Now you can Subscribe using RSS

Submit your Email

Thursday, 15 June 2017

আকাশ চুবৰ মন

Unknown

চাল্লা¸ ইঁহতবোৰক মাতি সমজুৱাকৈ চেন্দেলৰ মালা পিন্ধাব লাগে। - ভোৰভোৰাই উঠে সি। খং উঠিছে তাৰ। মানুহৰ নামত এইবোৰ কলংক।
টিভিৰ পৰ্জাত উচুপি উঠিছে মানুহজনে। পুতেক এচি এছ অফিচাৰ। উচ্চশিক্ষিত বোৱাৰী নাতি।
: ঐ বুঢ়া¸ কিয় ইমান চিঞৰি থাক। মৰিব নোৱাৰ। - বিৰানব্বৈ বছৰীয়া মানুহজনক নাতিয়েকৰ কটুবাক্য।
কি কৰিব অসহায় মানুহজনে!
তেৱো আছিল এসময়ত প্ৰতাপী চৰকাৰী বিষয়া।
পেটৰ পোৱালিয়ে যেতিয়া অনাদৰ কৰে¸ হাঁহাকাৰ কৰি উঠে মন…
উচুপি উঠিছে মানুহজনে।
কিছুদিন আগতে তেজপুৰৰ বৃদ্ধা গৰাকীক চিকিৎসক পো-বোৱাৰী ঘৰৰ পৰা উলিয়াই দিছিল। ৰাইজৰ সেৱা শুশ্ৰষাত সুস্হ আইতা এতিয়া বৃদ্ধা শ্ৰমৰ আবাসী…
মানুহ হ মানুহ হ…
বেক গ্ৰাউণ্ডত বাজি থাকে কবিতাটো…
সপোনৰ মনত পৰে…
ৰক্তাক্ত মৃতদেহটো চোতালত শুই আছিল। বন্দুকৰ গুলীয়ে থকা সৰকা কৰিছিল সুঠাম দেহতো।
কি ভাবিছিল মৃতদেহটোৱে…
এই পথ ভুল আছিল!
এই মৃত্যু অপৰাজেয়!
কতা¸ তৃপ্তিৰ মধুৰ আবেশটো নাছিল মৃতদেহটোৰ মুখত…
নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠনটোৰ এজন সক্ৰিয় সদষ্য আছিল যুবকজন।
অন্যায়বোৰ দেখি দেখি অতিষ্ঠ হৈ আই মাতৃক ৰক্ষা কৰিবলৈ এদিন দোভাগ ৰাতি ওলাই গৈছিল ঘৰৰ পৰা।
: জানো মোৰ আবৰ্তমানত ঘৰখনে বহুত কষ্ট পাব। অসমী আই মোক ৰিঙিয়াই মাতিছিল। মোৰ আপোন মানুহখিনিক ৰক্ষা কৰিবলৈ বেলেগ উপাই নাছিল। ঔপনিবেশীক ভাৰত চৰকাৰে সদায় মাহী আইৰ দৃষ্টিৰেই চাই আহিছে আমাক। - দেশপ্ৰেমৰ ৰাগীত মতলীয়া হৈ পৰিছিল যুবকজন।
ম্যানমাৰৰ আৰাকাণৰ গভীৰ অৰণ্যত লৈছিল সি গেৰিলা প্ৰশিক্ষণ।
সপোন তেতিয়া সৰু। দহবছৰীয়া। খুড়াকৰ মৃত্যু এটা বেয়া সপোন আছিল তাৰ।
আধালিখা খুড়াকৰ ডায়েৰীৰ পৃষ্ঠাটোৱে বুকুখন গধুৰ কৰি তোলে তাৰ।
বুকুখন বিষাই উঠিল
সাৰ পালো। মোৰ আইৰ সেমেকি উঠা দুটকু কেনেকৈ চাই থাকো
আস: যন্ত্ৰনাৰ আতিসায্য…
স্বাধীনতা মইতো লিখিব নোৱাৰিলো তোমাৰ নাম…
আজিকালি ভাৰাক্ৰান্ত হৈ পৰে তাৰ মনটো। বিভিন্ন সমষ্যাৰ যন্ত্ৰণা।
জীয়াই থকাৰ সংগ্ৰাম।
আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম।
অকলশৰীয়া মুহুৰ্ত বোৰত সি মোৰ লগৰীয়া।
মই আৰু মোৰ ছা।
সি: অলপ নিজক ওদঙাই দেচোন। মনতো পাতল লাগিব। কিমাননো আৰু দুখবোৰ সাবতি থাক!
মই: ভয় লাগে অ’। জীবনৰ সচা কথাবোৰ যদি কাৰোবাৰ হাঁহিৰ খোৰাক হয়।
চৰাই নহলো ডেউকা নাই
উৰিব নোৱাৰো¸
ইউকেলিপ্তাছ গছৰ দৰে
ওখ নহলো…
কোনোমতে ডিগ্ৰীটো কমপ্লিট কৰি জীয়াই থকাৰ সংগ্ৰাম তাৰ।
সাধাৰণ মানুহৰ সপোনবোৰো সাধাৰণ…
এমুঠি হাঁহি বিচাৰি সংগ্ৰাম…
অকমাণ সুখ বিচাৰি সংগ্ৰাম…
: সপোনদা¸ প্লিজ মোক পাহৰি যোৱা।- বিয়াৰ নিমন্ত্ৰনীখন তাৰ হাতত দি কৈ উঠিছিল অনুৰাধাই।
ধনীৰ দুলালী কিয় আহিব ভগা পজালৈ!
তাইক বেয়া পোৱাৰ প্ৰশ্ন নাহে।
সিঁহতৰ দৰে সাধাৰণ যুবকৰ কি অধিকাৰ সপোন দেখাৰ।
: তুমি সুখী হোৱা¸ আৰুনো কি কম! - মনৰ মাজতে কৈ উঠে সি।
বুকু ভাগি যোৱাৰ দুখ সিহঁতৰ বাবে তেনেই সাধাৰণ।
ভায়েকে হায়াৰ ছেকেণ্ডাৰীত ষ্টাৰ পাইছে। ইঞ্জিনিয়াৰ হোৱাৰ সপোন।
ধুমধামেৰে ভনীজনীৰ বিয়া…
দেউতাকৰ মুখৰ হাঁহিটো…
মাকৰ বাবে এযোৰ সাজ…
কোন অনুৰাধাৰ বিৰহে টলাব পাৰে তাক!
প্ৰেমতো জীবন নহয়
অংশহে এটা!
গতিশীল সময়। নিষ্ঠুৰ সময়। বেদনাৰ উপশম কৰে সময়ে। সময় ডক্টৰ!
সাধাৰণ সপোনৰ সাধাৰণ জীবন।
আজিকালি মন গলেই বাইকখন লৈ ঘুৰি ফুৰে সি। নিসংগ সময়বোৰ বৰ প্ৰিয়। গুণগুনাই গৈ থাকোতে নিজকে হিৰ’ যেন লাগে তাৰ।
চিনেমাৰ হিৰ’
বাস্তব জীবনৰ হিৰ’
জিৰ’ৰ হিৰ’…
চাল্লা অলপ পোহৰ পোৱা হেতেন¸ অলপ সুবিধা পোৱাহেতেন কিবা এটা হলহৈ সি চাগে। কেতিয়াবা ভাববোৰ আহে। আকৌ পাহৰে।
লটাৰীত এবস্তা টকা পোৱা হেতেন…
এই ’হেতেন’ টোৱে চব শেষ কৰি দিয়ে।
ফাগুনৰ সুন্দৰ আবেলিটো পাগুলি পাগুলি গৈ থাকে।
ফাগুণ মানেই পলাশ
পলাশ মানেই প্ৰেম
দুৰ্বাৰ প্ৰেমিক সি সেউজীয়াৰ…
কাহিনী এটাৰ শ্বুটিং চলি আছে ইয়াতে।
প্ৰযোজক : বিধাতা
পৰিচালক : জীবন
নায়ক : তই
নায়িকা : সপোন
খল নায়ক : ভাগ্য
ষ্টাৰ্ট চাউণ্ড লাইট কেমেৰা একচন…
নায়িকাৰ হাতত ধৰি আকুল নায়ক।
প্ৰেমিক নায়কৰ মধুৰ সংলাপ
তুমি মোৰ উশাষ¸ তুমি মোৰ নিশাষ
তোমা অবিহনে মই নিশ্ব: জানা
নায়কৰ তপত উশাহ নায়িকাৰ উস্ম ওঠত
ধেৎ এৰি দিয়া। লাজ লাগে পাই কোনোবাই দেখিব। - নায়িকাৰ দুচকুত লাজৰ আভা।
কাট কাট…। এন জি শ্বট…। ৰিটেক
পৰিচালকৰ চিঞৰ ভাহি আহে।
অভিমানী নায়িকা দুৰলৈ আতৰি যায়।
প্ৰেমাতুৰ নায়কৰ চলচলীয়া দুচকু…
ক্লেপ ক্লেপ
এটা সুন্দৰ শ্বট…
শৰাইঘাটৰ আবেলিটো খুব ভাল লাগে তাৰ।
: তুমি যদি কোৱা জপিয়াই দিম ইয়াৰ পৰা। - অাকুলতাৰে অনুৰাধাৰ চকুত চকু থৈ কৈ উঠিছিল সি হিয়াৰ আবেগ ঢালি।
এতিয়া হাঁহি উঠে তাৰ।
ধুনীয়া ছোৱালী জনীৰ বয়স বৰ বেছি বাইছ-তেইশ হব। দুয়োহাত সাবতি একেথৰে চাই আছে তাই পানীত ডুবি যোৱা বেলিটো। হয়তো সন্ধিয়াটো উপভোগ কৰিছে। শুভ্ৰ চুৰিদাৰ যোৰেৰে অপুৰ্ব লাগিছে তাইক। যেন কোনো সৰগৰ পৰী নামি আহিছে ধৰাৰ।
প্ৰেমিক কবিৰ বুকুত বাজে আপদীয়া প্ৰেমৰ কবিতা। মন যায় এজাক বৰষুণ তিতিব।
চোৱাৰটো একো অপৰাধ নাই
ভবাৰ একো অসুবিধা নাই।
এতিয়াও তাই একেথৰে চাই আছে। হয়তো কিবা ভাবিছে। নাচাও বুলিও চকু ঘুৰাব পৰা নাই সি। পালচাৰ বাইকখনত বহি সি তাইলৈ চাই আছে।
ই কি? তাই ৰেলিং বগাইছে কিয়!
মুহুৰ্ততে গৈ তাইক ধৰি পেলালে সি। অলপ পৰ টনা আজোৰা।
: প্লিজ মোক মৰি যাবলৈ দিয়ক। উচুপি উঠি বহি পৰিল যুবতী।
অসহায় লাগে তাৰ। কাৰোৱেই চকুত চকুপানী সহ্য নহয় তাৰ। বুকুভঙা বেদনা তেনেই আপোন তাৰ।
মাক-দেউতাকৰ প্ৰথম সন্তান তাই। ঘৰত মাক¸দেউতাক আৰু ভনীয়েকজনী। চাৰিমাহৰ অন্ত:সত্বা তাই।
ভণ্ড প্ৰেমিকৰ বীজ তাইৰ গৰ্ভত।
সাধাৰণ ঘৰৰ ছোৱালীজনীক আকোৱালি নললে তাৰ ঘৰখনে। নিহকুলীয়া ছোৱালীজনীক আদৰি কিয় সন্মান লাঘব কৰিব ঘৰখনে!
বিয়াৰ আগত সন্তান সম্ভবা তাইৰ দৰে যুবতীক কিয় বিয়া কৰাব তাইৰ প্ৰেমিকে।
তাই চৰিত্ৰহীন তাৰ দৃষ্টিত।
অসহ্য অসহ্য। স্ফীট হৈ অহা তাইৰ গৰ্ভ কলুসিত প্ৰেমৰ খেলা।
ঘৰৰ চকুত তাই নষ্ট বোজা।
বুকুখন গধুৰ হৈ পৰে সপোনৰ। বাহৰে আধুনিক প্ৰেম!
বাহৰে পুৰুষ!
সহজ সৰল মানুহৰ আবেগ অনুভুতিক পদাঘাট কৰা আধুনিক প্ৰেম।
সপোনে চালে তাইলৈ। এতিয়াও উচুপি আছে তাই। আশ্ৰয় বিহীন তাইৰ শেষ আশ্ৰয় মৃত্যু…!
সিদ্ধান্ত এটা লৈ পেলালে সি। বয়স হৈ আহিছে। মাকে চিঞৰি থাকে লগ এটা লাগে।
নিজাকৈ সপোনবোৰ সজাব লাগে।
সিয়ো নভবা নহয়।
প্ৰেমতো বুকুতহে থাকে।
: মই এজনী ধৰ্ষিতা নাৰী। মৰহা ফুল মই কলুষিতা। - তাৰ প্ৰস্তাবত আচৰিত হৈ কৈ উঠে তাই। হয়তো আচৰিত তাইৰ ঘৰখনো।
: চাওক¸ মই এজন সাধাৰণ লৰা। দুবেলা দুমুঠি খুৱাব পৰাৰ বাহিৰে একোৱেই নাই। জীবন মানেই যদি সংগ্ৰাম¸ তেন্তে ময়োতো অপদাৰ্থ আজিৰ সমাজৰ দুচকুত!
এবুকু মৰমৰ বাহিৰে নিজৰ বুলিবলৈ আছেইবা কি!
বৰষুণ ভাল লাগে। সেই বুলি ভাল লাগে জানো
শিলাবৃষ্টি বৰষুণ।
মুষলধাৰা বৰষুণ।
ধাৰাষাৰ বৰষুণ।
নেৰা-নেপেৰা বৰষুণ।
ধুমুহা বৰষুণ।
সৃষ্টি অশ্লীল নহয়। যৌনতাও অশ্লীল নহয়।
যৌনতাৰ বোকাবোৰহে চাগে অশ্লীল।
পাকঘৰৰ চৌকাখন দ্ৰয়িংৰুমত পাতিলে জানো হব!
আমি প্ৰগতিশীলহে অন্ধতো নহয়।
অনুষ্ঠুপীয়াকৈ বিয়াখন হয়গৈ তাৰ। সি সুখী¸ তাৰ ঘৰখনো সুখী।
সপোনৰ প্ৰেমত হাঁহিব শিকিছে মুৰ্ছনাই।
এপাহি ধুনীয়া ফুল ফুলিছে। তাইৰ হাঁহিটো ভাল লাগে তাৰ। তাইৰ আব্দাৰবোৰ¸ তাইৰ মৰমে জীপাল কৰে তাক। গুণগুনাই উঠে সি
আকাশ ভালপাও
তৰা ভাল পাও
নদী ভাল পাও
জোনাক ভাল পাও
নৈ হৈ বৈ যাব খোজে সি।
ফুল হৈ ফুলিব থাকিব খোজে
বুকুবোৰ চুই থাকিব খোজে সকলোৰে।
সি আকাশ চুব খোজে!!

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib