চৌদিশে আতংক
এতিয়া নীলা তিমি ভাইৰেল…
এতিয়া নীলা তিমি ভাইৰেল…
ভাবিছো এটা গেম বনাম
ইনষ্টলেচন বিনামুলীয়া
ইনষ্টলেচন বিনামুলীয়া
চফটৱেৰ ডেভ’লপাৰ বিচাৰিছো
আহকচোন সাজো এটি গেম¸
ৰাইন’ চেভ চেলেঞ্জ
অথবা চেভ অসম…
আহকচোন সাজো এটি গেম¸
ৰাইন’ চেভ চেলেঞ্জ
অথবা চেভ অসম…
বন্দুক লৈ খেদি আহিব চোৰাং চিকাৰী
খেলোতা হব বনকৰ্মী
অকলে অকলে ঘুৰিব গড়টো
দহটা ষ্টেপত শেষ হব গেমটো
আহিয়েই থাকিব দুৰ্যোগ
আপুনি বছাব লাগিব
বানপানীৰ পৰা¸ চিকাৰীৰ পৰা
খেলোতা হব বনকৰ্মী
অকলে অকলে ঘুৰিব গড়টো
দহটা ষ্টেপত শেষ হব গেমটো
আহিয়েই থাকিব দুৰ্যোগ
আপুনি বছাব লাগিব
বানপানীৰ পৰা¸ চিকাৰীৰ পৰা
প্ৰতিটো ষ্টেপৰ অন্তত আপুনি পাব নটিফিকেচন
প্ৰথমেই গড় এটাৰ ছবি আঁকক কাগজত
সেউজীয়া আখৰেৰে লিখক
চেভ ৰাইন’¸ চেভ অসম
সজাগতা মুলক শোভাযাত্ৰা এটা উলিয়াই ভিডিঅ’ প্ৰেৰণ কৰক¸
শুদ্ধকৈ কবলৈ শিকক অসমীয়া¸
গাওক অসম সংগীত
সেউজীয়া আখৰেৰে লিখক
চেভ ৰাইন’¸ চেভ অসম
সজাগতা মুলক শোভাযাত্ৰা এটা উলিয়াই ভিডিঅ’ প্ৰেৰণ কৰক¸
শুদ্ধকৈ কবলৈ শিকক অসমীয়া¸
গাওক অসম সংগীত
আমি আপোনাক খিতাপ দিম
ভাল অসমীয়া¸
ভাল অসমীয়া¸
চৰকাৰী হঠকাৰী সিদ্ধান্তবোৰৰ আপুনি কৰিব লাগিব প্ৰতিবাদ
ভণ্ডামিৰ বিৰুদ্ধে হব লাগিব সৰব¸
জাতীয় সাজপাৰ পিন্ধি এদিন ফুৰিব লাগিব
দুৰ্গতক কৰিব লাগিব সহায়
ভণ্ডামিৰ বিৰুদ্ধে হব লাগিব সৰব¸
জাতীয় সাজপাৰ পিন্ধি এদিন ফুৰিব লাগিব
দুৰ্গতক কৰিব লাগিব সহায়
খেলিবনে এই গেম
কথা দিছো একেই পাব আনন্দ।
কথা দিছো একেই পাব আনন্দ।
0 comments:
Post a Comment