Now you can Subscribe using RSS

Submit your Email

Wednesday 3 June 2020

Bad boy ঃ 13

Unknown

                               [ তেৰ ]

ৰাতিপুৱা এটা সময়ত লীমাহঁতৰ ঘৰলৈ ওলাল প্ৰচ্ছায়া। লীমাৰ ঘৰটো তাইৰ ঘৰৰ পৰা বেছি দূৰত নহয়। ৱাৰ্ডৰ সিটো মূৰত লীমাহঁতৰ ঘৰটো। 

‘ মা¸ মই লীমাহঁতৰ ঘৰৰ পৰা আহো ৰ’বা।’
মাকক কৈ ওলাই আহিল তাই।
ৰাতিপুৱা এঘাৰটামান বাজিছিল। গেটখন খুলি সোমাই লীমাৰ মাকৰ মুখামুখি হ’ল তাই। মানুহজনীয়ে সৰু গাৰ্ডেনখনৰ পৰা দুপাহমান ফুল চিঙি আছিল। চাগে পূজা কৰিবগৈ। 

‘ ভালনে খুৰী। কি কৰিছেনো?’
মানুহজনীক দেখি হাঁহি মাৰি মাতিলে তাই।

‘ অ’ প্ৰচ্ছায়া¸ গাটো ধুই আহিলো¸ থাপনাত বন্তি এগছ জলাও ৰ’বা।’
হাঁহি মাৰি নগঞা ঠাছত কৈ দিলে মানুহজনীয়ে। তেখেতৰ মাকৰ ঘৰ নগাওত। অকমান ৰৈ আকৌ কলে তেও

‘ আজিকালি তুমি নাহাই। মই খবৰ লৈ থাকো লুকিৰ পৰা।’
লীমাক লুকি বুলি মাতে।

‘ তেনেকৈ সময়ে নাপাও খুৰী। অফিচৰ পৰা অাহি পাওতে সন্ধিয়া হয়গৈ।’
হাঁহি দিলে তাই। আকৌ সুধিলে

‘ লীমা আছেনে? ’
‘ অাছে যোৱা ৰুমতে।’
কৈ মানুহজনীয়ে আকৌ ফুল চিঙিবলৈ লাগি গল। 
প্ৰচ্ছায়া ভিতৰলৈ সোমাই গ’ল। লীমাই বিচনাখনতে বহি কিবা আলোচনী এখন লুটিয়াই আছিল। তাইক দেখি হাঁহি দিলে।

‘ তই কি পঢ়ি আছ? ’ বুলি প্ৰচ্ছায়া তাৰ কাষতে বহিব খুজিছিল। দেখি লাহেকৈ চিঞৰি দিলে লীমাই।

‘ নুচুবি মোক।’
থতমত খাই ৰৈ গ’ল প্ৰচ্ছায়া। কি হ’ল।

‘ দুদিন আজি। ’
লাহেকৈ কলে লীমাই। 

‘ তয়োযে আৰু! দুনীয়া ক’ৰ পৰা গৈ কি পালে আৰু তই এইবোৰ কথাকে লৈ বহি আছে! ’ খিলখিলাই হাঁহি প্ৰচ্ছায়া লীমাৰ কাষতে বহিল। সামান্য যেন লাজ লাগিল লীমাৰ। লাহেকৈ কলে¸
‘ নহয় মানে মানিলে নিজৰ ভাল দেচোন! ’
‘ হৈছে। কলেজত পঢ়ি থাকোতে কি কৰিছিলি? সেইকেইদিন কলেজলৈ নোজোৱাকৈ আছিলি নেকি?’
এইবাৰ যেন উভতি ধৰিলে প্ৰচ্ছায়াই।
অলপ বিব্ৰত হল লীমা। কও নকওকৈ কলে
‘ জানাইচোন আমাৰ নিয়মবোৰৰ কথা। ডাঙৰহোৱাৰ লগে-লগে অলপ মানিছো আৰু। তাতে তেওলোকৰ ঘৰতো এইবোৰ মানে।’
অনামিকা আঙুলিত পিন্ধি থকা আঙুঠিটো এবাৰ লাজ-লাজকৈ চুই চালে লীমাই। বিয়া ঠিক হৈছিল তাইৰ। দুমাহ পিছত বিয়া। পিছৰ সপ্তাহ এটাত অনুষ্ঠুপীয়াকৈ আঙঠি পিন্ধাই গৈছিল হবলগা জীৱনসংগীয়ে। 

অলপ হতাশ হ’ল প্ৰচ্ছায়া। কিযে নিয়ম নহয়। ৰজস্বঃলা নাৰীয়ে কাকো চুব নাপায়¸ একো কৰিবও নাপায়। কোনে বাৰু উলিয়াইছিল এই বেয়া নিয়মবোৰ। মহিলাসকলে এনেয়ে ঘৰৰ কামৰ পৰা আঁহৰি নাপাই বাবেই হয়তো সেইদিনকেইটা কামৰ পৰা অৱ্যাহতি দি আৰাম কৰাৰ নিয়ম আছিল। কিন্তু কথাবোৰ নুবুজি নিজৰ স্বাৰ্থ দেখা এচাম বেয়া মানুহে নাৰীকেই দিনকেইটাৰ বাবে এলাগী কৰি পেলালে। লীমালৈ পুতৌ হল তাইৰ। ব্ৰাক্ষ্মণৰ ছোৱালী বুলি তায়ো যেন ৰক্ষণশীল মনোভাৱৰ হৈ পৰিল। লগ পোৱাৰে পৰা তাই দেখিছিল¸ চেনিটেৰি পেডকেইটাও লীমাই নিজে অথবা মাকৰ দ্বাৰাহে অনাইছিল। দুজন ককায়েক আৰু দেউতাককে ধৰি তিনিজনকৈ পুৰুষ থকাৰ পিছতো অকল নেপকিন আনিবলৈয়ে লীমা দোকানলৈ যাব লগাতো কিমান দূৰ্ভাগ্যজনক। আৰু নিজে কিমান লাকী তাই। আজিও তাইৰ আৰু ভনীয়েকৰ নেপকিন আনিবলৈ পাপাকক তাই নিসংকোচে কব পাৰে। সকলো কথাতে মাক-পাপাকে লীমাৰ তুলনাত তাইক স্বাধীনতা দিছে। সংকীৰ্ণ মনোভাৱৰ লীমাৰ দেউতাকে আজিলৈ গাড়ী চলাবলৈকে শিকিব নিদিলে তাইক।

লীমাই বুজিছিল। প্ৰচ্ছায়া যে আচৰিত হৈছিল। কলে¸
‘ সকলোৰে মাক-দেউতাকতো তোৰ মা-পাপাৰ দৰে নহয়।’ অলপ ৰৈ এইবাৰ হাঁহি মাৰি কলে তাই¸
‘ মায়ে চাহ দিব আহিলে কিন্তু নুচুবি। নহলে আকৌ গা ধুব লাগিব।’
মুৰ দুপিয়ালে প্ৰচ্ছায়াই।

অলপ সময় মনে-মনে ৰ’ল দুয়োজনী। পঢ়ি থকা প্ৰিয় সখীখন জপাই থলে লীমাই। প্ৰচ্ছায়াই কিবা ভাবি আছিল। মোবাইলটো এনেয়ে পিটিকি বাহিৰলৈ চাইছিল তাই। 

‘ অই¸ কি ভাবিছ ইমানকৈ?’
লীমাই হেঁচুকি দিলে তাইক।

‘ ডাঙৰ কথা এটা আছিল।’
‘ কিনো? ’
‘ এইযে তঁহতৰ বাজনীৰ লগত যে পলাশ কলিতাৰ কিবা সম্পৰ্কতো আছিল,…।’
কও নকওকৈ কৈ দিলে তাই।

‘ কিয় কি হল আকৌ? কিবা কৰিলে নেকি সি?
আচৰিত হৈ পৰিল লীমা।

‘ অ’ সেইদিনা সি মিছবিহেভ কৰিলে মোৰ লগত। ঠিক মিছবিহেভো নহয়¸ যেন কিবা উত্তৰহে দিলে। মই কথাবোৰ আমাৰ এইচ আৰক কৈছিলো¸ বোধকৰো তেৱেই কলে তাক। তাৰপিছত সি লিফ্টৰ ভিতৰতে মোক উভতি ধৰিলে। মই কাকো কব নোৱাৰিলো কথাবোৰ। তোক প্ৰথম কৈছো। আঁচৰিত কথাটো কি জান¸ সি ইচ্ছা কৰিলে ব’ডী টাচ্ছ কৰিব পাৰিলেহেতেন! কিন্তু নকৰিলে। কথাবোৰ বাৰু তই জনাতকৈ অলপ বেলেগ নেকি। এইচ আৰ দাদাজনেও তেনেকৈয়ে কলে। ’

‘ নাজানো¸ আমাক বৰ্তা-বৰমাহঁতে তেনেকৈয়ে কৈছিল। সকলোৱে জানিছিল কথাটো। চাগে সি মিছাকৈয়ে কৈছে। কিন্তু মই বুজি পোৱা নাই¸ তই কিয় ইমান ৰিয়েক্ট কৰিছ!’

‘ ৰিয়েক্ট কৰা নাই অ’। সচাখিনি জানিব খুজিছো। ’

‘ অই এটা কাম নকৰ কিয়? ’

‘ কি? ’
‘ তাৰ লগত ফ্ৰেইণ্ডশ্বিপ কৰি ল। তাৰ পিছত নিজেই সুধি লবি। ’
হাঁহিলে লীমাই।
‘ হুহ¸ মোৰ গৰজ পৰিছে। ’
কৃটিম খং দেখুৱালে প্ৰচ্ছায়াই।

ঠিক সেই সময়তে লীমাৰ মাক সোমাই আহিছিল কোঠাটোলৈ। দুয়োলৈ চাহ আৰু মালপোৱা বনাই আনিছিল তেও। দুয়োজনীকে একেখন বিছনাতে বহি থকা দেখি উচপখাই উঠাৰ দৰে উঠিল মানুহজনী। কাপ দুটা থবলৈ ইফালে সিফালে চাওতেই প্ৰচ্ছায়াই কৈ উঠিল।

‘ টেবুলতে থওক খুৰী। মই এইক চুই দিলো।

‘ অ’
কৃটিম হাঁহি এটা মাৰি মানুহজনী ওলাই গ’ল।
পেটে-পেটে হাঁহি উঠিল প্ৰচ্ছায়াৰ
-------

‘ অ’ মা¸ চোৱাচোন লীমাৰ কথাবোৰ। শিক্ষিতা ছোৱালী হৈ বাৰু কেনেকৈ মানি 
ললে বেয়া নিয়মবোৰ। ’ 
ঘৰলৈ আহি প্ৰচ্ছায়াই মাকক কয় কথাবোৰ। হাঁহিলে মাকে

‘ আমাৰ সমাজখনেই পুৰুষ প্ৰধান মাজনী। আজিও লাও সদায় পাতৰ তল নীতিয়েই মানি চলে একাংশ লোকে। আৰু ইয়াত অৰিহনা যোগাই একাংশ নাৰীয়েই। ইকচি বিকচি নাপাই নাপাইৰ সংজ্ঞাও বেছিকৈ নিৰ্ধাৰণ কৰে নাৰীয়েই। আৰু এই সমস্যাটো গাঁওৰ ফালে বেছি। আচৰিত হবা¸ বহু সম্ভ্ৰান্ত যেন লগা মানুহেও এতিয়াও কণ্যা শিশুক ল’ৰা শিশুৰ সমানে দৃষ্টিৰে নাচাই।’
মানুহজনীৰ মনত পৰিছিল নিজৰ কণ্যাকালটোলৈ। ভিতৰুৱা গাঁও এখনত জন্ম হোৱা মানুহজনীয়ে বিয়াৰ পিছতহে অলপ স্বাধীন যেন অনুভৱ কৰিছিল। বিয়াৰ পিছত প্ৰথমবাৰ এলাগী হৈ মাটিত পাটি পাৰি লোৱা মানুহজনীক গিৰিয়কে একে ধমকিতে যি বিচনাত উঠিবলৈ বাধ্য কৰালে¸ গাঁওৰ সেই নাপায় ধাৰনাবোৰ মনৰপৰা অাঁতৰি গ’ল। 

‘ অ’ মা¸ যদি বা’ৰ বিয়া যদি লীমাবাহঁতৰ দৰে ঘৰ এখনত হয়¸ কি মজা হব ন! এইটো নকৰিবি¸ সেইটো নকৰিবি…বুলি কোৱাবোৰ কৰোতে বায়ে ঠিক গালি খাব।’
মাইনাই মাকৰ ডিঙিত ধৰি হাঁহি হাঁহি জোকালে তাইক। মাকেও হাঁহি দিলে।

‘ ৰ’ তোক মই…।’ কৃটিম খঙ দেখুৱাই প্ৰচ্ছায়াই হাতখন ডাঙি মাৰিবলৈ খেদিলে তাইক। তাকে দেখি মাইনাই হাঁহি হাঁহি দৌৰি আঁতৰি গ’ল।

’ মাজনী শুনচোন¸ এতিয়াটো লীমাৰো বিয়া হৈ যাব। তই যদি মত দিয় চৌধুৰী আন্টিৰ সম্পৰ্কীয় ল’ৰা এজনে চাবলৈ আহিব খুজিছে। ভাল চাকৰীও কৰে…।’
আকৌ এবাৰ চেষ্টা কৰিলে মাকে।

‘ মা¸ তুমি আকৌ…। এতিয়াই বিয়া চিয়া নহও মই। মন গলে নিজেই কম দিয়া। ’
বিৰক্তিৰে কৈ ৰুমটোৰ পৰা ওলাই গ’ল প্ৰচ্ছায়া। মাকে অসহায় হৈ তাইলৈ চাই ৰ’ল।

সেইদিনা গোটেই দিনটো প্ৰচ্ছায়াই ৰেহাই নাপালে মাকৰ পৰা। গোটেই দিনটো মাকে সোঁৱৰাই থাকিল তাইৰ যে বিয়াৰ বয়স হৈ গৈছে। দুবাৰমান পাপাকৰ আগতেও কৈ কুটুৰি থাকিল তাইক।

‘ মাজনী এবাৰ লগ পোৱাত আপত্তি কি? লগ কৰি চোৱা¸ ভাল নালাগিলে আগনাবাঢ়িলেই হ’ল।’
অৱশেষত পাপাকেও কোৱাৰ পিছত অসহ্য লাগিল তাইৰ। কলে

‘ ঠিক আছে মাতা¸ কাক মাতিব খুজিছা। কিন্তু দিছিছন মইহে ল’ম।’
পাপাক আৰু মাকৰ মুখত হাঁহি বিৰিঙি উঠিল। 

----
পিছদিনা সোনকালে উঠিল তাই। তাইৰ বাৰ্থডেৰ দিনা প্ৰতিবাৰেই মাকৰ লগত মন্দিৰলৈ যায় তাই। সেইদিনাও গ’ল ওচৰৰ গণেশ মন্দিৰটোলৈ। ধুপ চাকি উজাই উভতি আহোতে মনটো ভাল লাগিছিল তাইৰ। অফিচলৈ ওলোৱাৰ সময়তে পাপাকে নতুন ঘড়ী এটা আনি দিছিল তাইক। সেইটোকে পিন্ধি ওলাই আহিল তাই। বাটত কেইটামান মিঠাই কিনিলে প্ৰচ্ছায়াই। তাই জানে আজিও অফিচত তাইৰ বাৰ্থডেৰ কেক আনিবগৈ বৈশ্যদাই। তাইক ছাৰপ্ৰাইজ দিবলৈ নকয়¸ কিন্তু তাইৰ বাবে সেয়া কেতিয়াও ছাৰপ্ৰাইদ হৈ নাথাকেগৈ। প্ৰতিবাৰেই গম পাই যায় তাই। আজিও গম পাই গ’ল যাদবৰ পৰা। তাইক দেখি বাৰ্থডে উইচ কৰি সি কৈ দিলে বৈশ্যদাৰ ছাৰপ্ৰাইজ কেকৰ কথা। নিজৰ কেবিনত সোমাই তাই নজনাহৈয়ে থাকিল। বৈশ্যদাই তাইক উইচ নকৰিলে। তাৰ সলনি কলে¸ ‘ প্ৰচ্ছায়া¸ বাৰটামানত কনফাৰেঞ্চ ৰুমলৈ আহিবা।’
মুৰ দুপিয়াই মুখ টিপিয়াই হাঁহিলে তাই। প্ৰতিবাৰেই এনেকৈয়ে ছাৰপ্ৰাইজ প্লেন কৰে বৈশ্যদাই। তাই গৈ কেক কাটিবলগা হয়। পিছত পাৰ্ছৰ পৰা মিঠাইৰ বাবে পইচা উলিয়াই দিবলগা হয়। যোৱা চাৰিবছৰৰ পৰাই সেয়া কৰি আহিছে। তাইৰ বাৰ্থডেৰ দিনা ৰাতি বাৰ বজাৰ পিছৰ পৰাই বন্ধু বান্ধবীবোৰ উইচ কৰিবলৈ লাগি যায়। তাই সকলোকে ধন্যবাদ দি যায়। সন্ধিয়া ঘৰপাওতে এগালমান চকলেট আৰু টেডিলৈ ঘৰ আহে তাই। সন্ধিয়া আকৌ কেক কাটে।

পলাশে গম পোৱা নাছিল যে সেইদিনা তাইৰ বাৰ্থডে। কোনেও কোৱাও নাছিল। সেইদিন ধৰি তাইৰ ফেচবুকতো সি খুচৰা নাছিল। বাহিৰৰ পৰা আহি পাইছিল সি। হঠাতে তপন সোমাই আহি কলে¸ 
‘ দাদা¸ আহক পাৰ্টিলৈ।’
‘ পাৰ্টি? কিহৰ পাৰ্টি? ’
‘ আজি প্ৰচ্ছায়া মেমৰ বাৰ্থডে নহয়। আহক কনফাৰেঞ্চ ৰুমলৈ। সকলো আহিছে।’
আন কাৰোবাৰ বাৰ্থ ডে বুলি শুনা হলে সি কোনেও নামাতিলেও গলহেতেন। কাৰোবাক পঠাই হলেও কিবা এটা গিফ্ট অনালেহেতেন। কিবা প্ৰচ্ছায়াৰ বাৰ্থডেত¸ওহো অনিমন্ত্ৰিত আলহী হব কেতিয়াও নাযায়।’

‘ ঠিক আছে¸ তুমি যোৱা। মই অলপ পিছত গৈ আছো।’
এনেয়ে কৈ তপনক পঠিয়াই দিলে সি।

ইপিনে কনফাৰেঞ্চ ৰুমত সকলোবোৰ গোট খাইছিল। জিএমকে ধৰি আটাইবোৰ ডিপাৰ্টমেন্টৰে মানুহবোৰ আহি পাইছিল। সকলোৱে বাৰ্থডে গাৰ্লক বেৰি ধৰি হেপ্পি বাৰ্থডে গাবলৈ লৈছিল। প্ৰকাণ্ড টেবুলখনৰ সোমাজতে ধুনীয়া কেক এটা বৈশ্যদায়েই অৰ্ডাৰ দিয়াই অনাইছিল। হাঁহি হাঁহি ফু মাৰি মমকেইদাল নুমুৱাই কেকটো কাটিবলৈ লৈ তাই এবাৰ সকলোৰে ফালে চালে। আটাইয়ে ব্যগ্ৰ হৈ তাইলৈ চাই আছে। 

‘ পলাশ ক’ত?’
‘ অহা নাই। কিবা দৰকাৰী কাম আছে বোলে!’
বৈশ্যদাই কাৰোবাক কোৱা শুনি তাই সেইফালে চালে। সামান্য বেয়া লাগিল তাইৰ। খঙো উঠিল তাৰ ওপৰত অফিচৰ ষ্টাফৰ ইভেন্ট বুলিয়েই কি আহিব নাপায়!

‘ মেনি মেনি হেপ্পী ৰিটাৰ্ণচ অব দা ডে।’
‘ হেপ্পী বাৰ্থ ডে।’
ৰাণী বাই তাইৰ গালত কেকৰ টুকুৰা এটা সানি দিলে। তাকে দেখি বৈশ্যদায়ো ক্লিককৈ ফটো এখন তুলিলে। তাৰ পিছত কেবাখনো ফটো তুলি আটাইয়ে ভাগে-ভাগে ফেচবুকত আপলোড কৰিবলৈ লাগি গ’ল। তাৰ পিছত আহিল তাইৰ ফালৰ পৰা চাহ মিঠাইৰ পাৰ্টি। পিয়ন যাদবে সকলোৰে আগত ভগাই দিয়া প্লেটখন তাই সজাই দিলেগৈ।
পলাশ কিন্তু নাহিল। নিজৰ কেবিনত সোমাই এনেয়ে বহি ৰ’ল সি।
হঠাতে তাৰ ফোনটো বাজি উঠিল। বৈশ্যদাই ফোন কৰিছিল তাক।

‘ ক’ত আছ তই?’
ৰিচিভ কৰাৰ লগে-লগে সুধিলে বৈশ্যদাই।

‘ ইয়াতে আছো। ’
‘ কিয় নাহিলি। ভাল লাগিলহেতেন আহিলে। ’
‘ আৰ্জেন্ট কাম অলপ আছিল। ’
ফাঁকি দিলে সি। 
‘ বাৰু দে । ’
বৈশ্যই ফোনটো ৰাখিলে। 

প্ৰচ্ছায়াই শুনি আছিল বৈশ্যদাৰ কথাবোৰ। সিফালৰ পৰা সি কি কৈছিল তাই শুনা নাছিল। কিন্তু বৈশ্যদাই যে ফোনটো তাইক শুনাবলৈকে কৰিছিল বুজি পালে তাই। তাইৰ ভাৱ হ’ল যেন তাই ধৰম সংকটত পৰিল। অথচ সেইদিনা বৈশ্যদাই তাৰ কথা কওতে তাই যেতিয়া মানিবলৈ অস্বীকাৰ কৰিছিল বৈশ্যদাই চাগে তাইক বেয়া পাইছিল। কিবা এটা ভাবিলে তাই। 

‘ যদু শুনাচোন¸ আমাৰ চেলছৰ পলাশ ছাৰ নাহিল! তেওৰ কেবিনলৈ চাহ একাপ লৈ যোৱাচোন।’
পিয়নজনৰ কাষতে আহি কলে তাই। কথাটোত কোনেও গুৰুত্ব নিদিলেও বৈশ্যদাই যেন আঁচৰিত হৈ তাইলৈ চাই ৰ’ল। 
‘ ব’লা ময়ো যাও। ’
লাহেকৈ কৈ ওলাই আহিল তাই।
বৈশ্যৰ মুখত মিচিকিয়া হাঁহিনএটা ওলাল।
‘ তুমি ভিতৰলৈ নিব নালাগে। দিয়া মোক।’
ৰুমৰ সমুখ পাই যাদবৰ হাতৰ পৰা লৈ তাক যাবলৈ দিলে তাই।
পলাশে তেতিয়া লেপটপত কিবা এটা চাই আছিল। দৰ্জাত কোনোবাই নক কৰা দেখি মুৰ নোতোলাকৈয়ে কলে ‘ কাম ইন’

ধুনীয়া পাৰফিউমৰ গোন্ধ এটা নাকত লাগিছিল তাৰ। কোন বুলি মুৰ তুলি চাবলৈ ওলাইছিলহে হঠাতে কোনোবাই কৈ উঠিল
‘ ষ্টাফৰ কাৰোবাৰ কিবা প্ৰ’গামত ইন্দিভিজুৱেলি ইনভাইটেচন দিব লাগে  নেকি?’
পলাশ হতভম্ব হৈ পৰিছিল। প্ৰচ্ছায়া এনেদৰে তাৰ কেবিনলৈ কোনোবাদিনা আহিব বুলি সি সপোনতো ভাবিব পৰা নাছিল। কি কব ভাবি নাপালে সি। আজি তাইৰ দুচকুত খং নাই। আছিল মাথো অলপ যেন অভিমান।

‘ এনিৱে¸ এইয়া আপোনাৰ ভাগৰ।’
তাই কোৱাৰ পিছত তেতিয়াহে তাৰ চকুত পৰিল একাপ গৰম চাহৰ সৈতে এটুকুৰা কেক আৰু মিঠাইৰ প্লেটখন। তাৰ মৰম লাগি গল তাইলৈ। কি দিয়ে তাইক এতিয়া? কথাটো নাভাবি তাৰ যে একোৱেই অনা নহল।
ইতিমধ্যে তাই যাবলৈ দৰ্জাখনৰ কাষ পাইছিল। ধুনীয়াকৈ মাতিলে সি
‘ মিছ ডেকা ’
উভতি চালে তাই।
‘ হেপ্পী বাৰ্থ ডে। ’
‘ থেংকিউ।’
ধুনীয়াকৈ হাঁহি দিলে তাই। কিবা এটা ভাবি আকৌ ঘুৰি আহিল তাই। 

‘ ফ্ৰেইণ্ডছ? ’
তাৰ ফালে সোঁহাতখন আগবঢ়াই দিলে তাই।
আকৌ এবাৰ ঝটকা খালে পলাশে। আজি যেন ঝটকা খোৱাৰে দিন তাৰ। তাই এটাৰ পিছত এটাকৈ ঝটকা দি আছে। যিজনী ছোৱালীয়ে তাক দেখিলে মুখখন ঘুৰাই দিয়ে¸ তাই আজি তালৈ চাহ-মিঠাই লৈ আহিছে। আকৌ এতিয়া তাইৰ বন্ধুত্ব যাঁচিছে তাক। কথাটো সপোন দেখাৰ দৰে লাগি গ’ল তাৰ। সি তাইলৈ চালে। এতিয়াও হাতখন আগবঢ়াই তাই তালৈ চাই আছে।

‘ ভাবি চাওক মিছ ডেকা। এবাৰ ফ্ৰেইণ্ডশ্বিপ কৰিলে কিন্তু এৰিব নোৱাৰিব। ’
সামান্যকৈ হাঁহি কলে সি।

‘ য়া চিঅ’ৰ। ’
তায়ো হাঁহি দিলে।

‘ ইউ কেন কল মি বাই মাই নেম।’
‘ ঠিক আছে আপুনিও¸ মানে তুমিও মোক তুমি বুলি মাতিব লাগিব।’
‘ হব বাৰু । ’
এমোকোৰা হাঁহিৰে তাই উত্তৰ দিলে। প্ৰশান্তিৰ হাঁহি এটা লৈ পলাশ বহি পৰিল।।

ভাল লাগিছিল পলাশৰ। প্ৰচ্ছায়াৰ ফ্ৰেইণ্ডশ্বিপ পোৱাৰ বাবে নহয়¸ তাই কথাবোৰ পাহৰি যোৱা বাবেহে। মনটো সচাই আঁচৰিত। এশজন পুৰুষে ভাল বুলি কওক একো অনুভৱ নহয় কিন্তু এগৰাকী নাৰীয়ে বেয়া বুলি কলেই মনটো অশান্ত হৈ পৰে। কোনোবাই ঠিকেই কৈছে নাৰীৰ হাঁহিত যাদু থাকে।

******

আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

1 comments:

  1. Best vr football games (USA, Europe) - Casinoinjapan 바카라사이트 바카라사이트 카지노 가입 쿠폰 카지노 가입 쿠폰 메리트카지노 메리트카지노 272Hwang Hwang Hwang (DUNK) - 릜랜지노 검증 카지노 검증 카지노 검증 카지노 검증 카지노 검증 카지노 검증 검증 카지노 검증 검증 검증

    ReplyDelete

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib