আকাশখন ফৰকাল। সুৰুযৰ প্ৰথম কিৰণ আহি খিৰিকিৰে সোমাই আহিছে। খিৰিকিৰ কাষৰ খৰিকাজাইজোপা ফুলি উঠিছে। মনটো থৌকিবাথৌ লাগি আছে তাৰ।
আজি তাইক লগ পাব সি। প্ৰথমবাৰ সোশৰীৰে দেখাপাব তাইক। তিনিমাহৰ পৰা কুটুৰি থকাৰ পিছত অবশেষত সন্মতি দিছে তাই। ৰাতিপুৱাই গা-পা ধুই সাজি কাচি ওলাল সি। এঘাৰবজাত গৈ পাবগৈ লাগিব। পুৱাই উঠি বাইকখন ধুইছে। লেতেৰা হৈ থাকিলে বেয়া ইম্প্ৰেচন পৰিবতো। নতুন জীনচ আৰু ৰুলাৰ চাৰ্টটো পিন্ধি ওলাল সি। ফগ ব’ডী স্প্ৰেটো গাত লগাই হেলমেটতো পিন্ধি ওলাই আহে সি। সচৰাচৰ বডী স্প্ৰে ব্যবহাৰ নকৰে সি। ঘমালে বেয়া গোন্ধাই। কিন্তু আজিৰ কথাটো সুকীয়া।
: অই দাদা¸ কৰবাত ডেটিং চেটিং আছে নেকি?- ভনীয়েকে জোকাই তাক।
: ৰহ অ’ এইজনী। মানুহ এজনক লগ কৰিব লগা আছে।- উৎসুকতাখিনি ধৰাপৰাৰ ভয়ত খপজপাই কৈ উঠে সি।
: এজন নে এজনী?- হাঁহি হাঁহি সোধে তাই। মুখত দুষ্টামি হাঁহি।
: তই মাথো সেইবোৰে ভাবি থাক ন? আৰু বেলেগ কাম থাকিব নোৱাৰে! টেণ্ডাৰ এখন পেলাইছিলো। অলপ ডিছকাছ কৰিব লাগে।- কৃটিম খং দেখুৱাই সি। অলপ অপ্ৰস্তুত হয় তাই। ককায়েকে মিছা কৈছে নে সচা তাই বুজিবলৈ চেষ্টা কৰে।
: মা¸ দাদাই আজি ধুনীয়া বৌ এজনী আনিব।- সি ভাত খাই থাকোতে খোচ মাৰে তাই। হাঁহি দিয়ে মাকে।
: তোক নেখেদালৈকে মই বিয়া নাপাতো।- ভনীয়েকৰ কাণচেপা দিয়ে সি।
: বৌ নহালৈকে ময়ো বিয়া নহও।- তায়ো তাৰ চুলি ঘোটালি দিয়ে।
: তহঁত ভাই-ভনীয়েৰহালৰ কাজিয়া আৰম্ভ হলনে আকৌ।- কৃটিম ধমক দিয়ে মাকে। তেৱো জানো দুয়োৰে এইবোৰ মৰমৰ কাজিয়া। দুয়ো দুয়োকে এৰি এখন্তেকো থাকিব নোৱাৰে। যলৈকে যাই সি তাইলৈ কিবা নহয়¸ কিবা কিনি আনে। তায়ো নিজে নাখালেও ককায়েকৰ ভাগটো আগতে থবই।
: উ।- জিভাখন উলিয়াই তাক জোকাই তাই। হাঁহি ওলাই আহে সি। কিযে হব নহয় এইজনীৰ লগত। ইউনিভাৰছিটি পালে যেন এতিয়াও সৰু ছোৱালীহে।
পলাশৰ দেউতাক হাইস্কুলৰ শিক্ষক। ৰিটায়াৰমেন্টলৈ আৰু দুবছৰহে আছেগৈ। নতুনকৈ ব্যবসায়ত নামিছে সি। এম কম কৰি দুবছৰমান বাহিৰৰ কোম্পানী এটাত আছিলগৈ। কিন্তু ছেটিছফেকচন নাই। ঘৰৰ টকা আৰু ডিআইচিৰ লোণটো সৈ সৰুকৈ শ্বৰুমটো খুলিছিল সি। বিজনেছ নলেজ থকাৰ বাবে ভালেই চলি আছে শ্বৰুমটো। লোকৰ তলত কাম কৰিবলৈ বেয়া পাই সি। স্বাবলম্বী হোৱাৰ উপৰিও আৰু চাৰিজনক সংস্হাপন দিছে¸ ভাবিলেই ভাল লাগে তাৰ। সৃষ্টিয়েই শলাগে সেই কথা।
নাম তাইৰ সৃষ্টি। প্ৰায় ডেৰবছৰ আগতে সি এদিন লগ পাইছিল সৃষ্টিক ছচিয়েল মিডিয়া ফেচবুকত। সৰুৰেপৰা লিখামেলা হবী তাৰ। মন গলেই কিবাকিবি লিখে। সৃষ্টিয়েও ধুনীয়া কবিতা লিখে। তাইৰ কবিতা পঢ়িয়েই ফেন হৈ গৈছিল সি। তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ত কৰিছিল তাই। সোণকালেই ভাল বন্ধু হৈ পৰিছিল দুয়োটা।
: সৃষ্টি¸ ইমান ধুনীয়া কবিতাবোৰ কেনেকৈ লিখা তুমি! কত পোৱা শব্দবোৰ?- অভিভুত হৈ পৰে সি সৃষ্টিৰ সৃষ্টিত। - ধুনীয়াকৈ হাঁহি দিয়ে তাই। হীৰুদাৰ পিছত তাইৰ কবিতা পঢ়িয়েই বেছি ভালপাই সি। ভুপেনদাৰ গানশুনি যেনেকৈ মনত সাহস পাই¸ তাইৰ কবিতা শুনিও দেহমন জুৰ পৰি যায় তাৰ।
: পল¸ এন্ডিংটো এনেকুৱা নহয়¸ তেনেকুৱা হলেহে বেছি ভাল লাগিব।- গভীৰ আন্তৰিকতাৰে তাই কয় তাক। গদ্য সাহিত্য লিখোতে মাজে মাজে ভুল কৰে সি। আজিকালি পোষ্টবোৰ কৰাৰ আগতে তাইলৈ পঠাই সি। গভীৰ আন্তৰিকতাৰে তাই শুধৰাই দিয়ে। তাইৰ লিখনি প্ৰায়েই আগশাৰীৰ আলোচনী¸ বাতৰি কাকত সমুহত নিয়মিত প্ৰকাশ হয়। তথাপি অলপো অহংকাৰ নাই তাইৰ। আচৰিত হয় সি। বয়সনো কিমান তাইৰ হয়তো বাইশ নতুবা তেইশ। তাতকৈ পাছবছৰমান সৰু তাই¸ তথাপি কিমান উন্নত তাইৰ চিন্তাবোৰ। ঘৰৰ ডাঙৰ ছোৱালী তাই। ঘৰত মাক-দেউতাক আৰু সৰু ভনীয়েকজনীহে। অসমীয়া সাহিত্যৰ ছাত্ৰীগৰাকী অসম্ভব ধুনীয়া। তাইৰ টনা টনা হাঁহো হাঁহোকৈ থকা চকুজুৰিয়ে যিকোনো লৰাৰে মন কাঢ়িব পাৰে। বৰ বেছি শকতো নহয় খীনো নহয়। বগাকৈ আকৰ্ষণীয় ছোৱালী। এজনী আদৰ্শ পত্নী¸ এজনী আদৰ্শ বোৱাৰী হব পৰা সকলো গুণেই আছে তাইৰ। খুব সহজ সৰল ছোৱালীজনীয়ে মাৰ্জিত সাজপাৰ পিন্ধিহে ভালপায়। চেলোৱাৰ কামিজ¸ শাৰী আৰু মেখেলা চাদৰৰ বাহিৰে একোৱে নিপিন্ধে তাই।
পলাশ মুগ্ধ হয় তাইৰ সৌন্দৰ্য্যত। মোবাইলত তাইৰ ফটোখনত চুমা এটা আকি দিয়ে সি।
: সৃষ্টি কথা এটা আছিল।- কও নকওকৈ কয় সি।
: কোৱা আকৌ।
: এনেকৈ নহয়। নম্বৰটো দিয়া। তোমাৰ মাতটো শুনিব খোজো মই।
কিছু সময় নিৰবতা।

কি কব তাই! ইতিমধ্যে দুয়ো ভাল বন্ধু হৈ পৰিছে। যোৱা এটাবছৰত যিমানখিনি বুজিছে পলাশ এটা ভাল লৰা। তেনেকুৱা এজন লৰাক বন্ধু হিচাপে ভাগ্যবান হলেহে পোৱা যায়। ঘন্টাৰ পিছত ঘন্টা তাৰ লগত চাট কৰে তাই। কবিতাৰ কথা পাতে¸ ৰাজনীতিৰ কথা পাতে। সমাজৰ কথা¸ যুব প্ৰজন্মৰ কথা। অসম্ভব মনৰ মিল দুয়োৰো। ৰাতি এপৰলৈকে কথা পাতে দুয়ো। কেতিয়াবা দুই তিনিটা পৰ্য্যন্ত বাজি যায়। গমেই নাপাই তাই¸ সিয়ো পাহৰি যায় সময়বোৰ।
: তুমি মোৰ টোপনি ক্ষতি কৰিলা ন!- কৃটিম অভিমান দেখুৱাই তাই। স্মাইলী ইমোজি এটা ৰিপ্লাই কৰে সি। ভাল লাগে তাইৰ। সৰু লৰাৰ দৰে কাৰবাৰবোৰ তাৰ।
অলপ ভাবে তাই।
: মই কথা পাতি বেয়া পাও।- টাইপ কৰে তাই।
: কিয়? -আচৰিত হয় সি। তাক এতিয়াও তাই বিশ্বাসত লব পৰা নাই নেকি? জেদী হৈ পৰে সি।
: তুমি মোক বিশ্বাসত লব পৰা নাই ন? হব দিয়া নালাগে।- মেছেজ কৰে সি।
বেয়া লাগে সৃষ্টিৰ।
: নহয়ো তেনে কথা নহয়।
: তেন্তে কিয় নম্বৰটো দিবলৈ টান পাইছা?- স্পষ্ট অভিমান তাৰ। নাম্বাৰটো মেচেজ কৰে তাই।
: কিন্তু মই কথা নকও¸ অক্কে। যিদিনা প্ৰথম লগপাম তেতিয়া মুখ খুলিম।- মেচেজ কৰে তাই।
: হব মাই দিয়াৰ। - ফুৰ্তিতে নম্বৰটো চেভ কৰি তাইলৈ ফোন কৰে সি। ৰিচিভ কৰে তাই।
: হাই সৃষ্টি¸ জানা তোমাৰ লগত কথা পাতি মোৰ কিমান দিনৰ হেপাহ।- উচাহ ভৰা মাতটো ভাহি আহে তাৰ। তাই মনে মনে শুনি থাকে।
আচৰিত ছোৱালী এই সৃষ্টিজনী। যেতিয়া তাই এবাৰ দেখাদেখি নোহোৱালৈকে মুখ নেমেলো বুলি কৈছে¸ দেখা নোহোৱালৈকে কথা নকয়। সি জানে তাইৰ প্ৰতিজ্ঞা¸ একাগ্ৰতাৰ কথা। আজিকালি সি প্ৰায়েই ফোন কৰে তাইলৈ। হোৱাটচএপত মেছেজ কৰে। লাহে-লাহে যেন তাৰ গোটেই মনটোৱে অধিকাৰ কৰি পেলাইছে তাই।
দুৰ্বাৰ প্ৰেমিক পলাশ। প্ৰেমৰ কাহিনীবোৰ সৰুৰে পৰা পঢ়ি গোটেই বুকুখনেই প্ৰেমেৰ ভৰি আছে তাৰ। প্ৰয়োজনতকৈ বহুত বেছি আবেগিক সি। নিজেই ভাবে কেতিয়াবা। চিনেমা চাই থাকোতেও শোকাকুল পৰিবেশ বোৰত চকুৰ পানী ওলাই তাৰ।
: ঐ¸ ছোৱালী নেকি তই! কান্দিছ যে।- লগৰবোৰে জোকাই তাক।
প্ৰেমত প্ৰতিবাৰেই অসফল সি। পলাশে বুজি নাপায়¸ কিয় মানুহে কয় জীবনত প্ৰেম এবাৰে হয়। বহুত ডাঙৰ মানুহে কৈ গৈছে। একেই হিয়াৰ আকুলতা¸ একেই মৰম¸ একেই অনুভুতিৰে প্ৰতিবাৰেই ভৰি পৰে তাৰ মন। জীবনত কাকোকেই একেবাৰে পাহৰি যোৱা সম্ভব নহয়। কিন্তু প্ৰকৃত প্ৰেম চাগে একেই থাকে বুকুত আমৃত্যুলৈকে।- ভাবে সি।
কলেজত পঢ়ি থাকোতেই মধুস্মিতাৰ প্ৰেমত পৰিছিল। তাৰ প্ৰেম একপক্ষীয় নাছিল। তায়ো ভালপাইছিল তাক। কিন্তু উচ্চাজাত্যাভিমানৰ অচিলাৰে ওচৰ চাপিবলৈ সাহ নকৰিলে তাই।
: এইবাৰ বিহুত মোক কি দিবা?- দাবী কৰি গিফ্টবোৰ লৈছিল অংকিতাই। পুজাত¸ভেলেন্টাইন ডেত। মাথো ৰেষ্টুৰা¸পাৰ্ক¸ চিনেমা¸শ্বপিং আৰু একো চিনি নাপাই অংকিতাই।
: অংকিতা¸ চোৱাচোন এয়া। কেনে হৈছে।
: না বাবা¸ মই নোৱাৰোদেই। এইবোৰ পঢ়ি থাকিব ধৈৰ্য্য নাই মোৰ।- আহত হয় সি। সি লিখা প্ৰবন্ধতোৰ ফালে নাচায়েই তাই। ধনীৰ দুলালী আধুনিকা তাই। কোনোদিনেই নুশুধিলে তুমি কেনে আছা? মন নিমিলে তাৰ। আঁতৰি আহে সি।
মুম্বাইত থাকোতে লগ পাইছিল কৃটিকাক। গোৱাৰ ফালৰ ছোৱালীজনীক ভাল লাগিছিল তাৰ।
সোনকালেই মোহভংগ হৈছিল তাৰ। প্ৰেম মানেই দৈহিক সম্পৰ্ক নহয়।
এতিয়া সি বহুত সুখী। কাৰো হকাবধা নাই। কোনো আন্দাৰ প্ৰেচাৰ নাই। নিজেই নিজৰ বছ। ৰিস্ক আছে। ভয় নকৰে সি ৰিস্ক লবলৈ। যথেষ্ট কষ্ট কৰিব পাৰে। সফলতা নিশ্চয় আহিবই।
বিয়াৰ বয়স হৈ আহিছে তাৰ। ভনীয়েক তাতকৈ ছবছৰে সৰু। অনেকবাৰ ভনীয়েকে তাইৰ লগৰ বিভিন্ন ছোৱালীক দেখুৱাইছিল। ভাল নালাগে তাৰ সিমানখিনি। ভন্টিৰ দৃষ্টিৰেই চাই।
: দাদা¸ তোৰ সপোনৰজনী কোনোবা ফেক্টৰীতহে বনাব লাগিব।- ভনীয়েকে কৈ উঠে। হাঁহি দিয়ে সি। মনৰ মানুহজনীৰ ছবিখন সি মিলাব নোৱাৰে কাৰোৱে লগত। অজশ্ৰ ছোৱালী ভাল লাগে¸ কিন্তু এটা নিৰ্দিষ্ট গণ্ডীতে সীমাবদ্ধ হৈ পৰে সেই ভাল লগা।
পলাশে অনুভব কৰে যেন সৃষ্টিৰ প্ৰতি এৰাব নোৱাৰা আপোন ভাব এটা জাগি উঠিছে। আজিকালি খাওতে বহোতে মাথোন তাইৰ কথাই ভাবিছে।
: সৃষ্টি¸ তোমাক মোৰ ভাল লাগে।- আকুলতাৰে কৈ উঠে সি।
: কি ভাল লাগে মোৰ।- হাঁহি হাঁহি সোধে তাই।
: চব ভাল লাগে। তোমাৰ হাঁহি¸ তোমাৰ চকু…
: কেতিয়া দেখিলা মোৰ হাঁহি তুমি?- স্মাইলী ইমোজী এটাৰে ৰিপ্লাই কৰে তাই।
: তোমাক মোৰ বহুত আপোন আপোন লাগে।
: ইস। মিছলীয়া
: সচাকৈ কৈছো। তোমাক বৰকৈ কাষত বিছাৰো।- অলপ সময় নিৰবতা
: আই লাভ ইউ সৃষ্টি।- হিয়াৰ সমষ্ট আবেগ ঢালি কৈ উঠে সি।
: ইটছ্ ইমপছিবল।- বেয়া লাগে তাইৰ। কেনেকৈ কব! দুচকু ভৰি আহে তাইৰ।
: হোৱাই সৃষ্টি হোৱাই? - আকুল হিয়াৰে চিঞৰি উঠে সি। ফোনটো কাটি দিয়ে সি।
: মই কথা কব নোৱাৰো অ’ পল। মই বোবা।- টাইপ কৰে তাই। লৰাটোক আৰু অন্ধকাৰত ৰাখিব নোখোজে।
বিশ্বাস নকৰে পলাশে। তাই তাৰ লগত ধেমালী কৰিছে। সি জানে খুউব জেদী ছোৱালী তাই। এই ডেৰবছৰত বহুখিনি বুজিছে সি তাইক।
: সৃষ্টি¸ মই তোমাক লগ পাব খোজো। প্লিজ।
: অক্কে। চানডে লগ পাম।
: য়াহু।- চিঞৰি দিয়ে সি।
: কত¸ কেতিয়া লগ পাম।- উদ্বাউল হৈ পৰে সি।
: আহিবা¸ আমাৰ ঘৰলৈ।- ঘৰৰ ঠিকনাটো মেছেজ কৰে তাই। সেমেকা হাঁহি এটা তাইৰ ওঠত খেলি যায়। ভগবানে সেই সুখ নিলিখিলে কপালত। তাই নিশ্চিত¸ লগ পোৱাৰ পিছত পলে আৰু কেতিয়াও তাইৰ লগত সম্পৰ্ক নাৰাখিব।

ঘৰটো উলিয়াবলৈ অকণো কষ্ট নহয় পলাশৰ। সৃষ্টিৰ ভনীয়েক বাটতে ৰৈ আছিল। ফটোত দেখিছিল তাইক সি। তায়ো বায়েকৰ দৰেই ধুনীয়া।
দ্ৰয়িংৰুমত সোমাই ভাল লাগি যায় পলাশৰ। সচাকৈয়ে এখন আদৰ্শ ঘৰ। সৃষ্টিৰ দেউতাক কলেজ এখনৰ অধ্যাপক। কোঠালিটোৰ প্ৰকাণ্ড শ্বকেচটোত এটা সৰুসুৰা লাইব্ৰেৰী। তাই তাক ঘৰত বন্ধু বুলিয়েই কৈছিল। সি ভবাতকৈয়ো বহুত বেছি ধুনীয়া তাই।
: দাদা¸ বায়ে সচাকৈয়ে কথা কব নোৱাৰে। সেয়ে তাই সকলো শিক্ষা দিচটেঞ্চ এডুকেচনতে লৈছে।- সৃষ্টিয়ে তাৰ সকলো কথা কৈছিল ভনীয়েক বৃষ্টিক।
হতভম্ব হৈ পৰে সি। এয়াও কি সম্ভব। ইমান ধুনীয়া ছোৱালীজনী¸ ভগবানে এয়া কি কৰিলে! বাৰিষাৰ প্লাৱন সৃষ্টিৰ চকুলৈ নামি আহিছে। বেছি সময় চাই থাকিব নোৱাৰে সি তাইৰ চকুলৈ। মাক-দেউতাকক মাতসাৰ দি উভতি আহে সি। ভাৰাক্ৰান্ত মনটো লৈ কেতিয়া আশী কি:মি: পথ ধুমুহাৰ গতিৰে পাৰ হৈ আহে গমেই নাপায় সি।
: কি হল বাবা? কিবা টেনচন!- ভাতৰ পাতত তাক চিন্তিত দেখি সোধে দেউতাকে। আনকালে খোৱাৰ সময়ত সি সদায় কাজিয়া কৰে ভনীয়েকৰ লগত। তাইৰ পাতৰ পৰা খোৱাবস্তু থপিয়াই খায়। আজি সেয়াও কৰা নাই। আচৰিত হয় সকলো।
: দাদা¸ আজি কামটো নহল নেকি?- মৰমেৰে সোধে ভনীয়েকে।
: নহল অ’। যিমান আশা কৰিছিলো। কন্ট্ৰেক্টটো বেলেগ এখন ফাৰ্মে পালে।- মিছা মাতে সি।
: একো নহয় দে। হতাশ নহবি।- মাকে সাহস দিয়ে তাক।
: ’নো পেইন নো গেইন। ফেইলাৰ ইজ দা পিলাৰ অফ চাকচেচ।’- দেউতাকে বুজনি দিয়ে। সেমেকা হাঁহি এটা মাৰে সি। কেনেকৈ কব সৃষ্টিৰ কথা। কিমান আশা কৰিছিল! প্ৰথমে ভনীয়েককে দিব খবৰটো। সি নিশ্চিত তাই যথেষ্ট দুখ পাইছে। তাইক মাত নলগোৱাকৈয়ে গুছি আহিছে সি। ৰাতিটো শুব নোৱাৰে সি। একো এটা সিদ্ধান্ত লব নোৱাৰে।

: মাজনী শুনচোন।- ৰাতিপুৱাই ভনীয়েকক কয় সি। স্হিৰ সিদ্ধান্ত এটা লোৱাত তাইহে সহায় কৰিব পাৰিব তাক।
: চা দাদা¸ লাইফটো তোৰ। তই যদি সৃষ্টিৰ লগত সুখী হব পাৰ¸ মোৰ কি আপত্তি থাকিব। এটলিষ্ট মই সুখী যে মোৰ দাদাই এনে এটা সিদ্ধান্ত লৈছে।- তাই সাবতি ধৰে তাক।
: থেংকিউ মাজনী। তই কিন্তু মাহঁতক বুজাবি।- মৰমেৰে তাইৰ গালত টেপা এটা মাৰি কয় সি। তায়ো সলাগি থয়।
মনতো ফৰকাল লাগে পলাশৰ। পদুলিৰ মুৰলৈ ওলাই আহে সি। বকুল ফুলবোৰ সৰি তলখন বগা হৈ আছে। দীঘলকৈ উশাহ টানি লয় সি। বকুল ফুলৰ সুবাসেৰে তাৰ বুকুখন ভৰি উঠে। সিহঁতৰ ঘৰৰ পৰা অহাৰে পৰা অনলাইন অহা নাই সি। তাইৰো একো খবৰ নাই। নম্বৰটো ডায়েল কৰে সি। ফোন ভনীয়েকেই উঠাই। বোধহয় সৃষ্টিয়ে ধৰিবলৈ বেয়া পাইছে।
: হেল্ল ভন্টি¸ তুমি ফোনটো স্পীকাৰত ৰাখা। অ’ মই সৃষ্টিক শুনাব খুজিছো। মই তাইৰ কণ্ঠ হম। মই তাইক বিয়া কৰাম ভন্টি।- আবেগত ঠোকাঠুকি হয় মাতটো।
বৃষ্টিয়ে সাবতি ধৰে সৃষ্টিক। দুগালে দুধাৰি লোতক বৈ আহিছে তাই। বৃষ্টিয়েও কান্দিছে। সেয়া দুখৰ চকুলো নাছিল। কোমল ৰ’দটো তেতিয়া ওলাই আহিছিল।।

0 comments:
Post a Comment