Now you can Subscribe using RSS

Submit your Email

Wednesday, 12 April 2017

প্ৰতিবাদৰ ভাষা

Unknown

মোৰ ঘৰৰ এলান্ধুখিনি গুছাব খুজিলে
মোৰ গাতো লেতেৰা লাগে¸
মোৰ গাঁওৰ পথটোৰ বাটৰ আবৰ্জনাবোৰ চাফা কৰোতে
কোনোবাই ইতিকিং কৰিলে¸
মই হেনো ঝাড়ুদাৰ
কৈ থাকক¸
মোৰ কৰ্ম মোৰ ধৰ্ম!
অশ্লীলতাৰ উপাশক ভণ্ড এচামৰ মুখা খুলিব খোজো¸
প্ৰতিবাদ মোৰ জন্মস্বত্ব অধিকাৰ!
ছি: লেতেৰা চাফ কৰিলে লেতেৰা লাগিবই
আমাৰ সমাজৰ এনেকুৱা চিন্তাৰ বাবেই আজি সংস্কৃতি বিকৃত¸
তথাকঠিত শিক্ষাৰ চাৰ্টিফিকেট বেছি গোটোৱা নহল¸
সেইবুলি হেয় নেকি প্ৰতিবাদ কৰিব নোৱাৰাকৈ¸
শোৱাকোঠা বহাকোঠাৰ পাৰ্থক্য নুবুজা এচামক গুৱালগালি দিলে মানুহে চাই বেয়াকৈ¸
’বিতৰ্কত নোসোমাবা¸ সেয়া আমাৰ কাম নহয়¸’
হাৰে¸ যদি তেনেকৈয়ে ভাবো সকলোৱে
কলৈ যাব এই দেশ¸
কমলাকান্ত আজি নাই জাতিটোক জগাবলৈ¸
জ্যোতি¸ বিষ্ণু নাই ¸ ভুপেনদাও গলগৈ¸
কোনে দিব নবৰূপ
অম্বিকাগিৰিৰ চিঞৰক?
এচামে ৰাজনীতি দেখে সকলোতে!
অথচ নিজে মৌন¸
প্ৰয়োজন হলে চকুমুদা কুলি হৈ থাকা
প্ৰতিবাদ একেবাৰেই নকৰিবা!
আৰু প্ৰচাৰ পাব!
শিক্ষিত সমাজৰ এই চিন্তাৰ বাবেই অসভ্য যৌনতাৰ বেপাৰী বোৰ অতপালি বেছি!
চাল্লা কুকুৰ বুলি সিহঁতক গালি পাৰিলেও কিয় সমাজে ভুল বুলি!
বৰ্বৰ পিশাছ বোৰক হুংকাৰ দিয়াত অপৰাধ কত!
কিয় কম সিহঁতক হাতযোৰ কৰি
বন্ধ কৰক!
হবপাৰে প্ৰচাৰ¸ অপপ্ৰচাৰ সিহঁতৰ উদ্দেশ্য¸
চাল্লা সোপাকে কাণত ধৰাই জজফিল্ডত আঠুকঢ়োৱাত ভুল কত!
নাজানো¸ কোনে কি ভাবে
মই নাজানো একো¸ মই নামানো
পাষণ্ডহঁত সাবধান
সোপাকে নি ব্ৰক্ষ্মপুত্ৰত পেলাই দিবৰ মন।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib