Now you can Subscribe using RSS

Submit your Email

Wednesday, 12 April 2017

জোনাক নামিল হিয়াত

Unknown



জিলিৰ মাতেৰে পৰিবেশটো মায়াময় হৈ পৰিছে। ঢিমিক-ঢামাক পোহৰবোৰ আহিছে ঘৰবোৰৰ পৰা। বোকামাটিৰ গোন্ধতো তাৰ নাকত লাগিছে। দিনটো বৰষুণ গৈছিল। এতিয়া আকাশ ফৰকাল। গাঁৱলীয়া আলিবাটোত ঠায়ে ঠায়ে বোকা। পথৰ কাষৰ নৰ্দমাৰ পৰা ভেকুলীবোৰে টোৰটোৰাই মাতি আছে। এয়াৰ বেগটো পিঠিত লৈ মোবাইলটোৰ পোহৰত খুপি খুপি আহি আছে সি।
খং উঠে দেবজিতৰ। কি যে পিছপৰা ঠাইখনত সোমালহি নহয়। সন্ধিয়া হোৱাৰ লগেলগে কাৰেন্ট নাথাকেই। তাৰ ঘৰো গাঁওত¸ হলেও এইখন ঠাইতকৈ বহুগুণে উন্নত।
: তোৰ পোষ্টিং কত হল অ’?- লগৰ বোৰৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগেলগে মুখ বিকটাই দিছিল চবে। উপাই নাই¸ লাইফটোক লৈ ৰিস্ক লব নোৱাৰে। বেকাৰ হৈ বহি থকাতকৈ পোন্ধৰহেজাৰটকীয়া মাষ্টৰৰ চাকৰীটো বহুগুণে ভাল।
বেছিদিন হোৱা নাই এই ঠাইখনলৈ অহাৰ। নতুনকৈ পোষ্টিং এই ভিতৰুৱা গাঁওখনত। টেটত পাছ কৰি দুখনজিলা পাৰ হৈ গোৱালাপাৰা¸ ধুবুৰীৰ সীমাৰ পিছপৰা গাঁওখনৰ এল পি স্কুলখনলৈ আহিছিল সি।
: দাস দা¸ ভাৰাঘৰ এটা চাবচোন। - প্ৰধান শিক্ষকজনক কৈছিল সি। নিতৌ দুশ কি:মি: পথ অহাযোৱা কৰিব নোৱাৰে সি। খুড়াকৰ বয়সীয়া মানুহজনক দাদা বুলিয়ে মাতে সি। আপোনভোলা মানুহজন বৰ মৰমীয়াল।
: হেৰি নহয় দেবজিত¸ ভাড়াঘৰ নোপোৱালৈ তুমি মোৰ ঘৰতে থাকিবা।- দুটা হাইস্কুলত পঢ়া লৰাৰে দাসদাৰ সুখৰ সংসাৰ। বৌজনীও খুব মৰমিয়াল।
দুদিন পিছত দাসদায়েই তাক ঠিক কৰি দিছিল এই ভাৰাঘৰটো। বেছি দুৰত নহয়। স্কুলৰ পৰা আধা কি:মি: মান আঁতৰত তাৰ ভাৰাঘৰতো। খোজকাঢ়ি যাওতে তাৰ পোন্ধৰ মিনিটমান লাগে। এখন চোতালতে দুটা ফেমিলী। তাৰ ভাৰাঘৰৰ মালিকৰ গেলামালৰ দোকান এখন আছে। লৰা-ছোৱালীহাল সৰু। লৰাটো ছিক্সত¸ ছোৱালীজনী এইটত। মালিকনী খুড়ীজনীও বেয়া নহয়। সিটো ঘৰৰ মহিলা গৰাকীহে অলপ একাচেকা। গিৰিয়েক নাই। ঢুকাইছে। এতিয়া ব্লকত গিৰিয়েকৰ চাকৰীটোৱে কৰি আছে। তিনিজনী ছোৱালী। ডাঙৰজনীয়ে কলেজত পঢ়ি আছে। বয়স উনৈশ বিশমান হব চাগে। ভাবে সি। তাইক একে আশাৰে ধুনীয়া নহয় বুলি কব নোৱাৰি। বাকী দুজনীয়ো প্ৰায় একেই। মাতবোলহে কৰা নাই কোনোদিনে। প্ৰায় তিনিমাহমান হল তাৰ এই ঘৰটোত।
: ভাইটি¸ এইখিনি সময়ত এইফালে নাহিবা। ছোৱালী মানুহ আছোতে।- ভদ্ৰভাবেৰে কৈছিল মহিলা গৰাকীয়ে।
: অহ ছৰী।- মানুহজনীৰ কথাত লজ্জিত হৈছিল সি। অলপ খঙো উঠিছিল। আগেপিছে ৰাতিপুৱা শুই উঠিয়ে গা-পা ধোৱে সি। প্ৰাকৃতিক কামফেৰাও শুই উঠিয়ে কৰি গাটো ধুই লয়। কোঠালিৰ কোণৰ বেৰত উলোমাই ৰখা কৃষ্ণৰ ফটোখনত ধুপ এডাল জলাই সেৱা কৰাৰ পিছতহে গেছটো জলাই। সেইদিনা ৰাতি ডাঙৰকৈ বৰষুণজাক আহিছিল। ৰাতিপুৱা শুই উঠোতে দেৰি হৈছিল তাৰ। চাৰে সাতমান বজাত লৰালৰিকৈ গাটো ধুবলৈ দমকলৰ পাৰলৈ আহিছিল। ছোৱালীকেইজনীয়ে স্কুল-কলেজলৈ যাবলৈ ৰেডী হৈ আছিল। দমকলটোৰ পাৰত ৰৈ আছিল সি সিহঁত যোৱালৈ। মানুহজনীৰ চাগে ভাল লগা নাছিল সি সিহঁতৰ ওচৰত ৰৈ থকাটো।
খঙতে গা নুধুৱাকৈয়ে স্কুললৈ আহিছিল সি। দুয়োটা পৰিয়ালৰ মাজত এটাই দমকল¸ এটাই বাথৰুম।
: দাস দা¸ কেনেকুৱা মানুহৰ ঘৰত ৰুম চাই দিলে আপুনি মোক।- স্পষ্ট অভিযোগ তাৰ।
: গাভৰু ছোৱালী থকা মাকবোৰ অলপ তেনে হবই দেবু। - তাৰ কথাখিনি শুনি দাস দাই কৈ উঠে। আজিকালি তাক দেবু বুলি মাতে তেও। সোনকালেই নতুন এটা ঘৰ চাবলৈ গাত লয় তেও।
মালিকনী খুড়ীৱেও শুনিছিল পুৱা কথাখিনি। খঙত¸ লাজত একো কোৱা নাছিল সি। স্কুলৰ পৰা আহি আনকালে তেওলোকৰ ঘৰত অলপ সময় বহে¸ টিভি চাই। আজি মতা নাছিল সি। নিজৰ ৰুমতে সোমাই আছিল।
: বাইদেৱে লৰাটোক তেনেকৈ কৈ ভাল নকৰিলে নেকি! -গিৰিয়েকক কয় তেও। শিক্ষিত লৰা¸ তাতেই মাষ্টৰ। ৰুমটো খালী কৰি গুছি গলে পাই থকা ভাড়াখিনি হেৰুৱাব। পিছপৰা গাঁওখনত আৰু কোনেনো ভাড়া বিচাৰি আহিব!
: ভাইটি¸ তুমি বেয়া নাপাবা। বাইদেউ অলপ তেনেকুৱাই। বাপেক নোহোৱা ছোৱালীকেইজনীক সাবতি আছেতো!
: না না¸ মই বুজিছো খুড়ীদেউ।- মালিকনী খুড়ীদেউক কৈ উঠে সি।
দুদিনমান গৈছিল। আকৌ আগৰদৰেই ৰাতিপুৱাই কামবোৰ কৰে সি। সপ্তাহত ঘৰলৈ আহে¸ লেতেৰা কাপোৰবোৰ মাকেই ঘৰত ধুই দিয়ে।
: ভাইটি অলপ এইফালে আহিবাচোন। - স্কুলৰ পৰা আহি মুখহাতখন ধুই ৰুম পাইছিলহে সি। মানুহগৰাকীয়ে মাতিলে তাক। মালিকনী খুড়ীদেউহত ঘৰত নাই¸ কৰবালৈ গৈছে। কাকো অসন্মান কৰিবলৈ দেবজিতে শিকে নাই। সৰুৰে পৰাই কাৰোৱেই কথা সি পেলাব নোৱাৰে।
: কওকচোন খুড়ীদেউ। - মাকৰ বয়সৰ মানুহজনীক খুড়ী বুলিয়েই মাতে সি।
: ভাইটি¸ নতুন চিলিণ্ডাৰটো এইমাত্ৰ আনিলো। লগাব পৰা নাই। - মানুহজনীৰ কথাত অনুৰোধৰ সুৰ। পিছে পিছে আহি সি ৰেগুলেটৰটো লগাই দিয়ে চিলিণ্ডাৰত। অলপ জাম হৈছে ৰেগুলেটৰটো। লাগি লাগি ধৰে।
: খুড়ীদেউ¸ ৰেগুলেটৰটো সলাবলগীয়া হৈছে।- কৈ কৈ ওলায় আহে সি।
: ভাইটি¸ বহাচোন। চাহ একাপ খোৱা।
: নালাগে খুড়ী।
: একো নহয়। বহাচোন।- মানুহজনীৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰে সি। প্লেট এখনত বিস্কুট আৰু একাপ চাহ আনে তেও। গাখীৰ চাহ একাপৰ প্ৰয়োজন অনুভব কৰিছিলেই সি। ৰুমতো ৰঙা চাহহে।
: ’বেৰ নথকা শাকনি আৰু বাপেক নথকা উঠন গাভৰু একেই অ’ বোপাই। সকলোৱে চকু দিয়ে। সুবিধা বিচাৰে।’ - কৈ কৈ কান্দি উঠিল মানুহ গৰাকী। কি বুলি শান্তনা দিব সি।
: চিন্তা নকৰিব খুড়ীদেউ। চব ঠিকহৈ যাব।- কৈ উঠে সি।
মানুহগৰাকীৰ আন্তৰিকতাত মুগ্ধ হয় দেবজিত। তেওক এনেয়ে ভুল বুজি আছিল সি। জীয়েক তিনিজনীৰ নিৰাপত্তাক লৈ চিন্তিত হৈ থাকে তেও। ওচৰে পাজৰে বহুত মদাহী চৰিত্ৰহীন লোক আছে। ছোৱালীকেইজনী সৰু থাকোতেই বাপেক ঢুকাইছিল। এনে ভণ্ডমানুহো আছে¸ যিয়ে দিনৰ পোহৰত সভ্যহৈ ৰাতি নিৰাশ্ৰয় বিধবা মাইকীৰ সুবিধা বিচাৰে। বহু পুৰুষে ৰাতি দৰ্জা থেলিব খোজে। ভয়তে দাখন হাতত লৈ কুচিমুচি বহি আছিল তেও ছোৱালীকেইজনীক লৈ বিছনাখনৰ এচুকত। তেও বুজিছিল ভয় কৰি থাকিলে সমাজখনে জীয়াই থাকিব নিদিয়ে। নিজকে সলনি কৰিছিল তেও। ফেপেৰি পাতি উঠিছিল। তেওৰ মা কালী ৰূপত পলাইছিল সুবিধাবাদীবোৰ।
মনটো গধুৰ হৈ পৰে দেবজিতৰ। সচাকৈয়ে এচাম ভণ্ডলোকে সমষ্ট পুৰুষজাতিৰ নাম বদনাম কৰি আছে।
আজিকালি দেখাপালে মাতে তেও।
: ভাইটি¸ আহিলা
: হয় খুড়ীদেউ।- এইদৰে দুই এটা কথা পাতে। ডাঙৰ ছোৱালী বিদিষা বিএ ফোৰ্থ চেমৰ ছাত্ৰী। তামান্না এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ পাইছে। অমৃতা নাইনত। অলপ লাজকুৰীয়া বিদিষা। দেখিলে হাঁহি এটা মৰাক বাদ দি একো কথা নাপাতে তাই। তামান্না আৰু অমৃতা অলপ স্মাৰ্ট। ইকোনমিকচ লৈছে তমান্নাই। সিয়ো ইকোনমিকচতে মেজৰ লৈ বিএ পাছ কৰিছে। মাজে মাজে দুই এটা কথা শুধিবলৈ আহে তাই। সন্ধিয়া সময় খিনিত ওচৰৰ নাইন¸টেনৰ লৰা-ছোৱালী দুটামানক পঢ়াই সি। পইছাৰ বাবে নহয়। ভাল লাগে তাৰ পঢ়ুৱাুই। সি নিজেও সাধাৰণ ঘৰৰ লৰা। বুজি পাই মানুহবোৰৰ দুখবোৰ। দুখীয়া পৰিয়ালৰ লৰা-ছোৱালীকেইটাক সেয়ে বিনামুলীয়াকৈ পঢ়ুৱাই দিয়ে। মাক-দেউতাকেইজনে হিয়াভুৰি আশীৰ্বাদ দিয়ে তাক। ভাল লাগে তাৰ। লৰা-ছোৱালীকেইটা পঢ়াত ভাল। অলপ কষ্ট কৰিলে ৰিজাল্ট ভাল কৰিব। কলম¸ বহী সাধ্য অনুসাৰে যোগান ধৰে সি। মাজেসময়ে ৰাতিৰ সাজটো
তেওলোকৰ ঘৰতে খাই সি। তাৰ মন নাযায়। কিন্তু মানুহবোৰৰ আগ্ৰহক বাধা দিব নোৱাৰে।
সাজ লাগিছিল তেতিয়া। টিউচনলৈ যাবলৈ ওলাইছিল সি। তলাটো মাৰি বাহিৰলৈ আহোতে শুনিলে¸ বিদিশাৰ মাকে কাৰোবাক বেয়াকৈ গালি দি আছে।
: কি হৈছে মুন। মালিকৰ বাৰ বছৰীয়া লৰাটোক সোধে সি।
: তনু বাই শিল মাৰি লৰা এটাৰ কপাল ফুটাই দিছে। মাও গৈছে। -তমান্নাৰ ঘৰত মতা নাম তনু। একো নুবুজি সিয়ো গলগৈ তেওলোকৰ ঘৰলৈ।
: কি হৈছে খুড়ীদেউ।- মালিকনীক দেখি সোধে সি।
: নকবা আৰু দেবু। কেইটামান অভদ্ৰই জীয়ৰী বোৱাৰীক ওলাব নোৱৰা কৰিছে।- উস্মাৰে কৈ উঠে তেও। বিদিষাই ইউনিফৰ্ম নসোলোৱাকৈয়ে উচুপি উঠিছে¸ তমান্নাই তাইক বুজাইছে। ইতিমধ্যে মালিক খুৰাও আহি পালে।
: কি কৰা ভাল হব দেবু। এজাহাৰ এখন দি থও নেকি?- মালিক খুড়াই সোধে তাক। কি কব সি। খং তাৰো উঠিছে। কিন্তু চব কথা চালিজাৰি চোৱাটো ভাল। আজিকালি দুয়োখন ঘৰৰ লগতেই সহজ হৈছে সি। মাহেকত পইচা ললেও তেওলোকে নিজৰ লৰাৰ দৰেই ভাবে তাক।
সিহঁতৰ ঘৰৰ পৰা বাছ আস্হানলৈ আড়ৈ কি:মি:মান খোজকাঢ়ি যাব লাগে। এক কি:মি: গলেই মুকলি পথাৰখন। সেইটো পথেৰে গলে ভালেখিনি দুৰ হয়। পথাৰখনৰ কাষৰ মন্দিৰটোৰ ফালেৰে গলে প্ৰায় ডেৰকি:মি:মান গলেই হয়। ঠাইখিনি অলপ আউহতীয়া। ওচৰতে মণ্ডলৰ প্ৰকাণ্ড বাঁহনিখন। কেইবছৰমান আগতে হেনো কোনোবা এজনে ফাচ লগাই আত্মহত্যা কৰিছিল তাত। মাজে মাজে ওলাই হেনো প্ৰেতাত্মাটো।
দেবজিতে ভুত-প্ৰেত এইবোৰ বিশ্বাস নকৰে। কিন্তু জঁয়াল ঠাইখিনিৰে সন্ধিয়া যাবলৈ সিয়ো টান পায়। সংসাৰৰ মদাহী¸ ভাঙুৰীবোৰ লাংখাই পৰি থাকে। ওচৰৰ বড়ো গাঁও খনত চুলাই খাই আহি অশান্তি কৰে। প্ৰায়েই ৰাতি শুনে সি কিছুমান মদাহীয়ে বাটেৰে যাওতে অশ্লীল গালি-গালাচ কৰি পৰিবেশ নষ্ট কৰে।
যদু মহৰী আৰু নৰেন ঠিকাদাৰৰ লৰাদুটাই পঢ়াশুনা আধাতে সামৰি মদখাই ঘুৰি ফুৰে। বাপেকৰ টকা নষ্ট কৰি বাইকখন লৈ লোকৰ জীয়ৰী বোৱাৰীক অশ্লীল ইংগিত দিয়ে। কেইবাদিনৰ পৰা বিদিশাকো জোকাই আহিছে সিহঁতে। লাজতে ভয়তে তাই কাকো কব পৰা নাছিল। বৰ আলসুৱা তাই। আজিও সিহঁতে হাতত ধৰিছিল তাইৰ। একেলগে আহি থকা তমান্নাৰ সহ্য নহল। মাকৰ দৰেই সাহসী তাই।
: অ’ই কুট্টাহত¸ মোৰ বাক কিয় হাতত ধৰিবি। - ওচৰতে পৰি থকা শিল এটা বুটলি কপাললৈ মাৰিছিল তাই। হোহোৱাই তেজ ওলাইছিল তাৰ। তাই আকৌ এটা শিল তুলি লৈছিল।
: চাই লম তহঁতক। - ধমকি দি বাইকত গুছি গৈছিল সিহঁতদুটা।
: খুড়া এফায়াৰ এখন দিয়াটো ভাল হব। আগেপিছে বিদিশাক জোকাইছিল। এতিয়া আক্ৰমণ কৰি তমান্নাই শত্ৰুতা বঢ়াই তুলিছে।- হয়ভৰ দিয়ে সকলোৱে।
: কিন্তু গাঁওবুঢ়াক নোশোধাকৈ পুলিচৰ ওচৰলৈকো যাব নোৱাৰো। - চিন্তাক্লিন্ট হয় খুড়াক। ভিতৰুৱা গাঁও। এতিয়াও গাঁওৰ ৰাইজৰ বিচাৰকে সকলোৱে আইন বুলি মানি আহিছে। এতিয়া সিহঁতৰ বাবে গাঁওত পুলিচ সোমালে ৰাইজে এঘৰীয়া কৰিব। তাক লগত লৈ তাইৰ মাক আৰু খুড়াক ওলালগৈ গাঁওবুঢ়াৰ ঘৰ।
: দাদা¸ এতিয়া কি কৰিম!- সকলো বুজাই সোধে খুড়াকে।
: চা তপন¸ মই অকলে ৰায় দিব নোৱাৰো। তহঁতে ৰাইজৰ মেল এখন দে। দণ্ড নিশ্চয় পাব সিহঁতে।- গাওবুঢ়াই কয়।
: কিন্তু দাদা¸ ছোৱালী দুজনীকনো মই ৰাইজৰ আগলৈ কেনেকৈ আগবঢ়াও। দুখ নাপাবনে সিহঁতে।- চিন্তাক্লিষ্টহৈ বিদিষাৰ মাকে কয়।
: চা মালতী¸ তহঁতৰ সমষ্যাটো বুজিছো। কিন্তু গাঁওখনৰ মুৰব্বীহৈ কেনেকৈনো তহঁতক পুলিচ আনিবলৈ অনুমতি দিও।- ভাৰাক্ৰান্ত মন এটা লৈ উভতি আহে সিহঁত। একো কম বুলি ভাবিও কব নোৱাৰে সি। গাঁওলীয়া সমাজবোৰ এনেকুৱাই।
: কি কৰিবি বৌ¸ গাঁওখনৰ বিৰুদ্ধ গৈ একো কৰিবও নোৱাৰো। ছোৱালী দুজনীৰো বদনাম হব এইবোৰ কৰিব গলে। যদুমহৰী¸ নৰেণ ঠিকাদাৰ ধনী মানুহ। টকাৰে কিনি লব সকলো।
: কিন্তু তপন সেইবুলি ছোৱালী দুজনীৰ নিৰাপত্তাৰ কথাতো কেনেকৈ পাহৰি যাও। -দেওৰেকৰ কথাৰ ওপৰতে কৈ উঠে খুড়ীয়ে।
: খুড়াই ঠিকেই কৈছে খুড়ী। কথা আগনবঢ়োৱাই ভাল। তমান্নাৰ মাৰখাই হয়তো সিহঁতে আৰু সাহ নকৰিবও পাৰে। তথাপি অলপ সাবধানে চলিব।- কৈ উঠে দেবজিতে। কৰবাত নিজকে ভুল ভুল যেন লাগে তাৰ। সি বাৰু ভুলকৈ কলে নেকি! ৰাতিলৈ ভালকৈ টোপনি নাহে তাৰ। হয়তো সিহঁতৰ এগেইনষ্টত কিবা এটা একচন লোৱাৰ প্ৰয়োজন আছিল। কিন্তু বাপেক নোহোৱা ছোৱালীকেইজনীক অনবৰতে কোনে ৰখি থাকিব। মাকেওতো চাকৰী বাদ দি সিহঁতৰ পিছে পিছে ঘুৰিব নোৱাৰে। একো ভুল কৰা নাই সি। জোৰকৈ চকুদুটা মুদি দিয়ে সি।
দিনবোৰ ভালেৰেই গৈ আছিল। সেয়া বেয়া সপোন বুলি সকলোৱে পাহৰি গৈছিল। গধুলি বজাৰলৈ গৈছিল সি। ৰুমত চব্জী একো নাই। ৰুমৰ পৰা ডেৰ কি:মি: আঁতৰত চকটোৰ সৰু বজাৰখন। অলপ আন্ধাৰ হৈ আহিছিল। মন্দিৰৰ ওচৰৰ চৰ্টকাট পথটোৱে ললে সি। মিছা মিছি ইমানদুৰ খোজ কাঢ়িব নোৱাৰি।
অলপদুৰ যোৱাৰ পিছত কাৰোবাৰ গেঙনি শুনি দৌৰি যায় সি। দুজন মানুহে যুবতী এগৰাকীৰ লগত যোটাপুটি লাগিছে। বাঁহনিখনৰ ভিতৰলৈ টানিবলৈ চেষ্টা কৰি এজনে মুখত সোপা দি টানিছে। এজনে কাপোৰ ফালিবলৈ চেষ্টা কৰিছে।
আৰু ৰব নোৱাৰো সি।
: ঐ এৰি দে এৰি দে।- দৌৰি গৈ এজনক গতা মাৰি তাইক টানি আনে সি।
: ঐ মাষ্টৰ। তাই তোৰ তিৰি নেকি? যা ইয়াৰ পৰা।- সিহঁতে খেদি আহে তাক। দপকৈ খঙটো উঠি আহে তাৰ। মেট্ৰিক পৰীক্ষা দি সেই তিনিমাহত কুংফুৰ ট্ৰেইনিং লৈছিল সি। কলেজত পঢ়ি থাকোতেও চৰ্চা অব্যাহত আছিল। ব্লেকবেল্ট পাইছিল সি। মনটো ভাল লাগি যায় তাৰ। বহুত দিনৰ মুৰত আজি প্ৰেক্টিকেল হব। চাৰ্টটো খুলি তাইৰ গাত দিয়ে সি। তাৰ পুৰ্ণহতীয়া পাঞ্চ¸ ঘোচাত উফৰি পৰে দুয়ো।
: ঐ কুট্টাহত¸ ছোৱালী জোকাবলৈ আহ। মা¸ ভনী নাই তহঁতৰ।- বেল্টৰ কোবত মুখ¸ পিঠি ফালি যাই সিহঁতৰ। তেজে তুমুৰলী হৈ বাইকখন তাতেই এৰি দৌৰ দিয়ে দুয়ো। খেদি নাযায় সি। তাই ঠাইতে বহি এতিয়াও উচুপি আছে।
ফিটা চিঙা তাইৰ বেগতো হাতত লৈ ফলা চুন্নীখন তাইৰ গাত দিয়ে সি।
: কি হল মাষ্টৰবাবু। - মানুহবোৰে সোধে। বয়সত সৰু হলেও মানুহবোৰে সন্মান দিয়ে তাক।
তাইক সাবতি কান্দি উঠে মাকে। কান্দোনৰ ৰোল উঠে ঘৰখনত।
: মাষ্টৰ বাপা¸ বৰ বেয়াকৈ মাৰিছা তুমি। এটাৰ নাকত তিনিটা চিলাই পৰিছে।- গাঁওবুঢ়াই আহি কয় তাক। খুড়াকেই মাতি আনে তেওক। দেবু নহলে আজি তাইৰ সৰ্বনাশ হলহেতেন।-ভাবে খুড়াকে। গাঁওৰে দুজনমান মানুহৰ লগত গৈ এজাহাৰ এখন দি আহে তেও।
খঙতো এতিয়াও কমা নাই তাৰ। এনে দুঠেঙীয়া পশুবোৰক ফায়াৰিং স্কোৱাডৰ আগত থিয় কৰাই গুলিয়াই মাৰিব মন যায় তাৰ।
এনে অন্যায়বোৰ দমণ কৰাৰ বাবেই পুলিচ অফিচাৰ হব খোজে সি। গ্ৰেজুৱেচন কৰি বহুৱাৰ ট্ৰাই কৰিলে¸ কিন্তু দুৰ্নীতিত পোতখাই থকা চিষ্টেমটোৰ বাবে ইউনিফৰ্মযোৰ পিন্ধাৰ সৌভাগ্য হোৱা নাই তাৰ। দেউতাকৰ চাকৰী আৰু বেছিদিন নাই। সেয়ে টেটত পাছ কৰি সি আহিছিল ভিতৰুৱা গাঁওখনলৈ।
: দেবু¸ কথাটো ভাল নহল নেকি। তুমি বেলেগ ঠাইৰ লৰা।- অলপ চিন্তাক্লিষ্ট হয় দাস দা। কথাটো সিয়ো নভবা নহয়। নিজলৈ ভয় নকৰে সি। তাৰ একো অপকাৰ কৰিব নোৱাৰে। ভাল চাঞ্চ পালেই গুছি যাব সি। তাৰ বেয়া লাগে বিদিষালৈ। ভাঙি পৰিছে ছোৱালীজনী। আজিকালি কলেজ নাযায়েই তাই। নাহাঁহে। খুড়ীহঁতৰ ঘৰখনেও যেন হাঁহিবলৈ পাহৰি গৈছে। খুড়া-খুড়ী সকলোৱে যেন জোৰকৈ হাঁহিবলৈ চেষ্টা কৰে। কালপ্ৰিট দুটাক পুলিচে এৰেষ্ট কৰিছে ইতিমধ্যে।
যদু মহৰী আৰু নৰেণ ঠিকাদাৰৰ ঘৰখনে উলিয়াই ফুৰিছে¸ তাইৰ লগত বোলে তাৰ সম্পৰ্ক আছে। সেয়েহে ইমান আক্ৰোশী হৈ মাৰিলে। মানুহবোৰৰ বু বু বাবা সি নুশুনা নহয়।-ভাবি ভাবি আহি থাকে সি।
শনিবাৰে ঘৰলৈ গৈছিল সি। ৰবিবাৰ বন্ধ¸ সোমবাৰে শংকৰদেবৰ তিথি। মংগলবাৰে বাহিৰে বাহিৰে স্কুল কৰি সন্ধিয়া ৰুম পালে সি। দাস দাই তাৰ ট্ৰাঞ্চপাৰৰ ব্যবস্হা কৰিছে। চিনাকী আছে তেওৰ ডি আই অফিচত। গৃহজিলালৈ আহিব পাৰিলে ভালেই পাই সি।
: দেবু¸ অলপ আহিবাচোন।- খুড়াহতৰ ঘৰত সকলো বহি আছে।
: ঘটনাটোৰ পিছত গমেই পাইছা¸ মাইনাৰ বদনাম হৈছে। কলেজলৈ যাব নোৱাৰা হৈছে তাই।- কৈ থাকে তপনখুড়াই। একো নুবুজি তেওৰ মুখলৈ চাই থাকে সি।
: প্ৰস্তাব এটা আহিছে। লৰাটোৰ অলপ বয়স হৈছে। সাতত্ৰিশ¸ আঠত্ৰিশমান হৈছে। দোকান আছে।- কৈ থাকে তপন খুড়াই।
: দেবু¸ তেওলোকৰ ঘৰ চাবলৈ মাতিছে কাইলৈ। অকলে মোৰ যাব বেয়া লাগে। তোমাতকৈ বিশ্বাসীনো আমাৰ কোন আছে! কাইলৈ তুমি স্কুলৰ পৰা অহাৰ পিছত যাম দিয়া।
: বিদিশাক সুধিছে জানো?- তপন খুড়াক সোধে সি।
: তাইক সুধিনো কি হব বোপাই। আৰু দুজনী ছোৱালী আছে মোৰ।- কৈ উঠে তাইৰ মাকে।
: মোকো এটা অবলম্বন লাগে। ঘৰখনত মতা এজন নথকা বাবে বহুত সমষ্যা।- কান্দি উঠে মানুহগৰাকী। কি কব ভাবি নাপাই সি।
দেবজিতে জানে তাইৰ নিশ্চয় মন নাই। সময়¸ পৰিস্হিতিয়ে বাধ্য কৰিছে তাইক। এম এ পঢ়াৰ ইচ্ছা আছিল তাইৰ। তাতকৈ সাতবছৰমান সৰু ছোৱালীজনী। তাই চাগে কেতিয়াও সুখী হব নোৱাৰিব। বেয়া লাগি যায় তাৰ মনটো।
: খুড়ীদেউ¸ বিদিশাক মাতকচোন এবাৰ।- বিশেষ নভবাকৈয়ে মাকে মাতে তাইক। তাই সোমাই আহে।
: বিদিশা বহা।- সমুখৰ চকীখনত বহে তাই।
: চোৱা¸ তোমাৰ এই সকলো সমষ্যাৰ অন্ত যদি বিয়া হৈ গলেই শেষ হৈ যাব বুলি ভাবিছা¸ তেন্তে মই তোমাৰ জীবনসংগী হব খোজো। আই প্ৰমিজ¸ তোমাৰ সকলো সপোন মোৰ কৰি লম। -হতভম্বহৈ সকলোৱে চাই থাকে তাৰ মুখলৈ।
কি কব বিদিষাই। তাৰ চকুলৈ চালে তাই। সি ধেমালি কৰা নাই। অশেষ মৰম¸ প্ৰতিশ্ৰুতি দেখাপাই তাই তাৰ চকুত।
: খুড়ীদেউ¸ যদি আপোনালোকে আপত্তি নকৰে মই বিদিষাক বিয়া কৰাব খোজো।- পুণৰ কৈ উঠে।
: তুমি সচাকৈ কৈছা দেবু।- তপনখুড়াই খামুচি ধৰে তাৰ হাতত।
: মোৰ আপত্তি নাই।- কৈয়ে লাজতে ভিতৰলৈ দৌৰ দিয়ে বিদিষাই। আনন্দতে উচুপি উঠে মাকে।
: বৌ কান্দিছা কিয়। এয়া আনন্দ কৰাৰহে সময়। কৈ উঠে খুড়াকে। তেও দেখিছে সি কিমান বেয়াকৈ মাৰিছে সিহত দুজনক। ইমান দিনে বুজিছে সি সচাকৈয়ে ভাল লৰা।
: দাদা¸ আজিৰ পৰা আপোনাক ভিনদেউ বুলি মাতিমদেই।- তমান্না দৌৰি আহি খামুচি ধৰে তাৰ হাতত। হাঁহি এটা মাৰি তাইৰ মুৰত হাত বুলাই দিয়ে সি।
: দেবু¸ ভাত ইয়াতে খাবা তুমি।- চকুলো মচি কৈ উঠে খুড়ীমাকে।
বাহিৰলৈ ওলাই আহে সি। ঘৰলৈ ফোন এটা কৰিব। মাকক কব ছোৱালী পছন্দ হৈছে তাৰ। মাকে চিঞৰি থাকে বোৱাৰী এজনী লাগে। ভনীয়েকক উলিয়াই দিয়াৰ পিছত উদং হৈ গল ঘৰখন। এক অনামী অনুভুতিৰে মনটো ভৰি উঠে তাৰ।
বাহিৰত তেতিয়া ফৰিংফুটা জোনাক। জোনাকী পৰুৱাবোৰ উৰি ফুৰিছে।চোতালৰ আগৰ শেৱালি জোপাৰ ছা বাৰাণ্ডাত পৰিছেহি।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib