আপোনালোকক দৃশ্য এটা দেখুৱাম আজি। আহক মোৰ লগত।
না চকুমেলিব নোৱাৰিব।
না চকুমেলিব নোৱাৰিব।
এইখিনিতো বিশ্বাস কৰিবই লাগিব ভাই!
স্নেপশ্বট: ১
কল্পনা কৰকচোন আপুনি।
আৰু মাত্ৰ এসপ্তাহ জীয়াই থাকিব আপুনি।
তাৰ পিছতেই মৃত্যু হব আপোনাৰ।
আৰু মাত্ৰ এসপ্তাহ জীয়াই থাকিব আপুনি।
তাৰ পিছতেই মৃত্যু হব আপোনাৰ।
কেনে লাগিব বাৰু!
এমাহ আগলৈকে ময়ো তাকেই ভাবিছিলো। হাঁহি উঠিছিল কেতিয়াবা। চাগে চিনেমাতহে হয়¸ মৃত্যুৰ নিৰ্দিষ্ট জ্ঞান থকা জীবন। এইডছ ৰোগীবিলাকৰ কথা ভাবোতে একো ফিল নাছিল। মৃত্যৰ দুৱাৰ দলিত থাকিও কেনেকৈ হাঁহিব পাৰে!
একো ভাবিব পৰাৰ শক্তিকণ হেৰুৱাই পেলাইছো এতিয়া। অবনৰ্ণীয় অনুভব ভাষাৰে বাখ্যা কৰা কঠিন। আস: আৰু ভাবিব নোৱাৰো।
সুন্দৰ জীবন এটা আছিল মোৰ। হাঁহি-ধেমালীৰে জীয়াই আছিলো। সপোনবোৰ সজাব লৈছিলোহে মাথোন!
ষ্ট্ৰাগল কৰি কৰি সুষ্ঠিৰ হব খুজিছিল মাথো জীবনটো।
ষ্ট্ৰাগল কৰি কৰি সুষ্ঠিৰ হব খুজিছিল মাথো জীবনটো।
: ছৰী¸ বহুত লেট হৈ গল। - সেইদিনা ৰিপৰ্টটো চাই কৈছিল ডক্টৰে। একো বুজিব পৰা নাছিলো। ছমাহমান আগৰে পৰা মাথাৰ বিষটো আৰম্ভ হৈছিল। মাথাটো ফাটি যাও ভাঙি যাও লাগিছিল মাজে মাজে। চকুৰে ধুৱলী কুৱলী দেখিছিলো। এদিন অফিচতে পৰি গৈছিলো। মাজে মাজে মুৰটো ডিঙিৰ ওপৰত নথকা যেন লাগে।
ডক্টৰে কৈছিল অধ্যাধিক ষ্ট্ৰেছৰ বাবে হব পাৰে।
ডক্টৰে কৈছিল অধ্যাধিক ষ্ট্ৰেছৰ বাবে হব পাৰে।
বিন্দাছ লাইফ।
নতুনকৈ হাঁহিবলৈ শিকিছো।
নতুনকৈ হাঁহিবলৈ শিকিছো।
বহুদুৰ বাকী আগুৱাবলৈ। প্ৰেমে জলাকলা খুৱাইছিল। জবলেচ লৰালৈ কোন ছোৱালী আহিব!
ঘৰৰ অবস্হা বেয়া।
এসাজ খাই এসাজৰ চিন্তা।
মুৰৰ ওপৰত উৰুখা পজাৰে গণিব পাৰি আকাশৰ তৰা।
চাল্লা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ লাইফেই কুট্টাৰ নিচিনা।
এসাজ খাই এসাজৰ চিন্তা।
মুৰৰ ওপৰত উৰুখা পজাৰে গণিব পাৰি আকাশৰ তৰা।
চাল্লা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ লাইফেই কুট্টাৰ নিচিনা।
ফেইলাৰ ইজ দা পিলাৰ অফ চাকচেচ।
এভ্ৰী লুচাৰ গট এ চাঞ্চ টু উইন।
এভ্ৰী লুচাৰ গট এ চাঞ্চ টু উইন।
সেই সুযোগৰ সদব্যবহাৰৰ অপেক্ষাত উচৰ্গিত শৈশব¸ কৈশোৰ¸ যৌবন।
শৰীৰৰ প্ৰতি টোপাল ঘাম নহয় যেন বুকুৰ তেজ।
শৰীৰৰ প্ৰতি টোপাল ঘাম নহয় যেন বুকুৰ তেজ।
মাথাৰ বিষটোৱে দিচটাৰ্ব দিছিল। কাম কৰিব পৰা নাছিলো। সুষ্ঠিৰ জীবনটোলৈ যেন হথাতে নামি আহিল অমানিশা।
খুটি খাব পৰা হৈছিলো।
নিজৰ ভৰিত থিয় হব শিকিছিলো।
খুটি খাব পৰা হৈছিলো।
নিজৰ ভৰিত থিয় হব শিকিছিলো।
: লাষ্ট ষ্টেজ। ছমাহৰ লাইফ!- ডক্টৰে কৈ উঠিছিল। গ্লিয়োব্লাষ্টোমা ব্ৰেইন টিউমাৰ।
নাজানো দেউতাই কেনেদৰে ৰিয়েক্ট কৰিছিল।
ডক্টৰৰ চেম্বাৰত কি পৰিস্হিতিৰ উদ্ভব হৈছিল …
নাজানো…।
নাজানো দেউতাই কেনেদৰে ৰিয়েক্ট কৰিছিল।
ডক্টৰৰ চেম্বাৰত কি পৰিস্হিতিৰ উদ্ভব হৈছিল …
নাজানো…।
ঘৰৰ মানুহবোৰৰ ৰঙাপৰা চকুবোৰ দেখিছিলো। যেন মোৰ পৰা পলাই ফুৰিব খুজিছিল সকলোৱে।
মোৰ ফালে চাই দেউতাই ওঠ কামুৰি চকুপানী ধৰি ৰাখিব খোজাৰ বৃথা চেষ্টা দেখিছিলো।
মোৰ ফালে চাই দেউতাই ওঠ কামুৰি চকুপানী ধৰি ৰাখিব খোজাৰ বৃথা চেষ্টা দেখিছিলো।
অহেতুক সন্দেহ এটাই বাহ লৈছিল বুকুত। জীবনে সৰুৰে পৰা শিকাইছিল¸ পৰিস্হিতিবোৰ উপলব্ধি কৰিব পাৰো।
তিনিমাহত পঞ্চাশ হেজাৰ লষ্ট।
তিনিমাহ বহিলো অসুখত।
মদ-ভাং নাখাও।
বেয়া মাইকীৰ ওচৰত নাযাও।
আত্মপ্ৰতিস্হাৰ যুঁজত জিকিব লাগে।
পুৱাৰ পৰা ৰাতিলৈ এটাই সপোন।
তিনিমাহত পঞ্চাশ হেজাৰ লষ্ট।
তিনিমাহ বহিলো অসুখত।
মদ-ভাং নাখাও।
বেয়া মাইকীৰ ওচৰত নাযাও।
আত্মপ্ৰতিস্হাৰ যুঁজত জিকিব লাগে।
পুৱাৰ পৰা ৰাতিলৈ এটাই সপোন।
: মোৰ কি হৈছে মা? ডক্টৰে কি কৈছে? - সুধিছিলো সন্দেহত।
কি কব মায়ে। দৌৰি গৈ ফেকুৰী উঠিছিল। হয়তো মই নুশুনাকৈ ভগবানক গালি পাৰিছিল।
কি কব মায়ে। দৌৰি গৈ ফেকুৰী উঠিছিল। হয়তো মই নুশুনাকৈ ভগবানক গালি পাৰিছিল।
ছমাহৰ তিনিমাহ গল।
আৰু তিনিমাহ চাউল পৃথিবীত। পুলিচৰ দৰে জেৰা কৰিছিলো। দেউতা ভাগি পৰিছিল।
দেউতাৰ লাখুটি আছিলো।
ঘৰখনৰ সাহস আছিলো।
আৰু তিনিমাহ চাউল পৃথিবীত। পুলিচৰ দৰে জেৰা কৰিছিলো। দেউতা ভাগি পৰিছিল।
দেউতাৰ লাখুটি আছিলো।
ঘৰখনৰ সাহস আছিলো।
বাহিৰলৈ গলে হয়তো ক্ষীন আশা এটা আছিল। জটিল এটা অপাৰেচন। হয়তো বাছি যাব পাৰে। গেৰান্টি নাই। পশিচ লাখ টকা লাগে সোণকালে।
দেউতা পাগল।
ঘৰৰ মানুহবোৰ পাগল। বৃথা চেষ্টা বুলি জানিও হাঁহাকাৰ টকা যোগাৰ কৰাৰ। একোবাৰ হতাশ হৈ ফেকুৰী উঠে।
কি কম মই! কি কম!
সকলোৰে মুখত দিব খুজিছিলো হাঁহি। সাহস হব খুজিছিলো।
বয়স হৈ আহিছে দেউতাৰ। মাৰ অকলে কষ্ট হয়।
এই বয়সত দেউতাক ৰেষ্ট দিব লাগে।
মাৰ বাবে এজনী লখিমী বোৱাৰী।
ভাবিছিলো দুবছৰৰ ভিতৰত বিয়াখন পাতিম। খোপনি পুতিছো লাহেলাহে।
ঘৰখন ঠন ধৰি উঠি আহিছে।

মানুহে পাতে বিধাতাই ভাঙে।
চাল্লা মোৰ ফুটা কপাল। বিচনাত শুই শুই ভাবো। মা-দেউতাক কেনেকৈ সাহস দিম।
নিজেই ভাঙি পৰিছো। হতাশ হৈ পৰিছো।
সপোনবোৰ মৰহি গল।
মই মৰিব নোখোজো। জীয়াই থকাৰ দুৰ্বাৰ বাসনাই মনটো গধুৰ কৰি তোলে। কষ্টৰে হলেও পৃথিবীখন ধুনীয়া।

আস: কি কৰিম! ভগবান এয়া কি কৰিলা! পাপ একোকেই কৰা নাই জনাত।
একো ভাবি নাপাও। ঘৰখনৰ যন্ত্ৰণা সহ্য নহয়।
ইমান কিয় ভালপায় মোক মানুহবোৰে!
কিয় ইমান মৰম কৰে!
অসহ্য অসহ্য!
মৰমো কেতিয়াবা যন্ত্ৰণা হৈ পৰে।
ঘৃণাবোৰ মলম।
কিয় ইমান মৰম কৰে!
অসহ্য অসহ্য!
মৰমো কেতিয়াবা যন্ত্ৰণা হৈ পৰে।
ঘৃণাবোৰ মলম।
চাল্লা কুট্টী-কমিনী লাইফ! চাল্লা হাৰামী লাইফ! তাছ খেলৰ জোকৰ পাতটো পৰিল ভাগত। খেল জিকিব নোৱাৰো।
হাৰি যোৱাৰ কেতিয়াও প্লেন নাছিল। সপোনৰ সদাগৰ মই।
সেউজীয়া সপোন এজাক সিচিঁছিলো বুকুত!
সেউজীয়া সপোন এজাক সিচিঁছিলো বুকুত!
সেয়া ঘৰৰ মানুহবোৰে উচুপি আছে। মা-দেউতাৰ খোৱা-লোৱাৰ ঠিকনা নোহোৱা হৈছে।
মোক শেষ বিদায় দিবলৈ যেন পুৰ্ণ আয়োজন। হেপাহৰ মাতসাৰ শুনিলেই মোৰ বুকুখন ভাঙি যায়। কৃটিম হাঁহি এটা মুখত লৈ অভিনয় কৰো। শোকাকুল হৈ ঘৰৰ দুখবোৰ বঢ়াব নোখোজো।
কষ্টকৰ¸ বৰ কষ্টকৰ!
গাৰু তিতি যায় চকুলোৰে। দুয়োখন হাতেৰে চেপি ধৰো মুখ।
শব্দবোৰ বাহিৰত নাযায়।
কপি উঠা শৰীৰতো কোনেও দেখা নাপায়। পাৰো মানে গালি পাৰো অশ্লীল মনতে।
গাৰু তিতি যায় চকুলোৰে। দুয়োখন হাতেৰে চেপি ধৰো মুখ।
শব্দবোৰ বাহিৰত নাযায়।
কপি উঠা শৰীৰতো কোনেও দেখা নাপায়। পাৰো মানে গালি পাৰো অশ্লীল মনতে।
একো কৰিব নোৱাৰিলো। আদৰ্শ পুতেক হব নোৱাৰিলো। আদৰ্শ ভায়েক হব নোৱাৰিলো।
অপদাৰ্থ। অপদাৰ্থ।
কোনে কয় দুবাহুত ভাগ্য? কপালত থাকে ভাগ্য!
অপদাৰ্থ। অপদাৰ্থ।
কোনে কয় দুবাহুত ভাগ্য? কপালত থাকে ভাগ্য!
এদিন শুই যাম। চকু মুদি দিম।
মা-দেউতাৰ বুকু শুদা কৰি গুছি যাম দুৰলৈ। যি বাটেৰে উভটি নাহো কোনোদিন।
মা-দেউতাৰ বুকু শুদা কৰি গুছি যাম দুৰলৈ। যি বাটেৰে উভটি নাহো কোনোদিন।
বাৰীৰ পিছত ভাইটিয়ে উচুপি থাকিব।
ভন্টিয়ে ভাত খাব বহি ফেকুৰী উঠিব।
মা- দেউতাই…আস: ভাবিবও নোৱাৰো।
ভন্টিয়ে ভাত খাব বহি ফেকুৰী উঠিব।
মা- দেউতাই…আস: ভাবিবও নোৱাৰো।
আৰু মাথো দুটা মাহ। তাৰ পাছত শূণ্য। দুমাহৰ আলহী মই। অপেক্ষা অধীৰ আগ্ৰহেৰে মৃত্যুৰ…।
*********************************
*********************************
স্নেপশ্বট: ২
উহ: ইমান গৰম। ঘটংকৈ কত কি শব্দ হল! ধেইৎ বেং¸ কাৰেণ্ট গল। খোৱা এতিয়া ভীমকলটো। এই গৰমত আৰু টোপনি নাহে।
চাল্লা বৰষুণ জাকৰ পিছত এপ্ৰিল মাহতেই ইমান গৰম নে! ধহমহকৈ বিচনাখনত উঠি বহিল সি। কপালখন¸ মুখখনত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে। দেলহীত এতিয়া উষ্ণতা ৪৩ ডিগ্ৰী ছেলচিয়াছ।
চাল্লা বৰষুণ জাকৰ পিছত এপ্ৰিল মাহতেই ইমান গৰম নে! ধহমহকৈ বিচনাখনত উঠি বহিল সি। কপালখন¸ মুখখনত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে। দেলহীত এতিয়া উষ্ণতা ৪৩ ডিগ্ৰী ছেলচিয়াছ।
কি সপোন দেখিলে বে এইটো। ইমান
ভয়াবহ। বুকুৰ ধপধপনি মাৰ যোৱা নাই তাৰ।
ভয়াবহ। বুকুৰ ধপধপনি মাৰ যোৱা নাই তাৰ।
বিচনাৰ ওচৰতে থকা ফোনটো চালে সি। তিনি বাজি গৈছে। সিয়ঁৰি উঠিল তাৰ গাটো। ফলিয়াব নেকি বে সচাকৈ।
দিনটো অশান্তিৰে পাৰ হয় আকাশৰ। শেষ ৰাতিৰ সপোনটোৱে খেদি ফুৰে।
দুদিন আগত তেনেকুৱা ষ্টেটাছ এটা পাইছিল ফেচবুকত। তাৰেই প্ৰভাব নেকি!
উহ: ৰক্ষা। সেয়া সপোন আছিল। আসন্ন মৃত্যুৰ যন্ত্ৰণা সপোনতেই বুজিছে। হাৰে¸ ৰাতি সচাকৈয়ে কান্দিছিল দেখোন সি।
: ঐ বাবা¸ বজাৰত যাব লাগিছিল অ’।- মাকে কৈ উঠে তাক।
: হব দে। - বাইকখন লৈ বজাৰৰ পৰা আহে সি।
: হব দে। - বাইকখন লৈ বজাৰৰ পৰা আহে সি।
বাৰীৰ বেৰখন ভাঙি গৰু সোমাইছে! দেউতাকে সদায় নতুন খুটি পুতি দিয়ে।
: ঐ গৰু অলপ ঘৰৰ কামতো মন কাণ দিবি। অবাবত ঘুৰি থাকিলে কি হব! জীবনত কি কৰি খাবি গাধ? -দেউতাকে প্ৰায়ে গালি পাৰে তাক। ঘৰৰ তামোল দুইপোণ পাৰি বাপেকেই বেছিব লাগে।
কাম কৰা মানুহ বিচাৰি বাপেকেই বেৰা-ঘোৰা ভাল কৰিব লাগে। এনেবোৰ ফাল্টু কামত চকু দিবলৈ সময় কত তাৰ!
কাম কৰা মানুহ বিচাৰি বাপেকেই বেৰা-ঘোৰা ভাল কৰিব লাগে। এনেবোৰ ফাল্টু কামত চকু দিবলৈ সময় কত তাৰ!
চাৰিআলিত গণেশৰ দোকানত বহি ছোৱালী চাই থকাই ভাল।
হাজাৰী¸ ফিজ খেলি চিগাৰেটৰ ধোৱাৰ কুণ্ডলী পকোৱাই ভাল।
হাজাৰী¸ ফিজ খেলি চিগাৰেটৰ ধোৱাৰ কুণ্ডলী পকোৱাই ভাল।
বাপেকৰ এটাই চিন্তা¸ কি হব লৰাটোৰ। মাকে মৰম কৰি কৰি বেয়া কৰিলে!
আকাশ তেতিয়া ঘৰতে আছিল। সন্ধিয়া সাজ লাগিছিল। সি ওলাই যোৱা নাছিল। ঘৰতে টিভি চাই আছিল।
দেউতাক আচৰিত। পুবৰ বেলি যেন পশ্চিমে ওলাল।
বাঁহ দুটা অকলেই কাটি ভগা বেৰখন কেতিয়া দিলে সি¸ তেও গমেই নাপালে। মাকক নোশোধাকৈয়ে পাকঘৰৰ বজাৰ কৰি আনিলে। তেওলৈ নথলে একো কাম।
বাঁহ দুটা অকলেই কাটি ভগা বেৰখন কেতিয়া দিলে সি¸ তেও গমেই নাপালে। মাকক নোশোধাকৈয়ে পাকঘৰৰ বজাৰ কৰি আনিলে। তেওলৈ নথলে একো কাম।
আকাশ সলনি হৈছে। এটা সপোনে জোকাৰি দিছে তাৰ অন্তৰাত্মা। মৰমৰ মুল্য দিব শিকিছে সি। দায়িত্ব বুজিছে। বোধোদয় হৈছে আকাশৰ।
দেউতাক সুখী। সিয়ো সুখী।
(বি:দ্ৰ: বেয়া সপোন আৰু বন্ধু এজনৰ ষ্টেটাছ এটাৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। মন্তব্য বিচাৰিছো¸ আপুনি কিমান আবেগিক। লিখি থাকোতে মোৰো দুচকু সেমিকি উঠিছিল।)
0 comments:
Post a Comment