Now you can Subscribe using RSS

Submit your Email

Wednesday 12 April 2017

হৃদয়ৰ কলাজ

Unknown

  বৰষুণজাক আহি আছে। লগতে ধুমুহা বতাহজাকো। বাহিৰত ওলাব নোৱাৰি। সকলোৱে সোমাই আছে দুৱাৰ খিৰিকি বন্ধ কৰি ঘৰৰ ভিতৰত। কাৰেন্ট নাই। ইনভাৰ্টাৰটো লগোৱা নাই বাবে টিভি চাবও নোৱাৰো। তদুপৰি বিজুলী ঢেৰেকনিত টিভি জলি যোৱাৰো ভয়। এনেকৈয়ে যোৱাবাৰ ডেক্সটপ বেয়া হৈছিল। পিছত নতুন লেপটপটো কিনিলো। স্বাধীন ব্যবসায় যেতিয়া অফিচ যাও নাযাও নিজৰ কথা। ফোন কৰি লৰাটোক কলো যে মই আজি নাযাও। বন্ধ কৰি সিয়ো যাওকগৈ। এই ধুমুহা বতৰত কোনেও হাৰ্ডৱেৰ মাল নিব নাহে। পাৱাৰ বেংকৰ কৃপাত ফোনটো বাছি আছে। বিচনাত বহি ফেচবুক খুচৰি আছো। জিঅ’ৰ কৃপাত এই ধুমুহা বৰষুণতো নেটৱৰ্কৰ প্ৰব্লেম হোৱা নাই। জয় হো আম্বানী। 
বিতৰ্কিত পেজটো চাই খঙে চুলিৰ আগ পালে মোৰ। এফবি বন্ধু এজনে লিংকটো পঠাইছে। চাল্লা চুৱৰৰ বাচ্ছা কবি ওলাইছে। যদিও বাপেকৰ দোষ নাথাকে মুখত গালিবোৰ এনেকৈয়ে ওলাই!
যৌনতাৰ ভৰপুৰ অশ্লীল পেজ এটা। মুক্ত যৌন শিক্ষাৰ যেন পৰ্ন চাইট। কিবা এটা উৎসব পাতিছে সিহঁতি। চেঞ্চৰ কৰিবলগা এসোপা গালি ওলাই আহিব খোজে মোৰ। সচৰাচৰ বিতৰ্ক বেয়া পাও। ঘিন কৰো মই। তথাপি কিয় জানো আজি মন গল প্ৰতিবাদ কৰিব।
এটা ষ্টেটাছ দিলো। তাৰ পিছত কেইবাটাও বিদ্ৰোহী কবিতা। কলমটোৰ বাদে মোৰ নিজস্ব আছেই বা কি! প্ৰতিবাদতো এনেকৈয়ে কৰিব পাৰো। অসংখ্য বন্ধুৰ সহযোগে বিশ্বাস গাঢ় কৰিলে যে মই ভুল কৰা নাই। চাগে মোৰ তীক্ষ্ণ শক্তিশেল বুকুত লাগিলগৈ সিহঁতৰ। এচাম অশ্লীলতাৰ ভক্তৰ কি যে অদ্ভুৎ যুক্তিতৰ্ক। কাণতলীয়া চৰ দুটা সোধাব মন যায়!
মনটো ভাল লগা নাছিল। গধুৰ হৈ আছিল মনটো। গ্ৰুপতোত চালো। এমুঠি সুন্দৰ আপদেট।
: চাল্লা আজিকালি ফেচবুকতো লবী চলে।
এটা সুন্দৰ লেখা। কিছুদিন আগতে আমাৰ গোটটোৰ সন্মিলনখনত খাইপাত ফলা কেইটামানে বদনাম গাই আছে। চাল্লা ইয়াতো ৰাজনীতিয়ে ইয়াতো সিপাই পৰিল। হাঁহি উঠে মোৰ।
: ক্ৰিং ক্ৰিং - ফোনটো বাজি উঠিল। কাৰ্বিৰ ফোন। ওঠত হাঁহি এটা বিৰিঙি উঠিল। বহুদিনৰ মুৰত ফোন কৰিছে তাই।
: হাই বেবী। কি খবৰ।
: ভাল। আপোনাৰ।
: উম। ভালেই। হথাতে এই অভাজনলৈ মনত পৰিল যে।- হাঁহি হাঁহি কৈ উঠো। ফাৰ্ল্ট কৰি ভালপাও মই। তাইকো কৈছো¸ লেকাম নাই মোৰ মুখত। পেটত কথা নাথাকে। যি আহে মনত কৈ দিও। তাই বুজি পাই। ফ্ৰড নহও মই। আজন্ম ৰসিক।
: শুনক না¸ গুডনিউজ এটা আছে।
: কোৱানা।
: লৰাজন পচন্দ হৈছে মোৰ।- লাজ লাজকৈ কৈ উঠে তাই।
: হেই গ্ৰেট। সচাকৈ ভাল নিউজ। পাৰ্টি লাগিব মোক।- ভাল লাগে মোৰ
: দিম দিম অ’ গোসাই। আপোনাক নিদি কাক দিম!- উচাহ ভৰা কণ্ঠ তাইৰ।
: অহ কাৰ্বি কাৰ্বি কাৰ্বি
: কওক
: বেড লাক। মইহে তোমাক বিয়া কৰাম বুলি ভাবিছিলো। -আকৌ ধেমালি মোৰ।
: আগতে নকলে কিয়।- হাঁহি উঠিল তাই।
দুয়ো হাঁহি উঠিলো।
: বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ কাৰ্বি। মই বহুত সুখী।
: থেংকিউ থেংকিউ থেংকিউ। এতিয়া থও হা¸ মাঁহতক খবৰটো দিওগৈ।- ফোনটো ৰাখে তাই। মনটো ভাল লাগি গল। অবশেষত তাইৰ বিয়াখন হবগৈ।
কাৰ্বি মোৰ বান্ধবী। হওতে তাই মোতকৈ বহুত সৰু। মোৰ ভাইটিৰ বয়সৰ। ছমাহমান আগতে সাহিত্যৰ মিটিং এখনত লগ পাইছিলো তাইক। কবিতা মোৰ জীবনৰ প্ৰথম প্ৰেম। তায়ো ভাল কবিতা লিখে। সোনকালেই ভাল বন্ধুত্ব হল আমাৰ। তাই সোনকালে মানুহক আপোন কৰি লব পাৰে। আৰু মই…
ময়োতো মানুহক সোনকালে আকোৱালি লও। বহুত বিশ্বাস কৰো। বয়সৰ ছয় সাত বছৰ তাৰতম্য হলেও দুয়ো ভাল বন্ধু।
জীবনত বহুত মানুহ লগ পালো। কিছুমান মানুহক পাহৰাটো সম্ভব নহয়। কাৰ্বিও তেনেকুৱা। জানো বিয়াৰ পিছতে তাইৰ আৰু মোৰ ৰিলেচনত গেপ আহিব। তাইৰ গিৰিয়েকে অথবা মোৰ পত্নীয়ে হয়তো হয়তো ভাল নাপাব। তাইক ভন্টিৰ নিচিনাকৈ গালি দিও কেতিয়াবা¸ প্ৰেয়সীৰ নিচিনাকে অভিমান কৰো¸ বন্ধুৰ দৰে আব্দাৰ। এটা ভাল মৰমৰ বুজাবুজি আমাৰ। হয়তো প্ৰিয় বন্ধু বা তাতকৈও বেছি।
: মই বৰ আনচাকচেচফুল মানুহ জানা! আজিলৈ লাইফত ষ্ট্ৰাগল কৰোতেই গল। কাৰোবাক হিয়া উজাৰি ভালপাই খালো ব্ৰক্ষ্মঠগ।- এদিন গভীৰ দুখত কৈ উঠিছিলো কাৰ্বিক। আজিকালি সকলো কথা শ্বেয়াৰ কৰো তাইৰ লগত। সকলো কথা মা-দেউতাক কব নোৱাৰি। লগৰ লগৰীয়াবোৰো বৰ বিজি। হাঁহি উঠে কেতিয়াবা! কাৰ্বি বিয়া হৈ গলে কাৰ লগত লেকচাৰ দিম। আপচেট হৈ থকা মাইন্ডটো তাইৰ লগত কথা পাতিলে ৰিফ্ৰেচ হৈ পৰে। তাইৰো। মই আটাইতকৈ বেয়া পোৱা কামটোৱেই হল ফোনত কথা পতা। অসুবিধা পাও মই। দুই এষাৰ সাধাৰণ কথা পতাৰ পিছত কি কম কথা বিচাৰি নাপাও। তায়ো একে। ঘন্টাৰ পিছত ঘন্টা মেচেজ কৰো দুয়ো। হোৱাটচএপ¸ মেচেঞ্জাৰত আজিকালি অনলাইনে থাকো প্ৰায়ে জিঅৰ আশীৰ্বাদত। উপযাচি কাৰোৱেই লগত চাট নকৰো। শালীনতা আৰু ওজন এইদুটা কথাত মই সদায়ে সজাগ। ফেচবুকৰ গ্ৰুপকেইটাত কিবা কিবি লিখো। কিবা হয়নে নাই নাজানো।
আজিকালি সময় অলপ পাও। কাম কৰা লৰাটোৱে চব চাই। সৰু কেবিনটোত বহি এনেয়ে থাকো। কেতিয়াবাহে ক্লায়েন্ট আহে।
: জীবনে মোক এটা কথাই শিকালে যে কাৰোৱেই পৰা প্ৰতিদান আশা নকৰাকৈ মৰমবোৰ ভগাই দিব লাগে। সুখী হব পাৰি। আজিকালি তেনেকৈয়ে চলো। মনৰ কথাখিনি লিখো।- কৈছিলো তাইক
বিন্দাছ লাইফ। খাও¸ টিভি চাও¸ দোকান যাও।আশা বহুত আছে। চৰকাৰী চাকৰি পালেও পাম¸ নাপালেও চলি যাব
কালিৰ পৰা বয়সে ত্ৰিশ পাৰ হল। আজি মোৰ ত্ৰিশ এদিন। কিন্তু মনৰ মাজৰ শিশুটোহে ডাঙৰ হব জনা নাই।- মোৰ ত্ৰিশবছৰীয়া জন্মদিনৰ দিনা উইচ কৰোতে কৈছিলো তাইক। বুজাই তাই। কোনে কয় লৰা আৰু ছোৱালীৰ ভাল বন্ধু হব নোৱাৰে। নিশ্বাৰ্থ মৰম থাকিব নোৱাৰে!
: মন সদায় এইদৰে ৰাখিবদেই।- মোৰ শিশুৰ দৰে চঞ্চল মনটোৰ বিষয়ে তাই কয়।
: হুম। ৰাখিম। নিজক পাহৰা সম্ভব নহয়। - বিষাদৰ সুৰ এটি বাজি থাকে কথাত। চাব্বিছ বছৰীয়া জন্মদিনৰ দিনটোতেই মই হেৰুৱাইছিলো পাঁচবছৰীয়া প্ৰেম। যিটো দিনত কাৰোবাৰ অশেষ শুভকামনা মৰমেৰে হিয়া উপচি পৰিব লাগিছিল¸ হাতত পৰে প্ৰেয়সীৰ বিয়াৰ নিমন্ত্ৰনী। আজিও বুকু কপি উঠে। জন্মদিনটো আহিলেই গধুৰ হৈ পৰে বুকু। নিম্ন মধ্যবিত্ত ঘৰৰ সন্তান। জীবনটো প্ৰাপ্যৰ বাবে হাহাকাৰ কৰোতেই গল।
: কালি জন্ম হৈছেহে । অাজি অাক' বৰ বৰ কথা পোৱালি। - খুটকৈ মেচেজ এটা আহে। হাঁহি উঠি যায় মোৰ।
: থেংকচ কাৰ্বি। বহুদিনৰ মুৰত আবেগিক হলো। -টাইপ কৰো মই।
: থেংকচ টো নিজৰ লগতে ৰাখক।- শেষত এটা স্মাইলী ইমোজি পঠালে তাই। সুখ-দুখৰ কথা পাতি ব্যতিব্যস্ত কৰো তাইক। তিনি ঘন্টা পাৰ হৈ যায়। ফোনটো চাৰ্জত লগাই লেপি অন কৰো। বাৰ বাজো বাজে। চাগে টাইৰ টোপনি ধৰিছে।
: বহুত কথা পাতিলো। চাগে আমনি কৰিলো ন?
: বেয়া পালো যাহ। - লগত এটা স্মাইলী ইমোজি
: কিয়??- দাত নিকতাই থকা অন্য এটা স্মাইলী ইমোজি পঠাও মই।
: অামনি দিলে কিয় ?? মোক ঘূৰাই দিয়ক সময়খিনি।- দুটা দাত নিকটাই থকা স্মাইলী পঠিয়াই তাই।
: হব দিয়া কাৰ্বি। ধেমালী এৰা। আমনি কৰি থাকিম মাজে মাজে
: অাই এম চিৰিয়াছ। -চকুটিপি থকা ইমোজি এটা পঠিয়াই তাই
: মাজে মাজে কিয় ?- পুনৰ লিখে তাই
: অক্কে সদায় কৰিম
: ইউ এলৱেজ মোষ্ট ৱেলকাম
: নতুন কাম কিছু হাতত লম। চাগে বিহুৰ পিছতে ব্যস্ততা আহিব বেছিকৈ। - লোণতো চেংচন হলে ৰেষ্টুৰেন্ট কথাতো ভাবিছো। দীৰ্ঘদীনিয়া সপোন মোৰ। নিজেও সেইটো লাইনৰ। লোকেচন অবশ্যেই চিলেকচন হৈছে। ভগবানে দিলে সোনকালেই আগবাঢ়িম।
: ও খুউব ভাল কথা । আগবাঢ়ক। শুভেচ্ছা থাকিল। -প্ৰত্যুত্বৰত থামচ্ আপ চিম্বলটো পঠালো।
: আকৌ নীলা হাত।- খুটকৈ মেচেজটো আহে। আকৌ ধেমালি আৰম্ভ হয় তাইৰ
: ধেমালী মুডত আছা ন
: উম¸ চিৰিয়াছ।- স্মাইলী ইমোজি এটা। হাঁহি উঠে মোৰ। তাই তাই ফুল ধেমালীৰ মুডত।
অলপ পৰ নিৰবতা। কি কম ভাবিছো।
: বেচি হ'লগৈ ন।- তাই মেচেজ কৰে
: কি? নুবুজি সুধো মই
: ধেমালিবোৰ ! চৰী। - কিয় দুখীত হয় তাই। মইতো তাইৰ লগত কথা পাতিয়ে ৰিফ্ৰেচ ফিল কৰো।
: একো নাই দিয়া।- পুনৰ টাইপ কৰো।
: চৰী নকবা
: অাজি ধেমালি ধেমালি ফিলিং হৈ অাছে অ । বেয়া নাপাব
: কিয় বেয়া পাম।
: নাইপোৱা যদি ভাল কথা
: মোৰ অভিধানত বেয়াপোৱা শব্দ নাই
: সঁচা
: উম । সঁচা
: কিনোতেই চাই ল'ব লাগে ন । এতিয়া শব্দটো নাই মই কি কৰো! আকৌ ধেমালি তাইৰ। দাত নিকটাই থকা আৰু চকু টিপিয়াই থকা ইমোজি দুটা পঠিয়াই তাই
: ময়ে ফালি দিছো। ভাল নালাগে শব্দতো
: হিহি মজ্জা।- উত্তৰত জিভা উলিয়াই হাঁহি থকা স্মাইলী এটা দিলো।
: কি কৰিছে? - এইবাৰ অলপ চিৰিয়াছ তাই
: শুম আৰু। বিচনাত
: কথা কওক
: কি কম
: নাই যদি শুই থাকক
: খং উঠিছে নেকি
: ওহো ।- হামিয়াই উঠো মই। টোপনি টোপনি ভাব এটা আহে। চাগে তাইৰো টোপনি ধৰিছে। গুড নাইট দি ডাটা অফ কৰিলদিলো। তাই বেয়া নাপায়। জানে মোৰ স্বভাবৰ কথা। ডাটা অফ নকৰাকৈয়ে শুই যাও। মেচেজৰ পিছত মেচেজ কৰি ৰিপ্লাই নাপায় তায়ো শুই যায়।
অলপ বিজি আছিলো চাগে। মাৰ্চ এন্ডিং। ক্লোজিং বেলেঞ্চশ্বিট¸ সেইবোৰৰ ভেজাল নাই যদিও লৰাটোৰ লগত ষ্টকবোৰ মিলাই আছিলো। আউট ষ্টেন্ডিং বিল বহুত আছে। তাকো বোলে অলপ এডভাঞ্চ লাগে। দুই এদিনতে নতুন ষ্টক অনাৰ কথা।
: বাহ¸ মই মেচেজ নকৰিলেই নকৰেই ন?- অভিমানভৰা তাইৰ মাতটো ভাহি আহে। বেয়া লাগে। ব্যস্ততাৰ বাবে সচাকৈ তাইৰ খবৰ লবলৈকো পাহৰি গৈছো।
: নহয় ও। অলপ বিজি আছিলো।- দোষী দোষী ভাবেৰে টাইপ কৰো।
: ও
: কি কৰিছা
: একো নাই। ঘৰত আছো। সংঘাটিক বৰষুণ
: আমাৰ ইয়াতো বৰষুণ। দিগদাৰ বৰ। আজি সন্ধিয়া নমামি যোৱাৰ কথা আছিল। নহব যেন লাগিছে
: ভাল হে। তিতি তিতি যাব পাৰি
: অসুবিধা হব। বাইক উলিয়াবই পৰা নাই
: শুই থকাৰ দিন
: হে হে। চিকেন বিৰিয়ানি খাই শুই থাকা
: এনেকুৱা বতৰত কি কৰি ভালপায় ?
: কোনোবা এজনীৰ হাতত ধৰি বৰষুণত তিতিব বৰকৈ মন যায়। - হাঁহি উঠিল তাই। ময়ো।
আচৰিত কেনেকৈ ইমান হাঁহিব পাৰে তাই। মোতকৈ তাইৰ দুখবোৰ বেছি যেন অনুভব হয় মোৰ। মোৰতো খোজে প্ৰতি সংগ্ৰাম। জীবনৰ বাটত প্ৰাপ্য বিচাৰি অবিৰাম কষ্ট কৰিছো।
: পলাশ দা¸ দুখনো কাৰ জীবনত নাই। সেইবুলি আমি জানো হুমুনিয়াহ কাঢ়ি থাকিলে হব।- এদিন কৈছিল তাই।
কাৰ্বি তেতিয়া দশম শ্ৰেণীত। সমুখত মেট্ৰিক পৰীক্ষা। তাইক লৈ সকলোৰে আশা। ক্লাছৰ ফাৰ্ষ্ট গাৰ্ল তাই। নিতৌ ৰাতিপুৱা পাচ বজাতে উঠি টিউচনত যায়। মৰনিং ওৱাক কৰে লৰাজনে। সাংঘাটিক ধুনীয়া তেওঁ । কাষেদি পাৰ হৈ গ'লে তেওঁলৈ এপলক নোচোৱাকৈ পাৰ হৈ যাব নোৱাৰি । অাগতে কেতিয়াও দেখা মনত নপৰে দেখোন ল'ৰা জনক তাইৰ। তেনেদৰে সদায় তাই লগৰ কেইজনীৰ লগত টিউচন যায় অাৰু একে সময়তে ল'ৰাজনো আহে মৰ্নিৱাকত। এদিন সিহঁতৰ লগত টিউচন কৰা লগৰ ল'ৰা এটাই তাইক ক'লে
: সেই ল'ৰাজনে তোক ভাল পায় অ’ কাৰ্বি। তোক চাবলৈয়ে সদায় ৰাতিপুৱা ওলাই আহে। কাইলৈ উত্তৰটো মোক দিবি।। -অাচৰিত হৈ যায় তাই। গোটেই মানুহজনী কঁপি উঠে যেন। এনেকৈয়ো কোনোবাই কাৰোবাক ভালপাব পাৰে নে !! অচিনাকী ছোৱালী এজনীক তাইৰ বিষয়ে একো নজনাকৈ প্ৰেমৰ প্ৰস্তাৱ দিবপাৰে! তাইৰ খং উঠিছিল নে লগৰ কেইজনীৰ ওচৰত লাজ পাইছিল তাই আজিও নুবুজিলে।
: নহ'ব বুলি কৈ দিবি । এতিয়া মোৰ পঢ়াৰ সময় । মই ইয়াত টিউচন কৰিবলৈ অাহিছো । কাৰো লগত প্ৰেম কৰিবলৈ অহা নাই ।- একে উশাহে কথাখিনিকৈ লগৰ কেইজনীক তাতে এৰি একে স্পীডত ঘৰ পালেহি। ঘৰত গোটেই ৰাতি শুব নোৱাৰিলে তাই। এক অনামী অনুভুতিয়ে অাৱৰি ধৰিলে। নাভাবো বুলিয়ে তাৰ মুখখন মনলৈ আহে দেখোন। জোৰকৈ চকুদুটা মুদি দিয়ে তাই।
প্ৰায়ে তাক দেখে তাই। তাইৰ ফালে ৰ লাগি চাই থাকে সি। গোলাপী চাইকেল চলাই তাই তাৰ কাষেৰে পাৰ হৈ যায়। উভতি চাব মন যায় তাইৰ¸ নাচায় তাই। সি চাই আছে তাইলৈ।
’মোৰ বুকুৰ সজীৱতাত
তুমি সিঁচি দিয়া...
জোনাকৰ কঠীয়াডৰা
অাজি উদং হৈ ৰ'ল,
তুমি অাহিলেহে
জোনাক অাহে অাৰু
অাহে এমুঠি
সেউজীয়া সপোন .....!’
অংকুৰে তেতিয়া ইনঞ্জিয়াৰিঙত নাম লগাইছিল । তাৰ মিচিকিয়া হাঁহিটিয়ে যেন বাহ সাজে তাইৰ বুকুত। যিদিনা টিউচন যাওতে তাক নেদেখে হাঁহাকাৰ কৰি উঠে তাইৰ মনটো।। লাহে লাহে তাইৰ হৃদয়তো যেন অংকুৰিত হ'ব ধৰিলে প্ৰেমৰ বীজ। মাধুৰ্য্যৰ যোগেদি এতিয়াও তেও চেষ্টা কৰি আছে তাইৰ মন পাবলৈ।
: মাধু¸ তই তেওক কাইলৈ মোক লক কৰিব কবি স্কুল চুটিৰ পিছত। -কৈ থাকি লাজতে ওঠটো কামুৰি উঠে তাই। লাহে লাহে আগবাঢ়িল সিহতৰ প্ৰেম। তাই বহুত সুখী অংকুৰৰ লগত। এদিন ঘৰটো গম পালে সিহঁতৰ কথা । প্ৰথমতে অলপ খং কৰিছিল যদিও পিছত দুয়োঘৰে সিহতৰ সম্পৰ্কটো অাদৰি ল'লে । সিয়ো আহে তাইৰ ঘৰলৈ অাৰু তায়ো মাজে মাজে যায় সিহঁতৰ ঘৰলৈ । লাহে লাহে যেন কেনা লাগিল সিহঁতৰ সম্পৰ্কত। সি তাইক সন্দেহ কৰা হ'ল। সৰু সৰু কথাতে কাজিয়া কৰা হল। তাইৰ স্কুলৰ লগৰ কাৰোবাৰ লগত কথা পাতিলেও সি গালি পাৰে। তাইৰ ম'ৱাইল ভাঙি পেলায় । প্ৰতিটো কথাতে হস্তক্ষেপে কৰি পেলালে তাইক।
: চকুত কাজল কিয় ইমান লগাইছা , চুলি কিয় এনেকৈ বান্ধিছা।- তাৰ কথাবোৰে বুকুত শেলে বিন্ধা দি বিন্ধে তাইৰ। হীনমান্যতাত ভোগে তাই। তাক বাদ দি কিবা ভবাটোও অসম্ভব। পাৰ্য্যমানে তাক সুখী কৰিবলৈকে চেষ্টা কৰে তাই।
: কাৰ্বি তোমাক মই বিয়া কৰাব নোৱাৰো। প্লিজ মোক পাহৰি যোৱা। - যেন সৰগখনহে ভাঙি পৰে মুৰৰ ওপৰত। বাকৰুদ্ধ হৈ পৰে তাই। এয়া কি কৈছে অংকুৰে। চকুৰ প্লাৱন নামি আহে তাইৰ। তাইৰ কোনো কথাই নুশুনি আতৰি যায়গৈ সি। চাকৰী কৰা চোৱালী এজনী চাইছে সি। দিন বাৰ ঠিক কৰিছে বিয়াৰ।
থাৰ্ড চেমিষ্টাৰ পাইছিলহে তাই। কি কৰিব এতিয়া। সকলো শেষ হৈ যোৱা যেন লাগে তাইৰ।কি কৰিব এতিয়া তাই! সিহঁতৰ প্ৰেমৰ মাজতটো এনেকোৱা কোনো চুক্তি নাছিল। খঙতে একো নাই হৈ তাই পিছদিনা সিহঁতৰ ঘৰ ওলাইছিল। ভণ্ড প্ৰতাৰকটোৰ খং¸ তাইৰ দৰে ছোৱালীৰ লগত সংসাৰ কৰিব নোৱাৰে। ফেকুৰী উঠে তাই। ধিক্কাৰ দিয়ে নিজকে।
: চোৱা মাজনী¸ জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰি। - মাকে মৰমেৰে বুজাই তাইক। একো নোসোমাই তাইৰ কাণত।
: তোমাৰ দৰে ছোৱালীৰ লগত সংসাৰ কৰিব নোৱাৰো।’ -তাৰ কথাষাৰে পাকঘুৰণি খাই বাজি থাকে তাইৰ কাণত। কি বুজাব খুজিছে সি! কি বেয়া তাই। মধ্যবিত্ত ঘৰৰ ছোৱালী তাই। চৰকাৰী চাকৰী নাই¸ সেয়াই কি দোষ! জেদী হৈ পৰে তাই। পঢ়িব তাই¸ চাকৰী কৰি এদিন তাকো দেখুৱাই দিব। চকুপানীখিনি মচে তাই।
এম ফিল কৰি ওচৰৰ কলেজখনতে সোমাইছে তাই। চৰকাৰী নহয় ভেঞ্চাৰ। নেট¸ শ্লেট ট্ৰাই কৰিছে। তাই নিশ্চিত এইবাৰ নহলেও¸ অহবাৰ পাবই। মাৰ্কচ ভাল তাইৰ। আজিও তাক ঘিন কৰো বুলিও ঘিন কৰিব নোৱাৰে তাই। হিয়াৰ একোনত যেন এতিয়াও অংকুৰ সোমাই আছে। তাইক ঠগিলে কি হল সিহঁত ভালে থাকক।
বাকৰুদ্ধ হৈ পৰিছিলো মই। এই পৃথিবীত অকলে ময়েই দুৰ্ভগীয়া নহয়। মধুস্মিতাই এদিন এৰি গৈছিল মোক¸ সিহঁতৰ উচ্চ জাত্যভিমানৰ দোহাই দি। আৰু মামাহঁতৰ পৰাটো আজিলৈ সম্পুৰ্ন মৰম নাপালোৱেই মাহীৰ লৰাটোৰ নিচিনাকৈ। মোৰ মা-দেউতাৰো অসবৰ্ণ বিবাহ যে। চাল্লা কেতিয়াযে এই সমাজখন সুন্দৰ হব!
মোৰ দেউতা এজন বিদ্ৰোহী কবি।
: ইয়াৰ শক্তি অতুলনীয়। তই এইটোৰেই কৰিবি প্ৰতিবাদ। স্কুলত পঢ়ি থকা দিনতেই দেউতাই এদিন কলমটো হাতত দি কৈছিল। মন গলেই লিখো অনুভববোৰ। শান্তি পাও মনত।
বহীখন উলিয়ালো। উকাপাতটোত লিখি গলো-
তুমি মোক মৰম দিয়া
হিয়া উজাৰি তোমাক ভালপোৱা দিম
তুমি মোক মোক মাৰিম বুলি কলে
ঘুচিয়াই তোমাৰ নাক ভাঙি দিম¸
এয়াই মোৰ দৰ্শন
এয়াই মোৰ জীবন
সৈনিক মই সুন্দৰৰ
সৈনিক মই বিপ্লবৰ
তোমালোকে যিয়েই কোৱা কৈ থাক
মই কৰিমেই প্ৰতিবাদ
বুকুজুৰি ভৰি আছে সেউজীয়া
কলমটোৰ বাদে মোৰ আছেইবা কি
প্ৰতিবাদ মোৰ জন্মস্বত্ব অধিকাৰ
জ্যোতি-বিষ্ণুৰ অসম মোৰ প্ৰণৰো প্ৰাণৰ
ভূপেনদা মোৰ শ্ৰদ্ধাৰ
যেতিয়া বৰষুণে উৰ্বৰা কৰে পথাৰ
মোৰ কবিতাৰ ৰং সেউজীয়া
মই সৃষ্টিৰ প্ৰতীক হব খোজো
যেতিয়াই হব অন্যায়
মোৰ আইৰ দুচকু উঠিব সেমেকি
ৰঙাহৈ পৰিব মোৰ কলমৰ চিয়াহী
বেচি মই একো নাজানো
এটাই জানো মই অসমীয়া
মই মোৰ মানুহখিনিক ভালপাও
হব খোজো ময়ো এজন ঝাড়ুদাৰ
সাৰি চাফ কৰিব খোজো সকলো লেতেৰা¸
মোৰ ঝাড়ুৰ খোচ হয়তো ভাল নাপাবা
সেয়ে নোজোকাবা
মোৰ আই মোৰ আপোন
জীবনে মৰনে মই চিৰদিন অসমীয়া।।
বৰষুণজাক এতিয়া অলপ এৰিছে। বতাহজাকো সাম কাটিছে।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib