Now you can Subscribe using RSS

Submit your Email

Wednesday 3 June 2020

Bad boy ঃ 14

Unknown

                             [ চৈধ্য ]

.
কথাবোৰ পলাশৰ সপোন যেন লাগিছিল। 
প্ৰচ্ছায়াৰ লগত তাৰ খকা-খুন্দাখনৰ যে এনেকৈ মধুচন্দ্ৰিকা ঘটিব সেয়া সি ভাবিবও পৰা নাছিল। যাহ¸ ঠিকেই আছে। এতিয়া অন্তঃত তাইৰ সতে কথা এষাৰিটো পাতিব পাৰিব। কাকো নকলেও সিটো জানে¸ প্ৰচ্ছায়াক তাৰ ভাল লাগে। হাঁহি এটা বিৰিঙিছিল তাৰ মুখত। ভাতকেইটা বহাই দি বিস্ময়খন মেলি লৈছিল সি।  

হঠাতে ক্লিককৈ হোৱাটছএপত মেছেজ এটা আহিল। অকমান আগতে ইউটিউবত চিনেমা এখন চাই আছিল। ডাটা অফ কৰিবলৈ পাহৰি গৈছিল সি। টিভি নথকা ৰুমটোত মোবাইলটোৱে একমাত্ৰ বিনোদনৰ মাধ্যম। মেছেজটো চালে সি।

‘ হাই। কি কৰিছেনো?’
উপৰা উপৰিকৈ দুটা মেছেজ। অচিনাকী নাম্বাৰটো চিনি নাপালে সি। কোন হব পাৰে বাৰু! তলত প্ৰেৰকৰ নাম নাই। হয়তো কোনোবা চিনাকীয়ে হব। 

‘ হেল্ল’
‘ আছো এনেয়ে।’
মেছেজ দুটা পঠিয়াই দিলে সি। সিফালৰ প্ৰেৰক অনলাইন হৈয়ে আছিল বোধকৰো। তাৰ মেছেজ দুটাৰ কাষত নীলা শুদ্ধ চিহ্ন দুটা জিলিকি উঠিল।

‘ চিনি পাইছেনে? ’
আকৌ সিফালৰ পৰা মেছেজ এটা আহিল।
‘ ক্ষমা কৰিব মই আচলতে ধৰিব পৰা নাই। আপোনাৰ নম্বৰটো চাগে হেৰাই থাকিল।’
লিখো নিলিখোকৈ লিখি দিলে সি। আপুনি কোন? বা কোনে কৈছে বুলি খাৰাংখাচকৈ সুধিবলৈ ভাল নালাগিল তাৰ। বহু সময়ত এনেকুৱাও হৈ যাই¸ ভুলক্ৰমে নম্বৰ কিছুমান চেভ কৰিবলৈ ৰৈ যাই আৰু সিফালৰ পৰা যেতিয়া সোধে ‘চিনি পাইছেনে সোধে’ তাৰ নঞাৰ্থক উত্তৰ শুনাৰ পিছতে সিফালৰ বক্তাজন আচৰিত হৈ যায়¸ ‘আৰে আপুনি মোক চিনি পোৱা নাই! অমুকত লগ পাইছিলো দেখোন।’ লাজ লাগে তাৰ

‘ মোৰ নাম্বাৰ আপোনাৰ ওচৰত চাগে নাছিলেই। মই প্ৰচ্ছায়া।’
স্মাইলী এটাৰে সৈতে মেছেজ আহিল সিফালৰ পৰা।

পলাশ আঁচৰিত হৈ গৈছিল। তাৰ দিন সচাকৈয়ে ইমান ভাললৈ আহিলনে যে প্ৰচ্ছায়াই নিজে তালৈ মেছেজ কৰিছে। এইবাৰ ভালকৈ বহি ললে সি। লৰালৰিকৈ নম্বৰটো চেভ কৰিলে সি। ডিপিখন চাগে মাই কন্টেক কৰি ৰাখিছিল। অকমান পিছতে তাইৰ ধুনীয়া ডিপিখন জিলিকি উঠিল

‘ হাই প্ৰচ্ছায়া।’
‘ হাই।
‘ নম্বৰটো ক’ত পালা মোৰ? ’
‘ অথনি ষ্টাফৰ ডাটাবেছৰ পৰা লৈ লৈছিলো।’

‘ পিছে তুমি এটা কথা পাহৰি গৈছা। মোকো তুমি বুলি মাতিম বুলি প্ৰমিজ কৰিছিলা। ’
মেছেজটো লিখি জিভাত কামোৰ খালে সি। অলপ বেছি হ’ল নেকি বাৰু! বেছি ফ্ৰী হব খোজাটোও বৰ ভাল কথা নহয়। 

’ ছৰী পলাশ। পাহৰিছিলো।’ লগতে আকৌ এটা স্মাইলী তাইৰ।
সিয়ো এটা স্মাইলী পঠিয়ালে। চাই থৈ দিলে তাই। অলপ সময় সি বাট চালে। নাই আৰু তাইৰ উত্তৰ নাহিল। আৰু মেছেজ নকৰিলে সি। ল’ৰা হলেও অলপ চেল্ফকন্ট্ৰ’ল থকা দৰকাৰ।

হাঁহি এটা মুখত লৈ সি টোপনি গ’ল। 

---
পিছদিনা ঘৰলৈ আহিল সি। কোনোবা এটা সংগঠনে দিয়া বাৰঘন্টীয়া অসম বন্ধ দিছিল। বন্ধত অফিচ এনেয়েও বন্ধ। গাড়ী নচলিলে ষ্টাফ আহিব কিদৰে। এইদৰে বন্ধ পালেই ঘৰলৈ গুছি আহে সি। ঘৰৰ মানুহবোৰক দেখা পাই মনটো ভাললাগে। দুই এটা কাম কৰিব পাৰে। আবেলি গাঁওৰ পুৰণি বন্ধুবোৰক লগ পাই ভাল লাগে তাৰ। 

ঘৰ পাওতে দহমান বাজিছিল তাৰ। বাটতে দুবাৰমান ধৰিছিল¸ কিন্তু বাহানা বনাই সৰকি আহিল সি। কি কৰিব ৰুমত সোমাই থাকি। মাক-দেউতাক¸ ভায়েক তিনিও ঘৰতে আছিল। তাক দেখি সামান্য আঁচৰিত হৈ সুধিলে দেউতাকে

‘ বন্ধৰ মাজতে কেনেকৈ আহিলি?’
‘ আহো বুলি ভাবিলে বাধা দিব পাৰে নেকি! বাহানা বনাই আহিলো।’
হাঁহি দিলে সি। 

‘ হলেও ইমান ৰিক্স লয় নেকি!’
সামান্য সংকিত হৈ মাকৰ মুখখন কলা পৰিছিল।

‘ একো নহয় দে।’
মুখ হাত ধুই কাপোৰ সলাই চাহ খাবলৈ আহিল সি। মাকে চাহ বহাইছিল।
 চাহখাই থাকোতে হঠাতে মাকে সুধিলে তাক

‘ ৰমেশক মেডিকেলত তই ৰখিছিলি যে মাকে প্ৰশংসা কৰিছে তোৰ। চবৰে আগত কৈ ফুৰিছে তই বোলে পইচাও দিছ। কিমান দিছিলি বাৰু?’
গৌৰবী হাঁহি এটা মাৰি মাকে শুধিলে তাক।

‘ মই অকলে ৰখা নাই অ’ মা¸ বিষ্ণুও লগতে আছিল। আৰু পইচা বেছি দিয়া নাই দে। দুহেজাৰৰ অলপ বেছি মাথো! কি কৰিম কচোন! বিষ্ণুৰ হাতত এটকাও নাছিল। ইফালে তাক এমাৰজেঞ্চীত সোমাইছিল।’
সঁচা কথা নকলে সি। ভাবিলে সঁচা কলে ইমানগাল টকা এনেয়ে দিয়া বুলি আপচোছ কৰিবও পাৰে।

‘ বৰ ভাল কৰিছ তই। লখেশ্বৰে চবৰে আগত কৈ ফুৰিছে বোলে¸ পলাশ ল’ৰাটো আমি ভবাৰ দৰে নহয়। বহুত ভাল।’
মাকৰ সলনি এইবাৰ দেউতাকে কলে তাক। তেওৰ চকুতো গৌৰবৰ চাঁৱনি। ভাল লাগিল পলাশৰ। হয়তো মাক-দেউতাকৰ অন্তৰখনেই তেনেকুৱা কোনোবাই সন্তানৰ সামান্য প্ৰশংসা কৰিলেই গৌৰবত বুকু ফুলি উঠে। সন্তুষ্টিৰ হাঁহি এটা মাৰিলে সি। 

‘ জাননে¸ চাকৰী যোৱাৰ বাবেই আত্মহত্যাৰ চেষ্টা কৰিছিল সি। মাকৰ বোলে কিস্তিৰ টকা যোগাৰ হোৱা নাছিল।’

‘ কিযে হব নহয়¸ আজিকালিৰ ল’ৰাবোৰ সামান্য কথাতে হতাশ হৈ যায়। আমি কিমান কষ্ট সহ্য কৰি আগুৱাই গৈছিলো। জীৱনত উত্থান পতন থাকেই।’
দেউতাকে কৈ আছিল। সি মুগ্ধ হৈ চাই থাকিল। সচাকৈয়ে কিমান কষ্ট সহ্য কৰিলে মানুহজনে। সাধাৰণ চাকৰী কৰিয়েই তিনিটা ল’ৰা-ছোৱালীক সমানে পঢ়ুৱাই ডাঙৰ কৰিলে। বহুতো দুখৰ দিন দেখিলে অথচ সততা বিসৰ্জন নিদিলে। আৰু সি নিজে দেউতাকৰ এভাগো কষ্ট নোপোৱাকৈ ইমান হতাশ হৈছিল এদিন। ভাগ্যে ভুল নকৰিলে বুলিহে নহলে…। সচাকৈ দিন একেই নাথাকে। ধৈৰ্য্যৰ বিনে ঔষধ নাই।’

‘ আচলতে উপাই নাই বুজিছ। গাঁওৰ বহু তিৰোতাই কিস্তিলৈ একো ব্যৱসায় কৰা নাই। তাৰ সলনি বেলেগ কামবোৰ কৰিছে। অথচ ঘৰৰ কামবোৰে ইনকাম নিদিয়ে। সমস্যা তাৰ বাবেই।’
চিন্তাক্লিষ্ট হৈ পৰিল মাক। অলপ ৰৈ আকৌ কলে তেও¸ 

‘ অৱশ্যে উপায়ো নাই। কিস্তি লৈ নকৰিলে ইমানখিনি টকা একেলগ দেখাও নাপায়। কাম কৰি থাকিলে দিব পাৰে আৰু!’

‘ মই এবাৰ সিঁহতৰ ঘৰৰ পৰা আহো ৰ’হ।’
কৈ বহাৰ পৰা উঠিল সি। ষ্ট’ৰ ৰুমটো খুলি চাইকেলখন উলিয়ালে। অলপ ধুলি পৰিছিল চাইকেলত। কাপোৰ এখনেৰে চাফা কৰি চাইকেলখন লৈ সি ওলাই গ’ল। সিঁহতৰ ঘৰৰ পৰা বেছি দুৰ নহয় ৰমেশৰ ঘৰলৈ। কেইঘৰমান পাৰ হলেই ৰমেশহঁতৰ ঘৰটো। তথাপিও দুপৰীয়া খোজ কাঢ়িবলৈ ভাল নালাগিল তাৰ। ৰমেশহঁতৰ পদুলি মুখৰ পৰা সি চিঞৰিলে

‘ ঐ ৰমেশ।’

--------

ৰমেশ বাৰাণ্ডাতে দীঘল বেঞ্চখনত বহি আছিল। ওচৰতে পীৰা এখনত বহি ৰমেশৰ পিতাকে ডলা বৈ আছিল। সময় পালেই ডলা¸ খৰাহী¸ বাঢ়নী সাজে মানুহজনে। সাঁজি সেইবোৰ বজাৰত বেছে। ছয়গাঁওৰ বজাৰত বেছ দৰ পোৱা যায়। বাৰীৰ এটা বাহৰ পৰা কেইবাখনো ডলা সাঁজিব পাৰি। কাজেই বন্ধৰ বাৰত ক’তো কাম নাপালে এইবোৰকে সাজি থাকে তেও। ওচৰতে চালি এখনৰ তলত ৰমেশৰ মাকে শাল বৈ আছিল। বৰ কাপোৰ এযোৰ লগাইছিল তেও। বজাৰত বৰ কাপোৰৰ বহুত দৰ। এনেকৈয়ে কাপোৰ বৈ দুপইচা ঘটি ঘৰখন চলোৱাত সহায় কৰি আছিল তেও। নহলে আজিৰ এই মহঙা দিনত ঘৰ চলোৱাটোও বৰ সমস্যা। তাতে কিছুদিন আগতে পুতেকৰ সৰ্বনাশী কাণ্ডটোৱে মানুহজনীৰ মুখত আকাশী সৰগ পেলাই দিছিল। ভাগ্যে বিষ্ণু আৰু পলাশৰ চেষ্টাত ল’ৰাটো বাছিল। নহলে…।’
কথাবোৰ ভাবি থাকোতে মাকোতে ওলাই মাটিত চিটিকি পৰিল।

‘ অ’ বাপা¸ দেচোন তুলি।’
ৰমেশলৈ চালে মানুহজনীয়ে। একো নকৈ ৰমেশে মাকোটো তুলি মাকৰ হাতত দি আকৌ বেঞ্চখনত বহি পৰিল। গুৱাহাটীৰ পৰা অহা দিন ধৰি তাক আৰু যাব দিয়া নাই মাক-পিতাকহঁতে। পিছত বিষ্ণুৱে এদিন কাপোৰখিনি আনি দি গৈছে ঘৰত। সি এতিয়াও গুৱাহাটীতে ৰেপিড’ চলাই আছে। বৌৱেকৰ লগত বেছি নজমে তাৰ। কিন্তু গুৱাহাটীলৈ নগলে সি কৰিব সি! এবাৰ ভুল কৰিছিল আৰুতো নকৰে! কিন্তু কোনেও যাব নিদিয়ে তাক। বায়েকে কৈয়েই দিছে¸ লাগিলে সি একো কৰিব নালাগে। কিন্তু গুৱাহাটীলৈ যাব নোৱাৰে।’
হুমুনিয়াহ এটা ওলাই আহিছিল তাৰ।

কথাবোৰ ভাবি থাকোতে মাতি মাতি পলাশ সোমাই আহিল। 

‘ খুৰা¸ ডলা বৈ আছা নেকি?’
ৰমেশৰ পিতাকক সুধি চাইকেলখন ষ্টেণ্ড কৰি আগবাঢ়ি আহিল সি। তাক দেখি লাজতে ৰমেশ উঠি হয়তো ভিতৰত থকা বায়েকহঁতক মাতিবলৈ যাব ওলাইছিল। দেখি হাঁহি মাৰি ৰখাই দিলে সি। 
 
‘ ঐ ৰহ¸ কত যাৱ তই। ’
পলাশ আহি কাষত বহাত লাজ-লাজকৈ অলপ আঁতৰি বহিবলৈ সুবিধা কৰি দিলে ৰমেশে।

‘ অ’ পলাশ¸ বহ বহ তোৰ খবৰ লৈয়ে থাকো বাপা। তই নাথাকিলে সিদিনা বিষ্ণুই অকলে কি কৰিলেহৈ!’
শাল ববলৈ এৰি এইবাৰ তালৈ চাই কন্দনামুৱা হৈ পৰিল মানুহজনী। হয়তো তাক দেখাৰ লগে-লগে কথাবোৰ মনত পৰি গৈছিল তেওৰ।

‘ খুৰী বাদ দে না এইবোৰ। পাহৰি যা চব।’
কৈ এবাৰ ৰমেশলৈ চালে সি। ঠিক সেইখিনি সময়তে ৰমেশৰ পিতাকে ভিতৰলৈ চাই চিঞৰিলে¸
‘ এ মাই¸ পলাশ বাপা আহিছে।’
বোধহয় কথা এইটোৱে বুজালে তেও¸ ’পলাশ আহিছে চাহ এটোপা বহা।’

‘ এতিয়া কি ভাবিছ তই? ’
ৰমেশলৈ চালে পলাশে
‘ একো ভাবিব পৰা নাই। মাহঁতে বোলে আৰু গুৱাহাটীলৈ যাব নিদিয়ে।’
তলমুৰকৈ সি কৈ থাকিল।

‘ এইবোৰ বেয়া কথা খুৰী। তাৰ কিবা এটা অসুখ হৈছিল। এতিয়া ভাল পাইছে। এতিয়া এনেকৈ ঘৰত ৰাখিলে ভাল নহব নহয়। ল’ৰা মানুহ কাম কৰিয়েই খাব লাগিব।’
ৰমেশৰ মাকলৈ চাই কলে পলাশে।

‘ কিন্তু বাপা¸ দৰমহাও বেছি নিদিয়ে। মন গলেই খেদি দিয়ে। এনেকৈনো কি কাম কৰিব কচোন?’
মাকৰ সলনি এইবাৰ ৰমেশৰ পিতাকে কলে।

‘ কি কৰিবি খুৰা। কোম্পানীৰ চাকৰীয়ে তেনেকুৱা। একো গেৰান্টি নাই। মালিকে ভালপাই থকালৈ কাম কৰি থাক¸ বেয়া পালেই ওলাই যা। তেনেকৈয়ে চবে কাম কৰি আছে। অৱশ্যে তই এটা কাম কৰিব পাৰ!’
এইবাৰ ৰমেশলৈ চালে সি।
‘ তই গাহৰি পুহিব পাৰ। আজিকালি বেছ লাভ গাহৰি বেপাৰত।’

‘ কিন্তু ’
‘ পইচা বেছি নালাগে। প্ৰথমে এটা গাহৰি পোহ। তহঁতৰ বাৰীটোও ডাঙৰ। বাৰীতে পাৰিবি। কেইমাহমান পিছত গুৱাহাটীত পোৱা টকাকেইটাতকৈ বেছি ইয়াতেই পাবি। কি জানা খুৰা…’ এইবাৰ ৰমেশৰ পিতাকলৈ চালে সি
‘ নিজে গাহৰি কাটি বেছিলৈ আৰু বহুত লাভ। যদি দিনত এটাকৈ কাটিব পাৰা¸ এহেজাৰকৈ মাহেকত কমেও ত্ৰিশ হাজাৰ লাভ। অৱশ্যে প্ৰথমে ইমান ভাবিব নালাগে বাৰু।’

‘ অ’ ঠিকেই কৈছ¸ গাঁওতো বহুত ল’ৰাই এতিয়া পুহি আছে। উপেনহঁতৰ পুতেক তিনিটাইটো গাহৰি বেপাৰ কৰিয়েই মালটনা গাড়ী এখনো আনিলে।’
এইবাৰ ৰমেশৰ পিতাকৰো মুখখন উজ্জল হৈ পৰিল। কথাবোৰ শুনি ৰমেশেও মনত সাহ পালে। ভাবিলে এবাৰ এইদৰেই কৰি চোৱা যাওক।

তৰালীয়ে গম পাইছিল সি অহা বুলি। হয়তো অলপ বেয়াকৈ আছিল তাই। গাঁৱৰে হলেও সমবয়সী লৰাটোৰ আগত ওলোৱাৰ আগতে দোপাত্তা বিচাৰি ললে তাই।

‘ অ’ পলাশ আহিছ।’
 ভিতৰৰ পৰাই তাক মাতি তৰা ওলাই আহিছিল। পিছে পিছে তাইৰ ভনীয়েকজনীও বায়েকৰ পিছফালে ৰৈ তালৈ চাই থাকিল। তাইৰ বৰ লাজ। গাওৰে ল’ৰা হলেও সকলোকে পৰাপক্ষতে নামাতেই তাই। পলাশে দুয়োজনীলৈ চাই হাঁহিলে।
তাক মাত লগাই দুয়োজনীয়ে ভিতৰলৈ যাবলৈ ওলাইছিল¸ ৰখাই দিলে সি ।

‘ তৰা¸ চাহ-তাহ নবনাবি দেই।’
‘ কিয়?’
দুয়োজনী ভনীয়েকেই আঁচৰিত হৈ একেলগেই চালে। বুজিলে সি। কলে

‘ জাষ্ট খাই আহিছো অ’ ঘৰত।’

‘ একো নহয় ৰহ বাপা। আমিও খাও।’
এইবাৰ ৰমেশৰ মাকে মাত দিলে। যেন তাক চাহ এটোপা খুৱাব পাৰিলেই সুখী হয় তেওলোক।

‘ তহঁতেই খা খুৰী। আজিকালি চাহ খোৱা কমাইছো অলপ। গেছৰ প্ৰৱলেম হয়।’
এইবাৰ আৰু কোনেও জোৰ নকৰিলে তাক।

‘ বাপা¸ তোৰ পইচাকেইটা দিওতে দেৰি হব অ’ অলপ।’
এইবোৰ কও নকওকৈ কৈ দিলে ৰমেশৰ মাকে। জীয়েকে কৈছিল তেওক সি পইচা দিয়াৰ কথা। কথাষাৰ মনত পৰাৰ লগে-লগে কৃতজ্ঞ হৈ পৰিল তেও।

‘ কি কৈছ অ’ খুৰী! ই মোৰ ভাইৰ দৰে নহয়! কিবা অলপ দিছো আৰু ঘুৰাই লম নেকি? নালাগে মোক পইচা।’
আটায়ে কিবা এক নতুন দৃষ্টিৰে চালে তালৈ। তাৰ অসহনীয় হ’ল এই দৃষ্টি। হঠাতে ইমান কৃতজ্ঞতাৰ চাৱনি সি সহ্য কৰিব নোৱাৰে। লাহেকৈ বহাৰ পৰা উঠিল সি
‘ আচ্ছা¸ মই আহোদে এতিয়া। এনেয়ে ইয়াক মাত দি যাও বুলি আহিছিলো।’

‘ যাবিয়েই নে? তামোল এখন…।’

‘ নালাগে দে খুৰা। তামোল নাখাৱেইচোন মই। আৰু ঘৰতো অলপ কাম আছে ৰ’। ঐ কামত লাগি যা আৰু। শুভেচ্ছা থাকিল।’
ৰমেশৰ পিতাকক বাধা দি এইবাৰ ৰমেশলৈ চালে পলাশে। ৰমেশে লাহেকৈ মুৰ দুপিয়ালে। মনটো ভাল লাগিছিল পলাশৰ। আনক সহায় কৰিব পৰাৰ জোখাৰে সিয়ো যোগ্য হৈ উঠা নাই। তথাপি মানুহ ঘৰক পইচাকেইটা নালাগে বুলি কৈ আপচোছ নহল তাৰ। সি দেখিছিল¸ লবলৈ অস্বীকাৰ কৰা মূহুৰ্তত সকাহ পোৱা মানুহকেইজনৰ তিৰবিৰাই উঠা চকুবোৰ। জয় হৌত জয় অগ্নিহোত্ৰীয়ে ঠিকেই কৈছিল¸ আনক সহায় কৰিলে স্বৰ্গীয় সন্তুষ্টি পোৱা যায়। কিবাকৈ আৰু দুজনক সহায় কৰিব পৰা হলে¸ তেওলোকে আৰু তিনিজনক। ওভটাৰ বাটছোৱা এটা অলীক সপোনৰ দৰে কথাবোৰ সি ভাবি যায়।

ইফালে চোতালৰ পৰাই পলাশ যোৱাৰ ফালে চাই ৰমেশৰ দেউতাকে স্বগতোক্তি কৰি উঠে¸
‘ এইটো ল’ৰাক মানুহে অহংকাৰী বুলি কয়। সচাকৈ ই বহুত বেলেগ।’

‘ পিতা¸ খেলা কৰিলেহে মানুহ চিনি পোৱা যায়। দেখা কথাবোৰ সদায় সঁচা নহবও পাৰে।’
চোতাললৈ নামি আহি এইবাৰ ৰমেশে কৈ উঠিল। সি ভাবিছিল¸ যদি কেতিয়াবা প্ৰয়োজন হয় পলাশদা আৰু বিষ্ণুৰ বাবে সিয়ো যেনেকৈ পাৰে সহায় কৰিব। সি কেতিয়াও অকৃতজ্ঞ নহয়।

********

ৰমেশহঁতৰ ঘৰৰ পৰা আহি পলাশে দেউতাকৰ লগত গোহালিৰ বেৰখন বান্ধিছিল। বৰষুণ পৰি গোহালিৰ বেৰৰ তলখন পঁচি গৈছিল। গোটেই বেৰখন খুলি দুয়োজনে এইবাৰ ওলোটাই দিয়াত আগতকৈ বেৰখন চাপৰ হৈ পৰিল। কাটি থোৱাৰ বাঁহৰ টুকুৰাকেইটাৰ পৰা দেউতাকে সি ৰমেশহঁতৰ ঘৰৰ পৰা অহা সময়কণতে খাটি চুঁচি থৈ দিছিল। এইবাৰ দুয়োজনে লাগিভাগি সেই খাটিখিনি আগৰ বেৰখনৰ ওপৰত বান্ধি দিলেগৈ। এতিয়া আগৰদৰেই হৈ পৰিল বেৰখন। মাথো বেৰখনৰ ঠায়ে ঠায়ে মাটি খহি আৰু নতুনকৈ বৈ দিয়া অংশখিনি অলপ বেয়া দেখা হৈ থাকিল। এতিয়া সেইখিনি লেপি দিলেই বেৰখন আগৰ সমানেই ধুনীয়া হৈ পৰিব। সি জানে¸ সেইখিনি কামো দেউতাকেই কৰিব। অলপ সময়ো ঘৰত এনেয়ে বহি নাথাকে মানুহজনে। কিবা নহয় কিবা কৰিয়েই থাকে। অথচ খাদ্যও তেনেই কম। 

‘ দেউতা¸ এতিয়া মচিব নালাগে আহ। কাইলৈ মচিবি।’
এবাৰ কৈ দেউতাকক মাতিলে সি। 

‘ এতিয়া নুমুচ ৰহ¸ মাটিখিনি আগতে তিয়াই থব লাগিব।’
কৈ কৈ দেউতাক ভিতৰ সোমাল। বোধহয় কোদালখন বিচাৰি। সি একো নকলে। জানে ¸ কৈ লাভ নাই। এইবাৰ বাইকখন ধুবলৈ চোতাল পালে সি। বিশদিনমান বাইকখন ধুৱা নাই।

দেউতাক ঘৰত নাই। বজাৰলৈ গৈছিল। ভায়েকো কোনোবা বন্ধুৰ ঘৰলৈ গৈছিল। ‘ মা¸ মই চ’কৰ পৰা আহো ৰহ।’

মাকক মাত লগাই চাইকেলখন লৈ ওলাই আহিল সি। মদনৰ দোকানত তাৰ লগৰকেইটাই সদায় আড্ডা দিয়ে। ঘৰলৈ আহিলে সিয়ো সিঁহতৰ সংগ দিয়ে। আজিও আহি দেখিলে সি নবীন আৰু মদন দোকানৰ ভিতৰত বহি আছে।

‘ বাইকখন লৈ আহিব লাগে। কি চাইকেল লৈ আহিছ।’
তাক দেখি ভিতৰৰ পৰাই জোকালে মদনে।
‘ ভাই¸ তেলৰ যিহে দাম¸ অলপ বাছিলেও বহুত বাচা।’
হাঁহি হাঁহি ভিতৰলৈ সোমাই গ’ল সি। এইবাৰ নবীনে অলপ অাঁতৰি তাক বহিবলৈ সুবিধা কৰি দি কলে

‘ কৃপন দেঐ তই?’

‘ যিহে দিনকাল ভাই কৃপন নহম। ’
হোঁহোৱাই হাঁহি দিলে সি। 

গাঁওত তাৰ আড্ডা দিয়া ঠাই এইখনেই। আৰু বন্ধুও এইকেইটাই। বাকীবোৰ বন্ধুক খুউব কমেইহে লগ পাই আজিকালি। যিকেইটাক পাই গোটেইকেইটাৰে বেছ হ’ল মদনৰ দোকানখন।
চাকৰী নাপাই মদনে ইলেকট্ৰিকেল দোকানখন দিছিল। দেউতাকৰ পৰা একলাখ টকা লৈ অৱশেষত দোকানখন খুলিছিল সি। বিক্ৰী বৰ বেছি নহয়। কোনোমতে চলি থাকিব পাৰে। মাজে-মাজে গাঁওৰ কাৰোবাৰ ঘৰত ৱায়াৰিং আদি কৰি দুপইচা পায়। উপাই নাই গাঁও এৰি যাব নোখোজা মদনৰ বাবে এইটোৱে বিড়ম্বনা। পলাশে ভাবে¸ যদিহে মদন অসমীয়া ল’ৰা নহৈ বেলেগ বৰ্হিঃৰাজ্যৰ হলহেতেন নিশ্চয় চহৰত ভাল ইলেকট্ৰিচিয়ান হৈ মাহেকত পঞ্চাশ হাজাৰৰো অধিক টকা ঘটিলেহেতেন। কিন্তু অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালৰ সন্তানটোৰ কিয় চহৰলৈ বিৰাগ সি বুজি নাপায়। আনহাতে নবীন এখন প্ৰাইভেট স্কুলৰ শিক্ষক। দৰমহা বেছি নহলেও টিউচনৰ টকাৰেই চলিব পাৰে।

‘ ঐ কেচটো কি অ’ ৰমেশৰ?’
তাৰ ভাৱনাত যতি পেলাই মদনে সুধিলে তাক।

‘ কি শুনিছনো?’
দুয়োটাৰে মুখলৈ চালে সি।

‘ চুইচাইদ কৰিব খুজিছিল বোলে। কিন্তু ঘৰৰ মানুহে এক্সিডেন্ট বুলি কৈ ফুৰিছে।’

‘ চুঃ ’
নবীনৰ কথা শুনি ওঠত আঙুলি লগাই দেখুৱালে পলাশে। কথাবোৰ বেছি প্ৰচাৰ নোহোৱাটোৱে ভাল।

‘ চা¸ কথাটো হয়। কিন্তু ময়েই কৈছিলো তেনেকৈ কবলৈ। কোনোবাই নুবুজি পটকৈ তাৰ মুখৰ আগতে সুধি দিব আৰু…।’

‘ হমম¸ ঠিকেই কৈছ!’
সিঁহতে সহমত প্ৰকাশ কৰিলে।

কিবা কও বুলি ভাবিছিল পলাশে। হঠাতে তাৰ ফোনত মেছেজ এটা আহিল। ডাটা অনহৈয়ে আছিল তাৰ। ঘৰৰ পৰা আহোতে এপবোৰ আপডেট দি ওলাই আহিছিল সি। নেট ঘৰত ভালকৈ নাপায়। এতিয়া মদনৰ দোকানৰ পৰা অলপ দূৰতে থকা টাৱাৰটো থকা বাবে পটাপট আপডেট হৈ গৈছিল।
পকেটৰ পৰা ফোনটো উলিয়ালে ললো

‘ হাই। গুড ইভিনিং। ’
প্ৰচ্ছায়াৰ মেছেজ। তাৰ মুখত হাঁহি বিৰিঙি উঠিল। এই মেছেজটোৰ বাবেই ৰাতিপুৱাৰে পৰা অাগ্ৰহেৰে ৰৈ আছিল সি। এটা মেছেজ। এজন মানুহৰ এটা সাধাৰণ মেছেজ কিদৰে তাৰ বাবে বিশেষ হৈ উঠে! 

‘ কি কৰি আছা?
‘ আছো লগৰবোৰৰ লগত কথা পাতি। তুমি?

‘ আছো এনেয়ে।’ অলপ ৰৈ আৰু মেছেজ পঠিয়ালে তাই
‘ কথা এটা সোধো বেয়া পাবা নেকি? ’
‘ কি কথা?’
‘ তোমাৰ সেই প্ৰেমৰ বিষয়ে জানিব খোজো। যদিহে বেয়া নোপোৱা!’
ডাটা অফ কৰি দিলে সি।
হুমুনিয়াহ এটা ওলাই আহিছিল পলাশৰ। প্ৰচ্ছায়াই জানিব খুজিছে তাৰ কলংকিত ইতিহাস। যিটো পাহৰিবলৈ প্ৰাণপনে চেষ্টা কৰিছে। 

‘ ঘৰলৈ গৈ ক’ম হা। এক্সুৱেলি গাঁৱলৈ আহিছো আজি।’
ডাটা অন কৰি মেছেজটো পঠিয়াই অলপ সময় ৰৈ গ’ল।

‘ অ’কে। ’
তাইৰ মেছেজটো অহাৰ লগে-লগে পুনৰ ডাটা অফ কৰি দিলে।

মনটো ভাৰাক্ৰান্ত হৈ পৰিছিল তাৰ। মদন আৰু নবীনক মাত দি সোনকালে ঘৰলৈ উভতি আহিল সি। মুখ হাত ধুই ভাত খালে আৰু বিচনালৈ আহিল। আনকালে ভাত খোৱাৰ পিছতো কথা পাতে সি ঘৰৰ মানুহবোৰৰ লগত। আজি তাৰ মন নগল। বিচনাত উঠি মোবাইলটোলৈ চালে সি। কিছুমান কথাৰ কিছুমান নিৰ্দিষ্ট সময় থাকে। সেই সময়ে নিৰবতাৰ উমেৰে জীপাল কৰে।

‘ প্ৰচ্ছায়া¸ সকলো সময়তে কিছুমান কথা কবলৈ অসুবিধা। অথনি সেয়ে কব নোৱাৰিলো। লগৰকেইটাৰ আগত চকুপানীখিনি কেনেকৈ মছিলোহেতেন! নাজানো তুমি বিশ্বাস কৰা নে নকৰা¸ নাজানো কি ভাবি লোৱা¸ তথাপি সকলো কম। 

মেছেজটো পঠিয়াই একমূহুৰ্তলৈ বাট চালে সি। তাই এতিয়া অনলাইন নাই। আধাঘন্টা আগলৈকে আছিল। তথাপি এপলক ৰ’ল। কিন্তু তাই এতিয়া আহক বা নাহক¸ সি কব। আৰম্ভনিৰে পৰা খুলি কব।

‘ উম¸ কোৱা।’
সি ভবাৰ বোধহয় তাই ডাটা অফ কৰি শুই যোৱা নাছিল। অলপ পিছতে তাৰ মেছেজটো চিনহৈ তাইৰ পৰা মেছেজ এটা আহিল।

____

আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib