Now you can Subscribe using RSS

Submit your Email

Wednesday, 12 April 2017

সন্দেহ

Unknown


: আপচু পুৰুষবোৰে ধুনীয়া ছোৱালী বিয়া কৰাব নাপায়। বৰ কষ্টত থাকিব লাগে। - হীৰেণদাই হাঁহি হাঁহি কৈছিল এদিন। বৰ ধেমেলীয়া মানুহটো। পাপৰী বৌ মানুহজনী খুউব ধুনীয়া। বেংকৰ কৰ্মচাৰী হীৰেণদাক পচন্দ কৰিছিল বৌৰ পৰিয়ালটোৱে। এদিন হোমৰ জুইক সাক্ষী কৰি পাপৰি বৌ আহিছিল হীৰেণদাৰ জীবনলৈ। হওতে আঠবছৰমানে হল সিহঁতৰ বিয়া হোৱা। ছবছৰীয়া মাইনা এজনী। ৰোমান্টিক হীৰেণদাটো যেন চিৰতৰুণ। হওতে বয়সে চল্লিশ গৰকিলে¸ যেন এতিয়াও সেই দুৰন্ত প্ৰেমিকটোহে। হীৰেণদাৰ সৰু ভায়েক মনোজ আৰু সিএকেলগে পঢ়িছিল। মাজে মাজে সিহঁতৰ ঘৰলৈ যায় সি। মনো০জ থাকিলেও বা নাথাকিলেও। খুড়ী¸ হীৰেণদা¸ বৌ সকলোৱে তাক বৰ মৰম কৰে। বৌজনী ফ্ৰী। ধেমালী কৰি থাকে তাৰ লগত। বৌৰ লগতে বেছিকৈ কথা পাতে সি। খুড়ী বুঢ়া মানুহ ইঘৰ সিঘৰ ঘুৰি ফুৰে। নতুনকৈ ব্যবসায়ত নামিছে সি মনোজৰ লগত। চৰকাৰী চাকৰী বিচাৰি এনেয়ে থকাতকৈ কিবা এটা কৰি থকাটো ভাল। প্ৰেক্টিকেল লৰা সি।
: দেউতা¸ কিবা এটা কৰোদে। এনেয়ে থাকি আমনি লাগিছে।- সুখী হয় দেউতাক। এনেয়ে ঘুৰি ফুৰাতকৈ লৰাই কিবা কৰিব খুজিছে¸ ভাল লাগে তেওৰ। একলাখটকা উলিয়াই দিয়ে তেও।
: পল¸ ময়ো থাকিমদে তোৰ লগত।- মনোজেও লগ লয় তাৰ। সিহঁতৰ ঘৰৰ মানুহেও মৰম কৰে তাক। ব্যবসায় ফাৰ্মখন খুলি চাপ্লাইৰ কাম কৰে সিহঁতে। অলপ লাভৰ মুখ দেখিছে সিহঁতে।
প্ৰায়েই মনোজৰ ঘৰত গৈ আড্ডা দিয়ে সি। তিনিআলিৰ পানদোকানত বহাতকৈ বৌৰ হাতৰ চাহ একাপ খোৱাই ভাল। গধুলিহলেই মদাহী কেইটাই চুলাই খাই ফিটিং হৈ থাকে। অশ্লীল বাক্যবানেৰে পৰিবেশ লেতেৰা কৰি দিয়ে। বাটৰ মানুহক গালি পাৰে কেতিয়াবা।
পাপৰি বৌক নিজৰ বা যেন লাগে পলাশৰ। বায়েক নাই তাৰ। সিয়েই ঘৰৰ ডাঙৰ। পাপৰি বৌৰো নিজৰ ভায়েক নাই। ভায়েকৰ নিচিনাকৈ মৰম কৰে তাক। মনোজ ফ্ৰী নহয় বৌৱেকৰ লগত। কিবা মুডী টাইপৰ লৰাটো। যেন জুখিজুখিহে কথা কয়। সেয়ে প্ৰাণখোলা স্বভাবৰ পাপৰিবৌ আৰু তাৰ মনৰ মিল বেছি।
: পলখুৰা¸ মোলৈ চকলেট আনিছানে? -মাইনাই সোধে তাক। পকেটৰ পৰা মিল্ক এন নাট চকলেট দুটা দিয়ে সি। মাইনাৰ প্ৰিয় চকলেট সেইটো।
: বৌ¸ মালপোৱা খাব মন গৈছে¸ জলকীয়া¸ পিয়াজ বেছিকৈ দি বনোৱানা।- কয় সি কেতিয়াবা। হাঁহি হাঁহি ভিতৰলৈ সোমাই যায় তেও। অফিচৰ পৰা হীৰেণদা আহি ঘন্টাৰ পিছত ঘন্টা লেকচাৰ দিয়ে তাৰ লগত। ৰাজনীতিৰ কথা¸ সমাজৰ কথা পাতে। মাজে মাজে ৰাতিৰ ভাতসাজো তাতেই খাই সি।
: পল¸ ইটো মাহত পঁচিশ হেজাৰ টকা লচ। - মনোজৰ কথাত আচৰিত হয় সি। সুন্দৰকৈ চলি থকা ব্যবসায়ত হথাতে লোকচান কৰপৰা! বেলেঞ্চশ্বিট চেক কৰিও পাৰ নাপায় সি। লোকচান হোৱা অসম্ভব। পাওনাদাৰৰ ভালেখিনি টকা সোমাই আছে মনোজৰ লগত। কেনেবা লাগে তাৰ। সম্পৰ্কটো অলপ তিক্ত হয় তাৰ। কাজিয়া কৰিব নোৱাৰে সি। মনোজলৈ ভৰসা নকৰি সকলো কান নিজেই কৰে। মনোজেও লক্ষ্য কৰে কথাটো। একো কবও নোৱাৰে সি।
: পল¸ মই আৰু নকৰো। চাকৰী এটাৰহে মাথা মাৰিছো।- মনোজৰ কথাত ভালেই পাই সি। টকাখিনি উলিয়াই দিয়ে তাক। অকলেই চলাব পৰা হৈছে সি এতিয়া। অবিশ্বাসী পাৰ্টনাৰৰ প্ৰয়োজন নাই। প্ৰফিট এতিয়া অকলেই তাৰ।
মাজেসময়ে এতিয়াও মনোজহঁতৰ ঘৰলৈ যায় সি। মাইনা ৰৈ থাকে তাৰ চকলেট খাবলৈ।
: পল¸ তই কিন্তু আগৰদৰেই আহি থাকিবি।- খুড়ীয়ে কৈছিল তাক। মনোজ অফিচৰ পৰা পাইহি মানে ৰাতি হয়। সম্পৰ্ক এতিয়াও ভাল তাৰ। কথাপাতে¸ ফোন কৰে।
: পল¸ বিয়া নাপাতা কিয়?- খুড়ীৰ অকলে কষ্ট নহয়।- বৌৱে কয় তাক
: অ’ বৌ¸ ধুনীয়া ছোৱালী এজনী তুমিয়ে চাবাচোন।- হাঁহি হাঁহি কয় সি।
: হেৰা¸ তোমাৰ মাহীৰ ছোৱালীজনীকে পললৈ আনো দিয়াহে।- কৈ উঠে হীৰেণদাই। লাজ লাগে তাৰ। মাধুৰী এজনী ধুনীয়া ছোৱালী। ডিগ্ৰী পঢ়ি আছে। কেইবাবাৰো লগপাইছে সি।
: উম¸ ভাবিব পাৰি।মাহীক কম ৰবা।- কৈ উঠে বৌৱে হাঁহি হাঁহি।
কিছুদিনৰ পৰা লক্ষ্য কৰে সি¸ মনোজে যেন তাক উপেক্ষা কৰিব খোজে। পৰহি দেখাপায়ো নেদেখা ভাও জুৰিছে। জানো নেদেখিলে নেকি! বেছি নাভাবে সি।
: দাদা¸ এইমাত্ৰ আহিলে নেকি?- মনোজহঁতৰ ঘৰত সোমাই হীৰেণদাক মাতে সি। পেন্ট এটা আৰু গেঞ্জী এটা পিন্ধি আছিল তেও।
: অ’- উত্তৰটো দি ভিতৰলৈ সোমাই যাই তেও।
: পল¸ তই অলপ চাইচিতি চলিবিদেই।- পানদোকানী হৰেশ্বৰে কয় তাক। আবেলি মাজেসময়ে তাৰ দোকানত বহে সি। লগৰ কেইজনৰ লগত আড্ডা দিয়ে। বয়সত অলপ ডাঙৰ হলেও নাম কাঢ়িয়ে মাতে সি হৰেশ্বৰক।
: কিয় কি হলনো?
: তই বোলে মনোজক উলিয়াই দিছ।- কও নকওকৈ কয় সি।
: কিয় উলিয়াম¸ নিজেই ওলাইছে।
: জানো¸ সি অলপ লটপট। তোকহে বদনাম দিছে সি।- ক্ষোভ উজাৰে হৰেশ্বৰে। আচৰিত নহয় সি। মনোজক পাৰ্টনাৰশ্বিপত সুমুৱাই লোৱাটোৱেই ভুল হৈছিল তাৰ। যিয়ে পদে পদে নিজৰ ঘৰখনতে ফাঁকি দিয়ে¸ তাক কি নিদিব। তাৰ দোষখিনি আনক দিলে কেনেকৈ হব।
: খুড়ীদেউ বহিছে।- খুড়ীয়ে তেতিয়া টিভি চাই আছিল। মাতসাৰ দি পাকঘৰলৈ আহে সি। অবাধ আহযাহ তাৰ। পাপৰিবৌক বিচাৰে সি।
: পল¸ তুমি আজিৰ পৰা আমাৰ ঘৰলৈ নাহিবা।- উচুপি উচুপি কৈ উঠে বৌৱে। হতভম্ব হয় সি।
: মোক তোমাৰ লগত…-আৰু কব নোৱাৰে তেও। চিধাই বাহিৰলৈ ওলাই আহে সি। বাইকখন ষ্টাৰ্ট দি চিধাই ঘৰলৈ আহে।
শোকত ভাঙি পৰে পলাশৰ মনটো। এয়া কি হৈ গল! পাপৰিবৌক তাৰ লগত সন্দেহ কৰিছে ঘৰখনে! যাক সি নিজৰ বা বুলি ভাবে! আৰু ভাবিব নোৱাৰা হৈ যায় সি।
বহুদিন কাজিয়া হৈছে হীৰেণদা আৰু বৌৰ মাজত তাক লৈ। মনোজেও কৈছে বৌৱেকক কিহৰ ইমান হলিগলি তাৰ লগত।
ছি: সিহঁতক ইমান নীচমনা বুলি সপোনতো ভবা নাছিল সি। ইমানেই ঠেক নে মনটো। খংটো উঠি আহে তাৰ। আগতেই নকলে কিয় তাক¸ পল¸ বৌৰ লগত বেছি কথা নাপাতিবি! কিমান চাগে দুখ পাইছে বৌৱে। অসহ্য অসহ্য। কাকো কব নোৱাৰে পলে।
: বাবা¸ মনোজহত বহু অহা নাই দেখোন। ভালনে তেওলোকৰ?- মাকৰ প্ৰশ্নত লাহেকৈ শলাগি থয় সি। কি কব সি¸ কেনেকৈ কব যে আজিকালি নাজাই সিহঁতৰ ঘৰলৈ।
সন্ধিয়াতো আজিকালি হৰেশ্বৰৰ দোকানৰ সমুখতে পাৰ কৰে সি। বাটেৰে যোৱা মানুহ¸ গাড়ীবোৰ চাই থাকে। ধুনীয়া ছোৱালীবোৰ চাই থাকে সি। আজিকালি চোৱাক বাদ দি চেঙেলীয়া ডেকাৰ দৰে গাভৰুৰ পিছে পিছে ঘুৰাৰ বয়স এতিয়া নাই। দুই এজনী চঞ্চল যুবতীয়ে তাৰ ফালে চাই ৰোমান্টিক চাৱনি দি যায়। দুচকু নমাই লয় সি।
: পলখুড়া…।- তাক দেখাপাই দৌৰি আহে তাই। মাকৰ লগত কৰবালৈ আহিছিল।
: তুমি কিয় আমাৰ ঘৰলৈ যোৱা নাই।- টপককৈ তাৰ গালত চুমা এটাখাই কৈ উঠে তাই। নিজৰ খুড়াকতকৈও তাকহে বেছি ভালপাই তাই। মিল্ক এন নাট দুটা তাইৰ হাতত দিয়ে সি।
: থেংকিউ। মা¸ তুমিও মাতা না পলখুড়াক আমাৰ ঘৰলৈ।- অপ্ৰস্তুত হৈ পৰে মানুহগৰাকী।
: যাবা পল।- কোনোমতে শব্দকেইটা উচ্চাৰণ কৰে তেও।
: বলা মাজনী। দেৰি হৈছে।
: বাইবাই পলখুড়া। যাবাদেই আমাৰ ঘৰলৈ।- হাতজোকাৰি বিদায় লয় তাই। এবাৰো ঘুৰি নোচোৱাকৈ খপজপকৈ খোজ লয় বৌৱে।
হুমুনিয়াহ এটা ওলাই আহে তাৰ। পলাশে দেখা পাই বৌৰ চকুৰ কৰুণ চাৱনি। অসহায় তেও কি কৰিব! ভায়েকৰ নিচিনাকৈ মৰম কৰিছিল তাক। ভুলটো ভাঙি দিব মনযায় তাৰ। কিন্তু ভয় লাগে জানোচা হীৰেণদাই বেয়াকৈ কয়। আজিকালি সি আতৰি ফুৰে তেওলোকৰ পৰা। দেখিলেও নেদেখা ভাও জোৰে। মুৰ্খৰ ঔষধ নাই। সন্দেহৰ ঔষধ নাই। শ্লো- পইজনৰ নিচিনাকৈ খুলি খুলি খাই ই। হীৰেণদাই মাজে সময়ে মদখাই। চিঞৰ বাখৰ অলপ কৰে কেতিয়াবা। ওচৰৰ বিমানহঁতৰ মুখত শুনে। পাপৰি বৌলৈ বেয়া লাগে তাৰ। দুখীয়া ঘৰৰ ছোৱালীজনীক মাক-দেউতাকে চাকৰীটোৰ বাবে হীৰেণদালৈ দিছিল। পুতৌ হয় তাৰ হীৰেণদালৈ। মনোজ এটা স্বাৰ্থপৰ।
: পল জাননে¸ এইবোৰ চব মনোজৰ কাম। টকামাৰি ওলাই হিংসাতে সি ককায়েকক এইবোৰ লগাইছে।- হৰেশ্বৰৰ কথাত ঘৃণা উপজে তাৰ মনোজলৈ।
দিনবোৰ আজিকালি ভালেৰেই যায় আছে তাৰ। নতুনকৈ গাড়ীখনো কিনিছে। বিদিষাৰ লগত বিয়াখনো ঠিক কৰিছে মাক-দেউতাকে।
দেউতাকৰ বন্ধুৰ ছোৱালী বিদিষা। এম এ পাছ কৰিছে। মৰমলগা ছোৱালীজনী।
: পল¸ তই জোৰোণত মাতি আহিবি পাপৰিক। - মাকে মানুহবোৰ মাতি আহি কয় তাক। একো ভাষা বিছাৰি নাপায় সি। কিমান আশা কৰিছিল তেও তাৰ বিয়ালৈ। চাগে পাপৰি বৌয়েও শুনিছে খবৰটো। মনোজৰ কোম্পানীটো বন্ধহৈ এতিয়া ঘৰতে আছে। সাহস নকৰে তাক মাতিবলৈ আজিকালি। হৰেশ্বৰেও এদিন খেদি দিছিল তাক।
ভাৰাক্ৰান্ত মন এটা লৈ সিহঁতৰ ঘৰলৈ ওলাল সি। নিমন্ত্ৰণী চিঠিখন খুড়ীৰ হাতত দিলে সি।
: বিয়াত যাব খুড়ীদেউ। - মাত শুনি পাপৰিবৌ বাহিৰলৈ ওলাই আহিছিল।
: বৌ¸ মায়ে তোমাক জোৰোণৰ লগত যোৱাৰ কথা কৈছে।
: তোমালৈ শুভেচ্ছা থাকিল পল।- তেওৰ চকুত দুটোপাল পানী। এখন্তেকো নৰৈ মনোজৰ কাষেৰেই পাৰহৈ আহে সি। লক্ষ্যকৰে দ্ৰয়িংৰুমৰ পৰা হীৰেণদাই তালৈ চাই আছে দোষী দোষী ভাবেৰে। ওৰেবাটে এটা কথাই ভাবে সি¸ হয়তো বৌক বিয়ালৈ আহিব দিব¸ হয়তো নিদিবও পাৰে। আগৰদৰে জানো ফ্ৰী হব পাৰিব বৌৰ লগত।
বুকুখন গধুৰ হৈ পৰে তাৰ।
সন্দেহৰ ঔষধ নাই।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib