Now you can Subscribe using RSS

Submit your Email

Sunday 21 June 2020

Bad Boy ঃ19

Unknown

                           [ উনৈশ ]

‘ ঠিক আছে তেনে কাইলৈয়ে সোমাম ৰুমত।’

পইচাটো এডভাঞ্চ দি গুচি আহিল সি। 
প্ৰচ্ছায়াও ওলাই আহিল তাৰ পিছে-পিছে। কিন্তু তাইৰ লগে-লগে সি নাহিল। বিবুধিত সিয়ো পৰিছিল। প্ৰচ্ছায়াৰ ঘৰতে হব খোজা তাৰ অস্থায়ী ঠিকনাৰ কথাটোৱে ৰোমাঞ্চিত কৰি তুলিছিল। ছেহঃ কথাটো বাৰু সিমান ঠিক নহল নেকি! সি ভাবিছিল। কি বিছাৰিছে বাৰু জীৱনে!

‘ অগৰ কিছিকো চিদ্দত চে চাহো তো
পুৰি কাইনাড উনচে মিলানে মে লগ জাতে হ্যে।’ 
ঘপকৈ মনত পৰি হাঁহি দিয়ে সি। প্ৰচ্ছায়াই বাৰু কি ভাবিছে! এবাৰ পিছলৈ ঘুৰি চাই সি। যথেষ্ট গেপত লৈ তাই পিছে-পিছে আহি আছে। তীব্ৰবেগত বাইকখন দৌৰাই দিলে সি।

অফিচত পলাশ সোমোৱাৰ অলপ পিছতে প্ৰচ্ছায়াও সোমাইছিল। ঘটনাৰ আকস্মিকতাই তাইক আঁচৰিত কৰি তুলিছিল। সি বাৰু ভাড়াঘৰ বিছাৰি তাইৰ ঘৰলৈহে বিছাৰি আহিব লাগেনে! তাইৰ চিনাকী হোৱাৰ সুবাদতে মাকেও একেঅাষাৰেই ৰুম ভাড়ালৈ দিবলৈ মান্তিহৈ যাব লাগেনে! তাই জানে¸ মাকৰ কথাত দেউতাকেও নামাতে। মাকেও জানি-শুনি ভুল নকৰে। কিন্তু পলাশক ভাৰাতীয়া হিচাপে ৰাখিবলোৱা কথাটোক চালিজাৰি চাই ঘটনাটো কাকতালীয় সংযোগ বুলিয়েই ললে তাই। কিন্তু সিঁহতৰ ভাড়াঘৰলৈ তাৰ প্ৰৱেশেহে তাইক ভবাই তুলিলে। প্ৰচ্ছায়াই ভাবিছিল এবাৰ কথাটো কাৰোবাক কব। বৈশ্যদাক নে জুলেখাক নে ৰাণীবাক। তেওলোকে বা আকৌ কিয় ভাবি লয়! ভাবিব নেকি তাই বেছিকৈ ৰিয়েক্ট কৰিছে! বৈশ্যদাৰটো গেৰান্টিয়ে নাই¸ যিহে আপোনভোলা মানুহ¸ সেইদিনাৰ দৰে লেকাম নোহোৱাকৈয়ো যিহকে তিহকে কৈ দিব পাৰে। পিছত লাজ লাগিব তাইৰ। বহুত ভাবি-চিন্তি কাকো নোকোৱাটোৱে ঠিক কৰিলে তাই।
-----

‘ কি? তই সচাকৈ তাঁহাতৰ ঘৰতে ভাড়াৰুম বিছাৰি ললিগৈ। জমনি দেই ভাই।’

খু দুৱাই থকা কথাটো জনাবলৈকে সি কিশোৰক ফোন কৰিছিল। তাৰ কথা শুনি ফোনৰ সিটো পাৰে কিশোৰ হাঁহিত বাগৰি পৰিল। 

‘ ঐ ইমানকৈ হাঁহিবলৈ কি হৈছে?’
ফোনৰ ইটো পাৰৰ পৰা মুখত হাঁহিৰ ৰেখালৈ পলাশে সুধিলে কিশোৰক।

‘ নাহাঁহিম। হিন্দী চিনেমাৰ দৰে কাহিনী হৈছে দেখোন। একেটা কম্পাউণ্ডতে দুয়োটা থাকিবি। তই তলৰ পৰা লুকাই লুকাই তাইলৈ চাই থাকিবি¸ তাই বেলকনিৰ পৰা চাই থাকিব¸ বেছি মন গলে তই মাজে-মাজে হালধি শেষ হোৱা বুলি¸ নিমখ শেষ হোৱা বুলি খুজিব যাবি আৰু তাই পবিত্ৰ হাতেৰে তোলৈ আগবঢ়াই দিব। চেগ বুজি তই কৈ দিবি¸ অকলে অকলে ৰান্ধি খাবলৈ বৰ এলাহ লাগে অ’ প্ৰচ্ছায়া। তাই লাজ লাজকৈ চাই থাকিব…তাৰ পিছত …এদিন প্ৰচ্ছায়াৰ বাপেকক সুযোগ বুজি জীয়েকৰ হাতখন খুজিবি।’
ফোনৰ সিটো পাৰে কিশোৰে হাঁহি আছিল।

‘ ধুৰ¸ তোৰ কথা নাই আৰু! ’
মৃদু ধমক এটা দিলেও কিশোৰৰ কথা শুনি পলাশৰ মুখতো হাঁহি এটাই খেলি গৈছিল। 

‘ পিছে তোৰ এই মান্ধাতা যুগৰ টেকনিক চুপাৰফ্লপ হোৱাৰ চাঞ্চ বেছি। প্ৰচ্ছায়া ইন্টেলিজেন্ট ছোৱালী। এক মূহুৰ্তত তোৰ বাহানা বুজি যাব।’

‘ কি কৈ আছ বাৰু তই। মই সিঁহতৰ ঘৰলৈ ভাড়াঘৰ বিছাৰি যোৱাটো জাষ্ট ক’ইঞ্চিডেঞ্চহে।’

‘ ইস বেটা…। ফাঁকি দিছে ছা। আব্বে ঐ সচা কচোন¸ তই জানিশুনি তাইৰ ঘৰ বিছাৰি যোৱা নাছিলি?’
কিশোৰৰ মুখৰ পৰা যেন হাঁহি আঁতৰি নাযাবই।

‘ বিলিভ মি য়াৰ¸ কিয় বাৰু যাম তাইৰ ঘৰলৈ ৰুম বিছাৰি! তই জানো নাজান মোক!’
কিশোৰক পতিয়ন নিয়াবলৈ চেষ্টা কৰে সি। পলাশে ভয় হ’ল¸ যদি তায়ো কিশোৰৰ দৰেই ভাবে!

‘ বিশ্বাস কৰিছো দে। পিছে পিছ নুহুহুকিবি। চাঞ্চ পাইছ যেতিয়া লবি। ’
আকৌ ফোনৰ সিটো পাৰে কিশোৰে হাঁহি দিছিল।

‘ বাৰু ।’
ফোনটো ৰাখিলে সি। 

কিশোৰৰ কথাবোৰে পলাশক আমোদ দিছিল। লেপটপত কাম কৰি থাকোতেও কথাখিনি মনত পেলাই মিচিক-মাচাককৈ হাঁহি আছিল। হঠাতে বৈশ্যই সোমাই আহি তেনেকৈয়ে দেখিলে তাক।

’ কি অ’ ডেকা ল’ৰা। কিয় ইমানকৈ হাঁহি আছ?’
সমুখৰ চকীখন টানি বহিছিল বৈশ্যদা। পলাশে বৈশ্যলৈ চালে। তাৰ মু্খত হাঁহিটো তেতিয়াও লাগি আছিল। বৈশ্যৰ মুখলৈ চাই এপলক ভাবিলে সি। বৈশ্যদা তাৰ দাদাকৰ দৰে¸ কৈ দিব পাৰি। 

‘ বৈশ্যদা¸ সাংঘাটিক কথা হ’ল। মই ভাৰাঘৰ বিছাৰি বিছাৰি অৱশেষত পালোগৈ প্ৰচ্ছায়াহঁতৰ ঘৰত।’
গোটেই কথাখিনি বৈশ্যৰ আগত কৈ দিলে সি। সি ভাৰাঘৰ এটা বিছাৰি থকাৰ কথাটো বৈশ্যই জানিছিল। নিজেও খবৰ কৰিছিল দুই এঠাইত। কিন্তু তাৰ মুখত প্ৰচ্ছায়াৰ ঘৰতে ৰুম বিছাৰি পোৱা শুনি তেৱো হাঁহি ৰখাব নোৱাৰিলে। হাঁহি হাঁহিয়ে ই কলে 

‘ তই দেখিছ বৰ লাকী। তায়ো নিজে তোৰ লগত ফ্ৰেইণ্ডশ্বিপ কৰিলে¸ এতিয়া ঘৰতো আশ্ৰয় পালি। মইতো ভাবিছিলো¸ তঁহতে চাগে এইটো অফিচত কোনোদিনে ফ্ৰী হব নোৱাৰিবি।’

‘ বৈশ্যদা¸ মোৰ এটা ৰিকুৱেষ্ট আছে। প্লিজ সিদিনাৰ দৰে যাতে তাইৰ আগত একো কৈ নিদিয়ে।’
পলাশৰ ভয় হৈছিল¸ বৈশ্যই ধেমালিৰ চলেৰে কিবা কলে তাই আকৌ তাক নমতা হৈ যাব। এনেয়েও সেইদিনা আবেগিক হৈ তাইক সেইবোৰ কৈ চাগে বেয়াকৈ শ্বক খুৱাইছিল। যিবোৰ কথা বৈশ্যক কোৱা নাই আৰু বৈশ্যৰ জনাৰো উপাই নাই। কাকুতিৰ দৃষ্টিৰে বৈশ্যলৈ চালে সি। তাকে দেখি বৈশ্যই লাহেকৈ হাঁহিলে। কলে¸

‘ হব দে। ভয় কৰিব নালাগে। মোৰ মুখখন লেকাম নোহোৱা ঘোঁৰা নহয়।’

-----

দুদিন পিছতে পুৰণি ৰুমটো সলনি কৰি নতুন ৰুমটোলৈ আহিল পলাশ। টেম্প’ৰ ড্ৰাইভাৰজনক ভাড়া দি বস্তুবোৰ ৰুমত ভৰাওতে অলপ দেৰি হৈছিল তাৰ। অকলে অকলে ৰুম চিফ্ট কৰাটো বৰ সহজ নহয়। বিচনাখন ফিটিং কৰোতেই ভালেমান সময় গ’ল তাৰ। সেইখিনি সময়তেই নতুন ঘৰৰ মালিক প্ৰচ্ছায়াৰ মাক আৰু দেউতাকেও নতুন ভাৰাতীয়াজনক চাবলৈ আহিছিল। পলাশে প্ৰথমবাৰলৈ দেখিছিল মানুহজনক। দুই এটা কথাৰ উত্তৰ দি ৰুমৰ বস্তুবোৰ চিজিল লগাই আছিল সি। আগে-পিছে ৰবিবাৰটোত ঘৰলৈকে যায়। কিন্তু সেইদিনা ভাড়াঘৰটো সলোৱাৰ প্ৰগ্ৰামে তাক ঘৰলৈ যোৱাতো বন্ধ কৰিছিল। দূপৰীয়াৰ সাঁজ বাহিৰতে খাই অপ্সৰাত চিনেমা এখন চাবলৈ যোৱাৰ কথা ভাবিছিল পলাশে। ইচ্ছা কৰিলে অৱশ্যে কিশোৰৰ ৰুমলৈয়ো এপাক মাৰিব পাৰে। কিন্তু এই গৰমত ভৰলুলৈ বাইক চলাই গৈ কিশোৰহঁতক আমনি কৰিবলৈ মন যোৱা নাছিল। ৰুমটো লক কৰি ওলাই যাব লওতেই প্ৰচ্ছায়াৰ মাকে আহি মাতিলে তাক। 

‘ ভাইটি¸ ওলাই যোৱা নেকি?’

‘ অ’ অকমান ওলাই যাও ৰব। বজাৰ অলপ আছে। ’
প্ৰচ্ছায়াই মাকলৈ চাই কলে সি। মাকৰ পিছে পিছে ৰৈ প্ৰচ্ছায়ায়ো তালৈ চাই আছিল।

‘ চাহ খাবা আহা।’
চাহ একাপৰ তাক সচাকৈয়ে প্ৰয়োজন হৈছিল। সিটো ৰুমৰ পৰা ওলোৱাৰ আগতেই ব্ৰেড দুই পিচেৰে ৰঙা চাহ একাপ খাইছিল। মানুহজনীক না কবলৈ অসুবিধা হ’ল তাৰ। কি কও ভাবোতেই প্ৰচ্ছায়াই কলে তাক ¸ ‘ আহা।’
আৰু একো কব নোৱাৰিলে সি। বিনা বাক্যব্যয়ে মানুহ দুজনীৰ পিছে-পিছে সি সোমাই গ’ল।

আটকধুনীয়া দ্ৰয়িং ৰুমটোৰ দামী চোফা এখনত বহি প্ৰচ্ছায়াৰ দেউতাকে তালৈ অপেক্ষা কৰিছিল। সমুখৰ ধুনীয়া গ্লাছৰ টি টেবুলখনত চাৰিবিধমান সুস্বাদু পথ্যৰে সৈতে চাহৰ কাপ দুটা ধোৱাই আছিল।

‘ বহা ভাইটি।’
মানুহজনে কোৱাৰ পিছত সমুখৰ চোফা এখনত বহি এবাৰ এনেয়ে কোঠাটোলৈ চকু ফুৰালে সি। প্ৰকাণ্ড প্লাজমা টিভিটোক চাগে সিঁহতৰ গাঁৱত চিনেমা হ’লৰ পৰ্দাখন বুলিহে ভাবিব। দামী শ্বকেছটো চাগে তাৰ দুমাহৰ চেলাৰীৰ সমান। হঠাতে গভীৰ দুখেৰে ভৰি পৰিল তাৰ মনটো। মূৰ্খ মনটো কি যে অদ্ভূত। একো সীমা বুজি নাপায়। মনে-মনে নিজকে গালি এটা দি চুমুক দিবলৈ লওতেই প্ৰচ্ছায়াই মাতিলে¸

‘ পলাশ¸ মা¸ পাপাকতো লগ পালাই। এয়া ভন্টি প্ৰত্যাশা। আৰু পাপা এও পলাশ¸ মোৰ কলীগ।’

আকৌ এবাৰ সকলোকে নমস্কাৰ দিলে সি। নমস্কাৰ প্ৰতি নমস্কাৰৰ এই পৰ্বটোত সি মাথো উত্তৰ দি গ’ল। সুধিবলৈ একোৱে নাছিল তাৰ। সি মাথোন ভাবিছিল¸ কিবাকৈ বেলেগ এটা ভাৰাঘৰলৈ যাব পৰা হ’লে। একেটা চৌহদতে প্ৰচ্ছায়াৰ সতে থকাটো তাৰ বাবে যিমান ৰোমাঞ্চকৰ¸ সিমান অস্বস্তিকৰো। চাহ খোৱাৰ পিছত সি উঠিব লৈছিলহে¸ আকৌ প্ৰচ্ছায়াৰ মাকে কৈ উঠিল।

‘ ভাইটি¸ তুমিতো চাগে কিটচেন ৰেডী কৰাই নাই। আজি দূপৰীয়াৰ সাঁজ ইয়াতে খাবা। ’

‘ নালাগে দিয়ক। আচলতে মোৰ বন্ধু এজনৰ ঘৰত নিমন্ত্ৰণ আছে এতিয়া।’
এনেয়ে কৈ দিলে সি। আকৌ দূপৰীয়াৰ সাঁজো তেওলোকৰ ঘৰতে খাবলৈ অসহজবোধ হৈছিল তাৰ।’

‘ আজি ইয়াতো খোৱা দিয়া। মাজনীৰ কলীগ যেতিয়া আজি আমাৰেই গেষ্ট। কাইলৈৰ পৰা বাৰু নিজে বনাই খাবা।’
এইবাৰ প্ৰচ্ছায়াৰ দেউতাকৰ কথা পেলাবলৈ অসুবিধা হ’ল তাৰ। হাঁহি মুখীয়া মানুহজনক বাৰু সি কিদৰে নিৰাশ কৰে। এবাৰ আঁৰ চকুৰে চালে প্ৰচ্ছায়ালৈ। গভীৰ নীলা চকুযুৰিয়ে তালৈ চাই আছিল। সি একো ধৰিব নোৱাৰিলে।

****


Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib