Now you can Subscribe using RSS

Submit your Email

Monday 19 June 2017

এটা ভৌতিক কাহিনী

Unknown


ৰাজধানীৰ পৰা মাথো কেই কিলোমিটাৰমান আঁতৰত গাঁওখন। আধুনিকতাৰ বা লাগি ক্ৰমাত নগৰমুখী গাঁওখন। ঠিক যেন চহৰো নহয়¸ গাঁৱো নহয়। নেচনেল হাইৱেৰ বাওকাষেৰে অলপ সোমাই গলেই হায়াৰ ছেকেণ্ডাৰী স্কুলখন। ওচৰতে এখনি গাৰ্লচ হাইস্কুল। ভবেনে এই হায়াৰ ছেকেণ্ডাৰী স্কুলখনতে নতুনকৈ সোমাইছে। উজনিৰ যুবক¸ পঢ়া শুনা শেষ কৰি নামনিৰ এই স্কুলখনতে চাকৰী পাই গুছি আহিল। জইন কৰা বেছি দিন হোৱা নাই। ছমাহ মানহে হৈছে। গাঁওৰ মানুহবোৰ বৰ মৰমিয়াল। সোনকালেই ঠাইখিনিৰ লগত মিলি গল সি। স্কুলখন এৰি অলপ ভিতৰফালে গলেই তিনি আলি এটা। আলিটোৰে চিধা গলেই তালুকদাৰ গাঁও ওলাব পাৰি। আনফালে দাসপাৰা আৰু মজুমদাৰ পাৰা হৈ সোমাই ভিতৰলৈ গৈ থাকিলে কলিতাপাৰা¸ চৌধুৰীপাৰাহৈ নৈখনৰ পাৰ ওলাব পাৰি। কেঁকুৰীটো ঘুৰি অলপ গলেই মজুমদাৰ পাৰাৰ ওচৰত ডাঙৰ পুখুৰীটো। পুখুৰীটোৰ পাৰতে ডাঙৰ বৰগছজোপা। কেইজোপামান খেজুৰ গছো পুখুৰীৰ পাৰত আছে। পুখুৰীটো পাৰহৈ অলপ গলেই মণ্ডলৰ ডাঙৰ ঘৰটো। কাষতেই এল পি স্কুলখন। এল পি স্কুলখনৰ ওচৰতে এঘৰত ভবেন ভাড়া থাকে। ভাড়ানো আৰু কি! মাহিলী দুশ টকা মাত্ৰ। ঘৰখনত মাথো বুড়া বুঢ়ী হালহে থাকে। পুতেকৰ পৰিয়াল গুৱাহাটীত থাকে। তাতেই ঘৰ-মাটি কৰিলে। ভাল চাকৰি কৰে। মাহেকত এদিন আহে। এৰাতি থাকি গুছি যায়। মাক-বাপেককো লগত নিব খুজিছিল। তেওলোকেহে গাঁওৰ মোহত যাব পৰা নাই। হাজাৰ হওক গাঁওৰ দৰে নহয়তো চহৰ। ভবেনে তেওলোকক বৰমা বৰতা বুলিয়েই মাতে। চাৰিওফালৰ চাৰিটা পকীঘৰৰ এটাত ভবেন থাকে। আনফালৰটোত তেওলোক।

          ওচৰৰ গাঁওখনত থিয়েটাৰ আছিল। গাঁওলীয়া থিয়েটাৰ। গাঁওৰে লৰাবোৰে লগহৈ কৰিছিল। সহকৰ্মী এজনে মাতিছিল তাক। ৰাতি তেওৰ ঘৰতে ভাতখাই নাটক শেষ কৰি উভতে মানে তিনি বাজো বাজো হৈছিল। গৰমৰ দিন¸ গতিকে নিজৰ ৰুমলৈয়ে আহি আছিল সি। সহকৰ্মীজনে তেওৰ ঘৰলৈ লগ ধৰিছিল। সময়খিনি বেয়া হৈছে। ৰাতিখন আকৌ আমনি দিব যাবলৈ ভাল নালাগিল তাৰ। এঘন্টামানহে আছে¸ পোহৰ হবলৈ। নিজৰ ৰুমত গৈ শোৱাই ভাল। চিন্তা নোহোৱাকৈ নটালৈ শুব পাৰিব।
: বৰুৱা¸ ঠাইখিনি সিমান ভাল নহয়হে!
- সহকৰ্মী তালুকদাৰে কৈছিল। সি হাঁহি দিছিল। এইবোৰ বিশ্বাস নকৰে সি। একৈশ শতিকাত ভুত-প্ৰেত এইবোৰ হাস্যকৰ বিষয়। ৰাতি হেনো পুখুৰীটোত কোনোবাই বৰশীবাই থাকে¸ কান্দি থাকে। অঞ্চলটোৰ মানুহবোৰে বিশ্বাস কৰে। হাঁহি উঠে তাৰ। চাইঞ্চৰ ষ্টুডেন্ট সি। অস্তিত্ব নোহোৱা বস্তুৰ প্ৰতি মানুহৰ অন্ধবিশ্বাস দেখি পুতৌ হয় তাৰ। আকাশত তেতিয়া ফৰিংফুটা জোনাক। সপ্তমী নে অষ্টমী পুৰ্ণিমাৰ। গুণগুণাই আহি আছে সি। জিলিৰ চি চিঞনি ভাহি আহিছে। হঠাতে পুখুৰীৰ পানীত জপংকৈ কিবা এটা পৰিল। উচপ খাই উঠিল সি। একমুহুৰ্ত মাথো¸ হোহোৱাই হাঁহি উঠিল সি। দিনত লৰাবোৰে খেজুৰ পাৰিবলৈ শিলগুটি দলিয়াই। দুই এটা শিলগুটি বাজি ৰয়¸ সেয়াই পৰিছে চাগৈ।  

: মানুহবোৰযে আৰু! চাল্লা ভুত আছে বোলে!
- হো হোৱাই স্বগতোক্তি কৰিলে সি।
        প্ৰস্ৰাব লাগিল তাৰ। বৰগছ ডালৰ তলতে প্ৰস্ৰাব কৰিলে সি। প্ৰস্ৰাব কৰি থাকোতে হঠাতে তাৰ ভাব হল কোনোবাই যেন চাই আছে তাক পিছফালৰ পৰা। ঘপকৈ ঘুৰি চালে সি। নাই¸ কতো একো নাই।
এক মুহুৰ্ত মাত্ৰ। হঠাতে জপংকৈ পানীত কিবা পৰাৰ শব্দ হল। এইবাৰ আগতকৈয়ো ডাঙৰকৈ। যেনে মানুহ এটাহে পৰিছে। আকৌ এবাৰ শব্দ হল…আকৌ এবাৰ…।
   একো উৱাহিস নাপালে ভবেনে। হথাতে সি ছয়াময়াকৈ দেখিলে যেন পুখুৰীৰ পাৰৰ পৰা কিবা এটা থিয় হৈ তালৈ চাই আছে ট ট কৈ। দেখাত মানুহৰ আকৃতি যেনেই লাগিছে। চকুৰে ভুল দেখা বুলি এবাৰ চকু দুটা মোহাৰি ললে সি। ঠিকেই দেখিছে সি। মানুহ এটা থিয় হৈ আছে।
তাৰ কাষৰ পৰা মানুহজনৰ দুৰত্ব প্ৰায় চল্লিশ ফুট।
পুখুৰীটোত বহুতো ডাঙৰ মাছ আছে। হয়তো কোনোবাই চোৰ কৰিব আহিব পাৰে।

: ঐ কোন…কোন হয়?
- চিঞৰি উঠিল সি। নাই¸ একো মাত নাই।
: মই সুধিছো¸ কোন হয়?
- খঙতে চিঞৰি চায়ামুৰ্তিটোৰ ফালে আগবাঢ়িল সি। কুংফুৰ ব্লেকবেল্ট সি। অকলেই চাৰিজনক ঘাইল কৰিবলৈ সক্ষম। কেইখোজমান আগবাঢ়িছিল সি। হঠাতে তাৰ চকুৰ সমুখতে ছায়ামুৰ্তিটো অদৃশ্য হৈ গল।

       থমকি ৰৈ গল ভবেন। হতভম্ব হৈ পৰিল সি। কত গল মানুহটো। পুখুৰীপাৰত পৰুৱা এটাৰো অস্তিত্ব নাই। যেন কোনোবাই যাদুহে কৰিলে। সৰুতে দেখা যাদুকৰৰ ভেল্কিবাজিলৈ চাতকৈ মনত পৰিল তাৰ। তাৰ মনতো চেবালে। জীবনত প্ৰথমবাৰলৈ ভয় লাগিল তাৰ। ভ্ৰম দেখা নাইতো! নিজকে প্ৰবোধ দি ঘুৰিছিলহে সি¸ তাৰ মুৰ আচন্দ্ৰাই কৰাৰ উপক্ৰম হল। বৰগছজোপাৰ তলত এজন মানুহ থিয় হৈ আছে। পুৰুষজনৰ কাপোৰখিনি বগা। লাহে লাহে মানুহজন গছজোপাত বগুৱা বাই উঠি গৈছে। পঘাডাল ডাল এটাত লগাই মানুহজনে ফাচি লগাই ওলমি পৰিল।
   কোনোবাই যেন ভবেনৰ কণ্ঠ ৰুদ্ধ কৰি পেলাইছে। চিঞৰো বুলিয়ো তাৰ মাতটো ওলাই অহা নাই। বুকুৰ স্পন্দন স্তদ্ধ হৈ পৰিছে। সি স্পষ্টকৈ দেখিলে মানুহজনৰ চকুদুটা বাহিৰলৈ ওলাই আহিছে। ভবেন যেন বেহুচ হৈ বাগৰিহে পৰিব। যেন তাৰ ভৰিদুখনত শিপাহে গজিছে। কেইমুহুৰ্তমান পিছত মানুহজন অদৃশ্য হৈ গল। হঠাতে সম্বিত ঘুৰি আহিল তাৰ। একে দৌৰে সি তাৰ ৰুম পালেহি। মাথো দুশমিটাৰ দুৰত তাৰ ৰুমত। ৰুমৰ দৰ্জাখন বন্ধ কৰি দীঘলকৈ উশাহটো টানি ললে সি।
উ: ভগবান! কি দেখিলে এয়া।
বটলৰ পানীখিনি ঘোটঘোটকৈ পি বিছনাখনত বহি দিলে ভবেনে। সি অনুভব কৰিলে¸ তাৰ মুখখন ঘামি উঠিছে। বুকুৰ ধপধপনি এতিয়াও মাৰ যোৱা নাই।
      ৰুমৰ লাইটতো নুনুমোৱাকৈয়ে বিচনাখনত উপৰমুৱাকৈ শুলে সি। দৃশ্যটো এতিয়াও চকুৰ আগত ভাহি উঠিছে তাৰ। সেয়া ভ্ৰমটো নাছিল। স্পষ্টকৈ দেখিছিল সি। অত্যন্ত সাহসী বুলিহে¸ কম ধাতুৰ মানুহ হোৱা হলে হাৰ্টফেইল কৰিলেহেতেন। টোপনি নাহিল তাৰ।

     যেতিয়া সাৰপাই তেতিয়া দহবাজি গৈছিল। লৰালৰিকৈ মুখ হাত ধুুই গা নোধোৱাকৈয়ে স্কুললৈ আহিল সি। গোটেই দিনটো তাৰ আগৰাতিৰ ঘটনাটোৱে পাকঘুৰনি খাই ভাহি থাকিল। লাজতে কাকো কবও নোৱাৰিলে সি। অত্যন্ত যুক্তিবাদী সি¸ তাতে বিজ্ঞানৰ ছাত্ৰ। ৰাতিৰ ঘটনাটো এতিয়া বিশ্বাস কৰিব পৰা নাই সি। কিবা ভ্ৰম দেখা নাইতো। তালুকদাৰে কৈছিল ঠাইখিনি বেয়া। তাৰ অবচেতন মনৰ ভ্ৰম নহয়তো সেয়া। সি ভাবিলে।
নাই নহয়। সি ইমান দুৰ্বল নহয়তো। একো ঠিৰাং কৰিব নোৱাৰে সি।

      টোপনি ক্ষতি হোৱা বাবে ৰাতি সোনকালেই টোপনি আহিল তাৰ। হঠাতে কিবা শব্দত সাৰ পালে সি। চেঁচা কিবা স্পৰ্ষত ঘপকৈ চকু মেলিলে সি। কালি ৰাতিৰ মানুহজনে তাৰফালে চাই আছে। হাতৰ পঘাডাল তালৈ আগবঢ়াই দিছে।
বুকুখন কপি উঠিল ভবেনৰ। চিঞৰিব খুজিও নোৱাৰিলে সি। ইষ্টদেবতাক স্মৰণ কৰি জোৰকৈ চকুদুটা মেলিলে সি। নাই¸ একো নাই।
ভয়তে সেপটুকি লাইটতো জ্বলাই বিচনাখনতে বহি পৰিল সি। তাৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙিছে। এয়া সপোন দেখিলে নেকি সি। একো ধৰিব নোৱাৰিলে ভবেনে। কাষতে থকা ফোনটোত সময়তো চালে সি¸ তিনি বাজি পোন্ধৰ মিনিট। যোৱাৰাতি এইখিনি সময়তেই ঘৰ সোমাইছিলহি। নাই¸ একো নাই। সপোন দেখিছো মই। নিজকে প্ৰবোধ দি জোৰকৈ চকু মুদি দিলে সি। টোপনি ইতিমধ্যেই পলাই ফাট মাৰিছে। নাই¸ এয়া অসম্ভব! ভুত-প্ৰেত নায়েই! চব মিছা কথা। জোৰকৈ মনটোক প্ৰবোধ দিলে শুবলৈ যত্ন কৰিলে সি।

      কেইদিনমান এনেকৈয়ে গল ভবেনৰ। সদায় ৰাতি একেটা সময়তেই চকখাই সাৰপাই উঠে সি। সদায় ৰাতি মানুহটোৱে ফাচি লগোৱা পঘাডাল তাক আগবঢ়াই দিয়েহি। আচলতে মানুহ নহয়¸ ষোল্ল-সোঁতৰ বছৰীয়া এটা লৰাহে। বুৰবুৰকৈ কিবা কৈ পঘাডাল আগবঢ়াই দিয়ে তাক। তন্দ্ৰাসক্ত অবস্হাত থাকে সি। চিঞৰো বুলি চিঞৰিবও নোৱাৰে¸ লৰচৰো কৰিব নোৱাৰে। কিবাহে যেন হেচা মাৰি ধৰেহি। আজিকালি সন্ধিয়া¸ সাঁজলগা সময়তো কোনোবাই তাৰ বন্ধ কোঠাৰ দৰ্জাত ধমধমকৈ শব্দ কৰা যেন লাগে। সি বৰদেউতাহঁতক দুবাৰমান সুধিছেও মাতিছিলে নেকি বুলি! কিন্তু তেওলোকে মতা নাছিল।
বিশ্বাস অবিশ্বাসৰ দোমোজাত দোদুল্যমানহৈ দুলি থাকে সি।
    
      অজানিতে তাৰ মনত ভয় এটাই বাহ লৈছিল। ৰাতি হলেই বাহিৰলৈ ওলাবলৈ টান পোৱা হৈছিল সি। যেন কোনোবাই তাৰ পিছ লয়¸ সি অনুভব কৰে।

      দুদিনৰ বন্ধ পাই ঘৰলৈ গৈছিল সি। শনিবাৰে গুৰুজনাৰ তিথি¸ৰবিবাৰ চৰকাৰী বন্ধ। সেইদুদিন ভালেৰেই গল তাৰ। কম কম বুলিয়ো ঘৰত কাকো কব নোৱাৰিলে। ঘৰৰ সকলো মানুহ যুক্তিবাদী। কলে গাঁওৰ স্কুলত চাকৰী কৰি অন্ধবিশ্বাসী হোৱা বুলি হাঁহিবহে!

      সোমবাৰে উভতিল সি। আবেলি স্কুলৰ পৰা ৰুমলৈ আহোতে বৰগছজোপালৈ ভালকৈয়ে চালে সি। পুখুৰীৰ পাৰতো এপাক ঘুৰিলে। দিনে পোহাৰে মানুহবোৰ ৰাষ্টাই ঘাটে ঘুৰি আছে। ভবেনে দেখিলে যে গছৰ পৰা পুখুৰীত পৰিবলৈ এটা শিলগুটিয়ো গছত নাই। বাগৰি পানীত পৰিবলৈ এচপৰা মাটিৰ টুকুৰাও নাই। কোনোপধ্যেই কিবা পানীত পৰাটো অসম্ভব ৰাতি।
সি ইতিমধ্যেই বুজি উঠিছে যে কিবা এটা আছে। যি স্বাভাবিক নহয়¸ অপ্ৰাকৃতিক। বিশ্বাসৰ ধাৰনা এটা গঢ় লৈ উঠিছে তাৰ। কিন্তু সি ভয়াতুৰো নহয়। অত্যন্ত সাহসী। নাৰ্ভাছ হলেও সংজ্ঞাহীনহৈ কেতিয়াও নপৰে সি।
: ৰাতি কেতিয়াও গছজোপাৰ তলেৰে নাহে। চাগে অবচেতন মনত কথাটো ৰৈ গৈছে বাবেই বেয়া সপোনবোৰ দেখিছে। ভাবে ভবেনে।
কিছুমান বিশেষ সময়ত অপ্ৰাকৃতিক শক্তিবোৰ সক্ৰিয় হৈ উঠে। ক্ৰমশ: বিশ্বাস কৰি পেলাইছে সি।

      তাৰ টোপনি আহিছিল তেতিয়া। কিতাপখন আধাপঢ়া কৰি চাৰে বাৰমানত শুইছিল সি। হঠাতে অনুভব কৰিলে¸ চেঁচা কিবাহে যেন ভৰিদুখনত লাহে লাহে টানি আছে।
: ভবেন…ভবেন…
- যেন কোনোবাই তাৰ নাম ধৰি মাতিছে। চকখাই জাপমাৰি উঠি বহিল সি। বিচনাখনত তাৰ কাষত বহি লৰাটোৱে পঘাডাল তাৰ ফালে আগবঢ়াই দিছে। ভয়তে জোৰকৈ চিঞৰ মাৰি একেজাপে বিচনাখনৰ পৰা মাটিত বাগৰি পৰিল সি।
: বাপু…ঐ বাপু কি হল? কিয় চিঞৰিছ? দৰ্জাখন খোল
- চাগে বহুত জোৰেৰে বেয়াকৈ চিঞৰিছিল সি। সাৰপাই ঘৰৰ গৃহস্হ উঠি আহি দৰ্জা খনত ঢকিয়াবলৈ ধৰিলে।
গৃহস্হৰ মাত শুনি সাহস পাই দৰ্জাখন খুলি লাইটতো জ্বলাই দিলে সি।
: কি হৈছে বাপু? কিয় ইমান বেয়াকৈ চিঞৰিছ?
   
    মানুহজনে তাৰ কান্ধত হাত থৈ সুধিলে। পিছে পিছে ঘৈনীয়েকজনীয়ো আহিছে। ভবেন এতিয়াও কপি আছিল। ভয়ে ভয়ে বিচনাখনলৈ আঙুলিয়ালে সি। বিচনাখনৰ কাষচাপিবলৈ সি সাহস কৰিব পৰা নাই।
: কি হৈছে বাপু?
- মানুহজনে আকৌ সুধিলে। তেও গমপাইছে সি চক খাইছে। পিঠিত লাহেকৈ থপৰিয়াই কৈ উঠিল তেও।
অলপ পিছত কোনোমতে সেপটুকি কথাখিনি কলে সি। তেতিয়া আড়ৈ বাজি গৈছিল। কোনোপধ্যেই সি আৰু অকলসৰে ৰুমত থাকিব নোৱাৰে। সেয়া ভ্ৰম নাছিল। স্পষ্টকৈ দেখিছে সি। চেঁচা স্পৰ্ষ অনুভব কৰিছে। গৃহস্হই নিজৰ ৰুমলৈ লৈ গল তাক। সেইদিনা ৰাতি টোপনি নাহিল তাৰ। সুঠাম ডেকাটো বৰদেউতাৰ লগত একেটা ৰুমতে আছে। তথাপিও চকু মুদিবলৈও ভয় লাগিছে তাৰ। কোঠাৰ লাইট জ্বলাই ৰাতিটো পাৰ কৰিলে সি।
: বাপু¸ তই কৰবাত কিবা চক খাইছিলি নেকি?
- ৰাতিপুৱা বৰদেউতাজনে সুধিলে তাক। মানুহজনে মৰমতে তাক তই বুলি মাতে। ইতিমধ্যে বৰমাই দুয়োকে লুচি ভাজি চাহ আনি দিলেহি।
সেইদিনা ৰাতিৰ ঘটনাটোৰ পৰা সকলো ভাঙি পাতি কলে সি।
: তই বৰ ডাঙৰ ভুল কৰিলি বাপু। জনাবুজা চলি হৈ ইমান মৰসাহ ভাল নহয়তো। লগেলগে কিয় কোৱা নাই?
- মানুহজনে চুই কিলাবহে বাকী তাক। তাৰ ওপৰত খং উঠিছে তেওৰ। বৰগছজোপাৰ তলত পেচাব কৰিব নালাগিছিল। সেই সময়খিনিও বেয়া। আজিকালিৰ শিক্ষিত লৰাবোৰে নুবুজে।
: এতিয়া কি কৰো বৰদেউতা?
- ভয়ে ভয়ে সুধিলে সি। এই ঠাইটুকুৰাত থকাটোৱে ভয়ংকৰ হৈ পৰিছে।
: ৰহ¸ তই চিন্তা নকৰিবি। নিজাম বেজৰ হতুৱাই তাবিজ এটা দিয়াম। মাথো ভয় বেছি নকৰিবি। ৰাতি অকলে নাথাকিবি।
সেইদিনা স্কুললৈ নগল সি। তালুকদাৰক মাতি বৰদেউতাই নিজাম বেজক লৈ আহিলেগৈ। বিহলগনীৰ পাতেৰে তাক কোবাই¸ জলকীয়া জুইত পুৰি বেজালি কৰে বেজে। তাৰ বাহুত তাবিজ এটা বান্ধি কেতিয়াও খুলিবলৈ হাক দি সৰিয়হ অলপ জাৰি দিলে। শোৱতে গাৰুৰ তলত লবলৈ। গৃহস্হৰ ঘৰৰ চৌহদত খুটি পুতি সৰুকৈ পুজা এভাগি কৰি চৌহদটো নতুনকৈ বান্ধি ললে বৰদেউতাই। বেয়া বস্তু সোমাব নোৱাৰিব।
: তই ভাল বাছিলি অ’ বাপু। আৰু কিছুদিন থকা হলে ঘটনা বেয়া হলহৈ।
- নিজাম বেজে তাৰ গায়ে মুৰে হাতবুলাই কৈ উঠিল। বৰদেউতায়ো হয়ভৰ দিলে।
: কি হল হয়নো?
- খু দুৱনি মাৰিব নোৱাৰি সুধিলে সি।
: বৰগছৰ সিবিধ দেখা নাই জানো! তোক চিপ লবলৈ বাধ্য কৰিলে হয়।
- বেজৰ কথা শুনি তাৰ গাটো সিঁয়ৰি উঠিল।
: বাপু¸ চিদ্ৰত পৰিছ তই। পাৰিলে এই ঠাইখিনি এৰি যা।
- বেজে পুনৰ কৈ উঠে।
: যাম আতা¸ জীবনটোতকৈ চাকৰী ডাঙৰ নহয়। দৰকাৰ হলে চাকৰীয়ে এৰিম।
- কৈ উঠে সি। যথেষ্ট ভয় খাইছে সি। অলপপৰ ৰৈ সোধে সি
: এইবোৰ কিয় হৈ আছে।
: ইয়াত ডাঙৰ ঘটনা এটা আছে। কও শুন। - হুমুনিয়াহ এটা কাঢ়িলে গৃহস্হই।

         সেইযে দীঘল নঙলাটো দেখিছ। মণ্ডলৰ ঘৰৰ কাষতে মজুমদাৰহঁতৰ লৰা এটাই আজিৰ পৰা ছাব্বিছ বছৰ আগতে চিপ লৈছিল। মুকুল নামৰ লৰাটো পঢ়া শুনাত বৰ চোকা আছিল। ঘৰখনৰ সৰু লৰা। সেইবেলি মেট্ৰিক দিছিল। হঠাতে কিবা চৰ্মৰোগ হৈ তাৰ গাটোত বগা চৰম পৰিল। মুখখন আধা বগাহৈ চাবলৈ ভয়লগা হল। ডক্টৰক দেখুৱালে বহুত¸ ভাল নহল। সি ঘৰতে সোমাই থাকিবলৈ ললে। ঘৰৰ মানুহে বাহিৰত ওলাবলৈ নিদিয়ে। মানুহবোৰে কোৱাকুই কৰে। সেইবেলি তাৰ বায়েকক চাবলৈ প্ৰফেচাৰ এজন আহিছিল। দিন বাৰ ঠিক হল। তাৰ কথা কোনেও কোৱা নাছিল। আনকি আৰু এটা ভায়েক আছে বুলিয়ো কোৱা নাছিল। ঘৰৰ সকলোৰে ফুৰ্তি¸ ভাল দৰা এটা পাইছে। হব লগা ভিনিহিয়েকক চাবলৈ সি ভিতৰৰ পৰা ওলাই আহিছিল। ইতিমধ্যে দিনবাৰ ঠিক হৈছিল। দৰাই কইনাৰ আঙুঠিৰ জোখ নিবলৈ আহিছিল। তাক দেখি দৰা যি গল আৰু নাহিলেই। বিয়াখন ভঙা বাবে ঘৰৰ সকলোৱে তাক দোষাৰোপ কৰিলে। গালি পাৰিলে¸ মাৰিলে। সি সেইদিনা চিঞৰি চিঞৰি কান্দিছিল। বৰ আঘাট পাইছিল সি মনত। সেইটো বেমাৰত সি নমৰে। সেইদিনা ৰাতিয়েই ঘৰৰ সমুখৰ ডাঙৰ বৰগছ জোপাত চিপ লৈছিল সি।
’’মোৰ সমাধিত নুৰুবা ফুল
এটুপিও চকুলো নুটুকিবা¸
এটি মিঠা হাঁহিৰেই দিয়া শেষ বিদায়।
মই আকৌ আহিম মানুহৰ মাজলৈ
দিলো প্ৰতিশ্ৰুতি
মই মুকুল মই মুকুল।’’

      চুইছাইড নোটতো এনেকৈয়ে লিখি গৈছিল সি। -কৈ থাকোতেই মানুহজনৰ গাটো জিকাৰ খাই উঠিল। ভবেনৰো।
: লৰাটো অলপ অঁকৰাও আছিল। তাৰ আত্মাই মুক্তি নাপালে। এতিয়াও সংগী বিচাৰি ঘুৰি ফুৰে। জীয়াই থাকোতেও পুখুৰীটোৰ পাৰতে খেলিছিল¸ বৰশী বাইছিল। আজিকালি মণ্ডলহঁতে তাত মাছ জীয়াবলৈয়ে এৰিলে।
- কৈ বৰদেউতাই আকৌ এবাৰ হুমুনিয়াহ কাঢ়িলে।
মুকুলৰ প্ৰতি দুখেৰে মনটো ভৰি পৰিল ভবেনৰ। তাৰ আত্মাই সোনকালে মুক্তি পাওক। কিন্তু সেইবুলি সি সংগী হব নোখোজে। বেজে অলপ আগতে কোৱা কথাষাৰ মনত পৰি গাটো সিঁয়ৰি উঠে তাৰ। ভবেনে ঠিক কৰিলে। সি ইয়াৰ পৰা যাবগৈ। লিভ লৈ ট্ৰেঞ্চফাৰৰ বাবে চেষ্টা এটা কৰিব। নহলেও নাই¸ তাৰ একাডেমিক কেৰিয়াৰ ভাল। কৰবাত নহয় কৰবাত চাঞ্চ পাবই। বিশ্বাস আছে তাৰ। কিন্তু জীবনক লৈ ৰিস্ক লব নোৱাৰি। জীবন বহু মুল্যবান। এপ্লিকেচনখন লিখিবলৈ নিজৰ ৰুমত সোমাল সি।।
********

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib