Now you can Subscribe using RSS

Submit your Email

Monday 10 July 2017

বানপানী আহিছে

Unknown

: ধেৎ চাল্লা¸ কি যে কুক্ষণত ইয়ালৈ আহিছিলো।
- ভোৰভোৰাই উঠিল বেদান্তই। সমুখত এবুকু পানী। ঘৰৰ পৰা ওলাই বাইলেনটোত উঠিছিলহে সি¸ হথাত ষ্টাৰ্ট বন্ধ হৈ গল গাড়ীখনৰ। প্ৰায় এবুকুমান পানী। নলাৰ জাঁবৰ-জোথৰবোৰ ৰাষ্টাত উঠিছে। বেদান্তই জানে সেইবোৰ চব লেতেৰা পানী। বিবুধিত পৰিল সি। এতিয়া আগলৈয়ো যাব নোৱাৰে¸ ঘুৰি যাবও নোৱাৰে। ঘিন লাগিল তাৰ। গু-মুতৰ লেতেৰা পানীত নামিলেই ছালৰ বেমাৰ হব। নাকতো কোচ খাই আহিল।
ৰাতি বৰষুণ এজাক আহিছিল। পুৱাৰে পৰা কিনকিনিয়াকৈ দি আছে। এৰাৰ নামেই লোৱা নাই। এতিয়া পথত এবুকু পানী। আগতে হোৱা হলে আজি অফিচলৈয়ে নগল হেতেন। কিন্তু নতুন চৰকাৰ অহাৰ পৰা দায়িত্ব বাঢ়িছে তাৰ। তাতে বিভাগীয় মিটিং এখনো আছে। উচপিচাই উঠিল সি। ছে: চিনাকী কাকোৱেই দেখা নাইচোন। কিহে পাইছিল গাড়ীখন লৈ আহিবলৈ।
মৰ এতিয়া ফঁচি। নিজকে নিজে কলে সি।
পাঁচবছৰমান আগতে ইয়ালৈ আহিছিল সিঁহত। আগতে শান্তিপুৰত ভাড়া আছিল। নতুন ঘৰটোলৈ আহিবলৈ সকলোৰে কি যে ফুৰ্তি। মাকৰ ঘৰৰ ওচৰত হোৱা বাবে অংকিতাৰ ফুৰ্তিৰ অন্ত নাছিল। মনগলেই যাব পাৰে তাই। বিশমিনিটৰহে ৰাষ্টা। সিয়ো বেয়া পোৱা নাছিল। মাক-দেউতাক দুৰত থাকে যেতিয়া আপদে বিপদে শহুৰেকৰ ঘৰখনে সহায়।
: বোপাই অ’ এই সকলোবোৰ তোৰেই। মই মৰাৰ পিছত কোনে খাব!
- সি চহৰত ঘৰ সাজিব ওলোৱা কথাটো শুনি দেউতাকে কৈছিল। গুৱাহাটীৰ পৰা অলপহে দুৰ সিঁহতৰ ঘৰলৈ। মাথো ডেৰঘন্টাৰ বাট। আজিকালি ৰাষ্টাঘাট ভালহৈ চহৰমুখী হৈ সিঁহতৰ গাঁওখনো ভালেখিনি উন্নত হল। আজিকালি সকলো সুবিধা হল। হাইস্কুলৰ শিক্ষক বসন্ত কলিতাই বিচৰা নাছিল পুতেকে চহৰত ঘৰ সাজি বেলেগে থকাটো। এয়া নহয় যে তেও পুতেকৰ উন্নতি বিচৰা নাছিল¸ বিচাৰিছিল। গাঁওৰ বোকামাটি গচকি ডাঙৰ হোৱা পুতেকে গাঁওতে থকাটো বিচাৰিছিল তেও। সাতামপুৰুষীয়া অগাধ সম্পত্তি খাব কোনে? তাতে গুৱাহাটীৰ পৰা আজিকালি অহাযোৱা কৰাটোনো কি ডাঙৰ কথা। মহানগৰীৰ ভালেমান ঠাইতকৈ সিঁহতৰ গাঁওখন উন্নত।
দেউতাকৰ মনত দুখ দিবলৈ মন নাছিল বেদান্তৰ। গাঁওতে ধুনীয়া অট্টালিকা এটা সাজিব মন আছিল তাৰ। মাক-দেউতাকৰ একমাত্ৰ সন্তান সি। সদায় তেওলোকৰ লগতে থাকিব খুজিছিল। কিন্তু অংকিতা নাচোৰবান্দা। গাঁওত কোনোপধ্যেই নাথাকে তাই। যদিও বেদান্তৰ গাঁওখন উন্নত¸ তথাপিও যেন তাইৰ মনত সেয়া ঘোকোট ঠাই। বেদান্তই তাইক বুজাব পৰা নাছিল। সৰুৰে পৰা চহৰতে ডাঙৰ হোৱা ছোৱালী তাই। গাড়ী-মটৰৰ শব্দ¸ কল-কাৰখানাৰ কলা ধোৱাত অভ্যষ্ট।
গাঁওৰ লৰাৰ লগত বিয়া হলেও চহৰতে থকাৰ সপোন দেখিছিল তাই।
: পোণা অ’¸ বোৱাৰীক দুখ দিব নালাগে যা। তঁহত সুখত থাক। মাজে-সময়ে আহিবি।
- দেউতাকে কৈ উঠিছিল এদিন।
সি অনুভব কৰিছিল¸ কৰবাত যেন কিবা এটা কেনা লাগিছে। অংকিতাক ভালপাই বিয়া কৰাইছিল সি। বেদান্তই অনুভব কৰিছিল মাক-দেউতাক যেন সুখী নহয় বোৱাৰীৰ লগত। অাধুনিকা অংকিতাৰ সাজোন-কাচোন¸ ব্যবহাৰত বাৰুকৈয়ে বিৰক্ত হৈছিল শিক্ষক দেউতাক। আৰু অংকিতা…তায়ো মিলিব পৰা নাছিল।
: বোৱাৰী¸ এয়া নকৰিবা…এইফালে নাযাবা…
-অতীষ্ঠ হৈ গৈছিল তাই। সৰুৰে পৰা মুকলি মুৰীয়াহৈ ডাঙৰ হৈছিল তাই। বিয়াৰ পিছতো গিৰিয়েকৰ ঘৰত আনৰ অনাধিকাৰ প্ৰবেশ বিচৰা নাছিল।
কি কৰিব সি। যেনেতেনে দুটা বছৰ শান্তিপুৰৰ ভাড়াঘৰটোত থকাৰ পিছত ফ্লেটতো কিনি ইয়ালৈ আহিছিল। মাজে-মাজে মাক-দেউতাক আহে। এৰাতি থাকি গুছি যায়। আগ্ৰহেৰে অংকিতাই শাহু-শহুৰৰ আল-পৈচান ধৰে। মাক-দেউতাক সুখী হয়। কেতিয়াবা সিঁহত গাঁওৰ ঘৰলৈ যায়। সি পাহৰি গলেও নিতৌ ৰাতি মাকে ফোন কৰে তালৈ¸ দেউতাকেও কথা পাতে। সকলো সুখী¸ তথাপিয়ো যেন এটা উদাস দৃষ্টি দেখে সি তেওলোকৰ মাজত। অসহায় অনুভব কৰে সি।
: ক্ৰিং ক্ৰিং ক্ৰিং ক্ৰিং
- কাষেৰে ৰিক্সা এখন পাৰহৈ গল। সম্বিত ঘুৰি আহিল তাৰ।
বিহাৰী ৰিক্সাৱালাটোৱে প্ৰকাণ্ড মানুহ এগৰাকীক বহাই ৰিক্সাখন ঠেলি নিছে। লেতেৰা পানীবোৰ তাৰ গাত লাগিছে। বেদান্তই দেখিলে কলা কলা কিবা লেতেৰা ৰিক্সাৱালাজনৰ পিছফালে কাপোৰত লাগিছে। তাৰ ঘিন লাগিল।
বৰষুণ বতৰত ৰিক্সাৱালাবোৰে ভালপায়। কষ্ট হয়¸ কিন্তু ভাল ইনকাম হয় সিঁহতৰ। দহটকাৰ পথত এশ টকা লয়।
হাঁহি উঠি গল বেদান্তৰ। এচাম মানুহৰ দুখত আন এচামৰ সুখ।
: হেৰা ভাইটি ৰবাচোন¸
- দুজন লৰাই পেন্ট কোচাই খোজকাঢ়ি আহি আছিল। খিৰিকিৰ গ্লাছখন নমাই মাতিলে সি। দুয়ো কাষচাপি আহিল। দুয়োজনৰ মুখত দাৰিদ্ৰতাৰ চিন বিদ্যমান। চাগে ট্ৰাইবেল লৰা। দুয়োৰে চকুদুটা ঢুলঢুলীয়া। চাগে মদখাই আহিছে।
: গাড়ীখন অলপ ঠেলি দিবা নেকি?
- সুধিলে সি। কণ্ঠত তাৰ অনুনয়ৰ সুৰ। আনকালে হোৱা হলে ইঁহতবোৰক পাত্তাই নিদিলেহেতেন। কিন্তু দৰকাৰৰ সময়ত গাধকো ককাই বুলিব লগা হয়।
: কিমান দিব?
- তালৈ চাই সুধিলে সিঁহতে। আজিৰ যুগত এনেয়ে সহায় কৰাৰ দিন নাই। তাতে আনদিনত এই গাড়ীৱালাবোৰেই মুখত বোকা চটিয়াই আঁতৰি যায়। দুুপইচা পোৱাৰ সুযোগটো হেৰুৱাব নুখুজিলে সিঁহতে।
: কিমান লবা?
: দুশ লাগিব।
: ঠিক আছে।
- টকা দুশ পাৰ্চৰ পৰা উলিয়াই দিলে সি। অশেষ কষ্টৰে সিঁহতে ঠেলি ঠাইখিনি পাৰ কৰালে তাক। মাথো দুশ মিটাৰমানহে পানী। তাৰ পিছতেই কেঁকুৰীটো ঘুৰি অলপ গলেই জি এছ ৰোড উঠিব পাৰি।
সিঁহতক ধন্যবাদ এটা দি গণেশগুৰিমুৱা হল সি। তাৰ বেয়া নালাগিল। টকা দুশ তাৰ বাবে ডাঙৰ নহয়।
অনিল নগৰৰ মানুহৰ এয়াই সমষ্যা। এজাক বৰষুণতে বানপানী হয়।
: কলিতা¸ দুদিনমান ৰওক নেকি?
- অনিল নগৰত সি ফ্লেট কিনিব ওলোৱা শুনি সহকৰ্মী কাকতীয়ে কৈছিল। সি নুশুনিলে। ঘৈনীয়েকৰ উৎসাহত চল্লিশ লাখ টকাত ফ্লেটতো কিনি মহা ভুল কৰিলে সি। পাহাৰৰ পানী নামি এপাৰ্টমেন্টৰ বেচমেন্ট তল যায়। প্ৰশাসনে টেটুফালি চিঞৰি আছে¸ অথচ একো ভাল কৰিব পৰা নাই। মানুহবোৰো ভাল নহয়¸ ডাষ্টবিনত পেলাবলগীয়া লেতেৰা জাবৰবোৰ নলাত পেলোৱাৰ ফল হাতেহাতে পাইছে। অংকিতাৰ ওপৰত খং উঠিল তাৰ। তাই জিদ নকৰাহলে আজি ইমান কষ্ট কৰিবলগা নহলহেতেন। ইতিমধ্যে ৰাষ্টাত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। কৃটিম বানৰ বাবে গাড়ীবোৰ লাহেলাহে আগুৱাইছে।
: হেৰা¸ তুমি অফিচ পালানে?
- ফোনটো ৰিচিভ কৰাৰ লগেলগে অংকিতাই সুধিলে তাক। তাইৰ কণ্ঠত উৎকণ্ঠা।
: নাই অ’। এয়া জামত ফঁচি আছো। ৱালফোৰ্ট পাইছো জাষ্ট।
- নিৰ্লিপ্তভাবে কৈ উঠিল সি।
: অহ গড¸ এইমাত্ৰ বৰানীয়ে কলে¸ তোমাৰ গাড়ী ফঁচি গৈছিল বোলে।
: নকবা আৰু। কোনোমতে লৰাদুজনক পাই টকাদুশ দি উলিয়াই আনিছো।
: থেংক গড।
: অ’ শুনা¸ যাওতে গাড়ীখন মাঁহতৰ ঘৰত থৈ যাম মই। তুমি বাহিৰলৈ একদমেই নোলাবা। যি লাগে চব্জি ময়ে লৈ যাম।
: হব দিয়া।
- ফোনটো ৰাখিলে তাই। হুমুনিয়াহ এটা ওলাই আহিল তাৰ।
শহুৰেকৰ ঘৰলৈ অফিচৰ পৰা বেছি দুৰ নহয়। অলপ সোণকালে অফিচৰ পৰা সোণকালে ওলাই গাড়ীখন শহুৰেকৰ ঘৰত থৈ ওলাই আহিল সি। গণেশগুৰিত চব্জী অলপ বজাৰ কৰি ৰিক্সা এখন ললে সি। তাৰ হাঁহি উঠি গল। বিশ টকীয়া পথটোত আজি ৰিক্সাৱালাৰ ডিমাণ্ড ডেৰশ টকা। লবই¸ অশেষ কষ্টৰে অাৰোহীৰ গাত লেতেৰা পানী নলগাকৈ পৌচাই দিয়ে সিঁহতে। বাটপথৰ দ গাঁত¸ খালবোৰ সিঁহতৰ নখ দৰ্পনত। হুমুনিয়াহ এটা ওলাই আহিল তাৰ। কিছুদিন আগতে এনেকুৱা বানপানীত পথচাৰী মেনহলত সোমাই মৃত্যুমুখত পৰিছিল। বিদ্যুৎস্পৃষ্ট হৈ মৰিছিল। যতচব অকৰ্মন্য। দায়িত্বজ্ঞানহীন বিদ্যুৎ বিভাগ আৰু মেনহলৰ ঢাকনি গুচাই থোৱা মিউনিচিপেলিটিৰ ওপৰত খং উঠি গল তাৰ।
: চাব¸ জৰা পকৰিয়েগা। আগে খদ্দা হেই।
- হঠাতে ৰিক্সাৱালাটোৱে কৈ উঠিল। দুয়োফালে জোৰেৰে খামুচি ধৰিলে সি। অলপ জোকাৰণি মাৰি ৰিক্সাখন গাতটো পাৰহৈ গল। চেৰেককৈ চিনিকনি অলপ ৰিক্সাৱালাৰ মুখত পৰিল। সোঁহাতখনেৰে সি মচি দিলে।
মনটো কিবা লাগি গল বেদান্তৰ। পানীবোৰৰ পৰা বেয়া গোন্ধ এটা আহিছে। হয়তো ওচৰৰ নলাটোত বৰ লেতেৰা কিবা আছিল। হাতখনেৰে নাকত হাত দিলে সি।
গাড়ীখন কিনাৰ পৰা বহুদিন ৰিক্সা¸ বাছত উঠাই নাছিল সি। অলপ বিলাসী জীবনেই কটাইছিল। বৰষুণজাক এতিয়াও কিনকিনকৈ আহিয়ে আছে। আজি ৰাতিয়ো যদি ভালকৈ বৰষুণজাক আহে¸ কালিলৈ সি ওলাবই নোৱাৰিব। এৰা¸ বানপানী আহিছে¸ কৃটিম বান। সিঁহতে ৰিলিফ নাপাই। ওঠৰ কোণত হাঁহি এটা ফুটি উঠিল তাৰ। গাঁওত চাগে একো অসুবিধাই হোৱা নাই। খালে খালে পানীবোৰ নামি গৈছে। দেউতাকে চাটিতো মুৰত লৈ গৰু¸ছাগলীলৈ কলপাত¸ কঠালপাত কাটিছে। হঠাতে বুকুখন বিষাই উঠিল তাৰ। সি বাৰু বেছি তিৰুতাসেৰুৱা হল নেকি! অংকিতাক অলপ বুজাবলৈ চাগে চেষ্টা কৰিব পাৰিলেহেতেন। মহানাগৰিক জীবনে এই সাতটা বছৰত বাৰুকৈয়ে আমুৱাইছে তাক।
গভীৰ দুখেৰে ভৰি পৰিল তাৰ মনটো।
নাই¸ সি আৰু নাথাকে ইয়াত। ফ্লেটতো বেছি গাঁওলৈকে যাবগৈ। জিওৰ বাবে গাঁওৰ মুকলিমুৰীয়া বতাহহে বেছি প্ৰয়োজনীয়। সি বুজা হৈ আহিছে। ককাক¸ আইতাকৰ মৰমৰ পৰা তাক বঞ্চিত কৰি ৰাখিব নোৱাৰি। অংকিতাক বুজাব সি। ভাবি ভাবি কেতিয়া পালেহি গমেই নাপালে বেদান্তই।
: চাব¸ উতৰিয়ে
- গেটৰ মুখত ৰিক্সাৰ পৰা নামি ভাড়াটো দিলে সি। হঠাতে তাৰ চকুত পৰিল¸ ৰিক্সাৰ চকাত কিবা এটা লাগিছে। কৌতুহলবশত অলপ হাউলি চালে সি¸ এটা কলা প্লাষ্টিকৰ ঠোঙা। তাৰ মনত পৰিল কিছুদিন আগতে সন্ধিয়া লৰালৰিতে সিয়ে নলাত পেলাইছিল পলিথিনটো। পাচলি বাকলী আৰু মুৰ্গীৰ নাড়ীভুৰু¸ঠেং আছিল তাত। বেদান্তৰ ঘিন লাগিল। নিজৰ ওপৰতে খং উঠিল তাৰ। ভেকেটা-ভেকেট গোন্ধতো যেন তাৰ নাকত লাগিছে। হাতেৰে নাকত সোপা দি বেগাই গল সি ঘৰলৈ।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib