Now you can Subscribe using RSS

Submit your Email

Friday 5 June 2020

Bad boy ঃ 16

Unknown

                                [ ষোল ]

‘ ইমান ধুনীয়া কথাবোৰ কোৱা¸ অথচ মানুহে বেয়া দেখা কামবোৰ কিয় কৰা?’
তাক দেখি হাঁহি মাৰি কলে প্ৰচ্ছায়াই। বাহিৰৰ পৰা আহি এবাৰ বৈশ্যদাৰ অফিচত সোমাইছিল সি। কথা এটা কৈ ওলাই আহিছিল। প্ৰচ্ছায়াৰ কথা শুনি আঁচৰিত হৈ গ’ল সি। কিবা ভাল কথাৰ কলে তাই। 

প্ৰচ্ছায়াই একো নকলে। লাহেকৈ হাতত থকা মোবাইলটো খুলি দেখুৱাই হাঁহি হাঁহি কৈ উঠিল।

‘ এইটোৰ কথা কৈছো মই।’

‘ অ’ ল’ৰা এজন হতাশ হৈছিল। সেয়েহে এনেয়ে অলপ।’
সামান্য হাঁহিলে সি। ছোৱালীৰ প্ৰশংসা পালে এনেয়েও বুকুখন ফুলি যায়। 
‘ অ’ তুমি আকৌ কিবা বেয়া কামৰ কথা কলা যে?’
এইবাৰ সামান্য চিন্তিত হোৱা যেন দেখুৱালে সি।

‘ অ’ সেই ফটোখনৰ কথা কৈছো। য’ত মদৰ গ্লাছ হাতত লৈ কেপচন লিখিছা। এতিয়া আকৌ নকবা কোনখন বুলি! বহুত তলত পৰিল চাগে। বিচাৰিব নোৱাৰো এতিয়া।’
আকৌ হাঁহিলে তাই।

পলাশ অলপ আচৰিত হৈছিল। তাৰমানে তাই তাৰ প্ৰফাইল খুচৰিছেগৈ। কৈ দিলে সি¸

‘ অ’ তাৰমানে তুমি মোৰ প্ৰফাইল খুচৰিছা?’
‘ অবকোৰ্ছ¸ মই জানিব লাগিব ভাই কেনেকুৱা মানুহৰ লগত ফ্ৰেইণ্ডশ্বিপ কৰিছো।’
আকৌ হাঁহিলে তাই। সিয়ো হাঁহিলে।

‘ কিন্তু প্ৰচ্ছায়া¸ ফেচবুকৰ পোষ্টলৈ মানুহৰ কেৰেক্টাৰ জাষ্টিফাই কৰিব পাৰি জানো! কিজানি কি ঠিক¸ বাহ বাহ লবলৈয়ে ভালকৈ লিখিছো।’

‘ সেইটো হয়। কিন্তু মানুহ চিনাৰ বেলেগ উপাই আছে জানো! মাত-কথাৰ পৰাইতো চিনিবলৈ প্ৰয়াস কৰা যায়।’

‘ হমম। কিন্তু তুমি মোৰ ফেচবুক খুচৰিবা পাৰা¸ অথচ ৰিকুৱেষ্ট পঠাব নোৱাৰা ন?’
সামান্য অভিমানৰ সুৰেৰে কলে সি

‘ চোৱা ফেচবুক।’
কৈয়ে যাবলৈ ওলাল তাই। দেখিছিল জিএম ছাৰ কেবিনৰ পৰা ওলাই আহিছিল। তেনেকৈ ৰৈ কথা পাতিবলৈ ভাল নালাগিল। যোৱাৰ আগতে মাথো কৈ গ’ল¸

‘ ইভিনং তোমাৰ লগত ভালকৈ কথা পাতিম দিয়া। এতিয়া বাই।’
ধুনীয়াকৈ হাঁহি এটা মাৰি আঁতৰি গ’ল তাই।
তাৰ মনটো পুলকিত হৈ পৰিল। আজি প্ৰথমবাৰৰ বাবে ইমান দেৰিলৈ তাৰ লগত ফ্ৰী হৈ কথা পাতিলে তাই। আকৌ কথা পতাৰ প্ৰতিশ্ৰুতি দি গ’ল। লৰকী হচি তো ফচি। সুহুৰিয়াই সুহুৰিয়াই আঁতৰি আহিল সি।

‘ পলাশদা¸ আজি মনটো বৰ ভাল দেখিছো আপোনাৰ।’
মনৰ ফুৰ্তিতে পলাশে পাহৰি পেলাইছিল যে সি এতিয়া অফিচতহে আছে। হঠাতে পিছফালে কোনোবা ছোৱালীৰ মাত শুনি উচপখাই উঠিল। 
ৰাণীয়ে তাৰ পিছে পিছে মুখ টিপি হাঁহি আহি আছিল।
‘ নাই এনেয়ে। ’
লাজকুৰীয়া হাঁহি এটা মাৰি সুহুৰি বন্ধ কৰিলে সি। লাজ লাগিছিল তাৰ। সোনকালে নিজৰ কেবিনত সোমাই সি দীঘলকৈ উশাহ এটা ললে। হঠাতে মনত পৰাত ফেচবুক খুলিলে সি। 

‘ ধুনীয়া। প্ৰেৰণাদায়ক চিঠি।’
তাৰ যোৱাকালিৰ পোষ্টটো লাইক কৰি প্ৰচ্ছায়াৰ এটা কমেন্ট। লগতে ফ্ৰেইণ্ড ৰিকুৱেষ্টো পেণ্ডিং হৈ আছে। মনটো ভৰি গ’ল পলাশৰ। লৰালৰিকৈ ৰিকুৱেষ্ট একচেপ্ত কৰি তাইৰ মন্তব্যটোত ৰেড হাৰ্ট দিবলৈ গৈয়ো ৰৈ গ’ল। নাই নালাগে লাইকটোৱেই ভাল। ৰেড হাৰ্ট দিলে বা কি ভাবে।
তাৰ ভাৱ হৈছিল¸ যেন তাৰ দিন ভাললৈ আহিছিল। উকা জীৱনলৈ যেন আকৌ বৰষাৰ আগমন ঘটিছিল। প্ৰথমে পুৰণি চাকৰিবোৰৰ তুলনাত ভাল চাকৰিটো¸ বৈশ্যদাৰ দৰে আন্তৰিকতাৰ সুহৃদ আৰু লাহে-লাহে প্ৰচ্ছায়াৰ ফ্ৰেইণ্ডশ্বিপে যেন মধুৰ দিনবোৰ লৈ আনিছিল। কিন্তু সপোনবোৰ সঁচা হয় জানো! সময়ে বা আকৌ কি ৰং সানে। এনেয়েও ভাগ্যৰ ওপৰত বৰ বিশ্বাস নাছিল তাৰ। কপালে বাৰে-বাৰে প্ৰতাৰনা কৰাৰ বাদে একোৱেই কৰা নাই তাৰ বাবে।

বাইক চলাই ৰুমলৈ আহি থাকোতেও একোবোৰ কথাকে সি ভাবি আছিল। মুখ হাত ধুই বিচনাত বাগৰি দিও সেইবোৰ কথাকে ভাবি থাকিল।¸ 

প্ৰচ্ছায়াক তাৰ জীৱনলৈ আমন্ত্ৰন জনোৱাতো উচিত হবনে। অফিচত প্ৰথম দেখাতেই ভাল লাগিছিল তাৰ। বৈশ্যদাই কোৱাৰ দিনা সেয়া গভীৰ হৈ পৰিছিল। সি ভবাৰ দৰে তাই অহংকাৰী নাছিল। হয়তো কিবা ভুল বুজি আছিল তাক। যিটো এতিয়া চাগে আঁতৰি গৈছে। কথাবোৰ ভাবি অলপ চিন্তিত হৈছিল পলাশ। সিঁহতৰ মধ্যবিত্ত পৰিয়াললৈ প্ৰচ্ছায়াই বাৰু যাবনে বোৱাৰী হৈ। তাইৰ বিষয়ে বেছি একোৱেই নাজানে সি। জানে ধনী ঘৰৰ ছোৱালী¸ তাতে আকৌ চহৰৰ। চহৰৰ কথাটোৱে তাৰ অংকত আউল লগাই দিয়ে। নাই যোৱাবাৰৰ দৰে ভুল এইবাৰ নকৰে। 

কথাবোৰ ভাবি থাকোতে কেতিয়া তাৰ টোপনি আহি গৈছিল কবই নোৱাৰিলে সি। 

। মুখত পানী অলপ চটিয়াই আহি চাই দেখে যে চাৰে আঠ বাজিল। তাৰমানে এঘন্টাতকৈ বেছি শুলে। হৈছে আৰু ৰাতিলৈ টোপনি। চাহ একাপ বনাবলৈ উঠি আহিছিল সি। তেতিয়াই ফোনটো বাজি উঠিল।
হেল্ল’
অচিনাকী নম্বৰৰ পৰা অহা ফোনটো ৰিচিভ কৰোতেই সিফালৰ পৰা কলে

‘ দাদা নমস্কাৰ¸ মই আয়ান। আপুনি চিঠি লিখিছে যে।’

‘ অ’ আয়ান¸ কোৱা। ভালে আছা।’
‘ এতিয়া আছো দাদা। কথা পাতিবলৈ ফোন কৰিলো। আপোনাৰ অসুবিধা হব নেকি এতিয়া?’

অসুবিধা বেলেগ নাছিল তাৰ। ঘৰলৈ এবাৰ ফোন কৰিবলগা আছিল। তাৰ পিছত প্ৰচ্ছায়াৰ মেছেজৰ অপেক্ষা। কিন্তু এই মূহুৰ্তত ল’ৰাটোক নিৰাশ কৰিবলৈ মন নগল পলাশৰ। আগদিনাৰ কথাটোলৈ মনত পৰি অলপ দুখো লাগিল। তাৰ সামান্য মাতষাৰে যদি কাৰোবাৰ মন ভাল লগাব পাৰে¸ তাতকৈ ভাললগা কি হব পাৰে! কলে সি¸

‘ কোৱা আয়ান¸ মই ফ্ৰী আছো।’
---

‘ মোৰ বহুত দুখ দাদা। মৰি মৰি জীয়াই আছো মই।’
ফোনৰ সিপাৰে ফেঁকুৰী উঠিছিল আয়ানে। পলাশ সন্ত্ৰস্থ হৈ উঠিল। 

‘ আয়ান…আয়ান…নাকান্দিবা। প্লিজ কি হৈছে কোৱাচোন।

অলপ পিছত আয়ান প্ৰকৃতিস্থ হ’ল। চকুলো মছি কৈ থাকিল সি¸

‘ মই ঘৰৰ সৰু ল’ৰা। সৰুৰে পৰা অৰ্ন্তমুখী  চৰিত্ৰৰ। লগ-বন্ধুও বেছি নাছিল মোৰ।  সকলোৱে মৰম কৰিছিল। পঢ়াতো ভালই আছিলো জানে। মেট্ৰিকত 67% পাইছিলো। মই ভাবিছিলো কমাৰ্ছ পঢ়িম। গণিত বিষয়টো বৰ ভাল পাইছিলো মই। ভবিষ্যতে চাটাৰ্ড একাউন্ট হোৱাৰ আশা কৰিছিলো। কিন্তু মা-দেউতাৰ বাবে চাইঞ্চত এডমিছন লব লগা হ’ল। তেওলোকে বিছাৰিছিল মই ডাক্টৰ হোৱাটো। হায়াৰ ছেকেণ্ডাৰীত নম্বৰ কমিছিল। কোনোমতে ছেকেণ্ড ডিভিজন পাইছিলো। সকলোৱে গালি পাৰিছিল। মই বুজাব বিছাৰিছিলো। কোনেও শুনা নাছিল। আশাবোৰ ভাঙি গৈছিল সকলোৰে। দেউতাই সৰু চাকৰী এটা কৰিছিল। ডনেচন দি প্ৰাইভেট ইনষ্টিটিউটত পঢ়ুৱাবলৈ দেউতাৰ সামৰ্থ নাছিল। ওচৰৰ কলেজ এখনত এডমিচন লৈছিলো। কিন্তু নোৱাৰিলো। ফাৰ্ষ্ট চেমতে বেয়া হৈ থাকিল। কোনোদিনে হাত নুঠোৱা দেউতাই মাৰিলে। সেইদিনা প্ৰথম মুখে-মুখে তৰ্ক কৰিছিলো। মই কৈছিলো¸ মই চাইঞ্চৰ ল’ৰা নাছিলো। সিঁহতে নুবুজিলে। বলে নোৱাৰি এদিন চাইঞ্চক নমস্কাৰ জনাই পঢ়া বাদ দিলো। মোৰ আৰ্টছ্ পঢ়িবলৈ মন আছিল¸ তেওলোকে নিদিলে। হতাশাত দোকানৰ আগত আড্ডা দি চিগাৰেট¸ মদ খাবলৈ শিকিলো। অনবৰতে খং উঠি থকা হল। মোক লৈ প্ৰায়ে অশান্তি হৈ থকা হ’ল। লাহে-লাহে ঘৰত গুৰুত্বহীন হৈ পৰিলো মই। দাদা¸ বাইদেউহতে কয় মই ঘৰৰ কলংক। সিঁহত সকলো প্ৰতিস্থিত হল¸ মইহে ডিগ্ৰীৰ দেওনাখন পাৰ হব নোৱাৰিলো। মোৰ লগৰ সকলোবোৰ আগুৱাই গ’ল। মইহে পৰি থাকিলো। আজিকালি সিঁহতেও পাত্তা নিদিয়ে মোক।  আজিকালি কোনেও মোক ভাল নাপায়। কোনেও কথা নকয় মোৰ সতে। দাইনিঙত ভাত বাঢ়ি থৈ দিয়ে। মই লৈ খাও। কাকো কবও নোৱাৰো। কোনে শুনিব। কিছুদিন মাজতে কম্পেনী এটাত সৰু কাম এটা কৰিছিলো। ভাল নালাগিল¸ গুচি আহিলো। এতিয়া চব পাহৰিবলৈয়ে মদ খাও¸ পাহৰিব নোৱাৰো। ভাল নলগা হৈছে এনেদৰে। অনুশোচনা হয়¸ সংগ দোষত পৰি যদি মদ খাবলৈ নিশিকিলোহেতেন¸ যদি ফাৰ্ষ্ট চেমত বেয়া কৰাৰ পিছত আকৌ কষ্ট কৰিলোহেতেন। দাদা ইঞ্জিনিয়াৰ¸ বেংলোৰত থাকে। বাইদেউ¸ ভিনদেউ দুয়ো লেকচাৰৰ। আৰু মই…। এদিন মা-দেউতাক ক্ষমা খুজিলোগৈ¸ দেউতাই মাথো কলে¸ এতিয়া কি লাভ! সকলো শেষ হোৱাৰ পিছত।’
কথাবোৰ মনত পৰি দুখ লাগিছিল আয়ানৰ। এপলক ৰৈ পুনৰ সুধিলে সি¸
‘মই বাৰু মৰি যোৱাই ভাল নেকি দাদা?‘

‘ কিয় কৈছা তেনেকৈ? মানুহ হাৰি গলেই সকলো শেষ হৈ নাযায়। আচলতে মানুহে বুজাবলৈহে কয়¸ কেতিয়াবাই মৰি গ’লো বুলি। কিন্তু মই ভাবো¸ শৰীৰত শেষ নিশ্বাস থকালৈকে উত্তৰণৰ সুযোগ থাকে। মৃত্যু আৰু ক’মাৰ মাজৰ পাৰ্থক্যখিনি নিশ্চয় জানা। ক’মাৰ পিছত কিদৰে মানুহে সুস্থ হৈ উঠাৰ আশাত জীয়াই ৰাখে। হতাশাও তেনেকুৱাই।’

‘ কিন্তু দাদা¸ এতিয়া জানো সফল হব পাৰিম! ইমানখিনি পিছপৰি যোৱাৰ পিছত!’

‘ কিয় নোৱাৰিবা আয়ান। আচলতে হেৰুৱাবলৈ বৰ সহজ¸ পাবলৈহে বৰ টান আয়ান। সেয়েহে মানুহে কঠোৰ সংগ্ৰাম কৰে। এই পৃথিবীত সহজতে একোৱেই পোৱা নাযায়। তুমি ইমান হতাশ কিয় হৈছা। বয়সনো হৈছে কিমান? বাইশ ৰাইট?’

‘ উম’

‘ আৰু মোৰ বত্ৰিশ। তোমাতকৈ দহ বছৰ বেছি। শুনিবা মোৰ কাহিনী? মোৰ অৱস্থা তোমাতকৈও বেছি বেয়া হৈছিল।’

হুমুনিয়াহ এটা ওলাই আহিছিল পলাশৰ।
কথাবোৰ চকুৰ আগত ভাঁহি উঠিছিল তাৰ।

‘ মোৰ ফেমেলী বেকগ্ৰাউণ্ড বৰ বিশেষ ভাল নাছিল। সপোনবোৰ হেৰুৱাই ময়ো দিশহাৰা হৈ পৰিছিলো তথাপি চম্ভালিছিলো নিজক। এতিয়া যুঁজি আছো। কাৰণ মই যুঁজাৰু। যুঁজ দিয়াই মোৰ কাম। আৰু জুবিনদায়ো জানো কোৱা নাছিল¸ যোদ্ধা হম বুলি।’
লাহেকৈ হাঁহিলে সি।

আয়ানে শুনি থাকিল। একো নকলে।

‘ থিংক পজিটিভ আয়ান। আকৌ জীৱনটো আৰম্ভ কৰা। এটা কাম কৰা। আকৌ ডিগ্ৰীত এডমিছন লোৱা। লাগিতে ডিষ্টেঞ্চ এডুকেচনত লোৱা।’

‘ এতিয়া?’
আয়ান যেন অলপ আচৰিত হ’ল।

‘ অ’ এতিয়া। প্ৰথমে দুদিনমান বেয়া লাগিব তোমাৰ। হয়তো জুনিয়ৰবোৰৰ লগত ক্লাছ কৰোতে মানুহেও অলপ আচহুৱাকৈ চাব। কিন্তু আজিৰ পৰা দহবছৰ পিছত যেতিয়া সফল হবা কোনেও নোসোধে তোমাক কোন বছৰত পাছ কৰিছা। এতিয়া যিবোৰ সমনীয়াই তোমাক অৱজ্ঞা কৰিছে¸ সিঁহতেও এদিন সমীহ কৰিব। লাইফ নতুনকৈ আৰম্ভ কৰাৰ সুযোগ সকলোৰে নাথাকে। তুমি পাইছা যেতিয়া সুবিধাটো লোৱা। মা-দেউতাক কথাবোৰ বুজাই কোৱাগৈ।’

‘ দাদা¸ মই মা-দেউতাহঁতক বহুত দুখ দিলো।’
এইবাৰ কন্দনামুৱা হ’ল সি

‘ একো নাই অায়ান। আৰু এবাৰ কোৱাগৈ। তেওলোকে তোমাৰ মা-দেউতাহে¸ নিশ্চয় বুজিব।’ 
অলপ কৈ আকৌ কলে সি

‘ শুনা সাধু এটা কও শুনা¸ এখন গাওত এজন বেপাৰী আছিল। নিজকে বৰ চতুৰ আৰু শুদ্ধ বুলি ভাবিছিল। এবাৰ বেপাৰীৰ টান অসুখ হল। অসুখ ভালপালে কিন্তু কতো মন নবহা হল। কতো বেপাৰীয়ে শান্তি নাপায়। খাবলৈ বহিলে মেকুৰীয়ে ভাত পেলাই দিয়ে¸ গা ধুবলৈ গলে পানী শেষ হৈ যায়¸ বাটেৰে গলে কাউৰীয়ে কাপোৰত বিস্হা ত্যাগ কৰে¸ শুবলৈ গলে টোপনি নাহে। বেপাৰী মহা চিন্তাত পৰিল। কুল পুৰোহিতক মানি আনি প্ৰতিকাৰৰ উপায় বিচাৰিলে। বহু সময় চিন্তা কৰি¸ বহু সময় গ্ৰহদোষৰ ভাল-বেয়া চাই পুৰোহিতে বিধান দিলে যে বেপাৰীৰ গাত গ্ৰহদোষ লাগিছে। বেপাৰীয়ে বহু সময়ত বহু মানুহৰ অন্তৰত দুখ দিছে¸ সেয়েহে অশান্তি জৰ্জৰ পাপত শাস্তি ভোগ কৰিছে। পুৰোহিতে ইয়াৰ বিধান দিলে যে দোকমোকালিতে নদীত গা ধুই নতুন বস্ত্ৰ পৰিধান কৰি পুৰ্বতে দুখ দিয়া যিকোনো এজন সৎ মনৰ ব্যক্তিয়ে যদি তেওৰ প্ৰতি একো বেয়া ভাৱ নৰখাকৈ ক্ষমা কৰে¸ তেন্তে তেওৰ সমষ্যা নোহোৱা হব।
 বেপাৰীয়ে সেইমতেই কৰিলে। পিছদিনা প্ৰথমেই চহকী খেতিয়কজনৰ ওচৰলৈ গল। কিনা-বেচা সংক্ৰান্তত বৰ বেয়াকৈ এবাৰ খেতিয়কক অপমান কৰিছিল তেও।  পিছত তেও নিজেই অনুভৱ কৰিছিল যে ইমানকৈ কোৱা প্ৰয়োজন নাছিল। বেপাৰীক দুৰৰ পৰা দেখা মাত্ৰকে খেতিয়কে দৰ্জা বন্ধ কৰি দিলে। ইমানকৈ অনুনয় কৰাৰ পিছতো খেতিয়কে বেপাৰীক লগ কৰাৰ অনুমতি নিদিলে। বিফল মনোৰথ হৈ বেপাৰী ঘুৰি আহিল। পিছদিনা আকৌ ওলাল। এইবাৰ স্হানীয় নেতাজনৰ ওচৰ পালেগৈ। ৰাইজৰ গোচৰ সম্পৰ্কীয় কথা এটাৰ বাবে বেপাৰীয়ে নেতাজনৰ গাত হাত তুলিছিল। বেপাৰীক দেখা মাত্ৰকে নেতাজনে আঠে-বেঠে মাতি নি বহুৱালে। সকলো কথা শুনাৰ পিছত বেপাৰীক কলে যে তেও অকলে ক্ষমা কৰিব নোৱাৰে। যিহেতু ৰাইজৰ সমুখতে বেপাৰীয়ে তেওক অপদস্ত কৰিছিল¸ সেয়েহে ৰাইজৰে সমুখতে হাতযোৰ কৰি ক্ষমা খুজিলেহে তেও ক্ষমা কৰিব পাৰিব। তেও ইয়াকো কলে যে পিছদিনা ওচৰৰ গাওখনলৈ নেতা ভাষণ দিবলৈ যাব। মন কৰিলে সেই সভাতে বেপাৰীয়ে ক্ষমা খুজিব পাৰিব। বেপাৰীয়ে বুজিলে¸ নেতাই তেওক সচা অন্তৰৰে ক্ষমা কৰিব খোজা নাই। লোকচক্ষুত হেয় কৰি নিজৰ মানহে বঢ়াব খুজিছে। ধন্যবাদ এটা দি বেপাৰী উভতি আহিল। এইবাৰো তেও সফল নহল। 
পিছদিনা আকৌ ওলাল। গৈ থাকোতে ৰাষ্টাতে ৰাধিকাক লগ পালে। বেপাৰীৰ মুখত হাঁহি ওলাল। একালত ৰাধিকাক তেও ভাল পাইছিল। ৰাধিকাৰ বাপেকে আপত্তি নকৰা হলে আজি ৰাধিকা তেওৰ পত্নী হল হেতেন।  ৰাধিকাই তেওক পাহৰি যাবলৈ কৈ নতুন দৰাজনৰ লগত বিয়াত বহিবলৈ সন্মতি দিয়াত¸ বেপাৰীয়ে তাইক কুচৰিত্ৰা বুলি গালি পাৰিছিল। তাইৰ চৰিত্ৰক বেশ্যাৰ সতে তুলনা কৰিছিল। বেপাৰী ৰাধিকাৰ ওচৰলৈ আগবাঢ়ি গল। ৰাধিকাই থতমত খালে। এজন নামী চিকিৎসকৰ সতে ৰাধিকাৰ বিয়া হৈছিল। বিহু খাবলৈ গিৰিয়েকৰ সতে মাকৰ ঘৰলৈ আহিছিল তাই। বেপাৰীয়ে ক্ষমা খুজিলে। তেতিয়া ৰাধিকাই তেওক চিনি নোপোৱাৰ ভাও ধৰিলে আৰু ভালদৰে মুৰৰ চিকিৎসা কৰাবলৈ কৈ গিৰিয়েকৰ সতে আতৰি হল। 
বেপাৰী স্হানুৰ দৰে হৈ ৰৈ থাকিল। বুজিলে স্বামীৰ সমুখত প্ৰাক্তন প্ৰেমিকক চিনাকী কৰি দি সমষ্যা বুটলিব খোজা নাই। বেপাৰীয়ে ৰাধিকাক বেয়া নাপালে। তেওৰ মুখত হাঁহি এটা ফুটি উঠিল। পিছফালৰ হাত জোকাৰি বিদায় দি বেপাৰী উভতিল।

বেপাৰীৰ মনটো মৰি গল। বুজিলে প্ৰকৃততে কোনেও সচা অন্তৰৰে কথা শুনি ক্ষমা নকৰে। ভাবি-ভাবি গোটেই ৰাতিটো বেপাৰী বহি থাকিল। সকলো ভগবানৰ ওচৰত সপি বেপাৰী পিছদিনা আকৌ ওলাল। কিন্তু নদীত গা ধুই উঠি আহিবলৈ সৎ নগল। হতাশ হৈ পানীত নিজৰ প্ৰতিবিম্বটোৰ ফালে চাই বেপাৰীয়ে সকলোৰে হৈ ক্ষমা বিচাৰিলে।

তেতিয়া আচৰিত ভাবেই বেপাৰীৰ মনত গভীৰ শান্তি আহিল। ভাত খাই উঠি তেওৰ গভীৰ টোপনি ধৰিলে। সম্পুৰ্ণ এদিন পিছত সাৰপাই যেতিয়া দেখিলে যে¸ আচৰিত ধৰণে তেওৰ মনটো শান্ত হৈ পৰিছে।
 আচৰিত হৈ বেপাৰীয়ে কুলপুৰোহিতক সুধিলে¸ এয়া কেনেকৈ হল? তেওতো কাকোৱেই ক্ষমা নুখুজিলে। হাঁহি মাৰি পুৰোহিতে কলে যে¸ আচলতে তেও নিজৰে অপৰাধী আছিল। শুদ্ধমনে দোষ স্বীকাৰ কৰাৰ লগে-লগে মানসিক অশান্তি আতৰি গল। তেতিয়া পুনৰ বেপাৰীয়ে সুধিলে যে¸ তেও যে সচাকৈয়ে মানুহবোৰক দুখ দিছিল। পুৰোহিতে কলে যে¸ বেপাৰীয়ে দুখ দিছিল সচা¸ কিন্তু মানুহবোৰো ধোৱা তুলসীৰ পাত নাছিল। অহংকাৰী খেতিয়কে নিজৰ মতকে শুদ্ধ বুলি ধৰি বেপাৰীক উপেক্ষা কৰিছিল। নেতাই নিজৰ লাভৰ বাবে মিছা মাতিছিল। ৰাধিকাই বেপাৰীতকৈ ভাল দৰা পাই পাহৰি পেলাইছিল। যদিও বেপাৰীৰ পদ্ধতিবোৰ ভুল আছিল¸ কথাবোৰ শুদ্ধ আছিল।
এতিয়া সকলো জানি-বুজি নিজ কৰ্মত মন দি আগবাঢ়িবলৈ কৈ পুৰোহিতে বিদায় ললে। আশ্বৰ্য্য দুচকু বিস্ফোৰিত কৰি বেপাৰীয়ে পুৰোহিত যোৱাৰ ফালেই চাই ৰল।’

আয়ানে মন্ত্ৰমুগ্ধহৈ শুনি থাকিল। মনটো ভাল লাগিছিল তাৰ।

পলাশে আকৌ কলে¸ 

‘ মই এই সাধুটো কিয় কলো জানা¸ আচলতে অনুশোচনাতকৈ ডাঙৰ শাস্তি আৰু একো নাই। যেতিয়া তুমি ভুলবোৰ উপলদ্ধি কৰিব পাৰিছা¸ হতাশাকো জয় কৰিব পাৰিবা। আচ্ছা¸আৰ্নেষ্ট হেমিংৱেৰ দা ওল্ড মেন ইন দা চি পঢ়িছানে? ৰুবুল মাউতৰ কিতাপখন পঢ়িছা?

‘ নাই ’
লাহেকৈ কলে আয়ানে¸
‘ পঢ়িবা। এজন অতি দৰিদ্ৰ পৰিয়ালৰ ল’ৰা কিদৰে কষ্ট¸ অধ্যাবসায়ৰ বলত জীৱনত সফল হয় সেয়াই লিখিছে ৰুবুল মাউতে। আনহাতে ওল্ড মেন ইন দা চি পঢ়ি বুজিব পাৰিবা¸ জীৱন কি!’
কথাখিনি কৈ অলপ ৰ’ল পলাশ। মনটো ভাল লাগিছিল তাৰ। চাগে আয়ানৰো মনটো ভাল হৈছিল। অলপ সময় মনে মনে ৰ’ল সি।

‘ থেংকিউ দাদা। কথা পাতি ভাল লাগিল আপোনাৰ লগত। যোৱাকালি চিঠিখন পাই সাহস পাইছিলো। আৰু মনটো এতিয়া ঠন ধৰি উঠিছে। প্ৰমিজ কৰিছো দাদা¸ ময়ো যুঁজিম। জিকি নোযোৱালৈকে যুঁজি থাকিম।’
হাঁহি এটা ওলাই আহিছিল তাৰ। পলাশেও হাঁহিলে।

‘ দাদা¸ বহু সময় ললো চাগে আপোনাৰ।নিজৰ ভাই বুলি বেয়া নাপাবদেই।’

‘ ওহো বেয়া পোৱাৰ প্ৰশ্নই নাহে আয়ান। তুমি দাদা বুলি ভাবি মোক কৈছা¸ তাত মোৰ ভাল লাগিছে। জীৱনটো আৰম্ভ হৈছেহে তোমাৰ। নিজক চম্ভালি লৈছা যেতিয়া চব ঠিক হৈ যাব। এতিয়াৰ পৰা সম্পৰ্কক মূল্য দিবা¸ আবেগক বেছি প্ৰশ্ৰয় নিদিবা। বিবেকে যদি এবাৰলৈয়ো বাধা দিয়ে¸ সেই কাম দুনাই নকৰিবা। কাৰণ সকলোৰে পৰা হাত সাৰিব পাৰিলেও আত্মগ্লানিৰ পৰা নোৱাৰি। মন গলেই ফোন¸ মেছেজ কৰিবা। সময় উলিয়াই হলেও কথা পাতিবলৈ চেষ্টা কৰিম। শুভেচ্ছা থাকিল।’

কৈয়ে ফোনটো ৰাখিলে পলাশে। মনটো ভাল লাগিছিল তাৰ। আয়ান আৰু নমৰে। আয়ানে যুঁজিব। এদিন সিয়ো নিশ্চয়কৈ জিকিব। সময়টো চাবলৈ লওতেই দেখিলে সি ফোনত তিনিটা মিছকল। ঘৰৰ পৰা কৰিছে। তাৰ ফোন বিজি হৈ থকাই মিছকল হৈ পৰিল। ল’ৰালৰিকৈ ফোনটো লগালে সি।

‘ হেল্ল’ বাবা¸ ক’ত আছ?’
সিফালৰ পৰা মাতটো ভাহি আহিল।
‘ অ’ মা¸ ৰুমতে আছো। ফোন কৰিছিলি? লৰা এজনৰ লগত কথা পাতি আছিলো।’

‘ অ’ ফোন কৰিছিলো। ভাত বনালিনে?’
‘ নাই¸ বনাব ওলাইছো।’
‘ দেৰি হ’ল দেখোন।’
‘ হৈ যাব ৰহ। তহঁতে বনালিনে?’
‘ অ’ দেউতাৰে সৰু মাছ আনিছিল¸ তাকে বনালো জিকাৰে সৈতে।’

‘ দেউতাই কি কৰি আছে?’
‘ আছে টিভি চাই।’
‘ ভাইটিয়ে?’
‘ লেপটপত কিবা কৰি আছে?’
‘ ভন্টিহঁতে ফোন কৰিছিলনে?’
‘ অ’ কৰিছিল দে। ভালে আছে সিঁহত।’
অলপ ৰৈ এবাৰ মাকে সোধে তাক। 
‘ ভাত কি বনাবি?’
‘ কণীৰ অাঞ্জা বনাও ৰহ।’
‘ দে ভালকৈ থাকিবি।’
ফোনটো ৰাখিলে মাকে। এয়া নৈমিত্তিক বাৰ্তালাপ সিঁহতৰ। সদায় সন্ধিয়া একেখিনি বাৰ্তালাপেই হয় সিঁহতৰ। কেতিয়াবা মাক বা দেউতাক সিফালৰ বক্তা হয়গৈ। মুখলৈ হাহি এটা ওলাই পলাশৰ¸ যদি লটাৰীত কেইলাখমান টকা পাই গ’লহেতেন তেন্তে পৃথিবীৰ ভিতৰত সুখী পৰিয়াল কোনো নাথাকিলহেতেন। কিন্তু লটাৰীত টকা পোৱাৰ ভাগ্য আৰু অনৈতিকভাৱে টকা পোৱাৰ কোনোটোৱেই তাৰ নাই।
উঠি আহি লৰালৰিকৈ ভাতকেইটা বহাই দিলে সি। সোনকালে ভাতকেইটা খাই আজৰি হবগৈ লাগে। প্ৰচ্ছায়াই নিশ্চয়কৈ মেছেজ দিছে।

*****
আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib