Now you can Subscribe using RSS

Submit your Email

Thursday 25 June 2020

Bad boy ঃ26

Unknown

                             [ ছাব্বিশ ]

প্ৰচ্ছায়াই পাহৰি পেলাইছিল দিনৰ কথাবোৰ। দাসৰ দৰে ফাল্টু মানুহ এজনৰ কথাবোৰ ধৰি থাকি মনটো বেয়া লগাই ৰাখিবলৈ তাই ইচ্ছুক নাছিল। প্ৰচ্ছায়াই জানে¸ এনেবোৰ মানুহৰ কথাবোৰত গুৰুত্ব দিব নালাগে। তাৰ সলনি সুবিধা পালেই ভবিষ্যতে মুৰ তুলিব নোৱাৰাকৈ সুতে-মূলে উভতাই দিব লাগে। মাথোন ৰাণীবাৰ বাবেহে বেয়া লাগিছিল তাইৰ। বেছেৰীজনী¸  ছেঃ…এনেয়ে গালি খালে তাই। অফিচৰ পৰা ওলোৱাৰ সময়ত ৰাণীবালৈ অপেক্ষা নকৰাকৈয়ে আহিছিল প্ৰচ্ছায়াই। এতিয়া এবাৰ কথা পাতিব মন গ’ল তাইৰ। বেছেৰীজনীৰ কান্দি পেলাইছিল দাসৰ গালি খাই। একো উত্তৰো দিব পৰা নাছিল। 

’ ধীৰে ধীৰে মেৰে জিন্দেগী মে আনা
ধীৰে ধীৰে মেৰে দিলকো চুৰানা।’

প্ৰচ্ছায়াই ৰাণীৰ নম্বৰত ফোনটো লগাইছিল। ক’লাৰ টিউনটো বাজি বাজি কাটি গৈছিল। আকৌ এবাৰ লগাইছিল তাই। কিন্তু এইবাৰো ক’লাৰ টিউনটো বাজি বাজি কাট খাই গৈছিল।
থাকক। কিবা কামত ব্যস্ত হৈ আছে চাগে। 
কথাটো ভাবি¸ ফোনটো দলিয়াই থৈ দ্ৰয়িংৰুমত গৈ চোফা এখনত হেলান বহিছিল তাই। মাক আৰু ভনীয়েকে চিৰিয়েল এখন চাই আছিল। জি টিভিত প্ৰিয় চিৰিয়েল এখন দি আছিল। এইবাৰ টিভিৰ পৰ্দাত মনোযোগ দিলে তাই। 

ৰাণীৰ মনটো ভাল লগা নাছিল। দিনৰ কথাবোৰে অশান্তি দিছিল। তাই কথাবোৰ পাহৰিবলৈ যত্ন কৰিছিল। সাধাৰণ মানুহবোৰৰ আবেগ-অনুভূতিৰ মূল্য নাই। 
মূল্য থকাও উচিত নহয়। খং নামেই চণ্ডাল। ৰাণীয়ে গিৰিয়েকক কথাবোৰ কৈছিল। সুখে-দূখে আপোন বুলিবলৈতো মানুহজনেই। কথাখিনি শুনি গম্ভীৰ হৈ পৰিছিল মানুহজন। চকুদুটাও অলপ চলচলীয়া হৈ পৰিছিল।

‘ কুইনী¸ কামটো এৰি দিয়া তুমি। এনেকুৱা মানুহৰ তলত কাম কৰি থাকিলে সদায়ে অশান্তি পাই থাকিবা তুমি। মই পাৰিম দিয়া। দুজনহে আমি¸ চলি যাম।’
ৰাণীৰ গালত হাত এখন থৈ লাহে-লাহে কৈছিল গিৰিয়েকে। মৰমতে তাইক কুইনী বুলি মাতে তেও। অসহায় যেন লাগিছিল তেওৰ। উপাৰ্জন বেছি হোৱা হলে হয়তো তাইক কাম কৰিব নিদিলেহেতেন।

‘ নহয় বাবু। ভুলতো চাগে মোৰেই।’
গিৰিয়েকৰ মুখলৈ চাই কৈছিল ৰাণীয়ে। মৰমতে তায়ো গিৰিয়েকক বাবু বুলি মাতিছিল। মানুহজনৰ কৰুণ অসহায় দৃষ্টিটো দেখি বেছি বেয়া লাগিছিল ৰাণীৰ। বাবুৰ চকুলৈ চাই আছিল তাই। ইমান মৰম¸ ইমান বিশ্বাস আছে এই চকুযুৰিত। লাহে-লাহে আকৌ কৈছিল তাই¸ 
 ‘ কিশোৰদা যোৱাৰ পিছত এই লহকৰ বোলা হাৰামীজন আহোতেই মোৰ বুজা উচিত আছিল¸ আগৰদৰে ফ্ৰী হৈ কাম কৰিব নোৱাৰিম বুলি। আৰু এতিয়া কথাবোৰ মাথো তোমাৰ আৰু মোৰেই নহয়। তৃতীয় এজন সোনকালেই আহিব। তেতিয়াটো চুটি লব লাগিবই ন! পৰালৈকে এতিয়াই অলপ চেভিংচ কৰিবই লাগিব ন!’
এখন হাতেৰে গিৰিয়েকৰ গালত মৰমেৰে হাত বুলাই আনখন হাতেৰে পেটতো এবাৰ চুই চালে। শেষবাৰ পৰীক্ষাত পজিটিভ ওলাইছিল তাইৰ। হয়তো চব ঠিকে থাকিলে নমাহ পিছতে মা হব তাই।  এইবাৰ বাবুৱে একো নকলে। মাথো তাইৰ মুখলৈকে চাই থাকিল। 

‘ এইবোৰ সৰু কথা। বৰকৈ নাভাবিবা। ৰবা মই চাহ কৰোগৈ।’
হাঁহি এটা মাৰি পাকঘৰলৈ উঠি গৈছিল ৰাণী। সন্ধিয়াৰ চাহকাপ তেতিয়াও সিঁহতে খোৱা নাছিল। তাই পাকঘৰত থাকোতেই প্ৰচ্ছায়াই ফোন কৰিছিল। গম পোৱা নাছিল তাই। কিয় জানো ফোনটো চাইলেন্ট হৈ আছিল। চাহ খোৱাৰ পিছত এনেয়ে এবাৰ ফোনটো হাতত লৈ দেখিছিল ৰাণীয়ে প্ৰচ্ছায়াৰ দুটাকৈ মিছকল হৈ আছে।
ইছ ৰাম¸ প্ৰচ্ছায়াই বা কি ভাবিছেগৈ। আহোতে তাই আজি প্ৰচ্ছায়াক লগ নকৰাকৈয়ে গুচি আহিছিল। ফোনটো লগাইছিল তাই।

‘ মাজনী¸ তোৰ ফোন আহিছে অ’।
মাকৰ মাত শুনি উঠি আহিছিল প্ৰচ্ছায়া। ৰাণীয়ে ফোন কৰা দেখি মিচিকিয়া হাঁহি এটা ওলাই আহিছিল তাইৰ। 

‘ বাহ ৰাণীবা¸ ফোন কৰিলেও নধৰা ন? ডাঙৰ মানুহ হৈ গ’লা ন?’
হাঁহি হাঁহি কৈ দিলে প্ৰচ্ছায়াই।

‘ ক’তনো ডাঙৰ মানুহ অ’! ডাঙৰ মানুহ হলে জানো এনেকৈ অপমান খায়ো কাম কৰি থাকো! কিটচেনত আছিলো বাবে তোমাৰ ফোন অাহোতে গম পোৱা নাছিলো।’ ৰাণীয়ে হুমুনিয়াহ এটা কাঢ়িলে।

‘ ছ’ৰী ছ’ৰী ৰাণীবা। মই ধেমালি কৰিছিলো। তুমি কি এতিয়াও মন বেয়া কৰি আছা!’
নভবাকৈয়ে ডাঙৰ বুলি কোৱাৰ বাবে অনুশোচনা হ’ল প্ৰচ্ছায়াৰ। 

‘ হমম। বেয়া লাগিবই দিয়াচোন। এনেকৈ টান কথা শুনাৰ অভ্যাস নাইযে! এওক কওতে কি কলে জানা¸ কলে কাম এৰি দিয়া। দৰকাৰ নাই এনেকুৱা মানুহৰ তলত কাম কৰিবলৈ।’

‘ নাই …নাই …ৰাণীবা¸ কাম এৰি নিদিবা। বহুত বেয়া লাগিব তুমি গলে। জিএম ছাৰ চুটিত থকা বাবেহে দাসৰ তাও বাঢ়িছে। আহিব দিয়া তেওক¸ ভিজা মেকুৰী হৈ থাকিব লাগিব। আৰু এই সৰু কথাবোৰ মাইণ্ড কৰি থাকিলে নিজেহে দিগদাৰ পাবা। সেই অসভ্যকেইটাক ইগন’ৰ কৰি চলিলেই হ’ল।’

প্ৰচ্ছায়াৰ কথা শুনি নতুনকৈ সাহস পোৱা যেন লাগিল ৰাণীৰ। তাইৰ তুলনাত প্ৰচ্ছায়া বহুত ধনী ঘৰৰ ছোৱালী। এৰো বুলিলে তাইৰ একো সমস্যা নাই। কিন্তু তায়েই বিশেষ ভবা নাই যেতিয়া¸ ৰাণীয়ে বাৰু কিয় গুৰুত্ব দিব কথাবোৰ। কৈ থাকক দাসে। লাগিলে সদায় গালি পাৰক¸ মন বেয়া নকৰে তাই। আগুৱাই যে যাবই লাগিব। ফোনৰ লাইনৰ সিপাৰে থকা প্ৰচ্ছায়াক কলে তাই¸

‘ ঠিকেই কৈছা প্ৰচ্ছায়া। বাবুকো তাকেই বুজালো মই। নতুন জব নোপোৱালৈকে নেৰো। কষ্টকৈ হলেও ফিউচাৰৰ বাবে অলপ চেভিংছ কৰিবই লাগিব। তাতে মোৰ মান্থ আৰম্ভ হৈছে। আৰু হয়তো তিনিমাহমানহে কৰিব পাৰিম।’

‘ ৰাণীবা সঁচা…। বহুত ভাল খবৰ। মই মানে মাহী হবলৈ গৈ আছো। পাৰ্টি লাগিবদেই। ’
ফুৰ্তিতে চিঞৰি দিলে প্ৰচ্ছায়াই। কথাটো শুনি ভাল লাগিছিল তাইৰ। যোৱা চাৰি বছৰে কিছুমান সমস্যাৰ বাবে কনচিভ কৰা নাছিল ৰাণীৰ। মাজে-মাজে তাৰ বাবে দুখ কৰিছিল ৰাণীয়ে।

ৰাণীৰো কথাবোৰ মনত পৰিছিল। গাঁৱৰ সমাজখন চহৰৰ দৰে নহয়। লোকৰ কথালৈ বৰকৈ খুচৰি থাকে।
 
‘ তহঁতে বাৰু পো-পোৱালিৰ কথা নাভাব নেকি ঔ। টকা-পইচাৰ সমস্যা বুলি কৈয়ে ইমানদিন লগালি। নে বোৱাৰীৰে কিবা সমস্যা আছে? গাঁৱৰ মানুহৰ আগত ওলাব নোৱাৰা হৈছো।’
মানুহবোৰৰ বু বু বা বা শুনি এদিন অতিষ্ট হৈয়েই শাহুৱেকে স্পষ্টকৈ সুধিছিল তাইক। দুচকুত তাইক পুতেকৰ পচন্দমতে তাইক বিয়া কৰাই অনাৰ অনুশোচনা আছিল মানুহজনীৰ চকুত। একো কব পৰা নাছিল ৰাণীয়ে। কেনেকৈ কব¸ যোৱা দূবছৰে সিঁহতে এজনৰ পিছত আনজন ডাক্টৰ সলনি কৰি ফুৰিছিল। উত্তৰটো দিছিল বাবুৱে¸

‘ মা¸ ইমান কিয় লৰালৰি কৰিছনো? দেখা নাই জানো¸ আজিলৈ ভালকৈ এষ্টাব্লিজ হব পৰা নাই। আৰু নহলেই যেনিবা¸ কিবা কাৰণত দোষটো চিধাই বোৱাৰীয়েৰকে দিছ যে? পুতেৰৰোতো দোষ থাকিব পাৰে।’ একো কোৱা নাছিল শাহুৱেকে। পুতেকলৈ এবাৰ পোন্দোৱাকৈ চাই আঁতৰি গৈছিল মানুহজনী। তেতিয়াৰে গাঁৱৰ মানুহৰ লগত মিলা-মিছা¸ আলহীৰ ঘৰলৈ কমাই দিছিল দুয়োটাই। প্ৰচ্ছায়াৰ আগতে প্ৰায়েই চকুলো টুকিছিল তাই। বিশ্বাসী মানুহৰ আগতহে কান্দিব পাৰি।

‘ মই বাৰু মা¸ নহম নেকি সচাকৈয়ে? কিয় মোক ভগবানে মোৰ গৰ্ভখন বন্ধ্যা কৰি পঠালে! সকলোৱে মোক বাজী বুলি কয়। যদি বাবুৱেও এদিন ভাবিবলৈ লয়! মই বাৰু মৰি যোৱাই ভাল নেকি!’
‘ ধেৎ¸ কি যে কোৱা! বহুত মানুহৰে কেতিয়াবা সমস্যা থাকে। চিকিৎসা কৰালে ভাল হৈ যায়।’

‘ Don't cry and keep fighting
 This war is just yours!
 The fire of life that did not burn,
 The challenges that didn't make you tired...
 One, who is not depressed even once,
 Can never hope for success in life...
 So, console yourself.
 No one will come from this selfish world to wipe your tears,
 If you feel bad then look at the sky,
 Count the never ending stars...
 Stars will take away your pain,
 Write your dream in the paper of your heart...
 After that count, how much courage comes to your dedication,
 You keep running
 Just keep running
 This life is yours.’

প্ৰচ্ছায়াই বুজাইছিল ৰাণীক। সাহস দিবলৈ প্ৰায়েই লাইফ অনলি লাইফ নামৰ কৰবাত পঢ়া ভাল লগা কবিতা এটা গাই শুনাইছিল। ৰাণীয়ে সাহস পাইছিল। পিছলৈ প্ৰায় মুখস্থই হৈ গৈছিল তাইৰ।

হঠাতে পুৰণি কথাবোৰ মনত পৰি মুখখন পোহৰ হৈ পৰিল ৰাণীৰ। ইশ্বৰে দিলে¸ এইবাৰ সকলোৰে মুখবোৰ বন্ধ কৰিব পাৰিব তাই।

‘ পাৰ্টি বুলি নহয়¸ তোমাক বাৰু ডেইৰী মিল্ক এটা খুৱাম। কিন্তু আশীৰ্বাদ কৰিবাদেই প্ৰচ্ছায়া¸ এইবাৰ যেন সপোনটো ফলিয়াই।’

‘ কৰিছো অ’ ৰাণীবা¸ মুৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো। সোনকালে ধুনীয়া কণমানি এটিয়ে তোমাৰ কোলা শুৱনি কৰক।’
প্ৰচ্ছায়া উচ্ছাসিত হৈ পৰিছিল। সিপাৰে ৰাণীয়েও হাঁহি দিছিল।

‘ থেংকিউ…থেংকিউ…। বাৰু ৰাখোদেই এতিয়া ভাতৰ যোগাৰ কৰোংগে।’
‘ উম¸ বাই। ’
ভাল লাগি গ’ল প্ৰচ্ছায়াৰ। সুখৰ অনুভূতিবোৰ এনেকুৱাই¸ ভাললগা মানুহবোৰৰ ভালহোৱা শুনিলে খুউব আনন্দ হয়।’ ফোনটো থৈ ৰুমৰ পৰা ওলাই আহিল তাই।

অথনিয়েই তাইক মেছেজ দুটা দি একো ৰিপ্লাই নহাত পলাশে বুজিছিল ¸ তাই চাগে ফোন থৈ কিবা কামত বিজি হৈ আছেগৈ। ফোন কৰিবলৈ মন নাছিল তাৰ¸ ঘৰৰ মানুহে গম পালে বেয়া ভাবিব পাৰে। সি অলপ সময় ভাবি অভিনৱ উপায় এটা উলিয়াইছিল। যদি চিঞৰি চিঞৰি গান গাই দিয়ে। গীতাৰখনো এনেয়েও বজাই। গান গালেনো কোনে কি ভাবিব। অৱশ্যে তাৰ কণ্ঠটো বেয়া। কিন্তু বাথৰুম চিংগাৰে লোকৰ কথালৈ গুৰুত্ব দিয়াৰে বা কি প্ৰয়োজন। গীতাৰখন হাতত লৈ গীত জুৰিছিল সি। মনটোও ভাল লাগিব¸ তাইতো চাগে এসমময়ত শুনিবই। 

মাকক কিটচেনত অলপ সহায় কৰি দিবলৈ যাবলৈ ওলাই প্ৰচ্ছায়া এপলক ৰৈ গৈছিল। 

‘ মে ফিৰ ভি তুমকো চাহুংগা
  মে ফিৰ ভি তুমকো চাহুংগা।’

ক’ৰবাৰ পৰা কণ্ঠ এটা ভাহি আহিছিল। সুৰীয়া নহলেও শুনিবলৈ বৰ বেয়ালগাও নাছিল। খিৰিকিখনৰ কাষলৈ লৈ কাণ উনালে তাই¸ সেয়া দেখোন পলাশৰ মাত।
ভালকৈ শুনিবলৈ প্ৰচ্ছায়া বেলকনিলৈ ওলাই আহিল। তাৰ পৰা স্পষ্ট শুনা পায়। কি বা ইমানকৈ ফুৰ্তি লাগিছিল তাৰ যে চিঞৰি চিঞৰি গীতাৰখন বজাই গাই আছিল। হাঁহি উঠিল প্ৰচ্ছায়াৰ। মেছেজ এটা কৰো বুলি ফোনটো হাতত লওতেই দেখিলে দুটাকৈ তাৰ টেক্সট মেছেজ। বোধহয় তাৰ ৰাণীবাৰ লগত কথা পাতি থাকোতেই দিছিল। তাই গম নাপালে।

‘ হাই¸ গুড ইভিনিং।’
‘ আজি বোলে অসভ্য এজিএমে তোমালোকৰ লগত মিছ বিহেভ কৰিলে। ভালকৈ এনচাৰ দিব নোৱাৰিলা?’

ৰিপ্লাই কৰিব খুজিও তাই ৰৈ গ’ল। চাগে মেছেজ কৰিলেও গম নাপাব সি। যিটোহে চিঞৰি গাই আছেগৈ। 

হঠাতে ফোনটো বাজি উঠাত পলাশৰ উদ্দেশ্য সফল হৈছিল। হাঁহি মাৰি ৰিচিভ কৰিছিল সি¸

‘ হেল্ল’ ’
‘ অই’ আজি আমি দাসৰ গালি খোৱাই তোমাৰ ফুৰ্তি লাগিল যেন পাইছো!’
ধেমালি কৰিবৰ বাবে কৰুণ সুৰত কৈ উঠিল তাই।

‘ নহয় নহয় …এক্সুৱেলি এনেয়েহে গাইছো।’
বিব্ৰত হৈ পৰিল সি।
‘ মানুহে এনেয়েও গান গাই নেকি?’
‘ সঁচা কথা কও¸ মনটো ভাল লগা নাই আবেলিৰ পৰা। সেয়েহে ফুচুলাবলৈ অলপ চিঞৰ বাখৰ কৰিছো। দিছটাৰ্ব হৈছে চাগে। ছ’ৰী। ’
‘ ছ’ৰী কব নালাগে। দিছটাৰ্ব পোৱা নাই।’
অলপপৰ মনে-মনে ৰ’ল প্ৰচ্ছায়া। 

‘ আজি দাসে কিবা কলে বোলে তোমাক আৰু ৰাণীক? অসভ্যটোক উভতি ধৰিব নোৱাৰিলা?’
‘ মোক কোৱা নাই। ৰাণীবাকহে বেয়াকৈ ক’লে। খং উঠিছিল। কিন্তু সেইবুলি অসভ্যৰ লগত অসভ্য হবা নেকি! আচলতে কি জানা¸ দাসতকৈয়ো লহকৰ বোলাটোহে বেছি বদমাছ। আমি যেনিবা পাঁচমিনিট বহি কথা পাতিলোৱেই¸ সেই কথাটো লগাই দিব লাগেনে!’

‘ মই কিন্তু তোমাৰ দৰে ইমান ভদ্ৰ হৈ নাথাকিলোহেতেন প্ৰচ্ছায়া। কাণতলীয়া এটা লগাই দিলোহেতেন। ভদ্ৰৰ লগত ভদ্ৰ আৰু অভদ্ৰৰ লগত অভদ্ৰও হব লাগে কেতিয়াবা।’
সামান্য খং উঠিছিল তাৰ।

হাঁহিলে তাই। ক’লে¸
‘ কাৰণ তুমি বেড বয় যে। সেই কাৰণে পাৰা।’
অলপ ৰৈ তাই পুনৰ ক’লে¸

‘ বাদ দিয়া সেইবোৰ¸ চবতে এনেকুৱা নমুনা একোটা থাকেই। সেইবোৰৰ বাবে মই মন বেয়া কৰাত নাই। অৱশ্যে পিছলৈ সেই দুজনৰ পৰা অলপ সাবধান হ’ম।’

‘ হমম। কিন্তু মোৰ পাল্লাত পৰিলে নেৰো। ইঁহত দুটাক এনেয়েও দেখিব নোৱাৰো।’

প্ৰচ্ছায়াই কিবা কব খুজিছিল। কিন্তু সেই মূহুৰ্ততে ভনীয়েকে মতাত ফোনটো ৰাখিবলৈ খৰখেদা কৰিলে¸

‘ পলাশ পিছত কথা পাতিম হা। মাইনাই মাতিছে। বাই।’
সি গুড নাইট কোৱাটো হয়তো তাই নুশুনিলেই। তাৰ আগতেই ফোনটো ৰাখিলে। তাৰ বেয়া নালাগিল। মেছেজৰ সলনি তাই ফোন কৰিছে¸ আৰু কি লাগে তাক। 

----

পিছদিনা ৰাতিপুৱা পলাশে সোনকালে বাইকখন থেলি থেলি গেৰেজত দি অফিচলৈ আহিছিল। তথাপি অলপ দেৰি হৈ গৈছিল তাৰ। আঠ বজাত ৱৰ্কশ্বপ খুলিলেও মেকানিকবোৰে নবজা মানৰ পৰাহে গাড়ীৰ মেৰামতিত লাগে। তাতে আগদিনাই দি যোৱা দুচকীয়া বাহনবোৰৰ নম্বৰ পাওতে যথেষ্ট দেৰি হয়। হওতে মালিকক সমস্যাখিনি বুজাই আহিব পাৰিলেহেতেন সি¸ কিন্তু বাইকখনৰ আচল বেমাৰটো আৰু সাম্ভাব্য মেৰামতিৰ খৰচৰ অনুমানিক খৰচটো বুজ নোলোৱাকৈ গুচি যোৱা মানেই দিনটোলৈ মনটো খু-দুৱাই থাকিবলৈ দিয়া। মেকানিকজনৰ সতে কথাপাতি ভাল কৰিবলৈ থৈ আহে মানে চাৰে-দহ বাজি গৈছিল। নিজৰ বাইকত নাহি চিটিবাছত আহিলে এইটোৱেই অসুবিধা। নিৰ্ধাৰিত সময়তকৈ বহু বেছি সময় যায়গৈ। মনতে ভাবি পেলাইছিল সোনকালেই নতুন বাইক এখন লবলৈ। গেৰেজৰ চিনাকি ল’ৰাটোক কথাটো জনাই গ্ৰাহক চাবলৈ কৈ আহিছিল। বেছিব পাৰিলে কমিচন অলপ দিব। পলাশে জানে¸ নিজে গ্ৰাহক বিছাৰি থাকিলে বহুদিন লাগিব যাব।
কথাবোৰ ভাবি ভাবি পলাশ আহি পাইছিল। 
অফিচ থকা বিল্ডিঙটোৰ গ্ৰাউণ্ডফ্লোৰত লিফ্টখনৰ সমুখত মানুহজাকৰ সতে সিয়ো থিয় দিছিল। লিফ্টখন নামি অহাৰ লগে-লগে হুৰমুৰকৈ মানুহবোৰ উঠিছিল। হেচি-ঠেলি সিয়ো সোমাই গৈছিল। আঠজন উঠিব পৰা ক্ষমতাৰ লিফ্টখনত উঠিব নোপোৱা দুই-এজনে মুখখন কোঁচাই থিয় দি ৰৈছিল। পিছৰবাৰ লিফ্টখন অহালৈ ৰৈ দিবলৈ যেন সকলোৰে হেলা লাগিছিল।

‘ কেপাচিটি নাই আৰু। আপুনি পিছত আহক।’
কাষতে থিয় হৈ থকা মহিলাৰ গৰাকীৰ দৃষ্টি অাকৰ্ষণ কৰি মুৰ গৰম হৈ গৈছিল পলাশৰ। এনেয়ে ভিতৰত থিয় দিবলৈ ঠাই এখুদো নোহোৱা হৈছিল। তথাপিও লহকৰে দাঁত দুপাৰি দেখুৱাই ফেচেককৈ হাঁহি মাৰি হেঁচি সোমাই আহিছিল। এপাকত শকত মানুহজনৰ হেঁচাত থাৰ্ড ফ্লোৰৰ চশমা পিন্ধা মহিলাগৰাকীয়ে ভাৰসাম্য ৰাখিব নোৱাৰি তাৰ গাতে উফৰি পৰিল। সহ্য নহল আৰু পলাশৰ। এনেয়ে আগদিনাৰ পৰাই মানুহটোৰ ওপৰত খং এটা উঠিয়েই আছিল। এতিয়া এই হেঁচা-ঠেলাত সেই খঙটো বাহিৰলৈ ওলাই আহিল।

‘ হেৰি’ আপুনি পাগল নেকি? মাথাত একো নাই? বাৰে-বাৰে কৈ থকা দেখা নাই। কেপাচিটি ফুল হোৱাৰ পিছত কৈ থকাৰ পিছতো হেঁচা-ঠেলা কৰিছে যে! যাওক পিছত আহিব।’
হাতখন আগবঢ়াই লহকৰক সোমাবলৈ বাধা দিলে সি। তাৰ কথা শুনি হঠাতে মানুহজাকে গিৰ্জনি মাৰি হাঁহি উঠিল। লাজে-অপমানে ক’লা পৰি গ’ল লহকৰৰ মুখখন। তাৰ সেইবোৰলৈ ভ্ৰক্ষেপ নাছিল। লহকৰক অলপ টানকৈ কবলৈ পাই ভাল লাগিছিল পলাশৰ। তথাপিও বিবেকে এবাৰ সুধিছিল¸ প্ৰয়োজনককৈ বেছি আক্ৰমণাত্মক হোৱাৰ প্ৰয়োজন বাৰু আছিল নেকি! প্ৰিয়াৰ চকুপানী উলিয়াব খোজা প্ৰতিটো কথাই মষিমূৰ কৰাটোতো প্ৰেমিকৰে কাম। প্ৰতিটো ক্ৰিয়াৰে এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। নিউটনৰ এই গতিসুত্ৰটো ভালপোৱাটো খাটে। তাৰমানে এইটোতো খাটিব। লহকৰেও চাগে তাক অপদস্ত কৰিবলৈ সুযোগ বিছাৰি থাকিব। কিন্তু তাৰ পৰা সহজে সুযোগ পোৱা আৰু মহানগৰীত ভাল ভাড়াঘৰ পোৱা একেই কথা। হাঁহি মাৰি লেপটপটো সি অন কৰিছিল। জুনিয়ৰ দুজনক ব্ৰিফিং দি নিজৰ প্ৰেজেন্টেচনটো এবাৰ চকু ফুৰাইছিল।

 নিউটনৰ গতি সুত্ৰটো যে ইমান সোনকালে লহকৰে কাৰ্য্যকৰী কৰিব পলাশে ভাবিবও পৰা নাছিল । সি অফিচত বহাৰ এঘন্টামানৰ পিছতে পিয়নজন সোমাই আহিছিল।

‘ আপোনাক এএজিএমে এতিয়াই মাতিছে।’
কৌতুহলী হৈ ওলাই আহিছিল পলাশ। হঠাতে কি বা দৰকাৰ হ’ল তাৰ। এজিএমৰ কোঠাত বৈশ্যও আহিছিল। তেওকো মতাই অানিছিল দাসে। দাসৰ পিছফালে লহকৰে খঙাল মুখ এখন লৈ থিয় দি আছিল।

‘ কলিতা¸ আপুনি চবৰে আগতে লহকৰক পাগল বুলি কৈছে বোলে?  কিয় কবহে তেনেকৈ?’
তাক দেখাৰ লগে-লগেই অভিযোগ কৰিছিল দাসে।
হাঁহিম নে কান্দিম যেন লাগিছিল পলাশৰ। সৰু ল’ৰা-ছোৱালীক কোনোবাই কিবা কলে যে চিধাই গৈ শিক্ষকক গোচৰ দিয়েগৈ¸ ঠিক তেনেকুৱাই যেন লাগিছিল তাৰ। 

‘ বাহ লহকৰবাবু¸ আপুনি গোচৰ দি দিলেগৈ। পিছে কাৰণটো কলে নে নাই?’
কৌতুকৰ হাঁহি মাৰি ক’লে সি। বৈশ্যদাই তেতিয়াও কথাবোৰ একো বুজা নাই। নুবুজি দুয়োজনৰ মুখলৈ চাই থাকিল তেও।

‘ কাৰণ যিয়েই নহওক¸ একেটা অফিচৰ কলীগ এজনক বেলেগ অফিচৰ মানুহৰ আগত আপুনি কিয় কব? কিবা থাকিলে মোক আহি কব পাৰিলেহৈ!’
এইবাৰ পোনেই তাক অভিযুক্ত কৰি পেলালে দাসে। পলাশৰ খং উঠি আহিল। বাহিৰৰ পাৰ্চনেল কথা এটা কিয় অফিচিয়েল কৰি পেলাব! চাল্লা¸ চামচাগিৰিৰো এটা সীমা থাকে।

‘ আপুনি কি কথা কৈছে এজিএম ছাৰ। বাহিৰৰ সৰু কথা এটা আনি আপোনাক অভিযোগ দিবলৈ মোক কি লহকৰৰ দৰে চামচা বুলি ভাবিছে নেকি? আৰু এও যে কেপাচিটি ফুল হোৱাৰ পিছতো ঠেলি মহিলা এগৰাকীক পেলাই দিছিল¸ উভতি কাণতলীয়া চৰ এটা দিলেও আপোনাৰ ওচৰত আহি কান্দিলেহেতেন যেন পাইছো।

‘ আপুনি মোক চামচা বুলি কৈছে? ছাৰ চাওক¸ মোক আপোনাৰ আগতে চামচা বুলি কৈছে।’
এইবাৰ দাসৰ ওচৰত আকৌ পেনপেনালে লহকৰে। 

‘ কলিতা¸ আপুনি কথাবোৰ কিয় তেনেকৈ কৈছে! মই কমপ্লেইন কৰা নাই নহয়। বুজাইছোহে। আমি একেটা অফিচৰে ষ্টাফ। আনৰ আগত ৰেচপেক্ট দিবহে লাগে। এতিয়া মোৰ আগতেই আকৌ লহকৰক চামচা বুলি কলে।’
এইবাৰ অলপ নৰম হল দাসৰ কণ্ঠ। বোধহয় তাক বলেৰে নোৱাৰিব বুলি ভাবিলে দাসে।
এইবাৰ যেন সুবিধাহে পালে পলাশে।

‘ ছাৰ¸ পাৰ্চনেল বাজে কথাবোৰ অফিচিয়েল নকৰিব। নিজে বুজিব পৰাকৈ ক্ষমতাও মোৰ আছে। তাৰ কথা তাতেই শেষ। বেলেগ কথা নাই যদি যাও¸ কাম আছে মোৰ।’
তাৰ কথাখিনি শুনি এইবাৰ অবাক হৈ দাসে চাই থাকিল। হয়তো ভাবিলে ইমান সাহস¸ চিনিয়ৰক উত্তৰ দিবলৈ। আনহাতে ঘটনাটো ভবাৰ দৰে নোহোৱাত আহত হৈ পৰিছিল লহকৰ। ভাবিছিল¸ এজিএমৰ মুখেৰে দুআষাৰ কোৱাব। কিন্তু এতিয়া এজিমৰ মুখ বন্ধ কৰোৱাৰ বাবে অসহায় হোৱা যেন হ’ল।

ঘটনাটো বৈশ্যইও অলপ বুজি পাইছিল। পেটে পেটে তেওৰো হাঁহি উঠিছিল। তথাপি একো বুজিবলৈ নিদি¸ দাসক কলে তেও¸

‘ ছাৰ¸ এইটো দুয়োজনৰে পাৰ্চনেল মেটাৰ। আমি অফিচিয়েলি নোসোমোৱাই ভাল। তথাপি পলাশ আৰু লহকৰ¸ দুয়োজনলৈ ৰিকুৱেষ্ট¸ আগলৈ যেন অলপ সজাগ হয়।

সি ওলাই আহিছিল। পিছে-পিছে বৈশ্যও ওলাই আহিছিল। তাৰ চকুলৈ চাই বৈশ্যই চকু টিপিয়াইছিল। ‘ভাল কৰিলি!’ প্ৰত্যুত্তৰত সিয়ো মিচিকিয়ালে।

-----

বৈশ্যৰ মুখত কথাবোৰ শুনি হাঁহিত বাগৰি পৰাৰ উপক্ৰম হৈছিল প্ৰচ্ছায়া। মতা মানুহো ইমান টুটকীয়া থাকেনে।

‘ ইচ… বৈশ্যদা¸ মই বেয়াকৈ মিছ কৰিলো দেই। দৃশ্যটো মই দেখা পাব লাগিছিল।’
সাংঘাটিক কিবা দেখা নোপোৱাৰ দৰে আপচোছ এটা হৈছিল প্ৰচ্ছায়াৰ। কথাটো শুনি মুখৰ হাঁহি ৰখাৰ নাম লোৱা নাছিল।

‘ হা হা হা … নকবা আৰু প্ৰচ্ছায়া…। কিমান কষ্ট কৰি মই হাঁহি ৰখাইছো মইহে জানো। ইপিনে পেট বিষাই যোৱাৰ উপক্ৰম হৈছে। লহকৰ আৰু দাসৰ যি পাম্প যোৱা বেলুনৰ দৰে অৱস্থা হৈছিল নহয়…। ভাবিছিল চাগে সকলোৰে আগত পলাশক অলপ লাজ দিব। কিন্তু… হা হা হা হা…পলাশে দেখিছো চুঙা চাই  ভালকৈয়ে সোঁপা দিব জানে।’
বৈশ্যদাই হো-হোৱাই হাঁহি দিছিল।
প্ৰচ্ছায়ায়ো হাঁহি আছিল। মনত পৰিছিল তাইৰ পলাশে কোৱা কথাবোৰ। তাক চিনিবলৈ দাস আৰু লহকৰৰ বহুত বাকী আছেগৈ। 
কিন্তু মনটো ভাল লাগিছিল তাইৰ। আগদিনা সিঁহত দুজনীৰ লগত কৰা ব্যৱহাৰৰ প্ৰত্যুত্তৰ নিশ্চয় ভগবানে আন কাৰোবাৰ হতুৱাই দিয়াইছিল। ৰাণীলৈ মনত পৰাৰ লগে-লগে ৰাণীক জনাবলৈ মন গ’ল প্ৰচ্ছায়াৰ। হোৱাটএপচত কথাখিনি লিখি পঠিয়াই দিলে তাই।

’ সঁচা…বিৰাট ভাল লাগিল শুনি। পলাশদাক মোৰ ফালৰ পৰা এটা থেংকচ্।’ স্মাইলী এটাৰ সৈতে ৰিপ্লাই আহিছিল ৰাণীৰ।
‘ মোৰ ফালৰ পৰাও ।’ আন এটা স্মাইলীৰ সৈতে তায়ো ৰিপ্লাই কৰিছিল।

‘ প্ৰচ্ছায়া¸ এটা কথা গম পোৱানে? ’
এবাৰ তাইৰ ফালে চাই মিচিকিয়ালে বৈশ্যই। তাইৰ মনটো ভাল হৈ থকা দেখি কিবা এটা কথা মনলৈ আহিছিল তেওৰ।

‘ কি কথা বৈশ্যদা? ’
মুৰ তুলি বৈশ্যলৈ চালে তাই।

‘ পলাশৰ এই ৰিয়েক্টৰ অান এটা মেইন কাৰণ চাগে তুমি।’
কৌতুকেৰে কৈ উঠিল বৈশ্যই।

‘ হা…।’
আচৰিত হৈ চালে তাই
‘ মানে তোমালোক ভাল ফ্ৰেইণ্ডটো। সেইবাবেই  চাঞ্চ পাই কালিৰ ৰিভেঞ্জলৈ দুয়োটাকে বহাই দিলে সি।’
একেই কৌতুকেৰে কৈ বৈশ্যই নিজৰ কামত মন দিলে।
প্ৰচ্ছায়াই চাই থাকিল এক বুজা-নুবুজাৰ দৃষ্টিৰে। 
এক নাম নজনা অনুভূতিৰে প্ৰচ্ছায়াৰ মনটো ভৰি পৰিছিল। ৰাতি কৈছিল সি। সচাকৈয়ে তাইৰ বাবেই কলে নেকি বাৰু!
এবাৰ তাৰ সতে কথা পতাৰ মন গ’ল তাইৰ। হোৱাটএপত মেছেজ এটা লিখি পঠিয়াই ৰৈ থাকিল। বহুদেৰি পিছলৈকো একো ৰিপ্লাই নাহিল।  অলপ অধৈৰ্য্য হৈ পৰিছিল তাই। এবাৰ কেৰাহিকৈ বৈশ্যদালৈ চাই প্ৰচ্ছায়া লাহেকৈ কেবিনৰ পৰা বাহিৰলৈ ওলাই আহিছিল। বৈশ্যৰ সমুখত ফোন কৰিবলৈ লাজ লাগিছিল তাইৰ।

সেইখিনি সময়ত অ’টো এখনত উঠি ফিল্ডত গৈ আছিল পলাশ। এনেয়ে সকলো সময়তে ডাটাও অন নাথাকে বাবে মেছেজটো তাৰ ফোনলৈ অহা নাছিল। এনেকৈ হিচাপতকৈ বেছি ভাড়া ভৰি অ’টোত আহিবলৈ অহসজ হৈছিল সি। ফিল্ডত কাম কৰা মানুহৰ সকলো সময়তে বাইক এখন নহলেই নহয়। যদি পুৰণিখন বেছি পোৱা টকাৰ লগত আৰু পশিচ হেজাৰ ডাউনপেমেন্ট দি দিয়ে চাগে এবছৰমানৰ ইএমআই দিবলৈ অসুবিধা নহবগৈ। অ’টোখন গৈ থকা সময়ত কথাবোৰ ভাবি গৈছিল পলাশে। মনটোৱে তেনেকুৱা। অলপ সময়ৰ বাবেও বিৰতি নলয়। কিবা নহয় কিবা ভাবিয়েই থাকে।
ফোনটো হঠাতে বাজি উঠাত ভাবনাত যতি পৰিল পলাশৰ। ফোনটো পকেটৰ পৰা উলিয়াই সামান্য আঁচৰিত হ’ল সি। আকাংক্ষিত ফোনকলটো দেখোন সচৰাচৰ নাহে। হাঁহি এটা মাৰি ফোনটো ৰিচিভ কৰি কৈ উঠিল সি¸
‘ কোৱা প্ৰচ্ছায়া। ’

‘ অই¸ তুমি বোলে লহকৰক লিফ্টত সকলোৰে সমুখত পাগল বুলি ক’লা! দাসৰো বোলে মুখ বন্ধ কৰি দিলা।’
মুখ টিপি হাঁহিলে তাই।
তাৰ মুখতো হাঁহি ওলাল। সুধিলে¸
‘ কোনে কলে তোমাক? ’
‘ বৈশ্যদাই ক’লে। ’
’ হা হা বৈদ্য জমনি জানা। লহকৰক তলত টানকৈ কলো¸ সি আকৌ বাচ্ছাই ডাঙৰক লগোৱাদি দাসক কৈ দিলেগৈ। সহ্য নহল। কৈ দিলো অলপ।’
‘ ভাল কৰিলা।’ 
‘ হমম। ’
‘ থেংকিউ হা।’
‘ ফ’ৰ হোৱাট? ’
‘ ফ’ৰ দ্যাট।’
সি কিবা কোৱাৰ আগতে আকৌ সুধিলে তাই
‘ ক’ত আছা?’
‘ এয়া জু’ৰোডত।’
‘ অ’কে¸ কামত লাগা হা। ৰাখো। বাই।’
ফোনটো ৰাখিলে তাই। এমোকোৰা হাঁহিৰে সিয়ো ফোনটো ৰাখিলে। ইতিমধ্যে তাৰ গন্তব্যস্থল আহি পাইছিল অ’টো। ভাড়াটো দি নামি আহিল সি। ইয়াতে এটা প্ৰেজেন্টেচন আছিল। 

সন্ধিয়া অফিচৰ পৰা ওলাই জয়ানগৰৰ চাৰিআলিলৈ খোজ লৈছিল পলাশে। ইয়াৰ পৰা দাইৰেক্ট গাড়ী নাপাই কাহিলিপাৰালৈ। বাইকখন থাকিলে সেয়া ভাব নহয়! এই দুদিনতে গম পাইছে গাড়ী সলাই ফুৰাৰ যন্ত্ৰনা। এতিয়া তিনিআলিলৈ যাব লাগিব¸ নহয় ছয় মাইললৈ। তাৰ পৰা গণেশগুৰি¸ আকৌ গণেশগুৰিৰ পৰা কাহিলিপাৰা। কলে হয়তো জুনিয়ৰ দুজনে থৈ আহিব¸ কিন্তু সৰু কথাটোৰ বাবে কাৰো অনুগ্ৰহ নিবিছাৰে সি। বেগটো পিঠিত লৈ খোজকাঢ়ি থাকোতে কলেজীয়া দিনবোৰলৈ মনত পৰি গ’ল পলাশৰ। কি যে দিন আছিল সেইবোৰ। বাৰবছৰ আগৰ কথাবোৰ মনত পৰি মনটো ভাল লাগি গৈছিল। 

হঠাতে কাষত হৰ্ণ বাজি উঠাত উচপ খাই ঘুৰি চালে সি। স্কুটিখন ৰাখি প্ৰচ্ছায়াই তালৈ চাই সুধিছিল¸
‘ খোজকাঢ়িছা যে? বাইকখন?’
‘ বেয়া হৈছে। ভাল কৰিব দিছো। লিফ্ট দিবা?’
‘ আহা ’
স্কুটিৰ পৰা নামি তাক বহিবলৈ চলাবলৈ সুবিধা কৰি দিলে। বাধা দি কৈ উঠিল সি¸
’ হেই¸ কি কৰিছা? তুমিয়েই চলোৱা।’
‘ লাজ নালাগিব তোমাৰ ছোৱালীৰ পিছফালে বহিবলৈ?’
হাঁহি মাৰি সমুখৰ চিটত বহি তালৈ চাই হাঁহিলে তাই।
‘ ওহো¸ মোৰ অভিধানত লাজ বোলা শব্দটো নাই।’
হাঁহিলে সি। অলপ ৰৈ পুনৰ কলে¸
‘ আচলতে ড্ৰাইভিং কৰোতেও নাৰীৰ ইকুৱেলিটি দিব লাগে। সদায় কিয় ছোৱালীয়েই ল’ৰাৰ বাইকৰ পিছফালে বহিব। মাজে-মাজে লৰায়ো ছোৱালীৰ পিছফালে বহি আৰামত যাব লাগে।’

‘ তুমি তাৰমানে ৱাইফক গাড়ী চলাব দি নিজে আৰামত কাষত বহি যাবা ন?’
মিৰ’ৰখনত তাৰ মুখলৈ চাই হাঁহিলে তাই।

‘ অৱকৰ্ছ। মই ভাবিছো¸ আমি কামবোৰ ভগাই ল’ম। তেওৰ ৰান্ধিব আৰু মই খাম¸ তেও জব কৰিব আৰু মই পোৱালি কেইটা চাম।’

‘ হা হা তোমাৰ লগত কথাৰে নোৱাৰিছো দেই।’

স্কুটিখন আগবাঢ়িছিল। ফেৰফেৰীয়া বতাহ লাগি তাই চুলিখিনি বাৰে-বাৰে অবাধ্য হৈ তাৰ মুখত লাগিছিল। অনামী অনূতিয়ে চুই গৈছিল। গণেশগুৰিত ভাল চুইটচ্ শ্বপ এখনৰ সমুখত ৰাখি তাক মাতিলে তাই¸
‘ আজি ট্ৰিট দিম তোমাক। মোৰ মনটো ভাল আজি।’
‘ ট্ৰিট কি মাথো এটা চুইটচ আৰু কফি?’
‘ হব¸ ইমানো ভাল কাম কৰা নাই তুমি। ’
কৃটিম ধমক এটা দি আকৌ খিলখিলাই হাঁহিলে প্ৰচ্ছায়াই। একো নকলে পলাশে। কেতিয়াবা নভবাকৈয়ে দিনবোৰ এনেকৈয়ে মধুৰ হৈ যায়। আৰু এই মধুৰ সময়খিনি কোনোপধ্যেই হেৰুৱাব নোৱাৰি। নহলেনো জীৱনটোত আছেই বা কি। প্ৰচ্ছায়াই আগবঢ়াই দিয়া কফি আৰু নাম নজনা মিস্তিৰ একামোৰ মাৰি তাইলৈ চালে সি। এনে এজনী সহজ-সৰল যুবতীৰ সংগীজন কিমান ভাগ্যবান হব লাগিব! আৰু ভাগ্যৰ সতে তাৰ সৰুৰে পৰাই অহি-নকুল সম্পৰ্ক। হুমুনিয়াহ এটা ওলাই আহিব খোজাত চকুহাল ঘুৰাই দিলে সি।

কাহিলিপাৰালৈ যোৱা পথত উঠি হঠাতে প্ৰচ্ছায়াক দেখি লীমা বাছত নুঠিল। হাঁহি এটা মুখত লৈ পিছফালৰ পৰা আহি লাহেকৈ ঢকা এটা মাৰিলে প্ৰচ্ছায়াক। 

‘ ঐ প্ৰচ্ছায়া¸ অকলে অকলে খাইছ। মোকো খুৱা। ভালেই হ’ল তোক পালো। মোৰ দহটকা বাছি যাব এতিয়া!’
ঘুৰি চাই লীমাক দেখি প্ৰচ্ছায়াৰ মুখখন উজলি উঠিল।

‘ তই কফিৰ¸ মিস্তিৰ ভাগ পাবি¸ কিন্তু …। মোৰ লগত পলাশ আহিছে।’
  পলাশলৈ আঙুলিয়াই সেমেকা হাঁহি এটা মাৰিলে তাই। উভতি চাই তাক দেখি সামান্য আচৰিত হ’ল লীমা। 

‘ অহ¸ বেডলাক মানে।  হব দে বাৰু।’
সেমেকা হাঁহি এটা মাৰিলে লীমাই।’

খালি কাপটো হাতত লৈ পলাশে চাই আছিল দুয়োজনীৰ ফালে। সি চিনি পাইছিল ছোৱালীজনীক। সেই প্ৰথমদিনা উলুবাৰীত প্ৰচ্ছায়াৰ লগত দেখা ছোৱালীজনী। তাই চাগে প্ৰচ্ছায়াৰ ভাল ফ্ৰেইণ্ড। হঠাতে ভাৱ হ’ল পলাশৰ¸ তাৰ বাবে যেন বান্ধবীক লিফ্ট দিব নোৱাৰি সামান্য অস্বস্তিত পৰিছিল প্ৰচ্ছায়া। 

‘ অহ¸ মই পাহৰিছো প্ৰচ্ছায়া¸ আচলতে অলপ পাচলি বজাৰ কৰিব আছে মোৰ। তুমি এখেতক লৈ যোৱাগৈ। অলপ সময় লাগিব মোক।’

প্ৰচ্ছায়াই বুজিলে তাৰ ফাঁকি। অলপ সকাহ পাইছিল তাই। লীমাক এৰি তাক লগত লৈ যাবলৈ অলপ বেয়া লাগিছিল। তথাপি নিশ্চুত হবলৈ তাৰ চকুলৈ চাই সুধিলে ¸

‘ অাৰ য়ু চিঅ’ৰ?’
‘ য়া ’

হয়তো কথাটো লীমাৰো অনুভৱ হৈছিল¸ কিন্তু একো কব নোৱাৰি তাই চাই থাকিল দুয়োটালৈ।

‘ এয়া লীমা¸ মোৰ বেষ্ট ফ্ৰেণ্ড।’
এইবাৰ প্ৰচ্ছায়াই চিনাকি কৰি দিলে লীমাৰ সতে তাক।

‘ হাই¸ আই এম পলাশ ’
লীমালৈ হাতখন আগবঢ়াই দিলে সি।
‘ জানো¸ আপোনাৰ কথা কৈছে তাই।’
সামান্য হাঁহি লীমাই প্ৰচ্ছায়ালৈ দেখুৱালে।
পলাশেও হাঁহিলে¸
‘ মোক কিন্তু আপোনাৰ বিষয়ে একো কোৱা নাই।’
‘ গম পাব দিয়ক। লগ পাম।’
‘ চিঅ’ৰ ’

দুষ্টামিৰ হাঁহি এটা লীমাৰ মুখত লাগি আছিল। দেখি প্ৰচ্ছায়াৰ অলপ অসহনীয় হৈছিল। অথচ তাৰ সমুখত একো কবও নোৱাৰে। সেয়েহে তাক যাবলৈ ইংগিত দিবলৈ কলে তাই¸

‘ তেন্তে তুমি আহি থাকিবা।’
‘ অ’ । ’
এইবাৰ লীমালৈ চাই হাঁহি কৈ উঠিল সি¸ 
‘ ট্ৰিট মোৰ নাছিলদেই। প্ৰচ্ছায়াইহে দিছিল। আপুনি নিশ্চন্তে লব পাৰে। বাই’
মুৰ দুপিয়াই হাঁহিছিল লীমাই। ইতিমধ্যেই প্ৰচ্ছায়াই লীমাৰ বাবেও কফি আৰু মিস্তিৰ অৰ্ডাৰ দিছিল। সেয়া তাইক লবলৈ ইংগিত দি কৃটিম খঙেৰে ডবিয়াই উঠিল¸

‘ তই কিয় তেনেকৈ হাঁহি আছিলি?’
‘ নাহাহিম। সি তোৰ পিছফালে স্কুটিত। তই তাক খুৱাইছ। বেয়া পাই থাকিও তহঁতৰ ঘৰতে ভাড়াও দিলি। ডেট কৰি আছ ন?’
খিলখিলাই হাঁহি দিলে লীমাই।

‘ ধেই¸ তয়ো যে আৰু। তাৰ বাইকখন বেয়া হৈছে বাবেহে খোজা বাবে লিফ্ট দিলো। আৰু ঘৰ ভাড়ালৈ মায়েহে দিছে। এতিয়া ইয়াতে থিয় হৈ কফি একাপ খালোৱেই যেনিবা¸ ডেট হ’ল নেকি সেয়া?’
লাহেকৈ লীমাৰ গাত থাপৰ এটা মাৰিলে প্ৰচ্ছায়াই।

‘ ৰিয়েলি। চাবি আকৌ¸ কেতিয়াবা হাৰ্টখন খুজিলে¸ সেইখনো দি দিবি!’
কফি কাপত সোঁহা মাৰি কৌতুকেৰে ক’লে লীমাই। 
‘ হুহ¸ মোক কি সহজ পাইছ! প্ৰচ্ছায়াৰ হাৰ্ট ৱিন কৰা ইমান ইজি নহয়।’
গম্ভীৰ হৈ কৈ মুখখন ঘুৰাই দিলে তাই।

‘ বাৰু দে¸ ব’ল যাওগৈ।’
খালী কাপটো পেলাই দি যাবলৈ ওলাইছিল লীমা। প্ৰচ্ছায়াই বিল পৰিশোধ কৰি স্কুটিখনৰ কাষলৈ আহিল। তাইৰ কব মন গৈছিল লীমাক¸ তাৰ সতে ব্ৰেকআপ হোৱাত হয়তো তাইৰ কাজিন বায়েকৰো ভুল আছিল। কিন্তু নকলে। হয়তো তাইক তাৰ প্ৰতি দুৰ্বল হোৱা বুলিয়েই ধৰি লব। আহি থাকোতে ভাবিছিল প্ৰচ্ছায়াই¸  তাই বাৰু অকণমানো দুৰ্বল হৈছে নেকি সচাকৈয়ে? নাই¸ সেয়া মাথো ভাল ফ্ৰেইণ্ডশ্বিপ। নিজৰ মনক উত্তৰ দিলে তাই।

******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib