Now you can Subscribe using RSS

Submit your Email

Sunday, 2 July 2017

চোটু

Unknown

খবৰটো শুনি আচৰিত হৈ পৰিছিল সি। গোপী হাজৰিকাৰ বিধবা বোৱাৰীজনীক বিয়া পাতিলে চোটুৱে। তাইক নি হেনো পাণ্ডুত ৰাখিছেগৈ। ককায়েকৰ তাত। এই দুদিন তাৰ পাৰ্লাৰ বন্ধ।
: চোটুৱে এইটো ভাল কাম নকৰিলে! হাজাৰ হওক তাই অসমীয়া বিধবা। তাতে সি সিঁহতৰ ঘৰতে ভাড়া আছিল।
- মানুহবোৰে কোৱাকুই কৰিছে। চাগে বিহাৰী লৰা হোৱা বাবেহে মানুহবোৰে বেয়া পাইছে। এই দুদিন কষ্ট হৈছে চবৰে। তিনিখন গাঁওৰ মুৰৰ চ’কটোত এখনেই চেলুন।
পলাশো আচৰিত হৈছে। চোটুক সি বেয়া পোৱা নাই। দৰিদ্ৰ ঘৰৰ বোৱাৰীগৰাকীক পুতেক মৰাৰ পিছত ঘৰখনে অত্যাচাৰ কৰা কথাটো সি বহুবাৰ শুনিছে। কম বয়সীয়া যুবতী¸ নতুনকৈ সংসাৰ কৰি ভালেই কৰিছে। মাথো অাকস্মাতে চোটুৰ এই কাণ্ডহে তাৰ হজম হোৱা নাই। দিনটোত প্ৰায়েই কমেও আধাঘন্টা সি চোটুৰ লগত আড্ডা দিয়ে। সুখ দুখৰ কথা পাতে। অথচ এবাৰলৈয়ো তাইক ভালপোৱাৰ কথা সি ঘুনাক্ষৰেও নকলে।
পলাশ আচৰিত হয়। চোটু লৰাটো বেয়া নহয়। বোৱাৰীজনীক চাগে সুখতেই ৰাখিব। আন বিহাৰী সকলৰ দৰে বিয়া কৰাই এৰি গুচি যাব বুলি সি বিশ্বাস নকৰে।
নতুনকৈ চহৰমুখী হোৱা তিনিআলিটোত চোটুৰ জেঞ্চ পাৰ্লাৰখন। বাপেকৰ ভগা চালিৰ চেলুনখন এতিয়া নাই। শ্যামলাল নাপিতৰ তৰ্জা বেৰৰ চেলুনখন এতিয়া অতীত। তাৰ ঠাই ললেহি চোটুৰ জেঞ্চ পাৰ্লাৰখনে। পিলিঙা ডেকা¸ বুঢ়া সকলো তাৰ গ্ৰাহক। সি নহলেই যেন নচলে। ককায়েকক লগ কৰিবলৈ এদিন সি গুৱাহাটীলৈ গলেই মানুহবোৰৰ আপত্তি। চোটু ভাল কাম জানে। তাৰ মুখৰ গল্পবোৰ শুনি শুনি মানুহবোৰে ডাড়ি চুলি কটাই।
তাৰ নাম চোটু কেনেকে হল সেয়া কোনেও নাজানে। বহুত সৰুতে অসমলৈ আহিছিল সি বাপেক¸ ককায়েকহঁতৰ লগত। সেয়া প্ৰায় দহবছৰমান আগৰ কথা। প্ৰায় বাৰ-তেৰ বছৰীয়া লৰাটো গাঁওখনলৈ আহিছিল। বিহাৰী সম্প্ৰদায়ৰ মানুহকেইজনৰ জীবিকা নাপিত। তৰ্জাৰ বেৰেৰে বেৰা সৰু চালিখনত সিঁহতৰ কৰ্মক্ষেত্ৰ। কাঠৰ ভগা চকীখনত বহুৱাই পুৰণি কেঁচীখনেৰে কলাপৰা লেতেৰা ফনিখনেৰে চুলি কাটে। চোটু অহাৰ কেইবাবছৰো আগৰ পৰা চেলুনখন আছিল। বাপেক আৰু ডাঙৰ পুতেক এজনে চলাইছিল। ভাল চলিছিল গাঁওত। আগতে মানুহবোৰ ছয় কি:মি: আঁতৰৰ বিজয়নগৰলৈ যাব লগা হৈছিল। নহলে ঘৰতে কাটিছিল। চেলুনখন হোৱাৰ পিছত গাঁওৰ ডেকা¸ চেঙেলীয়া বোৰ উৎসাহী হৈছিল। গোবিন্দ¸ শ্বাহৰুখ¸ চালমানৰ দিন আছিল সেয়া। কিছুমানে আকৌ সঞ্জয় দত্তৰ দৰে দীঘলকৈ চুলি ৰাখিছিল।
গাঁওখনত ভগা ভগা অসমীয়া কোৱা মাথো তিনিজন লোকেই আছিল তেতিয়া। ৰঘু ধোবী¸ ৰামু মুচি আৰু শ্যামলাল নাপিত। তিনিও প্ৰায় একে সময়তে আহিছিল। কাপোৰ ইস্ত্ৰি কৰিবলৈ সন্ধিয়া ধোবীৰ ঘৰত ভিৰ লাগিছিল। কলেজীয়া ডেকাবোৰে চাৰ্ট পেন্ট খমখমীয়াকৈ ইস্ত্ৰি কৰিছিল। ৰামু মুচিৰ হতুৱাই কলা জোতা পলিচ কৰি চিকচিকিয়া কৰি লৈছিল। সেই সময়ত আধুনিকতাৰ সিমান বা লগা নাছিলতো। গাঁওসমুহত নতুনকৈ বিজুলী বাতিৰ খুটাবোৰ লাগিছিল।
সময়বোৰ বাগৰিল। আধুনিকতাৰ পৰশত গাওৰ নক্সাও সলনি হল। ভগা চালিৰ তলৰ পৰা গ্লাছ লগোৱা ৰুমলৈ শ্যামলালৰ চেলুন আহিল। কাতিহাৰৰ আন্দোলৰ সময়তে ৰঘু ধোবি পলাই গল প্ৰাণৰ মমতাত। কাতিহাৰত অসমীয়াক মাৰিলে সিঁহতক ইয়াত সুদাই নেৰেতো। আৰু সি উভতি নাহিল। ৰামু মুচিও নাহিল। আজিকালি মানুহবোৰে জোতা চেন্দেলত তালি লগাবলৈকে এৰিলে। ফাটিলেই নতুন এযোৰ কিনে। সকলো উন্নত হলতো। আজিকালিৰ লৰাবোৰে স্পৰ্ট শ্বু পিন্ধিব ললে। মুচিৰ লাভ হব কৰপৰা!
সকলো আঁতৰি গলেও শ্যামলাল নাপিত নগল। গাঁওখনত তেওৰ চাহিদা আছে। দিনক দিনে গ্ৰাহক বাঢ়িছেহে। অসমীয়া মানুহে হিন্দীভাষী নাপিতহে ভালপায়। ভগা ভগা অসমীয়াত সি কথা পাতে।
দুজন মানুহে চম্ভালিব নোৱাৰা হৈ আহিছে। গ্ৰাহক বাঢ়িছে। কলেজীয়া লৰাবোৰ প্ৰায়েই আহে। ভাইজান¸ দেবগন¸ খিলাড়ীৰ নতুন চিনেমা ৰিলিজ হোৱাৰ দিনাই চেলুনত ভীৰ কৰেহি। শ্যামলালে বেয়া নাপায়।
এবাৰ দেচৰ পৰা আহোতে চোটুকো লগত লৈ আহিছিল সি। ক্ষীনমীন চেহেৰাৰ ৰবি ঠাকুৰ হৈ পৰিছিল চোটু।
এতিয়া শ্যামলাল নাপিত নাই। বুঢ়া হৈ মৰিল। ককায়েকটোও নাই। কিন্তু চোটু আছে। দুজন নতুন চোটুক আনি চোটুৱে চেলুন চলাইছে। চেলুন নহয় যেন চেমি পাৰ্লাৰহে। চ’কটোতেই চোটুৰ চেলুনখন। চাৰিআলিটো পাৰহৈ অলপ গলেই গাৰ্লচ কলেজখন। দাড়ি চুলি কটা নকটা এজাক পিলিঙাৰে পুৱাৰ ভাগত চোটুৰ চেলুনখন গিজগিজাই থাকে। দাড়ি কাটি থাকিলেও গ্লাছত দুৰৰ পৰাই দেখা পাই ৰাষ্টাৰে যোৱা মানুহবোৰ।
আজিকালি সিয়ো প্ৰায়েই আহে। চোটুৰ চেলুনত বহি ৰাষ্টাৰে যোৱা ছোৱালী চাই থাকে। বয়সেই সেইটো।
তাৰ দোষ্টি হৈ গৈছে একপ্ৰকাৰৰ চোটুৰ লগত। তাতকৈ বয়সত কেইবছৰমান ডাঙৰ চোটু। কিন্তু খীনমীন লৰাটোক তাৰ সমবয়সীয়া যেনেই লাগে। চিক্সৰ পৰা আৰু নপঢ়িলে চোটুৱে। সিঁহতৰ বংশত বেছি পঢ়াৰ পৰম্পৰা নাই। কাম কৰি টকাকেইটা হিচাপ কৰিব জানিলেই হল।
আঠ বছৰমানেই হল চোটু ইয়ালৈ অহা। আজিকালি তাৰ দাড়ি চুলি কাটিলে পইচা নলয় সি। এনেয়ে কাটি দিয়ে বন্ধু হয়তো।
: তেৰা নাম ক্যা হে?
- এদিন চুলি কটাই থাকোতে সি সুধিছিল। ক্লাছ চেভেনত পঢ়ি থাকোতে ভুলে শুদ্ধই হিন্দী কোৱাৰ চখ হৈছিল তেতিয়া। চোটুৱে তাৰ মুখলৈ চাইছিল। কোনেও তাক ভাল নাম সোধা নাছিল। কৈছিল সি।পলাশে তাক চোটু বুলি মতা নাছিল। ভাল নামেৰেই মাতিছিল।
কেইবছৰমান আগতে আমতীৰ সময়ত ঘৰৰ পৰা কঠাল এটা নি খাবলৈ দিছিল তাক। সেয়াই বন্ধুত্বৰ আৰম্ভনি।
: পলভাই¸ আমি দোষ্ট হয় না। পইচা নালগে।
- হাঁহি মাৰি কৈছিল চোটুৱে।
কলেজ শেষ কৰাৰ পিছত লগৰ সকলোবোৰ বিজি হৈ গল। নিজৰ নিজৰ লাইফ লৈ সকলো বিজি। আজিকালি বেছিভাগ সময় চোটুৰ পাৰ্লাৰখনৰ সমুখতে কটাই সি। বাৰাণ্ডাৰ পৰাই ৰাষ্টাৰে যোৱা মানুহবোৰ চাই থাকে। সুখ দুখৰ কথা পাতে। হাড়ে হিমজুৱে অসমীয়া হৈ পৰিছে চোটু। দুই এটা ভঙা অসমীয়া শব্দ কোৱাৰ বাহিৰে চব কথাই বুজি পাই সি। সাধাৰণতে বিহাৰী লৰাবোৰে কম বয়সতে বিয়া কৰালেও পশিচ বছৰ হোৱাৰ পিছতো সি বিয়া পতা নাই। ককায়েকটো গুৱাহাটীত থাকে। লৰা-ছোৱালী ডাঙৰ হৈছে। পাণ্ডুৰ ফালে থাকে। কেতিয়াবা খবৰ কৰিবলৈ যায় সি। দিনটো থাকি সন্ধিয়া উভতি আহে। এদিন এইখন গাঁওতেই বাপেকটো ঢুকাইছিল। এইখন গাঁওৰ স্মশানতেই বাপেকক খৰি দিছিল। এৰাব নোৱাৰা এক টান আছে তাৰ মাটি খিনিৰ প্ৰতি। সি যাব নোৱাৰে।
: পলভাই¸ ভাল আপী এটা পালে ইয়াতে থাকি গলোহেতেন!
- পলাশে হাঁহি দিয়ে তাৰ কথা শুনি।
তাৰ আশাবোৰ যে! এতিয়াও মানুহে অস্পৃশ্য বুলি ভাবে সিঁহতক। অবশ্যে দুখীয়া¸ কোনো কিছু নোহোৱা ঘৰএখনত চপনীয়া হলে কথাটো বেয়া নহয়।
আইদিয়াটো পলাশেই দিছিল তাক। টকা পইছা অলপ গোটাইছে চোটুৱে। পৰিয়াল আৰামত চম্ভালিব পাৰিব।
যোৱা দুদিনৰ পৰা চোটুৰ ম’বাইল অফ। তাৰ লগত কাম কৰা দুজনেও একো নাজানে। কেইবাবাৰো ফোন লগাই নাপালে সি। বেয়াও লাগিল। চোটুই অন্তত তাক কব লাগিছিল। এনেবোৰ কথা ভাবি ভাবি নিজৰ বিচনাখনত উপৰমুৱাকৈ শুই আছিল সি। বেকাৰ লৰাৰ সময়বোৰ নাযায় নুপুৱাই যেন। হঠাতে ফোনটো বাজি উঠিল। স্ক্ৰীণ খনলৈ চাই পৰম উৎসাৰে ধৰিলে সি।
: হেল্ল’ ৰবিভাই¸ কি কৰিলি এইবোৰ?
: বেয়া নাপাবি পলভাই¸ পটকে ডিচিচন লব লাগা হল। তাইক ঘৰৰ মানুহে অত্যাচাৰ কৰি আছিল। মই মাত দিওতে মোৰ লগত জোৰাই দিলে। চাই থাকিব নোৱাৰিলো। তাইক সুধি লৈয়ে আহিলো। ভাইয়াই চাদিৰ কথা কৈ আছে। আজি নহলিও কালিতো একজনীক লাগিল হৈয়ে না। আজি কামাখ্যাত বিয়া পাতিলু। কালিলৈ যাম¸ তহঁতক এৰিব নোৱাৰোতো।
- চোটুৱে কৈ আছিল। পলাশৰ মনটো ভৰি উঠিল। জীবিকাই মানুহক সৰু নকৰে। অশিক্ষিত বিহাৰী লৰাটোৱে যদি কাৰোবাৰ উকা জীবনত ৰং বোলাব খোজে¸ সমাজে আপত্তি কৰাৰ যুক্তি ক’ত!!
কিন্তু কথাবোৰ ভবাৰ দৰে নহয়! মনবোৰো একে নহয়। পলাশে জানে¸ চোটুক দেখিলেই এচামে মাৰিবলৈ খেদি আহিব। হুমুনিয়াহ এটা কাঢ়িলে সি।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib