Now you can Subscribe using RSS

Submit your Email

Sunday 9 July 2017

মুৰ্দাবাদ¸ মুৰ্দাবাদ

Unknown

#দুখ-
কেতিয়াবা কিছুমান কথাই মনবোৰ গধুৰ কৰি তোলে। তাতেই লেখামেলা কৰা মানুহ। আবেগবোৰ অলপ বেছি। আচলতে প্ৰতিটো কাহিনীয়েই লেখকৰ বাস্তবৰ একোটা টুকুৰা ছবি। অনুভব¸ কল্পনাৰ ৰহনেৰে মাথো অলংকাৰহে পিন্ধাই কাহিনীসমুহক। হয়তো তাতেই সুখ লেখকৰ। বিদ্ৰোহ তেনেকৈয়ে কৰে। চিনাকী বা এগৰাকীৰ ফেচবুক আপদেট এটাই কন্দুৱাই দিছিল তাক। ভাবিছিল ইয়াকে লৈ কিবা এটা লিখিব। নিজৰ বাবেই লিখিব। অন্তত: ক্ষোভ কমিব। মনটো পাতল হব। চেতনা জগাই তুলিব পৰাকৈ সক্ষম নহয় সি। তথাপি আশাবাদী।
********
#বাসবীৰ কথাৰে-
কিয়? কিয় মানুহবোৰ এনেকুৱা? কিয় মানুহবোৰৰ দুটা দুটা ৰূপ? আধুনিক মানুহবোৰ সচাকৈয়ে পাষাণ হৈ গল নেকি! তাই ভাবে!
একো উৱাদিশ নাপায় তাই। কিয় নাৰীয়ে নাৰীক সমৰ্থন নকৰে। অন্যায় বুলি জানিও প্ৰতিবাদ কৰিব খোজা গৰাকীক পিছলৈ থেলি দিয়ে কিয়? এই কিয়বোৰৰে উত্তৰ বিচাৰি নাপায় তাই।
হুমুনিয়াহ এটা ওলাই আহে বাসবীৰ। টিভিৰ পৰ্দাত¸ পেপাৰত মানুহবোৰে ডাঙৰ ডাঙৰ কথা কয়। মহিলা সকলে প্ৰতিবাদ কৰিবলৈ উৎসাহিত কৰে¸ অথচ বাস্তবত……।
আৰু ভাবিব নোখোজে তাই।
কাজিনজনে ফোন কৰিছিল। চুটিত অলপতে ঘৰলৈ আহিছে সি।
: নীল¸ মই চাকৰীটো ৰিজাইন কৰিলো।
- কও নকওকৈ বায়েকে কলে তাক। সি যেন আকাশৰ পৰাহে পৰিল। কি হল বায়েকৰ। ইমান ভাল চাকৰীটো। ছমাহমান হৈছিলহে। ভিনিহিয়েকে কিবা কলে নেকি? তেও একো কবতো নালাগে।
: কি হল বা। নতুনকৈ সোমাইছিলিহে! ভিনদেৱে কিবা কলে নেকি?
: নহয় নহয়। পাৰ্থই একো কোৱা নাই অ’। সেইবোৰ বহুত কথা।
- হুমুনিয়াহ এটা কাঢ়ি ফোনৰ সিতো পাৰৰ পৰা বায়েকে কৈ উঠিল।
: কি হল কোৱাচোন।
- ব্যতিব্যস্ত হৈ পৰিল সি।
কি কব বাসবীয়ে। কেনেকৈ কয় ভায়েকক! কাজিন হলেও সিঁহত স্বগৰ্ভী ভাই-ভনীৰ দৰে। এপলক ভাবিলে তাই। বেছিভাগ নাৰীয়ে চাগে কম-বেছি পৰিমানে নিজৰ অফিচত যৌন আতিশায্যৰ বলি হব লগা হয়। খুউব কম সংখ্যকহে লাকী¸ যিয়ে মুক্তমনে কাম কৰিব পাৰে। তাই কিয় সেই কমসংখ্যক নাৰীৰ মাজত এজনী হব নোৱাৰিলে! এয়া কি ভাগ্যৰ দোষ! দুচকু চলচলীয়া হৈ পৰে তাইৰ।
তাই বুজি নাপায়¸ কিয় মানুহবোৰ এনেকুৱা। আধুনিক শিক্ষিত মানুহ কিছুমানৰ কৰ্মকাণ্ডত থুৱাই দিব মন যায় তাইৰ। চাল্লা হাৰামী¸ বেইমান…। বুকুত উমি উমি জুই জ্বলি উঠে তাইৰ। চেণ্ডেল খুলি থাছথাছকৈ কেইটামান কোব সোধাব মন যায়।
: বাসবী¸ অলপ চাবাদেই। মানুহজন সিমান সুবিধাৰ নহয়।
- তাই জইন কৰাৰ কিছুদিন পিছতেই বান্ধবী তৃপ্তিয়ে কৈ উঠিছিল। দুয়ো একেলগে ট্ৰেইনিং এটা লৈছিল বহুদিন আগতেই। তৃপ্তি বহুত পুৰণি এই অফিচটোত। তাই নতুনকৈ সোমাইছিল। সংসাৰৰ জঞ্জালবোৰ মাৰি ওলাওতে অলপ সময় লৈছিল তাইৰ। চাকৰী এটা কৰাৰ সৰুৰে পৰা হেপাহ আছিল তাইৰ। তাই স্বাবলম্বী হব খুজিছিল। পইছাৰ বাবে নহয়¸ ইমানবোৰ পঢ়া শুনা কৰি তাইৰ শিক্ষা কামত লগাবলৈহে। গিৰিয়েকে বাধা দিয়া নাছিল। তাইৰ ইচ্ছাক সন্মান জনাইছিল তেও।
কন্ট্ৰেকচুৱেল বেচিছত অফিচটোত জইন কৰিছিল তাই। পাঁচবছৰৰ চুক্তি¸ তাৰ পিছত হয়তো ট্ৰেঞ্চপাৰ নতুবা নিয়মিয়া হব। তৃপ্তিয়ে তেনেদৰেই কৈছিল তাইক। তায়ো প্ৰথমে কন্ট্ৰেকচুৱেল বেচিছত জইন কৰি নিয়মিয়া হৈছিল।
মানুহজনৰ বয়স প্ৰায় আঠচল্লিশ বছৰমান হব। উচ্চবৰ্গৰ সহায়ক তেও। তিনিটা সন্তানৰ পিতৃ। বাসবীৰ চকুত পৰিছিল¸ মানুহজন যেন অলপ চেলেপু। নাৰীলোভী যেন লাগিছিল তাইৰ। তেওৰ চকুদুটি যেন এক্সৰে মেছিনহে। পৰাপক্ষত সকলো মহিলা কৰ্মচাৰীয়েই তেওক এৰাই চলে। ব্যবহাৰ ভাল নহয় মানুহজনৰ। শিষ্টাচাৰযেন নাজানেই। তিনিটা সন্তানৰ পিতৃ মানুহজনক লম্পট যেন লাগিছিল তাইৰ। নিশ্চয়কৈ তেওৰ ঘৈনীয়েক সুখী নহব¸ তাই ভাবিছিল।
ৰজনী নাথ নামৰ লম্পট মানুহজনক সকলোৱে যেন সমীহ কৰিছিল। উপৰমহলত হেনো হাত আছে। আগে পিছেও দুই এটা কাণ্ড কৰি থৈছে তেও। পিছে কোনেও নোম এডালো লৰাব নোৱাৰিলে। ভুক্তভোগী নাৰীবোৰে নিৰবে সহি থকাৰ বাদে উপায় নাথাকে। সন্মান নথকা মানুহজনৰ লগত লাগি নিজৰ সন্মান হানি কৰিব নোখোজে। চাগে সেইবাবেই সাহ বাঢ়ি গৈছে নাথৰ।
অনেকবাৰ আগেপিছে কুদৃষ্টি দিছিল সি তাইলৈ। তাই পাত্তা দিয়া নাছিল মানুহজনক। তাইৰ দিপাৰ্টমেন্টৰ নহয় যাতে বিশেষ চিন্তা কৰা নাছিল তাই।
স্তব্ধ হৈ গৈছিল তাই, কান খন গুমগুমাই গৈছিল, চকুৰে নেদেখা হৈ গৈছিল। সেইদিনা লাঞ্চ টাইমৰ পৰা আহি কথা পাতি আছিল সিঁহতে। তেনেতে সোমাই আহিছিল ৰজনী নাথ। তাই পাত্তা দিয়া নাছিল।
: " মদ খাই আহিছ নেকি",
- খঙত চিঞৰি উঠিছিল তাই।তেতিয়াও তাইৰ বুকুৰ সোফালেই ৰাখি আছিল মানুহজনে বাওহাতখন। এখোজ পিছুৱাই আহিছিল তাই।
: "কি হ'ল, মই টো এনেকুৱাই , আমাৰ গাওঁৰ ৰমলা কো মই এনেকেই হাত দিও,একো নকয় তাই, মোক জানেই সকলোৱে"।
- বৰ সহজভাবেই কৈছিল তিনিটা সন্তানৰ পিতৃ অসভ্য ৰজনী নাথে।
লাজত¸ খঙত আহত হৈ পৰিছিল তাই। ক্ষোভত তাইৰ বুকুখন জলি উঠিছিল।
হতভম্ব হৈ মানুহজাক ৰৈ আছিল। কি কম কি নকমকৈ হৈ ঘটনাৰ আকস্মিকতাত স্তদ্ধহৈ পৰা বৰুৱাদা¸ ডেকাদাই ফৰিং চিটিকা দি আঁতৰি গৈছিল। তাই ঘুৰি চাইছিল তাইৰ সহকৰ্মী তৃপ্তিকে ধৰি আনকেইগৰাকী যুবতী লজ্জিত হৈ পৰিছিল।
: ইয়াত কিবা আছে নেকি? ইমানকে ফুলি আছে যে!
-হঠাৎ আকৌ বৰ সহজ ভাবেই ৰজনী নাথে এইবাৰ সকলোকে আৰু আছৰিত কৰি তেওঁৰ সোঁ‌ হাত খন এইবাৰ তাইৰ বুকুৰ বাও ফালে আগবঢ়াই লৈ গৈছিল। দৌৰ মাৰি পিছুৱাই আহিছিল তাই। এই অসভ্যজনে যিকোনো কামেই কৰিব পাৰে! কি কৰিব কি নকৰিব হৈ কিং কৰ্তব্যবিমুড় হৈ পৰিছিল তাই। দাত মুখ কামুৰি ধৰিছিল। ইফালে সিফালে চাই হাঁ‌হি হাঁ‌হি ওলাই গৈছিল ৰজনী নাথ।
: "তৃপ্তি¸ কি কৰো মই? এই পাগলটোক ভয়লগা হৈছে।
- উচুপি উঠিছিল বাসবী।
: বাসবী , সি মোকো তেনেকুৱা কৰিছিল এদিন, মোৰ বুকুত কিবা লাগি আছে বুলি, বেয়াকে কৈছিলো, তাৰ পিছত মই তাক দেখিলে আতৰি আহো, ভয়ো খাই কিবা কম বেয়াকে সেইদিনাৰ দৰে বুলি । কিন্তু স্বভাৱ টোৱেই তেনেকুৱা। কি নো কৰিম, মোৰ ইয়াত আহি কিছুমান অশ্লীল কথা কয়। মই নুশুনা ভাও জোৰো ।"
"ভুল হ'ল তৃপ্তি, সেইয়াই ভুল, এমাহ মান আগতে সি মোকো কৰিছিল তেনে , কিবা লাগি আছে তোৰ ইয়াত চাওঁ বুলি, মই আঁ‌তৰি দিছিলো, তেওঁ ৰ কোঠাৰ পৰা ওলাই হে ভাবিছিলো, কিয় হঠাৎ মোৰ বুকুত হাত দিলে, হয়তো সঁ‌চাকে কিবা লাগি আছিল । তাতেই বাদ দিলো মইও কথাটো । তাৰ পিছত এদিন তেওঁ মোৰ সম্মুখত উজটি খাই পৰিব ওলাইছিল, মই কৈছিলো অলপ সাৱধানে খোজ কাঢ়ক ৰজনী দা , বয়স হ'ল আপোনাৰ, লৰা আছে তিনিটাকে বুলি ধেমালী কৰিছিলো, তেওঁ হঠাৎ কি কৈছিল জানা, 'মোৰ শক্তি চাবি নেকি, সাৱটি ধৰি তোক ক'ত কি কৰি দিও তই পত্তাই নেপাবি ।' মই লাজ পাইছিলো যঠেষ্ট, সেইদিনাৰ পৰা মইও আতৰি ফুৰিছিলো । মাত মাতিব লাগিছিল চাগে তেতিয়াই তৃপ্তি, আজি এইবোৰ নহল হয়। মই যে শান্তি পোৱা নাই , কি কৰো মই তৃপ্তি , কোৱা না । "
"বাসবী কি নো কম মই, তুমি কি কৰিম বুলি ভাবিছা । চুপ হৈ বহি থাকিলে দেখোন তাৰ অতপালি বাঢ়ি হে যাব " ।
"মই মেডামক কম, সি তোমাকো তেনে কৰিছে যেতিয়া নিশ্চয় আমাৰ অফিছৰ আন আন মহিলা সহকৰ্মী ৰ লগতো কৰে চাগে । তেওঁলোকৰো ছাপোৰ্ট মই নিশ্চয় পাম । তুমি থাকিবানে মোৰ লগত তৃপ্তি "
"থাকিম তোমাৰ লগত, কম মইও । আৰু নোৱাৰোও মানি লব। চকুৰ সম্মুখত ঘটিছে,সি শাস্তি পাবই লাগিব ।"
আৰু ৰৈ থাকিব নোৱাৰিলে তাই। এইচ আৰ মেডামৰ চেম্বাৰলৈ খোজ লৈছিল।
: অ’ বাইদেউ¸ মেডাম অফিচত কিবা মিটিং চলি আছে। বাহিৰৰ কোনোবা আহিছে।
- কেবিনত সোমাব লৈছিলহে তাই। দুৰৰ পৰাই পিয়নটোৱে দেখি হাঁহি মাৰি কৈ উঠিল।
গধুৰ মন এটা লৈ উভতি আহিল তাই। মেডামক যেনেতেনে কবই লাগিব। ইয়াৰ অতপালি বাঢ়ি গৈছে। নিজৰ চকীখনত গাটো এৰি দিছিল তাই। আৰু কাম কৰিব মন নোযোৱা হৈছে।
: "বাসবী বাইদেউ আপোনাক চাৰে মাতিছে । কিবা লেপটপ টো অন নহয় হেনো ।"
- পিয়ন অমিয়ৰ মাত শুনি মুৰ তুলি চালে তাই। ডিপাৰ্টমেন্টৰ ইনচাৰ্জ চাৰ মানুহজন ভাল। নাৰীক সন্মান কৰে। আবেগত¸ ক্ষোভত ৰব নোৱাৰি কৈ দিছিল তাই চাৰৰ আগত। মানুহজন স্তম্ভিত হৈ পৰিছিল। এনেকুৱা মানুহো থাকেনে!
: বাসবী, আপুনি আজি আৰু কাম কৰিব নালাগে। ঘৰলৈকে যাওক। মই মেডাম ৰ লগত কথা পাতিম। আপুনি কালি পুৱাই আহি মেডাম ক লগ কৰক। গোটেই কথাবোৰ কব। মেডামে উপযুক্ত ব্যৱস্থা লব বুলি মই আপোনাক আশ্বাস দিব পাৰো।"
- আঠেবেঠে মানুহজনে কৈ উঠিছিল। ৰজনী নাথৰ ওপৰত খং উঠিছিল। কিন্তু কিবা ব্যবস্হা লবলৈকো সেয়া তেওৰ শক্তিৰ বাহিৰত।
ভাৰাক্ৰাম্ত মন এটা লৈ ঘৰলৈ আহিছিল তাই। গোটেই ৰাতি শুব পৰা নাছিল। গিৰিয়েককো খুলি কব পৰা নাছিল তাই। কি বুলি কব। অত্যন্ত ভালপাই তাইক। খঙতে মানুহজনে অঘটন ঘটাই দিব।
: তোমাৰ গা বেয়া নেকি বী?
- তাই মন মাৰি থকা বাবে অাচৰিত হৈ মৰমেৰে সুধিছিল তেও।
: মুৰটো অলপ বিষাই আছে অ’।
- তাই মিছা মাতিছিল। ভাতৰ পাতত মুখখন চুৱা কৰিয়েই উঠি আহিল তাই। ভোক পিয়াহ নোহোৱা হৈ গৈছে। গোটেই ৰাতিটো চটফটাই থীকিল তাই।
: বাসবী¸ আজিলৈ কিয় মোক কথাবোৰ জনোৱা নাই! চাৰে কলে তোমাৰ কথা, তেতিয়াৰ পৰা মই চিন্তা ত আছিলো।
- মানুহ গৰাকী ব্যস্তহৈ পৰিছিল। দুখবোৰ উজাই আহিব খুজিছিল বাসবীৰ। টোপটোপকৈ চকুৰ পানী টেবুলত পৰিছিল। মেডামে দেখিছিল। তেওৰ বুকুখন বিষাই গৈছিল। তেৱো এগৰাকী নাৰী। তাতে বাসবী তেওৰ প্ৰিয় ষ্টাফ। কৰ্মঠ যুবতীগৰাকীৰ ব্যবহাৰ¸ কামত মুগ্ধহৈ পৰিছিল মেডাম।
: নাকান্দিবা বাসবী¸ তুমি এখন এপ্লিকেচন দিয়া। সি শাস্তি পাবই লাগিব।
- মৰমৰে সোঁহাতখন তাইৰ হাতৰ ওপৰত ৰাখি আশ্বাস দিছিল মেডামে।
------------------------
বাসবীয়ে অনুভব কৰিছিল। পিছদিনাৰ পৰাই যেন মানুহবোৰে তাইক বেলেগ চকুৰে চাবলৈ লৈছিল। ৰজনী নাথৰ বিৰুদ্ধে এপ্লিকেচনখন দি যেন তাই মহা ভুলহে কৰিলে।
কোনেও যেন তাইক মাতিব নিবিচাৰে। কিবা কব লগা হলেও গোমোঠা মুখৰেহে কয়। তাই সৰু ছোৱালী নহয়। মানুহৰ ব্যবহাৰ বুজিব পাৰে। তাই যেন অফিচটোত অলাগতিয়াল।
কিবা এটা খেলি মেলি হৈছে। বাসবীয়ে বুজিছে। মানুহ বোৰে তাইক দেখিলে ফিচিঙা ফিচিঙি কৰে¸ শুনা নুশুনাকৈ ফুচ ফুচায় কথা পাতে। আনকি মনোৰোমা খুৰী হতেও তাইক দেখি আতৰি যায়। যিসকলে আগতে তাইৰ লগত এষাৰ কথা নকলে মন ভাল নালাগে বুলি কৈছিল।
: তৃপ্তি, কি হৈছে? তুমি জানানে , মোক দেখোন কোনেও নামাতে, ইমান মৰম কৰিছিল সকলোৱে, এতিয়া আতৰি ফুৰে যে!
- আচৰিতহৈ তৃপ্তিৰ কাষ পালে তাই।
: "বাসবী , তোমাক কম বুলি ভাবিয়ে আছিলো! মাথো কেনেকৈ কও ভাবি পোৱা নাছিলো।
- কও নকওকৈ কৈ উঠিছিল তৃপ্তিয়ে।
: প্লিজ¸ মোক কোৱাচোন।
- উদগ্ৰীব হৈ তৃপ্তিৰ হাতখনত ধৰি কৈ উঠিছিল তাই। কিবা এটা অনুমান কৰিছিল তাই।
: চোৱা বাসবী¸ তুমি সাহসী হব লাগিব। কমিটী খনে মোক মাতিছিল তুমি এপ্লিকেচনখন দিয়াৰ পিছত। মই সঁচা কথাবোৰ কৈছিলো। কিন্তু বৰুৱা দা আৰু বাকীবোৰে কৈছিল তুমি বোলে ভাল ছোৱালী নোহোৱা! সকলোৰে লগত কথা পাতা, চঞ্চল বোলে । চৰিত্ৰ তোমাৰে বেয়া হেনো, আৰু তুমি যে জিনছ পিন্ধি আহিছিলা সেইদিনা, তাকো কলে। গতিকে সেইবোৰ হে আলোচনা হৈ আছে অফিছত , তুমি এইটো অফিছত ৫ বছৰীয়া প্ৰোজেক্ট এটাৰ বাবে আহিছা , গতিকে তোমাৰ হেনো কোনো অধিকাৰ নাই ৰজনী ৰ দৰে বয়ষ্ক, হাৰ্ট ৰ পেছেন্ট এগৰাকীক এনেকে কোৱাটো । সিহঁতে মোক কৈছিল তই তাইক সমৰ্থন কৰিলে কি লাভ হব। তই টো পাৰ্মানেন্ট ইয়াত, তাই এইবোৰ কৰি গুছি যাব, আমি হে থাকিম তোৰ লগত। গতিকে নিজৰ ফিল্ড নিজে নষ্ট নকৰিবি! কিন্তু তুমি চিন্তা নকৰিবা বাসবী, মই আছো তোমাৰ লগত ।
বাকৰুদ্ধহৈ পৰিছিল বাসবী। হঠাতে ইমান বেয়াকৈ কাৰোবাক চাৰ্টিফিকেট দিব পাৰে মানুহবোৰে!
তাই লাহে লাহে ওলাই আহিছিল তৃপ্তিৰ ৰুম ৰ পৰা। তৃপ্তিয়েও কষ্ট পাইছিল¸ কিন্তু তায়ো একো কৰিব নোৱাৰে।
গ'ল ।
:"ৰানী, তাই জিনছ পিন্ধি আহে নহয় , ৰজনী য়ে তাতে নহয় একেবাৰ তাত্তেহে হাত দিব লাগিছিল , মজা পালেহৈ, হা হা হা হা, "
তৃপ্তিৰ ৰুমৰ পৰা ওলাই নিজৰ ৰুমলৈ আহি আছিল তাই। হঠাতে অজন্তা খুৰীৰ ৰুমৰ পৰা তাইক লৈ কৰা আলোচনাবোৰ ভাহি আহিল। বিজয়াখুৰীয়ে কৈ আছে ৰাণীখুড়ীহতক। মনটো কেনেবা লাগিল তাইৰ। খুড়ীয়েকৰ বয়সীয়া মানুহকেইগৰাকীক ইমান সন্মান কৰিছিল তাই। অথচ তেওলোকে…। নাৰীহৈয়ো নাৰীৰ প্ৰতি অনুকম্পা নাই। কাণ উনাই শুনিলে তাই¸ সেয়া তেওলোকে মস্কৰা কৰিছে।
: "নহয় ও বিজয়া, শুন মোৰ কথা, "
-মুখত পানৰ লগত চাধা অকণ মিলাই লৈ পোকে খোৱা দাত বোৰ উলিয়াই অহাবছৰ অৱসৰ লব লগা মনোৰোমা খুৰী য়ে কৈ গ'ল,
: চা তোক কোনোবাই বুকুত হাত দিছে নেকি, মোক দিছে নেকি, সাহস থাকিব লাগিব, ৰজনী য়ে এনে লেতেৰা কথা আমাক নোকোৱা নহয়, বেছেৰাটো বৰ ধেমেলীয়া , লেতেৰা কথা নকলে তাৰ নহয়ে, কিন্তু আমৰ গাত টো হাত দিয়া নাই। বাসবীয়ে যাচি দিছেও তাক, নহলে সি কেতিয়াও তেনে নকৰে। ভাল দৰে জানো আমি, তাইৰ ছৰিত্ৰ ই তেনে, ইমান সাহস নে ইয়াত ৪/৫ বছৰৰ কাৰনে আহি ৰজনী ক বেয়াকে ফচায় দিলে । তাই ক পালে কেইটামান ভাল গুন্দা লগাই ভাল কে কৰাই দিব লাগে , এই বুলি মেদবহুল শৰীৰ টোত জোকাৰনি তুলি তেওঁ হাঁ‌হি উঠিল । লাগত বাকী কেইজনেও…
আৰু শুনি থাকিব নোৱাৰিলে তাই। দৌৰ মাৰি নিজৰ ৰুমলৈ আহিল। তাইৰ এনে লাগিল যেন এজাক নৰখাদকে তাইক কামুৰিবলৈ খেদি আহিছে। সিদ্ধান্ত এটা ললে তাই। এনেকুৱা মানুহবোৰৰ লগত আৰু কাম কৰি থাকিব নোৱাৰে। ৰেজিগনেচন লেটাৰখন মেডামৰ টেবুলত থৈ ওলাই আহিল তাই।
কি ভুল আছিল তাইৰ! অন্যায়ৰ প্ৰতিবাদ কৰাটো জানো ভুল! কিয় এগৰাকী নাৰীয়ে চেক্সুৱেল হাৰাজমেন্টৰ প্ৰতিবাদ কৰিব নোৱাৰে? কিয় কৰিব গলেই মানুহে বেয়া চকুৰে চাই?
ক্ষোভিত হৈ পৰিল তাই। নাথাকে এইবোৰ নষ্ট মানুহৰ মাজত। যোগ্যতা আছে যেতিয়া মনে মিলা চাকৰী এটা বিচাৰি লব পাৰিব। ওৰেবাট ভাবি থাকিল তাই। পাচবছৰীয়া লৰাটোৱে ৰৈ আছে, গৈ একেলগে ভাত সাজ ভালদৰে খাব লাগিব।
--------------------
: কি কোৱা বা! ইমান জঘন্য মানুহ আছে! তুমি লগে লগে কাণতলীয়া চৰ দুটা সোধাই দিব নোৱাৰিলা।
- উস্মাৰে কৈ উঠিল ভায়েকে। ফোনৰ সিটো পাৰে উত্তেজিত হৈ পৰিছে সি। বৰ্ডাৰত পাষণ্ডবোৰক শ্বুট কৰে সিঁহতে¸ অথচ সমাজতখনৰ পাষণ্ডবোৰে বুকু ফিণ্ডাই ঘুৰি আছে।
: যথেষ্ট ভয় খাইছিলো অ’ ভাইটি। কি কৰিম নকৰিম একো ঠিৰাং কৰিব পৰা নাছিলো।
: বা¸ তুমি এফ আই আৰ এখন দিয়া। চাল্লা…পুৰা মেগজিন খালি কৰি দিব মন গৈছে তাৰ গাত। কুকুৰৰ পোৱালি চাল্লা…। আৰু সেই মহিলা কেইগৰাকী ছি:
- ইণ্ডিয়ান আৰ্মিৰ লেফটেনেন্ট ভায়েক খঙত কপি উঠিছিল। কাৰো অন্যায় সহ্য কৰিব নোৱাৰে। ট্ৰেইনিঙত সেয়াই শিকাইছিল।
: হুম¸ তাকেই ভাবিছো ৰবা।
- হুমুনিয়াহ এটা কাঢ়িলে তাই। কি হব কেচ কৰিলে! কোনে তাইৰ হৈ কব! প্ৰমাণৰ অভাবত সাৰি যাব ৰজনী নাথ। এইদৰে দৈনিক শ শ যুবতী লাঞ্চিত হৈ আহিছে। সমাজৰ এই মনোভাবৰ বাবে কোনেও প্ৰতিবাদ কৰিব সাহ নকৰে। আৰু প্ৰতিবাদ কৰাজন হৈ পৰে অকলসৰীয়া। তাই ভাবি নাপায়¸ কেতিয়া নাৰী মুক্ত হব! মনোৰমা খুড়ীহঁতৰ জীয়েকহঁতৰ লগত তেনে হলেহে চকুমেল খাব নেকি? তাই নাজানে!
*************
#লেখকৰ চিন্তা-
‘‘সংগ্ৰাম আন এটি নাম জীৱনৰে
ইতিহাসে চিঞৰে জয় জনতাৰে।’’
- ভুপেন দাৰ গান শুনি সাহস পায় সি। অন্যায় কৰাটো যদি পাপ¸ অন্যায় সহি থকাটোও পাপ। প্ৰতিবাদ সকলোৰে জন্মস্বত্ব অধিকাৰ। হাঁহি উঠে তাৰ।
‘নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু’ প্ৰচলিত কথাষাৰ মিছা নহয়। বোৱাৰী নিৰ্যাতনৰ মুলতেই থাকে বেছিভাগ ক্ষেত্ৰতে এগৰাকী নাৰী। নায়িকাই তিল তিলকৈ মৰি মৰি নিৰবে সহি থাকিলেহে ভালপালে হেতেন নেকি! মনোৰমা¸ বিজয়া¸ ৰাণীৰ দৰে পঞ্চাশোৰ্ধৰ নাৰীকেইজনীৰ বাবে অশ্লীল ইংগিত¸ যৌন উৎপীড়ন কি লৰা ধেমালি! তেওলোকৰ ঘৰত কি ছোৱালী নাই!
লিখি গল সি।
----------------------
ঘটনাবোৰ ইতিমধ্যে সকলোৱে পাহৰি গৈছিল। বাসবীয়ে সকলো পাহৰি নতুনকৈ প্ৰস্তুত হৈছিল। গিৰিয়েকে সাহস দিছিল তাইক। নতুন অফিচটোত দৰমহা কম হলেও কাম কৰি ভাল লাগিছিল তাইৰ। ইয়াত অন্তত মনোৰমাখুড়ীহতৰ দৰে নিষ্ঠুৰ মহিলাবোৰ নাই। ৰজনী নাথৰ দৰে হিস্ৰ স্বাপদবোৰ নাই।
স্কুটীখনলৈ প্ৰায়েই অহাযোৱা কৰে তাই। সেইদিনা আছিল ৰবিবাৰ। গিৰিয়েকৰ লগত বজাৰ কৰি ঘৰলৈ উভতিছিল তাই। কিনকিনিয়া বৰষুণ এজাক আহিছিল। গাড়ীৰ খোলা খিৰিকিৰে বৰষুণৰ চিটিকণিবোৰ গাত পৰিছিল। তাইৰ ভাল লাগিছিল। বৰষুণ তাইৰ প্ৰিয়। এনে এটা বৰষুণৰ বতৰতেই গিৰিয়েকে তাইক প্ৰপ’জ কৰিছিল। বৰষুণজাকৰ বাবে পথটো খালী হৈ পৰিছিল। বাছষ্টেণ্ডটোত বিজয়া খুড়ী ৰৈ আছিল গাড়ীৰ অপেক্ষাত। লগত একৈশ বছৰীয়া জীয়েকজনী। আগতে হোৱা হলে তাই ৰৈ মাত এষাৰ দিলেহেতেন। হয়তো গিৰিয়েকক অনুৰোধ কৰিলেহেতেন তেওলোকক ড্ৰপ কৰাবলৈ। এপাকত চকুৱে চকুৱে পৰিল তাইৰ বিজয়াখুড়ীৰ লগত। মুখখন ঘুৰাই দিলে তাই ঘৃণাত। থুৱাই দিবলৈ মন গল তাইৰ। কিন্তু তাইৰ সংস্কাৰে নকয় সেয়া।
: হেই বেবী¸ ইউ আৰ চো হট। কিচ মি বেবী।
- প্ৰচণ্ড বেগত অহা বাইকখনৰ গুণ্ডামাৰ্কা লৰাদুজনে ঘপকৈ বাইকখন ৰাখি বিজয়াখুৰীৰ জীয়েকজনীৰ বুকুত থপিয়াই তীব্ৰ বেগত আঁতৰি গলগৈ। ঘটনাৰ আকস্মিকতাত¸ ভয়ত নিৰ্বাক হৈ পৰিল ছোৱালীজনী। মাকৰ সমুখতে জীয়েকৰ শ্লীলতা হানিৰ অপচেষ্টাত মাকো নিৰ্বাক হৈ পৰিছে।
: হেৰা¸ গাড়ীখন ৰখোৱা।
- বাইকখনৰ নাম্বাৰ কেইটা মনত ৰাখি তিতি তিতি গাড়ীৰ পৰা নামি দৌৰি আহিল তাই।
: চোৱা ভন্টি¸ বাইকৰ নাম্বাৰ মই মনত ৰাখিছো। তুমি এতিয়াই কমপ্লেইন এটা দিয়াগৈ। সহি নাথাকিবা।
- মোবাইলত টাইপ কৰি ৰখা নম্বৰকেইটা তাইৰ হাতত দি খুড়ীৰ ফালে নোচোৱাকৈয়ে উভতি আহিল তাই। তাইৰ মন গৈছিল খুড়ীক সোঁৱৰাই দি সুধিব। কিন্তু হৃদয়হীনা নহয় তাই। তেওলোকে প্ৰতিবাদ কৰিব নে নকৰে তাই নাজানে। কিন্তু চাগে এতিয়া খুড়ীয়ে বুজিব পাৰিব! তাই আশাবাদী!
------------------
নাই¸ এইদৰে নহব। লেখাখিনি কাটি পেলালে সি। বিজয়াখুড়ীহঁতৰ দৰে নাৰীসকলক বুজনি দিবলৈ আৰু এটা অপকৰ্মৰ কল্পনা কৰিব নোৱাৰে সি। নহওক কেতিয়াও এইবোৰ। কোনো নাৰীয়েই নিৰ্যাতিতা নহওক।
বুকুখন বিষাই যায় লেখকৰ। অসহায় হৈ পৰে সি¸ একোৱেই কৰিব নোৱাৰে। ৰজনী নাথৰ দৰে সহস্ৰ লম্পটে সমাজখন নষ্ট কৰিছে। পুৰুষৰ নামত কালিমা সানিছে। মনোৰমা¸ বিজয়া¸ ৰাণীৰ দৰে তথাকথিত নাৰীৰ বাবেই অসভ্যবোৰৰ অতপালি বাঢ়িছে। লেখকে নাজানে¸ এই সমষ্যাৰ সমাধান কেতিয়া হব! সি নাজানে¸ তাৰ শব্দৰ সেই যাদুকৰী শক্তি আছেনে নাই চেতনা জগাই তুলিব পৰাকৈ। নিকম্মা লেখকৰ দুচকু সেমেকি উঠে।
--------------------
পিছদিনা বাসবী অফিচলৈ গল। সকলোৰে সমুখত ৰজনী নাথক এটা কাণতলীয়া চৰ সোধাই কৈ উঠিল ‘কুকুৰ’।
: আপোনালোকৰ দৰে মহিলা সমাজত থাকিলে কেতিয়াও প্ৰকৃততে নাৰী স্বাধীন হব নোৱাৰে।
- মনোৰমাখুড়ীৰ ৰুমত বিজয়াখুড়ী¸ ৰাণীখুড়ীয়ে বিয়নি মেল পাতিছিল। তাইৰ আকস্মিক প্ৰবেশত হতভম্ব হৈ পৰে তেওলোক। মনটো ভাল লাগিল তাইৰ। সহযাত্ৰী কোনোবা থাকক নাথাকক¸ তাই সদায় অন্যায়ৰ প্ৰতিবাদ কৰি যাব। গপগপাই ওলাই আহিল তাই। পাৰ্থ বাটত ৰৈ আছে।
সমাপ্তিটো এনেদৰেই লিখিলে সি। নভবাকৈয়ে কাহিনীটোৰ শিৰোনাম দিলে সি¸
‘‘ৰজনী নাথ মুৰ্দাবাদ’’।।
‘‘মুৰ্দাবাদ মুৰ্দাবাদ’’।।
****** ****** ******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib