Now you can Subscribe using RSS

Submit your Email

Monday 22 June 2020

Bad boy ঃ23

Unknown

                            [ তেইশ ]

হুমুনিয়াহ এটা কাঢ়িলে তাই।

পলাশ মনে-মনে ৰ’ল। কি কব অলপ ভাবিলে সি। পৃথিবীত হয়তো এনে এজনো মানুহ নাই¸ যি এবাৰৰ বাবে হলেও দুখৰে সহবাস কৰা নাই। দূখ আৰু সুখ জীৱনৰ ইপিঠি সিপিঠি। তাল-মিল ৰাখিব পাৰিলে জীৱন সুন্দৰ। কিন্তু কেতিয়াবাযে মাথোন এটা ফালহে আহি থাকে বাৰে-বাৰে।

‘ জীৱনটো সুখ-দুখৰ সমাহাৰ প্ৰচ্ছায়া। যদি দুখেই নাথাকে কেনেকৈ বুজিবা সুখৰ মাধুৰ্য্য। অতীতক পাহৰি যোৱা।’

‘ হমম। কিন্তু মোৰ ভয় লাগে পলাশ। যদি আকৌ বিশ্বাস ভাঙি যায়¸ বৰ কষ্ট হব!’

‘ ওহো কেতিয়াও নাভাঙে। তুমি ভাঙিব নিদিবা। নিজৰ ওপৰত বিশ্বাস ৰাখা। চাই-চিতি আগবাঢ়িবা জীৱন নিশ্চয় মধুৰ হব!’
সামান্য ৰৈ আকৌ লিখিলে সি। লিখোতে তাৰ মুখত হাঁহি বিৰিঙি উঠিল।
‘ হেই প্ৰচ্ছায়া¸ মোৰ ফ্ৰেইণ্ড ইমান দূৰ্বল 
হলে নহবদেই। বি এ ষ্ট্ৰং গাৰ্ল।’ হেপ্পী ইমোজি এটাৰ সৈতে পঠিয়াই দিলে সি।

প্ৰচ্ছায়াৰ মুখতো হাঁহি বিৰিঙিল। হাঁহি হাঁহি সুধিলে তাই¸
‘ মই সাহসী ছোৱালীদেই। দূৰ্বল বুলি কিয় ভাবিলা? বিয়া হবলৈ ভয় লাগে বুলি কোৱা বাবে! আচলতে কি জানা¸ আইম ৱেইটিং ফ’ৰ চামৱান¸ হু উইল লাভ মাই হাৰ্ট। নট বাই চিন মাই লুক। হু উইল কাম উইথ এ পিউৰ হাৰ্ট। আইম এগাৰলি ৱেইটিং ফ’ৰ হিম। বাট আই ডোন্ট নো¸ মাই ড্ৰিম উইল বি কাম ট্ৰু অৰ নট।’
কিছু আবেগিক হৈ পৰিছিল প্ৰচ্ছায়া। আবেগিক হলেই কথাবোৰ ইংৰাজীত কৈ দিয়ে তাই। পুৰণি অভ্যাস। লিখি উঠি পঢ়ি আকৌ লিখিলে তাই¸
‘ পলাশ¸ তুমি কোৱা তুমি ফিল্মী বুলি। চোৱা ময়ো কিমান ফিল্মী। এনেকুৱা ৰোমান্টিক সপোন মাথোন চিনেমাতহে সম্ভৱ চাগে।’

কি কব পলাশে! মনটো নাচি উঠিছিল তাৰ। আকৌ মৰহি গ’ল। তায়ো তাৰ দৰেই চাগে পাগলী। নে সকলো ছোৱালীয়েই পাগলী সঁচা প্ৰেমৰ বাবে। নাই¸ সি কব নোৱাৰে। কবলৈ মন গৈছিল তাৰ¸ প্ৰচ্ছায়া এইফালে চোৱা। আহিছো মই মাথো তোমাৰ বাবে। এবুকু মৰমেৰে সদায় আঁৱৰি ৰাখিম। কিন্তু কব নোৱাৰে। প্ৰচ্ছায়া আৰু তাৰ মাজৰ শ্ৰেনী বিভাজনে তাক বাধা দিয়ে। হয়তো সি তাইৰ শ্ৰেনীলৈ উঠিব লাগিব¸ নতুবা তাই নামিব লাগিব তাৰ শ্ৰেনীলৈ। কিন্তু তাইৰ শ্ৰেনীলৈ উঠাৰ তাৰ ঔকাদ আৰু তাৰ শ্ৰেনীলৈ তাই অহাৰ সম্ভাৱনা চাগে এটাও নাই। পলাশে জানে¸ এই শ্ৰেনী বিভাজনটো আচলতে এটা মিথ্যাচাৰ। এটা বদহজমৰ কাৰবাৰ। কিন্তু প্ৰেক্টিকেল পৃথিবীয়ে কিয় অস্বীকাৰ কৰিব! মনটো দমি গ’ল তাৰ। লাহেকৈ লিখিলে সি¸

‘ প্ৰচ্ছায়া¸ আই উইচ ফ’ৰ য়’ৰ ড্ৰীম কাম ট্ৰু চুন। তুমি নিশ্চয় পাবা মনে বিছৰা মানুহজন।’

‘ আই হ’প চ’। বাট এতিয়া তুমি মোক প্ৰপজ নকৰিবা ভালপাও বুলি।’ 
একো নভবাকৈয়ে কৈ হাঁহি দিলে তাই। 

‘ ধেই¸ কি যে কোৱা। উই আৰ জাষ্ট গুড ফ্ৰেণ্ড।’
কথাষাৰ কৈয়ো জিভাত কামোৰ খালে সি। তাই বাৰু অনুভৱ কৰিছে নেকি যে সি দূৰ্বল হৈছে। কিয় বাৰু তেনেকৈ কলে তাই! ওহো¸ জানিশুনি কাইটীয়া পথত খোজ দিব নোৱাৰি।

পলাশে ভাবে তাৰ প্ৰেম অব্যক্ত হৈ ৰওক। বুকুত সযতনে থাকক। প্ৰকাশ কৰি হেৰুৱাব নোখোজে ফ্ৰেইণ্ডশ্বিপ। 

‘ কথাবোৰ নোকোৱালৈহে ভাল
খুলিলেই ভেটা ভাঙি বৈ আহে 
আবেগৰ ঢল
অবুজ হৃদয়ে নামানে।
যুটিটো সৰগতে বনে
কপালত থাকিলেতো আহিবই কাষলৈ
জীৱন নাটৰ এয়া শেষ নিশাৰ খেল।’

‘ প্ৰচ্ছায়া¸ মোৰ বন্ধু বহুত। কিন্তু অন্তৰংগ বন্ধুৰ সংখ্যা শূণ্য। হয়তো সেইবাবেই কেতিয়াবা মনৰ কথা খুলি কব নোৱাৰি ৰিক্ত যেন অনুভৱ হয়। হয়তো সেয়েহে তোমাৰ ৰূপত বেষ্ট ফ্ৰেণ্ড এজনী পাইছো।’

‘ ময়ো পাইছো তোমাৰ ৰূপত ভাল ফ্ৰেণ্ড এজন।’
হাঁহিলে তাই। আকৌ কিবা এটা ভাবি সুধিলে¸
‘ কিয় কিশোৰদা¸ তোমাৰ বেষ্ট ফ্ৰেইণ্ড নহয় নেকি?’
তাই যেন সামান্য আচৰিত হ’ল।

‘ হয়¸ কিন্তু সকলো কথাৰ সকলো শ্ৰোতা নহয়। তাৰ বাবে নিজৰ ভাৱধাৰা মতাদৰ্শ মিলা মানুহ হবই লাগিব। অন্যথা এজনৰ কথা আনজনৰ বাবে বোজাস্বৰূপো হৈ পৰিব পাৰে।’
হুমুনিয়াহ এটা ওলাই আহিছিল তাৰ।

দুখৰ চোলাতো সেমেকা 
অ’ত ত’ত ফটা
সুখৰ চোলাবোৰ ৰঙচঙীয়া¸
নাথাকিলে জেপত সৰহ বিতধন
বান্ধিবই লাগিব নতুনকৈ মন।
দুখৰ চোলাটো সোলোকাই
হেঁপাহৰ সুঁতাৰে চিলাই দিয়া
জোৰা-টাপলিবোৰ
সাহসৰ ৰং চটিয়াই দিয়া
লগাই লোৱা প্ৰাপ্য হাচিল কৰাৰ উদ্যমী বুটাম।
হাঁহি এটি পিন্ধি লোৱা।

বিচনাৰ পৰা নামি আহিছিল পলাশ। পিয়াহ লাগিছিল তাৰ। সেইকণ সময়তে মোবাইলৰ স্ক্ৰীণখন লক হৈ গৈছিল। ঘুৰি আহি স্ক্ৰীণলক খুলিবলৈ যাওতেই উচপখাই উঠিল সি। এক বাজি গৈছিল। আৰু এতিয়াও এজনী গাভৰুৰ লগত সি কথাপাতি আছে। চাগে তায়ো গম পোৱা নাই সময়ৰ কথা। টোপনি অহা নাছিল পলাশৰ। তথাপি তাৰ আৰু কথা পাতি থাকিবৰ মন নগল। পিছদিনা অফিচ আছে। আকৌ এপৰলৈকে ছোৱালীৰ সতে কথাপাতি চেলেপু হিচাপে নিজক প্ৰদৰ্শন কৰিব নোখোজে। অনিশ্চাস্বত্তেও লিখিলে সি¸

‘ প্ৰচ্ছায়া¸ বহু দেৰি হ’ল। শোৱ দিয়া। টোপনিও ধৰিছে।’
বোধহয় তেতিয়াহে তাইৰো ভাৱ হ’ল যে বহুৰাতি হ’ল। সময় চাই স্বগতোক্তি কৰিলে তাই¸ ‘ইচ ৰাম¸ এক বাজিলেই দেখোন।’

‘ চোৱা¸ কথাপাতি থাকোতে পাহৰিয়েই গৈছিলো। গুড নাইট।’
‘ গুড নাইট ’
ৰিপ্লাই কৰি ডাটা অফ কৰি দিলে সি।

বাগৰ সলাই এবাৰ ভাবিছিল প্ৰচ্ছায়াই। আবেগতে কৈ বাৰু বেয়া কৰিলে নেকি তাই কথাবোৰ। একো বেয়া কৰা নাই! সিয়োতো তাইক কথাবোৰ বিশ্বাসতে কৈছিল। মনটো অলপ মুকলি মুকলি লাগিছিল প্ৰচ্ছায়াৰ। ব্লেংকেটখন বুকুলৈকে টানি ললে তাই। অলপ পিছতে তাই টোপনিত লালকাল হৈ পৰিল।

সিফালে পলাশৰ টোপনি অহা নাছিল। কথাটো পাকঘূৰণি খাই ঘুৰি আছিল তাৰ মনত। ‘ এতিয়া তুমি মোক ভালপাও বুলি প্ৰ’পজ নকৰিবা আকৌ।’ ধেমালিৰ চলেৰে প্ৰচ্ছায়াই কলেও কথাটোহে জোকাৰি পেলালে তাক। তাই তাক বন্ধু বুলিহে ভাবে¸ মাথো বন্ধু। ছেহঃ এনে কিয় হয় বাৰু তাৰ লগত। উঠি আহি আকৌ পানী এঘোট পিয়ে সি। 
‘ অপনা টাইম আয়েগা।’
সেউজ মনটোৱে আকৌ তাক বুজনি দিয়ে। ভালপোৱাৰ উমেৰে কাৰোবাৰ হৃদয় জিকি লোৱাৰ সাহস তাৰ আছে। নাই¸ এইবাৰ ভুল নকৰে সি। তাই নুবুজালৈকে নকয়। কিন্তু যদি দেৰি হৈ যায়। যদি তাৰ প্ৰেম বুজাৰ আগতেই তাই আনৰ হৈ যায়!
তেতিয়া সি বুজিব¸ তাইৰ প্ৰেম তাৰ বাবে নাছিলেই।
জীৱনটোৱেইতো এটা বাজী।
ভালপোৱাও বাজী।
জীৱনে শিকাইছে তাক¸ জোৰকৈ কাকো ধৰি ৰাখিব নোৱাৰি। তেনেকৈ ধৰি ৰখাৰ প্ৰয়াস কৰাও উচিত নহয়। প্ৰচ্ছায়াৰ চকুত তাৰ প্ৰেম নেদেখালৈকে বন্ধু হৈয়ে থাকিব সি। পলাশে ভাবে¸ এবাৰ জীৱনৰ সতে যুঁজি চোৱা ভাল। সততাৰে¸ বিশ্বাসেৰে নিজক জোখা ভাল।
ভালপোৱা মানেতো একপ্ৰকাৰৰ বন্ধুত্বই। দুখন হিয়াৰ বন্ধুত্ব। দুটা জীৱনৰ বন্ধুত্ব। 
কইনা সাজত তাইৰ মুখখন চকুৰ আগত ভাহি উঠিছিল তাৰ। তাৰ নামৰ দগমগীয়া সেন্দুৰখিনি তাইৰ কপালত কল্পনা কৰি সি ৰোমাঞ্চিত হৈ পৰিছিল। লাজ লাগিছিল তাৰ। টোপনি যাবলৈ মন যোৱা নাছিল। তথাপি পিছদিনাৰ অফিচৰ কথা ভাবি জোৰকৈ চকুমুদি দিলে সি।

******

‘ তই প্ৰচ্ছায়াক কলিনে?’
বৈশ্যদাৰ প্ৰশ্নত থতমত খাই উঠিল পলাশে। লুকাই চুৰকৈ প্ৰচ্ছায়ালৈ চাই আছিল সি। কথাটো ধৰা পৰি হাঁহি এটা মাৰিলে বৈশ্যদাই।

‘ তইযে তাইৰ প্ৰেমৰ হাবুডুবু খাই মৰিছ সকলোৱে জানে। মাথো তাইক কলিনে নাই সেইটোহে সুধিছো।’
তাৰ চকুলৈ চাই হাঁহি হাঁহিয়েই সোধে বৈশ্যদাই। গহীন হৈ পৰে সি।

‘ কবলৈতো মন যায় বৈশ্যদা। কিন্তু তাইৰ ঘৰখন দেখাৰ পিছত কেনেকৈনো কৈ দিও। ভয় লাগে যদি তাই ভুল বুজে। তাইতো মোক মাথো ফ্ৰেইণ্ড বুলিহে ভাবে।’

‘ বুদ্ধুৰাম¸ চব ছোৱালীয়ে প্ৰথমে ল’ৰাক ফ্ৰেইণ্ড বুলিয়েই কয়। তাৰ পিছতহে প্ৰেমলৈ কনভাৰ্ট হৈ যায়। বাৰু কিবা হেল্প কৰিব পাৰো নেকি?’
বৈশ্যদাৰ চকুহাল ধুৰ্তালিত নাছি উঠে। বুজি পাই সি।

‘ নালাগে বৈশ্যদা। ময়েই কম¸ সময় আহক। যদি মোৰ বুকুৰ সঁচা প্ৰেমেৰে তেওৰ বুকুত ভালপোৱাৰ কঠীয়া সিঁচিব।নোৱাৰো¸ কিহৰনো এই প্ৰেম। চাব¸ এদিন তাই মোৰেই হব।’
গভীৰ প্ৰত্যয়েৰে হাঁহি হাঁহি সি কৈ থাকিল। মুগ্ধহৈ বৈশ্যদাই শুনি থাকিল।

দিনবোৰ ভাললগা হৈ আহিছিল তাৰ। যেন কলেজীয়া জীৱনটোহে আকৌ উভতি পাইছিল। চেঙেলীয়া ল’ৰাহৈ আঁকুল হৈ তাইৰ হাত এখনত ধৰি কবলৈ মন যায় তাৰ¸ 
প্ৰচ্ছায়া¸ মই তোমাক বহুত বেছি ভালপাও। ইমানেই ভালপাও যে তোমাৰ বাবে হাঁহি হাঁহি মৰি যাব পাৰো। আহানা¸ মোৰ জীৱনলৈ। আঁকোৱালি ধৰা মোক। তোমাৰ প্ৰেমেৰে জীপাল কৰি তোলা মোক। 
তাই বাৰু একচেপ্ত কৰিবনে তাক! চহৰৰ ছোৱালীয়ে কৰিবনে ইচ্ছা গাঁৱলৈ বুলিবলে বাট!
সি নাজানে। তথাপি এটা সপোনৰ পম খেদি খেদি সি গৈ থাকে। মাজে-মাজে দোমোজাত পৰে¸ আকৌ মনটোক বুজাই। ভাৰাঘৰৰ বাৰাণ্ডাৰ পৰা লুকাই-চুৰকৈ জুমি জুমি চাই থাকে সি চিনাকী বেলকনিৰ চিনাকী সুবাসলৈ।

কিন্তু সি কব নোৱাৰে। তাই সমুখত আহিলেই কিছুমান কথা তাৰ মুখৰ পৰা নোলোৱা হৈ যায়। যেন সি ফোনৰহে মানুহ। তাইৰ চকুলৈ চাবলৈয়ো লাজ লাগে। তথাপি তাইক বুজিব নিদিবৰ বৰ আপ্ৰাণ চেষ্টা কৰে সি। পলাশে নাজানে¸ তাই কিবা অনুভৱ কৰিব পাৰিছেনে নাই। কিন্তু সি তাইৰ মাত-কথাত একোৱেই পৰিবৰ্তন ধৰিব নোৱাৰে।

অফিচৰ পৰা আহি ৰুমত সোমাই দেখিছিল সি পাচলি আনিবলৈ পাহৰি গ’ল। ৰাতিপুৱাৰ যোৱাৰ সময়তে মাথোন আলুকেইটামানহে দেখিছিল। কাপোৰসাঁজ নসলোৱাকৈয়ে ওলাই আহিল সি। গণেশগুৰি বজাৰত পাহাৰীয়া মহিলাকেইজনীয়ে ঔটেঙা কেতিয়াবা বেছিবলৈ আনে। দেখা পাই পাচলিবোৰৰ লগতে দুটা কুমলীয়া ঔটেঙা কিনিলে সি। দাইলত কাটি খাবলৈ ভাল হব। তেনেকৈ ভাল লাগে তাৰ। দাইলখনত টেঙা আৰু কেঁহাৰ সামান্য সোৱাদ এটা থাকে। বজাৰৰ পৰা উভতি আহোতেই হঠাতে আপদীয়া বৰষুণজাক আহিছিল। কিনকিনিয়া বৰষুণজাকত গৈ পাব বুলি ভাবি থাকোতেই হুৰহুৰাই ধাৰাসাৰ বৰষুণজাকে তিয়াই পেলাইছিল তাক। জটিয়াৰ পৰা অলপ পাৰহৈ চাহ দোকানখনৰ আগত বাইকখন ৰাখি দোকানখনলৈ সোমাই গৈছিল সি। বৰষুণত তিতি এই মূহুৰ্তত গৰম চিঙৰাৰে সৈতে একাপ ধোৱাই থকা গৰম চাহ খাবলৈ মন গৈছিল তাৰ। ৰুমততো এতিয়া আৰু বনাবলৈ মন নাযাব। মন গলেও দোকানৰ চাহৰ দৰে সোৱাদ কেনেকৈ হব তাৰ ৰুমৰ ৰঙা চাহকাপৰ। চিঙৰাত কামোৰ এটা মাৰি চাহকাপ মুখলৈ নিওতেই দেখিলে সি প্ৰত্যাশাক। সন্ধিয়া সাত বাজি গৈছিল। ষ্ট্ৰীট লাইটবোৰ জলি উঠিছিল। এজাক বৰষুণে ধুৱাই দিয়াৰ পিছত সকলোবোৰ সতেজ যেন দেখা গৈছিল। মনটো অলপ বেয়া লাগিল পলাশৰ। এন্ধাৰ নামি আহিছিল। এইখিনি সময়ত সিঁহতৰ গলিটো অলপ অসুবিধাজনক হৈ পৰে। বিশেষকৈ যুবতী মহিলাৰ বাবে। 

বাছৰ পৰা নামি ইফালে সিফালে ৰিক্সা এখন বিছাৰিছিল প্ৰত্যাশাই। এখনো ৰিক্সা চকুত নপৰিল তাইৰ। ছেহঃ প্ৰয়োজনৰ সময়ত এখনো পোৱা নাযায়গৈ। চাগে অথনি বৰষুণ দিয়া বাবে ৰিক্সাবোৰ দিহাদিহি গলগৈ। বিৰক্ত হ’ল প্ৰত্যাশা। এতিয়া ঘৰলৈ এইছোৱা বাট খোজকাঢ়িয়েই যাব লাগিব। অগত্যা খোজ কাঢ়িয়েই আগবাঢ়িল তাই। নিজৰ ওপৰতে খং উঠিছিল তাইৰ। পাপাকে আনিব খোজাৰ কথা কৈছিল। তায়েই লগৰ ছোৱালীৰ লগত স্কুটিত অহাৰ কৈ পাপাকক আহিবলৈ মানা কৰি দিছিল। কিন্তু লগৰজনীয়ে হথাতে প্লেন সলনি কৰি নহাত অসুবিধা হ’ল তাইৰ। ছেহঃ এই বয়ফ্ৰেণ্ড থকা ছোৱালীবোৰক বিশ্বাস কৰিবই নাপায়। বয়ফ্ৰেণ্ডৰ কথামতেই উৰি ফুৰে। বেগটো খামুচি আহি থাকিল তাই।

লৰালৰিকৈ দোকানখনৰ ওলাই আহিল পলাশ। তাৰ মন গৈছিল প্ৰত্যাশাক বাইকতে উঠাই লৈ আহিবলৈ। কিন্তু সংকোচ হল তাৰ। কি বুলি কৈ তাইক লিফ্ট দিয়ে বাৰু। অৱশ্যে মাজে সময়ে চকুৱে চকুৱে পৰিলে প্ৰত্যাশাই হাঁহি এটা মাৰে। সিয়ো হাঁহিৰেই সহাৰি দিয়ে। প্ৰত্যাশা প্ৰচ্ছায়াৰ তুলনাত অলপ লাজকুৰীয়া। আজিলৈ এদিনো ভালকৈ কথাপাতি পোৱা নাই তাৰ লগত। তাৰোপৰি বৰষুণ পৰি গোটেই চিট কভাৰটোৱেই তিতি আছিল। পলাশৰ চিন্তা হৈছিল¸ মেইন ৰোডৰ পৰা অকমান নমাৰ পিছত কাফেখনৰ সমুখত দুনীয়াৰ বদমাছ ল’ৰাকেইটাৰ আড্ডা। দীঘল দীঘল অদ্ভূত বেশভূসাৰ সভ্য ঘৰৰ অসভ্য ল’ৰাকেইটাই ছোৱালী¸ তিৰোতা একো নাচাই। মাইনা¸ প্ৰচ্ছায়াৰ ভনীয়েক মানে তাৰোতো ভন্টিৰ দৰে। উপাই নাপাই দূৰে দূৰে লাহে লাহে আহি থাকিল সি।

পলাশৰ সন্দেহ অমূলক নহল। হঠাতে প্ৰত্যাশাৰ কাষেৰেই কেটিএম এখন তীব্ৰ বেগত উৰি আহি ঘপহকৈ ৰৈ গৈছিল। উচপ খাই কোনোমতেহে নপৰাকৈ ৰ’ল তাই।

‘ নপৰিল বে। চ্ছা না¸ কি চ্ছালিয়া মাল।’
তিতকাৰি পাৰি কিৰিলি পাৰি উঠিল দুয়োটা আৰোহী।

‘ আব্বে ঐ কে…, তামাম এট্যিটিউড বে। চ্ছা না কেন্নেকে চাইছে।’
এইবাৰ কাফেৰ ভিতৰৰ পৰা কোনোবা এটাই চিঞৰি আহি সিঁহতৰ লগ লাগিল।
প্ৰত্যাশাৰ খং উঠিছিল। কিন্তু সিঁহতকেইটাৰ কাণ্ডকাৰখানা দেখি সচকিত হ’ল। তাই জানে¸ এনেকুৱা পৰিস্থিতিত মনে-মনে থাকি সোনকালে আঁতৰি যাব পাৰিলেই মংগল। অলপ আগতে বৰষুণজাক যোৱা বাবে এতিয়া ৰাষ্টাত মানুহ এজনো নাই। যিকেইজন দোকানৰ কাষত আছে¸ এই উদণ্ড কেইটাৰ কাষৰ পৰা বছাবলৈ কেতিয়াও নাহে। 

‘ অ’ ডাৰ্লিং বৰষুণত খোজকাঢ়ি কলৈনো যোৱা?’
সিঁহতৰ এটাই আকৌ এবাৰ দেদাউৰি পাৰি উঠিল। এইবাৰ বাকী দুজন দুখোজ আগুৱাই আহিল।

ভগবানৰ নাম লৈ মনটো সাহ কৰি দুখোজ দিছিল তাই। ঘপহকৈ তাইৰ নাম ধৰি মাতি কোনোবাই কাষতে বাইক এখন ৰখাই দিলে। হেলমেলটো খুলি দিয়াত চিনি পালে তাই¸ পলাশদা। সিঁহতৰ ভাৰাতীয়া। মুখলৈ পানী আহিল তাইৰ।

পলাশে এবাৰ সিঁহতলৈ কেৰাহিকৈ চাই তাইক কলে সি¸ ‘উঠা’
বিনা বাক্যব্যয়ে তাই উঠিল। লৰাকেইটা দুখোজ পিছুৱাই গ’ল। তাৰ অবাঞ্চিত প্ৰবেশত সিঁহতকেইটা বিৰক্ত হৈছিল। আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে দুটামান অশ্লীল শব্দৰে সিঁহতে কিৰিলি পাৰি উঠিছিল। পলাশে ভাবিছিল¸ তথাকথিত বৰ লোকৰ এই সন্তানকেইটাৰ অধঃপতনৰ বাবে মাক-দেউতাকেই দায়ী। সন্তানৰ আব্দাৰ পূৰণ কৰি মাথো স্বাধীন হবলৈ দিলেই নহয়। চোকা নজৰ ৰখাটোও এটা প্ৰধান কৰ্তব্য। তাৰ মনত পৰিছিল¸ সৰুতে এবাৰ মিছা কোৱাৰ বাবে মাকে তাক ফলা খৰীৰে কোবাইছিল। তেতিয়াৰে পৰা সেই বদ অভ্যাসটো বাদ পৰিছিল। স্বাধীনতো সিঁহতো আছিল। মাক-দেউতাকৰ শাসনত কেতিয়াওতো পৰাধীন হৈ থকাৰ দুখ সিঁহতে অনুভৱ কৰা নাছিল। হয়তো জীৱনত লাগ বুলিলেই সকলো পোৱাটোও বৰ ভাল নহয়। সামান্য অভাবো লাগে। ভাবি ভাবি আহি থাকিল সি। আহি থাকোতে মাজতে এটা কথাও নকলে। তাইকো একো নুসুধিলে। গেটৰ ওচৰত বাইকখন ৰাখি তাইক কলে¸ ‘যোৱা’
গেটখন খুলি দিবলৈ তাই আগবাঢ়িব খুজিছিল। কিন্তু তাৰ আগতেই গেট খুলি বাইকখন সুমুৱাই আকৌ নঙলালৈ আহিল বন্ধ কৰিবলৈ। এইবাৰ প্ৰত্যাশাই কলে
‘ দাদা¸ থেংকিউ।’
‘ ৱেল কাম।’
হাঁহি এটা মাৰি সি বাইকখন ৰুমৰ বাৰাণ্ডাতে ৰাখি ভিতৰলৈ সোমাই গ’ল।

--------

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib