালাগে।তই যে খাও প্ৰমাণ আছে।’
তাৰ মুখৰ কথা কাঢ়ি কৈ বৈশ্যদা ঢেকঢেকাই হাঁহি উঠিল। একো নুবুজি আঁচৰিত হৈ চাই থাকিল সি । বৈশ্যই এইবাৰ পকেটৰ পৰা মোবাইলটো উলিয়ালে। গেলাৰী খুলি ফটো এখন উলিয়াই তাৰ সমুখত ধৰি ঢেকঢেকাই হাঁহি কৈ উঠিল।

‘ এতিয়া ক নাখাৱ বুলি। ’
ফটোখনলৈ এপলক চাই ঢেকঢেকাই সিয়ো হাঁহি উঠিল।

‘ ক’ত পালে এইখন? ’
‘ ফেচবুকত। আজি তোৰ প্ৰফাইল খনন কৰোতে পালো। সাংঘাটিক কেপচন লিখিছ দেখোন¸ ‘আহা আজি খাই মাতাল হও।’

‘ হা হা হা হা 
আকৌ হাঁহি উঠিল সি।
‘ এইখন ফটোৰ এটা ইন্টাৰেষ্টিং কাহিনী আছে। থাৰ্টি ফাৰ্ষ্টৰ পাৰ্টি আছিল বন্ধুৰ ৰুমত। হাঁহৰ মাংস কোমোৰাৰে মই বনাইছিলো। পিছে থাৰ্টি ফাৰ্ষ্টৰ পাৰ্টি বুলি লগৰকেইটাই মদ নাখাবনে! লাগিল কেনাটো। মই মদ নাখাও। সিহঁতে নেৰে। কলে এটা পেগ ল। এপাকত এজনে দোষ্টিৰ কচম দিলে যদি নাখাৱ¸ মদ খোৱাৰ এক্টিং কৰি ফটো এখন লৈ ফেচবুকত দে। নহলে দোষ্টি খতম। এতিয়া কি কৰো কওকচোন। মদ খাই এনেও বন্ধুকেইটা ইম’চনেল হৈ পৰিছিল। ললো এইখন। কোনোবাই কোনোবাই পিছদিনা শুধিলেও। অ’ বুলিয়েই কলো। নিজে ঠিক থাকিলে বেলেগৰ চাৰ্টিফিকেটৰ কি দৰকাৰ।’

‘ তই সচাকৈ নাখাও? ’
বৈশ্যৰ যেন কথাটো বিশ্বাস নহল।

‘ বিশ্বাস কৰক ঔ। কিয় মিছা কম! অৱশ্যে একেবাৰে নাই খোৱা বুলি নকও। 
দুদিন খাইছো। এদিন মোৰ পুৰণি কলিগ এজনে পানী বুলি কৈ ভডকা খুৱাইছিল আৰু এবাৰ জানিশুনি খাইছিলো। মোৰ এক্সৰ বিয়াৰ দিনা। ’
হাঁহি হাঁহি কৈ সি বৈশ্যলৈ চালে।
হমমম বুলি বৈশ্য গম্ভীৰ হৈ পৰিল। কিবা এটা ভাবিলে সি। কিয় আজি বৈশ্যদাৰ কথাবোৰ আচহুৱা লাগিছে!

‘ বৈশ্যদা¸ কথাটোনো কি? ’

বৈশ্যই এইবাৰ তাৰফালে ঘুৰি কান্ধত লাহেকৈ হাতখন থলে¸
‘ পলাশ¸ চা তোক মই নিজৰ ভাই বুলি ভাবো।’
হঠাতে ভাবুক হৈ পৰা বৈশ্যদালৈ অলপ আঁচৰিত হৈ চালে সি। অসীমাবৌৱে যি যোৱা চাহকাপত সোঁহা এটা মাৰি সিয়ো কৈ উঠিল।

‘ ময়ো আপোনাক নিজৰ দাদা বুলিয়েই ভাবো বৈশ্যদা। মোৰ নিজৰ দাদা নাই¸ আপোনাৰ মাজতেই মই নিজৰ দাদাক বিছাৰি পাইছো।’
সিয়ো আবেগিক হৈ পৰিল।

‘ কোনোবাই তোৰ বিষয়ে বেয়াকৈ কলে মোৰ বৰ বেয়া লাগে পলাশ। কিন্তু সকলোবোৰ নজনাকৈ কেনেকৈ ডিফেণ্ড কৰিম!’
কথাখিনি কৈ বৈশ্য ৰৈ গ’ল। পলাশলৈ এবাৰ চালে। হতবাক হৈ পৰিছিল পলাশ। কোনে তাৰ বদনাম কৰিলে বৈশ্যদাৰ আগত! নাম এটা মনলৈ আহিল তাৰ¸ প্ৰচ্ছায়া! তাইৰ বাহিৰেনো তাক বেয়া পোৱা আৰু কোন থাকিব পাৰে।

‘ পলাশ¸ তই বেয়া নাপাবি। কিন্তু মই জানিব খুজিছো। তই বোলে কাৰোবাক আগতে ভাল পাইছিলি? সেই সংক্ৰান্তত এবাৰ পুলিচেও নিছিল তোক? আৰু…’
আৰু কব নোৱাৰিলে বৈশ্যই। 

পলাশ আচৰিত হৈছিল। কোনে কলে এইবোৰ কথা। কাকোতো কোৱা নাই সি! কোনেওতো নাজানে। চাটকৈ মগজুৰ দুৱাৰ এখন খুলি গ’ল তাৰ

‘ কোনে কলে আপোনাক এইবোৰ? কিশোৰে? ’
কিন্তু কিশোৰেই বা কি স্বাৰ্থত এতিয়া এইবোৰ কব! ভাবি পাৰ নাপায় সি।

‘ ওহো¸ কিশোৰ নহয়। মই তেওক কথা দিছো নাম নকও বুলি। কিন্তু মই জানিব খোজো এইবোৰ সঁচা নে মিছা?’

‘ সঁচা’
হুমুনিয়াহ এটা কাঢ়িলে পলাশে।

‘ কিন্তু বৈশ্যদা¸ আপুনি ভবাৰ দৰে একো কলা অতীত নাছিল। সেয়া মাথো এক দূৰ্ঘটনা। কব পাৰে মই দূৰ্ভাগ্যৰ বলি হৈছিলো। ’
বৈশ্যৰ মুখলৈ নোচোৱাকৈয়ে কৈ পলাশ অলপ ৰ’ল। অলপ সময় ভাবিলে আৰু কৈ গ’ল।

‘ কথাবোৰ সকলো ক’ম আজি। যিবোৰ অ’তদিনে বুকুত লুকুৱাই ৰাখিছিলো। বাকী ল’ৰাবোৰৰ দৰে ময়ো প্ৰেমত পৰিছিলো। মোৰ বুকুও কাৰোবাৰ প্ৰেমেৰে ভৰি উঠিছিল। সেয়াই মোৰ জীৱনৰ চৰম ভুল আছিল। অংকিতাক মই কলেজত পঢ়ি থাকোতেই ল’গ পাইছিলো। মই যেতিয়া থাৰ্ড ইয়েৰত আছিলো। তাই ফাৰ্ষ্ট ইয়েৰত এডমিছন লৈছিল। কলেজ উইকৰ নাটক এখনত আমি একেলগে অংশ লৈছিলো। তেনেকৈয়ে চিনাকী হৈছিল আমাৰ। হয়তো প্ৰথমে প্ৰস্তাবটো আগবঢ়াইছিল। মই না কৰিবপৰা নাছিলো। আমাৰ সম্পৰ্কটো পাচবছৰ হৈ গৈছিল। সুখে-দুখে দুয়ো গোটেই জীৱনলৈ সংগী হোৱাৰ অংগীকাৰ কৰিছিলো। এদিন হঠাতে তাই সকলো যোগাযোগ বন্ধ কৰি দিছিল। মোৰ ফোন¸ মেছেজ একোৰেই উত্তৰ দিয়া নাছিল। লগৰ দুজনমানে কৈছিল¸ তাই হেনো আন কাৰোবাৰ প্ৰেমত পৰিছে। মোৰ বিশ্বাস হোৱা নাছিল। এদিন অসহায় হৈ তাইৰ ঘৰলৈ গৈছিলো। ভূত দেখাৰ দৰে তাই মোক দেখি উচপখাই উঠিছিল।
মই তাইক সুধিছিলো¸ কিয় এনে কৰিছে তাই। তাই মোক আঁতৰি আহিবলৈ কৈছিল। মই আঁকোৰগোজ হৈ পৰিছিলো¸ কিয় তাই মোৰ লগত খেলিব। মই ভাবিছিলো মোৰ সেইটো অধিকাৰ আছিল যে কি অপৰাধত তাই মোৰ পৰা আঁতৰি যাব।

‘ ননচেঞ্চ¸ তাই তোক যাব কৈছে শুনা নাই?
তাইৰ নতুন প্ৰেমিকৰ ঘোঁচা এটা পৰিছিল মোৰ মুখত। মই জনা নাছিলো যে সি তাইৰ ঘৰতে আছিল। আৰু সম্বৰণ কৰিব নোৱাৰিলো মই। তাইৰ ওপৰত থকা খং ক্ষোভ সকলো উজাৰি দিলো তাৰ ওপৰত। মোৰ প্ৰচণ্ড ঘোঁচাত তাৰ নাক ভাঙি গ’ল। খঙতে তাই চৰিয়াই মোক কৈ উঠিল¸ গেট আউট। তাৰ পিছত এক জঘন্য ইতিহাস। তাইক মলেষ্ট কৰাৰ অপৰাধত সিদিনাই পুলিচে মোক ভাড়াঘৰৰ পৰা উঠালে। তাৰ পিছত গোটেই ৰাতি চলিল অবৰ্ণনীয় অত্যাচাৰ। তাইৰ প্ৰেমিক ঠিকাদাৰটোৱে টকা দলিয়াই দিলে। পিছত যেতিয়া অ’চি ৰমাকান্ত বৰুৱাই সকলো শুনি তাইক মাতিলে¸ তাই নাহিল। পিছত প্ৰচাৰ কৰিলে মই বোলে তাইক টৰ্চাৰ কৰি আছিলো¸ সেয়েহে তাই ব্ৰেকআপ কৰিলে।
কচমখাই কৈছো বৈশ্যদা¸ তেতিয়াৰ পৰাই এই প্ৰেম-চেমৰ ওপৰত বিশ্বাস হেৰাই গৈছে।’
কথাকেইটা কৈ সি বৈশ্যৰ মু্খলৈ চালে। বৈশ্যৰ নিমিহ নকঢ়াকৈ তাৰ ফালেই চাই আছিল। সি ধৰিব নোৱাৰিলে কথাখিনি তেও বিশ্বাস কৰিলেনে নাই। 

‘ বৈশ্যদা¸ আপুনি বিশ্বাস কৰে নে নাই নাজানো! কিন্তু এয়েই সত্য! হয় মই ভুল কৰিছিলো। সেয়া ডেকা তেজৰ আবেগ আছিল। হয়তো মই তাইৰ প্ৰেমিকৰ গাত উঠাব নালাগিছিল। হয়তো মই তাইক সুধিবলৈ যোৱাটোও উচিত নাছিল। জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰি। ৰাখিব খোজাটো উচিতো নহয়। কিন্তু তেতিয়া এই কথা বুজা নাছিলো। কি কৰিম ভুল হৈ গ’ল! আচলতে কি জানে¸ এই যে মানুহে যে কয়¸ এভ্ৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ। এই এভ্ৰিথিংখিনি কৰিয়েই যেনেকৈয়ে নহওক ভালপোৱাজনক কাষত ৰাখিব খুজিছিলো। মই সদায় ভাবিছিলো¸ ভালপালে কেতিয়াও ফাঁকি দিব নালাগে। কেতিয়াও ফাঁকি দিয়া নাছিলো। তাই কিয় ফাঁকি দিব কথাটোৱে বিদ্ৰোহী কৰি তুলিছিল। মোক সৰুৰে পৰা দেউতাই শিকাইছিল¸ কেতিয়াও কাৰো অন্যায় নকৰিবি আৰু নিজৰ ওপৰত হোৱা অন্যায়ো সহ্য নকৰিবি। অন্যায় কৰা আৰু সহ্য কৰা দুয়োটাই সমানেই অপৰাধ।’
চকুদুটা মচি ললে পলাশে। তাৰ চকুদুটা সেমেকি উঠিছিল।

কি কব বৈশ্যই অলপ ভাবিলে। তেওৰো মনটো বেয়া লাগিছিল। পলাশক অবিস্বাস কৰিবলৈ তেওৰ অসুবিধা হৈছিল। পলাশৰ সোঁহাতখন নিজৰ দুয়োহাতৰ মাজত সুমুৱাই ললে তেও। কলে¸

‘ বাদ দে এইবোৰ। পুৰণি বেয়া কথাবোৰ পাহৰি যা। কোনোবাই শ্বিট কৰিলেই জীৱন শেষ হৈ নাযায়। নিজৰ ভৰিৰ ওপৰত থিয় হৈ দেখুৱা। মনে বিছৰা ধৰণে সফল হ¸ এদিন সেই মানুহবোৰে পস্তাব। যিয়ে তোক দুখ দিছিল। ’

‘ হমম …সফলতা…। কেতিয়াবা সফল হব পাৰিম নে নাই কেতিয়াও ভবা নাই বৈশ্যদা। মাথো কষ্ট কৰিছো। নিজৰ প্ৰাপ্য লবৰ বাবেই যুঁজিছো। মাজে-মাজে হতাশ হৈ যাও।’
হুমুনিয়াহ এটা ওলাই আহিল তাৰ।

‘ হতাশ নহবি। কেতিয়াও নহবি। হতাশ হবলগা কি আছে তোৰ! বয়সনো হৈছে কিটো! ত্ৰিশ হৈছেহে তোৰ। বৰ ভাল নহলেওতো চাকৰী এটা কৰি আছ! ’
লাহেকৈ তাৰ পিঠিত থপৰিয়াই দিলে বৈশ্যই।

‘ চাকৰী…
নিজকে নিজকে স্বগতোক্তি কৰাৰ দৰে কলে পলাশে। এইবাৰ বৈশ্যৰ ফালে ঘুৰি কলে

‘ জানে¸ দৰমহা সাতাইছ হাজাৰ পাচশ টকা পোৱাৰ পিছতো মোৰ নাটে এতিয়া। চেলাৰী পোৱাৰ এসপ্তাহ পিছতেই পকেট খালি হৈ যায়। কি কৰিব বৈশ্যদা¸ অভাৱ বৰ বেয়া বেমাৰ অ’। কেতিয়াও সুখী হবলৈ নিদিয়ে ই।’

‘ পৃথিবীৰ কোনো মানুহেই কেতিয়াও সম্পূৰ্ণ সুখী নহয় অ’। সকলোৰে কিবা নহয় কিবা অভাৱ থাকেই। আমালৈয়ে নাচাও কিয়? দেখাততো একোৱেই অভাৱ নাই আমাৰ! গাঁৱতো চলিব পৰাকৈ খেতি মাটিও আছে। অথচ আমাৰ একমাত্ৰ ল’ৰাটো…। ডাক্টৰে কয় সি কেতিয়াও কথা কব নোৱাৰিব। অথচ তাৰ মুখত এবাৰ দেউতা-মা শুনিবলৈ কিমান হেঁপাহ আমাৰ! আৰু সিয়ো এতিয়া বুজি পোৱা হৈছে কথাবোৰ। তেনেকৈয়ে নিজক স্বীকাৰ কৰিবলৈ শিকিছে। আগতে তলত ল’ৰাবোৰ খেলি থাকোতে সিয়ো যাবলৈ ইচ্ছা কৰিছিল। ‘ চা¸ এই বোবা ল’ৰাটো ’ বুলি মানুহবোৰে কওতে কান্দিছিল। আজিকালি নাকান্দে। কান্দো মাক আৰু মই। মাকে কি সপোন দেখে জান? সেই যে বজৰংগী ভাইজানত মুন্নী নামৰ বোবা সৰু ছোৱালীজনীয়ে চালমানৰ বিদায়ৰ সময়ত মামা বুলি চিঞৰি উঠিছিল¸ তেনেকৈ আমাৰ মনৰ লগতো এদিন মিৰাকল হব। সিয়ো কথা কব পৰা হব।’
ঠোকাঠুকি মাতটোৰে কৈ কৈ সেমেকি উঠা চকুহাল মচি লৈছিল বৈশ্যই। পলাশে লাহেকৈ তেওৰ কান্ধত হাতখন ৰাখিছিল।

‘ বাট আইম আইম প্ৰাউড অফ ইউ। কিবা এটা শুনিছিলো¸ এতিয়া ক্লিয়াৰ হ’ল। এতিয়া হাজাৰ ব্লেম দিলেও মই বিশ্বা¸ নকৰো।’
বৈশ্যই আকোঁৱালি ধৰিলে তাক। ইমানপৰে কথাটো পাহৰিয়ে গৈছিল সি। কোনে সি পাহৰিব খোজা অতীত খান্দি উলিয়াইছিল। আৰু ৰৈ থাকিব নোৱাৰিলে। বৈশ্যক সুধি দিলে¸

‘ বৈশ্যদা¸ কোনে কৈছিল আপোনাক?’
‘ কও জানো! ’
প্ৰচ্ছায়াক দিয়া প্ৰমিজটো মনত পৰিছিল তেওৰ।

‘ কওক কওক।’
নামটো শুনিবলৈ পলাশ উৎসুক হৈ পৰিছিল।

’ প্ৰচ্ছায়াই। নাজানো তাই কেনেকৈ ক’ত শুনিছিল! ’
লাহেকৈ কলে বৈশ্যই।

‘ হা…। হৈছে কি এই ছোৱালীজনীৰ! কি মোৰ পিছত ইমানকৈ লাগি আছে! ’
যেন আকাশৰ পৰাহে সৰি পৰিছিল সি। সেই দিনাৰ সাধাৰণ কথাটোৰ বাবেই তাই তাৰ ইমান তথ্য সংগ্ৰহ কৰিছেনে! খং উঠিছিল তাৰ।

‘ মই তাইক সুধিম! কিয় তাই মোৰ চৰিত্ৰ হনন কৰিবলৈ প্ৰয়াস কৰিব? ’

‘ প্লিজ¸ মোৰ কথা শুন। তই একো নকবি তাইক। মই বাৰু বুজাম। ’
বৈশ্যই ভয় কৰিছিল¸ যিহে একাচেকা তাই¸ গোটেই অফিচটোকেই তল ওপৰহৈ যাব।
পলাশেও কিবা এটা ভাবিলে¸

‘ বৈশ্যদা¸ প্লিজ আপুনিও একো নকব। আপুনি জানিলে সঁচাবোৰ। মোৰ বাবে হৈ যাব। নিজে ঠিক থাকিলেতো কাৰো চাৰ্টিফিকেটৰ দৰকাৰ নাই। আৰু প্লিজ¸ আপুনি সপোন দেখা বাদ দিয়ক¸ চি ইজ নট মাই টাইপ। ’

‘ হমম। ’
বৈশ্যই মুৰ দুপিয়ালে।

‘ ভাত দিছো আহা।’
ইতিমধ্যে অসীমাই ভাত বাঢ়ি দুয়ো মাতিব আহিছিল। কেবাখনো আঞ্জাৰে তাক অপ্যায়িত কৰিলে মানুহগৰাকীয়ে। 
বহুদিনৰ মুৰত পলাশৰ ঘৰত খোৱা যেন লাগিছিল। ৰুমত কিবাকৈ চাউলকেইটা সিজাই দাইলতে আলু কণী পেলাই খোৱা হয়। ভাতকেইটা তৃপ্তিৰে খালে সি।

আহিবৰ সময়ত বৰ বেছি কথা নহল। মাথোন অসীমাই হাঁহি মাৰি কলে¸
‘ আকৌ আহিবা তুমি। ভালকৈ কথা পাতিব নাপালোৱেই আজি।’

‘ নিশ্চয় বৌ¸ আপোনাৰ হাতৰ সুন্দৰ ৰন্ধাৰ জুঁতি লবলৈ নিশ্চয় আহিম।’
হাঁহিলে সি। অসীমায়ো।

‘ বাই মন ’
মনে মিচিকিয়াই হাত জোকাৰিলে তালৈ।
সকলোকে মাত দি হাঁহি হাঁহি বিদায় ললে সি।

কিবা এটা ভাবি বৈশ্য চোফাখনত হেলান দি বহিছিল। অসীমাও আহি তেওৰ ওচৰত বহিল।

‘ নহলে পলাশলৈ দেখোন আমাৰ নন্দিনীৰ কথাই ভাবিব পাৰো।’
নন্দিনী অসীমাৰ সম্পৰ্কীয় ভনীয়েক। 
বৈশ্যই একো নকলে। তাইলৈ চাই মিচিকিয়াই হাঁহি দিলে।

******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib