প্ৰেমত পৰা মানুহবোৰক ফুচুলাবলৈ ভাল
বৰ আবেগিক হয় তেতিয়া
আকাশত আঙুৰ লাগে
মাছবোৰ চৰাই হয়
তৰাবোৰ ফুল¸
প্ৰেমত পৰা মানুহবোৰ বৰ আলসুৱা
সঘনাই সপোন দেখে
হিমালয়ৰ ওখ চুড়াত চৰাই হৈ উৰে
প্ৰেমত পৰা মানুহবোৰে নুবুজে
সচা-মিচাৰ প্ৰভেদ
বৰষুণত তিতি বৰ ভালপাই
প্ৰেমত পৰা মানুহে
বুকুত ফুলে কৃষ্ণচুড়া¸
প্ৰেমত পৰা মানুহে গছ বগাব নোৱাৰে
প্ৰেমত পৰা মানুহে সাতুৰিব নাজানে
উজুটি খাই পৰে জীবনৰ বোকাত¸
তথাপিও সুন্দৰ হাঁহিবোৰ,…
প্ৰেমত পৰা মানুহে জানে দুখৰ সংজ্ঞা
প্ৰেমত পৰা মানুহে জানে প্ৰাপ্তিৰ ঠিকনা
প্ৰেমত পৰা মানুহে পাই ইশ্বৰৰ আশীৰ্বাদ
অতিশয় সাহসী প্ৰেমত পৰা মানুহবোৰ…
প্ৰেমত পৰা মানুহক ফুচুলাবলৈ ভাল
বুৰ্বক প্ৰেমত পৰা মানুহবোৰ।
বুৰ্বক প্ৰেমত পৰা মানুহবোৰ।
✍ পৰশমণি কাশ্যপ
ৰামপুৰ¸ দক্ষিণ কামৰূপ
ফোন: ৯৯৫৪৯৭৩০৯৫
ৰামপুৰ¸ দক্ষিণ কামৰূপ
ফোন: ৯৯৫৪৯৭৩০৯৫
0 comments:
Post a Comment