আজি এটা নতুন কাহিনী কম। সঁচা নে মিছা আপোনালোকে বিবেচনা কৰিব। বাস্তববাদী মানুহৰ বিশ্বাসৰ ধাৰণাতো গঢ় লৈ উঠে তথ্য প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি। কেতিয়াবা কিছুমান কথা আনক প্ৰমাণ কৰি দিব পৰা নাযায়। মাথো নিজে প্ৰমাণ পোৱা যায়। ভুত মই বিশ্বাস কৰো¸ দেখিছো। অশৰীৰি অস্তিত্ব আছে।
কিন্তু কাকো জোৰ নকৰো। বিশ্বাস অবিশ্বাস সকলোৰে নিজৰ ব্যক্তিগত।
---------------------

গড়কাপ্তানি পথটো সিমান ভাল নহয়! ঠায়ে ঠায়ে গাঁত আৰু জোঙা শিল। চহৰৰ পৰা আধামানলৈহে পকী হৈছে পথটো। লাহে লাহে জপিয়াই জপিয়াই আগবাঢ়িছে আমাৰ বাইকখন। বাইকখন আগবঢ়াৰ লগেলগে দুই এটা শিলগুটি চিটিকি পৰিছে। আন্ধাৰ হৈ আহিছে। কেনেবাকৈ পৰিবলৈ হলে গাৰ এবখলা যাবগৈ। আজিৰ দিনতো ইমান পিছপৰা ঠাই থাকেনে!
টিলিঙা বজাই বজাই কেইজনমান চাইকেল আৰোহী পাৰ হৈ গল।
সাঁজ লাগিছে ইতিমধ্যে। দুৰৰ পৰাই দেখিছো গাঁওখনৰ পৰা ধিমিক ধামাক পোহৰ চকুত পৰিছে। জনবসতি খুউব পাতল। গৰকাপ্তানি পথটোৰ দুয়োকাষে বিস্তিৰ্ণ সেউজীয়া পথাৰ। অলপ দুৰ গৈ কেঁচা আলিটোৰে সোমাই গলো। কাষতে এখন পাঠশালা স্কুল আৰু জৰাজীৰ্ণ অবস্হাৰ সংস্কৃত টোল। পথটোৰ অবস্হাও তথৈবচ। চাগে আগদিনা বৰষুণ গৈছিল। ঠায়ে ঠায়ে বোকা।

: দিগন্ত¸ নামি দিও নেকি?
- পথৰ দুৰবস্হা দেখি বাইকখন ৰখোৱাত সুধিলো তাক।
: নালাগে দে। এনেকৈয়ে লাহে লাহে গৈ থাকিম।
- কৈ লাহেকৈ বাইকখন চলালে সি। খুউব সম্ভব এক নম্বৰ গিয়েৰত আছে। পালচাৰ বাইকখন আগবাঢ়িব খোজা নাই। এনেও এই ৰাষ্টাত খুপি খুপি খোজ কাঢ়িলেও বোকা পিঠিলৈকে চিটিকি পৰাকৈ স্বাভাবিক।

: পল¸ ভৰি অলপ ডাঙিবি।
- সি কৈ উঠিল। পথৰ সমুখৰ দ অংশত অলপ বোকাপানী। দুয়োখন ভৰি উপৰলৈ দাঙি দিলো¸ সিয়ো দিলে। তথাপিও অলপ চিটিকনি পেন্টত লাগিলহি।

এটা বিশেষ কামত আমি এই ভিতৰুৱা গাঁওখনলৈ আহিছো। বন্ধু টিভি চেনেল এটাৰ ৰিপ’ৰ্টাৰ আৰু মই এজন পাৰ্ট টাইম লেখক। খবৰৰ সমল আৰু প্লট বিচাৰি ফুৰো আমি যতে ততে। আমি সকলো এন জি অ’ এটাৰ সদষ্য। কিছুদিন আগতে দীপক পৰিস্হিতি এটাৰ মুখামুখি হৈছিল। কথাটোৱে অলপ ৰহস্যৰ সৃষ্টি কৰিছিল।
স্কুলখনৰ পৰা অলপ সোমাই গৈয়েই মুহিধৰকাইৰ ঘৰ। প্ৰায় আদহীয়া লোকজনে আমাৰ ফাৰ্মখন চোৱাচিতা কৰে। অলপ আগতে তেও আহি পাইছিলহি। আমাক দেখি অলপ আচৰিত হল। পৰহি দীপক গৈছিলহে।
আমাৰ উদ্দেশ্যৰ কথাশুনি তেও অলপ সিঁয়ৰি উঠিল।
: বাপা¸ কথাটো ভাল নহব নেকি?
: একো নহয় ককাই। আমি সাজু হৈয়ে আহিছো।
- কৈ উঠিলো।
: বাপা¸ কথাটো ভাল নহব নেকি?
: একো নহয় ককাই। আমি সাজু হৈয়ে আহিছো।
- কৈ উঠিলো।
ৰাণাচাহাবৰ ঘৰটো অলপ জঁয়াল। ওচৰে পাজৰে আৰু মানুহৰ ঘৰ নাই। যিকেইটা কেঁচাঘৰ আছিল¸ ভাঙি চিঙি নিশ্চিহ্ন হল। কিছুবছৰ আগলৈ কেয়াৰটেকাৰ এজন ৰাখিছিল। নেপালী লৰাটোৰ আকস্মিক মৃত্যুৰ পিছত আৰু নতুনকৈ কোনেও থাকিব নিবিচৰা হল। ঘৰটোত অশৰীৰিৰ অস্তিত্ব আছে হেনো। ৰাতি ৰাতি কোনাবাই চিঞৰে¸ কান্দে।
ভিতৰুৱা অঞ্চল সমুহত এনে কাহিনী সুলভ। অলপ জঁয়াল যেন ঠাই হলেই বিভিন্ন উপ কাহিনীৰ সৃষ্টি হয়।

সেইদিনা দীপক আৰু অমৃত গৈছিল। প্ৰায়েই ৰাতিপুৱাই গৈ সন্ধিয়া ঘুৰি আহে। কিন্তু সেইদিনা দুপৰীয়াৰ পৰাই ধাৰসাৰ নেৰানেপেৰা বৰষুণ। কোনোপধ্যেই উভতিব নোৱাৰিলে সিঁহতে। ৰাতি ৰায়চাহাবৰ ঘৰটোতে থাকিল দুয়ো। দুয়ো সাহসী যুবক। ভয় ভীত নাই। ফাৰ্মৰ কেয়াৰটেকাৰ মুহিধৰকাই বাধা দিছিল। ৰাতিটো যেনেতেনে তেওৰ ঘৰতে থাকিবলৈ দিছিল। তেঁওৰ ঘৰটোও সৰু। আনক অসুবিধা দিবলৈ ইচ্ছা নকৰি ৰায়চাহাবৰ ঘৰটোলৈকে আহিল।
ৰাতি এক বজাত বৰষুণত জুৰুলি জুপুৰি দৌৰি ভয়তে মুহিধৰকাৰ ঘৰ পাইছিলহি। তাৰ পৰাই ফোন কৰিছিল।

কথাটো শুনাৰ পৰাই অনুসন্ধিৎসু হৈ পৰিছো দুয়ো। কিবা সম্ভেদ পালেই দিগন্তৰ কামত আহিব। অশৰীৰি অস্তিত্বক ময়ো বিশ্বাস কৰো। চেগা চোৰোগাকৈ চায়াময়া লগ পালেও ভালকৈ আজিও একো পোৱা নাই।
মুহিধৰকাইক বুজাই মেলি দুয়ো ৰাণাচাহাবৰ ঘৰ পালোহি।
নৈৰ পাৰৰ তেঁওলোকৰ মাটিতেই আমি ফাৰ্ম খুলিছো।
নৈপৰীয়া পলসুৱা মাটিখিনি বৰ সাৰুৱা। খোজ মাৰি থলেই গজি উঠে। চহৰৰ পৰা প্ৰায় আঠ কি:মি: ভিতৰৰ ঠাইখিনি বৰ পিছপৰা। কেইবাবছৰো আগতে নদন বদন সুন্দৰ গাঁও এখন আছিল সেয়া। এতিয়া নাই। নৈখন কাষ চাপি আহিছে। গাঁওখন যেন ভগনীয়া। সৰহ মানুহেই গাঁও এৰি চহৰমুখী হল। কেইঘৰমান মহানগৰীৰ বাসিন্দা হল। প্ৰায় ডেৰশঘৰ মান বাসিন্দাৰ গাঁওখনত এতিয়া মাথো ত্ৰিশটামান পৰিয়ালহে আছে। বাহিৰলৈ ওলাই অহাৰ সুবিধা নাপায়।

নৈখন আগতে দুৰত আছিল। ক্ৰমাত যেন কাষচাপি আহিছে পাগলদিয়া নৈখন। মানুহে কয় পাগলদিয়া পাগল নৈ। যেনি মন যায় বৈ যায়। ওচৰতে বিশাল মঠাউৰিটো। মঠাউৰিৰ কাষৰ পৰাই গাঁওখন আৰম্ভ হৈছিল। এসময়ত মঠাউৰিটোৰ ওপৰত সৰু সৰু লৰা ছোৱালীবোৰে খেলিছিল। বয়সীয়া সকলে জিৰণি লৈছিল। গাভৰু জীয়ৰী বোৱাৰী সন্ধিয়া ফুৰিছিল। গাঁওখনৰ কাষেৰে যোৱা মঠাউৰিটোৰে নলবাৰী চহৰ ওলাবগৈ পাৰি। দুৰৰ পৰা অহা মানুহে চ’কেৰে নগৈ আগতে মঠাউৰিৰি ওপৰেৰেই চমুবাট লৈছিল। সেয়া এতিয়া অতীত।
একবিংশ শতিকাৰ উন্নয়নেও যেন ঠাইখনক চুব পৰা নাই। দিনে দিনে যেন ঠাইখিনি পিছলৈহে ঘুৰি গৈছে। সৰহ ভাগ গৃহই জহি খহি গৈছে। নৈখনে খেদিছে। বিশেষ একো সা সুবিধা নাই। কৰ্মৰ সংস্হাপনৰ সন্ধানত চহৰমুখী হোৱা যুবকে উভতিব নোখোজে। একোৱে সুবিধা নাই গাঁওখনত। এপেকেট বিস্কুট কিনিবলৈকো কমলাৰ চকলৈ দুই কি:মি: যাব লাগে। এজাক বৰষুণতে এআঠু বোকা হয়।
মঠাউৰিৰ পৰা এশকি:মি: ভিতৰতেই প্ৰকাণ্ড চৌহদটো। ওচৰ পাজৰৰ ঘৰবোৰ নিশ্চিহ্ন হলেও সেইখন ঘৰ এতিয়াও সগৌৰবে ৰৈ আছে। প্ৰকাণ্ড চোতালখনৰ চাৰিওফালে চাৰিটা প্ৰকাণ্ড পকীঘৰ। সমুখত এটা পৰিত্যক্ত পুখুৰী। হয়তো এসময়ত মাছ জীয়াইছিল। এতিয়া গছৰ পাত¸ বাঁহৰ পাতেৰে পুখুৰীটো লেতেৰা হৈ পৰিছে। পানীবোৰ সেউজীয়া¸ কলা হৈ পৰিছে। ঘৰটোৰ কাষতে এখন চা নেদেখা বাঁহনি। জাতি বাঁহ¸ ভলুকা বাঁহৰ আগলিৰে চোতালখন ঘেৰি ধৰিছে। বিশবছৰমান আগলৈ ঘৰখন এপাল মানুহেৰে ভৰি আছিল। আধুনিকতাই হাতবাউলি তেওলোকক চহৰলৈ মাতি নিলে।
মথাউৰিৰ পাৰৰ পৰা স্কুললৈ প্ৰায় এক কি:মি: মান গাঁওখন নিশ্চিহ্ন। মাথো তিনিশ মিটাৰ আঁতৰৰ আনটো ফালে দলঙৰ ওচৰত তিনিঘৰমান মানুহ আছে। হলেও তেওলোকে গাঁওৰ মাজেৰে নহয়¸ দলঙৰ কাষেৰেহে অহাযোৱা কৰে।

আমি এনেকুৱা পৰিত্যক্ত ঠায়েই বিচাৰি আছিলো। বৰভিঠা¸ পিপলিবাৰী¸ বৰ্নিবাৰীতো খবৰ পাইছিলো। সুবিধাহে নহল। কোনো চৰকাৰী সাহায্য নোলোৱাকৈ আমি কাম আৰম্ভ কৰিছিলো। পিছলৈ কি হয় দেখা যাব। আটাইকেইটা কৰ্মঠ যুবক। আমাৰ এনি জি অ’ৰ চেক্ৰেটাৰী প্ৰশান্তদাৰ খুড়াক এজনে কৈছিল ৰাণাচাহাবৰ কথা। প্ৰায় ষোল্ল বিঘা মাটি সামান্য মুল্যত দহ বছৰৰ বাবে লিজত দিবলৈ সন্মত হৈছিল তেও।
নৈৰ পাৰৰ চন পৰা মাটি¸ অলপ পইচা পালেই যথেষ্ট।
আচলতে মানুহজনৰ নাম ৰাণা। তেখেতৰ চাহাবী ধঙৰ বাবেই হয়তো মানুহে ৰাণাচাহাব বুলিছিল। আগৰ গাঁওবোৰযে নহয়। নানানটা এনে আখ্যানেৰে সকলো ঠাই ভৰি আছে।

এনেয়ে চন পৰি থকা মাটিত আমি ফাৰ্ম কৰিব খুজিছো। চৰকাৰী সাহায্য পাও নাপায় পিছৰ কথা। নিজে স্বাবলম্বী হৈয়ো আদৰ্শ দেখুৱাব পাৰিম। ইতিমধ্যে এগ্ৰীমেন্ট হৈ গৈছে। কল আৰু নেমুটেঙাৰ খেতি কৰিবলৈ আমি সিদ্ধান্ত লৈছো। বৰ্তমান দুয়োটা বস্তুৰে দিমাণ্ড আছে। ৰাণাচাহাবৰ ঘৰটোও আমাক ব্যবহাৰ কৰিবলৈ অনুমতি দিছে। প্ৰয়োজনহে নহয়। অামাৰ লৰাবোৰ ৰাতিপুৱাই হৈ সন্ধিয়া ঘুৰি আহে। মুহিধৰকাইতো নিজৰ ঘৰতে থাকে।
নেমুৰ কলম ইতিমধ্যে দিয়া হৈছে। মালভোগ¸ জাহাজী¸ মনোহৰ আদি উন্নত জাতৰ কলপুলি ৰোৱা হৈছে। পালপাতি আমাৰ এন জি অ’ৰ লৰাবোৰ কাম কৰে। চোৱাচিতা কৰিবৰ বাবে স্হানীয় মানুহ এজনক নিয়োগ কৰিছে। সেইখনগাঁওতেই ঘৰ তেওৰ। হাইৱেৰ ওচৰত ঘৰটো। ঘৰত সৰু লৰা-ছোৱালী এহাল আৰু ঘৈনীয়েকজনী। দিনতো কাম কৰি ৰাতিলৈ সন্ধিয়া ঘৰলৈ আহে
সপ্তাহত দুদিনকৈ আমাৰ লৰা যায় চাবলৈ। মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল এটাত দুগ্ধ উন্নয়ন ফাৰ্ম এখন খুলিছো আমি। ভালেই চলিছে। আমাৰ এন জি অ’ৰ আটাইকেইজনে শিক্ষিত যুবক। চাকৰী বিচাৰি হাবাথুৰী নাখায় কৃষিকৰ্মতে হাত দিছো। আমি সুখী।

ৰাণাচাহাবৰ ঘৰৰ পিছফালে এখন স্মশান। মাজে মাজে নিজে নিজে জুই জ্বলি উঠে হেনো। ভয়তে সন্ধিয়া কোনো নৈৰ পাৰলৈ সেইফালে নাহে। আমি জানো সেয়া ভুত নহয়। মাজে সময়ে মিথেন গেছ উৎপত্তি হৈ জ্বলি উঠে। নৈৰ পাৰৰ মঠাউৰিটোত ফেৰফেৰীয়া বতাহ এজাক বলি থাকে।
নিশা ইতিমধ্যে গভীৰ হৈ আহিছে। আমি দুয়ো সাজু। দিগন্তই কেমেৰা সাজু কৰিছে। কিবাকিবি শব্দ আহিছে। যেন কোনোবাই বাৰীৰ ফালৰ পৰা উচুপি উঠিছে। হয়তে ঘৰৰ চালখন যেন কপি উঠিল। কোনোবাই যেন বগুৱা বাই গৈছে। ঘৰটোত কাৰেন্টৰ ব্যবস্হা নাই। বিদ্যুৎ সংযোগ কৰ্তন হৈ আছে। চাগে বহুদিন বিল দিয়া নাই। কেইবছৰমান আগতে কেয়াৰটেকাৰ নেপালী লৰাটোৰ আকস্মিক মৃত্যু হৈছিল। ডেকা লৰা¸ একো বেমাৰ আজাৰ নাছিল। মানুহে কয়¸ ভুতে ডিঙি চেপি মৰা বুলি। দহবছৰমান আগতে ঘৰটোৰ পিছফালে মথাউৰিৰ ওপৰত লৰা এটাৰ মৃতদেহ পৰি আছিল। দোকামোকালিত কোনোবাই গুলীয়াই হত্যা কৰি পেলাই থৈ গৈছিল। মৃত যুবকজন অচিনাকী¸ উজনিৰ লৰা। নিষিদ্ধ ঘোষিত সংগঠনটোৰ সদষ্যজনক কিবা গোপন কাৰণত সতীৰ্থই হত্যা কৰি পেলাই থৈ গৈছিল। বৰ অশান্তিৰ দিন আছিল সেইবোৰ। সামৰিক বাহিনীৰ সন্ত্ৰাস দমণৰ নামত সাধাৰণ জনতা সন্ত্ৰস্ত হৈ আছিল। ডেকা লৰাবোৰে গাঁও এৰি চহৰলৈ গুছি গৈছিল। যিকোনো মুহুৰ্ততে সন্দেহতে অত্যাচাৰ কৰে। গাভৰু জীয়ৰী¸ বোৱাৰীবোৰ ভয়ত কপি আছিল। গাঁওৰ মানুহে বিশ্বাস কৰে সেই যুবকজনৰ আত্মাই ৰাতি ইয়াত বিচৰণ কৰে।

: পল¸ কথাবোৰ সঁচা নেকি?
- মোৰ হাতখনত খামুচি ধৰিলে দিগন্তই। আচৰিত শব্দ কিছুমান আহিছে। অশৰীৰিৰ উপস্হিতি অনুভব কৰিছো। এনে লাগিছে যেন¸ যিকোনো মুহুৰ্ততে কোঠালিত ধুমুহা বলিব¸ কিবা সোমাই আহিব। লেমতো নুমাই যাব। তিনি বেটাৰীৰ টৰ্চটো খামুচি ধৰিছো। ভালেমান সময় গল। এতিয়াও ৰৈ ৰৈ শব্দবোৰ আহি আছে। কোনোবাই যেন মঠাউৰিৰ ফালৰ পৰা বুকু ভাঙি যোৱাকৈ উচুপি উঠিছে। কাষৰ কোঠালিত যেন কোনোবাই ঘনঘনকৈ উশাহ লৈছে। যেন কোনোবাই ট টকৈ চাই আছে। অলপ উৎসুক হৈ পৰিছো। ভয়ো লাগিছে। অথচ একো দেখাও নাই। দিগন্তও অধৈৰ্য্য হৈ পৰিছে। শব্দবোৰক বাদ দি একো ফুটেজ লব পৰা নাই।

: দিগন্ত¸
- লাহেকৈ মাতিলো। সি বুজিলে।
: বল¸
- কেমেৰাটো হাতত লৈ আনখন হাতত টৰ্চটো লৈ বাহিৰ ওলাল। বাৰীৰ ফালৰ পৰা ভয়ংকৰ শব্দ কিছুমান ভাহি আহিছে। বুকু কপি উঠিছে। তথাপি বুকু ডাঠ কৰি ওলাই আহিলো। সোঁহাতৰ ঠুমুৰীখন জোৰোৰে খামুচি ধৰিছো। এনেবোৰ ঠাইত অকলশৰে থাকিলে যিকোনো অস্ৰ হাতত লাগেই। কবতো নোৱাৰি বিপদ কৰ পৰা আহে!

জোনাক নিশা। হয়তো অষ্টমী বা নবমী। প্ৰকাণ্ড চোতালখনত ওখ বাঁহ¸ গছৰ ছা পৰিছে। চোতালৰ মাজেৰে দুয়ো সাবধানে আগবাঢ়িছো। এপাকত ৰৈ যাব বাধ্য হৈ গলো। দিগন্তলৈ চালো¸ স্হিৰ দৃষ্টিৰে সি একেথৰে চাই আছে। কেমেৰাৰে শ্বুট কৰিব পাহৰি সি ৰৈ আছে। হয়তো ভয় খাইছে। হতভম্ব হৈ পৰিছে। একমুহুৰ্তৰ বাবে মোৰো বুকুখন কপি উঠিল। যেন বাগৰি পৰি যাম। স্পষ্টকৈ দেখিছো¸ বগা কিবা এটা খোজকাঢ়িছে। ভৰি দুখন মাটিত লগা নাই। মানুহজনে আমাৰফালে চোৱা নাই।
যাহ¸ যি হয় হব…। অলপ সময় ৰৈ ঘপকৈ টৰ্চটো মাৰি দিলো। বগা ছায়ামুৰ্তিটো কপি উঠিল। দিগন্তলৈ চালো¸ সি মোৰ ফালে চাইছে। কাৰো মুখত মাত নাই। অলপ ৰৈ দুয়ো বাৰীৰ ফালে গলো। শব্দটো আহিয়ে আছে হুড হুড হুড হুড। কম ধাতুৱা মানুহৰ চাগে ঠাইতে জিউ গলহেতেন। ইষ্ট দেবতাক স্মৰণ কৰি মৰ সাহস কৰি দুয়ো আগবাঢ়ি গলো। বতাহ বলি আছে। বাঁহৰ আগলিবোৰ লৰি আছে। সন্দেহবশত ইটাৰ চপৰা এটা বুটলি সৰ্বশক্তিৰে দলিয়াই দিলো। ধপধপাই কিবা এটা উৰি গল। হোঁহোৱাই হাঁহি উঠিলো মই। দিগন্তয়ো হাঁহি উঠিল। ইতিমধ্যে ফুটেজ কিছু শ্বুট কৰিছে সি।

: ঐ¸ এইবোৰ চব মিছা জান। মানুহে ভয়তে এনেয়ে কয়।
: তেনে যেনেই লাগিছে। পিছে একো নাপালে কষ্টবোৰ এনেয়ে যাব অ’।
- হোঁহোৱাই হাঁহি উঠিল সি। অলপ আগতে পথাৰত নতুনকৈ দিয়া বেহাৰৰ চৌত চাৰ্ট পেন্ট পিন্ধোৱাতো দেখিয়েই চক খাইছিলো আমি। বতাহত কপি উঠিছিল ছায়ামুৰ্তিটো। বাঁহৰ চোপাৰ মাজত সেয়া সেইটো বকৰা হুডু। নিশা হলেই সেইটোৱে জোৰেৰে হুড হুড কৰে। ইতিমধ্যে ভালেখিনি ভয় কমিছে আমাৰ। বুজিছো¸ একোৱে নাপাম।
পিছফালে বাঁহৰ আগলি বতাহত কপি ঘৰৰ চালত ঘঁহনি খাওতে বাঁহ লোৱা চৰাইৰ বাঁহৰ ভিতৰত থকা পোৱালিকেইটাই কোঢ়াল কৰে¸ সেয়াই কাৰোবাৰ কান্দোন যেন লাগে। চিলিঙত কেঁকো কেইটামানে বাঁহ লৈছে। ৰাতি হলে সেইকেইটাই দৌৰাদৌৰি কৰে। হাঁহি হাঁহি পেট বিষাই যোৱাৰ উপক্ৰম হল দুয়োৰে।

এটা ৰসাল ৰাতিৰ অভিজ্ঞতালৈ দুয়ো উভতি আহিলো। লাজত দীপকৰ মাত নাই। এনেয়েহে বাহিৰত সাহসী দেখুৱাই থাকে¸ ভিতৰি মষ্ট ভয়াতুৰ।
কিন্তু মুহিধৰকাহঁতে এতিয়াও বিশ্বাস কৰে। মানিব নোখোজে আমাৰ কথাবোৰ। থাকক¸ আমাৰ কি লোকচান!
অশৰীৰি বিশ্বাস কৰো। কিন্তু আচলতে অশৰীৰিৰ একো অস্তিত্বই নাছিল ঘৰটোত। মিছায়েই মানুহবোৰে উৰাবাতৰি উলিয়াইছিল। হয়তো অত্যাধিক মদখাই নেপালী কেয়াৰটেকাৰৰ হাৰ্ট এটাক কৰিছিল। কথাবোৰ অলপ গণ্ডগোলীয়া। পৰিত্যক্ত ঘৰ এটা ভুতবাংলা সজোৱাত কাৰ কি লাভ হৈছিল হয়তো এইটো কাহিনীত কোৱাতো সম্ভব নহব। তাৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব।

0 comments:
Post a Comment