Now you can Subscribe using RSS

Submit your Email

Wednesday 3 June 2020

Bad boy ঃ 12

Unknown

                                 [ বাৰ ]

পলাশৰ খঙটো কমা নাছিল। যদিও বৈশ্যদাক কথা দিছিল তথাপিও প্ৰচ্ছায়াৰ প্ৰতি তীব্ৰ ক্ষোভ এটা হৈছিল তাৰ। সেইদিনা তাৰ দোষ নাছিল। কিবা ভাবি হয়তো বৈশ্যদাই কলেই তাক তাইৰ লগত বিয়া হোৱাৰ কথা¸ সেইটো কি ইমান ডাঙৰ কথা হৈ গ’ল যে তাই তাৰ অতীত খুচৰি বদনাম কৰি ফুৰিব। পিছদিনা অফিচত সোমোৱাৰ পৰাই সুযোগ বিছাৰি আছিল সি¸ কেতিয়া প্ৰচ্ছায়া অকলশৰীয়া হৈ যাব আৰু সি তাইক জবাবদিহি কৰিব পাৰিব। এবাৰ সুযোগ ওলাল। ফাইল এটা লৈ তাই বাহিৰলৈ ওলাই আহি লিফ্টখনৰ সমুখত ৰৈ আছিল। সি দূৰৰ পৰাই লুকাই লুকাই চাই থাকিল। এঘাৰটামান বাজিছিল। চব নিজৰ নিজৰ কামতে বিজি হৈ আছিল। লিফ্টখন ৰোৱাৰ লগে-লগে প্ৰচ্ছায়া লিফ্টত উঠিল। সি দৌৰ মাৰি গৈ চুইটটো দবাই দিলে। হয়তো প্ৰচ্ছায়াই তাক দেখিলে লিফ্টৰ দৰ্জাখন বন্ধ কৰি ৰাখিলেহেতেন¸ কিন্তু তাৰ ভৰি এখন দৰ্জাখনৰ মাজত ৰখা বাবে লিফ্টখন ৰৈ থাকিল। সি লৰালৰিকৈ সোমাই দৰ্জাখন বন্ধ কৰি দিলে। তাই আচৰিত হৈ তাৰ চকুলৈ চালে। তাই ওলাই আহিবলৈ সুবিধাই নাপালে। বাওহাতখনেৰে লিফ্টৰ বিজি চুইচটো দবাই থাকি সোঁহাতখন তাইৰ দেহত সাবতি ধৰাৰ লেখিয়াকৈ কাষতে ৰাখিলে সি। তাই উচপখাই উঠিল। লিফ্টখন ক’তো নৰল। বাৰ-বাৰ মাথো টপ ফ্ল’ৰৰ পৰা গ্ৰাউণ্ড ফ্ল’ৰ হৈ অহা যোৱা কৰি ৰ’ল।

‘ এইবোৰ কি অসভ্যালি?’
তাই খঙেৰে তাৰ চকুলৈ চালে। ভয়ো খাইছিল তাই। সি বা কি কৰে এতিয়া!

‘ মিছ প্ৰচ্ছায়া ডেকা¸ তুমি মোৰ চৰিত্ৰহনন কৰিম বুলি ঠিকা লৈ ফুৰিছা নেকি? মোৰ বিষয়ে জানাই বাৰু কিমান? যিখিনি মোৰ কথা শুনিছা…নাজানো কেনেকৈ ক’ত শুনিছা! জানা জানো কিমান সচা বা মিছা?’
লাহে-লাহে কিন্তু তীক্ষ্ণস্বৰেৰে কৈ আছিল সি। তাৰ খং উঠিছিল। খঙতে তাৰ সন্বোধন তুমি হৈ ওলাইছিল। এবাৰ মুৰটো পিছফালে ঘুৰাই তাইলৈ চালে সি। ভয়তে সেপ ঢুকিছিল তাই। এইবাৰ মাতটো অলপ কোমল হ’ল তাৰ। কলে¸

‘ সেইদিনা মোৰ ভুল নাছিল। বৈশ্যদাই কি ভাবি কৈছিল নাজানো। কিন্তু তুমিতো…।’
আকৌ খঙটো বাঢ়ি আহিল তাৰ। 
‘ মইনো কিয় তোমাক কৈফিয়ৎ দি আছো। যোৱা মোৰ চৰিত্ৰহনন কৰাগৈ। লিফ্টৰ ভিতৰত অসভ্যালি কৰা বুলি কৈ দিয়াগৈ যোৱা। সকলোৱে মোৰ গাত থু পেলাই দিয়ক। পুলিচেও লৈ যাওক! যোৱা।’
তাইক এৰি দিলে সি। লিফ্টখন ৰোৱাৰ লগে-লগে এৰি ওলাই গুছি গ’ল। তাই স্থানুৰ হৈ ৰৈ থাকিল ভিতৰত।

কি হৈ গ’ল এয়া। কি কৈ গ’ল সি। কথাটোৱে খেলিমেলি লগাই দিলে তাইৰ মনত। কি কৰিব তাই! সকলোকে কৈ দিবনে! একো ভাবি নাপালে তাই। কথাটো ভাবি ভাবি গোটেই দিনটো দোমোজাতে পাৰ কৰি দিলে তাই। কাকো কব নোৱাৰিলে তাই। প্ৰচ্ছায়াই ভাবিলে কাৰোবাক কলেও মানুহে তাইকো ভুল ভাবিব পাৰে। আজিলৈকে কোনো ছোৱালীয়ে পলাশৰ বিষয়ে বেয়াকৈ একো প্ৰকাশ কৰা নাই। 

ইফালে পলাশৰো মনটো বেয়া লাগিছিল। খঙতে তাইক তেনেকৈ আগভেটি কৈ দিলে হয়¸ কিন্তু দিনটো আগবাঢ়ি অহাৰ লগে-লগে ভয় লাগি আহিব ধৰিলে। যদি তাই কৈ দিয়ে! যদি চিধাই গৈ জিএম ছাৰক কমপ্লেইন দিয়েগৈ! নিজৰ ওপৰতে খং উঠিল তাৰ। কি দৰকাৰ আছিল তেনেদৰে ৰিয়েক্ট কৰিবলৈ! তাই যি ভাবে ভাবি থাকক তাৰ বিষয়লৈ¸ কমচেকম চাকৰিটোতো কৰি আছিল! কিবা এটা ভাবি এটা মেছেজ লিখিলে সি। একেটাই মেছেজ পুৰণি বন্ধুকেইজনলৈ পঠাই দিলে। 

অলপ পিছতে ফোনটো বাজি উঠিল তাৰ। সেয়া তাৰ পুৰণি বন্ধু গীতাৰ্থ ফোন কৰিছিল। এসময়ত গীতাৰ্থৰ লগত একেলগেই কাম কৰিছিল সি। সি ট্ৰেড চে়ইঞ্জ কৰিলে। গীতাৰ্থ তাতেই থাকিল।

‘ কিয়ো ভাই¸ কাম এৰিলি নেকি?’
সি ফোনটো ৰিচিভ কৰাৰ লগেলগে সিফালৰ পৰা গীতাৰ্থৰ মাতটো ভাহি আহিল।

‘ এতিয়াও নাই। কিন্তু এৰিব পাৰো চাগে।’
‘ অ’কে। মোৰ ইয়াত আহিব পাৰা।’
‘ ডেজিগনেচন? ’
‘ এফ অ’ এম।
‘ কিমান দিব? ’

‘ টুৱেন্টি ওপৰত দিব চাগে।’
‘ অ’কে। জনাম তোক।’
‘ ঠিক আছে। ’

ফোনটো ৰাখে পলাশে। বেকআপ প্লেন এটা সদায় লগত ৰখা ভাল। সেয়া তাক জীৱনেই শিকাইছে। 

আবেলি অলপ সোনকালেই অফিচলৈ উভতি আহিছিল সি। অলপ সতৰ্ক হৈ চুচুক-চামাককৈ সোমাইছিল সি। কিন্তু কোনেও তাক দেখি ফিচিঙা ফিচিঙি নকৰা দেখি তাৰ ভাৱ হ’ল¸ তাই চাগে কাকো কোৱা নাই। তথাপি এশ শতাংশ নিশ্চিত হব নোৱাৰিলে সি। হয়তো এতিয়া এডমিন পেনেলতো থাকিব পাৰে কথাটো। কেবিনত সোমাই এনেয়ে এবাৰ বৈশ্যলৈ ফোন কৰিলে সি। 

‘ বৈশ্যদা¸ ফ্ৰী আছে নেকি? ’
‘ পলাশ¸ আহিলা? এই এক্সেলত কিবা এখন বনাই আছো ৰবা।’
‘ অ’¸ গৈ আছো ৰ’ব। ’
কৈ ফোনটো ৰাখিলে সি। আচলতে এয়া তাৰ বাহানাহে। উদ্দেশ্য পৰিবেশৰ বুজ লোৱা।

সি যেতিয়া দৰ্জাখন ঠেলি সোমাইছিল প্ৰচ্ছায়াই মুৰ দাঙি চাইছিল। কিবা এটা চাই আছিল তাই কম্পিউটাৰত। তাক দেখি তাই মুখখন ঘুৰাই দিলে। সি আগুৱাই আহিল বৈশ্যৰ ওচৰলৈ।

‘ বৈশ্যদা¸ আমাৰ ইঁহতৰ লিভ এবচেন্টখিনি চাই দিবচোন।’
একো নকলে বেয়া দেখি বাবে এনেয়ে কলে সি।

‘ প্ৰচ্ছায়া¸ চাই দিয়াচোন।’
এইবাৰ বৈশ্যই মুৰ নোতালাকৈয়ে চিঞৰি কলে তাইক।

‘ বাহ বৈশ্যদা¸ সাংঘাটিক ব্যস্ততা দেখোন!’

চকীখন টানি বহি লৈ কলে সি। মুখত তাৰ হাঁহি।

‘ নহয় অ’¸ জিএম ছাৰে সিতো অফিচৰ ডাটাখিনি মেইল কৰিব কৈছে। তাকেই….। সিজনতো কথাৰহে মানুহ। ’
এইবাৰ হাঁহি মাৰি তালৈ চাই কলে বৈশ্যদাই।

‘ তপনৰ লিভ দুটা আছে। ’
প্ৰচ্ছায়াই মুৰ নোতালকৈয়ে কৈ উঠিল। নাকৰ পাহি ফুলি উঠিছিল তাইৰ। পলাশে মিচিকিয়াই হাঁহি দিলে। বৈশ্যই তলমুৰহৈ থকা বাবে নেদেখিলে।

--------

‘ মানুহে কিয় কান্দে? সদায় হাঁহি থাকিব পৰা হলে! যদি দুখ বুলি একো অনুভুতি নাথাকিলহেতেন! মানুহে চাগে হাঁহি হাঁহিয়েই কলেহেতেন উসঃ   ইমান হাঁহিব নোৱাৰো আৰু! হাঁহিয়েই যন্ত্ৰনা বুলিয়ো লিখিলেহেতেন! তিতি যোৱা শিতানত হাঁহিবলৈ অন্তঃত অসুবিধা নহলহেতেন মানুহৰ। অভিব্যক্তিবোৰো লুকুৱাবলৈ সহজ হলহেতেন। কোনেও কালৈকো আঙুলিয়াই সহানুভুতি দেখুৱাব নোৱাৰিলেহেতেন¸ বেছেৰালৈ বেয়াই লাগিছে¸ ইমান হাঁহিছে সি। তেনে হোৱা হলে¸ যদি সচাকৈয়ে তেনে হ’লহেতেন সিয়ো ৰৈ নাথাকিলহেতেন বৰষুণ এজাক অহালৈ। বিছাৰিব লগা নহলহেতেন নিৰ্জনতা। হেঁপাহ পলুৱাই হাঁহিলেহেতেন তেতিয়া! ’ পলাশৰ ভাৱ হয়¸ পৃথিবীৰ সমস্ত দুখ-দূৰ্দশা যেন ইশ্বৰে তাৰ কপালতহে লিখিলে। কৰুণ হাঁহি এটা মুখত জিলিকি উঠে। জীৱনেই তাক শিকাইছে এনেকৈ হাঁহিৱলৈ। 

শুই শুই ভাবিছিল পলাশে। টোপনি অহা নাছিল তাৰ। এইদৰে প্ৰায়েই উজাগৰী ৰাতিবোৰে তাক সুযোগ দিয়ে নিজৰ সতে কথা পাতিবলৈ। হাঁহি উঠে তাৰ¸ কি কি যে আচহুৱা কথাবোৰ মনলৈ আহি থাকে নহয়! সি জানে¸ পৃথিবীত অকলেই তাক বিফলতাই খেদি থকা নাই। তাৰ দৰে আৰু লাখ লাখ মানুহ আছে যাৰ কাষত হয়তো মাত দিওতাও কোনো নাই। হাঁহি দিয়ে সি। কিতো আছে দুখ কৰিবলৈ! কাছদৌৰ দি হলেওতো জীৱনটো গৈয়েই আছে! হাঁহি দিলে সি। 

‘লাইফ তুঝে জিটনে নহী দুংগা। এক না এক দিন মে হি জিতুংগা।’
মনৰ মাজতে কৈ ফোনটোত গান এটা লগাই দিয়ে সি।

‘ কৌন বোলা মুঝছে না হো পায়েগা?
কৌন বোলা ? কৌন বোলা ?
অপনা টাইম আয়েগা
উথ জা অপনি ৰাখ চে
তু জুড় জা অব তলাচ মে
পৰৱাজ দেখ পৰৱানে কি
অাচমা ভি চৰ উথায়েগা
আয়েগা অপনা টাইম আয়েগা …’

ৰনবীৰ সিংৰ কণ্ঠত গলিবয়ৰ ৰেপ চং বাজি উঠে। কিয় জানো আজিকালি এই গানটো ভাল লগা হৈছে তাৰ। কিবা যেন জৌচ উঠি যায়। যেন সাহস পাই। বাৰে বাৰে লগাই সি শুনি থাকে। তাতে কি হ’ল যদি জীৱন পিছুৱাই আছে যদি। সুযোগ চাগে নিশ্চয় আহিব এদিন জিকি যাবলৈ। 

পলাশে জানে¸ নিজেই নিজক ম’টিভেট নকৰিলে কোনো সৰগৰ পৰা দেবদূত নামি নাহে প্ৰয়োজনৰ সময়ত। আজিকালি মানুহৰ সময়েই বা ক’ত! কোনেই বা ৰাখে কাৰ মনৰ খবৰ! 

‘ এককীত্বত শুই থকা চহৰখনক সোধা
কোনে কোনে কান্দে নিৰবে নিৰলে
বেজাৰে লাই পোৱা পৰত
আহেনে কাষত বজাব হেঁপাহৰ বীন
স্বাৰ্থপৰ এই সময়ে বুজে
মাথো মৌনতাৰ আৰ্তনাদ। ’

‘ ঐ আজি মোৰ মনটো বেয়া।’
‘ ব’ল মাল খাওগৈ।’
‘ মোৰ ব্ৰেকআপ হ’ল। ’
‘ একো নাই। মাল খাই দে ঠিক হৈ যাব।’
‘ লাইফত চাল্লা একোৱেই কৰিব নোৱাৰিলো। ’
‘ মাল খাই দে। চব পাহৰি সুখী হৈ থাক।’
দুনীয়াৰ দস্তুৰ দেখি হাঁহি উঠে তাৰ। বাহ¸ আত্ম প্ৰৱঞ্চনাৰ কি বঢ়িয়া উপাই! মদ খালেই সকলো ঠিক হৈ যোৱা হ’লে কোনো মানুহেই দুখী হৈ নৰলহেতেন।

লাহেকৈ ফেচবুক খুলিলে পলাশে। এইবোৰ ভাৱি থকাতকৈ ফেচবুক চলোৱাই ভাল। 

-----

ইফালে প্ৰচ্ছায়াৰো টোপনি অহা নাছিল। তীব্ৰ খং এটাই দহিছিল তাইক। অপমান তাইৰ সহ্য হোৱা নাছিল। কিয় বাৰু তাই একো প্ৰত্যুত্তৰ নিদিলে তেতিয়া? কিয় বাৰু দোমোজাতে দিনটো পাৰ কৰি দিলে!  যদি তেতিয়াই ঠাচকৈ চৰ এটা বহুৱাই দিলেহেতেন¸ অন্তঃত এতিয়া অশান্তিত কটাব নালাগিলহেতেন। নাই¸ হয়তো তাই ঠিকেই কৰিলে একো ৰিয়েক্ট নকৰি! অসভ্য ল’ৰা¸ বাট ভেটি ধৰি কেতিয়া ক’ত কি পোটক ললেহেতেন গেৰান্টি নাই। এইবাৰ গৈ গৈ খঙটো বৈশ্যদাৰ ওপৰতে উঠে তাইৰ। তেও বাৰু কিয় কৈ দিব লাগে? হয়তো তেঁৱো কৌতুহলী হৈ থাকিব নোৱাৰিলে। হঠাতে তাই কৌতুহলী হৈ পৰিল। কি বাৰু কৈছিল সি তেনেকৈ কৈছিল? কথাবোৰ বাৰু সচাকৈয়ে তাই ভৱাৰ দৰে নহয় নেকি? তাৰ দুচকুত তেতিয়া কি আছিল বাৰু! তাৰ বিষয়ে অধিক জানিবলৈ মন গ’ল প্ৰচ্ছায়াৰ
। তাক প্ৰফাইলটো আকৌ এবাৰ খুলিলে তাই। ওহো¸ প্ৰফাইল চাই একোৱেই বুজিব নোৱাৰি। প্ৰচ্ছায়াৰ মন গৈছিল এবাৰ লীমাক ফোন কৰিবলৈ। কিন্তু ইমান ৰাতি সেইটো কথাৰ বাবে ফোন কৰিবলৈ তাই ইচ্ছা নকৰিলে। তাইৰ কি গৰজ পৰিছে ডিটেইলছ লবলৈ।

*******

‘ প্ৰচ্ছায়া¸ তুমি ভবাৰ দৰে কথাবোৰ নহয় নেকি!’
এদিন বৈশ্যই কৈছিল প্ৰচ্ছায়াক। 
‘ কোনবোৰ কথা?’
নুবুজি তাই চাইছিল বৈশ্যলৈ।
‘ পলাশৰ কথাটো। তুমি যে কৈছিলা। বোধহয় তাৰ দোষ বেছি নাছিল। মই শুধিছিলো বুদ্ধি কৰি যদিও সুধিব মানা কৰিছিলা।’
কও নকওকৈ কৈ দিছিল বৈশ্যই। সামান্য আঁচৰিত হৈ তাই চাইছিল বৈশ্যলৈ।

‘ মই বিশ্বাস নকৰো। মিছাকৈয়ো কব পাৰে। ’
‘ কিন্তু এপাত তাল অকলে বাজে জানো!’
সামান্য খং উঠিছিল বৈশ্যৰ।

‘ নাবাজে। কিন্তু তাৰ মানে এইটোতো নহয়ে তাল পাত নিৰ্দোষী।’
আৰু একো কবলৈ একো ইচ্ছা কৰা নাছিল বৈশ্যই। হুমুনিয়াহ এটা কাঢ়ি প্ৰসংগ সলাইছিল তেও। থাকক¸ ঘৈনীয়েকে কৈয়েই আছে। সম্পৰ্কীয় খুলশালীয়েকজনীলৈ মনত পৰিছিল তেওৰ। 

প্ৰচ্ছায়া দোমোজাত পৰিছিল। তথাপিও নিজৰ স্থিতিতেই অটল হৈ থাকিল তাই। সচায়ে ভাল হোৱা হলে কি এইদৰে মিছ বিহেভ কৰিলেহেতেন! ওহো তাই ভুল নহয়।

কিন্তু তথাপিও বৈশ্যক নকলে তাই লিফ্টৰ কথাটো। অানহাতে পলাশেও কোৱা নাছিল। সেই খকাখুন্দাৰ কথাটো সিঁহত দুয়োটাৰে মাজতে আবদ্ধ হৈ ৰৈছিল। কিন্তু প্ৰচ্ছায়াৰ দৰে পলাশে কথাটো ধৰি থকা নাছিল। তাৰ খংবোৰ কৰ্পুৰৰ দৰে উৰি গৈছিল। কিছুমান মানুহৰ স্বভাৱেই তেনেকুৱা কাকো বেয়া পাই থাকিব নোৱাৰে। খং উঠিলে যিহকে পাই তিহকে কৈ দিয়ে আকৌ পিছ মূহুৰ্ততে অনুতপ্তও হয়। পলাশৰো তেনেকুৱাই হৈছিল। প্ৰচ্ছায়াক সেইদিনা তেনেকৈ তাৰো বেয়া লাগিছিল। মন গৈছিল¸ তাইৰ কাষলৈ গৈ ক’ব ‘আইম ছ’ৰী। সেইদিনা তেনেকৈ কব নালাগিছিল।’ কিন্তু কিয় কব সি। তাৰ অহংবোধে বাধা দিছিল। যিয়ে যি ভাবে ভাবি থাকক¸ তাৰ কি আহে যায়! অদৰকাৰী কথাত মুৰ ঘমাব নোখোজে সি। কৰিবলগা কাম বহুত আছিল। কিন্তু নাচাও বুলিও তাইৰ ফালে চাবলৈ বাধ্য হৈ গৈছিল সি। তাক দেখিলেই তাই মুখখন ঘুৰাইছিল। লৰালৰিকৈ তাৰ আগৰ পৰা আঁতৰি গৈছিল। দৃশ্যটো উপভোগ কৰিলে পলাশে। 

সি লিফ্টৰ সমুখত ৰৈ আছিল। লিফ্টখন বিজি হৈ আছিল। তলৰ ফ্লোৰ এটা বহুত সময় ৰৈছিল লিফ্টখন। চাগে বহুত মানুহ ওলোৱা সোমোৱা কৰি আছিল। সেইখিনি সময়তেই প্ৰচ্ছায়া তললৈ যাবলৈ ওলাই আহিছিল। লিফ্টখনলৈ মুখ দি থকা বাবে তালৈ মন নকৰি কাষতে থিয় হ’ল তাই। স্বভাৱসুলভভাৱে সি সহযাত্ৰীৰ মুখলৈ চাওতে তাইৰ চকুৱে চকুৱে পৰিল। টিঙিচকৈ খংটো উঠি আহিল তাইৰ। ল’ৰালৰিকৈ তাৰ কাষৰ পৰা আহি চিৰিয়েই নমাৰ কথা ভাবিলে তাই। লিফ্টখনৰ পিছফালেই চিৰিখন। ল’ৰালৰিকৈ নামিবলৈ যোৱাৰ ফলত চিৰিত তাই প্ৰথম খোজটো ভালকৈ নপৰিল। আতংকিত হৈ চিঞৰি দিলে তাই। তাই যোৱালৈ মিচিকিয়াইছিল পলাশে। তাইৰ খং সি উপভোগ কৰিছিল। হঠাতে সি দেখিলে যে তাইৰ খোজ ভালকৈ নপৰি ভাৰসাম্য হেৰুৱাই পেলালে। আৰু ৰৈ নাথাকিল সি। দৌৰি গৈ পিছফালৰ পৰা কঁকালত সাবতি ধৰিলে তাইক। প্ৰচ্ছায়াৰ খং উঠিছিল। তেনেকৈ তাৰ সমুখতে পৰিবলগা হোৱা বাবে লাজো লাগিছিল। প্ৰচ্ছায়াই তাৰ মুখলৈ চাব নোৱাৰিল।  মুখলৈ নোচোৱাকৈয়ে তাৰ হাতখন আজুঁৰি এৰুৱাই দিলে তাই। 

‘ আন ছোৱালী হলেও মই এনেকৈয়ে ধৰিলোহেতেন। অলপ চাই-চিতি খোজ দিয়া ভাল। সকলো সময়তে মানুহ ওচৰত নাথাকে।’
তাইলৈ নোচোৱাকৈয়ে কলে সি। তাই একো কব নোৱাৰিলে। সেই মূহুৰ্ততে লিফ্টখন আহি দৰ্জাখন খুলি গ’ল আৰু সি দৌৰি লিফ্টত উঠিলগৈ। প্ৰচ্ছায়াই মাথো ওঠ কামুৰি সি যোৱাৰ ফালে চাই ৰ’ল।

দিনটো আৰু দেখাদেখি নহল সিঁহতৰ।
****

আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib