আকাশখন গোমা হৈ আহিছে। বেলিতো ডাৱৰৰ আঁৰত লুকাই পৰিছে। হোঁহোৱাই বৈ আহিছে বতাহজাক।
: উ: ৰক্ষা। -নিজকে নিজে কলে অমৃতাই। এইমাত্ৰ স্কুলৰ পৰা আহি ঘৰ সোমাইছেহি তাই। ডাঙৰকৈ ধুমুহা-বৰষুণ এজাক আহিব। আজিকালি বতৰৰ মহিমা বুজাই টান লগত। হওতে চাটি এটা সদায় নিয়ে তাই। কিন্তু এই ডাঙৰ বৰষুণজাকক থ্ৰীফল্ড চাটিটোৱে কেনেকৈ বাধা দিব। লৰালৰিকৈ শাৰীখন সলাই ঘৰত পিন্ধা লংস্কাৰ্ট আৰু কুৰ্টিটো পিন্ধি ললে। মাকে বাঢ়ি দিয়া ভাত সাজ খাই নিজৰ ৰুমলৈ আহিল তাই।
ইতিমধ্যে মুষলধাৰে বৰষুণজাক নামি আহিছে।
: মই ভাল ভালে আহি পালোহি।- হোৱাটচ্এপত মেচেজ কৰিলে তাই তালৈ। চাগে চিন্তা কৰি থাকিব বৰকৈ। ফোন কৰি তাৰ কামত দিছটাৰ্ব কৰিব নোখোজে তাই। ৰাতিটো কথা পাতিবই। মিঠা হাঁহি এটা ডোলা দিয়া তাইৰ মুখত।
বতৰটো ঠাণ্ডা। বৰষুণজাকে পৰিবেশটো শীতল কৰি তুলিছে। ফাগুনৰ এই সময় খিনি ভাল লাগে তাইৰ। বেংক্লেটখন বুকুলৈকে টানি হেডফোনডাল কাণত লগালে তাই।
’ তুমি আহিছিলা চেনাই মোৰ পদুলিলৈ বুলি’ এফ এম চেনেলত তাইক প্ৰিয় অনুষ্ঠানটো চলি আছে। গানটোৰ সতে একাত্ম হৈ যায় তাৰ।
: ঐ তোৰ ভয়জটোও আৰজে সুজিতাৰ দৰে।- লগৰবোৰে কলে মনতো ভাল লাগে তাইৰ। গান নাগায় যদিও গান তাইৰ প্ৰিয়।
গান শুনি শুনি কেতিয়া তাইৰ টোপনি আহিছিল কব নোৱাৰে। হথাতে ভাইব্ৰেট কৰা ফোনটো কপি উঠাত সাৰ পালে তাই। স্ক্ৰীণখনলৈ চালে এটা অচিনাকী নাম্বাৰ। ঘড়ীত তেতিয়া পাঁচমান বাজিছিল।
: হেল্ল । - অলসভাবে ফোনটো ৰিচিভ কৰে তাই।
: অমৃতা হয়নে? - সিফালৰ পৰা নাৰীকণ্ঠ এটা ভাহি আহে।
: হয়¸ কওকচোন।- বিচনাখনতে উঠি বহে তাই।
: ছৰী¸ দিচটাৰ্ব কৰিলো¸ শুই আছিলা নেকি? - পৰম আত্মীয়তাৰে মাতটো ভাহি আহে।
: অ’¸ মানে সেমেকা বতৰযে। ভাতখাই অলপ ৰেষ্ট লওতে টোপনি আহি গল। কোনে কৈছা নো? - তায়ো এইবাৰ আগন্তুকক তুমি বুলিয়ে সম্বোধন কৰে। চাগে কোনোবা চিনাকীয়েই হব।
: তুমি মোক চিনি নাপাবা। তোমাৰ লগত যে পঢ়িছিল সুকণ্যা¸ মোৰ মামাৰ ছোৱালী। তাইৰ পৰাই তোমাৰ নাম্বাৰটো ললো।
: কোৱাচোন।- অলপ আচৰিত হল অমৃতা। তথাপি নিৰ্লিপ্তভাবেই কলে তাই। সুকণ্যা তাইৰ লগত একেলগে পঢ়িছিল ভাৰ্চিটিত। এতিয়া এম ফিল কৰি আছে। টেটত পাছ কৰি স্কুলখনত সোমাল তাই। কণকণ লৰা-ছোৱালীৰ মাজত থাকিয়েই ভাল পাই তাই।
: কেনেকৈ কৰ পৰা আৰম্ভ কৰো ভাবি পোৱা নাই।- আগন্তুকে কৈ উঠে। অলপ সময় নিৰবতা। কৌতুহল হয় অমৃতাৰ। এনে কি কথা থাকিব পাৰে।
: মোৰ নাম মৌচুমী। ডিগ্ৰী কমপ্লিট কৰি ঘৰতে আছো। সুন্দৰপুৰত মোৰ ঘৰ। ঘৰত মা¸ দেউতা আৰু বা এজনী। - অলপ বিৰক্ত হয় অমৃতা। নিজৰ পৰিচয় দিবলৈ ফোন কৰিছে নেকি। ইতিমধ্যে সাজ লাগিছে। সোনকালে মুখহাত ধুই সন্ধিয়াৰ চাহকাপ বনাব লাগে। চাগে মাক¸ দেউতাক টিভি ৰুমত বহি আছে।
: মেইন কথাটো কোৱাচোন।- চাগে অলপ টানকৈয়ে কলে তাই।
: প্লিজ অমৃতা তুমি বেয়া নাপাবা।
: হব বাৰু কোৱাচোন।
: তুমি অনুজক চিনি পোৱা নেকি? -কও নকওকৈ কৈ উঠে মৌচুমীয়ে।
: অ’¸ পাও। তাতে কি হল। - খাৰাংখাচকৈ উত্তৰ দিয়ে তাই
: মই গম পাইছো¸ তুমি বোলে তাক ভালপোৱা।- এইবাৰ খঙে চুলিৰ আগ পায়হি তাইৰ। কি লাগবান্ধ নোহোৱা কথা কৈছে এইজনীয়ে।
: তুমি কি কব খুজিছা?? মই ভালপাও মানে¸ সিয়ো মোক ভালপায়। আমাৰ দুয়োৰে বিয়াৰ কথা চলি আছে বুজিছা। কি কব লগা আছে স্পষ্টকৈ কোৱা।
: অমৃতা¸ অমৃতা¸ খং নকৰিবা। ধৰ্য্য ধৰি মোৰ কথাখিনি শুনা।
: বাৰু কোৱাচোন।
: অনুজ ভাল লৰা নহয়। ভণ্ড¸ প্ৰতাৰক সি।- ফোনৰ সিতো পাৰে উচুপি উঠিল মৌচুমী। বাকৰুদ্ধ হৈ পৰে অমৃতা। কি কৈ আছে এইজনীয়ে।
: ৰবা¸ ৰবা নাকান্দিবা। এইবোৰ কি কৈ আছা তুমি। জানানে কি কৈ আছা। সাহস কত পালা।- খঙত ফোপাই উঠে তাই।
: মই জানো¸ তুমি এনেকৈ কলে বিশ্বাস নকৰা। তাক মই সৰুৰে পৰা ভালপাও। সিয়ো মোক ভালপাইছিল। এতিয়া সি মোক এৰি তোমাক ভালপাই। প্লিজ মোৰ লাইফটো নষ্ট নকৰিবা।
: কি বাজে কথা কৈ আছা। পাহৰি গলা নেকি¸ অনুজ মোৰ হবলগা স্বামী। কাৰোবাক দোষ দিয়াৰ আগতে নিজৰ গাত চিকুটি চোৱা। তুমি ভাল হলে সি তোমাৰ লগত কিয় ব্ৰেকআপ কৰিব? - উষ্মাৰে কৈ উঠে তাই।
: কিয় মিচা কম তোমাক। মোৰ কি লাভ। নিজতকৈয়ো বেছি ভালপাও তাক। তাৰ অবিহনে মৰি যাম মই।
: তুমি কিয় মোক শুনাই আছা? তাক ভালপোৱা যদি তাক কোৱা।
: কৈছিলো¸ সি নুশুনে মোৰ কথা। যথেষ্ট কষ্টৰে তোমাৰ নম্বৰটো লৈছো। তুমি তাৰ লগত সম্পৰ্ক শেষ কৰি দিয়া অমৃতা।
: কি বাৰে বাৰে ফাল্টু কথা কৈ আছাহে। অনুজক মই জানো। মিচা কথা কৈ মুৰটো গৰম নকৰিবা।
: সি মোৰ দেহটো চুৱা কৰি…।-উচুপি উঠিল মৌচুমী
: মিছা মিছা কথা কৈ প্ৰেমৰ অভিনয়ৰে মোক …। - আৰু কব নোৱাৰিলে মৌচুমীয়ে। হতভম্ব হৈ পৰে অমৃতা। চাগে সৰগ নপৰিলেও ইমান আচৰিত নহলহেতেন তাই। তায়ো এগৰাকী নাৰী। কিমান সত্যতাৰে এগৰাকী নাৰীয়ে এনে কথা কব পাৰে!- ভাবে তাই।
: চোৱা¸ তোমাৰ কথা মানিম মই। কি প্ৰমাণ আছে তোমাৰ হাতত যে অনুজ ফ্ৰড। যদি মিছা কৈছা চাবা¸ সুখৰ ভাত খাব নিদিও তোমাক মই। - ধীৰেস্হিৰে কঠোৰ ভাষাৰে কৈ উঠে তাই। যেন মৌবাঁহতহে হাত দিলে তাই। জাঙুৰ খাই উঠে মৌচমী।
: প্ৰমান লাগে ন তোমাক? দিম¸ চব দিম। চব আছে মোৰ লগত। কিন্তু তুমি তাক এৰি দিব লাগিব।
: অকে। -খঙতে কয় তাই। ফোনটো কাটি দিয়ে মৌচুমীয়ে।

ঠাইতে বহি থাকে অমৃতা। কংকৰ্তব্যবিমুঢ় হৈ পৰে তাই। কি সচা কি মিছা¸ একো উৱাদিহ নাপাই নাই।এক অনামী খঙত ফোপাই থাকে তাই। কিছুসময় নিষ্টব্ধতা। খুটকৈ শব্দ এটা হয়। হোৱাটচ্এপত মেচেজৰ লানি নিচিগা সোঁত। মৌচুমীয়ে পঠাইছে।
মুৰটো আচন্দ্ৰাই কৰা যেন লাগে তাইৰ। তাই যেন পাগল হৈ যাব! হোৱাটচ্এপ¸মেচেঞ্জাৰৰ এসোপা স্ক্ৰীনশ্বট পঠাইছে মৌচুমীয়ে¸ লগতে অন্তৰংগ কেইখনমান ফটো। মেচেজবোৰ পঢ়ি যেন পাগল হৈ যাব তাই। একান্তই অন্তৰংগ বাৰ্তালাপ সেইবোৰ।
মুৰতো হেচি ধৰি পিচফালে বেৰত আঁউজি দিলে তাই। এইবোৰ কি! অনুজৰ এনে এটা অতীত আছে! আজিকালি ফটোশ্বপৰ জৰিয়তে এইবোৰ ষড়যন্ত্ৰ কৰাটোও একো অসম্ভব নহয়। কিন্তু কোনোবাই কিয় কৰিব এনেকুৱা। কি শত্ৰুতা আছে¸ তাইৰ লগত মৌচুমীৰ! নে অনুজৰ লগত! আৰু ভাবিব নোৱাৰে তাই।

: মাজনী¸ তোৰ গা বেয়া নেকি? - ভাতৰ পাতত তাইৰ অন্যমনস্কতালৈ লক্ষ্য কৰি সোধে মাকে।
: নহয় অ’ মা¸ মাথাটো অলপ বিষাই আছে। - মিছা মাতে তাই। কি বুলি কব¸ তাইৰ মনৰ অবস্হাটো।
: বিষাবই¸ বহুসময় লেপটপত কাম কৰি থাক নহয়। -কৈ উঠে মাকে। হাঁহি দিয়ে তাই।

: অমি¸ আজি তুমি কথা কোৱা নাই কিয়? - ৰাতি তাই নিশ্চুপ হৈ থকা দেখি উদগ্ৰীব হৈ পৰে সি। আনকালে তায়েই বেছি পেকপেকাই থাকে।
: অনু¸ মাথাটো বৰকৈ বিষাইছে অ’ আজি। কথা কব একদম মন যোৱা নাই।
: ঠিক আছে। ৰেষ্ট কৰা তেন্তে। আদা দিয়া ৰঙা চাহ একাপ খাই শুই থাকা। টেক কেয়াৰ।- গভীৰ মৰমেৰে কৈ উঠে সি।
: উম। - ফোনটো ৰাখি বিছনাখনত বাগৰ দিয়ে তাই।
টোপনি নাহে তাইৰ। কাৰোবাৰ প্ৰৰোচনাত অনুজক সন্দেহ কৰিবলৈ বেয়া লাগে তাইৰ। মৌচুমীৰ ওপৰত খং উঠে তাইৰ। কি দৰকাৰ আছিল ফোন কৰাৰ। বহুত ভালপায় অনুজে তাইক। আৰু তাই…অনুজোতো তাইৰ বাবে হিয়াৰ এফাল।

অমৃতাৰ দেউতাকৰ বন্ধুৰ পুতেক অনুজ। মৰমলগা¸ দেখনীয়াৰ লৰাটো যিকোনো যুবতীৰে চকুৰ মণি হব পাৰে। হাঁহিলে টোল পৰে তাৰ গালত। মানুহে কয় গালত টোল পৰা মানুহবোৰ হেনো দুষ্ট। হাঁহি উঠে তাইৰ। কতা অনুজটো তেনেকুৱা নহয়। প্ৰথম দেখাতেই তাৰ বাক চাতুৰ্য্যতাত মুগ্ধ হৈছিল তাই। অনুজে ইঞ্জিনিয়াৰিং পাছ কৰি ভাল কোম্পানী এটাত জইন কৰিছে। দৰমহাও ভাল। তায়ো এডুকেচনত এম এ পাছ কৰিলে যোৱাবাৰ। অনুজ তাইতকৈ তিনিবছৰমানহে ডাঙৰ হব। সিহঁতৰ ঘৰতে তাই প্ৰথম লগ পাইছিল অনুজক। দেউতাকৰ লগত সিহঁতৰ ঘৰৰ সত্যনাৰায়ণ পুজালৈ আহিছিল সি। চিন্তাধাৰাৰ মিল থকাৰ বাবে দুয়ো সোনকালেই বন্ধু হৈ পৰিছিল। তাইৰ নম্বৰটো লৈছিল সি। মাজে মাজে ফোন কৰিছিল। পুৱা গধুলি মেচেজেৰে তাইৰ ইনবক্স ভৰাই দিছিল সি। সুন্দৰ ৰোমান্তিক কবিতা লিখে লৰাটোৱে। যদিও তাই কবিতা বুজি নাপায় তথাপি ভাল লাগে তাইৰ। কবিতা লিখা মানুহবোৰ কেতিয়াও বেয়া হব নোৱাৰে। - তাই ভাবে।
: অমি¸ তোমাক ভাল লাগিব ধৰিছে মোৰ। - এদিন লাজ লাজকৈ কৈ উঠে সি। তাইৰো লাজ লাগে। দুচকুৰ ভাষা তায়ো নুবুজা নহয়। ইস্পিত কথাষাৰ শুনিবলৈ যে তাই কিমান দিনৰ পৰা বাটচাই আছিল।
: কিয় আগতে ভাল লগা নাছিল নেকি? - তাক শ’লঠেকত পেলাবলৈ কৈ উঠে তাই।
: নহয় মানে। - অপ্ৰস্তুত হৈ পৰে সি। তাইৰ হাঁহি উঠে।
: অমি¸ আই লাভ ইউ। আই কান্ট লিভ উইডাউট ইউ। - তাইৰ চকুত চকু থৈ কৈ উঠে সি।
: আই লাভ ইউ টু। - তাৰ চকুত চকু থৈ তায়ো কৈ উঠে।
: হেই সচা¸ অমি¸ বহুত বহুত সুখী মই। - উচাহত ফাটি পৰে সি।
সিহঁতৰ মিলামিছা দুয়োখন ঘৰৰ চকুত বেয়া নালাগে। উপযুক্ত দুয়ো।
: হেৰা¸ আমাৰ অমিৰ বাবে অনুজ কেনেকুৱা হব হে। - দেউতাকে টিভি চাই থাকোতে কয় মাকক।
: ভালেই হব। বোধকৰো সিহঁতে ইতোৱে সিটোক পচন্দও কৰে। - মাকে উত্তৰ দিয়ে। লাজ লাগে তাইৰ। ওচৰৰ কোঠাৰ পৰা মাক-দেউতাকৰ কথাবোৰ শুনি থাকে তাই। কইনা হলে তাইক বাৰু কেনেকুৱা লাগিব! চুৰিদাৰৰ চুন্নিখন ওৰণি কৰি লাজ লাজকৈ দ্ৰেচিং মিৰৰত চালে তাই। আইনাখনত ঠিক কপালত পৰাকৈ লিপষ্টিকেৰে ৰঙাকৈ ডাঙৰকৈ ফোটটো আঁকি দি চাই তাই। সদ্যবিবাহিত এজনী ধুনীয়া কইনা যেন লাগে। লাজ লাগে তাইৰ।

ৰাতিপুৱা দেৰিকৈ সাৰ পালে তাই। ৰাতি বহুদেৰিলৈকৈ টোপনি অহা নাছিল। অনুৰ মুখখনে¸ মৌচুমীৰ কথাবোৰে তাইৰ মনত দোলা দি আছিল। কথাবোৰ কাকো খুলি কবও নোৱাৰে তাই। অনুকো সুধিব নোৱাৰে। বৰ অস্বস্তি অনুভব কৰে তাই।
: অমি¸ কৈ হৈছে তোমাৰ? কি ভাবি থাকা আজিকালি?- সকলোৱে লক্ষ্য কৰে তাইৰ গহীনতা। আজিকালি অনুৰ লগত কথা পাতোতেও খুউব চুটিকৈ কৈ থয় তাই।
: অমি¸ তোমাৰ কিবা এটা হৈছে। কি ভাবি থাকা আজিকালি? - অনুৱে কয় তাক
: কতনো কি হোৱা দেখিলা? -হাঁহি মাৰি কয় তাই।
: তুমি যেন অন্যমনস্ক হৈ পৰা।
: বুদ্ধু তাকেহে দেখিলা।- তাৰ নাকতো চেপি দিয়ে তাই। দুয়ো হাঁহি উঠে। তাক লগ পালেই সকলো পাহৰি যায় তাই। মৌচুমীৰ কথাবোৰ মিছা যেন লাগে। বিশ্বাস-অবিশ্বাসৰ দোমোজাত দুলি থাকে তাই।

: হেল্লো মৌচুমী¸ মই অমৃতাই কৈছো। তোমাক লগ পাব লগা আছিল। অ’ আজিয়েই। - মৌচুমীক ফোন কৰে তাই। সোনকালেই সিদ্ধান্ত এটা লব লাগে। এনেদৰে অশান্তিত থাকিব নোৱাৰি।
অনুজহঁতৰ ঘৰৰ পৰা তিনি কি:মি: আঁতৰত মৌচুমীৰ ঘৰ। ঘৰত মাক¸দেউতাক আৰু তাইহে। বায়েকজনীক বিয়া দিছে। দেউতাক কোনোবা এটা বিভাগৰ চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী। মৌচুমী ছোৱালীজনী দেখাত ধুনীয়াই। বৈ পৰা চুলিৰে ওঠৰ ওচৰত থকা তিলটোৱে যেন সৌন্দৰ্য্য বঢ়াই তুলিছে। ছোৱালীজনী প্ৰায় তাইৰ বয়সৰেই। অনুজৰ ভনীয়েকৰ লগত পঢ়িছিল তাই। ভনীয়েকৰ যোগেদিয়েই তাইৰ লগত চিনাকী হৈছিল সি।
: তুমি কি বিচৰা মোৰ পৰা। - সকলো কথা শুনি অমৃতাই সোধে মৌচুমীক।
: তোমাকতো সকলো কলো। গতিকে প্লিজ মোৰ লাইফটোৰ কথা ভাবি তুমি তাক এৰি দিয়া।
: কিন্তু মই কিয় এৰি দিম! ভুল কৰিছা তোমালোকে¸ মই কিয় শাস্তি ভোগ কৰিম! মোৰ লগততো একো বেয়া কৰা নাই। - কৈ উঠে অমৃতাই।
: তুমি¸ তুমি নাৰী হৈ নুবুজিলা। মোৰ কথা। কতে মৰো মই! হয় ভুল কৰিলো! বৰ ডাঙৰ ভুল কৰিলো তাক বিশ্বাস কৰি। - উচুপি উঠিল মৌচুমী। বেয়া লাগিল তাইৰ।
: ৰবা নাকান্দিবা। মোক ভাবিবলৈ সময় দিয়া। - বিদায় লৈ ঘৰলৈ আহে তাই। ওৰে দিনটো মৌচুমীৰ কথাবোৰেই পাকঘুৰণি খাই থাকে তাইৰ মনত।
মৌচুমী অনুজৰ সন্তানৰ মাক হব ওলাইছে। চাৰিমাহৰ অন্ত:সত্বা তাই। তাৰ দেউতাকৰ অফিচৰ পিয়নৰ জীয়েক বাবেই তাইক আদৰি নলয় তাৰ ঘৰখনে। ঘৃণাত নাকটো কোঁচ খাই আহে তাইৰ।
: তুমিয়েই মোৰ জীবনৰ প্ৰথম প্ৰেম। - তাৰ কথাষাৰ বাজি থাকে তাইৰ কাণত। ভণ্ড মিছলীয়া গালি ওলাই আহে তাইৰ মুখত।

: এয়া তুমি কি কৰিলা অনু! ইমান বিশ্বাস কৰিছিলো তোমাক। -ফেকুৰী উঠিল অমৃতা। সপোনবোৰ ভাঙি যায় তাইৰ। তাৰ সতে জীবন কটোৱাৰ সপোন দেখিছিল তাই। চব ভাঙি চুড়মাৰ কৰি দিয়ে মৌচুমী নামৰ ধুমুহাজাকে। এতিয়া তাই কিদৰে বিশ্বাসত লব! তাইৰ হবলগা স্বামী কাৰোবাৰ হবলগা অবৈধ সন্তানৰ পিতৃ। ভুল হয়তো মৌচুমীৰো আছে। আবেগত বাসনাৰ সাগৰত উটি গৈ সৰ্বস্ব সপি দিছিল। কিন্তু সেই ভ্ৰুণটোৰ¸ আহিবলগা সন্তানটোৰ কি দোষ। পিতৃ থাকিও সি পৰিচয়হীন হব¸ হয়তো মৌচুমীয়ে তাক হত্যা কৰিব। হয়তো আত্মহত্যা কৰিব। আৰু ভাবিব নোৱাৰা হৈ যায় তাই। দুচকুৰে চকুপানী বাগৰি আহে।
কোনো পুৰুষকে বিশ্বাস কৰিব নাপায়!
: মা¸ অনুজে…। - মাকক সাবতি হুকহুকাই কান্দি দিলে তাই। ঘৰখনৰ একমাত্ৰ সন্তান তাই। মাক-দেউতাকৰ বহুত মৰমৰ। সকলো কথা খুলি কলে তাই। মাক তাইৰ বান্ধবীৰ নিচিনা। অবাক হৈ পৰে মাক। সহজ সৰল যেন লগা লৰাটোৰ কুৎসিত মুখখন দেখি হতভম্ব হৈ পৰে তেও।
দেউতাক অফিচৰ পৰা আহি পাইছিল তেতিয়া। তাই নিজৰ ৰুমতে আছিল। মোবাইলটোত প্ৰায় ত্ৰিশটামান অনুজৰ মিছকল। মেচেজ এসোপা। ছাগে সি আচৰিত তাইৰ আচৰণত। কি কথা পাতিব তাই! সপোনবোৰ শেষ হৈ গৈছে। দেউতাক-মাকে বুজাই তাইক। বিয়াখন ভাঙি দিয়ে তেও। অসহায় হৈ পৰে তেওলোক।
: চব সময়ৰ হাতত এৰি দিয়া মাজনী। যি হল ভালে হল¸ পিছত গম পালে বেছি বেয়া হলহৈ।- আলফুলে তাইৰ কপালত হাতবুলাই কয় দেউতাকে।

: তুমি মোক ভুল নুবুজিবা অনু। তোমাক এতিয়াও ভালপাও। কিন্তু মোৰ সুখৰ বাবে আন কাৰোবাৰ চকুত চকুপানী দিব নোখোজো। তুমি মোৰ পৰা লুকুৱাই ৰাখিলা। হয়তো তোমাক মাফ কৰিলো হেতেন¸ কিন্তু কেনেকৈ তোমাক বিশ্বাস কৰিম!- মেছেজটো তালৈ চেন্ট কৰি ফোনটো অফ কৰি দিয়ে তাই। কি কৰিব পাৰে তাই। আজি হিয়া উজাৰি কান্দিব মন গৈছে তাইৰ।
আজি জোনটো আউসীয়ে ঢাকি ধৰিছে। মনৰ জোনাক হেৰাই গৈছে অমৃতাৰ।।

0 comments:
Post a Comment