Now you can Subscribe using RSS

Submit your Email

Thursday 15 June 2017

নিশাচৰ

Unknown

নিশাৰ মহানগৰী। দোকান-পোহাৰ চব বন্ধ হৈ পৰিছে। দিনৰ ব্যস্ত পথবোৰত মৰিশালীৰ নিস্তব্ধতা। যেন এডাল দীঘল সাপৰ দৰে পৰি আছে পথটো। অদুৰত কুকুৰৰ জাকবোৰে ভুকিছে। নিজৰ এলেকাত প্ৰবেশ নিষিদ্ধ বেলেগৰ।
এন্ধাৰ গলীটোৰ পৰা ওলাই আহিছে ৰয়েল এনফিল্ডখন। বুলেটৰ ধক ধক শব্দটোৱে ফালি আহিছে নিস্তব্ধতা।
: গুণ্ডাটো আহিল।- চালমাই গিৰিয়েক আব্দুলক কৈ উঠিল। যেন তাই জানিছিল। বুলেটখনৰ শব্দটো চিনাকী সকলোৰে। বস্তিটোৰ আগত তাৰ ঘৰটো। সকলোকে মাৰি ফুৰে। কি কাম কৰে নাজানে। বৰ উগ্ৰ লৰাটো। সিহঁতৰ কাষৰে ভজনলালক এদিন বেয়াকৈ মাৰিছিল। ভজনলালে মদখাই বেয়াকথা কৈছিল হেনো কোনোবা এগৰাকীক। আব্দুলকো দম দিছিল এদিন ভাং বেচা বাবে। শিব বাবাৰ প্ৰসাদ চবেই খাইচোন। নিজৰ পান দোকানখনত পুৰীয়া বেচিছিল আব্দুলে। বহুত লাভ হয়। এতিয়া গুণ্ডাটোৰ ভয়তে চব বন্ধ। ধনী মানুহৰ লৰা¸ বৰ অহংকাৰী। সেয়ে বস্তিৰ সকলো মানুহেই নাম দিছে তাৰ গুণ্ডা। যদিও সমুখত কোৱাৰ সাহস কাৰো। বস্তিৰ চেলিমহতে আজিকালি বাহিৰত তাছ নেখেলে। মনেমনেহে খেলে ভিতৰত। অবশ্যে সিহঁতৰ লাভো নোহোৱা নহয়। তাৰ বাবেই সিহঁতৰ লৰা-ছোৱালীবোৰ স্কুলত যায়। পৰীক্ষাৰ সময়ত মাতি লৰা-ছোৱালী বিলাকক দহ-বিশটকা দিয়ে।
: বাদ দিয়ানা¸ আহা টোপনি ধৰিছে।- ভাতকেইটা খাই উঠিছিল আব্দুলে। লোকৰ কথাত মুৰ ঘমাবলৈ মন নাযায় তাৰ। তাইক কাষলৈ ইচাৰা কৰে সি। বস্তিটোত কেইঘৰমান মানুহহে বাস কৰে। ৰিক্সাৱালা আৰু পাচলি বেপাৰী¸ মাছ বেপাৰীৰ বসতি অঞ্চলটোত। অসমীয়া¸ মুচলমান¸ বিহাৰী মানুহকেইঘৰে অস্হায়ী জুপুৰীবোৰ সাজি লৈছিল পৰিত্যক্ত ৰেললাইনৰ মাটিত। সময়ে সময়ে উচ্ছেদৰ নাটকখন হয়। আকৌ সাজে সিহঁতে। কলৈ যাব সিহঁত! সি কৈছে¸ সোণকালেই হেনো পত্তা দিয়াব সিহঁতক।
*********************************
তেতিয়া এঘাৰ বাজি গৈছিল। ব্ৰক্ষ্মপুত্ৰখন শান্ত হৈ বৈ আছে। প্লেনেটেৰিয়ামৰ ওচৰৰ পৰা ৰাজভবনলৈকে পথটো নিস্তব্ধ। সতী ৰাধিকা উদ্যানৰ সমুখত বহু সময়ৰ পৰা ৰৈ আছে বিলাসী হোন্দাচিটিখন। কলা গ্লাচেৰে আবৃত বগাৰঙৰ গাড়ীখনৰ ভিতৰখন দেখা নাযায়। কাছাৰী ঘাটৰ পৰা উমানন্দৰ মোবাইল টাৱাৰৰ ৰঙা লাইটতো জিলিকি উঠিছে। উত্তৰ গুৱাহাটীৰ পৰা ধিমিক ধামাককৈ বিজুলী বাতিৰ চাকিবোৰ দেখা গৈছে। শীতৰ দিন। গৰমৰ দিন হোৱা হলে এইখিনি সময়ত ওচৰৰ মানুহবোৰে নদীৰ পাৰৰ হাৱা খাব আহিলেহেতেন। বিলাসী কুকুৰ কেইটাক হেৰি কৰাব আহি খোজ কাঢ়িলে হেতেন। মৰম পিয়াসী প্ৰেমিকবোৰে ৰেলিঙত বহি প্ৰেয়সীৰ আব্দাৰ শুনিলেহেতেন। দিনত প্ৰেমিক প্ৰেমিকাৰ মিলনৰ থলী সতী ৰাধিকা উদ্যান এতিয়া জয়াল। মৰম পিয়াসী প্ৰেমিকাৰ ওঠত প্ৰেমিকৰ উস্মচুম্বন তেনেই সুলভ ইয়াত। তাৰ বাবে বহুবাৰ পথচাৰী অশ্বস্তিতো পৰিব লগা হৈছে। ওচৰৰ জনসাধাৰণে বহুবাৰ প্ৰেমিক যুগলক শিশুপাল খেদা দিয়াৰো উদাহৰণ নথকা নহয়। অলপ ৰাতি হলেই পথচাৰীবোৰ আহিব টান পায়। মাছ বজাৰৰ পৰা হনুমান মন্দিৰলৈ ঠাইখিনি অলপ জয়াল।
হোন্দাচিটিখন যেন অলপ কপি উঠিছিল।
হথাতে ৰয়েল এনফিল্ডখন আহি ৰল। পাহুৱাল ডেকাজনৰ শৰীৰত ব্লেক লেডাৰ জেকেট আৰু ব্লু জিনচ।
: ক্যা হুৱা। -অনিশ্চাস্বতেও খিৰিকৰ গ্লাছখন খুলি পৰম বিৰক্তিৰে কৈ উঠিল মানুহজনে।
: ধীচুম…আস…। - মাথো এটা শব্দ।
হতভম্ব হৈ পৰিল ছোৱালীজনী। অসংযত কাপোৰখিনি ঠিক কৰি অলপ সময় ভাবি এটা নিৰ্দিষ্ট নম্বৰত ফোন কৰে তাই।
তেজে তুমুৰলী হৈ পৰি আছে মানুহজন। নাকতো সম্পুৰ্ণৰূপে ভাগি গুৰি হৈ গৈছে। হয়তো বাও চকুটো নষ্ট হৈ যাব পাৰে। আগশাৰীৰ টেলিকম কোম্পানী এটাৰ নৰ্থইষ্টৰ বিয়াগোম বিষয়া তেও। অনবৰতে নিৰাপত্তাৰক্ষীৰ বেষ্টনীত থকা মানুহজনে আজিহে অকলে আহিছিল তাইৰ লগত। বিভাগটোত নতুনকৈ জইন কৰিছে তাই। বহুত হেপাহ ওপৰলৈ যোৱাৰ।
বুকুৰ ধপধপনি এতিয়াও মাৰ যোৱা নাই তাইৰ। কি যে হৈ গল! অলপ পিছতে হোটেলখনলৈ যোৱাৰ কথা আছিল তেখেতৰ লগত। প্ৰমোচন চাগে নহব আৰু!
ইতিমধ্যে বতাহৰ লগত মিলি গৈছে বুলেটখন। ঘটনাতো আকৌ এবাৰ জুকিয়ালে তাই। গ্লাছখন নমোৱাৰ পিছত পাহুৱাল ডেকাজনৰ পুৰ্ণহতীয়া ঘোচাটো পৰিছিল চাৰৰ মুখত। তাৰ পিছত বুকুত ধৰি টানি আকৌ দুটা ঘোচা। চিঞৰিব পৰা নাছিল তাই। তৰ্জনী আঙুলিটো তাইলৈ আঙুলিয়াই গুছি গৈছিল সি।
: অহ¸ গড। প্ৰমোচন নালাগে¸ আৰু জবেই নকৰো। - স্বগতোক্তি কৰে তাই।
*********************************
চোফাত বহি আছে স্বল্পবসনা গাভৰুজনী। বয়স বৰবেছি একৈশ-বাইছ। বেপেৰুৱা ভংগীমাত বহি চাই আছে তাই সিহঁতলৈ। উত্তেজিত হৈ পৰিছে সভ্য যেন লগা মানুহজন।
: নো আইডি নো ৰুম। - পুনৰবাৰ লাহেকৈ কঠোৰভাবে কৈ উঠিল ৰিচেপচনিষ্ট ডেকালৰাটোৱে।
: তোমাৰ জি এমে দিব দিছে। কি প্ৰব্লেম আছে তোমাৰ? কিমান পইচা লাগিব। এজাপ নোট উলিয়াই লৰাটোৰ সমুখত ৰাখিলে তেও। অধৈৰ্য্য হৈ পৰিছে তেও।
: কিবা হলে ৰিস্ক কোনে লব? জি এম চাৰেতো একো নাজানো বুলিয়ে কব! চো আই এম চৰী। নো আইডি নো ৰুম। - টকাখিনি ঠেলি দি নিজৰ চকী বহি পৰিল সি। এনেয়ে কাষ্টমাৰৰ সমুখত নবহে সিহঁত। কিন্তু এনেকুৱা গেষ্টলৈ অকনো ৰেচপেক্ট নাথাকে তাৰ।
: মই চাকৰী খাই দিম তোমাৰ। -খঙত চিঞৰি উঠে মানুহজনে।
: চৰী। দিব নোৱাৰিম। -পেটে পেটে হাঁহি উঠে তাৰ। চেন্ট্ৰলৰ চাকৰীটো নহয়। মেনেজমেন্টৰ ট্ৰেইনিং থকাৰ পিছত কিহৰ ভয়!
: তুমি জি এমৰ লগত কথা পাতা। - মানুহজনে ফোনটো লগাই আগবঢ়াই দিয়ে তালৈ।
: চৰী চাৰ। মই কথা নাপাতো। যদি জি এম চাৰে ৰিস্ক লৈ মেইল এটা কৰে তেতিয়াহে পাৰিম। - পুণৰবাৰ কৈ উঠে সি। জানে মেইল কৰিব জি এমৰ সাহস নাই। এম ডিৰ পাৰ্মিচন লৈ থোৱা আছে।
থ্ৰী ফিফ্টি চিচিৰ থাণ্ডাৰবাৰ্ডখন আহি আছিল। পল্টনবজাৰ এতিয়াও যেন ব্যস্ত। আগতকৈ ভিৰ কমিলেও ষ্টেচনৰ কাষৰ নাইট হোটেল কেইখন এতিয়াও খোলা আছে। মেডিকেল ষ্টোৰৰ পৰা কনডমৰ পেকেটতো লৈ আহি আছিল লৰাজন। দেখিলেই নষ্ট যেন লাগে। মদৰ গোন্ধতো আহি আছে তাৰ মুখৰ পৰা। নেতাজী চ’কত বাজাজ শ্বৰুমৰ ওচৰত থিয় হৈ আছিল সিহঁত দুজনী। দেখিলেই এনেলাগে যেন কাৰোবাৰ বাবে অপেক্ষাৰত। অটোৱালা জাতীয় দুজনমানে কথা পাতিছে। চাগে দৰদাম কৰিছে। হথাতে ৰয়েল এনফিল্ডখন ৰলহি সেইখিনিত। পুৰ্ণহতীয়া চৰত উফৰি পৰিল লৰাটো। সি তলকিবই নোৱাৰিলে কনডম পেকেট কোনে কাঢ়ি মাৰিলে তাক। গালখন পিহি ফুটপাথতে বহি পৰিল সি।
: যোৱা ইয়াৰ পৰা। - ৰিভলভাৰৰ নলটো দেখি ভয়তে আতৰি যায় সিহঁত দুজনী। পাপাৰ পেট্ৰলিং ট্ৰেকাৰখন অলপ আগতে গৈছে।
: মোক মাফ কৰি দিয়ক। প্লিজ …। জ্বলি থকা অটোখনলৈ চাই কৈ উঠে অটোৱালা জনে। লগৰ মানুহজনৰ ইতিমধ্যে দাত ভাঙি তেজ বৈ আহিছে।
: নেক্সট টাইম…। - সোহাতৰ আঙুলি দুটা নিজৰ চকুলৈ প্ৰসাৰিত কৰি সিহঁতলৈ নিক্ষেপ কৰি আতৰি যায় বুলেট আৰোহী।
ব্লু কাৰখন ৰৈ আছিল। পোন্ধৰ¸ ষোল্ল বছৰীয়া যুবতীগৰাকীক দৃষ্টিকটুভাবে সাবতি দুজন মানুহ নামি আহিল। হয়তো মাৰোৱাৰী সম্প্ৰদায়ৰ।
: থিচ্চিউ…। চাইলেঞ্চাৰ ৰিভলভাৰৰ গুলীটো কাণৰ কাষেৰে পাৰহৈ গল মহীন্দৰৰ আগৰৱালৰ। হতভম্ব হৈ পৰে তেও। ইতিমধ্যে সুৰজিত বাগৰি পৰিছে।
: আস…মৰ গয়া…। বিষত কেকাই উঠিল সুৰজিতে। উৰুৰ হাড়ৰ মাজত গুলীটো সোমাইছে। পথটোৰ সিটো পাৰে ৰৈ আছিল ৰয়েল এনফিল্ডখন।
: য়ে চব বন্ধ কৰো। বিবি বচ্ছাকে চাথ খুচ ৰহো। তুম ভি…। - তিনিওলৈ ৰিভলভাৰৰ নলটো টোৱাই কৈ উঠে বাইক আৰোহীয়ে। এতিয়াও ধোৱা ওলাই আছে ৰিভলভাৰৰ নলেৰে। চুইফট ডিজায়াৰখনৰ সমুখৰ গ্লাছখন গুড়ি হৈ গৈছে। পিছলৈ এবাৰ ঘুৰি চাই আতৰি গল আগন্তুক। এতিয়াও পেপুৱা লাগি ভয়তে কপি আছে ট্ৰাইবেল ছোৱালীজনী।
: হেল্ল¸ ইনচপেক্টৰ চাব¸ …-চিনাকী আৰক্ষী বিষয়াজনলৈ ফোন কৰিলে মহিন্দৰে। এতিয়াও কেকাই পৰি আছে সুৰজিত। উভতি হোটেলখনলৈকে গাড়ী ঘুৰালে মহিন্দৰে। নিম্মীক তাতে থৈ হস্পিটাল যাব লাগিব।
*********************************
গণেশগুৰি চাৰিয়ালি। সন্ধিয়া সাতমান বাজিছে। হেঙেৰাবাৰী পথৰ ওচৰত ৰলহি বগা ৰঙৰ স্কৰপিঅ’খন। মানুহ এজন নামিল। চুট পৰিহিত মানুহজনৰ বয়স বৰবেছি চল্লিচ বছৰ। শকত ধুনীয়া মানুহজনে চিগাৰেট এটা জ্বলাই ললে। গাড়ীখনত আউজি হাতৰ ঘড়ীটোলৈ বাৰে বাৰে চাইছে মানুহজনে। সন্ধিয়াৰ গণেশগুৰি। লোকে লোকাৰণ্য হৈ পৰিছে। প্ৰাণচঞ্চল গণেশগুৰি গুৱাহাটীৰ অন্যতম ব্যস্ত অঞ্চল। পদপথৰ দোকানখনবোৰত গ্ৰাহক উবুৰি খাই পৰিছে। মানুহজনে দুৰৰ পৰাই দেখিলে লৰাজন আহিছে। পঁশিচ-ছাব্বিশ বছৰীয়া ক্ষীণ লৰাজনৰ বেশভুশা সাধাৰন। লৰালৰিকৈ চিগাৰেটটো ভৰিৰে মোহাৰি দৰ্জাখন খুলি গাড়ীৰ ভিতৰত বহিল মানুহজন। লৰাজন আহি মানুহজনৰ ওচৰতে বহিল। কিবা অলপ কথা কৈ ওলাই আহিল লৰাটো। মুখত তাৰ সন্তুষ্টিৰ হাঁহি। স্কৰপিঅ’খন আগবাঢ়িল ছয়মাইলৰ দিশত।
: য়েছ¸ বি1¸ বিজি1¸ কে1 ৱেইট ফৰ নেক্সট কমাণ্ড। ডি1 ৰিপৰ্ট টু চিচি ইমিডিয়েটলি। - সাংকেতিক বাৰ্তালাপ কৰে মানুহজনে কাৰোবাৰ লগত ফোনত। যথেষ্ট উদ্বিগ্ন যেন লাগিছে মানুহজনক। সন্ধিয়াৰ গুৱাহাটীৰ ট্ৰেফিক জামে জলাকলা খুৱাই জনসাধাৰণক। লাষ্টগেটত ট্ৰেফিকত আবদ্ধ হৈ পৰিল স্কৰপিঅ’খন। বিৰক্তিত মুখখন কোচখাই আহিল মানুহজনৰ। ভোৰভোৰাই উঠিল তেও। সোনকালে গৈ পাবগৈ লাগে। কিবা এটা ভাবি জি এন আৰ চি হস্পিটালৰ গলিটোৰে সুমুৱাই দিয়ে তেও গাড়ীখন।
*********************************
গুৱাহাটী ৰেল ষ্টেচনত সোমাই তিনি নম্বৰ প্লেটফৰ্ম পালেগৈ সি। সাজ লাগি আহিছে। বাহিৰৰ পৃথিবীখন মায়াময় হৈ পৰিছে। ষ্টেচনৰ ভিতৰত কি দিন কি ৰাতি। একেই পৰিবেশ। হাতৰ ঘড়ীটোলৈ চালে সি সাত বাজি পোন্ধৰ। টেইনখন যোৱা নাই এতিয়াও। স্বস্তিৰ নিশ্বাস এটা এৰিলে সি¸ তাৰ লেট হোৱা নাই। চাৰে পাঁচটাতে ওলাইছিল। ট্ৰেফিকে বহুত লেট কৰালে। এনেয়ে কোনোদিনে ট্ৰেফিক ৰুল নাভাঙে সি। কিন্তু আজি ফুটপথ¸ নো ৱে একাকাৰ কৰি আহিছে। পকেটৰ পৰা ফোনটো উলিয়ালে সি। বিশেষ নম্বৰটোত ফোনটো লগাই সি মাথো শুনি গল কথাখিনি।
ইঞ্জিনৰ পৰা আঠটামান ডবা এৰিয়েই ডবাটো। ৰিজাৰ্ভেচন ডবাটোত বহি আছিল ইকবাল আৰু মঞ্জুলিকা। বয়স দুয়োৰে চল্লিচৰ ওচৰা ওচৰি। চেন্নাই অভিমুখী ট্ৰেইনখনত আৰু মাথোন ছয়জনী ছোৱালী। বয়স এজনীৰো বিশৰ ওপৰত যেন নালাগে। সাধাৰণ পোচাক পৰিহিত যুবতীকেইগৰাকীৰ মুখত দৰিদ্ৰতা বিদ্যমান।
: বাইদেউ¸ পানী খাঙ দিচুন। - কম বয়সীয়া যেন লগা যুবতী গৰাকীয়ে বায়েক যেন লগা জনীক কলে। পানীৰ বটলটো দিয়ে তাই।
: ঐ তহঁতে এনেকৈ পানী খাই নাথাকিবি দে। ঘনকৈ পেচাব লাগিব। - দবিয়াই উঠাৰ নিচিনাকৈ কৈ উঠিল মঞ্জুলিকাই। অলপ ৰৈ হাঁহি মাৰি কৈ উঠিল
: ইয়াৰ পানী বৰ লেতেৰাও। তহঁতৰ ভোকতো লগা নাই?
: নাই।- ডাঙৰ যেন লগা জনীয়ে কৈ উঠে। ট্ৰেইনত উঠাৰ আগতে পৰঠা খাইছিল সিহঁতে। ইকবালে ঝালমুৰী কিনি আনি দিয়ে গোটেই কেইজনীক। আগতে বৰকৈ খাই পোৱা নাই সিহঁতে। পৰম তৃপ্তিত খায় সিহঁতে।
: উই দিপ্তি¸ তুই বাথৰুম যাবি নিকি?-জনজাতীয় ছোৱালীজনীয়ে লগৰ জনীক সুধিলে।
: যো। - লগৰ জনী থিয় হল।
: তহণতৰ বৰ ঘনকৈ বাথৰুম লাগে নেকি অ’। - হাঁহি হাঁহি সুধিলে মঞ্জুলিকাই।
সিহঁত আটাইকেইজনী মঞ্জুলিকাৰ ওচৰৰ গাওখনৰ। বৰ দুখীয়া ঘৰৰ ছোৱালী। খাব পিন্ধিব বাৰুকৈয়ে অভাব।
: অ’ বাইদো¸ আমাকো কাম এটা লাগছিল। - এদিন কৈছিল তৰামায়ে। মঞ্জুলিকাই ভালেই পাইছিল। ছোৱালীবোৰ স্বাবলম্বী হলে ভালপাই তেও। ইতিমধ্যে বহুত ছোৱালীক চাকৰি দিছে তেও। বহুত চিনাকী আছে মঞ্জুলিকাৰ। গুৱাহাটীত থাকে। তাই কাম দিয়াৰ আগতেই বহুত পইচা দিয়ে ঘৰত। অশিক্ষিত জনজাতীয় মানুহবোৰে ভাল চাকৰী কেনেকৈ পাব! পঢ়াশুনা নায়েই নহয়। সেয়ে মঞ্জুলিকাই কাপোৰ মিলত চাকৰী দিব লৈ আনিছে সকলোকে। দৰমহাও বহুত দিব হেনো। প্ৰথমতে ঘৰখন এৰি যাবলৈ বেয়া লাগিছিল তৰামাইহঁতৰ¸ কিন্তু ঘৰুৱা অশান্তি¸ টকা ঘটি ঘৰখন ভালকৰাৰ স্বাৰ্থত ওলাল সিহঁতে। বৰভাল মঞ্জুলিকা বাইদেউ। তেৱেই সিহঁতক ইকবালদাৰ লগত চিনাকী কৰাই দিছিল। প্ৰত্যেকৰে ঘৰত ইকবালদাদাই দুহেজাৰ টকাকৈ দি আহিছে।
শ্ৰদ্ধাৰে তৰামায়ে মঞ্জুলিকা বাইদেউৰ ফালে চালে।
*********************************
ডবাটো বিচাৰি উলিয়াবলৈ বেছি কষ্ট নহল অৰিন্দমৰ। ইনফৰমেচন ঠিকেই আছিল। দৰ্জাখন খুলি ডবাটোৰ ভিতৰ সোমাল সি। ৰিজাৰ্ভেচন ডবাটোৰ ভিতৰত সিহঁতকেইজনক বাদ দি বেলেগ নাছিল।
: কলৈ যাব সকলো? - পোনচাটেই ইকবালক সোধে সি।
: আপোনাক কিয়? - অলপ পৰ তভক মাৰি কৈ উঠে ইকবালে। চাগে সি অলপ নাৰ্ভাচ হৈছে। অচিনাকী ব্যক্তি এজনে এইদৰে প্ৰশ্ন কৰাত অলপ বিব্ৰত হৈছে। মঞ্জুলিকাই থিয় হব খুজিছিল।
: ডন্ট মুভ। -কঁকালৰ পিছপিনৰ পৰা ৰিভলভাৰ উলিয়াই সিহঁতলৈ টোৱাই কৈ উঠিল সি।- ইতিমধ্যে আৰ পি এফৰ জোৱানে ঘেৰি ধৰিছে ডবাটো। ছোৱালীকেইজনী হতভম্ব হৈ পৰিছে।
: কলৈ নিম বুলি কৈছে তোমালোকক। - ছোৱালীজাকক উদ্দেশ্যি সোধে সি।
: চেন্নাইত চাকৰী দিম কৈছে কাপোৰ মিলত।- অলপ ডাঙৰ যেন লগা জনীয়ে কৈ উঠিল। বাহিৰত বন্দুক লৈ থকা পুলিচ দেখি সিহঁতি বুজি উঠিছে যে সি পুলিচৰ মানুহ।
: মিছা কথা¸ গুড়গাওৰ অন্ধকাৰ গলিত বিক্ৰী কৰি দিলে হয়। -
: কি??? - সিঁয়ৰি উঠিল আটাইকেইজনী।
: ইকবাল আৰু মঞ্জুলিকা¸ কি ভাবিছিলি তহঁতে এনেকৈ সহজ সৰল ছোৱালীবোৰক বাহিৰত বেছি থাকিব পাৰিবি।- তাৰ হাতৰ পুৰ্ণহতীয়া চৰত উফৰি পৰিল ইকবাল। কিছুদিন আগতে দিল্লীৰ পৰা ভুক্তভোগী যুবতী এগৰাকী পলাই আহিবলৈ সক্ষম হৈছিল। তাইৰ তথ্যৰ ভিত্তিতে লাগি গৈছিল চি আই ডি।
: য়েছ চাৰ। মিচন ইজ কমপ্লিট চাৰ। য়েছ¸ ৰেচকিউ অল গাৰ্লচ। থেংকিউ চাৰ। - ডি এচ পি চাৰক জনালে সি খবৰটো। মনটো ভাল লাগিল তাৰ। যাহওক অলপ ফৰ্মেলিটি কৰিয়েই সহজ সৰল যুবতী কেইজনীক ঘৰলৈ পঠাব পৰা হব।
*********************************
নিউজত খবৰটো আহি আছে। প্ৰিন্ট আৰু ইলেকট্ৰনিক দুয়োটা মিডিয়াতে হাহাকাৰ লগাইছে খবৰটোৱে। হটকেকৰ দৰে বিক্ৰী হৈছে খবৰটো।
চাৰিআলি¸ পানদোকান¸ চেলুন¸ ঘৰ চবতে যেন সেইটোৱে কথা। ঠিক কিছুদিন আগত নাহিদৰ ফটোৱাৰ কেচটোৰ নিচিনা¸ নমামিৰ ব্ৰক্ষ্মপুত্ৰৰ বৰষুণৰ নিচিনাকৈ সকলোতে সেয়াই আলোচনা। ৰয়েল এনফিল্ড বাইকাৰ্চৰ এটাকত ভুক্তভোগী বহুজন। উজান বজাৰ¸ ভঙাগড়¸ দিছপুৰ¸ বেলতলা কত হোৱা নাই ঘটনা। একে দিনাই যেন কিবা সংঘবদ্ধ আক্ৰমণ। লক্ষণীয়ভাবে সকলো নাৰীদেহ ব্যবসায়ী আৰু গ্ৰাহকবোৰেই আক্ৰান্ত হৈছে গণ্ডাই গণ্ডাই। যেন এয়া কোনো নতুন সমাজসেৱী সংগঠনৰ কাম। কাকো হত্যা নকৰাকৈ সকলোকে বিকলাংগ কৰিছে। কাৰোবাৰ হাত¸ কাৰোবাৰ ভৰি¸ নাক ভাঙি গুড়ি কৰি দিছে। লক্ষণীয়ভাবে সকলো যৌনকৰ্মী যুবতীকে সকীয়নী দিয়েই এৰি দিয়া হৈছে।
: এয়া কৈনেকৈ সম্ভব? একে সময়তে বাইকাৰ্চে চবকে এটেক কৰিছে। এয়া কি ইউনিট? নতুন কোনো এক্সট্ৰিমিষ্ট নহয়তো! - কমিচনাৰে ইমাৰজেঞ্চি মিটিং পাতিছে। থানাই থানাই মেচেজ পঠিওৱা হৈছে।
: কামটো কিন্তু ভাল হৈছে। গুৱাহাটীখন অলপ ভাল হব। - বাটেঘাটে মানুহবোৰৰ আলোচনা।
মানুহবোৰৰ মন্তব্যবোৰ শুনি শুনি অতিষ্ঠ হৈ পৰে অৰিন্দম। তাৰ নতুন মিচন বাইকাৰ্চ। চি আই ডিৰ ডি এচ পি চাৰে নিজেই দায়িত্ব দিছে তাক। ৰাজধানী হিলি গৈছে। কিছুদিন আগত লাষ্টগেটত ধৰ্ষণ কৰি যুবতী এগৰাকীক পেলাই থৈ গৈছিল। পুলিচে অপৰাধীৰ একো সংশুত্ৰ উলিয়াব পৰা নাছিল। যুবতী গৰাকীৰ অবস্হা এতিয়াও সংকটজনক। যোৱানিশা ধৰ্ষণকাৰী দুজন লৰাই নিজেই চাৰেন্দাৰ কৰিছে দিছপুৰ থানাত। ৰয়েল এনফিল্ড বাইকাৰ্চে দুয়োখন হাত ভাঙি পেলাইছে দুয়েৰো। চাৰেন্দাৰ নকৰিলে প্ৰাণে মৰাৰো দিছে ভাবুকি। ইতিমধ্যে মিডিয়াই হিৰ’ সজাই দিছে বাইকাৰ্চক। হাঁহি উঠিল অৰিন্দমৰ। এটা দিন আছিল¸ মানুহে বাইকাৰ্চ বুলি কলে ভয়তে কপিছিল। এতিয়া দেহ ব্যবসায়ী¸ গ্ৰাহকবোৰ কপে।
*********************************
সোনকালেই উভতিছিল নিকিতাই। ট্ৰেফিক জামত ফচি বহুত দেৰি হৈ গল।
: ছে: কিযে হব নহয়। সোনকালেই ভাৰাঘৰ এটা বিচাৰিব লাগিব।- ভাবে তাই। দুমাহমান হৈছে তাই মাহীয়েকৰ ঘৰলৈ অহা। চাকৰী এটা পাইছিল শিলপুখুৰীত। জীবনটো গঢ়িম বুলি ঘৰৰ পৰা ওলাই আহিছিল তাই। মাহীয়েকেই কৈছিল তেওলোকৰ ঘৰত থাকিবলৈ। মাক-দেউতাকেও হয়ভৰ দিছিল। তেওলোক নিশ্চন্ত হৈ থাকিব পাৰিব। বাছৰ পৰা নামি এমাইলমান খোজকাঢ়ি যাব লাগে মাহীয়েকৰ ঘৰলৈ। কেঁকুৰীটোৰ ওচৰৰ দোকানখনত বহি থাকে সিহঁতকেইটা। বাটৰুৱা জীয়ৰী বোৱাৰীক অশ্লীল ইংগিত দিয়ে। দেখাত ধুনীয়া তাই। লোকেল নহয় বাবে তাইকো বহুদিন জোকাইছে সিহতে। ভয়তে কাকো কব পৰা নাই তাই। মাক-দেউতাকে গম পালেই ওভতাই লৈ যাব!
খং উঠে অংকিতাৰ! নষ্টযোৱা কেইটাৰ ঘৰত মাক-ভনীয়েক নাই নেকি!
: আজিকালি ছোৱালীয়ে সমৰ কলাৰ প্ৰশিক্ষণ লোৱাটো খুবেই প্ৰয়োজন। - দিপালী বাইদেউৰ কথাবোৰ মনত পৰে তাইৰ। ছে: তায়ো যদি কুংফু শিকি থলে হেতেন!- অাফচোচ হয় তাইৰ।
শুভলক্ষ্মীৰ কেচৰ অপৰাধী আজিও ধৰা নপৰিল। ভয় খাই তাই। অবশ্যে আজিলৈ সিহঁতে তাইৰ গা চুবলৈ সাহ কৰা নাই। কেঁকুৰীটোৰ পিছৰ ঠাইখিনি অলপ অান্ধাৰ খৰকৈ খোজ দিলে তাই। আনিদিনাৰ দৰে আজিও তাইক দেখি কিৰিলিয়াই উঠিল সিহঁত। কাণ-মুৰ গৰম হৈ গল তাইৰ। তথাপিতো বেগতো বুকুত সাবতি আহি থাকিল।
: কোন বে। লাইট কিয় মুখত মাৰিছ(অশ্লীল)? - হথাতে গাড়ীৰ হেডলাইটৰ পোহৰে চকু চাট মাৰি ধৰাত চিঞৰি উঠে সিহঁতে। কেইটামান পুৰ্ণহতীয়া ঘোচাত উফৰি পৰিল সিহঁত। স্পষ্টকৈ দেখিলে অংকিতাই সমুখত এখন ৰয়েল এনফিল্ড বাইক।
: চুৱৰৰ বাচ্ছা¸ তহঁতৰ বা-ভনী নাই? আজিৰ পৰা জোকালে মাৰি পেলাম। - ৰিভলভাৰ টোৱাই কৈ উঠিল আগন্তুকে। জিনচ টিচাৰ্ট পৰিহিত লৰাটোৰ মুখত হেলমেট।
: ডন্ট ৱৰী ভন্টি। যোৱা।- কিমান সময় তভক মাৰি চাই আছিল তাই নাজানে¸ মানুহজনৰ কথাত সম্বিত ঘুৰি আহিল। ইতিমধ্যে অসভ্যকেইটাৰ মুখমণ্ডল তেজেৰে ৰাঙলী হৈ পৰিছে।
অচিন বাইকাৰ্চ জনৰ প্ৰতি শ্ৰদ্ধাত মুৰ দো খাই গল তাইৰ। উভতি চালে তাই। দুৰন্ত গতিত ইতিমধ্যে অদৃশ্য হৈ পৰিছে ৰয়েল এনফিল্ডখন।
*********************************
প্ৰকাণ্ড বিল্ডিংটোৰ তলত অৰিন্দমৰ বাইকখন ৰল। ভঙাগড়ৰ এই প্ৰকাণ্ড বিল্ডিঙত আছে কেইবাটাও বিয়াগোম চৰকাৰী বিভাগ। একেবাৰে টপ ফ্লোৰত বিশেষ বিভাগটো। বেছিদিন হোৱা নাই কাহিলীপাৰাৰ পৰা ইয়ালৈ স্হানান্তৰ কৰা অফিচতো। অফিচটোৰ দুৱাৰমুখতে দুজন সশস্ত্ৰ নিৰাপত্তাৰক্ষী।
: কি খবৰ তপন? ভালনে দিগন্ত? - লৰাদুজনক চিনি পাই সি। অনেকবাৰ লগ পাইছে সিহঁতক।
: ভালেই চাৰ। আপোনাৰ ভালনে? - হাঁহি মাৰি দৰ্জাখন খুলি দিয়ে সিহতে।
: আছো দিয়া। - কৈ ভিতৰলৈ সোমাল সি। অফিচটোৰ দুৱাৰ মুখত ডাঙৰ আখৰেৰে লিখা আছে এ এইচ টি চি।
কনফাৰেঞ্চ হলত সকলো বহি আছিল। ইউ চেপৰ হলটোৰ সমুখৰ চকীখন চিচি চাৰৰ বাবে সংৰক্ষিত। অলপ সময় পিছতে গুৰু গম্ভীৰ খোজেৰে প্ৰবেশ ঘটিল চৌধুৰী চাৰৰ। সকলোৱে থিয় হৈ অভিবাদন জনালে তেওক। বিশেষ শাখাৰ এডিজিপি প্ৰায় সাতাৱন্ন বছৰ বয়সীয়া চৌধুৰী চাৰেই গঠন কৰিছিল এই ইউনিটটো। এ এইচ টি চি অৰ্থাত এন্টি হিউমেন ট্ৰেফিকিং চেলৰ কমাণ্ডাৰ ইন চিফ তেও। শুভলক্ষ্মী কাণ্ডৰ পিছত গৃহমন্ত্ৰীৰ উপদেশমতে গোপনে পৰীক্ষামুলকভাবে তেও গঠন কৰিছিল এই ইউনিটটো। সকলো শাখাৰে দক্ষ এশজন বিষয়াক নিয়োগ কৰিছিল তেও।
: কমাণ্ডোজ¸…- গুৰুগম্ভীৰ মাতেৰে কৈ উঠে চি চি চাৰে।
: আমি যি উদ্দেশ্যত এই ইউনিটটো গঠন কৰিছিলো¸ প্ৰথম পৰ্য্যায়ত প্ৰায় সফল বুলি খবৰ পাইছো। কিডনেপিংৰ পৰা ইভটিজিঙলৈ গুৱাহাটীত কন্ট্ৰল হৈছেনে? পাৰ্থ তুমি কি কোৱা? -ওচৰত বহি থকা ধুনীয়াকৈ বগা মানুহজনক সোধে তেও। প্ৰায় চল্লিশ বছৰীয়া মানুহজন এচ বিৰ ডি এছ পি।
: চাৰ¸ প্ৰায় কন্ট্ৰোল হৈ আহিছে। পাব্লিকে এতিয়াও এয়া কোনোবা পাৰ্টিৰ কাম বুলি ভাবি আছে।
: ভাবি থাকক পাৰ্থ। সেয়াই ভাল। যেতিয়ালৈ গোটেই অসমত আমি ক্ৰাইম কন্ট্ৰোল কৰিব নোৱাৰো¸ তেতিয়ালৈ এ এইচ টি চি মিচন চিক্ৰেট হৈয়ে থাকক।
: য়েছ চাৰ। - একেমুখে আটাইয়ে কৈ উঠিল।
: শৰ্মা¸ আমাৰ বি টিমৰ ৰিভিউ কেনেকুৱা? - চিআইডিৰ এচ পি শৰ্মাক সোধে চৌধুৰীয়ে।
: চাৰ¸ কাম অলপ লেহেমীয়া চলেও চলি আছে। আমাৰ নতুন ইনফৰ্মাৰখিনিৰ ট্ৰেইনিং কমপ্লিট হলেই হোটেল¸বাৰ¸ ৰেষ্টুৰেন্ট¸ মিডিয়াত জইন কৰিব। - থিয় হৈ কৈ উঠিল মহানন্দ শৰ্মাই।
: গুড। কমান্দোজ¸ এটা কথা মনত ৰাখিব যাতে কেতিয়াও কোনো দিচিচন পাব্লিকৰ এগেইনষ্টত নহয়। গুড লাক।
: য়েছ চাৰ।- একেমুখে কৈ উঠে সকলোৱে।
: ডিচমিচ। - মিটিং শেষ কৰি ওলাই আহে তেও।
: এনি প্ৰবলেম অৰিন্দম।- শশাংকই শোধে তাক। ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক সি। দুয়ো একেলগেই চাকৰীত জইন কৰিছিল। ভেশ সলনি কৰিব পৰা দক্ষতাৰ বাবে চি আই ডিত ট্ৰাঞ্চপাৰ কৰিছিল তাক।
: না দোষ্ট। ভাল কাম কৰিছো কিন্তু মুখা পিন্ধি। - হো হোৱাই হাঁহি উঠিল দুয়ো।
*********************************
: খবৰটো পাক্কা নে? - সন্দেহৰ দৃষ্টিৰে অৰিন্দমে সুধিলে তৰুণক।
: এশ শতাংশ পাক্কা চাৰ। আজিলৈকে আপোনাক কিবা মিছা খবৰ দিছো জানো! মই নিজেই দেখিছো। - নিজৰ কথাত জোৰ দি কৈ উঠে তৰুণে। বহুত পুৰণা ইনফৰ্মাৰ সি। আঠবছৰীয়া চাকৰী জীবনত কোনো দিনেই ভুল ইনফৰ্মেচন দিয়া নাই সি।
: হেল্ল চাৰ¸ অৰিন্দমে ফোন কৰে শৰ্মাচাৰক। - সকলো কথা বুজাই কলে সি।
: ডোন্ট ৱৰী অৰিন্দম। একো নজনাহৈয়ে থাকিম আমি। এতিয়াই চিচি চাৰক কৈ ৰেইড মাৰিম। - কৈ উঠে তেও।
: থেংকিউ চাৰ। থেংকিউ। ভাল লাগি যায় অৰিন্দমৰ। আইনৰ চকুত সকলো সমান। ৰৌ-বৰালি¸ পুঁঠি কোনো সাৰি যাব নালাগে।
হোটেল এক্স ৱাই জেদ। মহানগৰীৰ অভিজাত হোটেলখনত চলে সঘনাই অনৈতিক কাৰ্য্য। হোটেলৰ কৰ্মচাৰীৰ পৰা মেনেজাৰলৈ সকলো জড়িত। এঘন্টাৰ পিছতে চাৰ্চ ৱাৰেন্ট লৈ হাজিৰ হল পুলিচ বাহিনী। হাঁহাকাৰ লাগিল হোটেলখনত। অৰিন্দমৰ হাঁহি উঠিল। এপাল নষ্ট পুৰুষ মহিলাৰ লগত সন্মানীয় এম এল এ চাৰৰ অৰ্ধ উলংগ ৰূপ কেমেৰাই আবদ্ধ কৰিছে।
*********************************
বাতৰি কাকতত ডাঙৰ হৰফেৰে প্ৰকাশ পালে খবৰটো। একেমুখে ধিক্কাৰ সকলোৰে। বহুদিনৰ মুৰত পুলিচে ভালকাম কৰিছে। লগতে এটা টিপ্পনী।
মহানগৰীৰ সকলো অঞ্চলতে ওলমিছে পোষ্টাৰ¸ ’আহি আছে নিশাচৰ’। নিশাচৰৰ ভয়ত ক্ৰষ্টমান নাৰী নিৰ্যাতনকাৰী। হাঁহি উঠিল অংকিতাৰ। ওচৰৰ ঘৰটোত এহাল স্বামী-স্ত্ৰী থাকে। মতাটোৱে সদায় মদখাই আহি মাৰপিট কৰে ঘৈনীয়েকক। ঘৈনীয়েকে চিঞৰি চিঞৰি কান্দে। আজিও কিবা কাজিয়া লাগিছিল। ঘৈনীয়েকে চিঞৰি কৈ উঠিল চাৰিআলিলৈ গৈ নিশাচৰক জনাই দিবগৈ। তেতিয়াৰ পৰা গিৰিয়েক নিশ্চুপ। কুঁৱাৰ পানী উঠাইছে¸ ঘৰৰ কামত ঘৈনীয়েকক সহায় কৰিছে। যেন নিশাচৰৰ মাধমাৰৰ ভয়।
আজিকালি ৰয়েল এনফিল্ড চলোৱা সকলোকে চাই তাই¸ কিজানি তেৱেই হয়। মানুহজনৰ মুখখন দেখা নাছিল তাই। কিন্তু অবয়বৰ পৰা বুজিছিল তেও এজন চফল ডেকা। তেও বাৰু বিয়া পাতিছেনে নাই। অনামী মৰম এটা সোমাই তাইৰ মনত। আই লাভ ইউ নিশাচৰ বাইকাৰ্চ¸ মনতে কৈ উঠে তাই।
*********************************
গুৱাহাটীৰ কোনো অজ্ঞাত স্হান। চাৰিওফালে ওখ গছগছনিৰে আবৰা এক পাহাৰীয়া অঞ্চলত সুৰক্ষিত ট্ৰেইনিং কেম্পটো। নতুনকৈ বনোৱা আচাম টাইপৰ ঘৰকেইটাৰ চাৰিওফালে কাইতীয়া তাৰৰ বেৰ। বেৰৰ বাহিৰৰ ফালৰ পৰা কম্পাউন্ডটো আবৰি দ খাল এটা। খাল পাৰহৈ যাব পাৰিলেও কাইটীয়া বেৰ পাৰ হৈ বাহিৰৰ পৰা ভিতৰ সোমোৱা বা ভিতৰৰ পৰা বাহিৰ ওলাই অহা অসম্ভব। চৌব্বিশঘন্টাই কাইটীয়া বেৰখনত প্ৰবাহিত হৈ থাকে বিদ্যুৎ।
এ এইচ টি চিৰ ট্ৰেইনিঙ কেম্পটোৰ প্ৰশিক্ষক কেপ্তেইন সান্তনু চাংমাই ক্ৰাইম ব্ৰাঞ্চৰ এচিপি। শাৰিৰীক অসুস্হতাৰ বাবে ছমাহ অফিচিয়েলী চুটিত থাকিলেও দৰচলতে এ এইচ টি চিৰ এজেন্টবোৰক ট্ৰেইন কৰি আহিছে তেও। তেওক সহায় কৰিছে বিআইইঅৰ দিএচপি চৌগত চৌধুৰী আৰু টেন এপিবিএনৰ চেকেন্ড ইন কমাণ্ড নয়নজিৎ ডেকাই।
গোটেইকেইজন ডেকা মানুহ। অবিবাহিত নয়নজিৎ ডেকা ফুৰ্তিবাজ মানুহ। হাঁহি ধেমালীৰেই এজেন্ট বোৰক ট্ৰেইন কৰে তেও। বিভিন্ন বিভাগৰ পৰা ডেপুটেচনত অহা মানুহবোৰৰ লগত বৰবেছি কষ্ট কৰিব নালাগে।
সান্তনু চাংমাই মানুহজন খুউব পাংচুৱেল। গহীন গম্ভীৰ মানুহজনে নিয়মৰ বাহিৰত এটা কামো নকৰে। আগতে আৰ্মীত আছিল। এপিএচচি পাই পুলিচলৈ আহিল। এবছৰীয়া কণ্যা সমৃদ্ধি আৰু পত্নীলৈ বৰকৈ মনত পৰে তেওৰ। আৰু বেচিদিন নাই¸ সোণকালেই এই গ্ৰুপটোৰ ট্ৰেইনিং কমপ্লিট হব। তাৰ পিছতেই ঘৰৰ পৰা এপাক আহিব তেও। ইচ্ছা কৰা হলে চৌগত আৰু নয়নকে দায়িত্ব দি এসপ্তাহৰ বাবে ঘৰৰ পৰা আহিব পাৰিলে হৈ। কিন্তু তেওৰ বাবে ডিউটি ইজ বিউটি।
সৌগত চৌধুৰী মানুহজন আপোনভোলা। মন গলেই ঘৈনীয়েকৰ লগত ঘন্টাৰ পিছত ঘন্টা কথা পাতে। ফোনতেই পত্নীৰ অভিমানবোৰ ভাঙিব চেষ্টা কৰে। তাকে দেখি নয়নে মুখটিপি হাঁহে।
মেইন গেটত দুজন সশস্ত্ৰ যুবকে পহৰা দি আছে। নাম জিতু আৰু মনজিৎ¸ বয়স দুয়োৰে চাব্বিশৰ ওচৰা ওচৰি।
তেতিয়া এ এইচ টি চিৰ এই কেম্পটোত গোপনে ইমফৰ্মাৰ বোৰৰ ট্ৰেইনিং চলি আছিল। বীৰাংগনাৰ পৰা ত্ৰিশজনী যুবতী আৰু হোমগাৰ্ড সত্তৰজন যুবকক ট্ৰেইনিং দি থকা হৈছিল। সৰহভাগ যুবকেই দেখিবলৈ সাধাৰণ¸ ক্ষীণ চেহেৰাৰ। আনহাতে বীৰাংগনাৰ যুবতী কেইগৰাকী অতিকৈ ধুনীয়া। গ্ৰাউণ্ডত পেৰেড চলি আছিল। ভাইচ কেপ্তেইন সৌগত আৰু নয়নে পেৰেড চাই আছিল। যোৱা তিনিমাহে অশেষ কষ্টৰে এশজন যুবক-যুবতীক সক্ষম কৰি তোলা হৈছে।
দুৰৰ পৰাই চাংমাই চাৰৰ গ্ৰে কালাৰ স্কৰপিঅ’খন দেখি গেট খুলি দিলে মনজিতে। চেলুট মাৰি থিয় দি ৰল জিতু আৰু মনজিত। গাড়ীৰ পৰা নামি চিধাই পেৰেড গ্ৰাউণ্ড পালেগৈ চাংমাই।
: এটেনচন এজেন্টচ্। -গলগলীয়া মাতটোৰে কৈ উঠে তেও। চাবধান পজিচনত থিয় দি ৰল ট্ৰেইনিং লৈ থকা এজেন্টবোৰে। সৌগত আৰু নয়ন তেওৰ পিছপিনে ৰৈ থাকিল।
: আজি তোমালোকৰ শেষ দিন। যিটো উদ্দেশ্যত তোমালোকক ইমান টকা খৰচ কৰি ট্ৰেইন কৰা হৈছে বুজিছা। চো ডু য়োৰ জব অনেষ্টলী। আজিৰ পৰা তোমালোক অৰ্ধ আৰক্ষী। চোৰাংচোৱাৰ এবছৰীয়া কাৰ্য্যকাল ভালদৰেই সমাপ্ত কৰিব পাৰিলেই তোমালোক পুৰ্ণাংগ আৰক্ষীত পৰিণত হবা। গুড লাক…। জয় হিন্দ। - সমস্বৰে সকলোৱে চিঞৰি উঠে জয়হিন্দ।- পেৰেড দিচিমিচ কৰে তেও।
*********************************
: আয়ৈ ঐ আৰু নামাৰিব চাৰ। কম চব কম মই।- ফেকুৰী উঠিল মকুন্দ। গোটেই ৰাতিটো টৰ্চাৰ চলিছে তাৰ ওপৰত। তাৰ উদং পিঠিখন আৰু ভৰিৰ তলুৱা ফাটি গৈছে লাঠিৰ কোবত।
: ঐ সচা কথা ক¸ কিমান দিনৰ পৰা এইবোৰ কৰি আছ? - চুলিকোচাত জোকাৰি ডবিয়াই উঠিল অ’চি বিদ্যুৎ ফুকণে। হাতেলোটে ধৰিছে তাক যোৱাকালি নুনমাটিৰ পৰা।
: সচা কৈছো অ’ চাৰ। পাচবছৰ মানহে হৈছে।- কান্দি উঠিল মকুন্দই। প্ৰথমবাৰৰ বাবে অনুভব কৰিলে পুলিচৰ লাঠিৰ কোব কি! অত দিনৰ ইমান উপাৰ্জন অসাৰ যেন লাগিল তাৰ। ধিক্কাৰ জন্মিল নিজৰ ওপৰতে। কি হে পাইছিল তাক এই ধান্দাত নামিবলৈ। ইতিমধ্যে টিভিত চাগে বাৰে বাৰে দেখুৱাই আছে তাক। কোনটো নাকেৰে ঘৰৰ মানুহে ৰাষ্টাৰে ওলাব। কি দোষ তেওলোকৰ। গুৱাহাটীত সি এইবোৰ কৰা বুলিতো তেওলোকে নাজানে।
এই নিশাচৰ বোলা প্ৰানীটোৰ উৎপাতত ধান্দা বৰবাদ হৈ গৈছে সিহঁতৰ। কোনো কাষ্টমাৰে সমুখত নাহে। সিহঁতকেইজনীকো বহুত কব লাগে। ইন্টাৰনেটৰ মাধ্যমেৰে জাল মেলিছিল সিহঁতে। আজিকালি ফেচবুকৰ মাধ্যমত তেনেই সহজ। বছৰ আদেশ¸ ধান্দা চলাবই লাগিব। নৰ্থ ইষ্টৰ দুৱাৰমুখ গুৱাহাটী এতিয়া দেলহীৰ নিচিনা। দেশ-বিদেশৰ ক্লায়েন্টে খুবেই ডিমাণ্ড কৰে। নাগালেণ্ড¸ মিজোৰামৰ যুবতীবোৰে সিমান চিন্তা নকৰে। আজিকালি সম্ভ্ৰান্ত ঘৰৰ বহুত যুবতীয়েও প্ৰয়োজনৰ তাগিদাত স্বইচ্ছাই সিহঁতৰ জালত ভৰি দিয়েহি। মকুন্দইনো কি জানিব¸ ফেচবুকত কথাপতাজন পুলিচ বুলি। ৰাতিপুৱা এঘাৰমান বজাত ইন্টাৰভিউ দিয়াৰ চলেৰে পুনমক লৈ আহিছিল সি নিৰ্দিষ্টি হোটেলখনৰ কোঠাটোলৈ।
: চাল্লা চুৱৰৰ বাচ্ছা¸ অসমীয়াৰ নামত কলংক তহঁত। - অ’চি বিদ্যুৎ ফুকনৰ প্ৰকাণ্ড গোৰত কেকাঁই উঠিল সি। এনেবোৰ অপৰাধীক লকআপতেই গুলীয়াই মাৰিব মন যায় তেওৰ। ইতিমধ্যে মুখ খুলিছে সি। ভালেমান তথ্য দিছে সিহঁতৰ ৰেকেটটোৰ। যোৱাকালি অৰিন্দম কলিতাই ধৰিছিল তাক। পুনম ওৰফে বিউটি বেগমক নিজে ইন্টাৰোগেচন কৰিছে অৰিন্দমে লেডী এচ আই ৰাজশ্ৰীৰ লগত।
*********************************
বন্দনা হলৰ সমুখত ৰৈ আছিল ৰোজী আৰু ৰাণী। আঠ বাজি গৈছে। গাড়ীখন আহি পাবই লাগিছিল। আচল নাম কি আছিল সিহঁতেও পাহৰিলে। মানুহবোৰৰ মন ভাল লগাই ৰোজী আৰু ৰানী নাম লওতে সেয়াই হৈ পৰিল। পিতৃৰ বয়সীয়া কাৰোবাক সিহঁতৰ দেহটোৰ লগত খেলিলে ঘৃণাত নাক কোচখাই যায়। তথাপিও পেটৰ তাড়নাত সেয়াই কৰিব লাগে সিহঁতে। হওক শৰীৰ বেচা টকাৰেই চলি আছো দুয়োৰে পৰিয়ালটো। কেতিয়াবা কান্দে দুয়ো। চাকৰী বিচাৰি দুয়ো ভৰি দিছিল এই মকৰাজালখনত। ওলাই আহো বুলিও এতিয়া নোৱাৰে।
বগা স্কৰপিঅ’খন আহি ৰয়হি। পিছৰ দৰ্জাখন খুলি দিলে মানুহজনে।
: চোৱা¸ তোমালোকৰ সংস্হাপনৰ ব্যবস্হাটো কৰিম। অলপ কো অপাৰেট কৰা।- ৰিহেবিলিটেচন চেন্টাৰটোত সিহঁতক ড্ৰপ কৰি কৈ উঠে মহানন্দ শৰ্মাই। ইতিমধ্যে বৃহৎ ৰেকেটটোৰ এজেন্টবোৰক চিনাক্ত কৰিছে তেওলোকে। পুলিয়ে পোখাই উভালিবলৈ তেও দৃঢ়প্ৰতিজ্ঞ। পোন্ধৰ বছৰীয়া তেওৰ ছোৱালীজনীয়ে যাতে শান্তিৰে¸ নিৰ্ভয়ে ফুৰিব পাৰে তাৰবাবেই পাৰ্চনেল ইন্টাৰেষ্ট দিছে তেও।
*********************************
মহানন্দ শৰ্মাৰ কেবিনতে বহি আছিল মানুহজন। দেখিলেই গম পোৱা যায় যে তেও কিবা গভীৰ দু:চিন্তাত আছে। ৰিভলভিং চেয়াৰ খনত হেলান দি বহি আছিল এচ পি শৰ্মা। অৰিন্দম ডাইৰেক্ট তেওৰ ৰুমলৈকে সোমাই গল।
: গুড মৰ্নিং চাৰ। - চেলুট দি কৈ উঠে সি।
: প্লিজ চিট ডাউন। - মুৰটো দুপিয়াই শৰ্মাই বহিবলৈ কলে তাক। মানুহজনৰ কাষতে বহি পৰিল সি।
: অৰিন্দম¸ হি ইজ ৰাকেশ। মাই গুড ফ্ৰেণ্ডচ ইয়ংগাৰ ব্ৰাডাৰ। - গহীন হৈ কৈ উঠে শৰ্মাই। তলমুৰ কৰে ৰাকেশ নামৰ মানুহজনে।
: দিচিজ এ হানী ট্ৰেপিং কেচ অৰিন্দম। এন্দ ইউ ৰাকেশ¸ আৰ ইউ মেড! ইমান সুন্দৰ ফেমিলি থকাৰ পিছতো তুমি…- সম্পুৰ্ণ নকৰাকৈ ডবিয়াই উঠিল শৰ্মাই।
: আই এম চৰী শৰ্মাদা। এইবাৰলৈ বচাওক¸ ভবিষ্যতে আৰু কেতিয়াও এনে ভুল নকৰো।- হাতযোৰকৈ কাতৰভাবে কৈ উঠিল মানুহজনে।
কি কব অলপ জুকিয়াই ললে অৰিন্দমে।
: চাৰ মই ভাবো¸ এখেতক আগবাঢ়িব দিয়ক। আমি ফলো কৰিম।
: গুড। লেটচ্ ডিচকাচ। ৰাকেশ এতিয়া তুমি যোৱা। - শৰ্মাৰ অফিচৰ পৰা ওলাই গল ৰাকেশ। কিছু সময় আলোচনা কৰি সিয়ো বিদায় ললে।
খং উঠি আহিছিল তাৰ। শৰ্মাচাৰৰ চিনাকী নোহোৱা হলে অফিচতে পিতিলেহেতেন সি। চাল্লা আয়াচ মানুহ। ঘৰত সুন্দৰ পত্নী পুত্ৰ -কণ্যাৰে ধুনীয়া ফেমিলি থকাৰ পিছতো ফুৰ্তি কিনিব যায়। পাইছে মজাটো। প্ৰথম কিষ্টিত পাঁচলাখ দিছে সিঁহতক। এতিয়া আকৌ দহলাখ বিচাৰিছে সিঁহতে ভিডিঅ‘টোৰ বিনিময়ত। নহলে হেনো নেটত এৰি দিব! উপায় নাপাই পুলিচৰ কাষলৈ দৌৰিছে এতিয়া। মুখৰ মাংসপেশীবোৰ ফুলি উঠে তাৰ
*********************************
কলেজৰ পৰা আহি আছিল পল্লবী আৰু পুলকিতা। অলপ আন্ধাৰ নামি আহিছে। এনভেৰিমেন্টেল চাইঞ্চৰ ক্লাছটোৰ বাবে সদায় দেৰিলৈকৈ ৰৈ থাকিব লাগে সিঁহতে। বেলেগ অসুবিধা একো নাই। মাথো তিনিআলিটো পাৰহোৱাৰ পিছত ৰৈ থাকে অপদাৰ্থকেইটা। পঢ়াশুনা নাই বাপেকৰ হোটেলত খাই দিনটো তহল দিব। ৰাষ্টাৰে যোৱা ছোৱালী জোকাব। হওতে কালৈকো ভয় নকৰে পুলকিতাই। স্কুলত পঢ়ি থাকোতে ককায়েকে কংফু শিকিছিল¸ তাইকো শিকাইছিল সি। মাচুমৰ কেচটোৰ পিছত অলপ সাহসী হৈছে সিঁহত। পল্লবীৰহে লাজটো বেছি।
আজিও ৰৈ আছিল সিহঁতকেইটা। তাহাতক দেখাৰ লগে লগে আনদিনাৰ দৰে কিৰিলিয়াই উঠিল।
: বেবী বুলি লাহেকৈ মাতোনে!
: ইউ আৰ চো হট। - পল্লবীয়ে খামুচি ধৰিলে তাইক। আৰু ৰৈ থাকিব নোৱাৰিলে পুলকিতাই। অতপালি বেছি হৈছে সিহঁতৰ।
: ঐ হাৰামীহত¸ তহঁতৰ মা ভনী নাই।- ঠাছকৈ চৰদুটা লগাই দিলে তাই। পথতো নিৰ্জন নহয়। চিঞৰিলেই মানুহ পোৱা যাব। সিহঁতে চাগে সপোনতো ভাবিব পৰা নাছিল ছোৱালী এজনীয়ে আক্ৰমণ কৰিব বুলি।
: বাহ মেৰে দেশ কী বেটী। - পিছে পিছে আহি আছিল প্ৰফেচৰ ৰিয়ান। স্পেন্ডাৰখন ৰাখি কেইটামান কাণতলীয়া সোধালেগৈ সিহঁতক। দেখাত ক্ষীণহলেও নিয়মিত শৰীৰচৰ্চা কৰা ৰিয়ান চাৰৰ মাৰত ভিৰাই লৰ দিলে সিহঁতে।
: পাষণ্ডহঁত আহিবি আৰু। মুৰ ভাঙি দিম।- শিলগুটি এটা নিক্ষেপ কৰি চিঞৰি উঠে পল্লবীয়ে। খঙতে ফোপাই উঠিছে তাই।
: চাৰ আপুনি। - আচৰিত হৈ কৈ উঠে পুলকিতাই।
: চাব্বাছ দেশ কি বেটী। সকলো নাৰীয়ে এইদৰে সাহসী হলে কোনেও একো কৰিব নোৱাৰিব।- হাঁহি মাৰি কৈ উঠে ৰিয়ানচাৰে।
*********************************
ফাঁচি বজাৰৰ কেডাৰ ৰোড। লেতেৰা লুঙী পিন্ধা বিহাৰী বনুৱাটোৱে ধলংপলংকৈ ঘুৰি ফুৰিছে। দেশী মদৰ গোন্ধতো ভাহি আহিছে মুখৰ পৰা। এপাকত বাগৰি পৰিল মানুহটো। আকৌ উঠিল।
: হজম হোতা নহী হে তো ইতনা পিতে কিউ হো। ৰিক্সাৱালা এজন আহি তাৰ কাষত ৰল। বোধহয় তাৰ সতীৰ্থ।
: নহী যায়গা¸ হম নহী যায়গা।- চিঞৰি মাটিতে বহি পৰে মদাহীটো। ৰিস্কাৱালা আৰু তাৰ টনা আজোৰো। সি কোনোপধ্যেই নুঠে।
: ঐ কি হৈছে ইয়াত? - পেট্ৰলিং জিপখন ৰলহি ওচৰত।
: নাই বাবু। হামাৰ ভাই চাৰাপ খাই কিনে যাবা পাৰা নাই। হামি নিব আহিছে।
: ঐ যা যা¸ জল্ডি লৈ যা ইয়াৰ পৰা ভাগ। হাবিলদাৰ জনে লাঠিদাল জোকাৰি কৈ যায় সিহঁতক।
অলপ আতৰত ৱাগনাৰ এখন ৰৈ আছিল। আৰোহীজন যেন উচপিচাই আছিল।এপাকত গৈ ৰাষ্টাৰ দাতিতে পেচাব কৰে তেও। ৰাতি এঘাৰটা বাজিছে কোনেও নেদেখে। অধৈৰ্য্য হৈ পৰিল মানুহজন। ড্ৰাইভিঙ চিটৰ ওচৰত থকা চুটকেচটো খামুচি ধৰিলে তেও। দহলাখ টকা আছে তাত।
ঘপকৈ ৰঙাৰঙৰ অল্টোখন ৰৈ গলহি ৱাগনাৰখনৰ ওচৰত। পিছৰ দৰ্জাখন খুলি এজন মানুহ আৰু যুবতী এগৰাকী নামি আহিল। ড্ৰাইভিঙত চিটত এজন বহি আছিল।
: টকা।- মানুহজনে ৰাকেশৰ পৰা চুটকেচ লবলৈ হাতখন আগবঢ়াই দিলে।
: হেণ্ডচআপ¸ ডন্ট মুভ। - যেন এই মুহুৰ্তলৈকে বাটচাই আছিল বিহাৰীৰূপী অৰিন্দম আৰু শশাংকই। অল্টোখন যাব খুজিছিল। শশাংকৰ ৰিভলভাৰৰ গুলিত অলপ দুৰগৈ লুটিখাই লাইটৰ পোষ্টত খুণ্ডা মাৰিলেগৈ। য়াছমিন আৰু আক্ৰাম হতভম্ব হৈ ৰৈ থাকিল।
: হানি ট্ৰেপিং হো¸ বাষ্টাৰ্ড…। অৰিন্দমৰ ঘোচাত আক্ৰামৰ দুটা দাত সুলকি পৰিল। ইতিমধ্যে গাড়ীত থকাজনক শশাংকই চোচৰাই আনিছে।
*********************************
কৌশিক তেতিয়া খুৰাকৰ ঘৰতে আছিল। খুৰীমাকে দি যোৱা চাহকাপত চুমুক দি নিউজটো চাই আছে। সমুখৰ চকীখনত বহি খুৰাকেও চাই আছিল আঞ্চলিক নিউজ চেনলটো। এটা জঘন্য অপৰাধৰ ধাৰাবিবৰণী দি আছিল। ৰঙিয়াৰ ওচৰত এজনী ষোড়শ যুবতীৰ মৃতদেহ পোৱা গৈছে। উপৰ্যুপৰি ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰিছে তাইৰ। দেহৰ কাপোৰবোৰ বিশৃংখল। ৰিপৰ্টাৰজনে কঠোৰ ভাষাৰে গালি পাৰি উঠিছে¸ পুলিচৰ অকৰ্মণ্যতাক দুষিছে। আ: অসহ্য আৰু চাই থাকিব নোৱাৰি।
: বাষ্টাৰ্ড¸ গুলিয়াই মাৰিব লাগে ইহঁতক! - চিঞৰি উঠিল বিজিত চৌধুৰীয়ে। খং উঠিছে তেওৰ। আগতে ফৌজত থাকোতে বহুত বিদেশী শত্ৰুক নিহত কৰিছে তেও। কিন্তু এইবোৰ ভয়াবহ¸ ভিতৰৰ শত্ৰুক শাস্তি দিবলৈ তেও অক্ষম। ভাৰতীয় সেনাৰ ৰিটায়াৰ্ড কৰ্ণেল তেও। খঙতে চোফাখনতে ভুকু এটা মাৰে তেও।
: হেৰা¸ তোমালোকে কি কৰি আছাহে। - এইবাৰ তেওৰ খঙতো আহি কৌশিকৰ ওপৰতে পৰিল।
: মোৰ ব্ৰাঞ্চৰ নহয় খুৰা। হোৱা হলে…-কথাটো শেষ নকৰিলে সি। খং তাৰো উঠিছে। এনেবোৰ অপৰাধীক ফাচি দিব লাগে। ট্ৰেফিক এচ আই সি। এইবোৰ কেচৰ লগত সম্পৰ্ক নাই। গাড়ী-মটৰৰ যানজঁত ভাঙোতেই যায় তাৰ। খং উঠে কেতিয়াবা¸ কি যে ব্ৰাঞ্চটোত দিলে নহয় তাক। চাকৰীৰ এডভেঞ্চাৰ অলপো নাই। ট্ৰেফিক ৰুল নমনা কাৰোবাক ধৰিলেও এমেলে¸ মন্ত্ৰী¸ ওপৰৱালাৰ চালা¸ ভতিজা ওলাই। সসন্মানে বিদায় দিব লগা হয় সি। লকআপত সুমুৱাই ভালকৈ এপিটন দিব মন যায় তাৰ।
: হেৰা কৌশিক¸ এনেবোৰ অপৰাধীক পোৱা মাত্ৰেই শ্বুট কৰিব লাগে। শ্বুট এট চাইট।- পুলিচৰ ৰুলবোৰ আৰ্মিৰ নিচিনা ষ্ট্ৰেইট ফৰৱাৰ্ড নহয়। হিউমেন ৰাইটচ্ আন কামত থাকক বা নাথাকক অপৰাধীৰ ক্ষেত্ৰত কিন্তু ঠিকেই আছে। সেইকথা তেৱো বুজে।
: খুৰা¸ কিবা এক্সন নিশ্চয় লব। নতুন ডিজিপি খুবেই ষ্ট্ৰিক্ট। - কৈ উঠে সি।
*********************************
: চাৰ¸ গিভ মি পাৰমিচন। আই ৱান্ট টু কিল্ড ডেম বাষ্টাৰ্ডচ্। - মাতত জোৰ দি কৈ উঠে অৰিন্দমে। খং উঠিছে তাৰ। যদিও কেচটো সিহঁতৰ নহয় তথাপিও এ এইচ টি চিয়ে নিজাববীয়াকৈ তদন্ত কৰিব। ৰিভলভিং চেয়াৰখনত বহি আছিল এডিজিপি চৌধুৰী¸ তেখেতৰ সমুখতে এচ পি মহানন্দ শৰ্মা। ওচৰতে থিয় দি অৰিন্দমে চাই আছিল তেওলোকলৈ। সি নিশ্চিত সোনকালেই অপৰাধীক বিচাৰি উলিয়াব। নিজৰ ওপৰত সেইখিনি বিশ্বাস আছে তাৰ।
: ইটচ্ নট কাৰেক্ট ইয়ংমেন। ইউ কেন কিল্ড দেম অনলী ইন কাউন্টাৰ এটাক। আম নট অৰ্ডাৰিং¸ জাষ্ট ৰিকুৱেষ্ট ইউ। আই কেন আন্ডাৰষ্টেণ্ড। বাট ইভেন ইউ কিল্ড¸ হাউ কেন ৱী প্ৰুভ হিম গিল্টী।- খুউব লাহেলাহে কৈ উঠে চৌধুৰীয়ে।
: য়েছ চাৰ¸ আইম এগ্ৰী উইথ ইউ।
: অকে চাৰ¸ আই নেভাৰ ষ্টপ মি টু পানিচ দেম বেডলী।- কৈ উঠিল অৰিন্দমে।
: ইউ মিন¸ ইউল বি ব্ৰেক দেয়াৰ হেন্দচ এণ্ড ফুট ফৰ লাইফ লং।
: য়েছ। - চৌধুৰী চাৰৰ কথাত একেষাৰে কৈ উঠে সি।
: অকে¸ গো এহেড। - হাঁহি হাঁহি কৈ উঠে তেও।
: থেংকিউ চাৰ। - চেলুট এটা মাৰি ওলাই আহিল সি।
অৰিন্দম যোৱাৰ ফালেই চৌধুৰীয়ে। নিজৰ ডেকা কালতো মনত পৰি গল তেওৰ। আগতে তেৱো অৰিন্দমৰ দৰেই আছিল এংগ্ৰী ইয়ংমেন। ত্ৰিশ-একত্ৰিশ বছৰীয়া লৰাটোলৈ মৰম লাগে তেওৰ। বহুত ওপৰলৈ যাব পাৰিব সি।
: শৰ্মা আপুনি কি ভাবে¸ এই লৰাজনৰ বিষয়ে। বহুত উপৰলৈ যাব পাৰিব সি।
: য়েছ চাৰ¸ হি ইজ এ গুড কো ৱৰ্কাৰ। - কৈ উঠে শৰ্মাই।
*********************************
তেতিয়া সন্ধিয়া সাতমান বাজিছিল। যানজঁটবোৰ অলপ কমিছে। ছয়মাইলত ব্ৰিজৰ তলত নিজৰ ট্ৰেফিক ভানখন বহি আছিল কৌশিক। লগত এজন হাবিলদাৰ আৰু ড্ৰাইভাৰজন। এই বাইকাৰ্চবোৰে গুৰু গোসাই নামানে। এই চেঙলীয়া ডেকাবোৰ পিছপিনে এজনী বহাই ৰাষ্টাতো বাপেকৰ সম্পত্তি বুলি ভাবে। কেইবাজনৰো ফাইন কাটে সি।
: হেল্ল মাইক আলফা…তেনেতে ৱায়াৰলেচত মেচেজটো আহিল।
: মুভ। - দৌৰি গাড়ীত বহি ড্ৰাইভাৰক চলাবলৈ নিৰ্দেশ দিয়ে সি। আগে আগে বিশেষ গাড়ীখন। জয়ানগৰ হৈ ওলাই চিলং দিশত ঢাপলি মেলিচে চেন্ট্ৰোখন। কোনোমতে ক্ৰচ কৰিব পৰা নাই সিঁহতে।
: হেল্ল মাইক আলফা স্পিকিং। - ৱায়াৰলেচত মেচেজটো কৰে সি। ইতিমধ্যে গণেশমন্দিৰ পাৰহৈ গৈছে গাড়ীখন। পিছফালৰ চকালৈ লক্ষ্য কৰি গুলিয়াই দিয়ে কৌশিকে। অলপ দুৰ গৈ গাড়ীখন নপৰাকৈহে ৰল। দুজন লৰা গাড়ীখনৰ ওলাই লৰ দিলে। বিশেষ নাভাবি পুনৰ ফায়াৰ কৰে কৌশিকে। দুয়োজনৰ লৰা বাগৰি পৰিল। ভৰিখন হেচি ধৰি এজনে কেঁকাই উঠিছে। দৌৰি গৈ ড্ৰাইভাৰ আৰু হাবিলদাৰ মিলি ধৰি পেলালে দুয়োকে। ভালকৈ চালে কৌশিকে¸ দুয়োৰে মুখত পাহাৰীয়া সাঁচ বিদ্যমান। হয়তো খাচীয়া। গাড়ীখনৰ ভিতৰত পোন্ধৰ-ষোল্ল বছৰীয়া ছোৱালী এজনীৰ হাতভৰি বন্ধা আছিল। মুখৰ টেপটো খুলি হাতভৰিৰ বান্ধ খুলি দিলে সি। ইতিমধ্যে যুবতী লেবেজান হৈ পৰিছে। ডাংকোলাকৈ তাইক উঠাই আনিলে সি।
: ৱেলডান কৌশিক। - বলেৰ’খনৰ পৰা নামি কৈ উঠিল মাধুৰ্য্য বৰাই। ৱেষ্টজ’নৰ এচিপি তেও। পিছে পিছে শশাংক আৰু তিনিজন। অপৰাধী কেইটাক গাড়ীত উঠাই গলগৈ বলেৰ’খন। দীঘলকৈ উশাষ এটা ললে কৌশিকে। নাৰীকল বাৰীৰ পৰা ছোৱালীজনী অপহৰণ কৰিছিল। হয়তো শ্বিলঙলৈ নিলেহেতেন। মনটো ভাল লাগি গল তাৰ।
*********************************
ৰয়েল এনফিল্ড দুখন ৰৈ আছে। ৰাতি বাৰ বাজি গৈছিল। পথটো সম্পুৰ্ণ নিষ্টব্ধ। ভি আই পি ৰোড হলেও এই ৰাতিখন কোনো চিন-মোকাম নাই ভিআইপিৰ। আৰোহী যুবকদুজনে ইজনে সিজনক ইংগিত দিলে। হাতত সাৰে ভৰিত সাৰে বিশেষ ঘৰটোলৈ সোমাই গল সিহঁত। নিৰ্মিয়মান এই বিল্ডিংটো যত কুটৰ ঘাই। নেপালী ডাৰোৱান টাইপৰ এজনে পহৰা দি আছিল। কঁকালত তাৰ ঠুমুৰী এখন ওলমি আছে।
দৌৰি গৈ এজনে ৰিভলভাৰৰ কুণ্ডাৰে মুৰটোৰ পিছফালে মাৰি দিলে। ঠাইতে বাগৰি পৰিল ডাৰোৱানটো। আনজনে ঠুমুৰীখন কাঢ়ি আগবাঢ়িল। কোঠাটোৰ ভিতৰত চাৰিজন মানুহে তাছ খেলি আছিল। কাষত সুৰাৰ বটল আৰু খালি মাংসৰ প্লেট কেইখনমান। হথাতে অৰিন্দম আৰু শশাংকৰ ৰিভলভাৰ গৰজি উঠিল।
: শেষেই কৰি দিও নেকি?
: নাই নালাগে।- বাগৰি পৰা কেইজনলৈ চাই কৈ উঠিল শশাংকই। ইতমধ্যে গোটেই কেইটাৰ শৰীৰ ৰাঙলী হৈ পৰিছে। এজনে থিয় হবলৈ চেষ্টা কৰা দেখি আঠুলৈ লক্ষ্য কৰি গুলিয়াই দিলে অৰিন্দমে। আঠুৰ ঘিলা ফুটি গৈছে তাৰ। অৰিন্দমে জানে সি জিন্দেগীত থিয় হব নোৱাৰিব।
: তুমিও যে আৰু। হেপাহ পলোৱা নাই ন? - হাঁহি হাঁহি কৈ উঠে শশাংকই।
ডাঙৰ কোঠাটোত ছয়গৰাকী যুবতী বন্দী হৈ আছিল। আটাইৰে হাতমুখ বন্ধা। চাউণ্ড প্ৰুভ ঘৰটোৰ বাহিৰলৈ শব্দ নোলাই।
: য়েছ চাৰ¸ মিচন ইজ কমপ্লিট চাৰ।- ফোনত কৈ উঠে শশাংকই।
অলপ পিছত চাইৰেন বজাই পুলিচ ভানখন আহিল। লগতে এম্বুলেঞ্চ এখন।
*********************************
ভঙাগড়ৰ হেড অফিচত সৰুকৈ মিটিং এখন বহিছিল। এ এইচ টি চিৰ নিজৰ চেম্বাৰত বহি আছিল এডিজিপি চৌধুৰী। ওচৰত চিআইডিৰ এচ পি চৌধুৰী¸ ক্ৰাইম ব্ৰাঞ্চৰ পাৰ্থ আৰু চাংমাই।
অলপ আতৰত বহি আছিল অৰিন্দম আৰু শশাংক।
: গুড জব। ৱেল ডান বোথ অফ ইউ। - চাপৰি বজাই কৈ উঠিল চৌধুৰীয়ে। লগতে বাকী সকলোৱে। আচলতে আগনিশাৰ বৃহৎ সাফল্যত অৰিন্দম আৰু শশাংকক সম্বদ্ধৰ্না জনাবলৈ সৰুকৈ মিটিঙখনৰ আয়োজন কৰিছিল। প্ৰকাণ্ড টেবুলখনৰ ওপৰত পৰি আছে কেইবাখনো বাতৰি কাকত। সকলোতে একেই নিউজ। অলপ আগতে এল ই ডি টিভিত আটায়ে দেখিছিল চিএমে প্ৰশংসা কৰা।
: অৰিন্দম আৰু শশাংক আজিৰ পৰা দুয়োকে এচিপি এপইন্ট কৰিলো। ৱেল ডান। - পুনৰ কৈ উঠে চৌধুৰীয়ে।
: থেংকিউ চাৰ। - একেমুখে কৈ উঠে দুয়ো। গুৱাহাটীত হিউমেন ট্ৰেফিকিং কন্ট্ৰোল কৰাত পাৰ্চনেল ইন্টাৰেষ্ট দিছিল দুয়ো। এই ভাইৰাছটো বৰ্তমান ভালেখিনি কন্ট্ৰোল হৈছে। নিশাচৰৰ ভয়ত সকলো অবৈধ বেপাৰী থৰহৰি কম্পমান।
: জেন্টলমেন আৰু এটা গুড নিউজ আছে। দুই এদিনতে চি এমে এ এইচ টি চি অফিচিয়েলি এপ্ৰুভ কৰিব। - হাততালি বজাই উঠিল সকলোৱে।
*********************************
খবৰটো শুনি ভাল লাগি গল দিব্য প্ৰাঞ্জল শইকীয়াৰ। মুখ্যমন্ত্ৰীয়ে নিজেই কৈ আছে¸ এন্টি হিউমেন ট্ৰেফিকিং চেল শীঘ্ৰেই গঠন হব। প্ৰতিখন ঠানাতেই দুজনকৈ এইচটিচি কৰ্মী নিয়োগ কৰা হব। ঠিকেই ভাবিছিল ডিপি শইকীয়াই¸ গুৱাহাটীৰ নিশাচৰ আতংকত চাগে পুলিচৰেই হাত আছে। সৰ্বসাধাৰণে নাজানিলেও পুলিচৰ মানুহ হিচাপে সেইখিনি অনুমান কৰিব পাৰে তেও। কিয়নো ইমান সুদক্ষ প্লেন আৰ্মী¸ পুলিচৰ বাহিৰে কোনেও কৰিব নোৱাৰে।
: হেৰা মই আহিছোদেই। - ঘৈনীয়েকক মাত লগাই বাইকখন ষ্টাৰ্ট দিলে তেও। এনেতে ফোনটো বাজি উঠিল। এচ আই বিৰাজ শৰ্মাই ফোন কৰিছে।
: বিৰাজ কোৱা।
: চাৰ¸ আপুনি নিউজটো চাইছেনে? চি এম চাৰে নিজেই এনাউঞ্চ কৰিলে।- উৎসাহিত হৈ কৈ উঠিল বিৰাজ শৰ্মাই।
: বিৰাজ¸ মই এতিয়া থানালৈকে আহি আছো। ভালদৰে কথা পাতিম দিয়া। - ফোনটো ৰাখে শইকীয়া।
আচলতে বহুদিন আগতেই ভিতৰুৱা খবৰ এটা শুনিছিলেই তেও। মাচুমৰ কেচটোত চিএমে নিজেই পাৰ্চনেল ইন্টাৰেষ্ট দিছিল। ভাবি ভাবি কেতিয়া থানা পালে কবই নোৱাৰিলে তেও।
এ এচ আই বিমান নেওগ আৰু এচ আই বিৰাজ শৰ্মা তেওৰ বাবেই ৰৈ আছিল।
: ৰাহুল¸ যোৱা মিঠাই লৈ আহা। - এশটকা উলিয়াই দি কনিষ্ঠবল ৰাহুলক পঠিয়ালে তেও। আজি পুলিচ ফোৰ্চৰ ফুৰ্তিৰ দিন।
*********************************
নিশা চাৰে দহ মান বাজিছিল। আগৰতলাৰ পৰা বাছখনৰ পৰা নামিল এজন পঞ্জাবী যুবক। পিঠিত এটা বেকপেক। অলপ দুৰত ৰৈ থকা যণ্ডামাৰ্কা চেহেৰাৰ অটোৱালাজনৰ অটোখনত উঠিল।
: ভাইয়া¸ পল্টবজাৰ যাইগা।
: হা¸ দো ছ লাগেগা।- কৈ উঠে অটোৱালাটোৱে।
: দেগা¸ চলো তুম।- কৈ উঠিল পঞ্জাবীটোৱে। ইতো সিটো কথা কৈ আগবাঢ়ে অটোখন।
: ভাই¸ ৱো মিলেগা? - হথাতে কৈ উঠিল পঞ্জাবীজনে।
: ৱো ক্যা চাৰ। - নুবুজি সুধিলে অটোৱালাটোৱে।
: আৰে য়াৰ¸ অনজান মত বনো। মালুম হে¸ তুমলোগ কে পাচ বহুত চাৰে কন্টেক্ট হে। বৰী মুড হে য়াৰ। জো চাহিয়ে লে লেনা। - হাঁহি মাৰি কৈ থাকে পঞ্জাবীজনে। যেন বহুদিনৰহে চিনাকী। হথাতে ৰৈ গল অটোখন। অটোৱালাজন নামি আহিল। পিচৰ দৰ্জাখন খুলি কলে সি
: উতৰিয়ে আপ। মুঝে আপকো নহী লে জানা।
: আৰে ক্যা হুৱা য়াৰ। জাদা চাহিয়েতো বোল না।- ব্যতিব্যস্ত হৈ পৰে পঞ্জাবীজন।
: কুচ নহী চাৰ। মুঝে মাফ কিজিয়ে। - ভাড়া নোলোৱাকৈয়ে মানুহজনক এৰি গুছি গল অটোখন।
: মিচিকিয়াই হাঁহি উঠিল পঞ্জাবীৰূপী শশাংকই। সেইদিনা পল্টন বজাৰত এইজনকে অৰিন্দমে মাৰিছিল। স্বস্তিৰ নিশ্বাস এটা এৰিলে সি। ইতিমধ্যে অটোখন নেদেখা হৈ গৈছে। অটোখনৰ পিছফালে লিখা আছিল নিশাচৰ।
(সমাপ্ত)

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib