Now you can Subscribe using RSS

Submit your Email

Monday 22 June 2020

Bad boy ঃ24

Unknown

                            [ চৌব্বিশ ]

পলাশ ৰুমলৈ সোমাই যোৱাৰ পিছতো ঠাইতেই থিয় হৈ প্ৰত্যাশাই চাই ৰৈছিল তালৈ। তাই কৃতজ্ঞ হৈ পৰিছিল। সেইখিনি সময় সি নহা হলে হয়তো বৰ বেয়া পৰিস্থিতিৰ মুখামুখি হ’লহেতেন তাই। দিনকাল আজিকালি এনেয়েও ভাল নহয়। এন্ধাৰ হলেই যেন এচাম নষ্ট মানুহে অপকৰ্ম কৰিবলৈ সুবিধা বিছাৰি ফুৰে। হয়তো সঠিক সময়ত ভগবানে পলাশদাক নপঠোৱা হলে গুৰু গোসাই নমনা উদণ্ড ল’ৰাকেইটাই আজিযে তাইৰ শালীনতাত হাত দিবলৈ ওলাইছিল। কথাটো মনত পৰি আকৌ এবাৰ বুকুখন কপি উঠিছিল প্ৰত্যাশাৰ। লৰালৰিকৈ ভিতৰলৈ সোমাই গ’ল তাই।

‘ মাইনা আহিলি? ’
তাইক দেখি এনেয়ে মাকে সোধাত ‘ও’ বুলি কৈ নিজৰ ৰুমলৈ আহিল তাই। এপাক ভাবিলে¸ মাকক কব নেকি? ওহো¸ নকয়। পিছ মূহুৰ্ততে মনলৈ আহিল¸ মাকে মিছায়ে বেছিকৈ হুলস্থুল কৰিব পাৰে। 
কাপোৰসাঁজ সলাই ওলাই আহিল তাই।

তেতিয়া প্ৰচ্ছায়াই লেপটপত কিবা এটা চাই আছিল। প্ৰত্যাশা আহি তাইৰ কাষতে বহিল। প্ৰচ্ছায়াই এবাৰ তাইলৈ চালে আৰু মুৰটো ঘুৰাই পুনৰ লেপটপৰ স্ক্ৰীণত দৃষ্টি আবদ্ধ কৰিলে। 
আৰু ৰব নোৱাৰিলে প্ৰত্যাশাই। 
কও নকওকৈ মনটোৱে তাইৰ খু-দুৱাই আছিল।

‘ বা ’
লাহেকৈ প্ৰচ্ছায়াৰ হাতত হাত এখন ৰাখিলে প্ৰত্যাশাই। ভাৱলেশহীন হৈ তাইলৈ চালে প্ৰচ্ছায়াই। ভিডিঅটো প’জ কৰি হেডফোনটো মুৰৰ পৰা নমালে প্ৰচ্ছায়াই।

‘ কিবা কব মাইনা?’
‘ জানা¸ ডাঙৰ কথা এটা হ’ল আজি।’
এবাৰ ইফালে-সিফালে চাই বায়েকক কৈ দিলে প্ৰত্যাশাই।

প্ৰচ্ছায়াৰ যেন চকুদুটা বাহিৰলৈহে ওলাই আহিব প্ৰচ্ছায়াৰ।

‘ কিইইইই???’
মাতটো ডাঙৰকৈ ওলাল প্ৰচ্ছায়াৰ।
প্ৰত্যাশাই ভয় খালে। বায়েকৰ চিঞৰ শুনিলে এতিয়া মাকেও দৌৰি আহিব।

‘ নিচিঞৰিবা। ’
বায়েকৰ হাতখনত খামুচি ফুচফুচাই কলে প্ৰত্যাশাই।

‘ নহয় মাইনা¸ এইবোৰ লুকোৱা কথা নহয়। আৰু তুমিনো আন্ধাৰ হোৱাৰ পিছত কিয় অকলে আহিছিলা? ফ্ৰেইণ্ডজনী নাহিল যদি পাপাক এবাৰ ফোন এটা কৰি দিব পাৰিলাহৈ। নহলে মোকো ফোন কৰিব পাৰিলাহৈ। স্কুটিখন লৈ ময়েই তোমাক আনিব পাৰিলোহয়। পলাশক লগ নোপোৱা হলে যে কি হ’লহেতেন!’ ভনীয়েকক মৃদুকৈ ধমক এটা দিলে প্ৰচ্ছায়াই। কথাবোৰ শুনি তাইৰো বুকুখন কঁপি উঠিছিল।
প্ৰচ্ছায়াই ভয় খাইছিল । তাই জানে নিতৌ অসভ্যকেইটামানে বাটেৰে যুবতী মহিলাক দিগদাৰ দিয়ে। স্কুটীখন লৈ আহে বাবেহে তাইৰ সমস্যা নহয়। 

‘ ছৰি বা¸ এতিয়াৰ পৰা সাহস নকৰো আৰু। সচাকৈ দেই চিনাকী চহৰখন দিনে-দিনে বৰ অচিনাকী হৈ গৈ আছে। যিমানে ডাঙৰ হৈ আহিছো যেন ভয় বেছিকৈহে লগা হৈ আহিছে।’

‘ সময়বোৰ ভয়লগা হৈছে অ’ মাইনা। মেট্ৰ’ৰ সুবিধাবোৰৰ লগে-লগে লেতেৰা সমস্যাবোৰো ননষ্টপ বাঢ়ি আহিছে। সজাগ হৈ থকাৰ বাহিৰে উপায় নাই।’
স্বগতোক্তি কৰাৰ দৰে প্ৰচ্ছায়াই কৈ থাকিল।

ঘটনাটো ৰাতিলৈ মাক আৰু পাপাকেও গম পালে। প্ৰত্যাশাই বাধা দিয়াৰ স্বত্তেও প্ৰচ্ছায়াই কৈ দিলে। ৰাতি ভাত খাই থকাৰ সময়তে ঘটনাটো মাক-পাপাকক কৈ দিলে তাই। কথাটো শুনি মাক-পাপাকৰ মুখৰ মাত হৰিছিল। আকৌ এবাৰ প্ৰত্যাশাক গালি দিছিল মাক অকলে আহিবলৈ সাহ কৰা বাবে। পাপাক বহাৰ উঠিছিল। চিন্তিত হৈ পৰিছিল মানুহজন। ক’ৰ পৰা যে কি হৈ গৈছে সময়বোৰ। 

‘ হেৰা¸ তাইক গালি পাৰি কি লাভ! তুমিয়েই খবৰ নোলোৱা সন্ধিয়া ছোৱালীজনী নহালৈকে। মই শুধিলে কোৱা¸ মিছাকৈয়ে চিন্তা কৰো বুলি!’
মাকলৈ চাই কলে পাপাকে। 

‘ অ’ কও। আমাৰ ল’ৰা নাই¸ ইহঁত দুয়োজনীয়ে আমাৰ ল’ৰা। কিন্তু ইমান যে মৰ সাহ কৰিব কোনে জানে! দিনে-ৰাতি টিভিত দেখিয়েই থাকে! অথচ…’
মাকৰ মনৰ ভয় যেন শেষ নহবই। প্ৰচ্ছায়াই দেখিলে মাক-পাপাকে বেছি ভয় খাইছেগৈ। মাকৰ ভয়¸ কিজানি অসভ্য কেইটাই আকৌ দিগদাৰ দিয়ে! এনেকৈ হ’লে¸ কালিৰ পৰা চাগে তাইৰো এতিয়া বহু কথাত বাধা আহিবগৈ। লাহেকৈ মাকক কলে তাই¸

‘ মা¸ তুমি মিছাতে চিন্তা কৰিছা? পলাশ পিছে-পিছে আহি আছিল নহয়।’

‘ মাজনী¸ মাইনা¸ অভিজ্ঞতাবোৰ সদায়েই ভাল। এতিয়া অলপ বুজিবা। কেতিয়াও ল’ৰা-ছোৱালীৰ মাজত মই পাৰ্থক্য ৰখা নাই। কিন্তু বাহিৰৰ পৃথিবীত ল’ৰাৰ সমানে ছোৱালীৰ সুবিধা নহয়।’
এইবাৰ দুয়োজনীকে কাষত বহুৱাই মুৰ পিহি কৈ থাকিল পাপাকে। একো নকলে দুয়োজনীয়ে। মনে-মনে শুনি থাকিল।

-----

ভাতকেইটা খাই আধৰুৱা হৈ থকা কিতাপখন মেলি লৈছিল পলাশে। যোৱা চাৰিদিন ধৰি পঢ়ি শেষ কৰিব পৰা নাই। ভাত খাই উঠি পঢ়িবলৈ বহে আৰু কেইটামান পৃষ্ঠা পঢ়াৰ পিছতে টোপনি ধৰে আৰু কিতাপখনত ভাজ এটা দি থৈ দিয়ে। এই তত্বগধুৰ লেখাবোৰ বোধহয় এনেকুৱাই। ৰুচি অনুযায়ী ৰস নাপালে আকৰ্ষিত কৰিব নোৱাৰে। পলাশে ভাবে¸ চাগে সমাজৰ অধিকাংশ মানুহবোৰো এনেকুৱাই। সেয়েহে কোনেও সমস্যাবোৰকলৈ মুৰ নঘমাই। ঠিক ফেচবুকৰ লেখাবোৰৰ দৰে। ফেচবুকত ফটো এখন আপলোড কৰা বা পাতলীয়া হাস্যৰসৰ দুআষাৰ লিখি দিয়া¸ এঘন্টাতে এশৰ ওপৰত লাইক কমেন্ট আহি যায়। অথচ ভালকথা এটা শুনিবলৈ কাৰো আগ্ৰহ নাই। কিন্তু ৰুচিৰ লগত মিলা কথাবোৰেৰে জীৱন নচলে¸ সমাজো নচলে। মগজুৰ চিন্তাৰ দৌৰৰ গতি বঢ়াবলৈ ৰুচিৰ সতে নিমিলা তত্বগধুৰ কথাবোৰৰো প্ৰয়োজন আছে। দাগ দি থোৱা পৃষ্ঠাটো মেলি পলাশ দৃঢ় প্ৰতিজ্ঞ হ’ল¸ যিমান ৰাতি হলেও এইখন শেষ কৰিবই আজি।

‘ ক্লিক ’
হঠাতে কাষতে থকা মোবাইলটোৰ স্ক্ৰীণখন শব্দ কৰি জ্বলি উঠাত একাগ্ৰতা ভংগ হ’ল পলাশৰ। পৰম বিৰক্তিৰে ফোনটোলৈ চালে সি।

‘ থেংক ইউ ’
প্ৰচ্ছায়াৰ টেক্সট মেছেজটো দেখি মুখত হাঁহি উঠি গ’ল তাৰ। অলপ আগতে হোৱা বিৰক্তিখিনি কৰ্পুৰৰ দৰে উৰি গ’ল।

‘ কিয় থেংকিউ দিলা?’
এমোকোৰা হাঁহি লৈয়েই সুধিলে সি।

‘ এনেয়ে ’
সিফালৰ পৰা লিখিলে প্ৰচ্ছায়াই। পলাশে বুজিলে কিয় ধন্যবাদ দিছে তাই। কিন্তু তাই কব নোখোজাত সিয়ো উলিয়াব নুখুজিলে। কিছুমান কথা মানুহে মনত পেলাব নিবিছাৰে। তায়ো নিবিছাৰিলে। 
এনেয়ে ধন্যবাদ দিয়ে নেকি বুলি সি সোধে বুলি আগতেই আকৌ তায়েই সুধিলে। সুধিব লাগে বাবেই সুধিলে¸ ‘ ভাত খালা? ’
যদিও জানে এই এঘাৰটা বজাত নিশ্চয় ভাত নোখোৱাকৈ সি নাথাকে।

‘ খালো। এয়া কিতাপ এখন মেলি লৈছো ৰ’বা। তুমি খালা?’
‘ খালো। দিয়া দিছটাৰ্ব নকৰো এতিয়া। পঢ়া তুমি। গুডনাইট।’

ধেৎ তেৰি! কিয় বাৰু কলে সি কিতাপ এখন মেলি লোৱাৰ কথা। কথা পাতিবলৈ মন গৈছিল তাইৰ। প্ৰতিজন প্ৰেমিকৰে মনটো চাগে তেনেকুৱাই। প্ৰেয়সীৰ সতে কথাপতা সময়খিনি আটাইতকৈ ভাল যেন অনুভৱ হয়। এতিয়া তাই গুডনাইট দিয়াৰ পিছত উপযাচি কবলৈ অসুবিধা হ’ল তাৰ। এতিয়াও বন্ধুত্ব সিমান গভীৰলৈ আগবঢ়া নাই যে¸ সময়খিনি খুজি লব। তাইকো গুড নাইট দি কিতাপখন আকৌ মেলি ললে সি। কিন্তু মনটো সহজে নবহিল।

*****

প্ৰত্যাশাই সেইদিনা সমুখীন হোৱা অবাঞ্চিত ঘটনাটোৰ কিছুদিন পিছত আকৌ সেই একেই ঘটনাৰে সমুখীন হ’ল প্ৰচ্ছায়া। ৰাতিপুৱা অফিচলৈ ওলাই আহিছিল তাই। একেই সেমেকা ডাঁৱৰীয়া বতৰ। খুউব পুৱাই টানকৈ বৰষুণ এজাক আহি ৰাষ্টা-ঘাটবোৰ ধুৱাই থৈ গৈছিল। পুৱাই এজাক বৰষুণ অহাৰ বাবেই নেকি মানুহ দুনুহ কমকৈ ৰাষ্টাত ওলাইছিল। প্ৰচ্ছায়া ওলোৱাৰ অলপ পিছতে পলাশে যাবলৈ ওলাইছিল। অকমান আগতে তাই ওলাই যোৱা দেখি এনেয়ে বাইকখনৰ মিৰ’ৰদুখন পৰিস্কাৰ কৰাৰ ভাওজুৰি থাকিল। যাতে তাই অলপদূৰ গৈ পায়।
 কতিয়াও সি তাইৰ লগত একে সময়তে ওলাই নাহে। হয়তো তাইৰ আগত নহলে পিছে-পিছে গৈ থাকে দূৰে-দূৰে। সংকোচ হয় তাৰ। কোনে বা কি ভাবে। একেলগে ওলাই গলে জানোচা মানুহৰ চকুত পৰে। কোনোবাই বদনাম উলিয়াই তাইৰ তাৰ সতে। আৰু যাতে কোনেও তাক সুবিধাবাদী বুলি নাভাবে। অন্তঃত তাইৰ চকুত যে সি কেতিয়াও অৱনমিত হব নোখোজে। পলাশে ভাবে¸ সেয়াও চাগে তাৰ নিজৰ ওপৰত কৰা অন্যায়। কিন্তু কেতিয়াবা সকলোৰে ভালৰ বাবে হোৱা অন্যায়ো বিবেকে সহিবলৈ সেউজ সংকেট দিয়ে।

পলাশে দেখিছিল মেইন ৰোডত উঠিছিল প্ৰচ্চায়া। এক নিৰ্দিষ্ট ব্যবধান মানি সি পিছে-পিছে গৈ আছিল। হঠাতে তাক অভাৰটেক কৰি তীব্ৰ বেগী কেটিএম ডিউক এখন বেকাবেকিকৈ আহি হঠাতে তাইক খুন্দিওৱাৰ উপক্ৰম হৈ পাৰ হৈ গ’ল। ভয়তে তাই স্কুটিখন ব্ৰেক মাৰি চকুদুটা মুদি দিলে। অলপ দূৰত সিঁহত দুটাই কিৰিলি পাৰি তাইলৈ চাই ৰৈ দিলে। পলাশৰ খং উঠি আহিল। সি চিনি পালে¸ সেইদিনা প্ৰত্যাশাৰ লগত অসভ্যালি কৰা দুজনেই আজিও অসভ্যালি কৰিবলৈ আহিছিল। একেই সেই বেপৰোৱা বেশভূসা। খং উঠি গ’ল তাৰ। তীব্ৰ বেগত বাইকখন দৌৰাই প্ৰচ্ছায়াৰ কাষ পালে সি!

‘ দূখ পালা নেকি প্ৰচ্ছায়া।’
তাইলৈ চাই মৰমেৰে সুধিলে সি। কান্দো কান্দোহৈ কোনোমতে মুৰটো জোকাৰিলে তাই।

‘ ঐ ননচেঞ্চ¸ বাটে-পথে এইবোৰ কিঁহৰ অসভ্যালি?’
শিলগুটি এটা তুলি সিঁহতলৈ লক্ষ্য কৰি দলিয়াই দিলে সি। বাইকখন বেকাবেকিকৈ চলোৱাৰ বাবে পিছৰজনৰ পিঠিত নালাগি বাউসিত লাগিল। অশ্লীল চিঞৰ এটা মাৰি সিঁহত উভতি আহিল।

‘ ঐ ছোৱালীৰ আগত লেবেল দিছ আহিছ নেকি বে?’
এটাই বুকুত খামুচি ধৰিলে পলাশৰ।

দপকৈ চকুদুটা জলি উঠিল তাৰ। ইমানখিনিলৈকে নিজক কন্ট্ৰল কৰিছিল সি। আৰু নোৱাৰিলে। অসভ্যালি কৰা কোনো পাষণ্ডকে ৰেহাই দিয়া উচিত নহয়। তাতে তাৰ প্ৰচ্ছায়াক দূখ দিয়া দূৰ্বিত্তক কোনোপধ্যেই এৰি নিদিয়ে। পাহুৱাল পলাশৰ ঘোচাত চিটিকি পৰিল বুকুত খামুচি ধৰাজন। আনটোৱে খেদি আহিছিল¸ তাৰ ৰাউণ্ডহাউচ কিকত সিয়ো চিটিকি পৰিল। ঘোচা খাই ইজনৰ দাতেৰে তেজ বৈ আহিছিল। আগুৱাই গৈ দুয়োটাকে আৰু দুটা থিয় গোৰ সোধাবলৈ খেদি গ’ল সি। কাজিয়াখন দেখি আতংকিত হৈ পৰিল। আগুৱাই আহি পলাশৰ বাউসিত ধৰি বাধা দিলে তাই।
‘ পলাশ প্লিজ।’
তাইৰ ভয় লাগিছিল। সি অকলে আৰু সিঁহত দুজন। যদি দুয়োটাই মিলি তাক মাৰে। কবতো নোৱাৰি এইবোৰ বদমাছ লৰাই লগত চুৰি জাতীয় কিবা লৈও ফুৰিব পাৰে।

প্ৰচ্ছায়াই ভয় খোৱা দেখি পলাশ ৰৈ গ’ল। তাইক ভয় খুৱাই কষ্ট দিব নোখোজে সি। কিন্তু তাৰ খংটো কমি নগল। থিয় হৈয়ে সি চিঞৰি থাকিল।

‘ অসভ্য¸ আৰু যদি অসভ্যালি কৰা দেখো¸ মাৰি পেলাম।’

তাৰ প্ৰথমটো আঘাটতে চাগে বুজি পালে সিঁহতদুটাই। দুয়োটাই মিলিও তাৰ দৰে পাহুৱাল ডেকা এজনক বলে নোৱাৰিব। উঠি দুয়োটাই দৌৰি গৈ নিজৰ বাইকখনৰ কাষৰ পৰা তালৈ চাই গৰজি উঠিল¸

‘ ঐ¸ (অশ্লীল)¸ চাই লম তোক।’
‘ কি চাবি? চা ভালকৈ।’
সিয়ো গৰজি উঠিল। 
দুয়োটাই খঙেৰে এবাৰ তালৈ চাই চাই আঙুলি টোৱাই আঁতৰি গ’ল।

‘ ঐ চাৱ বোলেচোন। ফটো একপি লৈ যা।’
সিঁহত যোৱাৰ ফালে চাই এবাৰ চিঞৰি উঠিল।

‘ ব’লা।’
প্ৰচ্ছায়াক স্কুটিখন চলাবলৈ কৈ নিজে বাইকত উঠিল। বাকীছোৱা বাট তাইৰ কাষে কাষে গৈ থাকিল সি।
অফিচত সোমোৱাৰ আগতে পাৰ্কিঙত এবাৰ তাৰ ফালে চাই লাহেকৈ সুধিলে তাই।

‘ মাৰ-পিট নকৰিলে নহলহেতেন নেকি? যদি সিঁহতে তোমাক মাৰিলেহেতেন!’
বুকুৰ ধপধপনি তেতিয়াও মাৰ যোৱা নাছিল তাইৰ।

‘ মোৰ সমুখতে তোমাৰ লগত অভদ্ৰামি কৰিব আৰু মই চাই থাকিম!’
মাতটো সামান্য ডাঙৰ হৈ ওলাইছিল তাৰ। তাইলৈ নোচোৱাকৈ গো-গোৱাই সোমাই গ’ল সি নিজৰ অফিচত। তাই আঁচৰিত হৈ সি যোৱাৰ ফালেই চাই থাকিল! দিনটো কামত মন বহুৱাব নোৱাৰিলে প্ৰচ্ছায়াই। বাৰে বাৰে তাৰ কথাবোৰে মনলৈ আহি থাকিল। কও বুলিও কাকোৱেই কব নোৱাৰিলে প্ৰচ্ছায়াই। 

প্ৰচ্ছায়াৰ কাষৰ পৰা আহি নিজৰ অফিচত বহি কথাবোৰ আকৌ জুকিয়াইছিল পলাশে। হঠাতে তাৰ ভাৱ হ’ল¸ সি যেন ভাল নকৰিলে কথাটো। খঙৰ ভমকত মাৰপিট কৰিলে ঠিকেই¸ কিন্তু সিঁহতে যে পোটক নলব কি মানে আছে। দেখাতেই গুণ্ডা গুণ্ডা লগা ড্ৰাগছ খোৱা ল’ৰা। নিজলৈ ভয় নাই তাৰ। দুজন কিয়¸ সিঁহতৰ দৰে চাৰিজন আহিলেও ভয় নকৰে সি। কিন্তু প্ৰচ্ছায়াই কি কৰিব! কথাটো ভাবি বুকুখন কঁপি উঠিল তাৰ। 
আবেলি সোণকালেই নামি সি পাৰ্কিঙত ৰৈ থাকিল। 

‘ প্ৰচ্ছায়া¸ লাহে লাহে গৈ থাকা। পিছে পিছে গৈ আছো তোমাৰ।’

----

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib