দুদিনমানৰ পৰা গাটো অলপ বেয়া। ভোক নালাগে¸ দুৰ্বল দুৰ্বল লাগে। মাজে মাজে পেচাবো জ্বলা-পোৰা কৰে। খোৱাৰ একো নিৰ্দিষ্ট সময় নাই নহয়। বেপাৰী মানুহ¸ বেছিভাগ দিনটো ঘুৰি ফুৰোতেই যায়। যিহে উৎকট গৰম। ৰ’দটো মুৰৰ ওপৰত লৈ টলৌ টলৌকৈ ঘুৰা জনেহে বুজে যন্ত্ৰনা। পাৰাৰ ঘৰ ৩৮ পাইছেহি। জুলাই মাহতো আছেই। ফিল্ডত নদৌৰিলেও নহয়¸ খাবলৈ নাপাও। সাতে পাচে মিলি জন্দিছ¸ হেপাপাইটিছ নহলেই হল। ইফালে গেচট্ৰিকটোও চিৰ লগৰী নহয়। নাইনত পঢ়ি থাকোতেই শৰীৰত যি বাঁহ ললে আৰু ওলোৱাৰ নামেই নললে। নহবনো কিয়¸ যিহে ৰাক্ষস স্বভাব মোৰ। যতে যি পাও যেনেকৈয়ে নহওক পেটতো ভৰালেই হল। অত্যাধিক মছলা¸ ফাষ্টফুড খাই পেটতো ৰুগীয়া কৰিলো। আকৌ নাখালেও নহয়¸ ভোক সহ্য কৰিব নোৱাৰো। কিন্তু বেমাৰত পৰি থাকিবও নোৱাৰো। নহলে লঘোণে থাকিব লাগিব এদিন।
শণিবাৰে ৰাতিপুৱা সময় অলপ উলিয়াই ওলালো। ৰুটিন চেকআপ কৰিব লাগে। বন্ধু শশাংক লোকেল পি এইচ চি খনৰ ডাক্টৰ। হাঁহিমুখীয়া বগা ডাক্টৰৰ ওচৰত পেচেন্টৰ সদায়ে ভীৰ। মোক দুৰৰ পৰাই দেখি সি মিচিকিয়াই হাঁহি এটা মাৰিলে। ময়ো হাঁহি এটা মাৰি এচুকৰ দীঘল ৰোগী বহা বেঞ্চখনত ঠাই এচিকুট উলিয়াই বহি ললো। শণিবাৰ হলেও পেচেন্টে ঠাহখাই ধৰিছে। হস্পিতালখনত আৰু এজন আয়ুৰ্বেদিক ডক্টৰ বহে যদিও জেনেৰেল প্ৰেক্টিচনাৰজনৰ ওচৰতহে পেচেন্টৰ ভীৰ বেছি হয়। ডেকা ডক্টৰজনৰ মোহনীয়া হাঁহিতেই যেন বহু পেচেন্টৰ বেমাৰ ভাল হয়। কথাটো এদিন কোনোবা এজনে কৈছিল।
আনকালে হস্পিতাললৈ আহিলে মুখ জপাই নাৰাখো যদিও আজি কবলৈ মন নগল। ভালেখিনি পেচেন্ট আছে। যাওক¸ সকলো খালী হলেই ভালকৈ চেকআপটো কৰাই কথা পাতিম। শণিবাৰ যেতিয়া মোৰো অলপ ব্যস্ততা কম। পাবলগীয়া চেকখন আগদিনাই ৰাতি নবজালৈ ৰৈ কোনোমতে আনিছো। গতিকে আজি চেকেণ্ড চেটাৰডেত অফিচ পিছবেলা খুলিলেও কথা নাই।

শশাংকলৈ চালো¸ সি একান্তমতে প্ৰেচক্ৰিপচন লিখিছে। সমুখত এজনী ধুনীয়া ছোৱালী। হয়তো কোনোবা স্কুল কলেজত নতুনকৈ সোমোৱা শিক্ষয়িত্ৰী। ধুনীয়া ছোৱালীজনীৰ গাৰ পৰা অহা পাৰফিউমৰ গোন্ধতো নাকত লাগিছে। এই গোন্ধটোৱেযে মোৰ ডক্টৰ বন্ধুকো চঞ্চল কৰি তুলিছে সেয়া খাটাং। গাম্ভীৰ্য্যৰে সি তাইৰ প্ৰেচাৰ চেক কৰিছে। নাচাও বুলিয়ো সি বাৰে বাৰে তাইৰ চকুলৈ চাইছে। মোৰ হাঁহি উঠিল। ডক্টৰ হলেও সিয়ো এটা ডেকা লৰাহে।
পঢ়ি থকা দিনত সি কোনোদিনেই গাৰ্লফ্ৰেণ্ড এজনী গোটাব নোৱাৰিলে। সকলো ছোৱালীয়ে তাৰ বা আৰু ভন্টি। হয়তো সহজ সৰল¸ লাজকুৰীয়া লৰাজনক সকলো ছোৱালীয়ে বন্ধু বা ভাইটি হিচাপেহে বিচাৰে। হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থাকোতেই সি নিশিতাৰ প্ৰেমত পৰিছিল। তাইৰ কথা ভাবি উজাগৰী নিশাবোৰ পাৰ কৰিছিল। নিতৌ এখনকৈ চিঠি লিখি ফালিছিল। কবহে নোৱাৰিলে কোনোদিন। মেডিকেল কলেজত যোৱাৰ পিছত আৰু বেছি খবৰ নাপাও। তথাপিও যিখিনো বুজো¸ চাগে সি সলনি নহল। যুবতীক ভনী পাতি লোৱা স্বভাবটোৰ বাবে কোনেও চাগে তাক সেইৰূপত নাভাবে। হয়তো তাৰ বাবেই সি জনপ্ৰিয়। আৰু ৰাফ এন টাফ আমিবোৰ গুৰু গোসাই নমনা হিচাপেই চিহ্নিত হলো। হলেও মই সুখী¸ সিয়ো সুখী।

: ডাক্টৰ¸ তামাম বিজি দেখিছো।
: দেখিছাই নহয় ভাই। গৰমত বেমাৰ বাঢ়িছে।
- হাঁহি মাৰি কলে সি।
: মোৰ বি পিটো চাই দিয়াচোন।
- অসুবিধাখিনি কৈ তাৰ সমুখৰ চকীখনতে বহিলো। ব্লাড প্ৰেচাৰ ঠিকেই আছিল। মাথো গেচ্ট্ৰিক¸ হজমিৰ টেবলেট কেইটামান দিলে সি। অলপ আগতে এম আৰ এজনে দি গৈছিল।

: পিছে ডক্টৰ¸ ধুনীয়া যুবতী পেচেন্ট দেখিলে বৰ মনোযোগেৰে চোৱা দেখিছো।
- মোৰ ধেমালি আৰম্ভ হল। কোঠাটোত এতিয়া দুয়ো। বেলেগ পেচেন্ট নাই। লাজকুৰীয়া হাঁহি এটা মাৰিলে সি।
- মোৰ ধেমালি আৰম্ভ হল। কোঠাটোত এতিয়া দুয়ো। বেলেগ পেচেন্ট নাই। লাজকুৰীয়া হাঁহি এটা মাৰিলে সি।
: জমনি এটা শুনানা।
- সি আৰম্ভ কৰিলে।
: যোৱাকালি পেচেন্ট এটা পালো। দিনদুপৰতে মদখাই আহিছিল। ইফালে জ্বৰ। আগদিনা আহোতে ঠাণ্ডা খাবলৈ হাক দিছিলো। সেয়ে এই ব্যবস্হা।
- দুয়ো হো হোৱাই হাঁহি উঠিলো। কি যে হব নহয়!
- সি আৰম্ভ কৰিলে।
: যোৱাকালি পেচেন্ট এটা পালো। দিনদুপৰতে মদখাই আহিছিল। ইফালে জ্বৰ। আগদিনা আহোতে ঠাণ্ডা খাবলৈ হাক দিছিলো। সেয়ে এই ব্যবস্হা।
- দুয়ো হো হোৱাই হাঁহি উঠিলো। কি যে হব নহয়!
: হেৰা¸ আজিকালিৰ মানুহৰ নতুনকৈ বেমাৰ এবিধ লাগিছেহে। বিশেষকৈ প্ৰাইভেট চেক্টৰৰ মানুহবোৰৰ বেছিকৈ হয়।
-মোৰ পুৰ্ব অভিজ্ঞতাক সুঁৱৰি আগদিনা আড্ডাত বন্ধু এজনৰ মনোভাবখিনি ব্যক্ত কৰিলো।
-মোৰ পুৰ্ব অভিজ্ঞতাক সুঁৱৰি আগদিনা আড্ডাত বন্ধু এজনৰ মনোভাবখিনি ব্যক্ত কৰিলো।
: টামাম টেনচন হয় বুজিছা ৱৰ্কত।
: মানে ৱৰ্ক ডিজিজ?
- প্ৰশ্নবোধক এটা এৰিলে সি।
: এৰা¸ কি যে বেমাৰবোৰ আহিল নহয়!
স্বগতোক্তি ওলাই আহিল।
: চাৰ কি নতুন বেমাৰ ওলাল আকৌ?
- কম বয়সীয়া নাৰ্চজনী কিবা কামত সোমাই আহিছিল। আমাৰ কথা শুনি আচৰিত হৈ শুধিলে। আজিকালি এনেও নতুন নতুন ভাইৰাছবোৰ আহি আছে।

: নতুন বেমাৰ এটা ওলাইছে অ’ জুৰী।
- "Weekly Overload Recreational Killer"।
- কৃটিম গাম্ভীৰ্য্যৰে শশাংকই কৈ উঠিল। পেটতো বিষাই উঠিল মোৰ। বেছেৰীয়ে চাগে সচা বুলি ভাবিলে।
- "Weekly Overload Recreational Killer"।
- কৃটিম গাম্ভীৰ্য্যৰে শশাংকই কৈ উঠিল। পেটতো বিষাই উঠিল মোৰ। বেছেৰীয়ে চাগে সচা বুলি ভাবিলে।
: ইতিমধ্যে এই বেমাৰে দেশখন ছানি ধৰিছে| এইমছত কামকৰা মোৰ বন্ধু এজনে কলে। দুই এদিনতে চৰকাৰী নিৰ্দেশনা আহেহে লাগে। পিছে আমাৰ মেডিকেল চাইঞ্চো পিছপৰি থকা নাই। বাৰ ফৰ্মুলাৰে ৰোগ নিৰাময়ৰ ব্যবস্হা কৰিছে।
- একেই গাম্ভীৰ্য্যৰে শশাংকই কৈ থাকিল।
: ছাৰ¸ এয়া কেনেকুৱা ছিষ্টেম নো?
- আচৰিত হৈ সুধিলে তাই।
: আমাৰ ডটচ ছিষ্টেমটোৰ দৰে। ট্ৰেইনিং হলে ডিটেইলচ জানিবা। এতিয়া থুলমুলকৈ জানিথোৱা
- সি কৈ থাকিল।
: ছিষ্টেমটো হল¸ "Biological Anxiety Relief"। আৰু কেইটামান মেডিচিনো উলিয়াইছে¸
"Work Isolating Neutralizer Extract"
"Radioactive UnWORK Medicine"
"Bothersome Employer Elimination Rebooter"
"Vaccino Officio Depression Killing Antigen"

: বাপৰে¸ বৰ সাংঘাটিক বেমাৰ দেখোন!
- ভয়তে তাই কোঠাৰ পৰা ওলাই লগৰ কেইজনীক কবলৈ গল! খুকখুকাই হাঁহি উঠিল সি তাই যোৱাৰ ফালে চাই। মই আৰু ৰব নোৱাৰিলো। কোনোমতেহে হাঁহিটো চেপি ৰাখিছো।
শশাংকৰ বাৰ ফৰ্মুলাৰ মেডিচিন¸ ৱাইন¸ ৰাম¸ বিয়েৰ¸ ভডকা…
উস: মোৰ পেটতো বিষাই উঠিছে।

0 comments:
Post a Comment