Now you can Subscribe using RSS

Submit your Email

Sunday 2 July 2017

ৰক্তপিশাচ

Unknown

অন্ধকাৰ কোঠাটোৰ মজিয়াত উবুৰিখাই বহি আছে চাৰিওটা। শণিবাৰৰ ৰাতি। তাতেই অমাবশ্যা। পুৱাৰে পৰা বতৰটো গোমা হৈ আছিল। কিনকিনিয়া বৰষুণ এজাক তেতিয়াও দি আছিল।
সময় চাগে এঘাৰ বাজি গৈছিল। পিছপৰা গাঁওখনত ৰাতি হলেই কাৰেন্ট নাথাকে। নামতে উন্নয়ন হৈছে। চৰকাৰে যিমানেই ঢাক-ঢোল নবজাওক¸ যিমানখিনি লাগিছিল বহুতো অঞ্চল এতিয়াও আগুৱাব পৰা নাই।
সন্ধিয়া আটাইকেইজনে পাইছিলহি। দীপকৰ আইতাকজনী ঢুকাইছিল। তিনিদিন হৈছিল। পিছদিনাহে ঘৰ পাইছিলহি দীপকে। আইতাকক শেষবাৰৰ বাবে দেখা নাপালে। বৰদুখ লাগিছিল তাৰ। আইতাকে তাক বৰ মৰম কৰিছিল।
সীমান্ত¸ ৰক্তিম আৰু নীলয়ে খবৰ লবলৈ আহিছিল। সীমান্ত আৰু ৰক্তিম চহৰৰ লৰা। গাঁও ভ্ৰমনৰ সুযোগ কোনোপধ্যেই এৰিব নোখোজে। কথাটো প্ৰথমে নীলয়েই উলিয়াইছিল। সুখে দুখে বন্ধুক সংগ দিয়াটো সঁচা বন্ধুৰ কৰ্তব্য। ভাৰ্চিটিত একেলগে পঢ়িছিল চাৰিওটাই। এতিয়া সাংসাৰিকো হল¸ অথচ বন্ধুত্ব একেই আছে। যেন বন্ধুত্বৰ মাতাল ৰাগিত চাৰিও নিচাগ্ৰস্হ। মহানগৰীত চাৰিওজনেই প্ৰতিস্হিত।
: তহঁত আজিয়ে আহিলি যে।
- দীপক আচৰিত হৈছিল সিঁহতক দেখি। আগনিশা খবৰ পোৱা বন্ধু পিচদিনা উপস্হিত হোৱাত সি বাৰুকৈয়ে আচৰিত¸ লগতে গৰ্বিতো হৈছিল। তিনিও হাঁহি এটা মাৰিছিল।
ধেমাজীৰ অসম অৰুনাচল সীমান্তৰ এখন ভিতৰুৱা গাঁওত দীপকৰ ঘৰ। পিছফালেই প্ৰকাণ্ড বাৰীখন। প্ৰায় দহবিঘা মাটিৰ বাৰীতো পাৰহলেই এখন প্ৰকাণ্ড পথাৰ¸ এটা জলাশয়। গাঁওখনৰ এমুৰে ঘৰটো। জনবসতিও বৰ পাতল। প্ৰকাণ্ড ভলুকা আৰু জাতিবাঁহৰ আগলি হাউলি আহি লুংলুঙীয়া বাটতো দিনতে আন্ধাৰ কৰি তোলে।
: তঁহতে কি কৈছ এইবোৰ? পাগল হলি নেকি?
- উচপখাই বহাৰ পৰা উঠিছিল দীপক। দুচকুত তাৰ বিস্ময়।
: কুল ডাউন দীপু। ট্ৰাই টু আণ্ডাৰষ্টেণ্ড য়াৰ। মোৰ বিথিকাৰ প্ৰশ্ন জড়িত হৈ আছে।
- ৰক্তিমে হাতযোৰ কৰি কৈ উঠিছিল। কথাবোৰ ভাঙি কলে সি।
: কিন্তু!
- দীপকে এতিয়াও মানি লব পৰা নাই। নীলয়ে লাহেকৈ তাৰ পিঠিত হাতখন দিলে।
: চা দীপু¸ আঁতৰি যোৱাজনটো আৰু কেতিয়াও ঘুৰি নাহে। কিন্তু থকাজনৰ বাবে এবাৰ চেষ্টা কৰাত আপত্তি কত?
- দীপকে নীলয়ৰ মুখলৈ চাই আছিল। কি কব একো ভাবি পোৱা নাছিল। ৰক্তিম উচুপি উঠিছে। অলপ দুৰত সীমান্ত ভাবলেশহীন হৈ বহি আছিল। এই ননচেঞ্চ কামবোৰ বিশ্বাস নকৰিলেও বন্ধুক সংগ দিছে সি।
দীপকে প্ৰমাদ গণিলে। বিথিকাৰ সমষ্যাটো সি নজনা নহয়। বন্ধুক সহায় কৰিব সিয়ো বিচাৰে। কিন্তু ইহঁকাল-পৰকালৰ বিষয়টো তাৰ বোধগম্য নহয়। বিশ্বাস অবিশ্বাসত দোদুল্যমানহৈ দুলি থাকে তাৰ মনটো। যিকোনো নিয়মৰ মাজতেই চলিব খোজে সি। লাগিলে সেয়া সামাজিক নিয়মেই হওক বা প্ৰকৃতিৰ নিয়ম।
: দীপু¸ একো নকলি যে!
- গভীৰ আশাৰে ৰক্তিমে তাৰ মুখলৈ চাই আছিল।
: অ’কে¸ কিন্তু একো যাতে খেলিমেলি নকৰ!
- সি কৈ উঠিছিল। ৰক্তিমে তাক সাবতি ধৰিছিল।
নীলয় পেৰা চাইক’লজীৰ স্কলাৰ। ধুনীয়া চুটি চাপৰ লৰাটোক দেখিলে কোনেও নকয় আধুনিক নহয় বুলি। ইমানবোৰ ভাল বিষয় থাকোতে সি সেইটো বাচি লোৱা বাবে সীমান্তই প্ৰায়েই তাক জোকাইছিল ভুত বুলি। অত্যন্ত যুক্তিবাদী সি। নিলয় নাছোৰবান্দা¸ এদিন হলেও প্ৰমাণ কৰিবই! আইদিয়াটো ৰক্তিমক সিয়েই দিছিল।
প্ৰকাণ্ড চৌহদটোৰ আওহঁতীয়া ঘৰটোত চাৰিওটা আছিল। সেইটো দীপকহঁতৰ পৰিত্যক্ত ঘৰ আছিল। পুৰণি কাঠেৰে সজা মাটি লেপা চাংখেৰৰ ঘৰটো তাৰ ককাকে সাজিছিল। বিয়াল্লিশৰ আন্দোলনত জেলখটা মানুহ আছিল তেও। মহাত্মা গান্ধী অসমলৈ আহোতে তেজপুৰলৈ তেও গৈছিল।
তিনিটা কোঠাৰ ঘৰটোৰ ভিতৰৰ কোঠা এটাত চাৰিও উবুৰি খাই পৰিছে। অন্ধকাৰত নিমজ্জিত ঘৰটোৰ কোঠাৰ মজিয়াত মাথো এদাল কেন্দেল জলি আছে। পৰিত্যক্ত ঘৰটোৰ চিলিঙত¸ বেৰত মকৰাঁজাল। ঠায়ে ঠায়ে উঁয়ে মাটি উঠাই থৈছে। ভেঁকেটা-ভেঁকেট গোন্ধ এটা চাৰিওৰে নাকত লাগিছে। কাৰো মুখত মাত নাই। দীপকে ঘৰটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি সিঁহতৰ কাষলৈ আহিল। নিলয়ে বাঁহৰ খৰিকা এডালেৰে কোঠাৰ মজিয়াত এটা বৃত্ত আঁকিছে। এনে লাগিছে যেন ভিতৰত তিনিটা ত্ৰিভুজে ইটোৱে সিটোক কটাকটি কৰিছে। বৃত্তৰ বাঁহিৰত সমান দুৰত্বত চাৰিফালে চাৰিটা তাৰকাচিহ্ন। ঠিক সোঁমাজত মমদাল জ্বলি আছে।
: শুন¸ যিয়েই নহওক¸ কোনেও যেন উঠি নাযাৱ।
- তিনিওজনকৈ কাষলৈ মাতি নিলয়ে কৈ উঠিল।
: আৰু সীমান্ত¸ মই জানো চাগে তই এইবোৰ ননচেঞ্চ ৱৰ্ক বুলি ভাবিছ! ভাবি থাক¸ কিন্তু কো-অপাৰেট কৰ যেন।
- সীমান্তৰ ফালে চাই সন্দেহবশত নিলয়ে কৈ উঠিল। সীমান্তই লাহেকৈ মুৰ দুপিয়ালে। ইতিমধ্যে ৰক্তিম অধৈৰ্য্য হৈ পৰিছে। দীপকে প্ৰমাদ গণিলে। বাৰ বাজি গৈছে ইতিমধ্যে। নিলয়ৰ সমুখত দীপক¸ দুয়োকাষে ৰক্তিম আৰু সীমান্ত সমান দুৰত্বত বহি আছে। মাজতে বৃত্তটো। নিলয়ৰ এই পেন্টাক্ৰাম স্পিৰিট কল চিষ্টেমতো অলপ ভয়াবহ। দীপকে ইতিমধ্যে কেইবাটাও কাহিনী শুনি থৈছে। বিশ্বাস অবিশ্বাসৰ দোমোজাত। আইতাকক শেষবাৰৰ বাবে লগ পোৱাৰ ইচ্ছা তাৰো আছিল। কিন্তু প্ৰকৃতি বিৰুদ্ধ কাম কৰিবলৈ সি অপ্ৰষ্টুত। বিথিকাৰ সমষ্যা নোহোৱা হলে সি কেতিয়াও নিলয়ক এক্সপেৰিমেন্ট কৰিব নিদিলেহেতেন।
চাৰিও নিশ্চুপ হৈ বহি আছে। নিজৰ নিশ্বাসৰ শব্দ সিঁহতে নিজেই শুনিছে। নিলয়ে দুচকু মুদি বিৰবিৰকৈ কিবা গাই আছে। কি গাইছে সিঁহতে বুজিব পৰা নাই। বহুত সময় পাৰ হল। একো এটা উপস্হিতি নাই। নিলয়ে এতিয়াও চকুমেলা নাই। নিচাগ্ৰস্হৰ দৰে একাশে মুৰটো তাৰ সামান্য হালি পৰিছে। এটাৰো মুখত মাত নাই। হঠাতে ফুৰফুৰীয়া সুগন্ধি এটা সিঁহতৰ নাকত লাগিল। উৎসতো কৰপৰা আহিছে সিঁহতে ধৰিব নোৱাৰিলে। এটা মুহুৰ্ত মাত্ৰ। হঠাতে কোঠাটোৰ ভিতৰত ধুমুহাহে বলিল। প্ৰচণ্ড বতাহে তিনিওকো কপাই তুলিলে। যেন উৰুৱাইহে নিব সিঁহতক। কোনোমতে নপৰাকৈ তিনিও বহি আছে। নিলয়ৰ গাত যেন একো লগাই নাই। চকুমুদি স্হিৰ হৈ বহি আছে। আচৰিত ধৰণে মমদাল ভমককৈ দুগুণে জ্বলি উঠিছে। দুমিনিটমান পিছত শান্ত হল। হঠাতে নিলয় বাগৰি পৰিল। যেন কিঁহবাই গতা মাৰিহে পেলাই দিলে।
: নিলয় নিলয়…কি হল? সীমান্তই আচৰিত হৈ ভয়তে নিলয়ৰ গাত টুকুৰিয়াই দিলে। এটা মুহুৰ্ত মাত্ৰ। নিলয়ৰ হাতৰ প্ৰচণ্ড চৰত সীমান্ত বাগৰি পৰিল।
: মোক কিয় মাতিলি? কিয় যাব নিদিলি?
- ঘপকৈ বহি নিলয়ে খঙেৰে সিঁহতলৈ চালে। যেন চকুৰে জুইহে বৰশিছে। মাতটো অদ্ভুত গেঙনিৰ দৰে শুনা গৈছে তাৰ। দুয়োটা আঠুত মুৰলগাই সি চাইছে সীমান্তলৈ। দীপকৰ মনত পৰিল। আইতাকেও এনেকৈ বহিছিল।
: আইতা¸ আইতা…মই ডাঙৰ পোনা। যাবৰ পৰত তোক নেদেখিলো আইতা।
- দীপক উচুপি উঠিল। নিলয়ে চালে তালৈ। ঘপকৈ এটোপাল পানী কৰবাৰ পৰা বৃত্তৰ ভিতৰত জিলিকি উঠিল।
: তই মোক বৰ মৰম কৰিছিলি আইতা। মোক এটা সহায় লাগে।
- দীপকে উচুপি কৈ উঠিল। উচপিচাই উঠিল ৰক্তিম।
প্ৰশ্নবোধক চাৱনি এটাৰে নিলয়ে চাই থাকিল।
: মোৰ বন্ধু¸ বৰ বিপদত পৰিছে।
- ৰক্তিমলৈ আঙুলিয়াই সকলো কলে সি।
হথাতে বৃত্তটো ৰক্তাক্ত হৈ পৰিল। সচকিত হৈ পৰিল দীপক। ৰক্তিম আৰু সীমান্তই চকু বহল কৰি চাই আছে।
: মানে কি আইতা?
- খপজপকৈ দীপকে শুধিলে।
: সহজ নহয় সহজ নহয়। যি আছিল সেয়ে হব।
- কৈ কৈ নিলয় বাগৰি পৰিল।
টাইম আপ। সময় পাৰ হল। নিলয়ে কৈছিল। দহমিনিটতকৈ বেছি সময় নাথাকে। মিডিয়াম বাগৰি পৰিল। মমদাল নুমাই কোঠাটো অন্ধকাৰ হৈ পৰিছে।
---------------
প্ৰায় দুমাহমান আগৰে পৰা বিথিকাৰ অস্বাভাবিক আচৰণ চকুত পৰিছিল ৰক্তিমৰ। শেষবাৰ মাকৰ ঘৰৰ পৰা অহাৰ পিছৰ পৰাই যেন মানুহজনী সলনি হৈছিল। তাই আজিকালি নাহাহে¸ বৰকৈ কথা নকয়। কিবা জোবোকা লাগি থাকে।
: বিথি¸ কি হৈছে তোমাৰ? গা বেয়া নেকি?
- সি মৰমেৰে সুধিছিল।
: কতনো কি হোৱা দেখিলা? ঠিকেই আছোতো!
- সেমেকা হাঁহি এটা মাৰিছিল তাই। ঘৰলৈ মনত পৰি মন বেয়া কৰা বুলি ভাবিছিল সি। বহুদিনৰ মুৰত ঘৰৰ মানুহক লগপাই অলপতে আহিবৱগা হৈছিল তাই।
ৰক্তিমে ভালপাই বিয়া কৰাইছিল তাইক। চিমলাৰ ছোৱালী। দেলহিত একেলগে পি এইচ দি কৰোতে সি তাইৰ প্ৰেমত পৰিছিল। খ্ৰীষ্টিয়ান বিথিকা তাৰ লগত বিয়াহৈ গুৱাহাটীলৈ গুছি আহিছিল। নতুনকৈ হোৱা ইউনিভাৰ্চিটিখনৰ দুয়ো প্ৰফেচাৰ। বিয়াৰ দুবছৰ হল¸ এতিয়ালৈ ফেমিলি প্লেনিং কৰা নাছিল সিঁহতে।
: ৰক্তিম¸ মোৰ কেঁচা মাংস খাবলৈ মন যায়।
- এদিন তাই কৈ উঠিছিল তাক। সি হাঁহি দিছিল। তাই ধেমালি কৰিছিল।বৰ ধেমেলীয়া বিথিজনী।
এদিন তাইৰ কোঁৱাৰিত তেজ লাগি থকা দেখি সি উচপ খাই উঠিছিল। খাবলৈ হাঁহ এজনী কিনি আনিছিল সি। বিথিকা পাকঘৰত আছিল¸ মাংস কুটিছিল। হঠাতে পানী খাবলৈ আহোতে সি উচপ খাই উঠিছিল।
: বিথি কি তেজ এয়া?
- উচপখাই তাইৰ কোঁৱাৰিৰ তেজখিনি সি মোহাৰি দিছিল।
: চিটিকৈ পৰিল চাগে।
- তাই হাঁহি মাৰি কৈছিল। সি ভাবিবও পৰা নাছিল যে তাই মিছা মাতিছিল।
সেইদিনা সি চক খাইছিল। ভয় লাগিছিল তাৰ। আনকি দৌৰি পলাবলৈয়ো পাহৰি গৈছিল সি। মুৰ্চা গৈছিল ভয়তে।
ৰাতি চাগে দুইমান বাজিছিল। হথাতে যেন কোনোবাই তাক বিচনাৰ পৰা ঠেলি পেলাই দিছিল। সি দেখিছিল¸ বিথিকাই আপ্ৰাণ চেষ্টা কৰিছে। তাই চিঞৰিব পৰা নাই। যেন কিবা অশৰীৰিয়ে তাইৰ গাত ভৰ কৰিব খুজিছে।
: বিথি বিথি কৈ হৈছে?
- শুধিব নাপালেই। কাৰোবাৰ প্ৰচণ্ড আঘাটত সি উফৰি পৰিছিল। সেয়া আছিল আৰম্ভনিহে। নিশা হলেই তাইৰ কাষত থাকিব পৰা নাছিল। তাইক চুব পৰা নাছিল সি। চুলেই অশৰীৰি আক্ৰমণ।
: ৰক্তিম¸ মই বাথৰুমত থাকোতে কোনোবাই মোক চাই থকা যেন লাগে।
- তাই দিনতে কৈছিল তাক। গা নোধোৱাকৈ বাথৰুমৰ পৰা ওলাই আহিছিল তাই। সি আচৰিত হৈছিল। সি ভয় খাইছিল। যুক্তিবাদী লৰাটো দিশহাৰা হৈ পৰিছিল। সেয়া মানসিক ৰোগ নাছিল।
: দোষ্ট¸ বৰ ডাঙৰ বিপদত পৰিছো অ’। বিথিৰ কিবা হৈছে।
- সিঁহতৰ আগত কৈছিল সি।
সিঁহতে তাইক চাবলৈ আহিছিল।
: ৰক্তিম¸ আই থিংক চি ইজ পজেজ।
- নিলয়ে কৈ উঠিছিল।
: কি বাজে কথা কব আহিছ অ’! আজিকালিৰ যুগত এইবোৰ কথাৰ কি যুক্তি আছে!
- সীমান্তই শুধিছিল।
: তোৰ ওচৰত ইয়াৰ কিবা বাখ্যা আছে? যদি নাই¸ তেনে এবাৰ চোৱাত বাধা কি?
- নিলয়ে উত্তৰ দিছিল। কপকৈ বন্ধ হৈছিল সীমান্তৰ মুখ। সিঁহতৰ ওচৰত একো বাখ্যা নাছিল।
: ইউ মাষ্ট হেভ টু টেক হেল্প অব স্পিৰিট কল।
- প্ৰফেচৰ গৌৰীশংকৰ চেতাৰ্জীয়ে বিথিকাক চাই কৈ উঠিছিল। তেও দেখিয়েই ধৰিব পাৰিছিল। চেতাৰ্জী নিলয়ৰ গুৰু। বয়স সত্তৰ পাৰহৈ গৈছে। এতিয়া আৰু এনেবোৰ কামত দৌৰি ফুৰাৰ বয়স নাই। নিলয়ৰ ওপৰত বিশ্বাস আছে তেওৰ।
সদ্যমৃতকৰ অভাবত নিলয় আগবাঢ়িব পৰা নাছিল। মিডিয়াম মৃতকৰ আত্মীয় হোৱাটো খুবেই জৰুৰী। নহলে আত্মা নাহিবও পাৰে।
হঠাতে দীপকৰ আইতাকৰ মৃত্যুৰ খবৰটো পোৱাত সিয়েই কথাটো উলিয়াইছিল। ৰক্তিমে হয়ভৰ দিছিল। আশাৰ ৰেঙনি বিচাৰি দিশহাৰা হৈছিল সি।
---------------------
দীপকহঁতৰ পৰিত্যক্ত ঘৰটোৰ অন্ধকাৰত চাৰিও বহি আছে। ইতিমধ্যেই জ্ঞান ঘুৰি আহিছে নিলয়ৰ। কিন্তু কোনেও উঠি আহিব পৰা নাই। নিলয়ে বাধা দিছিল। কাৰো মুখতেই মাত নাই।
: ৰাতি কৈ হৈছিল?
- ৰাতিপুৱা নিলয়ে শুধিছিল। মিডিয়াম হৈ থাকোতে একো জনা নাছিল সি।
সীমান্তৰ মুখত মাত নাছিল। অকল্পনীয়¸ অবিশ্বাস্য ঘটনা এটাৰ সাক্ষী হৈছিল সি।
: এটা গ্ৰেট এক্সপেৰিয়েঞ্চ হল লাইফত।
- দীপকে কৈছিল। আইতাকলৈ মনত পৰি তাৰ দুচকু চলচলীয়া হৈ পৰিছিল। সীমান্তই মুৰ দুপিয়াইছিল। তাৰ মনত সলনি হোৱা ধাৰণাতো বৰ্ণনা কৰিবলৈ মুখত ভাষা নাছিল তাৰ।
: হেৰি নহয় নিলয়¸ যি আছিল সেয়ে হব বুলি কৈছিল স্পিৰিটে। তাৰমানে কি?
- উদগ্ৰীব হৈ ৰক্তিমে শুধিছিল নিলয়ক। আশাৰ ৰেঙনী কিছু দেখিলে সি। বিথিকাৰ বাবে সকলো কৰিব পাৰে সি। তাই তাৰ দেহৰ এফাল।
---------------
ৰক্তিমে আগতে এইবোৰ বিশ্বাস কৰা নাছিল। নিলয়ৰ কামকাজত হাঁহি উঠিছিল তাৰ। কিবোৰ যে অনুসন্ধান কৰি ফুৰে নহয়!
: তই এনেয়েই টাইম পাছ কৰিছ দোষ্ট। কিছুমান কথা কাহিনীতহে ভাল। বাস্তবত কোনো ভিত্তি নাই।
সিঁহতৰ কথাবোৰ শুনি ৰক্তিমে হাঁহি উঠিছিল। তলাতল ঘৰত আত্মাৰ সন্ধান কৰিব গৈ তাৰ লগত ওৰে ৰাতি মহৰ কামোৰ খাইছিল গোটেই কেইজনে। অথচ একো এটাৰ অস্তিত্ব নাছিল। সিঁহতৰ খং উঠিছিল।
বাকী তিনিওজন সাংসাৰিক হল। অথচ এতিয়াও সি অকলশৰীয়া। বয়স তেত্ৰিশ হৈ গল।
: মোৰ দৰে পেৰানৰ্মেল ইনভেষ্টিগেটৰ এজনৰ লগত কোন ছোৱালীয়ে বিয়াত বহিব অ’?
- সি হাঁহি হাঁহি কৈ উঠিছিল। তিনিও হাঁহি দিছিল। ধেমালীৰ ছলেৰে কলেও কথাটোৰ যুক্তি নথকা নাছিল। পুৰাতত্ব বিভাগৰ বিষয়াজনলৈ শিবসাগৰৰ ছোৱালীজনীয়ে এইটো কাৰণতে বিয়ী হবলৈ অমান্তি হৈছিল।
ৰক্তিমে এটা হুমুনিয়াহ কাঢ়িলে। কোনোদিন বিশ্বাস নকৰা কথাটোৱে আজি বিশ্বাস কৰিছে সি। নিজে অবিশ্বাস্য ঘটনাটোৰ সাক্ষী হৈছে। এটা অপ্ৰাকৃতিক শক্তিৰ পৰা মুক্তি বিচাৰি আন এটা শক্তিৰ সহায় লৈছে। বিথিকাৰ টেনচন নথকা হলে চাগে সি ভয় খালেহেতেন। হয়তো মুৰ্চা গলহেতেন। কিন্তু সেইবোৰ একো হোৱা নাছিল। তাক মুক্তি লাগে। সোণকালে বিথিকা ভাল হব লাগে।
ৰাতি হলেই বিথিকাৰ ওচৰত থাকিব নোৱাৰে সি। তাক থাকিব নিদিয়ে। অথচ তাইৰ যন্ত্ৰনাও চাই থাকিব নোৱাৰে। ফেঁকুৰী উঠে সি।
আজিলৈ কোনো তান্ত্ৰিকেই একো কৰিব নোৱাৰিলে। কিছুমান ভণ্ড বেজে এনেয়ে তাৰ লগত খেলিলে। সিয়ে মুৰ্খৰ দৰে ধৰা দিলে।
সাঁতুৰিব নজনা মানুহে পানীত খেৰডালকো সাবতি ধৰে।
তাকো সহায় লাগে।
: ৰক্তিম¸ চিমলালৈ যাব লাগিব বিথিকাক লৈ। তাইৰ মাকৰ ঠাইতে চাগে লেঠাটো লাগিছে।
- নিলয়ে কৈ উঠে।
‘‘ যি আছিল¸ সেয়ে হব’’ স্পিৰিট কলৰ মেছেজটোৰ বাখ্যা বিচাৰে সি।
: কৰিম¸ মই চব কৰিম বিথিৰ বাবে। তাই ভাল হবনে?
- নিলয়ৰ হাঁতত খামুচি ধৰিলে ৰক্তিমে।
-------------------------
বিথিকাৰ দেউতাকৰ দুবছৰ আগতেই মৃত্যু হৈছে। মাকজনী আৰু ককায়েক¸ বৌৱেকহে থাকে ঘৰত। সৰুৰে পৰাই তাই দেলহিত পঢ়া। তাইৰ ঘৰৰ মানুহো একো সমাধান দিব নোৱাৰিলে ৰক্তিমক। নিলয়েও তাকেই আশা কৰিছিল। সি জানিছিল¸ তেওলোকেও বিশেষ নাজানিব। সীমান্ত আৰু দীপক অসমতে থাকিল। দীপকৰ আইতাকৰ শ্ৰাদ্ধ যোৱাই নাই। সীমান্তৰ আৰু অশৰীৰী শক্তিৰ মুখামুখি হবলৈ সাহস নাছিল। বিথিকাক লৈ ৰক্তিমৰ লগত নিলয় আহিছিল। গুৰু গৌৰীশংকৰ চেতাৰ্জীৰ লগত ঘনে ঘনে বাৰ্তালাপ কৰিছিল সি। ইতিমধ্যে চিমলাতো বিথিকাক শান্তি দিয়া নাছিল। নিশা হলেই তাইৰ যন্ত্ৰনা আৰম্ভ হৈছিল।
: নিলয়¸ চাইচিতি আগবাঢ়িবা। প্ৰতিপক্ষ বৰ শক্তিশালী যেন লাগিছে।
- প্ৰফেচাৰ চেতাৰ্জীয়ে সোঁৱৰাই তাক। উৎসাত বন্ধুৰ মৰমত গৈছে সি। সামান্য ভুল হলেই মৃত্যু পৰ্য্যন্ত হব পাৰে!
তেও সংকিত হৈ পৰে।
দুটা দিন চিমলাত এনেকৈয়ে পাৰ হল সিঁহতৰ। মাথো দিহিঙে দিপাঙে ঘুৰি থাকোতেই গল। দিনতো বিথিকা শান্ত হৈয়েই থাকে।
সেইঁদিনা ৰাতি বিথিকাৰ ককায়েকৰ পোহনীয়া লাব্ৰাডোৰ কুকুৰটোৱে বেয়াকৈ ভুকিছিল। পিছদিনা লনত তাৰ মৃতদেহ পৰি থকা দেখিলে সিঁহতে। তাৰ গলধনত এটা প্ৰকাণ্ড দাগ। যেন প্ৰকাণ্ড হিংশ্ৰ কিহবাই কামুৰি ৰক্তপান কৰিছে।
নিলয় আৰু ৰক্তিমৰ বুজিবলৈ একো বাকী নাথাকিল।
: ইচ¸ কোনে মাৰিলে ইয়াক?
- আঁচৰিত হৈ বিথিকাই শুধিলে।
ইতিমধ্যে বোৱেকে উচুপি উঠিছে।
: পগলা কুকুৰ এটা আহিছিল নহয় ৰাতি! সেইটোৱে কামুৰিলে চাগে।
- মিছা মাতিলে ৰক্তিমে।
: ইচ¸ ইমান মৰমলগা হৈছিল ই।
- সেমেকা মাতেৰে কৈ উঠিল বিথিকাই।
---------------
তাৰো দুদিন পিছত সেইদিনা অমাবশ্যা। ৰাতি প্ৰায় আড়ৈ বাজিছে। সকলো মানুহ টোপনিত লালকাল। প্ৰকাণ্ড ঘৰটোৰ একোণত থকা বাথৰুমটোত সোমাল নিলয়। ৰক্তিম বাহিৰত আছে। দুৰু দুৰু বুকু কপিছে তাৰ। ভিতৰত সোমায়ে নিলয়ে ধমকৈ বাথৰুমৰ দৰ্জাখন বন্ধ কৰি দিলে। তাৰ দুয়ো হাতত দুডাল ৰঙা কেণ্ডেল। অন্ধকাৰত নিমজ্জিত হৈ আছে ঘৰটো। ৰক্তিমে পাৱাৰ কাট কৰিছে। মৰমৰ কিঞ্চিত পোহৰত কোঠাটো জয়াল হৈ পৰিছে। বাথৰুমৰ মিৰৰ খনৰ সমুখত নিলয় থিয় হল। প্ৰায় তিনি বাজো বাজো। আইনাখনত দৃষ্টি স্হিৰ নিবদ্ধ কৰি বিৰবিৰালে সি ‘‘ব্লাডীমুৰী¸ ব্লাডীমুৰী¸ ব্লাডীমুৰী’’।
মাথো অলপ সময়। কলা অদ্ভুত ছায়ামুৰ্তি এটা আইনাত জিলিকি উঠিছে। হৃদস্পন বাঢ়ি গল নিলয়ৰ। কিন্তু ভয় কৰিলেই নহব। সি ভয় নকৰেও। টোপ টোপকৈ তেজ পৰিছে তাৰ গাত। ছায়ামুৰ্তিৰ দীঘল দাত দুটাত তেজ লাগি আছে। হঠাতে সোঁহাতৰ মমদাল পৰি গল তাৰ। কিবা অদৃশ্য শক্তিয়ে যেন তাৰ হাতখন টানি নিলে। গ্লাছত হাতখন লগাৰ লগে লগে লাহেকৈ আইনা ফটাৰ শব্দ হল। তাৰপিছত তাৰ হাতত তেজ বিৰিঙি উঠিল। প্ৰচন্দ দুখ অনুভব কৰিলে সি। অথচ আনো বুলিয়ো হাতখন আঁতৰাব নোৱাৰে। যেন চুম্বকে লো আকৰ্ষণ কৰাৰ দৰে আইনা খনেও তাৰ হাতখন টানি ৰাখিছে। অলপ সময় মাত্ৰ¸ আৰু সি একো কব নোৱাৰে।
হঠাতে কোনোবাই ঢকিওৱাৰ শব্দত সম্বিত ঘুৰি আহিল নিলয়ৰ। ৰক্তিম অধৈৰ্য্য হৈ পৰিছে। ফুঁ মাৰি মমদাল নুমুৱাই নিলয়ে দৰ্জাখন খুলিলে।
: ইমান ভয়ংকৰ এয়া কিঁহৰ শব্দ? গোটেই ঘৰটো কপি উঠিছে।
- ভয় খাইছে ৰক্তিমে। এনে ভয়লগা শব্দ সি জীবনত শুনা নাই।
মিচিকিয়াই হাঁহি দিলে নিলয়ে। আন্ধাৰত তাৰ মুখৰ হাঁহি ৰক্তিমে নেদেখিলে।
: বল বল …
- টৰ্চতো জ্বলাই ৰক্তিমৰ হাতত ধৰি ৰুমলৈ আহিল সি।
---------------------
: চা ৰক্তিম¸ তোক মই যিবোৰ কথা কম¸ আশাকৰো দুয়োৰে মাজত সীমাবদ্ধ হৈ থকাই মংগলজনক।
- ওচৰে পাজৰে কোনো নাছিল সিঁহতৰ। মন্দিৰৰ দীঘল খটখটিতোত বহি আছিল দুয়ো।
: মই বিথিকাৰ বাবে চব কৰিম নীল। জাষ্ট তাইক ভাল কৰি দে।
- আবেগিক হৈ পৰিছিল ৰক্তিম। তাৰ বিশ্বাস হৈছিল¸ নিলয়ে তাৰ সমষ্যা সমাধান কৰিব পাৰিব।
: হুম
- অলপ সময় দুয়ো নিৰব হৈ ৰল।
: ৰক্তিম¸ সকলো এতিয়া তোৰ ওপৰত। মই কৰিব পৰাখিনি কৰিলো।
- ৰক্তিমৰ কান্ধত হাতখন থৈ কৈ উঠিল নিলয়ে। ৰক্তিমে খামুচি ধৰিলে হাতখন।
সি সকলো কৰিব। বিথিকা অবিহনে জীয়াই থকা অসম্ভব।
বিথিকা তেতিয়া ক্লাছ টেনত। সমুখত বোৰ্ড এক্জামৰ বাবে পঢ়ি আছিল। ঘৰত চাগে কোনো নাছিল তেতিয়া। দুঘন্টামানৰ বাবে অকলে এৰি সকলো দহ কিলোমিটাৰ আঁতৰৰ চহৰলৈ গৈছিল। হথাতে কোনোবাই পিছপিনৰ পৰা সাবতি ধৰি বগৰাই দিছিল তাইক। তাই ভয় খাইছিল। সিঁহতৰ ঘৰত কাম কৰা জামাল নামৰ লৰাটোৱে চাগে তাইক বেয়া দৃষ্টিৰে চাইছিল। সুযোগ লব বিছাৰিছিল সি। তাই আত্মৰক্ষাৰ বাবে যুঁজ কৰিছিল। তাই পঢ়ি আছিল তেতিয়া। সৰ্বশক্তিৰে কলমেৰে তাৰ বুকুত খোচ মাৰিছিল তাই। তাৰ বুকুৰে তেজ ওলাইছিল। তেনে মুহুৰ্ততে দেউতাকহঁত আহি পাইছিল। চাবুকেৰে কোবাই সেইদিনাই দেউতাকে খেদি দিছিল তাক।
বোৰ্ডৰ পৰীক্ষা পাছ কৰি দেলহিলৈ আহিছিল তাই। তাই জনা নাছিল¸ কোনেও জনা নাছিল। দেউতাক মেজৰ কাপুৰে হত্যা কৰিছিল জামালক। চাৰ্ভেন্ট কোৱাৰ্টাৰৰ মজিয়াতে পুতি পকী কৰি পেলাইছিল। অতৃপ্ত হৈ আছিল সি। তাইক বিচাৰি ফুৰিছিল। দেউতাক থাকোতে ওলাব পৰা নাছিল সি। তেও কিবাকিবি জানিছিল। তেও চাগে ভাবিছিল এটা ৰহস্য তেওৰ লগতেই গুছি যাব।
প্ৰকৃতিৰ ৰহস্য কোনে জানে!
- নিলয়ৰ ওঠৰ কোণত হাঁহি এটা জিলিকি উঠিল।
কিনকিনিয়াকৈ বৰষুণজাক আহিছিল। ৰাতি দুইবজাত হাতত সাৰে ভৰিত ওলাল ৰক্তিম আৰু নিলয়। হাতত লেম এটা আৰু পেট্ৰলৰ গেলন এটা। নিলয়ৰ হাতত চিপৰাং এখন।
বিথিকাহঁতৰ ঘৰৰ সমুখৰ চাৰ্ভেন্ট কোৱাৰ্টাৰতোত বহুত দিনৰে পৰা মানুহ নাথাকে। দেউতাক মৰাৰ দুবছৰমান আগৰপৰাই কামকৰা মানুহবোৰক বিদায় দিছিল ককায়েকে। ইউ এছৰ পৰা উভতি আহিছিল সি। চাৰিটা মানুহৰ আলপৈচানৰ বাবে মানুহ ৰখাৰ পক্ষপাতী নাছিল সি।
কাঠ আৰু ইটাৰে সজা সাধাৰণ ঘৰটো। বিথিকাহঁতৰ থকা ঘৰটোৰ পৰা ভালেখিনি দুৰত। ঠায়ে ঠায়ে ঘৰটো ভাঙি যাবলৈ ধৰিছে। মঁকৰাজাল আৰু এলান্ধুৰে ভৰি পৰিছে।
নিলয়ে দেখুৱাই দিয়া ঠাইখিনিত চিপৰাং মাৰিলে ৰক্তিমে। পকা মজিয়াখনে যেন বিদ্ৰোহ কৰিহে উঠিল। তেনে লাগিল ৰক্তিমৰ। নিলয় ঘৰটোৰ দুৱাৰমুখত। কৰবাৰ পৰা কিবা গেঙনিৰ দৰে শব্দ ভাঁহি আহিছে। ৰক্তিমৰ সেইবোৰলৈ ভ্ৰক্ষেপ নাই। পকা মজিয়াখন খান্দি পেলালে সি। ইতিমধ্যে ঘৰটোৰ ভিতৰত যেন কোনোবাই আপ্ৰাণ সোমাবলৈ চেষ্টা কৰিছে। অথচ পৰা নাই। দৰ্জামুখত ৰখা ক্ৰিষ্টেল বলটো পাৰহৈ আহিব পৰা নাই।
হঠাতে থমকি ৰবলৈ বাধ্য হল ৰক্তিম। এটা মৃতদেহ নহয় যেন কোনোবা শুইহে আছে। হাফপেন্ট পৰিহিত লৰাটোৰ বয়স বৰবেছি বিশ বছৰৰ অধিক নহব। তাৰ দুয়ো কোৱাৰিয়েদি বৈ আহিছে তেজ। যেন এইমাত্ৰ উঠি বহিব। ৰক্তিমৰ মুৰটো অাচন্দ্ৰাই কৰিলে। নিলয়ে থাপ মাৰি ধৰিলে তাক।
আৰু ৰবলৈ সময় নাই। পেট্ৰলখিনি ঢালি জুই জ্বলাই দিলে ৰক্তিমে। মুহুৰ্ততে জুইৰ লেলিহান শিখাই আঁবৰি ধৰিলে ঘৰটো। দৌৰি বাহিৰলৈ ওলাই আহিল দুয়ো। যেন সিঁহতৰ ওপৰত আকাশখনহে খহি পৰিব!
জ্বলি জ্বলি এসময়ত চাই হৈ গল ঘৰটো। এটা স্বস্তিৰ নিশ্বাস এৰিলে নিলয়ে। ৰক্তিমে তাক সাবতি উচুপি ধৰিছে। দুয়োৰ গাতে মুখে তেজ বিৰিঙি উঠিছে।
পিছদিনা যেন এটা নতুন প্ৰভাত হল। নতুন দিনৰ পোহৰত যেন বহুদিনৰ মুৰত বিথিকাই হাঁহিলে।
: চাৰ্ভেন্ট কোৱাৰ্টাৰটোৰ কি হল?
- পুৱালৈ আঁচৰিত হল সকলো।
: চাগে চৰ্ট চাৰ্কিট হৈছে। চিঙি ওলমি থকা লাইটৰ তাঁৰদাললৈ আঙুলিয়াই নিলয়ে কৈ উঠিল।
: এৰা¸ বৰ ভয়লগা হৈছে দেই। হেৰা¸ আজি কমপ্লেইন এটা দি আহিবাচোন।
- বৌৱেকে কৈ উঠিল ককায়েকক।
নিলয়ে ৰক্তিমলৈ চালে। ৰক্তিমে চকু টিপিয়াই হাঁহি দিলে।
সেই হাঁহিত আছিল প্ৰাপ্তিৰ আশা।
******************

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib