Now you can Subscribe using RSS

Submit your Email

Friday 5 June 2020

Bad boy ঃ 18

Unknown

                                  [ ওঠৰ ]

ৰাতিপুৱা সাৰ পাই এঙামুৰি কাঢ়ি বহাৰ পিছতে চাটকৈ মনত পৰিছিল পলাশৰ। লগে-লগেই গাৰুৰ কাষত থকা ফোনটো আনি হোৱাটচ্এপ খুলি চালে সি। গোটৰবোৰ মেছেজৰ কাষত নীলা শুদ্ধ চিন দুদাল জিলিকি আছিল। ব্ৰেইন বেয়া হৈ গ’ল তাৰ। হে হৰি¸ তাৰমানে গোটেইসোপা মেছেজেই পঢ়িলে তাই। কি হব এতিয়া! তাই তাৰ লগত সম্পৰ্ক শেষ কৰিলেও কথা নাই¸ মাথো কাৰো আগত নজনালেই হয়। নহলে মানুহৰ আগত মুখ উলিয়াব কেনেকৈ! মানুহে তাক আধা পাগল বুলি নাভাবিবনে! ভগবান তাই যেন কাকো নজনাই। নেদেখাজনলৈ সেৱা এটা জনাইছিল সি। 

‘ ভাইটি শুনাচোন।’
তলাটো মাৰি অফিচলৈ যাবলৈ ওলাইছিল সি¸ ভাড়াঘৰৰ মালিকে আহি মাতিলে তাক। 

‘ খুৰা কওকচোন।’
 দেউতাকৰ বয়সীয়া ভাড়াঘৰৰ মালিকজনক খুড়া বুলিয়েই সি সম্বোধন কৰিছিল।

‘ অহা মাহৰ পৰা তুমি ৰুমটো এৰিব লাগিব বুজিছা। ওপৰৰ গোটেই পাৰ্টটোৱে আমি কোম্পানী এটাৰ অফিচ হিচাপে দিব খুজিছো। দুবছৰৰ বাবে। ইতিমধ্যে এগ্ৰিমেন্টো হৈ গৈছে।’
মানুহজনে কৈ উঠিল।

’ হব দিয়ক খুৰা। মই আজিৰে পৰা ৰুম এটা বিছাৰোগৈ। পালেই যামগৈ।’
‘ বেয়া নাপাবা দেই।’
‘ নাই নাই কিয় বেয়া পাম।’
তাৰ হাঁহিৰ প্ৰত্যত্তৰত হাঁহি এটা মাৰি মানুহজন গলগৈ। 
সিয়ো ওলাই আহিল।

 তাৰ একো বেয়া পাব লগা নাছিল। যাকে ইচ্ছা তাকেই ভাড়া দিহ পাৰে মালিকে। কিন্তু হঠাতে ৰুম এটা পোৱাটোহে সমস্যা। অৱশ্যে সি এনেয়েও ৰুমটো সলাবলগীয়া হৈয়ে আছিল। অফিচৰ পৰা বহু দূৰত হয় ৰুমলৈ। বেলতলাৰ পৰা শিলপুখুৰীলৈ ৰাতি ভালেমান দূৰ। তাতে বৰষুণৰ বতৰত এটা ডাঙৰ সমস্যাই হয়গৈ। তাৰ ৰুমলৈ সোমোৱা গলিটো পানীত তল যায়গৈ। 

যাহঃ যি হ’ল ভালেই হ’ল। এলাহৰ বাবেহে ওচৰত ৰুম এটা বিচৰা হোৱা নাছিল। এতিয়া বিছাৰিব লাগিব।
কথাটো ভাবি ভাবি সি আহি থাকিল।
অফিচৰ সমুখ পাই আকৌ কথাটো মনত পৰিল তাৰ। ইফালে সিফালে চাই ভয়ে-ভয়ে অফিচত সি ভয়ে-ভয়ে সোমাল। যদিও বেয়া কথা একো কোৱা নাই¸ তথাপি অনাকাংক্ষিতভাৱে আনক প্ৰয়োজনাধিক কথা কোৱাটোও এটা অপৰাধেই। কিয়যে ৰাতি আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে! এনেয়ে দেখোন বৰকৈ আবেগক প্ৰশ্ৰয় দিব নোখোজে। নিজক মৃদু গালি পাৰি সোমাই আহিল সি। এতিয়া তাইৰ মুখামুখি হব নলগাটোৱেই মংগল। সন্দেহবশতঃ পাৰ্য্যমানে অফিচৰ বাকীবোৰ ষ্টাফৰ মুখবোৰ পঢ়িবলৈ চেষ্টা কৰে সি। কোনোবাই বাৰু কিবা গম পাইছে নেকি! কিন্তু আবেলিলৈকে সেইবোৰ একো নহল। 
আবেলিলৈ অলপ ভয় কমিল। যাহ¸ কিনো হব। কোনোবাই কিবা সুধিলে তাইক ভালপাই বুলিয়ে কৈ দিব। যি হয় হব। হঠাতে এপাকত প্ৰচ্ছায়াৰে সমুখতে পৰিল সি। চকুৰে সৰিয়হ ফুল দেখাৰ দৰে কোবাকোবিকৈ সি আঁতৰি গ’ল। প্ৰচ্ছায়াই থতমত খালে। তাক মাতিব নে নামাতিব একো ঠিক কৰিব নোৱাৰি তাই নিজৰ অফিচলৈকে আহিল। প্ৰচ্ছায়াই ভাবিছিল¸  কথাবোৰ এবাৰ কাৰোবাৰ লগত শ্বেয়াৰ কৰিব নেকি! এনে পৰিস্থিতিত বাৰু আন ছোৱালীয়ে কি কৰিলেহেতেন! মাত-বোল বন্ধ কৰি দিলেহেতেননে! নাই¸ তাই একো ভাবি নাপায়।

‘ অই’ কি ভাবি আছা?’
তাইৰ ভাৱনাত যতি পেলাই ৰাণীয়ে মাতে প্ৰচ্ছায়াক। থিয় হৈ কিবা ভাবি আছিল তাই। ৰাণীয়ে মতাত ঘুৰি চালে।

‘ নাই এনেয়ে।’
হাঁহিলে তাই। কিবা এটা ভাবি এইবাৰ ৰাণীক সুধিলে প্ৰচ্ছাবাই।
’ ৰাণীবা¸ কথা এটা কোৱাচোন। ধৰা¸ যদি মই যদি আমাৰ ঘৰৰ কথাবোৰ বিশ্বাস কৰি তোমাক কৈ দিও¸ তুমি বাৰু মোৰ লগত মাত-বোল বন্ধ কৰি দিবা নেকি?’
‘ কিয় দিম! কেতিয়াও নিদিও।’
‘ থেংকচ।’
ঘুৰি যাবলৈ ওলাল প্ৰচ্ছায়া।
‘ অই¸ কি কথা নকলা দেখোন।’
একো নুবুজি ৰাণীয়ে চাই থাকিল তাইৰ ফালে।
‘ একো নাই অ’ এনেয়ে।’
এবাৰ ৰাণীলৈ চাই হাঁহি দিলে প্ৰচ্ছায়াই।
----

অফিচৰ পৰা ওলোৱাৰ সময়ত পলাশে আকৌ এবাৰ লগ পালে তাইক। সি বাইকত উঠিব লওতেই তাই ৰাণীৰ সতে আহি পাইছিল। তাক দেখি মাতিলে তাই

‘ পলাশ¸ ৰবাচোন।’
নুশুনা ভাও ধৰি সি বাইকখন ষ্টাৰ্ট কৰিব ওলাইছিল। সেইকণ সময়তে প্ৰচ্ছায়াই আহি তাৰ সমুখত থিয় হ’ল।

‘ আজি দিনটো কিয় পলাই আছা?’
তাৰ চকুলৈ পোনে পোনেই সুধিলে তাই।

‘ ক’তনো পলালো।’
জোৰকৈ হাঁহি নিজক লুকুৱাৰ চেষ্টা কৰিল্ সি।

‘ ৰাতি কি লিখিলা এইবোৰ?’
‘ ছ’ৰী। বেয়া নাপাবা। ’
তাইৰ চকুলৈ নোচোৱাকৈয়ে যাবলৈ ওলাল সি।

‘ বেয়া পোৱা নাই। মাথো অলপ আচৰিত হৈছো। অচিনাকী ছোৱালী এজনীৰ আগত কেনেকৈ ইমান খুলি কব পাৰা!’
লাহে-লাহে কৈ উঠিল তাই। 

‘ কাৰোবাক বিশ্বাস কৰিব খুজিলে¸ কথাবোৰ নিজে নিজেই ওলাই আহে প্ৰচ্ছায়া।’
তাৰ কথাষাৰ ভালকৈ নুবুজি তাই চাই থাকিল তাৰ চকুলৈ। পলাশৰ কিয় জানো মৰম লাগি গৈছিল প্ৰচ্ছায়ালৈ। সি ভাবি থকাৰ দৰে তাই সাংঘাটিক বেয়া পাই যোৱা নাছিল। পলাশে দেখিছিল কেইজনমান ষ্টাফ সেইফালে আহি আছিল। হঠাতে তাইৰ প্ৰতি চিন্তা হ’ল তাৰ। তেনেকৈ দুয়োকে পাৰ্কিঙত কথা পাতি থকা দেখিলে কিবা বেলেগ ভাবি লবগৈ। 

‘ বাই¸ মানুহবোৰ আহি আছে। এনেকৈ কথা পাতি থকা দেখিলে বেয়া কথা হব।’
সামান্য হাঁহি চেল্ফ মাৰিলে সি। সতকিত হৈ তাই অলপ আঁতৰি দিলে।

ঘৰলৈ আহি পোৱাৰ পিছতো প্ৰচ্ছায়াৰ মনটো খোকোজা লাগি আছিল। সি বাৰু কিয় কৈছিল তাইক তাৰ কথাবোৰ! অহাৰ সময়ত বাৰু কি বিশ্বাসৰ কথা কৈছিল! সন্ধিয়া টিভি চাই থাকোতেও মনটো টিভিৰ পৰ্দাত নাথাকি আনদিনাৰ কথাবোৰতহে থমকি ৰৈছিলগৈ। এবাৰ সোধো বুলি ফোনটো হাতত লৈয়ো আকৌ থৈ দিলে তাই। নিদিয়ে তাই আগতে মেছেজ। কিয় দিব! এনেকৈয়ে চাগে ল’ৰাবোৰে ছোৱালীবোৰক ইম’চনেলী এটেক কৰি ভালপোৱাৰ কথা কয়। আৰু তাই তেনেকুৱা চিটুৱেচনক প্ৰশ্ৰয় নিদিয়ে।
ভাবিবলৈ বাদ দি এইবাৰ টিভিৰ পৰ্দাত মনোযোগ দিলে তাই।
--------
আগলৈ-

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib