Now you can Subscribe using RSS

Submit your Email

Monday 22 June 2020

Bad boy ঃ21

Unknown

                            [ একৈশ ]

দূপৰীয়া কলিং বেলৰ মাত শুনি প্ৰচ্ছায়াৰ মাক ওলাই আহিছিল। একেলেঠাৰীয়ে বেল বজাই থকা বাবে খং উঠি আহিছিল মানুহগৰাকীৰ। কি অভদ্ৰ মানুহ। অশান্তি কৰি দিছে। ভোৰভোৰাই মানুহজনী ওলাই আছিল। পাৰিলে আগন্তুকক পুৰি ভস্ম কৰি দিয়াৰ ইচ্ছা হৈছিল তেওৰ। এইখিনিও কাণ্ডজ্ঞান নাইনে! যে কলিং বেলযে দূবাৰ বজালেই হৈ যায়। অাগন্তুকক অলপ ভৎসৰ্না কৰাৰ ইচ্ছা কৰিয়েই দৰ্জাখন খুলি দিলে প্ৰচ্ছায়াৰ মাকে। সমুখত কাকো নেদেখি অলপ আচৰিত হ’ল তেও। অলপ আগুৱাই আহি ইফালে সিফালে চাই উভতিবলৈ লৈছিলহে মানুহজনী¸ আকস্মাতে কোনোবা সমুখলৈ আহি ‘ ভৌ ’ বুলি চিঞৰি দিয়াত উচপ খাই উঠিল মানুহজনী।

‘ বাইদো¸ চক খালি নেকি? ’
ধুনীয়া মানুহগৰাকীয়ে হাঁহি হাঁহি প্ৰচ্ছায়াৰ মাকলৈ চাই থাকিল। ঘটনাটো বুজিবলৈ এপলক লাগিল প্ৰচ্ছায়াৰ মাকক। মূহুৰ্ততে আগন্তুকক চিনি পাই মুখখন তেওৰ উদ্ভাষি উঠিল। তেও পাহৰি পেলালে¸ অলপ আগতে এই আগন্তুককে এজাউৰি দিবলৈ তেও সংকল্পলৈ দৰ্জাখন খুলিছিল। তাৰ সলনি আনন্দমিশ্ৰিত আশ্বৰ্য্যৰে দুচকু বিস্ফোৰিত কৰি আগন্তুক মহিলা গৰাকীক আঁকোৱালি চিঞৰি উঠিল।

‘ বুলু তই? ’
প্ৰচ্ছায়াৰ মাক আচৰিত হৈ গৈছিল। কোনো আগতীয়া খা-খবৰ নিদিয়াকৈ সুদুৰ মুম্বাইৰ পৰা ভনীয়েকজনী হঠাতে আহি ওলাইছিল। 

‘ বাইদো তই চক খালি ন?’
মহিলা গৰাকীয়ে হাঁহি হাঁহি সুধিলে প্ৰচ্ছায়াৰ মাকক।

‘ চক নাখাম! তই যেনেকৈহে হঠাতে সমুখলৈ আহি ভৌ কৰি দিলি নহয়! তোৰ সৰু কালৰ স্বভাৱটো নগল আৰু ন! আৰু এনেকৈযে বেল টিপিছ¸ মইতো বেলেগ বুলি গালি পাৰিম বুলিহে ওলাই আহিছিলো। তই হবলা আগতে খবৰ এটা দিব নোৱাৰিলি?’
প্ৰচ্ছায়াৰ মাকে হাঁহি হাঁহি কলে। 

‘ তোক ছাৰপ্ৰাইজ দিও বুলিয়েই কোৱা নহল অ’ বাইদো। নহলে জানো তোৰ এই চক খোৱা মুখখন দেখিবলৈ পালো হয়!’
কৈ কৈ মানুহ গৰাকীয়ে হাঁহি দিলে। প্ৰচ্ছায়াৰ মাকেও হাঁহি দিলে।

‘ বাইদেউ¸ মোৰ হলে দোষ নাই দেই। মই এওক এয়াৰপোৰ্টতে কৈছিলো¸ বোলে বাইদেউক এটা কল কৰি দিয়া। কিন্তু নিজেতো নকৰিলেই¸ মোকো কৰিব নিদিলে। গেটখন জপাই থৈ ট্ৰলীবেগখন ঠেলি ঠেলি আহি ৰূপমে কৈ উঠিল। 

‘ কিয় কৰিব লাগিছিল ফোন? এয়াৰপোৰ্টৰ পৰা টেক্সিৰ ভাৰাখিনি বছাবলৈ?’
এইবাৰ ৰূপমলৈ পোন্দোৱাকৈ চালে বন্দিতাই।

‘ দেখিছে বাইদেউ। আপোনাৰ ভনীয়েকৰ ৰাজ চলিছে।’
প্ৰচ্ছায়াৰ মাকৰ কাষ পাই হাঁহি হাঁহি কৈ থাকিল ৰূপমে। এমোকোৰা হাঁহি মুখত লৈ প্ৰচ্ছায়াৰ মাকে মাতিলে।

‘ আহা ৰূপম¸ মই জানো তোমাৰ গাত অলপো দোষ নাই।’
এইবাৰ হাঁহি হাঁহি তিনিওজন ভিতৰলৈ সোমাই গ’ল।

 দূবছৰৰ মুৰত হঠাতে ভনীয়েকক কাষতে পাই প্ৰচ্ছায়াৰ মাক আনন্দিত হৈ পৰিছিল। সন্ধিয়া প্ৰচ্ছায়া আৰু প্ৰত্যাশায়ো ইমান দিনৰ মুৰত মাহীয়েকক আনন্দিত হ’ল। অলপ দেৰিৰ পাছত প্ৰচ্ছায়াৰ পাপাকো অফিচৰ পৰা আহি পোৱাৰ পিছত যেন উৎসব মুখৰ হৈ পৰিল ঘৰখন। 

বন্দিতাৰ পৰিয়াল মুম্বাইতে চেটল হৈছিল। গিৰিয়েক-ঘৈনীয়েক দুয়ো তাতেই ইঞ্জিনিয়াৰ। বৰকৈ অসমলৈ অহা নহয় তেওলোকৰ। কিবা বিয়া-বাৰু জাতীয় উৎসৱ পাৰ্বনতে সকলোৰে সৈতে দেখা-দেখি হয়। প্ৰচ্ছায়াৰ মনত পৰিছিল দূবছৰৰ আগতে সৰু মোমায়েকৰ বিয়াৰ সময়তহে শেষবাৰ বুলু মাহীক লগ পাইছিল। তেতিয়া ৰুণ পোন্ধৰ বছৰীয়া। সি যে কিমান সিঁহতৰ পিছে পিছে ঘুৰি নুফুৰিছিল। ৰুণে ভালকৈ অসমীয়া লিখিব নাজানিছিল। মুম্বাইতে জন্ম তাৰ। মুম্বাইতে পঢ়া শুনা। মাক-দেউতাকৰ মুখত শুনি শুনি কব পাৰিলেও ভালেকেইটা অসমীয়া বৰ্ণৰ সতে পৰিচয় নাছিল তাৰ। সেই কেইদিনতে প্ৰচ্ছায়া প্ৰত্যাশা দুয়ো ভনীয়েকে অসমীয়া লিখিবলৈ শিকাইছিল তাক। কম দিনতে শিকি মাক-দেউতাকক আঁচৰিত কৰি তুলিছিল ৰুণে। হঠাতে মনত পৰাত প্ৰচ্ছায়াই সুধিলে মাহীয়েকক¸

‘ অ’ বুলুমাহী¸ ৰুণক কিয় নানিলা? ইমানদিন দেখা নাই তাক।’

‘ সিঁহতৰ ক্লাছ চলি আছে বাবে অনা নহল এইবাৰ। অহাবাৰ আনিম দিয়া। ভিডিঅ’ ক’ল কৰাচোন। ৰবা লগাই দিও।’
ফোনতে লগাই দিলে বন্দিতাই।

‘ হলেও ল’ৰাটোক তই অকলে এৰি আহিব লাগেনে বাৰু! সি বা পাৰিছেনে নাই?’
কথাটো মনত পৰি মনটো বেয়া লাগিছিল প্ৰচ্ছায়াৰ মাকৰ। লাগিলে হওক মুম্বাইৰ বাসিন্দা। কিন্তু সিয়োটো এজন সোঁতৰ বছৰীয়া ল’ৰাহে।

‘ বাইদো¸ তই মিছাতে চিন্তা কৰিছ। সি বয়সতহে সৰু¸ কিন্তু তোৰ মোৰ দৰে মানুহক থিয়ৈ থিয়ৈ বেছিব পৰাকৈ স্মাৰ্ট। আৰু সি ঘৰত নাথাকে নহয়¸ হোষ্টেলতহে থাকে। থাকিব আৰু।’
পুতেকৰ কথা কওতে বন্দিতাৰ বুকুখন গৌৰবত ফুলি উঠিছিল। টেনত ডিষ্টিকৰ ভিতৰত হায়েষ্ট মাৰ্কছ পাইছিল ৰুণে। মাক-দেউতাক দুয়ো চাকৰী কৰা বাবে বৰকৈ সময় দিব নোৱাৰি হোষ্টেলত থৈ দিছিল তাক।

প্ৰচ্ছায়াৰ যেন কথা শেষ নহবই মাহীয়েকৰ লগত। প্ৰত্যাশাৰ আকৌ ফেভাৰিট মহাক। হবই¸ দুয়োজনেই ইলেকট্ৰনিকছ এণ্ড টেলিকমিউনিকেশ্যনৰ স্নাতক। মাহীয়েক আৰু মহাকৰ চাবজেষ্ট বেলেগ হলেও প্ৰেম বিবাহৰ সুত্ৰেই দুয়োৰে মাজত মিলাপ্ৰীতি অধিক। তাৰ মাজতো সৰু সৰু খুট খাট কাজিয়াও চলি থাকে। প্ৰচ্ছায়াই উপভোগ কৰিলে তেওলোকৰ সৰু সৰু কাজিয়াখন। 

‘ মাজনী¸ কিমাননো এইদৰে থাকিবা আৰু! এতিয়া সংসাৰৰ কথা ভাবা।’
হঠাতে মাহীয়েকে কৈ দিলে তাইক। সুবিধাপাই মাকেও আহি যোগ দিলেহি।

‘ বুজিছ¸ বুলু। তাইৰ লগৰ চব ছোৱালীয়ে এতিয়া মাক হ’ল। এনেকি তাইৰ বেষ্টফ্ৰেণ্ডজনীৰো অলপতে বিয়া। ’
বিৰক্ত হৈ পৰিল প্ৰচ্ছায়া। সুবিধা পালেই মাকে কবলৈ নেৰে। যেন মাকৰ সেইটো সবাতোকৈ প্ৰিয় কথাহে। লাহেকৈ কৈ দিলে তাই¸

‘ মা¸ সুবিধা পালেই কিমাননো একেবোৰকে কৈ থাকা। কৈছোয়েই দেখোন ল’ৰা পচন্দ হলে বিয়া হম বুলি।’
কিন্তু মাকে তাইৰ কথাটো নুশুনিলেই। ভনীয়েকৰ আগত কৈ থাকিল তাইক চাবলৈ আগ্ৰহ কৰা ল’ৰাবোৰৰ বিষয়ে। সিহঁতৰ পৰিয়াল সমূহৰ বিষয়ে।

‘ মাজনী¸ জেদবোৰ এৰা এতিয়া। এই জেদবোৰে সদায় আমাক পিছলৈহে টানি থাকে। চোৱাচোন¸ সেই ইনচিডেন্টটোৰ পিছত তুমি এতিয়ালৈ বিয়া নোহোৱাকৈ থাকিলা আৰু সম্ৰাটে বিয়া-বাৰু কৰাই সুখেৰে গৃহস্থী চম্ভালিছে।’
তাইৰ মুৰত হাতফুৰাই কৈ দিলে মাহীয়েকে।
প্ৰচ্ছায়া উচপখাই উঠিল। ঘপহকৈ বহাৰ পৰা উঠি তাই ওলাই গ’ল বাহিৰৰ ফালে। বন্দিতা উচপখাই উঠিল। কিয় গ’ল তাই! কি হ’ল! আচৰিত হৈ বায়েকৰ মুখলৈ চালে বন্দিতাই। প্ৰচ্ছায়াৰ মাকৰ মুখখন কলাপৰি গৈছিল। জীয়েকৰ মনটো তেও বুজে। সেমেকা মাতেৰে কলে তেও¸

‘ বুলু¸ তাই পাহৰিব খোজা কথাবোৰ হঠাতে মনত পেলাই দিলি অ’।’
‘ অহ¸ মই পাহৰি পেলালো বাইদো। অজানিতে মুখেৰে ওলাই গ’ল।’
ভয়ে-ভয়ে বন্দিতাই বায়েকলৈ চালে। বায়েকৰ দৃষ্টি তেতিয়া বাহিৰৰ ফালে।

ৰুমৰ পৰা ওলাই প্ৰচ্ছায়া চাদলৈ উঠি গ’ল। চাদত থিয় হৈ আকাশৰ ফালে তাই চাই থাকিল। মাহীয়েকক বেয়া পাই তাই উঠি অহা নাছিল। মাহীয়েকে একো ভুল কথাও কোৱা নাছিল। কিন্তু অজানিতে মাহীয়েকৰ কথাষাৰে আঘাট কৰিছিল তাইৰ বুকুৰ দূৰ্বলতম অংশত। যি কথা তাই পাহৰিবলৈ অহৰহ চেষ্টা কৰিছিল¸ সেই কথাহে হঠাতে মাহীয়েকে মনত পেলাই দিছিল। দুচকু ভৰি আহিব খুজিছিল প্ৰচ্ছায়াৰ। জোৰকৈ চকু দুটা মুদি বাধা দিলে তাই।

হঠাতে প্ৰচ্ছায়া উঠি অহাত বন্দিতাৰ মনটোও বেয়া লাগিছিল। নিজকে দোষী দোষী ভাবি পিছে পিছে আহিল বন্দিতা ।

‘ মাজনী¸ মোক ক্ষমা কৰি দিয়া অ’। পাহৰি গলো যে সেইবোৰ কথাই তোমাক দুখ দিয়ে।’
চাদত উঠি গৈ প্ৰচ্ছায়াৰ কান্ধত হাতখন থলে বন্দিতাই।

‘ মই তোমাক বেয়া পোৱা নাই মাহী। কিন্তু প্লিজ অলপ সময় মোক অকলে থাকিবলৈ দিয়া।’
মাহীয়েকৰ মুখলৈ নোচোৱাকৈয়ে কলে প্ৰচ্ছায়াই। 
বন্দিতাৰ পিছে পিছে উঠি আহিছিল

প্ৰায়ে এনে হয় তাইৰ। যেতিয়াই কোনোবাই পুৰণি কথাবোৰ সুঁৱৰি দিয়ে তাইৰ মনটো বেয়া হৈ যায়। তেতিয়া তাই নিৰ্জনতা বিছাৰে। চাদলৈ উঠি আহে আৰু আকাশখনলৈ চাই থাকে। আকাশখন কিমান বিশাল। মানুহবোৰো আকাশৰ দৰে হোৱা হ’লে! হুমুনিয়াহ এটা ওলাই আহিল প্ৰচ্ছায়াৰ।

----
ভাতমুঠি বহাবলৈ পানী এবাল্টি আনিবলৈ ওলাই আহিছিল পলাশ। ওলটি আহোতে স্বভাববশত ওপৰলৈ চাই দেখি আন্ধাৰত ছায়ামুৰ্তি এটা। জুৰ বতাহ এজাকত মেলা চুলিবোৰ উৰি আছে সেই নাৰীমুৰ্তিৰ। বেলকনিৰ লাইট নুমুনাই আন্ধাৰত থিয় হৈ থকা মুৰ্তিটোক চিনি পালে সি। কিবা ভাৱত তাই বিভোৰ হৈ আছে! কিয় চাই আছে আকাশলৈ। এই ন বজাত বাৰু তাইৰ মন গ’ল নেকি হাটিপতি চাবলৈ। তাৰ মন গ’ল তাইক মাতিবলৈ। কিন্তু চিঞৰি মাতিলে কাষৰ পৰিয়ালটোৱেও শুনাৰ চাঞ্চ বেছি। কিবা এটা ভাবি গীতাৰখন হাতত লৈ ওলাই আহিল সি। বাৰাণ্ডাত থকা মুঢ়াটোত বহি এবাৰ বেলকনিখনলৈ চালে আৰু গীতাৰত আঙুলি বুলাই দিলে।

‘ ফুল ফুলক ৰ’দৰে ফুল
হৃদয় সেউজী ধৰা
ফুল ফুলক সূৰ্য্যমুখী ফুল
প্ৰিয়তমা তোমাৰ খোপাত।’

পলাশ তন্ময় হৈ পৰিছিল। পাহৰি পেলাইছিল প্ৰচ্চায়াৰ কথা। সি যে প্ৰচ্ছায়াৰ দৃষ্টি আকৰ্ষণ কৰিবলৈহে গীতাৰখন উলিয়াই লৈছিল সেই কথাও পাহৰি গীতাৰত সি সুৰ তুলি থাকিল।

প্ৰচ্ছায়াই চাই ৰৈছিল আকাশৰ ফালে। হঠাতে গীতাৰৰ সুৰ শুনি সম্বিত ঘুৰি আহিল তাইৰ। কোনে বজাইছে গীতাৰ? কোনোবাই ৰিহাৰ্ছেল কৰিছে নেকি! আছে নেকি দুই এদিনতে কোনোবা মহাবিদ্যালয়ত কাৰোবাৰ সংগীতৰ প্ৰ’গ্ৰাম। ইফালে সিফালে চাই হঠাতে তলৰ এটা ফালে দৃষ্টি ৰৈ গ’ল তাইৰ। যন্ত্ৰ সংগীতৰ তালে তালে তাই মোহাবিষ্ট হৈ শুনি থাকিল। পাহৰি গ’ল তাইৰ দুখ বেদনা। সুৰটো শেষ হোৱালৈকে তাই চাই থাকিল তাৰফালে। এটা সময়ত সুৰটো বন্ধ হ’ল। তাই উঠি গ’ল ভিতৰলৈ। মোবাইলটো হাতত তুলি ল’লে আৰু টেক্স এটা কৰিলে¸‘ এমেজিং । ধুনীয়া বজোৱা তুমি’। তাৰ পিছত উঠি গৈ মাহীয়েকৰ কাষলৈ গলগৈ তাই। মনটো এতিয়া ভাল লাগিছিল তাইৰ। তাইৰ মনটো ভাল হোৱা দেখি মাহীয়েক আৰু মাকৰ মনটোও ভাল হৈ পৰিল।
----

সুৰটো শেষ হোৱাৰ পিছতো পলাশ ঠাইতেই বহি ৰৈছিল। বহু কথাই ভিৰ কৰিছিল তাৰ মনত। কথাবোৰ জানো ভাল হব। নো ৱেত গাড়ী সুমুৱাই দিয়া আৰু একপক্ষীয় ভালপোৱা একেই। দুয়োটাই বৰ যন্ত্ৰনাদায়ক। প্ৰেক্টিকেল লাইভত কিছুমান কথা প্ৰায়ে খাপ নাখায়। সীমাবদ্ধতাবোৰ মনত পৰি মনটো অলপ বেয়া লাগিছিল পলাশৰ। উঠি গৈ গীতাৰখন এচুকত থৈ বিচনাখনতে বাগৰি দিলে সি।

‘ ক্লিক ’
হঠাতে বিচনাতে থকা ফোনটোৰ স্ক্ৰীণখন জ্বলি উঠাত তুলি ললে সি। প্ৰচ্ছায়াৰ মেছেজ। মুখত হাঁহি এটা বিৰিঙি উঠিল পলাশৰ। যাহওক¸ সুৰটোৱে তাৰমানে তাইৰ মন চুবলৈ সক্ষম হৈছে। ‘থেংক ইউ ’
মেছেজ এটা পঠিয়াই বিচনাৰ পৰা উঠিল সি। চাৰে ন বাজি গৈছিল। ভাত মুঠি বহাবলৈ সি উঠি আহিল।

-----

দূপৰীয়া এবাৰ সেইফালে আহোতে বিগবজাৰত সোমাইছিল পলাশ। ভাল চাৰ্ট দুটা লবলগীয়া আছিল। একেবোৰ চাৰ্ট সদায় সদায় পিন্ধি আমনি লাগি গৈছিল। সকলো মানুহৰে কিছুমান নিজা চখ থাকে। সকলো মানুহেই কেতিয়াবা পইচা খৰচ কৰি ভালপায়। ধনী মানুহবোৰে মন গলে গাড়ীখন সলাই। কোনোবাই ফ্লেট কিনে আৰু তাৰ দৰে সাধাৰণ ঘৰৰ ল’ৰাবোৰে মন ভাল লাগিলে চাৰ্ট পেন্ট কিনে। বৰ বেছি কেতিয়াবা এসাঁজ বাহিৰত খাই। বাহিৰৰ দোকানবোৰত বৰকৈ দৰদাম কৰিবলৈ বয় অসুবিধা পাই সি। দোকানীবোৰেও যেন চল চাই কঠীয়া পৰাৰ দৰে তাৰ দৰে নিৰিহ প্ৰানীবোৰক হতচকিত কৰিবলৈহে দৰদাম শুনাই। সি যেতিয়া ভাল লগা চাৰ্টটোৰ দাম সোধে¸ দোকানীৰ উত্তৰ শুনি মুৰ্চা যোৱাৰ উপক্ৰম হবলগা হয়। তাৰ দৰে মানুহবোৰতো আৰু দুহেজাৰ¸ আড়ৈহাজাৰ টকীয়া কাপোৰ পিন্ধাৰ সক্ষম নহয়। সেয়েহে শ্বপিং মলৰ শাৰী শাৰী কাপোৰবোৰেই তাৰ প্ৰথম পচন্দৰ। মন গলে কিন¸ নিকিনিলেও প্ৰৱলেম নাই। ইমান কাপোৰ বাছি কিয় নিকিনিলি বা দাম শুনি পলাবলগীয়া হোৱাৰ দৰে অৱস্থা ইয়াত নহয়।

সি গৈ বিগবজাৰৰ থাৰ্ড ফ্লোৰত চাৰ্ট চাই আছিল। আকস্মাতে মানুহ এজনীয়ে তাক খুন্দিয়াই দিলে। গিৰিয়েকৰ বাবে হয়তো কাপোৰ কিনিব আহিছিল মানুহজনী। খুন্দা যিয়েই নামাৰক গাত লাগিলেই ছ’ৰী কোৱাটোৱেই তাৰ নিয়ম। আজিও ছ’ৰী বুলি কৈয়েই মুখলৈ চায়েই হতবাক হৈ গল সি। কাপোৰ কিনা নহল তাৰ। নিকিনাকৈয়ে ওলাই আহিল সি।

মনটো বেয়া লাগিছিল পলাশৰ। পাহৰিব খোজা কথাবোৰ কিয় জানো জীৱনে সমুখলৈ লৈ আনি ৰং চাই। সন্ধিয়া ঘৰ সোমাই গীতাৰখন লৈ বাৰাণ্ডাত বহিছিল পলাশ। মনটো দূপৰীয়াৰে পৰা ভাল লাগি থকা নাছিল তাৰ। হৈ যায় মাজে-মাজে। সকলো বুজিও মনটোৱে বুজিব নোখোজে। প্ৰিয় গানৰ কলিটো গুণগুনাই গীতাৰত ঝংকাৰ তুলিলে সি। কিছুমান গান থাকে মানুহৰ দুখৰ সতে একাত্ম হৈ আশাৰ সপোন দেখুৱাব পৰাকৈ। কলেজত পঢ়ি থাকোতেই গাবলৈ লিখা একমাত্ৰ গানটোৱেই এই মূহুৰ্তত বজাবলৈ মন গ’ল পলাশৰ। আস¸ কি যে অনুভৱ লৈ গাইছিল তেতিয়া। দীঘলকৈ উশাহ এটা লৈ সি একাত্মহৈ পৰিল গানৰ সতে।

‘ আশাবোৰ নেহেৰাই
জীৱন এখনি নৈ
ভগ্ন সপোনে কন্দুৱাই
যন্ত্ৰনাই আঁৱৰা এই জীৱনত
দুখবোৰহে আহে সঘনাই
উজাগৰী নিশাই উচুপি উঠে
শোক সংগীতৰ লহৰ তুলি
যান্ত্ৰিক পৃথিবীত 
একাকীত্বত বন্দী সময়।
দুখবোৰ নুশুধিবা
হৃদয়ৰ পাৰভাঙি
আবেগৰ ঢল বৈ যায়¸
তথাপিও আশাবোৰ নেহেৰাই।’

---- বুলুমাহীৰ লগত কথা পাতি থাকোতেই প্ৰচ্ছায়াই শুনিছিল যন্ত্ৰসংগীতৰ শব্দ। কিয় জানো তাইৰ মন গ’ল কাণপাতি শুনিবলৈ। মাহীয়েকৰ ওচৰৰ পৰা উঠি আহিল তাই বেলকনিলৈ। কালিও বজাইছিল সি। আজিও বজাই আছে। তাই তন্ময় হৈ শুনি থাকিল। হঠাতে বুকুখন বিষাই উঠিল তাইৰ। কোনোদিন নুশুনা এটা কৰুণ সুৰ। কৰুণ অথচ মধুৰ। নিমিষ নকঢ়াকৈ তাই চাই ৰ’ল তললৈ!
হঠাতে জানো¸ কি মন গ’ল তাইৰ। ফোনটো ৰুমৰ পৰা আনি ফ্লাছ অফ কৰিলফটো এখন তুলিলে। নাৰীকল জোপাৰ কাষত মুঢ়া এটাত বহি গীতাৰ বজাই থকা এক অপসৃয়মান অৱয়ব। কিবা এটা ভাবিলে তাই। হঠাতে ফোনৰ পৰা ফটোখন ডিলিট কৰি দিলে আৰু ৰৈ থাকিল যন্ত্ৰসংগীত শেষ হোৱালৈ।

‘ মন চুই যোৱাকৈ বজাইছা।’
মেছেজটো পঠিয়াই দুই মিনিট থিয় হৈ ৰ’ল তাই। নাই সি বহাৰ পৰা উঠি নগল। মুৰ তুলিও নাচালে। গীতাৰখন কোচত লৈয়েই তললৈ মুৰ কৰি বহি থাকিল।

সুৰটো শেষ হোৱাৰ পিছতো পলাশ বহি আছিল। কিছুমান মানুহৰ স্বভাব থাকে¸ একাত্মতাবোধ মূহুৰ্ততে ভংগ কৰি উঠি আহিব নোৱাৰে। পলাশো তেনেকুৱা। সহজেই উঠি আহিব নোৱাৰে। কৰো নকৰোকৈ প্ৰচ্ছায়াই নম্বৰটো ডায়েল কৰিলে। তাইৰ মন গ’ল এবাৰ কথা পাতিবলৈ।

 চিনাকী ৰিংটনটো বাজি উঠাত উচপ খাই উঠিছিল পলাশ। কাণপাতি শুনি বুজিলে সেয়া তাৰেই ফোনটো বাজিলে। ল’ৰালৰিকৈ ফোনটো ধৰিবলৈ উঠি আহিল সি। হয়তো তাৰ ঘৰৰ পৰাও ফোন কৰিব পাৰে¸ নতুবা বৈশ্যদায়ো কৰিব পাৰে। যিয়েই নহওক প্ৰথম বাৰ ৰিং হৈ কাট খোৱাৰ আগতেই ৰিচিভ কৰিবলৈ ভাল পায় সি।

‘ প্ৰচ্ছায়া কলিং ’
ফোনৰ ডিছপ্লেত প্ৰচ্ছায়াৰ নামটো দেখি হতভম্ব হৈ পৰিল সি। লটাৰীত এক কোটি টকা পোৱাৰ খবৰটো শুনি হোৱা অনুভূতিৰ দৰে ‘প্ৰচ্ছায়া কলিং’ কথাষাৰে তাক জোকাৰি দিলে। ফোনটো হাতত লৈ চাই থাকোতেই কাট খাই গ’ল। মনটো বেয়া লাগি তাৰ। ধেৎ তেৰি ৰিচিভ নকৰিলে কিয়! কিন্তু তাক আকৌ হতবাক কৰি ফোনটো পুনৰ বাজি উঠিল। তাই নিশ্চয় জানি-বুজিয়েই ফোন কৰিছে। ভুলতে লগা নাই! কথাটো ভাবিয়েই মনটো নাচিউঠিল পলাশৰ। কপা কপা মাতেৰে কৈ উঠিল

‘ হেল্ল’
‘ তুমি ধুনীয়া বজোৱা দেই। ভাল লাগিল গীতাৰৰ সুৰটো।’
‘ ধন্যবাদ দেই।’
‘ ষ্টেজত বজোৱা নেকি তুমি?’
‘ ওহো¸ মই নিজৰ বাবে বজাও। এনেকৈয়ে।’

‘ অ’ সুৰটোৱে মন চুই গ’ল। কিন্তু গানটোহে ধৰিব নোৱাৰিলো।’

‘ কেনেকৈ ধৰিব পাৰিবা! কোনেও নুশুনা সুৰ এটাত নিজে কোৱা কথা অলপ।’

‘ অ’ তুমি গানো লিখা নেকি?’
‘ ওহো¸ মন গলেই নিজৰ সতে কথা পাতো।’
অলপ সময় নিৰবতা। তাই কিবা সুধিব খুজিও নোৱাৰিলে। সিয়ো কাণৰ ওচৰত ফোনটো। কেইটামান মূহুৰ্ত পাৰ হৈ গ’ল। লাহেকৈ মাতিলে সি¸
‘ প্ৰচ্ছায়া ’
‘ হমম ’
‘ ফ্ৰী আছা? ’
‘ হোৱাটচ্এপত আহা।’
ফোনটো কাটি এবাৰ তললৈ চালে তাই। সি একেথৰে চাই আছে তাইলৈ। 

তাই সোমাই যোৱাৰ পিছত সিয়ো ৰুমলৈ আহিল। বিচনাখনত দেহটো এৰি দি হোৱাটচ্এপটো খুলিলে।

‘ প্ৰচ্ছায়া…’
‘ কোৱা ’
‘ আমি বাৰু ভাল বন্ধুনে?’
‘ কিয় সুধিলা?’
‘ এতিয়াও কিয় সহজ হব পৰা নাই দুয়ো দুয়োৰে ওচৰত?’
কথাটো সুধি এপলক ৰ’ল সি। এনেকৈ জানো সোধা উচিত হ’ল! কিন্তু পোনপটীয়াকৈ কথা কোৱাৰ অভ্যাসটোৱেইবা কেনেকৈ সলাই সি।

থতমত প্ৰচ্ছায়ায়ো খাইছিল মেছেটো পঢ়ি। লাহেকৈ সুধিলে তাই
‘ কিয় ভাবিলা তেনেকৈ? মই দেখোন সহজ হৈছো বুলিয়েই ভাবো। চাদত ৰৈ তোমাৰ গীতাৰৰ মন চুই যোৱা সংগীত শুনি এয়া নিজেই তোমালৈ ফোন কৰিছো। কথা পাতিছো।’

‘ হমম। তেন্তে মই কিয় চাদত উদাস মনেৰে আকাশলৈ চাই থকা ছোৱালীজনীক সংকোচ এৰি সুধিব পৰা নাই কিয় উদাস হৈ আকাশলৈ চাই আছা? কিয় এদিনৰ ধাৰাপাত লিখি সংকোচ হয়¸ জানোচা ভুলেই কৰিলো। কিয় কেতিয়াবা মাতিবলৈ মন গলেও মাতিব নোৱাৰো!’

কথাখিনি লিখি অলপ ৰৈ গ’ল পলাশ। দীঘলকৈ উশাহ এটা ললে। ফোনটো কাষত থৈ চকুদুটা মুদি দিলে। কিয় জানো কেতিয়াবা মনটো অাঁকুল হৈ যায়।

মেছেজটো পঢ়ি প্ৰচ্ছায়াই এবাৰ ভাবিলে। কিবা অলপ লিখি আকৌ মছি পেলালে। স্ক্ৰীণৰ পৰা দৃষ্টি অাঁতৰাই এবাৰ বাহিৰলৈ চাই উঠি আহিল তাই। অলপপৰ থিয় হৈ আকৌ উভতি গ’ল ফোনটোৰ কাষলৈ। কি বুলি উত্তৰ দিব এতিয়া! উত্তৰ দিবনে নিদিব! ভাবি-ভাবি আকৌ লিখিলে তাই¸

‘ কাৰণ তুমি এতিয়াও মোক ফ্ৰেইণ্ড বুলি ভাবিব পৰা নাই। জাষ্ট এজনী কলীগ আৰু তোমাৰ ভাড়াঘৰৰ মালিকৰ ছোৱালী বুলি ভাবি আছা। তাৰ কাৰণেই তুমি দূৰত্ব ৰাখি চলিছা। সেইবাবেই সংকোচ মনৰ পৰা অাঁতৰা নাই।’

‘ হমম। হবও পাৰে।’ 

‘ লুকাই চুৰকৈ লোকলৈ চাই থকাটো কিন্তু বৰ বেয়া কথাদেই।’ স্মাইলী এটাৰে সৈতে লিখিলে তাই।

পঢ়ি হাঁহিলে সি।
‘ দোষ্টি কা ৱচুল হে মেম¸ না কুছ চুপায়েংগে না চুপানে দেংগে।’
হাঁহি দিলে সি।

‘ এইটো আকৌ কেনেকুৱা ৱচুল? এনেকৈহে কৈছিল চিনেমাত¸ দোষ্টি মে না ছ’ৰী না থেংক ইউ।’

‘ এইটো পলাশ কলিতা ষ্টাইল।’
হাঁহিলে সি। তায়ো হাঁহিলে।

‘ তোমালোকৰ কোনোবা আলহী আহিছে ন?’
ঘপহকৈ সুধি দিলে সি। কালিৰে পৰা সিঁহতৰ বেলকনীত অচিনাকী মানুহ দেখিছিল সি।

‘ উম¸ মাহী আৰু মহা আহিছে মুম্বাইৰ পৰা।’

‘ অ’ ’

‘ জানা¸ মহা-মাহীক দূবছৰৰ পিছত লগ পাইছো। দুয়োজনেই ইঞ্জিনিয়াৰ। কালিৰে পৰা ইমান জমাই আছে জানা মহাই। মাহীৰ লগত খুট-খাটকৈ লাগিয়েই থাকে।’
মাহীয়েকৰ কথা কৈ উৎসাহিত হৈ পৰিল প্ৰচ্ছায়া।

‘ অই¸ তোমাক কথা এটা সোধো?’
হঠাতে কৌতুহলী হৈ সুধিলে তাই।
‘ সোধা।’
‘ কালি ইমান ধুনীয়া সুৰ বজোৱাৰ পিছত আজি বিপৰীত সুৰ কিয়?’

‘ আজি মোৰ মন বেয়া।’
‘ কিয়? কি হলনো?’
‘ কাৰোবাক দেখা পালো এঠাইত। সেই ঠাইৰ পৰা পলালো। গীতাৰ বজাই বেয়া লগা খিনি উলিয়াই দিলো।’
হাঁহি দিলে সি।

‘ আচ্ছা¸ প্ৰচ্ছায়া তোমাক এটা কথা সোধো। বেয়া নোপোৱাতো!’

‘ বেয়া পোৱা কথা গলে বেয়া পাম।’
হাঁহিলে তাই।

‘ দোষ্টি কা ৱচুল হে মেম। আগতেই প্ৰমিজ কৰিছা নাপাও বুলি। আৰু পালেও পাবা¸ মই সুধিমেই। কিয় সেইদিনা উদাস হৈ আকাশলৈ চাই আছিলা? কিবা দুখ আছে তোমাৰ?’

‘ দুখ থাকিলেহে মানুহে আকাশলৈ চাই নেকি? এনেয়ে চাব নোৱাৰে?’
হাঁহি থাকিল তাই।

‘ নিশ্চয়। কিন্তু ৰাতি ন বজাত ঘৰত দূবছৰৰ মুৰত অহা মাহীয়েকক লগ পায়ো যদি কোনোবাই ঠাণ্ডা বতাহ বলি থকা চাদত ৰেলিংত হাত থৈ আকাশলৈ চাই থাকে¸ সেয়া জানো সন্ধিয়াৰ সৌন্দৰ্য্য উপভোগ কৰা বুলি ভাবিব পাৰি!’

‘ সচাকৈ কৈছো অ’। এনেয়েই থিয় হৈ আছিলো।’
‘ কবলৈ মন নাই যদি জোৰ নকৰো বাৰু!’
অলপ সময় কাৰো মুখত মাত নাই।

‘ পাছত কথা পাতিম।’
চাট অফ কৰি দিলে তাই।
ৰাতিটো আৰু তাইৰ মেছেজ নাহিল।

-----

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib