Now you can Subscribe using RSS

Submit your Email

Sunday 21 June 2020

Bad Boy ঃ20

Unknown
                              [ বিশ ]

পলাশে ভাবিছিল¸ ভাৰাতীয়া আৰু মালিকৰ লগত থকা সম্পৰ্কটোৱে প্ৰচ্ছায়াৰ লগত থকা উচিত। অফিচতো কলীগতকৈ বেলেগ একোৱেই বুলি ভাবিবলৈ তাৰ বিবেকে বাধা দিছিল। তথাপিও মনটোৱে বিবেকৰ বাধা নুশুনি লুকাই চুৰকৈ চাই আছিল। সেইটো কথালৈ বৰ বেছি ভাবিবলগা একো নাছিল পলাশৰ। ডেকা কালত কোনোবা নহয় কোনোবা যুবতীৰ প্ৰতিচ্ছবি কলিজাত থাকেই। সেইদিন ধৰি তাইলৈ আৰু এটাও মেছেজ কৰা নাছিল সি। তায়ো তালৈ কৰা নাছিল। দিনটোত চাৰিবাৰ মান দেখা-দেখি হয়েই। সাধাৰণ বাৰ্তালাপ দুই এটাক বাদ দি বেছিকৈ একো কথাও পাতিবলগা হোৱা নাছিল।

একেই সংকোচ প্ৰচ্ছায়াৰো হৈছিল। ল’ৰা লগত বন্ধুত্ব কৰিব পাৰি। কিন্তু প্ৰথম দিনাই মগজ বেয়াহৈ যোৱাকৈ এগালমান লিখি দিয়া ল’ৰাক বাৰু কোন সতে কোনোবা ছোৱালীয়ে বিশ্বাসতে লয়! কিজানি সাংঘাটিক কামোৰ। তাতে আকৌ অনাকাংক্ষিতভাবে সিঁহতৰ ঘৰলৈ ভাৰাতীয়া হৈ অহা কথাটোৱেও তাইক সাবধানবানী শুনাইছিল।
সেই সময়ত একো থিৰাং কৰিব নোৱাৰিলে যদিও তাৰ পৰা আঁতৰি থকাটোৱেই বুদ্ধিমানৰ কাম বুলি দূৰত্ব বজাই ৰাখিছিল। সেয়েহে ঘৰত পৰাপক্ষত তাৰ সমুখত দেখা নিদিয়াকৈয়ে থাকিছিল তাই। কিন্তু এসপ্তাহ পাৰহৈ যোৱাৰ পিছতো তাৰ পৰা এটা মেছেজো নাপাই অলপ কৌতুহলী হৈ পৰিল প্ৰচ্ছায়া। অফিচতো গুড মৰ্নিং গুড ইভিনিং কৈ স্মিত হাঁহি এটা মৰাৰ বাহিৰে একোৱেই নকয় সি। তাই আশা কৰিছিল সেইদিনটোৰ পিছত এবাৰলৈ হলেও তাৰ পৰা মেছেজ এটা আহিব। কিন্তু সি যেন অংগীকাৰবদ্ধ তাইলৈ মেছেজ নকৰিবলৈ। হঠাতে খং উঠিল তাইৰ। ল’ৰা মানুহ বাৰু ইমানো অহংকাৰী হব পাৰেনে!

---
পুৱাই তাক কৰবালৈ যাবলৈ ওলোৱা দেখি ওপৰৰ পৰাই চাই আছিল তাই। ছয়টা বাজিছিলহে। এই পুৱাতেই গা পা ধুই সি বাৰু কলৈ যায়! এবাৰ সুধিম বুলিও চিঞৰি মাতিবলৈ মন যোৱা নাছিল তাইৰ। যোৱা মানুহ যতে ইচ্ছা গৈ থাকক। তাইৰ কি আহে যায়। কথাটো ভাবি ভিতৰলৈ সোমাই আহিছিল তাই। বেলকনিৰ পৰা তাৰ ৰুমৰ আগফালটো দেখা যায়। সন্ধিয়ালৈকে তাৰ দূৱাৰত তলা দেখি তাই এইবাৰ নিশ্চিত হ’ল যে সি আৰু আজি নাহে। কি ল’ৰা বাৰু এইটো! বন্ধ পালেই ঘৰলৈ গৈ থাকেযে! চাৰিদিন আগতে আহিছিলহে! আকৌ বন্ধটো পাই আজিও পুৱাই গলগৈ! সচাকৈয়ে কি মানুহ বাৰু এইটো! হঠাতে তাইৰ মন গ’ল তাক সুধিবলৈ। ভবাৰ লগেলগে তাই হোৱাটচ্এপত মেছেজ এটা লিখিলে। কিবা এটা ভাবি আকৌ মেছেজটো তাই ডিলিট কৰি দিলে। তাই কিয় সৰু হব! যদি সি ভাৰাতীয়া আৰু মালিকৰ সম্পৰ্কই ৰাখিব খোজে¸ ৰাখক। ফোনটো গাৰুৰ কাষত থৈ লেপটপটো অন কৰিলে প্ৰচ্ছায়াই। চিনেমা এখনকে চোৱা যাওক।

খুটকৈ মেছেজ এটা আহিছিল তাইৰ ফোনত। 

‘ হাই। গুড ইভিনিং।’
তাৰ মেছেজটো দেখি তাইৰ মুখখন উদ্ভাষিত হৈ উঠিছিল। তথাপি মেছেজটো চাই একো ৰিপ্লাই নকৰাকৈ থৈ দিলে তাই।

‘ খুট ’
আকৌ এটা মেছেজ অহাত খুলি পঢ়িলে তাই।

‘ চাগে কিবা মেছেজ কৰিছিলা। ভুলতে ডিলিট হৈ গ’ল বোধহয়।’
এইবাৰ আৰু ৰিপ্লাই নকৰাকৈ থাকিব নোৱাৰিলে তাই।

‘ ভুলতে ডিলিট হোৱা নাই। ভুলতেহে মেছেজটো তোমালৈ গৈছিল। সেইদেখি ডিলিট কৰিলো।’

‘ অ’

‘ ঘৰত গৈছা তুমি?’
‘ অ’। কাইলৈ আহিম দিয়া।’
এইবাৰ আৰু একো মেছেজ নাহিল তাৰ পৰা। প্ৰচ্ছায়াৰ খং উঠিছিল। কমচেকম এবাৰ সুধিবতো পাৰে কি কৰিছা! বেয়া পাই আছা নেকি! নাই¸ সেইদিনাৰ পিছত যেন তাৰ ওচৰত নম্বৰেই হেৰাই গ’ল তাইৰ। যাহ¸ নাভাবে আৰু তাৰ কথা তাই। এইবাৰ ডাটা অফ কৰি চিনেমাখনত মনোযোগ দিলে তাই।

--------
প্ৰচ্ছায়াই যেতিয়া মেছেজটো কৰি আকৌ ডিলিট কৰি পেলাইছিল পলাশ অনলাইন হৈয়ে আছিল। খুলি নোচোৱাকৈয়ে ফ্লাছ হৈ পৰা মেছেজটো দেখি ওঠৰ কোণত হাঁহি উঠিছিল তাৰ।

‘ অই মেছেজ এটা কৰিবও সময় নোপোৱা নেকি?’
সি মেছেজ কৰি সুধিছিল তাইক¸ মেছেজ কৰিছিলা নেকি? তাই অস্বীকাৰ কৰাৰ পিছত হাঁহি উঠিল তাৰ। সি ঠিকেই বুজিছিল¸ সেইদিনা সেইবোৰ পঢ়াৰ পিছতো যেতিয়া তাই তাৰ লগত সম্পৰ্ক শেষ কৰা নাছিল¸ তাই চাগে ইমানদিনে তাৰ মাত এষাৰো নুশুনি স্বাভাবিকতে আঁচৰিত হৈছিল। কিন্তু সিনো কেনেকৈ আগবাঢ়ে। এবাৰ ঠগ খোৱাৰ পিছত জানি-বুজিয়েই বা আগবাঢ়িব কিয়!

‘ গুড মৰ্নিং ‘
পিছদিনা অফিচত সোমাবলৈ লৈয়ে সমুখতে প্ৰচ্ছায়াক দেখি মাতিলে পলাশে। একো নকলে তাই। মাথো কিবা আশ্বৰ্য্য দেখাৰ দৰে তালৈ চাই থাকিল।

‘ হাই¸ কি ভাবিছানো?’
তাই সমুখলৈ আহি চকুৰ আগত এবাৰ হাতখন লৰাই দি হাঁহিলে সি।

‘ ভাবিছো কেনেকুৱা মানুহ তুমি।’
‘ কিয়? কি কৰিলোনো?’
সি সামান্য আঁচৰিত হ’ল। 

‘ নাই একো নাই।’
তাই আঁতৰি যোৱাৰ পিছতো অলপ থিয় হৈ পলাশে তাইলৈকে চাই থাকিল।

কিছুমান কথা সচাকৈয় বুজিবলৈ কষ্ট হয়। এনেয়ে নকয় যে নাৰীৰ মন দেৱতায়ো নুবুজে। প্ৰচ্ছায়াৰ ৰাতিপুৱাৰ কথাষাৰে গোটেই দিনটোৱেই পলাশৰ বুকুত খুন্দিয়াই থাকিল।  মিটিঙৰ গুৰুত্বপূৰ্ণ আলোচনাৰ সময়তো তাইৰ কথাষাৰ মনলৈ আহি থাকিল। আৰু সেইটো খেলিমেলিয়েই তাক হঠাতে লজ্জিত কৰি পেলালে। প্ৰেজেন্টেচন দি থাকোতেই হঠাতে অফিচটোৰ চেক্ৰেটাৰীজনীক হঠাতে কৈ দিলে¸ ‘প্ৰচ্ছায়া¸ মাৰ্কাৰডাল দিয়াচোন।’ 
মূহুৰ্তৰ বাবে যেন উচপখাই উঠিল চেক্ৰেটাৰী যুবতী গৰাকীৰ লগতে বাকী দুজন বিষয়া। তেতিয়াহে সি গম পালে কি ভুল কৰি পেলালে। 

‘ ছৰী মিছ টিনা¸ এক্সুৱেলি ….’ 
কও নকওকৈ কবলৈ লৈছিলহে সি¸ তাৰ মুখৰ পৰা কাঢ়ি তাই কৈ উঠিল।

‘ ইটছ অকে¸ আই কেন আণ্ডাৰষ্টেণ্ড।’
টিনাই বুজি পাইছিল¸ সি হয়তো বুজাব খুজিছিল¸ ‘আই ৱাজ থিংকিং এৱাউট চামৱান ।’
হাঁহি দিলে তাই। পলাশৰ লাজ লাগিছিল। গোটেই ছেচনটোতে টিনাৰ মুখলৈ নোচোৱাকৈয়ে পাৰ কৰি ওলাই আহিল সি। গোটেই ছেচনটোতেই টিনাই তালৈ চাই মিচিক-মাচাককৈ হাঁহি থাকিল।
অলপ অস্বস্তিত পৰিছিল পলাশ। তাৰ ভাব হৈছিল¸ এইটো অৰ্ডাৰ নিশ্চয় সি নাপাব। প্ৰচ্ছায়াই পুৱা কৰা ব্যৱহাৰৰ বাবে প্ৰেজেন্টেচনত অলপ খেলিমেলি হোৱা যেন লাগিছিল তাৰ। তাৰ আহিবলৈ মন গৈছি আহিবলৈ¸ কিন্তু তাক অলপ অপেক্ষা কৰিবলৈ কৈ ইন্টাৰনেল ডিছকাচন কৰিবলৈ সোমাল বিজনেছ হাউচৰ হেডজন। অনিশ্চাস্বত্তেও সি বহিবলগা হল। লাঞ্চব্ৰেকৰ পিছতহে তেওলোকে ৰিজাল্টটো জনাব। উপায়বিহীন হৈ তাতেই ৰৈ থকাটোৱেই উচিত বুলি ভাবিলে সি। 

‘ কেন ৱি হেভ এ কফী?’
এম ডিৰ পাৰ্ছনেল চেক্ৰেটাৰী গৰাকীৰ আহ্বানক উপেক্ষা কৰিবলৈ একো অযুহাত বিছাৰি নাপালে পলাশে। বোন্দাপৰ দি ৰিচেপচনত বহি থকাতকৈ এই ধুনীয়া ছোৱালীজনীৰ লগত সমুখৰ কফিশ্বপখনতে অলপ সময় বহা ভাল। প্ৰচ্ছায়াক ভাল নলগাহলে ওখকৈ ক্ষীনাংগী এইজনী ছোৱালীয়ে নিশ্চয়কৈ তাৰ দৰে অবিবাহিত ল’ৰাৰ বুকুত কপনি উঠাব পাৰিলেহেতেন। কিন্তু প্ৰচ্ছায়াময় বুকুখনত আনৰ বাবে সামান্যতমো ঠাই খালি হৈ ৰোৱা নাই।

‘ চি মাষ্ট য়’ৰ গাৰ্লফ্ৰেণ্ড ৰাইট?’
হাঁহি হাঁহি টিনাই সুধিলে তাক। 
’ নট য়েট। এক্সুৱেলি আই ডিডন্ট টেল হাৰ।’
হাঁহি দিলে সি। 
‘ হোৱাট?হেই গ’ এণ্ড টেল টু হাৰ।’
হাঁহি দিলে তাই। লাজকুৰীয়া হাঁহি এটা মাৰি সি তাইলৈ চাই থাকিল। এই স্মাৰ্ট ছোৱালীজনীয়ে সোনকালেই সকলোৰে লগত বন্ধুত্ব কৰিব পাৰে। 

‘ চি মাষ্ট বি লাকী।’
উঠিবৰ সময়ত তাই হাঁহি হাঁহি কৈ দিলে।
‘ থেংক ইউ।’
হাঁহি মাৰি উঠিল সি।

অবিশ্বাস্যভাবেই তাৰ প্ৰপ’জেল একচেপ্ত হৈ গৈছিল। পলাশ আচৰিত হৈ গৈছিল। হাঁহি হাঁহি প্ৰফুল্লিত মন এটা লৈ গুচি আহিছিল সি। আহি থাকোতে সি ভাবি আহিছিল¸ প্ৰচ্ছায়াক লগ কৰি সুধিব তাই কিয় তেনেকৈ কৈছিল। 

অফিচত সোমাই তাৰ দুচকুৱে বিছাৰিলে 
প্ৰচ্ছায়াক। বৈশ্যদাৰ কেবিনত কেবিনত নেদেখি এবাৰ একাউঞ্চৰ ফালে চালে সি। মাজে-সময়ে প্ৰচ্ছায়া যে একাউঞ্চৰ ৰাণীৰ লগত কথা পাতিবলৈ আহে জানে সি। এবাৰ একাউঞ্চ অফিচলৈ ভূমুকি চাই তাইক নেদেখি হতাশ হ’ল সি। ৰাণীয়ে নিজৰ কম্পিউটাৰত কিবা কাম কৰি আছিল। কোনোবা যোৱা দেখি মুৰ তুলি চালে।

‘ পলাশ দা¸ কওকচোন।’
‘ নাই মানে প্ৰচ্ছায়া আহিছিল নেকি চাইছিলো। অফিচত নাই দেখোন।’
অকস্মাতে মুখেৰে ওলাই গ’ল তাৰ। 

‘ অ , আপুনি এটা কাম নকৰে কিয়! তাইক ফোন এটা কৰি চাওকচোন!’

লাজ লাগিল পলাশৰ। সেই কথাটো কেনেকৈযে পাহৰি গৈছিল। তাৰোপৰি একাউঞ্চত তাই থাকিলেই যেনিবা কেনেকৈনো মাতিলেহেন সি! পাহৰিলেহেতেন জানো সুধিব! মুৰটো চাগে সচাকৈয়ে গ’ল। 

‘ উম।’
ৰাণীক লাহেকৈ কৈ আঁতৰি আহিল সি। 
প্ৰচ্ছায়াক লগপোৱাৰ আশা বাদ দি এইবাৰ বৈশ্যদাৰ কেবিনত সোমাল। এতিয়া তাৰ এনেয়েও কাম নাই। আৰামত বৈশ্যদাৰ সতে আড্ডা দিব পাৰিব। দৰ্জাখন থেলি ৰুমটোৰ ভিতৰত সোমাই বৈশ্যৰ সমুখৰ চকী এখন টানি বহি পৰিল সি। বৈশ্যই ফোনত কাৰোবাৰ সতে কথা পাতি আছিল। তাক দেখি ইংগিতেৰে বহিবলৈ কৈছিল। বৈশ্যদাই ফোনটো থোৱালৈকে মনে-মনে বহি ৰ’ল সি।

‘ বুজিছ পলাশ¸ এই শাহু-বোৱাৰীৰ কাজিয়াখন বোধহয় স্বয়ং ইশ্বৰেও ভাঙিব নোৱাৰে।’
তালৈ চাই কৈ দিলে বৈশ্যদাই। বোধহয় অলপ আগতে কোনোবা ঘৰুৱা মানুহৰ লগতে কথা পাতি আছিল মানুহটোৱে। পলাশে শুনিছিল ঘৰুৱা কঠিত ভাষাত কথা পাতি থকা।

 যদিও লোকৰ ঘৰুৱা কথাবোৰ জানিব খোজাটো অন্যায়¸ তথাপি অলপ কৌতুহলী হৈ পৰিল সি। বৈশ্যদাৰ বৌ দেখোন ইয়াতে গিৰিয়েকৰ সতেহে থাকে। সেয়েহে এইবাৰ মানুহজনলৈ চাই সুধিলে সি¸

‘ কিয়? কি হলনো? ’
‘ দাদাই ফোন কৰিছিল। ঘৰখনত বৌ আৰু মাৰ অনবৰতে খুট খাট লাগিয়েই থাকে। মায়ে কলে বৌৰ ভুল¸ বৌৱে কলে মাৰ ভুল। দাদাই কাক এৰি কাক ধৰে কচোন। কথাবোৰে একদমেই সাধাৰণ। বৌৱে এফালে ঠেনঠেনাই মাকৰ পক্ষলৈ ঘৈনীয়েকৰ প্ৰতি অন্যায় কৰিছে¸ আনফালে মায়ে কয় বোলে সি তিৰোতা সেৰুৱা হ’ল। এতিয়া এইটো কথাত মই কি ডিছিচন দিও কচোন! মাক মাতো¸ নাহে গাঁও এৰি চহৰত থকাকৈ। এতিয়া দাদাৰ কথাবোৰ শুনি হু হা কৰি থাকো আৰু।’

‘ আচলতে শাহু-বোৱাৰীৰ এই সমস্যাটো বৰ সাৰ্বজনীন বৈশ্যদা। আপুনি এনে এখন ঘৰ দেখুৱাই দিব নোৱাৰে য’ত শাহু-বোৱাৰীৰ খুটখাট নাই। ক’ৰবাত যদি শাহুৱে বোৱাৰীয়েকক জীয়েক বুলি নাভাবে¸ আন ক’ৰবাত আকৌ বোৱাৰীয়ে শাহুৱেকক নিজৰ মাক বুলি নাভাবে। এই দুটা সম্পৰ্কৰ তাল-মিল ৰখাটো সচাকৈয়ে বৰ অসুবিধাজনক। আৰু ইয়াত বলি কা বকৰা হয় লৰাজন। কেতিয়াবা মাকৰ পক্ষ ললে সংসাৰখন ভাঙি যায় আৰু ঘৈনীয়েকৰ পক্ষ ললে¸ মাকজনীৰ আলৈ-আথানি হয়। সেই ক্ষেত্ৰত দাদাই যিটো কৰিছে সেইটোৱেই আটাইতকৈ বুদ্ধিমানৰ কাম।’

‘ তই বৰ ডাঙৰ কথা কলি ঔ। শাহুৱেকবোৰে বোৱাৰীয়েকক জীয়েক বুলি ভাবিলেতো কথাই নাছিল। আৰু আজিকালিৰ কিছুমান বোৱাৰীৰ কথা কি কবি! বিয়াৰ পিছদিনাই গিৰিয়েকৰ লগত বেলেগে খোৱাৰহে পাং পাতে।’
বৈশ্যদাই কৈ থকাৰ মাজতেই ৰুমৰ দৰ্জাখন খোল খাই গ’ল। সেই খোলা দুৱাৰেদি প্ৰচ্ছায়া সোমাই আহিল আৰু ফাইল এটা বৈশ্যৰ টেবুলত থৈ কলে¸

‘ বৈশ্যদা¸ জি এম ছাৰ বোধহয় পৰহিলৈকে যাবগৈ।’।
তাৰ উপস্থিতি উপেক্ষা কৰি নিজৰ ডেক্সটপৰ সমুখত বহিলগৈ প্ৰচ্ছায়া। আঁৰ চকুৰে তাইলৈ চালে পলাশে। নাই¸ এবাৰো তাই তাৰ ফালে চোৱা নাই।

‘ উম। আজি এবাৰ কথা পাতিম ৰবা।’
এবাৰ প্ৰচ্ছায়ালৈ চাই আকৌ পলাশৰ মুখলৈ চালে বৈশ্যদাই।

‘ অ’ কি কৈ আছিলো মই শাহু-বোৱাৰী! মুঠতে তই যিমানে চেষ্টা নকৰ ঘৈনী আৰু মাৰক একেলগে সুখী কৰিব নোৱাৰ!’
এইবাৰ ঢেকঢেকাই হাঁহিলে বৈশ্যদাই। লাহেকৈ সিয়ো হাঁহিলে।

‘ কি কথাতনো ইমানকৈ হাঁহিছে বৈশ্যদা?’
কৌতুহল থমাব নোৱাৰি সুধিলে প্ৰচ্ছায়াই। তাইৰ মুখতো এটা হাঁহি। 

‘ প্ৰচ্ছায়া অ’¸ শাহু-বোৱাৰীৰ এই ইউনিক কাজিয়াখনে একেবাৰে টেঙা লগাই দিছে অ’।’

‘ মই জনাত দেখোন বৌ আপোনাৰ লগত ইয়াতে থাকে বৈশ্যদা। কেতিয়ানো আপোনাৰ মাৰ লগত কাজিয়া লাগিলগৈ।’
এমোকোৰা হাঁহিলৈ প্ৰচ্ছায়াই জোকালে বৈশ্যক।

‘ হেৰৌ¸ মই শাহু-বোৱাৰী জাতিটোৰ কথা কৈছো। এইটো সম্পৰ্কই নিজেতো শান্তিত নাথাকেই¸ আনকো থাকিব দিয়ে জানো!’
এইবাৰ তাইৰ ফালে চাই মিছিকিয়াই কৈ উঠিল বৈশ্যই।

‘ তুমিতো জৰুৰ শাহুৱেৰাৰ লগত নাথাকা। বেছেৰা তোমাৰ দৰাটোৱেযে কেনেকৈ চম্ভালিব।’

‘ ধেই¸ আপুনিওযে আৰু…।’
লাহেকৈ ডবিয়াই কৈ উঠিল তাই। বৈশ্যই বেয়া নাপায়। ভনীয়েকৰ দৰে ছোৱালীজনীক জোকাই ভাললাগে তেওৰ।

‘ দেখিলি¸ এতিয়া নিজৰ কথাটো কওতে লাজ পালে।’

‘ হব দিয়ক। পিছত এনেয়েৱো গম পাব।’
প্ৰচ্ছায়ায়ো সমানে সমানে কৈ থাকিল। 
পলাশে মুখ টিপি হাঁহি থাকিল।

পলাশে আশা কৰিছিল¸ চুটিৰ পিছতে তাইক এবাৰ লগ কৰিব। অফিচতে লগ নকৰিলে ঘৰত লগ পোৱা অসম্ভৱ। অলপ দেৰিলৈকে নিজৰ অফিচত বহি তাই ওলোৱাটোকেই বাট চাই থাকিল সি। তাই ওলাই যোৱা দেখাৰ লগে-লগে সিয়ো ওলাই আহিল। কিন্তু তাৰ সমস্যা হ’ল যেতিয়া তাইক আৰু কেবাজনো ষ্টাফৰ লগত একেলগে লিফ্টৰ সমুখত ৰৈ থকা দেখিলে। ভাবিগুণি চিৰিৰেই নামি আহিল সি। পাৰ্কিঙত তাই নিশ্চয় অকলেই আহিব। বাকীকেইজন পাব্লিক গাড়ীত অহা-যোৱা কৰে। বেগাই নামি আহোতে প্ৰায় তাইৰ লগত একে সময়তে পাৰ্কিঙ পালেগৈ সি। তাইক মাতিবলৈ সি ৰৈ গ’ল। তাই নাচালেই এবাৰো তাৰ ফালে। তাৰ বাইকখনৰ কাষেৰেই প্ৰচ্ছায়াৰ স্কুটীখন পাৰহৈ গ’ল!

হতভম্ব হৈ পৰিছিল পলাশ। হঠাতে তাই তাক উপেক্ষা কৰাৰ এটাও কাৰণ সি বিছাৰি পোৱা নাছিল। তাৰ মনটো আকৌ অশান্ত হৈ পৰিছিল। কথাবোৰ ভাবি-ভাবি ৰুম পাইগৈ মানে সন্ধিয়া সাত বাজি গৈছিল। কাপোৰসাঁজ সলাই বিচনাখন দীঘল দি পৰিল পলাশ। যোৱাকালি সন্ধিয়াৰে পৰা ঘটনাক্ৰম এটা এটাকৈ মনত পেলালে সি। কোনোবাই তাৰ কথা কিবা বেয়াকৈ তাইক কলে নেকি। নে তাই গম পাই গ’ল যে সি তাইৰ প্ৰেমত পৰিছে! কথাবোৰে আকৌ বেছিকৈহে খেলিমেলি লগাই দিলে পলাশৰ মনত। কি কৰো নকৰো বুলি এবাৰ বাহিৰলৈ ওলাই আহিল সি। বাৰাণ্ডাৰ পৰাই সি দেখিলে প্ৰচ্ছায়াই বেলকনিত থিয় হৈ আকাশলৈ চাই আছিল। দুয়োৰে মুৰৰ ওপৰত একেখনেই আকাশ। তৰাৰে ভৰা¸ চপৰা চপৰে ডাঁৱৰ। যদি সি এতিয়া তাইৰ কাষতে বেলকনিত এতিয়া থিয় হৈ থাকিলহেতেন¸ হয়তো গীতাৰ সুৰৰ লহৰ তুলি সন্ধিয়াটোক ভালকৈয়ে উপভোগ্য কৰি তুলিলেহেতেন! অসহায় বোধ কৰিলে পলাশে। মন গলেও কেতিয়াবা মাতিব নোৱাৰি। এপাকত তললৈ চাই তাৰ সতে চকুৱে চকুৱে পৰিল প্ৰচ্ছায়াৰ। আঁতৰাই নিলে তাই চকু আৰু লাহে-লাহে ভিতৰলৈ সোমাই গ’ল। ঠিক সেইখিনি সময়তে যেন আকাশখন গোমা হৈ পৰিল। হঠাতে ক’ৰবাৰ পৰা এজাক বতাহে কপাই তুলিলে সমুখৰ নাৰীকলজোপাৰ পাত। হুমুনিয়াহ এটা কাঢ়ি পলাশ ভিতৰলৈ সোমাই আহিল। 

‘ হাই ’
ৰুমত সোমায়েই মেছেজ এটা কৰিলে সি তাইলৈ। কিয় তাই তেনেকুৱা কৰিছে অন্তঃত জনাতো দৰকাৰ।

তাৰ মেছেজটো চাই থৈ দিলে তাই। একো ৰিপ্লাই নিদিলে। অধৈৰ্য্য হৈ পৰিল পলাশ।
তাই এতিয়াও অনলাইন।

‘ হেই¸ কি কৰিছা?’
নাই¸ এইবাৰো উত্তৰ নাহিল। বিৰক্ত হৈ পৰিল সি। এইবাৰ অধৈৰ্য্য হৈয়েই লিখি দিলে।

‘ প্ৰচ্ছায়া¸ কিয় ইগন’ৰ কৰি আছা? কিবা জগৰ লগালো নেকি?’

এইবাৰ উত্তৰ আহিল। খৰধৰকৈ পঢ়ি পেলালে সি।

‘ ইগন’ৰ কৰিবলৈ আমিনো কোন! ইগন’ৰ মই কৰো নে আন কোনোবাই কৰে এবাৰ ভাবিলেই হ’ল।’

লাহেকৈ হাঁহি এটা ফুটিল তাৰ মুখত। লিখিলে¸

‘ মইনো কেতিয়া তোমাক ইগন’ৰ কৰিলো!’

‘ বাহ¸ এদিন লাইফৰ ৰচনা লিখিয়েই কবলৈ কথা নোহোৱা হৈ গ’ল নেকি তোমাৰ? আনৰ খবৰ এবাৰ সুধিব নোৱাৰা? স্বাৰ্থপৰ ক’ৰবাৰ।
প্ৰচ্ছায়াই হাঁহি হাঁহি সুধিছিল তাক। তাইৰ দুচকুত কৌতুক।

‘ সদায় দেখোন দেখিয়ে আছো। ভালে আছা তুমি। আৰু কথাও শেষহৈ যোৱা নাই মোৰ। আৰু নহয়ো। মাথোন ভয় লাগে লেণ্ডলৰ্ডৰ ছোৱালীক যদি আমনি দি ঘৰ খালী কৰিবলগা হয়¸ চব কাম বাদ দি আকৌ ৰুম বিছাৰিব লগা হব। ’

‘ লগা হলে কৰিলেই হ’ল ঘৰ খালী। পলায়ন কিন্তু ভীৰুতাৰ লক্ষণ। তাত তৃপ্তি নাই।’

‘ সাময়িক বিৰতিক কিন্তু পলাতক বুলি নকয়। ধুমুহা অহাৰ আগতেও অলপ সময় শান্ত হৈ পৰে।’
কৈ উঠিয়ে জিভাত কামোৰ খালে সি। ধেৎ কি কলে সি। 

‘ হা…’
এপলক ৰৈ ভাবিলে তাই। লাহেকৈ হাঁহি দি টাইপ কৰিলে।

‘ তুমি ধুমুহাক ভয় কৰা?’
‘ মুঠেই নকৰো। ধুমুহাৰ সতে আজন্ম মোৰ পৰিচয়।’

‘ বাৰু দেখা যাব।‘
ৰিপ্লাই কৰি এইবাৰ ডাটা অফ কৰি দিলে তাই।
-------

আগলৈ --

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib