Now you can Subscribe using RSS

Submit your Email

Friday 5 June 2020

Bad boy ঃ 17

Unknown

                             [ সোতৰ ]

সন্ধিয়া টিভি চাই থাকোতে হঠাতে প্ৰচ্ছায়াৰ মনত পৰিল যে তাই পলাশৰ লগত কথা পতাৰ কথা আছিল। কিন্তু এতিয়া ৰাতি কথা পাতিব জানো! কিন্তু সি যদি ৰৈ আছে। কথাটো ভাবি ডাটা অন কৰিলে তাই। 

‘ হাই ’
ডাটা অন কৰাৰ লগে-লগে তাৰ মেছেজ এটা আহিল।
 ‘ গুড ইভিনিং’
ৰিপ্লাই দিলে তাই।
‘ গুড ইভিনিং। ভাত খালা?
অনলাইন হৈয়ে আছিল সি। 
হাঁহি দিলে প্ৰচ্ছায়াই।

‘ অই¸ অথনি তুমি নকলা। সেই ড্ৰিংকচ কৰা ফটোখন কিয় তেনেকৈ আপলোড দিছিলা? তুমি ৰেগুলাৰ ড্ৰিংকাৰ?’
‘ উম¸ দেইলি এটা ফুল বটল খাই দিও মই। এতিয়াও খাই আছো।’ হাঁহা ইমোজি এটাও লগতে পঠাই দিলে সি। সামান্য দুষ্টামিৰ হাঁহি তাৰ ওঠত।

প্ৰচ্ছায়াই এইবাৰ মেছেজটো চাই থৈ দিলে। অলপপৰ ৰৈ একো ৰিপ্লাই নহাত সি বুজিলে¸ তাই চাগে বেয়া পালে।

‘ হেই বেয়া নাপাবা হা¸ ধেমালি কৰিছো। সঁচা কব গলে ড্ৰিংক নকৰো মই। মাথো এদিনেই কৰিছিলো। সেই ফটোখন চেলেঞ্জ এটা একচেপ্ত কৰিবলৈহে দিছিলো।’

‘ কেনেকৈ বিশ্বাস কৰো বাৰু?
সামান্য আঁচৰিত হৈ গ’ল তাই। কি চেলেঞ্জৰ বাবে এনেকুৱা ফটো আপলোড কৰে বাৰু! পাগল নেকি?

এইবাৰ পলাশ অলপ গম্বীৰ হ’ল। টাইপ কৰিলে সি¸

‘ তুমি বিশ্বাস কৰিবই লাগিব প্ৰচ্ছায়া। মই এক্সুৱেলি মদ নোখোৱাৰ বিকল্প হিচাপে সেইখন আপলোড কৰিবলগা হৈছিল।’

‘ মানে ড্ৰিংক নকৰাৰ বাবে ড্ৰিংকাৰৰ ইমেজ অপেনলি?’
‘ উম।’
ডাটা অফ কৰি দিলে তাই। ধেই¸ কোনে কথা পাতে বাৰু এইটোৰ লগত। খং উঠিছিল প্ৰচ্ছায়াৰ। এইবাৰ তাই নিশ্চিত হ’ল¸ সি বদমাছেই নহয় মিছলীয়াও।
ফোনটো তাতেই থৈ ডাইনিং হললৈ গ’ল তাই। মাকে ভাত খাবলৈ মাতিছিল।

----

হঠাতে তাই অফলাইন হৈ যোৱাত সামান্য আঁচৰিত হ’ল পলাশ। তাই বাৰু দৰকাৰত উঠি গ’ল নেকি! কিন্তু আধাঘন্টা পিছলৈকে একো মেছেজ নহাত এইবাৰ সি নিশ্চিত হ’ল যে প্ৰচ্ছায়াই তাক ভুল বুজিলে। বেয়া লাগিল তাৰ। তাক বাৰু কিহে পাইছিল ধেমালি কৰিবলৈ। সঁচা কথাটো কৈ দিলেই হয়। কিন্তু এতিয়া দেখিছে এনেকৈ তাইৰ ফ্ৰেইণ্ডশ্বিপো হেৰুৱাব সি। চকুদুটা মুদি অলপ সময় বহি ৰ’ল সি। তাই বাৰু তাই ফ্ৰেইণ্ডেই আছিল কেতিয়া! সামান্য বাৰ্তালাপহে হৈছিল। তাৰ ফ্ৰেণ্ড হবলৈ হলে তাক ভালকৈ বুজি পাবই লাগিব। অন্যথা নালাগে ফ্ৰেইণ্ডশ্বিপ। অাবেগিক হৈ পৰিল সি। চাটবক্সত টাইপ কৰি গৈ থাকিল।

-----
শুবলৈ লৈ এনেয়ে এবাৰ ডাটা অন কৰিছিল প্ৰচ্ছায়াই। শোৱাৰ অাগতে এবাৰ ফেচবুকত এভূমুকি মাৰিব খুজিছিল তাই। কিন্তু ডাটা অন কৰাৰ লগে-লগে হোৱাটচ্এপত কেইবাটাও পলাশৰ মেছেজ একেলগেই আহিল।
চাটবক্সত অতি দীঘল মেছেজবোৰ দেখি আচৰিত হ’ল তাই। কি লিখিছে বাৰু সি ইমান দীঘলকৈ। প্ৰচ্ছায়াই দেখিলে তেতিয়াও তাইৰ চাটবক্সত ফ্লাছ হৈ আছে¸ ‘পলাশ ইজ টাইপিং।’

কৌতুহলী হৈ এফালৰ পৰা মেছেজবোৰ পঢ়ি গ’ল তাই।

‘ প্ৰচ্ছায়া¸ আচলতে সেইদিনা থাৰ্টি ফাৰ্ষ্টৰ পাৰ্টি আছিল। তুমি বিশ্বাস কৰা বা নকৰা¸ সেইদিনা সচাকৈয়ে বন্ধুকেইটাই চৰ্ত দিছিল ¸ যদি মদ নাখাও¸ খোৱাৰ এক্টিং কৰি ফটো আপলোড দিব লাগিব। মই দ্বিতীয়টোত সন্মত হৈছিলো¸ কাৰণ দুনীয়াই মোৰ বিষয়ে কি ভাবে¸ মই গুৰুত্ব নিদিও। মই জানো¸ মই কেনেকুৱা। কিন্তু ফ্ৰেইণ্ডশ্বিপত বিশ্বাস বৰ দৰকাৰী। সেয়েহে মোৰ জীৱনৰ কিছুকথা তোমাক কম। যিবোৰ আজিলৈ কাকো কোৱা নাই।

‘প্ৰচ্ছায়া¸ মানুহে কোৱাৰ দৰে মোৰ শৈশৱ সোনালী নাছিল। এটা লাওলোৱা দৰিদ্ৰ পৰিয়ালত মোৰ জন্ম হৈছিল। অভাৱে কোঙা কৰা পৰিয়ালটোত শান্তি বিছাৰি আমি হাবাথুৰি খাইছিলো। চাগে অভাবৰ বাবেই অশান্তিৱে বাঁহ সাজিছিল ঘৰখনত। কিন্তু সেই অশান্তি মোৰ মা-দেউতাৰ নাছিল। মোৰ দেউতাই গৃহ শিক্ষকতা কৰি পৰিয়াল পোহপাল দিছিল। ভেঞ্চাৰ স্কুলখনৰ চাকৰীটো ৰাজনীতিৰ মেৰপাকৰ বাবেই দেউতাৰ হোৱা নাছিল। প্ৰচ্ছায়া¸ তুমি বিশ্বাস কৰিবা¸ বিংশ শতাব্দীৰ শেষাৰ্ধতো মোৰ মায়ে ঢোপৰ পাতেৰে ফুৱাই ফুৱাই ভাত ৰান্ধিছিল। জেঠমহীয়া ৰ’দত গেলা গৰমত মুৰৰ ঘাম মাটিত পেলাই দেউতাই পানী ভোটৰা কাটি আনি খৰিৰ যোগাৰ কৰিছিল। ইমানেই অভাবে আছিল যে বজাৰৰ পৰা খৰি কিনিবলৈকো পইচা নাছিল। অনেকদিন পানী খায়েই পেট ভৰাই মায়ে চাউলৰ পৰা বাচি উলিওৱা ধান খুন্দি মোক এমুঠি শুদা ভাত খুওৱা মনত পৰে। কথাবোৰ মনত পৰিলে বুকুখন খুন্দা মাৰি ধৰে। তথাপিও আমি সপোন দেখিছিলো¸ জোনাকৰ ৰাতি চোতালত দেউতাৰ মু্খত আব্ৰাহাম লিংকনৰ সাধু শুনি আমিও সপোন দেখিছিলো এদিন ডাঙৰ মানুহ হম। মা-দেউতাৰ মুখলৈ হাঁহি বিৰিঙাই আনিম। অথচ কৰিলো কি প্ৰচ্ছায়া! 
আজিও এমুঠি ভাত ভালকৈ যোগাৰ কৰিবলৈ সক্ষম নহলো। অথচ সপোন দেখিছিলো মানুহ হম। বেছ নাম কৰিম। টকা-পইচাৰ এদিন অভাব নহব। সুখেই সুখ হব। আচলতে কি জানা¸ পৰিশ্ৰমী পিতৃৰ অকৰ্মণ্য সন্তান হোৱাৰ দুখটোৱে জীৱনলৈ মোৰ সংগ নেৰিব।’

‘আৰু বিদ্ৰোহ …। এল পি স্কুলত পঢ়ি থাকোতেই মই পিঠিত লেবেল এখন পাইছিলো বেডবয়। আৰু আজিও পিঠিত সেই বিষটো অনুভৱ কৰো। তৃতীয় শ্ৰেনীত পঢ়ি থাকোতে এদিন সহপাঠী ছোৱালী এজনীৰ চোলাত সহপাঠী ল’ৰা এজনে চিঞাহী চটিয়াই দিছিল। কিবা কাজিয়া লাগিছিল চাগে সিঁহতৰ। তাই নেদেখাকৈয়ে সি তাইৰ চোলাত চিঞাহী লগাই দিছিল। পিছত মিছাকৈয়ে মোৰ নাম কৈ দিছিল। আৰু ছাৰে একো বিছাৰ নকৰাকৈয়ে স্কুল চৌহদৰ বাহিৰলৈ টানি আনি পথৰ দাতিত চুলিত ধৰি জোকাৰি মোৰ পিঠিত দিছিল সেই কেচা চেকনিৰ উপহাৰ। ছাৰৰ ৰঙা চকুলৈ মই চাব পৰা নাছিলো¸ মই বুজিবও পৰা নাছিলো ছাৰে পাৰি থকা গালিখিনিৰ তাৎপৰ্য্য
‘ চাল্লা ছোৱালী জোকাবলৈ আহিছ? চাল্লা অকালপক্ক।’
মই ঘৰলৈ আহি মাক শুধিছিলো¸ ‘মা¸ অকালপক্ক মানে কি?’
মায়ে একো কোৱা নাছিল। মোৰ ফাটি উঠা পিঠিখন মোহাৰি মায়ে মাথো চকুলো টুকিছিল। সেইদিনাই মোৰ প্ৰথম অনুভৱ হৈছিল¸ যে ছাৰ মানেই সকলো জনা মানুহ নহয়। ছাৰেও কেতিয়াবা ভুল কৰে।’ 

‘ সৰুৰে পৰা কাৰোৱে পৰা মৰম পোৱা নাছিলো মা-দেউতাৰ বাহিৰে। লগৰ লৰা-ছোৱালীবোৰৰ ঘৰবোৰ দেখি আমাৰো মন গৈছিল জেঠী খুৰীৰ মৰম লবলৈ। মামাৰ ঘৰলৈ গৈ মোৰো মন গৈছিল বন্ধু বৰ্গৰ দৰে ভাললগা কাহিনী এটা কবলৈ। কিন্তু সেয়া ভাগ্য মোৰ ক’ত আছিল! অলপ জনাহৈয়ে তেতিয়া অনুভৱ কৰিছিলো দ্ৰৰিদ্ৰতা জীৱনৰ অন্যতম অভিশাপ। দুখীয়া হোৱাৰ সুৱাদতে আত্মীয় স্বজনে এৰিছিল আমাক। মা-দেউতাৰ অসৱৰ্ণ বিবাহৰ পৰিণতিয়ে বাৰে-বাৰে মোক সোঁৱৰাইছিল মামাৰ ঘৰত আমি যেন কৰবাত এলাগী হৈ পৰিছিলো। কোমল বুকুখনে বিদ্ৰোহ কৰি উঠিছিল¸ কিয় কিয় বাকী মানুহৰ সমানে আমি উঠিব নোৱাৰো!’

‘ মই বিদ্ৰোহ কৰিছিলো। কাকো কেয়াৰ নকৰাৰ প্ৰতিশ্ৰুতিৰে মই নিজকে গঢ়িছিলো। হীনমান্যতাই কোঙা কৰি যেতিয়া সকলোৰে পৰা আতৰাই আনিলে¸ তেওলোকে মোক নাম দিলে অহংকাৰী¸ বেদবয়ৰ লেবেলখন পিঠিত লগাই তেওলোকে মোক বেডবয় সজালে। তথাপি একো নকলো। নহয়¸ কব নোৱাৰিলো।’

‘ যদি তোৰ ডাক চুনে কেও না এসে
তবে একলা চলো ৰে।’
’ সৰুতে যিখিনি মানুহে মোক মাতিছিল ভিক্ষাৰীৰ জাত¸ আজিও সহজভাবে লব নোৱাৰিলো মই।’

‘ বহু সৰুতেই বিদ্ৰোহৰ আদিপাঠ শিকি মই নষ্ট হৈ গলো প্ৰচ্ছায়া। মোৰ অতিকে ওচৰ সম্পৰ্কীয় মানুহেই শিকালে বিদ্ৰোহৰ পাঠ। আমাৰ ঘৰত যেতিয়া তেওলোকৰ অবাধ অধিকাৰ চলিছিল¸ তেতিয়া তেওলোকৰ ঘৰটোৰ বাবে যেন মই অবাঞ্চিত অতিথি আছিলো। দেউতাই অনা প্ৰতিটো বস্তুৰে সমানে ভাগ দাবী কৰি পোৱা তেওলোকৰ ঘৰতো যদি মই এটা কলো চিঙি হাতত লৈছিলো কাঢ়ি লবলৈও কুণ্ঠাবোধ কৰা নাছিল। আৰু প্ৰতিবাদ কৰিছিলো¸
‘ আমাৰ ঘৰৰ পৰা যে চব নোসোধাকৈ লৈ আহা¸ কিয় আমাক দিব নোৱাৰা।’
মায়ে মোৰ মুখত সোপা দিছিল আৰু মই হৈ পৰিছিলো চকুৰ কুঁটা দাঁতৰ হুল। ডাঙৰ হোৱাৰ লগে-লগে সেই ভাৱ মুখতে দেখুৱাবলৈ বন্ধ কৰিছিল যদিও আজিও আমাক ভাল চকুৰে চাব নোৱাৰিলে। কথাবোৰ বুজো¸ বেয়া লাগে কেতিয়াবা। এতিয়া অভিমান নাই¸ অভিযোগো নাই। কিন্তু সেই কোমল বয়সতেই যে মনটো বিদ্ৰোহী হৈ পৰিল¸ কি কৰো কোৱা!’

‘ প্ৰচ্ছায়া¸ এনেকি মই এনে গুণ্ডাও হৈ পৰিছিলো যে¸ মোৰ আত্মীয় মানুহৰ গাত হাত তুলিবলৈয়ো কুণ্ঠাবোধ কৰা নাছিলো। আৰু গোটেই ৰাতি নিৰবে-নিৰলে উচুপিছিলো। আৰু আজিও একেই অনুশোচনাত দগ্ধ হৈ আছো।’

‘ পিতাই স্বৰ্গ¸ পিতাই ধৰ্ম¸ 
পিতাই পৰম তপঃ ’

’ মাটিৰ সীমালৈ হোৱা কাজিয়াত পৰাপক্ষত মাত নামাতো । যি কৰে কৰি থাকক। কিন্তু দেউতাৰ ওপৰত আক্ৰমণ চাই থাকো কিদৰে! সৰুৰে পৰাই দেখি আহিছো¸ কাজিয়া লাগিলে সিঁহতে দেউতাক খেদি আহি বগৰাই বগৰাই মাৰে। পুৰুষ মহিলা সকলোৱে দা¸ কুঠাৰ হাতত লৈ খেদি আহে আৰু দেউতায়ো ফেপেৰি পাতে। মায়ে ভয়তে দেউতাক টানি টানি আনি ঘৰৰ ভিতৰত সুমুৱাই ৰাখে আৰু তেওলোকে আহি কোবাই ঘৰ ভাঙি দিয়ে। মোৰ এটা গোজৰণি প্ৰয়োজন আছিল। অন্তঃত সকলোকে স্তম্ভিত কৰিবৰ বাবেই ৰৌদ্ৰৰূপ এটা দৰকাৰ হৈছিল। সেইদিনাও সীমাৰ কাজিয়াত দালৈ দেউতাক মাৰিবলৈ খেদি আহিছিল। মই আৰু চাই নাথাকিলো। বুকু কপি যোৱাকৈ চিঞৰ মাৰি দহকেজি ওজনৰ চিপৰাংখনেৰে তেওলোকৰ ঠিক ওচৰতে বেৰখনত প্ৰচণ্ড কোব এটা সোধালো। কোবত গুৰি হৈ গ’ল বেৰখন। মা দেউতাই উচপ খাই মোক ওভতাই লৈ আহিলে। সিঁহতেও পিচুৱাই গলগৈ।
সন্ধিয়ালৈ মই মৃত। খেৰৰ জুমুঠি এটা সাজি সিখন চোতালত মোৰ মৃতদেহ জলি থাকিল। বাৰে-বাৰে মোৰ বুকুখন কপি থাকিল। মোৰ কৰ্ণকুহৰত বাজি থাকিল।
পলাশ কলিতা মুৰ্দাবাদ।
পলাশ কলিতা মুৰ্দাবাদ।’

আৰু বৃন্দাবন ক্লাবৰ দিন-ৰাতিবোৰ। সেয়াটো এক জঘন্য ইতিহাস। সময়টো আছিল তেতিয়াৰ। যেতিয়া মই হতাশ হৈ পৰিছিলো। আত্মহত্যাৰ বাসনাই হাতবাউলি মাতিছিল। শান্তি বিছাৰি আকৌ চেজ খেলিবলৈ আৰম্ভ কৰিছিলো। চেজ খেলিলে বুদ্ধি বাঢ়ে। ব্ৰেইন ছাৰ্প হয়। জীৱনটোৱেইতো এখন চেজ। সৰুৰে পৰাই চেজ খেলিছিলো। তীব্ৰ আকৰ্ষণ আছিল চেজৰ গুটিকেইটাৰ প্ৰতি। মাজে-মাজে গাঁৱতে বন্ধুবোৰৰ লগত ছেছ খেলিছিলো। সিঁহতে ভালকৈ চাল দিব জনা নাছিল বাবেই সহজেই জিকিছিলো মই। এনেকৈ জিকি জিকি আমনি লাগি গৈছিল। সহজ বিজয়ে অামুৱাই দিয়ে। লাহে লাহে খেলা কমি আহিছিল মোৰ। লগৰবোৰেও ব্যস্ততাৰ অযুহাত মোৰ সতে চেজ খেলিবলৈ এৰি দিছিল। তেনেতেই এদিন প্ৰথম নাম শুনিছিলো বৃন্দাবন ক্লাবৰ। মোৰ ঘৰৰ পৰা ছয় কিলোমিটাৰ আঁতৰতে নতুনকৈ ক্লাব এটা খুলিছিল। ডেভলপমেন্ট ব্লক এৰিয়াৰ অন্তৰ্গত সকলো আগ্ৰহী খেলুৱৈ সকলক উৎসাহিত কৰাই আছিল বৃন্দাবন ক্লাবৰ উদ্দেশ্য। এদিন সদস্যভৰ্তি হৈ চুচুক-চামাককৈ সোমাই গলো ভিতৰলৈ। প্ৰথমে কোনেও গুৰুত্ব নিদিলে। কোনে গুৰুত্ব দিব। মই জানিছিলো¸ গুৰুত্ব পোৱা নাযায়¸ আদায় কৰিব লাগে। দুখনমান খেলত অংশ লোৱাৰ পিছতে মোক ক্লাবৰ সকলোৱে চিনি পোৱা হ’ল। হয়তো চেজত মোৰ চাল দেখিয়েই ক্ৰমাৎ গুৰুত্ব পাবলৈ লৈছিলো। এদিন ক্লাবৰ চেয়াৰমেন চান্টুদাই আহি কলে¸ ‘পলাশ তোমাৰ চালবোৰ অপূৰ্ব কিন্তু ভালকৈ নোচোৱা বাবে বিপক্ষই কেতিয়াবা বুজি যাই। অলপ বেছিকৈ সময় লোৱা কৰা¸ লৈ চাল দিয়া। দেখিবা তোমাৰ গেম উন্নত হব।’
বুকুখন ফুলি আহিছিল মোৰ। যি চান্টুদাই সহজে কাৰো পিঠিত থপৰিয়াই চাব্বাছ বুলি কোৱা দেখা নাছিলো¸ সেই চান্টুদায়েই মোক কৈছিল। শ্ৰদ্ধাত মুৰ দো খাই গৈছিল তেওলৈ আৰু সেইদিনাৰ পৰাই চান্টুদা হৈ পৰিছিল মোৰ দ্বিতীয় গুৰু। প্ৰথম গুৰু সদায়েই মোৰ দেউতা। যিয়ে চেজখন আনি দি প্ৰথম মোক খেলিবলৈ শিকাইছিল। ক্লাবত লাহে-লাহে আড্ডা দিবলৈ কমাইছিলো। সেই সময়ত ঘৰতে অকলে প্ৰেকটিছ কৰিবলৈ লৈছিলো। চান্টুদাই কৈছিল মোৰ চাল ভাল। আৰু ককাইদেউ…।
হানিফ ককাইদেউকো মই প্ৰথম বৃন্দাবন ক্লাবতেই লগ পাইছিলো। কিয় জানো তেওক নিজৰ ককাইদেউৰ দৰে লাগিছিল মোৰ। মৰমতে তেও মোক কৈছিল¸ ‘মই তোমাক প্ৰকাশ বুলি মাতিম। প্ৰকাশ মানে পোহৰ।’ কি কম! ককাইদেউৰ ভৰি চুই সেৱা এটা কাঢ়িব মন গৈছিল। সৰুৰে পৰা মৰম অাকলুৱা আছিলো। সেই মৰমবোৰ যেন এতিয়া বৃন্দাবন ক্লাবত পাইছিলো মই। কিন্তু কথাতেই কয় নহয় খৰকৈ বোৱা নদী সোনকালে বালিচৰ পৰে! মিছা আবেগৰ সম্পৰ্কত মই ইমানেই অন্ধ হৈ গৈছিলো যে¸ কিছুমান মানুহৰ লগত ধেমালি কৰিবলৈ¸ তেওলোকক আমোদ দিবলৈ প্ৰেংক কল কৰিছিলো। এবাৰ কি কৰিছিলো জানা¸ ফেচবুকত ফেক একাউন্ট এটাও খুলি ৰিকুৱেষ্ট পঠাইছিলো। চোৱাছোন¸ কিমান বুৰ্বক¸ কিমান পাগল আছিলো মই! এতিয়া অৱশ্যে বুজন হলো।’

‘অ’ লেতেৰা কাহিনীটো¸ তাৰ পিছত কি হৈছিল! সেয়াও এক কাহিনী। ’

‘ বৃন্দাবন ক্লাবৰ অলপ দূৰতে আৰু এটা নতুন ক্লাব খুলিছিল। লয়েল্টি স্পোৰ্টছ ক্লাব। কোৱা শুনিছিলো লয়েল্টি ক্লাবৰ মুৰব্বীকেইজনো আগতে বৃন্দাবন ক্লাবতেই আছিল। পিছত চান্টুদাৰ লগত কিবা মতৰ অমিল হৈ নতুনকৈ লয়েল্টি ক্লাব খুলিলেগৈ। কিন্তু সেইবোৰ আমাক কিয় লাগে। স্পোৰ্টছমেনক সদায় স্পোৰ্টছৰ প্লেটফৰ্মহে লাগে। লয়েল্টি ক্লাবৰ সদস্য বহুত কম আছিল। তথাপি শুনিছিলো লয়েল্টি ক্লাবত মাজে-মাজে বাহিৰৰ পৰা ভাল ট্ৰেইনাৰ আহিছিল। যাৰ বাবে বৃন্দাবন ক্লাবৰ কিছুসংখ্যক প্লেয়াৰ লয়েল্টি ক্লাবৰ হৈয়ো খেলিছিল। ময়ো বাদ পৰি ৰোৱা নাছিলো। চান্টুদাই বেয়া পোৱা নাছিল। কৈছিল সমতা ৰাখি খেলিব পাৰিলে ভাল। আমি পিছলৈ দেখিছিলো চান্টুদা আৰু লয়েল্টি ক্লাবৰ বৈদ্যদাহঁতৰ মাজৰ সংঘাটলৈ ক্ৰমাৎ দুয়োটা ক্লাবেই উত্তপ্ত হৈ পৰিছিল। সুবিধা পালেই যেন বৃন্দবন ক্লাবে লয়েল্টি ক্লাবৰ প্ৰেছিডেন্ট¸ ছেক্ৰেটাৰীক আৰু লয়েল্টি ক্লাবে বৃন্দাবন ক্লাবৰ প্ৰেছিডেন্ট-ছেক্ৰেটাৰীক বিৰুদ্ধে কু মন্তব্য কৰিবলৈ চেষ্টা কৰিছিল। স্বাভাবিকতেই বৃন্দাবন ক্লাবত প্ৰথমে জইন কৰাৰ হেতুকেই মোৰ আবেগ বৃন্দাবন ক্লাবৰ লগতেই বেছিকৈ আছিল। আৰু এদিন লয়েল্টি ক্লাবে মোৰ প্ৰবেশ নিষিদ্ধ কৰিছিল। অনুমান কৰিছিলো লয়েল্টি ক্লাবৰ দিগন্তদাদাই চান্টুদাৰ বিৰুদ্ধে কোৱা কথাৰ প্ৰতিবাদৰ পুৰস্কাৰস্বৰূপে লয়েল্টি ক্লাবে মোক বেন কৰিছিল। বৰ বেছি মন বেয়া কৰিবলগা মোৰ একো নাছিল। স্পোৰ্টছপাৰ্ছনৰ স্পোৰ্টছমেন্ট স্পিৰিট শেষ হৈ যোৱা নাছিল। খেলিবলৈ তেতিয়াও মোৰ ক্লাব এটা আছিল বৃন্দাবন ক্লাব। লাহে-লাহে আমি অনুভৱ কৰিছিলো¸ দুয়োটা ক্লাবৰ মুৰব্বীৰ বিদ্বেষ আচৰণ আচলতে দুয়োটা ক্লাবৰ সাধাৰণ প্লেয়াৰৰ বাবে মুৰ কামোৰণি হৈ পৰিছিল। আমি বিছাৰিছিলো সকলো শান্তিত থাকক। আমি প্ৰকাৰন্তৰে বুজাব খুজিছিলো আৰু নিবিছাৰো। নাই¸ তেওলোকে বুজা নাছিল। এদিন মোৰ সতীৰ্থ খেলুৱৈ মিতাই দুখ কৰি কৈছিল¸ চোৱাচোন চান্টুদাহঁতৰ কাজিয়াবোৰ আচলতে আমাৰ নহয়। আমি অহাৰ বহুদিন আগতে হোৱা পাৰ্ছনেল ৱাৰখন তেওলোকে ক্লাবৰ কাজিয়া কৰি পেলালে। কথাটো মোৰ মনলৈ আহিছিল। ভাৱ হৈছিল¸ এনেকৈ থাকিলে এদিন দুয়োটা ক্লাবেই ধ্বংসহৈ যাব। ইচ্ছা হৈছিল কিবা এটা কৰাৰ। কিন্তু সমুখৰ পৰা মুখ খুলি চান্টুদাঁহতক কবলৈ সাহস হোৱা নাছিল। ভয় হৈছিল¸ জানোচা ভুল বুজি লয়। তথাপিও এটা সিদ্ধান্ত লৈছিলো। আৰু সেইটোৱেই আছিল আত্মঘাটী মাৰাত্মক ভুল।’

‘ কি আছিল বাৰু সেই ভুল। সেই ভুল আছিল দুখন বেনামী চিঠি। মাৰফৎ চান্টুদা আৰু বৈদ্যদালৈ দুখন বেনামী চিঠি লিখি কাতৰ অনুৰোধ কৰিছিলো সকলো পাহৰি নিজৰ কৰ্তব্য কৰি যাবলৈ। আশা কৰিছিলো¸ তেওলোকে নিজৰ ভুল বুজি পাব। নাজানো দুয়োটা ক্লাবৰ পৰিচালনা সমিতীত কি ধুমুহা আহিছিল! কিন্তু তাৰ পৰিণাম দেখি দুখ লাগিছিল মোৰ আমাৰ ক্লাবত। আমাৰ ক্লাবৰ বেষ্ট প্লেয়াৰখিনিক লৈ চান্টুদাই এটা হোৱাটচ্এপ চাট গ্ৰুপ খুলিছিল। খেলৰ কথা পতাৰ উপৰিও ভাল-বেয়া খবৰ¸ ধেমেলীয়া কথা আমি পাতিছিলো। হঠাতে দেখিছিলো কোনোবা এজনে চাট গ্ৰুপত কুকুৰৰ ফটো এখন দি কেপচন লিখিছিল¸ ‘এইটো বিজু।’ 
আন এজনে লিখিছিল¸ ‘ এতিয়া বহুত বিজু ভুকি আছে আমাৰ কলনীত।’ আন এজনে লিখিছিল¸ ‘ শ্বিলঙত বহুত বিজু ওলমি থাকে দোকানত। শ্বিলঙৰ বিজুৰ মাংস বৰ প্ৰিয়।’
মই স্তম্ভিত হৈ পৰিছিলো। একো বুজি পোৱা নাছিলো। অলপ খবৰলৈ বুজিছিলো¸ তেওলোকে লয়েল্টি ক্লাবৰ বিজুদাদাৰ কথা কৈ আছিল। ঘিণ লাগিছিল মোৰ¸ খং উঠিছিল। একো কব পৰা নাছিলো। মই স্তম্ভিত হৈছিলো¸ কিদৰে চান্টুদাহঁতৰ দৰে শিক্ষিত মানুহবোৰে আৱৰ্তমানত আন এজন মানুহক এইদৰে ঠাট্টা কৰিব পাৰে! তীব্ৰ অপৰাধবোধ হৈছিল মোৰ। ভাৱ হৈছিল মোৰ অনিচ্ছাকৃত অপৰাধৰ শাস্তিহে বিজুদাই পাইছে ইয়াতে। চাগে মোৰ বেনামী চিঠিখনৰ এয়া ৰিয়েকচন। 
নোৱাৰিলো¸ তীব্ৰ ভয়¸ সংকোচ¸ লজ্জাত মই অপৰাধ স্বীকাৰ কৰিব নোৱাৰিলো। অশান্ত মনক শান্ত কৰিবলৈ মই কিছুদিন বৃন্দাবন ক্লাবৰ পৰা বিৰতি ললো ব্যস্ততাৰ অযুহাতত। সেই চাট ক্লাবটোও মোৰ ভাল নলগা হৈ আহিল। উচ্চশিক্ষিত সুপ্ৰতিস্থিত দাদা-বাইদেউ সকলৰ ব্যক্তিগত ভাব-বিনিময়ত অতিষ্ঠ হৈ এদিন কৈ উঠিলো¸

‘ যদি আপোনালোক ইঞ্জিনিয়াৰ¸ প্ৰফেচাৰ সকলে মাথোন ইজনে সিজনৰ লগত নিজৰ বৃত্তি বিষয়ক কথা পাতি থাকে¸ ময়ো কথা পাতিবলৈ মোৰ সহযোগী আলু বেপাৰী¸ পিয়াজ বেপাৰীবোৰক সুমুৱাই লম গ্ৰুপত।’
তীব্ৰ হতাশাত কথাষাৰ ওলাইছিল মোৰ। উচ্চশিক্ষিত সুপ্ৰতিস্থিত মানুহকেইজনৰ মাজত নিজকে অৰ্ধশিক্ষিত অকৰ্মন্যযেন বোধ হৈছিল। হীনমান্যতাত ভুগিছিলো।
কথাটো অনুধাৱন কৰিয়েই নেকি সত্যমদাই কৈ উঠিছিল¸
‘ ছৰী পলাশ¸ বেয়া নাপাবা।’
আচলতে মই বেয়া লগা একো নাছিল। বেয়া পাব নলগা আছিল তেওলোকেহে। মোৰ অনুভৱ হৈছিল¸ হীনমান্যতাত ভূগি এইদৰে তীক্ষ্ণ বাক্যবান বৰ অশোভনীয় হৈছিল। চৰম অভদ্ৰামিৰ সীমা চেৰাই হয়তো গৈছিলো মই। তথাপিও ক্ষমা খুজিব পৰা নাছিলো। সংকোচ কিবা নিজৰ অৱস্থা ধৰা পৰি যোৱাৰ আশংকাই মোক বাৰণ কৰিছিল। আৰু এদিন অযুহাত দেখুৱাই সেই চাট গ্ৰুপৰ পৰা ওলাই আহিছিলো।
অযুহাত। হাঃ হাঃ
কি ধুনীয়া শব্দ।’

‘ এদিন সজাগতামুলক সভা এখনত কোনোবা এজনে মোক ভলুন্টিয়াৰ পাতি দিছিল। দূৰ্নীতি নিবাৰনী সেই সভাত লয়েল্টি ক্লাবৰ মেম্বাৰেই বেছিকৈ আছিল। মই সেইবোৰ ভবা নাছিলো। দূনীৰ্তিবিৰোধী মঞ্চখন সক্ৰিয় কৰাৰ স্বাৰ্থত সকলোৰে লগত মিলি কাম কৰিছিলো। হয়তো সেয়াই মোৰ অপৰাধ হৈছিল। ক্ৰমাৎ বৃন্দাবন ক্লাবত মোক খেলিবলৈ সুযোগ দিয়াটো কমাইছিল। কাচিৎহে কেতিয়াবা খেলিবলৈ পাইছিলো। মোৰ বেয়া লাগিছিল। ’

‘ এদিন খঙতে বহুদিন আগতে আমাৰ গাঁওত ৰেজিষ্টাৰ কৰি থোৱা মৃতপ্ৰায় ক্লাবটোত খেল এখন পাতি বৃন্দাবন ক্লাবৰ কিছুসংখ্যকক আমন্ত্ৰণ জনালো। জানিছিলো¸ ক্লাবৰ ভিতৰত ধামাকা হব। ভাবিছিলো খেলখন হৈ যোৱাৰ পিছত আমাৰ ক্লাবটোৰ নাম সলনি কৰি আচল উদ্দেশ্য ফাদিল কৰিম। অসহায় দৰিদ্ৰ পৰিয়ালৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক এখনকৈ কিতাপ দিয়াৰ হেপাহ আছিল মোৰ। অথচ অকলে মোৰ দ্বাৰা অসম্ভৱ। তাৰ বাবে মোক লাগিছিল এদল বৃহৎ সেনা। যিখিনি অকল বৃন্দাবন ক্লাবত আছিল আৰু যাক মই পৰৱৰ্তী সময়ত বৃন্দাবন ক্লাবৰ ভগ্নী সংগঠন কৰাৰ সপোন দেখিছিলো।’

‘ কিন্তু কথাবোৰ মই ভবাৰ দৰে নহল। মধ্যস্থতাকাৰীৰ ভূমিকা লৈ পিকুবাই কেবাবাৰো মোক ফোন কৰিলে। মই পিকুবাৰ যোগেদি অনুৰোধ কৰিলো মাথো এবাৰলৈ মোক চাট গ্ৰুপত এড কৰক। সকলো ভুল বুজাবুজি আঁতৰাই দিও। তেতিয়ালৈ বৃন্দাবন ক্লাবৰ মাথো কেইজনমানক বাদ দি কোনেও একো জনা নাছিল । কিন্তু মোৰ বাৰম্বাৰ অনুৰোধ স্বত্তেও মোক চাট গ্ৰুপত এড নকৰিলে। হয়তো মোৰ চৰিত্ৰহননৰ উদ্দেশ্য আগত ৰাখি তেওলোকে সাধাৰণ সভা পাতি দিলে। ময়ো আত্মপক্ষ সমৰ্থন কৰিবলৈ বাধ্য হৈ পৰিলো। মিটিং এটেণ্ড নকৰি পলায়নবাদী মনোভাৱৰ পৰিচয় দিবলৈ মই সন্মত নহলো।’

‘ তাৰ পিছত যি হ’ল সেয়া এক জঘন্য ইতিহাস মোৰ বাবে। দ্বিতীয়বাৰৰ বাবে মোৰ পিঠিত লাগিল বেদবয়ৰ ষ্টাম্প। 
কি হৈছিল সেই মিটিঙত?’

‘ প্ৰকাৰান্তৰে মোক অপৰাধী সজোৱা হ’ল। সাংঘাটিক দাগী অপৰাধীৰ দৰে মোক জেৰা কৰা হ’ল। অাবেগ উথলি কোনোদিনে মোৰ চকুলৈয়ো নোচোৱা মানুহেই মোলৈ আঙুলি টোৱাই গৰজি উঠিল। মোৰ অপৰাধ এটা ব্লক এৰিয়াতে স্পোৰ্টছক্লাব থকাৰ পিছত কিয় আন এটা স্পোৰ্টছক্লাব গঠন কৰিবলগা হল? যদি মোৰ ক্লাবটোৰ লেটাৰপেডত জিলাভিত্তিক নহৈ গাওভিত্তিক হলহেতেন কাৰো কব লগা নাছিল। মই সন্মতো আছিলো¸ সেয়েহে চাট গ্ৰুপত এবাৰ মোক সুমুৱাই লবলৈ বাৰম্বাৰ অনুৰোধ কৰিছিলো। বুজিলো¸ মোক অপদস্ত কৰাৰ ব্লুপ্ৰিন্ট ৰচিয়েই এই আয়োজন। মই হাৰমনা বিধৰ নহয়। উভতি ধৰিলো¸ কিয় নোৱাৰে গঠন স্পোৰ্টছ ক্লাব! কোনোবাই বেয়া পালে আঁতৰি আহিলে হ’ল! তেওলোকৰ আকোৰগোজ স্থিতিত ময়ো আকোৰগোজ হৈ পৰিলো। বুজিলো যেতিয়া কথা প্ৰসংগত বহু আগতে বেছি দেখুওৱা বুলি এজনৰ দ্বাৰা অভিযোগ উত্থাপিত হ’ল। সুবিধাবাদীৰ স্থিতিলৈ যেতিয়া সকলোৱে হলা গছত বাগী কুঠাৰ মাৰিবলৈ আহিল।’

‘ আচলতে ঘটনাটো আছিল এনেকুৱা¸ আগতে ক্লাবত প্ৰতি সপ্তাহতে পাঞ্জা কম্পিটিচন এখন হৈছিল। নিৰ্দিষ্ট এজন মাননীয় সদস্যই সদায়েই ৰেফাৰীৰ ভূমিকা পালন কৰিছিল। সকলোৱে ইচ্ছা কৰিছিল এবাৰ ৰেফাৰী হোৱা জনেও প্লেয়াৰ হৈ খেলক। আৰু সেই ইচ্ছাৰেই এখোপ আগুৱাই গৈ মই এখন বিশেষ খেলত ৰেফাৰী হবলৈ আগ্ৰহ কৰি তেওক খেলিবলৈ আমন্ত্ৰণ কৰিলো। যথা সময়ত খেল হৈ গ’ল। কিন্তু ধৰিব নোৱাৰিলো কিয় তেতিয়াৰে পৰা তেও ধৰি ললে মই বেছি কৰা বুলি! অথচ ক্লাবৰ ভিতৰত মোতকৈ তেওলোকৰ জনপ্ৰিয়তাও আছিল বহুগুণে বেছি। অৱশেষত হানিফ ককাইদেউৰ বাবেই¸ মাথো তেও দূৰলৈ নপঠাওক বুলিয়েই শেষত ময়ো অলপ চালে-বেৰে কোবাবলগীয়া হ’ল। তথাপিও ধৰি ৰাখিব নোৱাৰিলো তেওক। বুজিলো ব্ৰাডাৰ ফ্ৰম এনাডাৰ মাদাৰ বুলি কৈ দিলেই কোনো ভায়েক হৈ নাযায়। সেই কাণ্ডই মোক ধুনীয়া শিক্ষা দিলে। মই শিকিলো চেলফিশ্ব হবলৈ। কিন্তু ইমানৰ পিছতো তেওলোকে মোক ক্লাবৰ পৰা বহিস্কাৰ নকৰিলে। কিন্তু এদিন মই নিজেই ওলাই আহিলো। কাৰণ তাত কোনোবাই মোক কৈছিল¸ বৃন্দাবন ক্লাবৰ অবিহনে মোৰ গেমৰ ফিউচাৰ নাই। আচলতে মোৰ অস্তিত্বই নাই। মোৰ ইগ’ত লাগিল কথাষাৰ। নালাগে মোক কাৰো চাপোৰ্ট। নলও কোনো ক্লাবত ট্ৰেইনিং। নালাগে কাৰো প্লেটফৰ্ম। অকলেই খেলিম¸ নিজে নিজেই শিকিম। যদি প্ৰতিভা থাকে¸ যদি যোগ্য হও¸ এদিন হলেও সফলতা আজুৰিম।’

‘ মই আজিও সকলোকে ভালপাও। আজিও চান্টুদাক গুৰু আৰু হানিফ ককাইদেউক ককাইদেউ বুলিয়েই মানি আহিছো। সেয়েহে দুবছৰ পিছলৈকে সকলোকে প্ৰতিটো উৎসৱৰ শুভেচ্ছা জনাই আহিছো। অৱশ্যে আজিকালি নাই। মই বিশ্বাস কৰো¸ প্ৰিয় মানুহবোৰক ভাল কামেৰেই মনত ৰাখিব লাগে। মিছা নকও ভুলৰ বাবে অনুশোচনা নহা নহয়¸ কিন্তু ক্ষমা খুজিবলৈ বিবেকে নকয়। যদি মই ভুল আছিলো¸ তেওলোকেও ভুল কৰিছিল বিজুদাৰ অাৱৰ্তমানত বদনাম গাই। আৰু তেতিয়াৰ পৰাই শপত খালো সদায় অকলেই থাকিম।
এলোন ইজ দ্যা বেষ্ট চল্যিউচন।’ 

‘প্ৰচ্ছায়া¸ তুমি যদি এতিয়াও সোধা বৃন্দাবন ক্লাব আৰু লয়েল্টি ক্লাবৰ মানুহক¸ চাগে তেওলোকে এতিয়াও কব¸ পলাশ কলিতা ইজ এ ব্লাডী নটৰিয়াছ।
এণ্ড য়েছ¸ আই কেন হাম্বলি একচেপ্ত দেয়াৰ কম্লিমেন্ট।’

‘ য়েছ মই ভুল কৰিছিলো প্ৰচ্ছায়া¸ তেজ মঙহৰ সম্পৰ্কবিহীন কাৰোবাক আপোন বুলি অধিকাৰ বিছাৰি ভুল কৰিছিলো। অভিমান কৰি ভুল কৰিছিলো। কিবা সলনি কৰিবলৈ চেষ্টা কৰিও ভুল কৰিছিলো। হয়তো সেয়াই চৰম মূৰ্খামিৰ অপৰাধো আছিল। যিদৰে এদিন মোৰ মা-দেউতায়ো আবেগিক হৈ ভুল কৰিছিল। তেজ মঙহৰ সম্পৰ্কবিহীন কাৰোবাক সন্তানৰ মৰ্য্যদা দিয়াৰ পিছত যেতিয়া এদিন সেই তোলনীয়া সন্তানে কন্দুৱাইছিল। মা-দেউতাই বহুত দুখ পাইছিল।’

‘ আৰু প্ৰেম…।
অংকিতাৰ সৈতে বিচ্ছেদৰ পিছত যে আৰু প্ৰেমত পৰা নাই সেয়াও সত্য নহয়। প্ৰেমিক চৰাই মই। বুকুত ইমান ভালপোৱা কিয় আছে নাজানো। কিন্তু সেইবোৰ মাথো দুদিনীয়া আকৰ্ষৰণ বাহিৰে একোৱেই নহয় বুলি মই ভাবো।’

‘প্ৰচ্ছায়া¸ কিয় জানো তোমাক কবলৈ মন গ’ল। ফ্ৰেইণ্ডশ্বিপ কৰিছো যেতিয়া তুমিও জনাটো দৰকাৰ। বাকী সিদ্ধান্ত তোমাৰ ওপৰত এৰিলো।’

লিখা হোৱাৰ পিছত আৰু একো নাভাবিলে পলাশে। কথাবোৰ কৈ যেন কিবা এক প্ৰশান্তি লাভ কৰিছিল সি। সেয়ে ভুলতেও নাচালে যে সেই মূহুৰ্তলৈও তাৰ আগৰ মেছেজবোৰৰ সোঁকাষে থকা বগা শুদ্ধচিন কেইদাল ক্ৰমাত নীলাহৈ আহি আছিল। লাহেকৈ ডাটা অফ কৰি দি শুই থাকিল সি। কিবা ক্লান্ত অৱসাদত শোৱাৰ লগে-লগেই টোপনি আহি গ’ল তাৰ।

আনহাতে চহৰখনৰে আন এটা প্ৰান্তত আন এটা ৰুমত এজনী গাভৰু সাৰে থাকিল। প্ৰচ্ছায়া হতভম্ব হৈ পৰিছিল। এইবোৰ কি লিখিলে পলাশে! কিয় লিখিলে! ভুলতে তাইলৈ অহা বুলি ভাবিবলৈয়ো তাইৰ নাম দূবাৰমান লিখি মিছা প্ৰতিপন্ন কৰিছে। মনটো কেনেবা লাগিল তাইৰ। সেয়া তাৰ প্ৰতি খং¸ অনুকম্পা নে আন কিবা সেয়াহে তাই ধৰিব নোৱাৰিলে। ৰিপ্লাই লিখিবলৈ একোৱে ভাবিব নোৱাৰিলে তাই। ৰিপ্লাই লিখিব লাগে নে নালাগে সেয়াও ঠিক কৰিব নোৱাৰিলে। হঠাতে সময়টো দেখি তাই উচপখাই উঠিল। তাৰ মেছেজ প্ৰচ্ছায়াই গমেই নাপালে কেতিয়ালৈ দুই বাজি পাৰ হৈ গ’ল। লাহেকৈ ফোনটো কাষতে থৈ চকুদুটা মুদি দিলে প্ৰচ্ছায়াই। বহু দেৰিলৈকে তাইৰ টোপনি নাহিল। ইয়াৰ মানে কি? সি বাৰু সচাকৈ পাগল নেকি! নে এইবোৰ জানি-বুজি…! আৰু নাভাবিলে তাই।

******
আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib