(গল্প নহয়)
----------------------------------------------
: বাবা উঠ¸ বহুত দেৰি হল।
ছাগে আঠ বাজি গৈছিল। মাৰ মাত শুনি সাৰ পালো। মুখহাত ধুই ফ্ৰেছ হৈ ডাইনিঙ ৰুম পালো। মায়ে চাহ চেকিছে। দেউতা চাগে বাৰাণ্ডাত বহি পেপাৰ পঢ়ি আছে।
: তোৰ টোপনি ভাল হোৱা নাই নেকি? - চাগে চকুদুটা ৰঙা পৰি আছিল।
: কালি শোৱতে দেৰি হল মা। প্ৰজেক্টটো কমপ্লিট কৰিলো।
: সদায় সদায় টোপনি খতি কিয় কৰ? দেখিছনে চকু কেইটা কেনেকৈ গাতত সোমাইছে।- কৈ কৈ জলপান খিনি দিয়ে মায়ে। মোৰ প্ৰিয় লুচি ভাজি আৰু বইল কণী।
শোৱতে তিনি বাজি গৈছে ৰাতি। আধৰুৱা প্ৰজেক্টটো শেষ কৰি ইউটিউবত আপলোড কৰিহে শুইছো। চকুকেইটা অলপ পুৰি আছে
তিনিদিন আগতে ফুৰিব গৈছিলো পথাৰৰ ফালে। অবস্হা দেখি বৰকৈ দুখ লাগিল। যি সময়ত চৰকাৰে নমামি উৎসব পাতিছে। চানডুবিক পৰ্য্যটনৰ কেন্দ্ৰ কৰি গঢ়ি তোলা হৈছে¸ সেই সময়ত আমাৰ নিচেই কাষৰ দৰাবিলখনে মৃত্যুৰ ক্ষণ গণিছে। তেতিয়াই ভাবিছিলো তথ্যচিত্ৰখন কৰিম। ভবামতেই দুদিনৰ ভিতৰত ফুটেজখিনিলৈ যোৱাকালি আপলোড কৰিছো। ইয়াতকৈ বেছি আৰু কি কৰিব পাৰো মই।
আজি ৰবিবাৰ। অফিচ বন্ধ মোৰ। ৰুমলৈ আহি মোবাইলত ফেচবুকতো খুলিলো। জিঅ‘ অহাৰ পৰা আজিকালি অনলাইনেই থাকো প্ৰায়ে। চাট নকৰো¸ এনেয়ে চবৰে ষ্টেটাছবোৰ চাই থাকো। ভাল লাগে। গ্ৰুপকেইটাৰ আপডেটবোৰ পঢ়ো। কিছুদিনৰ পৰা ময়ো অলপ চলপকৈ লিখিবলৈ লৈছো। অসমীয়া সাহিত্যৰ ছাত্ৰ হিছাপে বিশেষ দুৰ্বলতা আছে মোৰ। প্ৰিয় বা এগৰাকীয়ে ধুনীয়া গল্প এটা লিখিছে। অসবৰ্ণ বিবাহ¸ ভণ্ড সমাজৰ ফোপোলা স্বৰূপ সুন্দৰকৈ ফুটাই তুলিছে গিতুবাই।
গিতুবা মোৰ ফেচবুক ফ্ৰেণ্ড। আজিলৈকে এষাৰ কথাও পতা নাই ফোনত মানুহ গৰাকীৰ লগত। নাৰীক শ্ৰদ্ধা কৰো মই। বাৰ বয়সীয়া সকলোকে বা বুলিয়েই ভাবো। মোৰ নিজৰ বা নাই। ঘৰৰ ডাঙৰ সন্তান মই। বা¸ দাদাৰ মৰমৰ বাবে সদায় আকলুৱা।
:নিজে গল বুলিয়েই গোটেই ব্ৰাক্ষ্মণ জাতিক অশিক্ষিত বুজাব গৈ লাভ নাই। যদি নিজৰ শিক্ষা আছে বুলি ভাবে তেন্তে আগতে মা-দেউতাৰ মনত সুখ দিব চেষ্টা কৰিব লাগে¸ তাৰ পিছতহে নিজৰ ভালপোৱা¸ প্ৰেম চিন্তা কৰিব লাগে। নিজৰ মাক-দেউতাকৰ মনত দুখ দি জাত-পাত নমনাটো শিক্ষিত নুবুজাই।- কমেন্ট কৰিছে এজনে। বাকী বেচিভাগেই ভাল লাগিল¸ ভাল লগা জাতীয়। মোৰো ভাল লাগিছে।
: জাত-পাত নীতি-নিয়ম সমাজ এখনত অতীতৰ পৰা আছিল¸ আছে আৰু থাকিব। সেইবাবেতো কোনেও বেয়া পালে নহব।
:জাত পাতৰ কথা লিখিব ললে কেৱল ব্ৰাহ্মণ সকলক লক্ষ্য কৰে। নিজৰ বোৰ চকুত নপৰে।
নিজে দেখোন কোচ¸ কেওট¸বনিয়া সেইবোৰ বাছি থাকে। অকল ব্ৰাক্ষ্মণখিনিতহে চকু কিয়??- মুষ্ঠিমেয় কেইজনমান লোকে লেখিকা গিতুবাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। যেন গল্পটো লেখি বায়ে বহুত ডাঙৰ অপৰাধহে কৰিছে।

: এইটো এটা গল্প। ইয়াক লৈ তৰ্ক কৰাটো উচিত হোৱা নাই। এইটো যদি কোনোবা আলোচনীত ওলালহেঁতেন আপোনালোকে তৰ্ক কৰিলেহেতেননে?- দুখ পাইছে গিতুবাই। হয়তো অযথা বিতৰ্কই তেওক অশান্তি দিছে।
: গিতু¸ আপুনি ভাল লিখে লিখি থাকক। আমি পঢ়াবোৰে আপোনাৰ লেখনিৰ আমেজ লৈয়ে থাকিম। ৰোমান লিপিত তৰ্ক কৰাকেইজনে অসমীয়া ভাষা যিহেতু পঢ়িব জানেই গতিকে ভাষাটোৰ প্ৰতি সন্মান জনাই নিজৰ নিজৰ উক্তি বোৰ উঠাই দিয়ে যেন। ধন্যবাদ।- গিতুবাৰ লেখনীৰ পাঠিকা শ্যামলীমাবাই লিখিছে। মুষ্টিমেয় ব্যক্তি কেইজনৰ কমেন্টবোৰো তেওৰো খং তুলিছে। নামকেইটা চালো। শৰ্মা¸ গোশ্বামী উপাধিৰ কেইজনমান শিক্ষিত আধুনিক লোক। তেওলোকে যেন বিতৰ্ক কৰিবহে চেষ্টা কৰিছে।

: মই এটা গল্প লিখিলোঁ। কোনোবাই পঢ়ি ভাল পাব পাৰে বেয়াও পাব পাৰে। পিছে তাকে লৈ এনেকৈ ইজনে সিজনে বিতৰ্ক কৰি থকাটো মোৰ কাম্য নহয়। অনুগ্ৰহ কৰি মোৰ গল্পৰ বাহিৰত গৈ এই বিতৰ্ক বোৰ কৰিলে ভাল পাম। তদুপৰি এই গোটত অসমীয়াত লিখাটোও বাধ্যতামূলক হয়। পুনৰ কওঁ এই গল্পৰ উদ্দেশ্য কোনোবা বিশেষ জাতিক হেয় কৰা নহয়। এই যে ইজনে সিজনক নীচ দেখুওৱাৰ প্ৰচেষ্টা , ঘৃণা তাকেহে নাইকীয়া কৰাৰ এক আহ্বান । ইয়াক লৈ বিতৰ্ক কৰি কৰা মন্তব্যৰ প্ৰয়োজন নাই বুলি ভাবো।- খুউব দুখ পাইছে গিতু বাই। বাৰম্বাৰ বিতৰ্কৰ মাজলৈ টানি নিয়াত আচৰিত হৈছে তেও।
আকৌ গল্পটো পঢ়িলো এবাৰ। তাৰ পিছত আকৌ এবাৰ। আকৌ…। কতো সম্প্ৰদায়িক অশালীন মন্তব্য কৰা যেন ভাব নহল গল্পটোত। যদি কিবা ভণ্ডামিৰ মুখা খুলি দিব খোজাটো ভুল হয়¸ তেন্তে তেনে ভুল বাবম্বাৰ কৰি যাবলৈ অন্তত ময়ো প্ৰস্তুত। সকলো জাতি¸ সকলো ধৰ্মৰে ভণ্ডামি আছে। সেই সেইবোৰ সকলোৱে মিলি আতৰ কৰিবলৈ চেষ্টা কৰাহে উচিত। উদীয়মান লেখিকা এগৰাকীক নিৰুৎসাহিতলকৰাটো কোনজন জ্ঞানীৰ কাম??
ভাবি নাপাও¸ কিছুমানে কিয় হকে-বিহকে বহুৱালি কৰে! যদি ইমানেই জানে মুক্ততৰ্ক সভা এখন পাতকহে সৎ সাহস আছে যদি।- খং উঠে মোৰ।
: আমি অসমীয়া বোৰৰ মই বৰ স্বভাৱৰ বাবেই সকলো জানিও মই, মোৰ কৈয়ে থাকিলো কেতিয়াও আমি , আমাৰ কবলৈ নিশিকিলো । বড়ো ভাষি অসমীয়া ভাই সকলক সদায় বড়োটো বুলি কোৱা ফচল কালিলৈ বড়োলেণ্ডৰ পথত । অলপ দুৰৰ লৈকে গলো নেকি ...ন ।- বন্ধু ৰনৰ আক্ষেপ। একেবাৰে সঁ৭চা কথা। এসময়ৰ আমাৰ তথাকথিত বৰমুৰীয়া সকলে জনজাতীয় ভাইসকলক অবজ্ঞা
কৰাৰ ফচল এইবোৰ। মোৰো মন গল। সচৰাচৰ বিতৰ্কৰ পৰা সদায় আতৰতে থাকো যদিও¸ আজি গিতুবাক কৰা তথাকথিত উচ্চজাতিৰ লোকসকলৰ কঠোৰ বাক্যবান মোৰ সহ্য নহল।

: ’বঙাইগাওৰ বীনা বড়োৰ উগুল থুগুল হিয়া¸ চিঠি পাইছে কালিৰ ডাকত অহা মাহত বিয়া¸ দৰা বোলে জীবন শৰ্মা গুৱাহাটীত ঘৰ’ গীতটো শুনিলো মনটো বৰ ভাল লাগে। ভূপেনদাই গাইছিল।
কথাহল আধুনিক শিক্ষিত লোকসকল অলপ উদাৰমনোভাবাপন্ন হলে ভাল। ধৰ্মীয় গোড়ামী¸ ৰক্ষণশীলতাই সমাজখনক ধ্বংসৰ ফালেহে নি থাকে। যিহওক ব্ৰাক্ষ্মণ শব্দৰ প্ৰকৃত অৰ্থ হৈছে যাৰ থাকে ব্ৰক্ষ্মগুণ সিয়েই ব্ৰাক্ষ্মণ। কথিত ৰূপত বামুণ কোৱা হয়¸ যেনেকে কায়স্ঠ¸ শুদ্ৰ¸ ক্ষত্ৰিয় সকলোকে শুদুৰ বুলি কয় ব্ৰাক্ষ্মণ লোকে।
ক্ষমা কৰিব¸ কাকো আক্ৰমণ কৰা উদ্দেশ্য নহয়। মনৰ কথাহে কৈছো
জাত্যাভিমানৰ আবেগ খন্তেকীয়া, হৃদয়ৰ সম্পৰ্ক জীৱনজোৰা ।
- নাজানো কোনে কি ভাবিলে। হয়তো অলপ টাপ মাৰিছে বিতৰ্কটো। অলপপৰ একো কমেন্ট নাই। খুতকৈ কমেন্ট এটা আহিল।

: আপুনি মুছলিম ছোৱালী কিয় বিয়া নকৰালে। সিহততো নীচ জাত নহয়।- কি সাংঘাটিক প্ৰশ্ন।
: আপুনি মোক এছ টি কোটা দিয়ক। মই উচ্চজাত এৰিম।- হাঁহি উঠিল মোৰ। এও বুৰ্বক নেকি! আৰে ভাই সচা প্ৰেম হলে মুছলিম¸ খ্ৰীষ্টিয়ান কিয়¸ যিকোনো ধৰ্মৰ যিকোনো সম্প্ৰদায়ৰ ছোৱালীয়ে বিয়া কৰাব পাৰি।

: ডাঙৰীয়া¸ আপুনি জানি থোৱা ভাল যে হিন্দুধৰ্মমতে চাৰিটা জাত আছিল। সেইকেইটা হল ব্ৰাক্ষ্মণ¸ ক্ষত্ৰীয়¸ বৈশ্য আৰু শুদ্ৰ। এতিয়া আপুনিয়ে কওক কেনেকৈ ব্ৰাক্ষ্মণ উচ্চজাত নহয় বুলি।- বিতৰ্কটো অলপ ৰগৰ পৰ্যায়লৈ গুছি গৈছে। ৰস পাব ধৰিছো মই। টাইপ কৰিলো।
:চাৰিটা জাত নহয় বৰ্গহে আছিল¸ যিটো কৰ্মভিত্তিত নিৰ্ধাৰণ কৰিছিল।- লাইক এটা মাৰিলে তেও। হয়তো ভুলটো বুজিব পাৰিছে।

মই এটা মষ্ট চোৰ। আজিকালি সৰুসৰু ঘটনাবোৰৰ পৰা প্লট বিছাৰি ফুৰো। হয়তো বিতৰ্ক কৰিবলগীয়া একো নাছিল। সমাজত ঘটি থকা গল্পটো এটা জলন্ত বাস্তব। মই নিজেই সাক্ষী। প্ৰেমবিবাহ মা-দেউতাৰ। সেয়েহে হয়তো মামাৰ ঘৰৰ পৰা পাবলগীয়া মৰম কোনোদিনেই ভালকৈ নাপালো।
: বাবা নাম শুধিলে তহঁতৰ উপাধি নকবিদেই। -এয়া অনেকবাৰ মামাহঁতৰ ঘৰত শুনিছো। নজনা থাকোতে হয়তো ৰস পাইছিলো¸ কিন্তু জনা হোৱাৰ পিছত…
মনটোৱে বিদ্ৰোহ কৰিছিল। দেউতাৰ পৰিচয় নিদি কিয় মামাহতৰ উপাধি নকও। লাগিলে নাজাৱেই তেওলোকৰ ঘৰলৈ।
আজিলৈ মামাহতে দেউতাৰ লগত সহজ হব নোৱাৰিলে।
আৰু মধুস্মিতা…
তাইকোতো হেৰুৱাইছিলো একেটাই কাৰণত। ভণ্ডামি¸ গোড়ামী এইবোৰ ঘিণ কৰো মই। হিন্দু-মুছলিম সকলো একে। মানুহ আমি। সৰুতে চোতালৰ ওপৰৰে কাউৰী পাৰ হলে আইতাই চোতালখন গোবৰেৰে মচিছিল। দেউতাই প্ৰতিবাদ কৰিছিল। বুজাইছিল আইতাক। বহুত মানুহৰ ঘৰত দেখিছো¸ নীচজাতি বা দুখীয়া মানুহক ঘৰত সোমাব নিদিয়ে। খং উঠে। একো কৰিব নোৱাৰে। যেতিয়ালৈকে আধুনিক প্ৰজন্ম সচেতন নহয় কেনেকৈ কোনে কি কৰিব পাৰে।
আমি উদাৰ ভাবাপন্ন সমাজ এখন বিছাৰো। ধৰ্মীয় গোড়ামী¸ ভণ্ডামী নহয়।

২
গল্পটো মোৰ আধালিখা হৈয়ে আছে। চাৰিদিনৰ পৰা শেষ কৰিব পৰা নাই।
: ৬হোৱাটছ্ অন ইয়ৰ মাইন্ড! -ফেচবুকৰ টাইমলাইনত শুধিছে। কেনেকৈ বুজাও¸ কি আছে মগজুত…

কিছুমান মানুহক তুলাধুনা দিব মন যায়। নোৱাৰো¸ কাৰণ বিতৰ্ক বেয়া পাও। এচাম মানুহ আছে নহয় সমাজত হকে বিহকে অযথা বিতৰ্কৰ সৃষ্টি কৰে। কি কথা কৈছো চিন্তা নকৰে¸ মাথো কাজিয়া কৰিব। ভয় লাগে। সহজলভ্য জনপ্ৰিয়তা মোৰ প্ৰয়োজন নাই। সাধাৰণ মানুহ মই সাধাৰণ হৈয়ে থাকিব খোজো।
: মই বৰ আনচাকচেচফুল মানুহ জানা। জীবনটো আজিলৈকে দুখতে গল।- কাৰোবাক কব মন যায় কেতিয়াবা। ভয়লাগে যদি দুখবোৰ বাঢ়ি যায়। আনৰ মুখত হাঁহি বিৰিঙাবলৈ নিৰবে নিৰলে কান্দো…
ফেচবুকৰ পেজটো খুলি বহি আছো।

সন্ধ্যাৰ এই সময়খিনি খুবেই প্ৰিয় তাইৰ।বাৰাণ্ডাৰ চিৰিটোত বহি আছে¸ অকলে।গাঁৱৰ নিস্তব্ধ পৰিবেশ । জোনাকী পৰুৱা বোৰ উৰি ফুৰিছে আপোন মনে। ঝিলিৰ ছিঁছিঁয়নি।পাতল কৈ এছাটি বতাহে চুই গৈছে। সন্ধ্যাৰ এই সময়খিনিৰ নিজস্ব আমেজ আছে।পাতল আন্ধাৰ খিনিৰো আছে এক সুকীয়া মাদকতা! এই আন্ধাৰত ডুব গৈ ভাবি আছে ইয়াতেই ৰৈ যোৱা হ'লে এইসময়! ঘৰৰ মানুহৰ মাজত ব্যস্ততাৰে দিনটো পাৰ কৰি নিজক বিচাৰি চোৱাৰ অৱকাশ এই পাতল আন্ধাৰ খিনিও জোনাকৰ দৰেই আপোন তাইৰ। এটা গান,একাপ চাহ ওহো একোৱে ভাল নালাগে এইসময়ত। নিজস্বতাত ডুব যোৱা একান্তই প্ৰিয় এই সময়খিনি ইয়াতে ৰৈ যোৱা হ'লে!!আস্!
: অই মিতালী ৰাজমিতা¸ তই মোক জলাই আছ?- পল্লবীকাৰ চুটিকৈ মেছেজ এটা আহে
:তোক কিয় জ্বলাম ডিয়েৰ।জানো একেখিনি সন্ধ্যা তোৰো প্ৰিয়। ভিৰৰ মাজত থাকিও অকলশৰীয়া অনুভৱ কৰি তোৰ মোৰ দৰে জীৱ বোৰেই কেতিয়াবা হৈ পৰো ভীষণ দুখী! আৰু অকলে আত্মলাপেৰে হৈ পৰো আটাইতকৈ সুখী। হাঁহি থাকিবি সদায়ে হাঁহিচম্পা।- মিঠা হাঁহি এটা যাই তাইৰ ওঠত। গাওৰ নিৰ্মল বতাহ¸ শান্ত পৰিবেশবোৰ বাবেই গিৰিয়েকৰ লগত চহৰলৈ নগল তাই। থাকিগল শাহু-শহুৰৰ লগত গাওৰ ঘৰতে। সৰুৰে পৰাই ধুলি¸ বালি¸ বোকামাটিৰ প্ৰতি প্ৰেম আছিল তাইৰ। সেউজীয়া ধানে হালিজালি নাছিলে মনটো ভৰি উঠিছিল তাইৰ।
: তুমি একেবাৰে প্ৰেকটিকেল নহয় দেই।- অৰ্ণবে খং কৰে কেতিয়াবা। তাইৰ বাবেই চহৰত ঘৰসাজিব নোৱাৰে সি। বাটকুৰি বাই নিতৌ ঘৰৰ পৰা অহাযোৱা কৰে। চহৰৰ চাকৰীতো পায়ো নগল তাই। গাওৰে কলেজখনত সোমাল। গাওৰ ছোৱালী তাই। গাও এৰি যাব নোখোজে। চহৰৰ কংক্ৰিটত ভালকৈ উশাহ লব নোৱাৰে তাই।
একেলগেই পঢ়িছিল পল্লবিকা আৰু তাই। এতিয়া গুৱাহাটীতে থাকে।
: ব্যস্ততাৰ মাজত থাকি কেতিয়া সন্ধ্যা নামে কেতিয়া জোনাক সৰে কেতিয়া চৰাই বোৰ বাহলৈ উৰি যায়- গমকে নেপাওঁ। তেনে সন্ধিয়া কেতিয়া পাওঁ...- পল্লবিকাৰ হুমুনিয়াহ শুনে তাই মেছেজটোত।
: অই ফুচকী¸ বিহুত আহিবি এইবাৰ। বহুদিন দেখা নাই। ঢেৰ কথা পাতিম।- মেছেজটো টাইপ কৰে তাই।
: মা অ মা¸ ভোক লাগিছে। মেগি বনোৱানা।- দহবছৰীয়া মুৰ্ছনাই মাতে তাইক। এতিয়া তায়েই তাইৰ সকলো।
: বলা মাজনী।- জীয়েকক গলত ধৰি ভিতৰ সোমাই তাই। সময়তো চালে সাত বাজিল। অলপ পিছতে অৰ্ণব আহি পাব।

৩
মা¸ মোলৈ নাচাবি
এজনী ধুনীয়া ছোৱালী
অপদাৰ্থ মই
চৰকাৰী চাকৰি নাই¸
দামী গাড়ী¸ অট্টালিকা মাথো পুৱতি নিশাৰ সপোন¸
মনতো দিব নোৱাৰো বেছি
বন্ধকীত বিবেকটো থৈ¸
কলা-মলা¸ আপচু তোৰ মই ৰাজকুমাৰ
বাহিৰৰ পৃথিবীখনত দেখোন একোৱেই দাম নাই আমাৰ।
জোন¸তৰা¸আকাশ¸বেলি¸ফুলৰ প্ৰেমিক আমি
চৰাইহৈ উৰি ফুৰাৰ মন গগনত।
সপোনবোৰতে আমাৰেই মা
যদিও তোকহে দিব নোৱাৰিলো
হেপাহৰ এযোৰ সাজ¸
ধুমুহা¸ গাজনী¸ বতাহত ভয় নাখাও
তোৰ মৰমেৰে বিৰৰাট সাহসী জান!
আনিবদেই বহাগত এইবেলি তোৰ হেপাহৰ বোৱাৰীজনী
খাবিহি সুখৰ এসাজ ভাত¸
কোতোৰা পৰা তোৰ আঙুলিয়ে
নালাগে সাৰিব বাহী চোতাল¸
মা চাবিচোন তোৰ হেপাহৰজনী
ডিভোৰ্চী অথবা বিধবা
অন্ধ কিম্বা বোবা
জান এটা আদৰ্শ হব খোজো মই¸
হব খোজো সাহস আন কাৰোবাৰ
দেউতাৰ দৰ্শনেৰে হব খোজো মানুহ
যদিও নোৱাৰিলো
সপোন বেছিভাগ সপোনেই হৈ ৰল দেখোন মা¸
কি কৰো¸ হিয়াখনে বৰকৈ কান্দে। - বন্ধুৰ এটা কমেডী ট্ৰেজিক ৰোমান্টিক কবিতা। সদায় একেটা কথাকে কয় সি। সন্ধিয়া তিনিআলিৰ পানদোকানৰ তক্তাখনত বহি থাকোতে ধুনীয়া ছোৱালীবোৰৰ ফালে চাই চাই কৈ থাকে সি ’ধুনীয়া ছোৱালীৰ হাঁহিত লাগি থাকে বোলে বিষ।’ আমি নুবুজু ইমান দুখ কিঁহৰ।

: বাবা¸ বজাৰলৈ যাব লাগিব।- মাৰ মাতত তন্ময়তা ভাঙে। ডাটা অফ কৰি ফোনটো চাৰ্জত লগাই দিলো।
বাইকখন উলিয়াই আকৌ সুমুৱাই থলো। বহুদিন চাইকেলখন চলোৱা নাই। এককি:মি: আতৰৰ সাপ্তাহিক বজাৰখনলৈ চাইকেল চলাই যোৱাই ভাল।
: বাবা আগতে গেলামালৰ বাকীখিনি আনি দেচোন।
: অক্কে মা। - মাৰ কথাশুনি উত্তৰ দিও।
নিৰেণদাৰ দোকানত গ্ৰাহকৰ ভীৰ। বাৰাণ্ডাৰ বেঞ্চখনত বহো।
: ঐ পল। ভাল তোৰ।
: অ’ ধীৰুদা। মাল নিব আহিছো।- ধীৰুদা ভিতৰলৈ সোমাই যায়।
চাগে চিগাৰেট কিনিব। টামাম চিগাৰেট খাই লৰাটোৱে। মোতকৈ চাৰিবছৰমান ডাঙৰ।
: অই ভেলুবাবা¸ কালি অকলে গুছি গলি।- এয়া লক্ষ্মণদাৰ মাত ধীৰুদালৈ। দুয়ো একেলগেই পঢ়িছিল। ঘৰো ওচৰাওচৰি। চাকৰিও কৰে একেটা অফিচতে।
: কিহত যাবি¸ মোৰ কান্ধত। - সিহতে কৰবাত যোৱাৰ কথা পাতিছে। চাগে ইজনে এৰিগল কিবা কাৰণত।
: অ বেতালৰ দৰে।
: হলে ময়ো বিক্ৰম নহও ৰ¸ বেতালেই হম।- দুয়ো হাঁহি দিয়ে। মোৰো হাঁহি উঠে।
: হেৰি নহয় পল¸ চেনী আৰু আটা এতিয়া নিব নালাগে যা। বতৰ বেয়া বাবে কালি বিজয় নগৰ নগলো। এতিয়া আনিব যাও। তই ভাটিবেলা নিবি।- নিৰেণ দাই কৈ উঠে।
: হবদে।- পেটে পেটে খং উঠিল। ভাটিবেলা আকৌ আহিব লাগিব। মালখিনি ভৰালো।
: বাবা¸ মাজনীহত আহিব। অলপ মাছ¸মাংস আনিবিচোন।- মনতো ভাল লাগিল মাৰ কথা শুনি। বহুত দিন লগ পোৱা নাই সিহতক। ফোনত সদায় কথা পাতো। জোৱাই মোৰ বাবে ভাইৰ নিচিনা।
: বাবা তই চাইকেলখন থৈ যাচোন।- দেউতাই কৈ উঠে। হাজিৰা কৰা মানুহ মাতিবলৈ যাব ছাগে। কেইটামান বাঁহ কাটিবলগা আছে। অগত্যা বাইকখন উলিয়ালো।
: হেই জুৰি¸ এয়া তোৰ ছোৱালী নেকি?- কণমানি ছোৱালীজনীৰ লগত দেখিলো তাইক। স্মিত হাঁহি এটা মাৰি মুৰ দোৱালে তাই। বাইকখনত উঠিল দুয়ো। বয়সত মোতকৈ ডাঙৰ তাই। গাওৰ সিটো মুৰে সিহতৰ ঘৰ। চাৰিবছৰমান আগতে বিয়া হৈছিল। পিছত শহুৰেকৰ পৰিয়ালৰ অত্যাচাৰত বিবাহ বিচ্ছেদ হোৱাৰ নিচিনাই। দুখীয়া পৰিয়ালৰ তাইক গিৰিয়েকে মাৰধৰ কৰে টকা বিচাৰি। দুখীয়া ঘৰখনে কেনেকৈ বাৰেবাৰে দিব টকা। অগত্যা মাক দেউতাকে লৈ আহে তাইক। তেতিয়াৰ পৰা তাই ইয়াতে আছে। যৌতুকপ্ৰথাই আজিও গ্ৰাস কৰি আছে সমাজখন।
: ঐ তই বিয়া নাপাত কিয়? খুড়ীমাৰ অকলে কষ্ট নহয়!- তাইৰ প্ৰশ্ন মোলৈ।
: ৰহ ঐ। ভালকৈ চিজিল হব পৰা নাই। ভাবিম ৰ আৰু দুবছৰমান পিছত।- বাছ ষ্টেণ্ডত নমাই দিলো তাইক।
বজাৰত বস্তুৰ জুই-চাই দাম। ঘৰত সোমাই টিভিটো অন কৰি ফেচবুকটোও খুলি ললো। টিভি চোৱাৰ মাজে মাজে এফবিত ষ্টেটাছ পঢ়াৰ আমেজেই সুকীয়া।
এহাল পুত্ৰ-বোৱাৰী পেছাত চিকিৎসক। দুৰ্ভগীয়া মাতৃ মাডাৰ অল্ডেজ হোমৰ আবাসী। পুত্ৰই মাকলৈ ফিৰিকে নাচাই ঘৈনীয়েকৰ কথাত। দুৰ্ভগীয়া মাতৃৰ বুকুভাঙি যোৱাকৈ ক্ৰন্দন। এইচবক ফায়াৰিং স্কোৱাদৰ সমুখত ৰাখি গুলীয়াই মাৰিব লাগে। খং উঠি আহে। অশ্লীল শব্দ কেইটমান ওলাই। চাল্লা তহতৰ পুতেৰেও যেতিয়া এনে কৰিব পস্তাবি।

৪
জয় অগ্নীহোত্ৰীক বিচাৰি বহুত দিন গৈছিল সি।’ ধন্যবাদ নিদিবা¸ তাৰ সলনি তিনিজনক সহায় কৰা’ কথাষাৰে হৃদয় চুই গৈছিল তাৰ। বাস্তবত অসম্ভব দেখোন এয়া। গছত গৰু উঠা যেন লাগে।
সদায় ভালবোৰ লবলাগে¸ বেয়াবোৰ এৰিব লাগে। এনে এটা মন্ত্ৰ সৰোগত কৰিয়েই জীবনত আহবাঢ়িছিল সি। বজৰংগী ভাই আপোন হৈ পৰিছিল তাৰ। এনেয়েৱোতো ডাবাং ষ্টাইলৰে। ’ মই কাৰো অন্যায় নকৰো আৰু কেতিয়াও কাৰো অন্যায় সহ্যও নকৰো।’ ’মৰম দিলে মৰম পাবা¸ মাৰিম বুলি কবা তো মাৰ খাবা।’
: আব্বে ঐ¸ খুল্লম খুল্লা প্ৰেম কৰিম বে। সচা প্ৰেমৰ বিনিময়ত হাঁহি হাঁহি শৰাইঘাটৰ পৰা জপিয়াই দিব পাৰো বুলি প্ৰায়েই কোৱা লৰাটোৱে চুইচাইড কৰিছিল। বাকৰুদ্ধহৈ পৰিছিল দৃষ্টি। তাৰ প্ৰেমত সন্দেহ কৰি তায়েই বিছাৰিছিল প্ৰমাণ।
: মই তোমাৰ বাবে সকলো কৰিব পাৰো¸ তুমি মাথো কোৱা।- সদায় কৈছিল সি। তাৰ বাইকৰ পিছফালে বহা বান্ধবীজনীৰ লগত সন্দেহ কৰিছিল তাই।
: দৃষ্টি¸ তুমি ভুল বুজিছা। তাই মোৰ ভাল বান্ধবীহে।- বুজা নাছিল তাই। খঙত বেয়াকৈ কৈছিল তাক। প্ৰমাণ বিছাৰিছল।
এতিয়া প্ৰমাণ দিলে সি। কিন্তু অভিমান ভাঙিবলৈ সিযে ঘুৰি নাহে। উবুৰি হৈ তাৰ মৃতদেহটোত পৰি উচুপি উঠিছে তাই। কি কৰিব এতিয়া!

টিভিত চিৰিয়েলখন চলি আছে। আবেগিক হৈ উঠিছো। চকুৰ কোণ দুটা সেমেকি উঠিছে। ইফালে সিফালে চালো¸ কোনো নাই। লৰা মানুহৰ চকুপানী ওলালে লাজ লাগেতো। বহুদিনৰ মুৰত ৰাতিপুৱা এটা পালো। আনকালে এইখিনি সময়ত মুৰ তুলিব নোৱাৰা ব্যস্ততা।
: মন যায় মোৰো মন যায়।- ফোনটো বাজি উঠিল হথাতে। বন্ধু এজনৰ ফোন। টিভিটো অফ কৰি বাহিৰলৈ ওলাই আহিলো। ঘড়ীত তেতিয়া পুৰা বাৰ বাজিছিল।।

*********************************************************************
0 comments:
Post a Comment