Now you can Subscribe using RSS

Submit your Email

Wednesday 3 June 2020

Bad boy ঃ 15

Unknown


                            [ পোন্ধৰ ]

চকু দুটা মুদি এবাৰ দীঘলকৈ উশাহ ললে পলাশে। ভাবিলে¸ কেনেকৈ অাৰম্ভ কৰিব কথাবোৰ। যিবোৰ সি পাহৰো বুলিও পাহৰিব পৰা নাই। কিয় বাৰু জানিব খুজিছে প্ৰচ্ছায়াই? চকু দুটা মেলিলে সি। এবাৰ কোঠাটোৰ চাৰিওফালে চালে এনেয়ে। তাৰ পিছত মোবাইলটো লৈ হোৱাটচ্এপ খুলিলে¸

‘ নাজানো কিয় এনে হয়। যদি কাৰোবাক বহুত বেছি ভালপাও¸ যদি নিজৰ জীৱনতকৈয়ো অধিক মূল্য দিও কাৰোবাক¸ যেনেকৈ হলেও সদায় কাষত ৰাখিব মন যায়। নাজানো সেয়া প্ৰেম আছিল নে পাগলামি। প্ৰতি মূহুৰ্ততে দেখোন তেওৰ নামেৰেই সুবাসিত হৈ থাকে বুকু। আজিও বুজি নাপালো¸ কিয় তেতিয়া নিজক হেৰুৱাই গৈছিলো। কিয় পাহৰি পেলাইছিলো মই কোন! কি মোৰ বেকগ্ৰাউণ্ড! কি মোৰ সপোন¸ মোৰ আশা! কাৰোবাক চিৰদিনলৈ কাষত পোৱাৰ আশাই মোক এনে এখন কল্পনাৰ জগতলৈ লৈ গৈছিল¸ য’ত মাথো ধুনীয়া অনুভূতিবোৰৰ বাহিৰে একোৱেই নাছিল।’
এইখিনি লিখি পলাশ অলপ ৰ’ল। উঠি গৈ বিচনাৰ কাষত থকা জগটোৰ পৰা পানী দুঘোট পি খালে। সেই কথাবোৰ এনেকৈয়ে পটকৈ কৈ দিয়া সহজ নহয়। 
আকৌ মোবাইলটো হাতত ললে সি¸

‘ মই তাইক লগ পাইছিলো কলেজত। জীৱন গঢ়িবলৈ গুৱাহাটীলৈ আহিছিলো। (গাঁৱৰ পৰা চহৰলৈ ইমানবোৰ কলেজ এৰি কিয় আহিছিলো সেয়াও এক অধ্যায় ) সৰুৰে বৰ লাজকুৰীয়া আছিলো। ছোৱালীৰ চকুলৈ চাবলৈ লাজ লাগিছিল। তেনেকুৱা দিনবোৰতে এদিন লগ পাইছিলো তাইক। কলেজ উইকত নাটক এখনত মোৰ প্ৰেয়সীৰ ৰোল কৰিছিল তাই। তেনেকৈয়ে আমি কাষ চাপি গৈছিলো। সমাজৰ প্ৰাচীৰ নমনা সাহসী ছোৱালী আছিল তাই। আমাৰ দুয়োৰে সপোনবোৰ এক হৈ গৈছিল। দূচকুত সদায় দূৰন্ত সপোন আছিল মোৰ। কেতিয়াও হাৰ মনা নাছিলো। তাই মোৰ কাষতে আছিল যে। আমাৰ সম্পৰ্ক গভীৰৰ পৰা গভীৰলৈ গুচি গৈছিল। পাঁচবছৰ হৈ গৈছিল। আৰু এদিন হঠাতে অমানিশা নামি আহিছিল। কিবা এটা কামৰ মই দুমাহৰ বাবে গুৱাহাটীত নাছিলো। সেই দূমাহত যোগাযোগবোৰ নোহোৱা হৈ গৈছিল। উভতি আহি তাইৰ সতে যোগাযোগ কৰিব পৰা নাছিলো। তাৰ মোৰ ফোন ৰিচিভ কৰা নাছিল। পিছলৈ তাইৰ নম্বৰত ফোন নলগা হৈছিল। আচৰিত হৈছিলো। ভাবিছিলো¸ চাগে যোৱা দূমাহত তাইক লগ কৰিব নোৱাৰা বাবে তাইৰ অভিমান হৈছিল। এদিন লগৰ এজনে কৈছিল তাই হেনো আন কাৰোবাৰ প্ৰেমত পৰিছিল। মোৰ বিশ্বাস হোৱা নাছিল। তাইক লগ কৰিবলৈ তাইৰ সকলো বন্ধুৰ কাষ চাপিছিলো। একো কামত অহা নাছিল। তেনেতেই এদিন বজ্ৰপাত পৰিছিল মোৰ মুৰত। কিবা এটা কামত আহোতে তাইক দেখিছিলো এক সুঠাম যুবকৰ সতে। মই স্তম্ভিত হৈ পৰিছিলো। শ্বপিং মলৰ সেই সমাবেশৰ মাজতো সেই যুবকে তাইৰ ককালত ধৰি নিজৰ বুকুলৈ চপাই লৈছিল। খঙত ক্ষোভত ফাটি পৰিছিলো মই। তাইক মাতিবলৈ আহোতেই দুয়োটা ওলাই আহিছিল। মোৰ বুকুত জুই জ্বলিছিল। প্ৰথমবাৰৰ বাবে সিঁহতৰ ঘৰগৈ ওলাইছিলো মই। দৰ্জাখন খুলি মোক দেখি তাই উচপখাই উঠিছিল। হয়তো আঁতৰি গ’লহেতেন¸ কিন্তু তাৰ আগতেই মই তাইৰ বাহুত ধৰি পেলাইছিলো।

‘ পলাশ প্লিজ¸ এৰি দিয়া। তুমি যোৱা ইয়াৰ পৰা।’
মোৰ চকুলৈ চাব পৰা নাছিল তাই।

‘ কিয় কিয় এনে কৰিলা তুমি? কি দোষ কৰিছো মই? ’
মই তাইৰ বাহুত ধৰি জোকাৰি দিছিলো। সৰসৰকৈ চকুলো ওলাই আহিছিল মোৰ। কেনেকৈ তাই চব পাহৰি পেলাব পাৰে! কেনেকৈ তাই ঠগিব পাৰে! তাইতো আমাৰ আহিবলগা সন্তানৰ পৰ্য্যন্ত নাম ঠিক কৰি পেলাইছিল।
হয়তো মোৰ মাতটো ডাঙৰকৈয়ে ওলাইছিল। মাক ওলাই আহিছিল। পিছে পিছে সেই সুঠাম যুবক। মোৰ মুৰটো দুগুনে গৰম হৈ গৈছিল। 

‘ কি হৈছে এইবোৰ? কোন ই?
মাকে গৰজি উঠিছিল। মোৰ কাণত সোমোৱা নাছিল। মাথো ফেঁকুৰী উঠিছিলো তাইৰ দুহাতত ধৰি।
‘ তুমি কিয় এনেকুৱা কৰিলা?’
মোৰ হাতৰ পৰা হাতদুখন আঁতৰাই তাই মাথোন কৈছিল¸ ‘যোৱা ইয়াৰ পৰা।’
আৰু তেতিয়াই মোৰ মুখত পৰিছিল সেই সুঠাম পুৰুষৰ প্ৰচণ্ড ঘোচা। 
‘ তোক যাব কৈছে শুনা নাই?’
মাটিত বাগৰি পৰাৰ পৰাই মই তালৈ চাইছিলো। নাকেৰে এসোঁতা তেজ বৈ আহিছিল। দপকৈ মোৰ চকু দুটা মোৰ জ্বলি উঠিছিল। আৰু মই মানুহৰ পৰা হিংশ্ৰ বাঘ এটালৈ ৰূপান্তিৰত হৈছিলো। উপৰ্যুপৰি আঘাট কৰিছিলো সেই যুবকৰ দেহত। 

‘ ষ্টপ ইট বাষ্টাৰ্ড। গেট আউট।’
প্ৰচণ্ড জোৰেৰে মোৰ গালত চৰ এটা মাৰিছিল তাই। বাকৰদ্ধ হৈ পৰিছিলো মই। মনলৈ ভাৱ আহিছিল¸ কিয় মৰিছিকা খেদিব খুজিছো। জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰো। তীব্ৰ ক্ষোভত মুখলৈ নোচোৱাকৈয়ে উভতি আহিছিলো। আবেলিলৈ পুলিচ আহিছিল। গোটেই ৰাতি মোক ভালপোৱাৰ পুৰস্কাৰ দিছিল। কিন্তু নাজানিলো কি কাৰণে পিছদিনা মোক মুকলি কৰি দিলে। আৰু তেতিয়াৰ পৰাই মোৰ পিঠিত লেবেল লাগি গল বেডবয়।

প্ৰচ্ছায়া¸ মই আচলতে মহা ভুল কৰিছিলো তেতিয়া। এতিয়া অনুভৱ কৰো¸ ইমান কিয়যে বিদ্ৰোহী হৈ পৰিছিলো। প্ৰেম মানেইতো প্ৰাপ্তি নহবও পাৰে। তাই যোগাযোগ বন্ধ কৰি দিওতেই যদি সহজভাৱে ললোহেতেন। যদি ময়ো আন ছোৱালীৰ প্ৰেমত পৰিব পাৰিলোহেতেন চাগে বদনামটোও নহলহেতেন! কি কৰিবা¸ বয়সেই আছিল সেইটো তেনেকুৱা! চৌবিশ পশিচ বছৰ বয়সত নিজকে ৰজা যেন লাগে। ভাৱ হয়¸ সকলোৱে কৰিব পাৰিম। কি দূৰন্ত মন¸ কি অদম্য সাহস! এতিয়া অনুভৱ কৰো সেয়া আচলতে বয়সৰ টগবগ তেজৰ উত্তাপৰ বাহিৰে একোৱেই নাছিল।’

কথাবোৰ পঢ়ি কি কব ভাবি নাপালে প্ৰচ্ছায়াই। অকপট স্বীকাৰোক্তিখিনি পঢ়ি তাইৰ মনটো কেনেবা লাগিল। তাৰ সেয়া বয়সৰ দোষ বুলি নিজেই স্বীকাৰ কৰিছে। ৰিপ্লাই নিদিয়াকৈয়ে শুই থাকিব নেকি বাৰু! এবাৰ ভাবিলে তাই। না¸ চাগে অভদ্ৰামি হবগৈ। একো ঠিক কৰিব নোৱাৰি তাই চাটবক্সলৈ চাই তাৰ পৰৱৰ্তী মেছেজটোৰ অপেক্ষাত ৰ’ল। তাই দেখিছিল¸ চাট বক্সত ফ্লাছ হৈ আছিল¸ পলাশ ইজ টাইপিং ।

খুট 
আকৌ মেছেজ এটা আহিল। 

‘ মানুহে কোৱাৰ দৰে চাগে সচাকৈয়ে মই বেডবয় ন! অৱশ্যে এতিয়া আগৰ সেই দূৰন্ত মন আৰু সাহস নাই। বহুত সলনি হ’ল চাগে। অৱশ্যে মইহে ভাবো। মানুহে বেডবয় ভাবিলে মোৰ উপাই নাই।’ তাৰ পিছত এটা লাফিং ইমোজি।

টেক্সখিনি চিলেক্ট কৰি একেই ইমোজি এটা পঠিয়ালে। তাৰ পিছত তায়ো টাইপ কৰিলে

‘ তোমাৰ স্বীকাৰোক্তিখিনি ভাল লাগিল। জীৱনৰ পৰা শিকাখিনিহে আচলতে বেষ্ট এডুকেচন। জাষ্ট ফৰগেট ইট¸ এন্দ গো এহেড।’

স্মাইলী এটাৰে সৈতে পলাশৰ মেছেজ আহিল¸ ‘ থেংক ইউ।’

লীমাই কোৱা কথাবোৰৰ সতে পলাশৰ কথাবোৰ মিলা নাছিল। তাইৰ মন গৈছিল কেনেবাকৈ কথাবোৰ মিলাই চাব পৰাহেতেন! 
‘ গুড নাইট লিখি পঠিয়াই ডাটা অফ কৰি দিলে তাই। এতিয়া শুব লাগে। বাৰ বাজি গৈছে। 

পলাশেও গুড নাইট লিখি পঠাই দিলে। চেন্ট হোৱাৰ পিছত ডাটা অফ কৰি জোৰকৈ চকুদুটা মুদি দিলে। সি জানে¸ টোপনি সহজে নাহে। তথাপিও এবাৰ চেষ্টা কৰিলে সি¸ এঘন্টাৰ পিছত হলেও টোপনি আহিব।

*****                      

পিছদিনা অফিচ পোৱালৈ অলপ দেৰি হৈছিল পলাশৰ। ঘৰৰ পৰা সি সোনকালেই ওলাইছিল। কিন্তু বাটতে চকা এটা পামচাৰ হৈ ভালেমান দুৰলৈ ঠেলি ঠেলি পামচাৰ বনাই অফিচ পাইহি মানে এঘাৰ বাজো বাজো হ’ল। ল’ৰালৰিকৈ সোমাওতে লিফ্টৰ ওচৰতে সি প্ৰচ্ছায়াৰ মুখামুখি হ’ল। 

‘ গুড মৰ্নিং ’
ধুনীয়াকৈ হাঁহিলে তাই। সিয়ো সঁহাৰি দিলে। তাৰ মন গৈছিল কথা এষাৰ পতাৰ। কিন্তু তাই ৰৈ নাথাকিল।

দিনটো আৰু তাইক লগ নাপালে সি। বৈশ্যদাৰ সতেও তাৰ বেছি কথা পতা নহল। দিনটো ভীষণ ব্যস্ততাৰে পাৰ হৈ সন্ধিয়া ৰুম সোমোৱাৰ পিছতহে তাৰ মনত পৰিল। কালি সেই কথাবোৰ কথাবোৰ কোৱাৰ পিছত প্ৰচ্ছায়াৰ সতে কথা পাতিবলৈ মন গৈছিল তাৰ।

কাপোৰ সাজ সলাই মুখ-হাত ধুই তাইলৈ মেছেজ এটা কৰিলে সি।
‘ গুড ইভিনিং ’

নাই¸ তাইৰ একো ৰিপ্লাই নাহিল। তাই অনলাইন হৈ থকা নাছিল। 
----

‘ অই চাচোন’
অলপ ভাবি সন্ধিয়া পলাশে লিখা কথাবোৰ লীমালৈ ফৰৱাৰ্ড কৰি দিছিল প্ৰচ্ছায়াই। কও নকওকৈ দিনত কোৱাই নহল তাইৰ। কিয় জানো শেষত তাইৰ মন গৈছিল কথাবোৰ লীমাক কবলৈ। কথাবোৰ লীমাৰ পৰাহে আৰম্ভ হৈছিল।

লীমাই পঢ়িছিল কথাবোৰ। তায়ো দোমোজাত পৰিছিল। এফালে বায়েকহঁতৰ মুখত শুনা কথাবোৰ আনফালে সি লিখাখিনিৰ মাজত আকাশ পাতাল প্ৰভেদ। আচলতে কোনে কাক ঠগিছিল বাৰু। আন ছোৱালীৰ লগত সম্পৰ্ক ৰাখি বায়েকক ঠগি অহাৰ অভিযোগ তাৰমানে মিছাও হব পাৰে! কথাবোৰ কব নোৱাৰি। মানুহ পটকৈ চিনা নাযায়।

‘ ঐ¸ ক না। ’
আকৌ এবাৰ সুধিছিল প্ৰচ্ছায়াই।
‘ মই কব নোৱাৰো। মানুহ চিনাটো বৰ টান। যিদৰে এই কথাবোৰ পঢ়ি মিছা বুলি কবলৈ অসুবিধা। একেদৰে বাৰ কথাবোৰো মিছা বুলি কব নোৱাৰো।’

‘ এক্টজেক্টলী। ’
‘ বাট হোৱাই আৰ য়ু ইন্টাৰেষ্টেড টু হিম বেবী? ডু য়ু হেভ এনি চফ্ট কৰ্ণাৰ ফ’ৰ হিম?’
প্ৰচ্ছায়াক জোকালে লীমা। 

‘ ন’¸ আই ৱান্ট টু জাষ্ট জাষ্টিফাই দ্যাট মেটাৰ।’

‘ অ’কে ’
হাঁহি হাঁহি ফোনটো ৰাখিলে লীমাই।
প্ৰচ্ছায়াৰ ভাল লাগিছিল। তাই ভাবিছিল¸ ফ্ৰেইণ্ডশ্বিপ থাকক বাৰু। মাথো সাবধানে চলিলেই হ’ল।

খুটকৈ তাইৰ হোৱাটচ্এপত মেছেজ এটা আহিছিল। ‘ গুড ইভিনিং ’ মেছেজটো চেন্ট কৰি উঠি আহিছিল তাই মাকৰ কাষলৈ। পাকঘৰত মাকে অকলে আছে। অলপ সহায় কৰি দিয়াই ভাল। 

---
একেই সময়তে ভাতকেইটা বহাই দি এনেয়ে এবাৰ নিয়মমাফিক ফেচবুক খুলিছিল পলাশে। সময় কটাবলৈ ফেচবুকত ভাল। বাৰে-ভচহু কথাবোৰৰ লগতে বহুত ভাল ভাল চিন্তাকৰ্ষক লেখাও আহে। বেয়াবোৰ বাদ দি ভাললগাবোৰ চাই যাই সি।  কিছুমান গল্প কবিতাই মন চুই যাই। পৰাপক্ষত ভাৰ্চুৱেল কাজিয়াবোৰত সোমাবলৈ মন নাযায়। হঠাতে এটা পোষ্টত চকু ৰৈ গ’ল তাৰ। 

‘ মৰি যাব মন গৈছে মোৰ।
আৰু জীয়াই থাকিব মন যোৱা নাই। এনেকৈ কান্দি থকাটো বৰ যন্ত্ৰনাদায়ক।
কাৰোৱেই ওচৰত মোৰ প্ৰয়োজন নাই।’

লৰালৰিকৈ পোষ্টকৰ্তাৰ প্ৰফাইলটো চালে সি। এটা কম বয়সীয়া ডেকা ল’ৰা। তেনেই সৰু ল’ৰা। বয়স একৈশ বাইছৰ বেছি নহব। কিছুদিনৰ পৰা একেই ধৰণৰ পোষ্ট তাৰ। নিৰাশাবাদী। যেন চৰম হতাশাতহে ভূগিছিল সি। মনটো হাঁহাকাৰ কৰি উঠিল পলাশৰ। কিমান অসহায় হ’লে¸ কিমান অকলশৰীয়া হ’লে মানুহে এনেকৈ নিজকে  উদঙাই দুখ কৰিব পাৰে! তাতে বয়সটোৱেই তাৰ বেয়া। এনেকৈয়ে যদি কিবা নকৰিবলগীয়া কৰি পেলাই! কি সমস্যা বাৰু তাৰ। প্ৰেয়সীয়ে এৰি গৈছে¸ জীৱিকাৰ টেনচন নে কিবা! নাই পলাশে কৰিবপৰা একোৱেই নাই। কমেন্টবোৰ চালে সি
‘ মন বেয়া নকৰিবা’
‘ কি হৈছে?’
‘ বি পজিটিভ’
জাতীয় এগালমান কমেন্ট। নাই¸ কাৰো মন্তব্যৰে সি উত্তৰ দিয়া নাই। পলাশ আচৰিত হ’ল যেতিয়া তাতো দুজনমানে হাঁহা ৰিয়েক্ট দিলে। আনৰ দুখতো কি হাস্যৰসৰ সন্ধান কৰে। এইবাৰ নিজৰে হাঁহি উঠিল তাৰ¸ নিজৰ ওপৰত। নিজৰ যন্ত্ৰনাবোৰ সামৰি আনৰ দুখৰ সমভাগী হোৱাৰ কি কিয় বাৰু ইমান হেঁপাহ। নিজকে নিজে কলে সি¸ অন্তঃত নিজৰ সন্তুষ্টিৰ বাবেই সেয়া প্ৰয়োজন।

অলপ ভাবিলে সি। চিঠি এখন নোটপেডত টাইপ কৰিলে¸

প্ৰিয় ভাৰ্চুৱেল বন্ধু¸
আশাকৰো এতিয়া কুশলে আছা। ময়ো কুশলে আছো। জীৱনৰ যুদ্ধত যদিও বিপৰ্যস্ত হৈ পৰিছো¸ কিন্তু আশাবোৰ হেৰুৱাই পেলোৱা নাই। তোমাৰ এই ফেচবুক পোষ্টটোৱে বৰ দুখ দিলে। ইমান নিৰাশাবাদী কিয় হোৱানো বাৰু! কিয় আত্মহত্যাৰ কথা কোৱা! পলায়নেই কি জীৱনৰ শ্ৰেষ্ঠ বিজয়! তুমি লিখিলা¸ এই পৃথিবীত তোমাৰ থাকিব মন নোযোৱা হৈছে। তোমাৰ সমান দূখী এই পৃথিবীত কোনো নাই। কিয় ক’লা বাৰু তেনেকৈ! এনেকুৱা হৈছোনো কি তোমাৰ লগত? হয়তো তুমি ভাল সংস্থাপন পোৱা নাই¸ হয়তো চবৰে এলাগী হৈছা। হয়তো সমনীয়াবোৰৰ সমকক্ষ হব নোৱাৰি হীনমান্যতাত ভূগিছা। হয়তো তোমাৰ প্ৰেমিক বা প্ৰেমিকাই তোমাক ঠগিলে। হয়তো কিবা কাৰণে জীৱনৰ বাটত পদে-পদে উজুটি খাইছা। হয়তো তোমাক মানুহে নিচিনি বেয়াকৈ বদনাম কৰিছে। হয়তো…হয়তো…। কি মাথো এটা অযুহাতেই যথেষ্ট নিজক হৰুৱাবলৈ! আচলতে দূখৰ সংজ্ঞাটোনো কি বাৰু? এটা মাথোন মনৰ অস্থিৰ অৱস্থাহে। মনটোক স্থিৰ কৰি বুজোৱা¸ দেখিবা সকলো ঠিক হৈ যাব। এই পৃথিবীত মাথো তুমিয়েই অকলশৰীয়া নোহোৱা¸ যিয়ে মাথোন সফলতাৰ পৰা বঞ্চিত হৈ আছে। তোমাতকৈয়ো অধিক দুখ পায়ো মানুহে যুঁজি আছে জীৱনৰ সতে। মোৰ মায়ে কয়¸ মন বেয়া লাগিলে সদায় তললৈ চাব লাগে আৰু অহংকাৰ ভাৱ মনলৈ আহিলে আকাশলৈ চাব লাগে। এই কথাষাৰীৰ গুঢ়াৰ্থ এবাৰ বুজিবলৈ চেষ্টা কৰিবাচোন। তুমি দেখোন সৰ্বশ্ৰান্ত নোহোৱা। সাময়িক হতাশাক তেন্তে কিয় প্ৰশ্ৰয় দিছা? কিতাপবোৰৰ ভাললগা কথাবোৰ¸ চিনেমাৰ ভাললগা কথাবোৰ মনত পেলাবাচোন। মনটো ভাললাগি যাব। কোনোনো কয়¸ জীৱনটো ফিল্মী নহয় বুলি? জীৱনটোও দেখোন এখন চিনেমাই মাথো শ্ল’মোচনত চলি থকা। হতাশাৰ ভাৱ মনলৈ আহিলেই মনটোক বুজাবা¸ যে এই সময়ো চিৰস্থায়ী নহয়। আচলতে কি জানা বন্ধু¸  যেতিয়ালৈকে আমি নিজৰ ওচৰত হাৰি নোযোৱা কোনেও হৰুৱাব নোৱাৰে। ৰাতি শেষ হলে দিন আহেই। গতিকে যুঁজি থাকা। হাৰি হাৰি হলেও যুঁজি থাকা। কান্দি কান্দি হলেও হাঁহিবলৈ চেষ্টা কৰা। মনে বিছৰা ধৰণে কামবোৰ কৰি যোৱা। দুনীয়াৰ পৰোৱা নকৰাকৈ হাঁহি থাকা। দেখিবা এদিন সুখে তোমাৰ কাষলৈ ঢাপলি মেলিব।
 আৰু বেছি নিলিখো। সুখী হৈ থাকা¸ হাঁহি থাকা।

ইতি -
তোমাৰ ভাৰ্চুৱেল বন্ধু 
‘অচিনাকী’

চিঠিখন ৱালত পোষ্ট কৰি দিলে। ল’ৰাটো ফ্ৰেইণ্ডলিষ্টত আছে ¸ নিশ্চয় দেখিব লাগে।
কিবা এটা ভাবি ল’ৰাটোৰ ইনবক্সতো পঠিয়াই দিলে। যাহঃ বেয়া পালেও পাব।
মনটো ভাৰাক্ৰান্ত হৈ পৰিছিল তাৰ। ৰক্ষা পাবলৈ মোবাইলটো বিচনাখনত দলিয়াই টেবুলৰ পৰা কিতাপখন তুলি ললে সি। উপন্যাসখন আধাপঢ়া হৈ আছে তাৰ। নাম বহুত শুনিছিল আগতে পঢ়াহে হোৱা নাছিল। আৰ্নেষ্ট হেমিংৱেৰ দ্যা ওল্ড মেন ইন চি। বুঢ়া মানুহজনে কেনেকৈ নিৰাশ নোহোৱাকৈ সাগৰলৈ মাছ মাৰিবলৈ যায় তাৰেই কাহিনী। মানুহৰ মুখত শুনি শুনি কিতাপখনে বৰকৈ আকৰ্ষিত কৰিছিল তাক।
সেই কাহিনীটো জীৱন যুঁজৰ কাহিনী।
হাৰি হাৰি জিকি যোৱাৰ কাহিনী।

ৰাতি শুবলৈ লোৱাৰ সময়ত ডাটা অন কৰিলে সি। প্ৰচ্ছায়ালৈ মেছেজ পঠিয়াইছিল¸ ৰিপ্লাই বা কৰিলে নে নাই। 
ডাটা অন কৰাৰ লগে-লগে হোৱাটচ্এপ আৰু মেছেণ্ডাৰত কেইবাটাও মেছেজ আহিল। হোৱাটচ্এপত প্ৰচ্ছায়াৰ মেছেজ এটা আহিছিল¸ ‘গুড ইভিনিং।’ কিবা লিখিবলৈয়ো ৰৈ গ’ল সি। থাকক এতিয়া নোসোধে একো। এইবাৰ চাট গ্ৰুপৰ অদৰকাৰী ভিডিঅ’ কেইটা নাচাই ডিলিট কৰি দিলে। তাৰ পিছত মেছেঞ্জাৰৰ মেছেজটোৱে খুলিলে সি। 

‘ থেংক ইউ দাদা।’
‘ সাহস পালো। যদি বেয়া নাপাই নম্বৰটো দিবচোন। কথা পাতিম।’

মনটো ভাল লাগি গৈছিল পলাশৰ। যাহওক তাৰ চুটি চিঠিখনেযে কাৰোবাক সাহস দিয়া শুনিছে¸ সেয়াও ডাঙৰ প্ৰাপ্তি তাৰ বাবে। 

‘ আশাকৰো কথাখিনি বুজিছা। ফোন কৰিবা।’ নম্বৰটো দি হাঁহি দিলে সি।

এইবাৰ প্ৰচ্ছায়াৰ ভাবনাৰ সৈতে ভালকৈয়ে একাত্ম হব পাৰিব সি।
******

আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib