Now you can Subscribe using RSS

Submit your Email

Sunday 28 June 2020

Bad Boy ঃ27

Unknown

                             [ সাতাইশ ]

চাৰিদিন পিছতেই পুৰণি বাইকখন বেছি নতুন বাইক এখন কিনিছিল পলাশে। আজিকালি ইএমআইত বাইক ললেও একেদিনাই হৈ যায়। প্ৰথম বাইকখন লওতেহে দুটা দিন লাগিছিল ভেৰিফিকেচনলৈ। পুৰণি পালচাৰখন বেছি পোৱা টকাখিনিৰ লগত বেংকৰ পৰা উলিয়াই অনা টকাখিনি যোগ দি  ডাউন পেমেন্ট দিছিল। এফ জেড এছ বাইকখনৰ টপ মডেলটো ভাল লাগিছিল তাৰ। নতুন বাইকখন প্ৰাপ্তিৰ সুখটোৱে সাঁচতীয়া টকাকেইটাৰ খৰচৰ দুখটোক হঠাতে গৌণ কৰি পেলাইছিল। শ্ব’ ৰুমৰ পৰা বাইকখন চমজি লৈ আহোতে মিঠাইৰ দোকানখন দেখি সৰু টোপোলা এটা কিনিছিল সি। নতুন বাইকখন দেখিলে প্ৰচ্ছায়াহঁতে মিঠাই খাব খুজিব। প্ৰায়েই দেখা-দেখি হৈয়েই থাকে তাইৰ মাক-পাপাকৰ লগত। ইতিমধ্যে প্ৰত্যাশাও ফ্ৰী হৈছিল তাৰ লগত। আজিকালি প্ৰায়েই তাৰ সতে কথা পাতে তাই। বায়েকে লোকক দেখুৱাই মাতিব টান পোৱাৰ বিপৰীতে তাৰ গীতাৰৰ যন্ত্ৰসংগীত শুনাৰ পিছতে চিঞৰি কয়¸
‘ দাদা¸ ধুনীয়া বজাইছে দেই। যদি মই গান গালোহেতেন¸ আপোনাক বজাবলৈ লৈ গলোহেতেন।’
লাজকুৰীয়া হাঁহি এটা মাৰে সি।
পলাশে ভাবিছিল¸ প্ৰচ্ছায়াৰ ঘৰত সোমাই মিঠাই টোপোলাটো দি ৰুমৰ পৰা বেগটো লৈয়েই ঘৰলৈ যাবগৈ। নতুন বাইকখন চাবলৈ ঘৰৰ মানুহখিনি উদগ্ৰীব হৈ থকাৰ লগতে সিয়ো ঘৰত দেখুৱাবলৈ উৎসাহী হৈ পৰিছিল। ধনী মানুহৰ দামী সুখবোৰৰ দৰে সিঁহতৰ দৰে নিম্ন মধ্যবিত্ত মানুহবোৰৰ সাধাৰণ বস্তু এপদৰ সংগ্ৰহো কেতিয়াবা পৰম আকাংক্ষাৰ হয়।

বাইকখন বাৰাণ্ডাতে ৰাখি মিঠাই টোপোলাটো হাতত লৈ কলিং বেলত হাত ৰাখিছিল সি। দৰ্জাখন খুলি প্ৰচ্ছায়াৰ মাক ওলাই আহিছিল।

‘ অ’ পলাশ¸
প্ৰচ্ছায়াৰ মাকে তাক দেখি হাঁহি এটা মাৰিছিল।

‘ এইটো লওক খুৰী। নতুন বাইক এখন আনিলো।’
মিঠাই টোপোলাটো আগবঢ়াই হাঁহি মাৰি সি কৈছিল।
‘ অ’ হয়¸ বৰ ভাল খবৰ। ঐ মাজনী¸ মাইনা¸ পলাশে নতুন বাইক এখন কিনিলে।’
মিঠাই টোপোলাটো হাতত লৈ মানুহজনীয়ে ভিতৰলৈ চাই চিঞৰিছিল। মাত শুনি আটাইকেইজন ওলাই আহিছিল। লাজ লাগিছিল পলাশৰ। দেখুৱাই গৌৰব কৰিব পৰাকৈ তাৰ একো সাংঘাটিক প্ৰাপ্তি নাছিল। 

‘ ৱাও¸ ধুনীয়া বাইকখন।’ 
উচ্ছাসী হৈ প্ৰত্যাশাই বাইকখনত বহি হেণ্ডেলত ধৰি মিৰ’ৰ দুখনত মুখখন চাইছিল।

‘ পলাশ¸ বৰ ধুনীয়া বাইক ললাও। কিন্তু নতুন বাইকৰ পাৰ্টি মাথোন মিঠাইৰে নহয়দেই। হিচাপত খানা খুৱাব লাগে।’
বাইকখনৰ ওচৰলৈ আহি এবাৰ চাই প্ৰচ্ছায়াৰ পাপাকে হাঁহি হাঁহি কৈছিল।
লাজ লাজকৈ হাঁহিছিল সি। 

‘ কংগ্ৰেটছ্ ’
তাৰ কাষলৈ আগুৱাই আহি প্ৰচ্ছায়াই হাতখন আগবঢ়াই দিছিল। তাইৰ মুখখন উজলি উঠিছিল।
‘ থেংকিউ ’
তাইৰ হাতখন সি খামুচি ধৰিছিল।
‘ পলাশ দাদা¸ প্ৰথম প্ৰথম মোক উঠাব লাগিব আপোনাৰ বাইকত। উঠাবনে? নে কাৰোবাৰ বাবে ৰিজাৰ্ভ ৰাখিছে?’
সকলোৰে সমুখতে হঠাতে তাক জোকাই 
উত্তৰৰ অপেক্ষাত তাই তাৰ মুখলৈ চাই আছিল। সকলোৰে সমুখত তেনেকৈ সোধা বাবে সি সামান্য নাৰ্ভাছ হৈছিল। কিন্তু সেয়া বুজিব নিদি তপৰাই হাঁহি মাৰি সিয়ো কৈ উঠিছিল¸
‘ নাই নাই¸ তেনে কোনো কথা নাই। সকলোকে উঠাম মই।’
পলাশে এবাৰ আঁৰচকুৰে প্ৰচ্ছায়ালৈ চাইছিল। ভনীয়েকৰ সৰু ছোৱালীৰ দৰে আব্দাৰবোৰ দেখি তাই হাঁহি আছিল। পলাশে ভাবিছিল¸ যদি এতিয়া প্ৰত্যাশাৰ সলনি এই আব্দাৰ প্ৰচ্ছায়াই কৰিলেহৈ¸ তাৰ সমান সুখী এই মূহুৰ্তত কোনো হব নোৱাৰিলহেতেন। 

তাৰ বাইকৰ পিছফালে উঠি প্ৰত্যাশাই এবাৰ পাপাকৰ মুখলৈ চাইছিল। 
‘ তা তা ’
সৰু ছোৱালীৰ দৰে মাকহতলৈ চাই ধেমালিতে হাত জোকাৰিছিল তাই।
পাপাকে সশব্দে হাঁহি উঠিছিল। হাঁহি মাৰি মাকে কৈ উঠিছিল¸
‘ তাই উঠিলেই। এনেয়ে কলেও পলাশে বা কাক প্ৰথম উঠোৱাৰ আশা কৰি ৰাখিছিল।’
কি কব পলাশে! কিবা কবলৈয়ো তাৰ লাজ লাগিছিল। নুশুনা ভাও ধৰি সি ওলাই আহিছিল। মেইন ৰোডৰ পৰা এপাক ঘুৰাই আনিছিল প্ৰত্যাশাক। মানুহ কেইজন তেতিয়াও বাৰাণ্ডাতে থিয় হৈয়ে আছিল। বোধহয় কেইমিনিটমানতে সিঁহত ঘুৰি অহাৰ মহুৰ্তটো চোৱাৰ লোভনীয় আশাত খোলা গেটখনলৈকে তেওলোকে চাই আছিল।

প্ৰত্যাশাক নমাই দি মানুহ কেইজনলৈ চাই মিচিকিয়াই ৰুমলৈ যাবলৈ লওতে প্ৰচ্ছায়াই সুধিছিল¸
‘ ঘৰলৈ যাবা এতিয়া?’
প্ৰচ্ছায়াই প্ৰশ্নটো সোধাৰ প্ৰয়োজন নাছিল। বন্ধ পালেই সি ঘৰলৈ যায়। বাইকখন কিনি ৰবিবাৰটোত স্বাভাবিকতেই সি ৰুমত সোমাই নাথাকে। তথাপিও কিবা এটা সুধিবলাগে বাবেই সুধিছিল তাই।

‘ উম ’
সি লাহেকৈ মুৰ দুপিয়াইছিল।
‘ যোৱা। লগ পাম কাইলৈ।’
হাঁহি থকা তাইৰ চকু দুটালৈ চাই তাৰ কব মন গৈছিল¸
‘‘ তুমি যদি কোৱা আজি নাযাও ঘৰলৈ। ব’লা দুয়ো এপাক ফুৰি আহো। ’’ কিন্তু সেই সপোন সঁচা হবলৈ চাগে লক্ষ্য যোজন বাকী। বেগটো পিঠত লৈ ওলাই অহাৰ মূহুৰ্তত মনতে কৈ উঠিছিল¸ ‘‘ প্ৰচ্ছায়া¸ কালিলৈ আকৌ দেখাপাম তোমাক। টিল ডেন টেক কেয়াৰ বাই বাই। ’’ কিন্তু মন গলেও লোকক দেখুৱাই সেয়াও কৰিব নোৱাৰে। আসঃ কি যে বিড়ম্বনা। হাঁহি উঠিছিল তাৰ।

পলাশে ঘৰলৈও মিঠাই টোপোলা এটা লৈ আহিছিল। ঘৰৰ মানুহৰ উপৰিও ওচৰ চুবুৰীয়া দুই এজনে গম পালে আহিবই। নতুন বাইকখন দেখি মাক-দেউতাকৰ মুখখন উজলি উঠিছিল। পুতেকৰ সৰু সাফল্য এটাতো গৌৰবী হৈ পৰাটোৱে মাক-দেউতাকৰ নিয়ম।

‘ দাদা¸ দে এপাক চলাও।’
ফুৰ্তিতে ভায়েকে নতুন বাইকখন খুজি এপাক ওলাই গৈছিল। সদায় স্কুটিখন চলোৱা ভায়েকৰ এই বাইকখনলৈ বৰ হেঁপাহ। সিয়েই কৈ আছিল¸ সুবিধা পালে পুৰণি পালচাৰখন বেছি এফ জেড এছখন লবলৈ। 

‘ তহঁত মন্দিৰৰ পৰাই এপাক আহগৈ যা।’
চাহ খোৱাৰ পিছত মাকে তাক কৈছিল। কথাটো সিয়ো ভাবি আহিছিল। এপাক মন্দিৰত পূজা কৰি আহিলে বাইকখন চলাবলৈ বেছি ভাল লাগিব। আচলতে পায় নাপায় কথাবোৰতকৈও মনৰ সন্তুষ্টিটোৱেহে বেছিকৈ গুৰুত্বপূৰ্ণ তাৰ বাবে। গা পা ধুই দুয়ো ভায়েকে ওচৰৰ দেৱালয়খনলৈ আহিছিল। এসময়ত পূজাৰীৰ হতুৱাই পূজা কৰি দেবীৰ চৰণত উৎসৰ্গা কৰি অনা মাংগলিক কাপোৰখন বাইকত লগাই দিছিল। ফুৰ্তিতে কেইখনমান চেল্ফি লৈছিল দুয়োটাই। সিঁহতে আশা কৰিছিল¸ এনেকৈয়ে এদিন চাৰিচকীয়া এখন কিনি লৈ আনিব। পূজা কৰাব আৰু গোটেই পৰিয়ালটোৱে একলগেই ফুৰিবলৈ যাব। দীৰ্ঘদিনীয়া সপোনটো সোনকালেই অহাৰ অপেক্ষাৰে দুয়ো ভায়েকে মন্দিৰৰ পৰা ওলাই আহিছিল।

সন্ধিয়া ফেচবুকটো খুলি ফটো দুখন দেখিছিল প্ৰচ্ছায়াই। নতুন বাইকখনৰ সতে ফটো দুখন আপলোড কৰিছিল পলাশে। লগৰজন বোধহয় ভায়েক। চকু দুটাৰ সামান্য মিল দেখি প্ৰচ্ছায়াই ভাবিছিল। লাইক এটা দি কিবা কমেন্ট এটা কৰো বুলিও কৰিব পৰা নাছিল তাই। ছ’চিয়েল মিডিয়াত চিনাকী অচিনাকী সকলোৱেই সকলোৰে মন্তব্যবোৰ পঢ়ে।

‘ অ’ বা¸ চোৱাচোন পলাশ দাদাই ফটো আপলোড কৰিছে। ’
হাঁহি হাঁহি ভনীয়েকে নিজৰ ফোনটো দেখুৱাইছিল তাইক। 
‘ নতুন বাইক চলাও আমি দুয়ো-ভাই।’
কেপচনটো পঢ়ি কিবা এটা ভাল লাগি গৈছিল প্ৰত্যাশাৰ। বায়েকৰ সমুখতে লাভ ৰিয়েক্ট দি কমেন্ট লিখিছিল প্ৰত্যাশাই¸ ‘ব্ৰাডাৰ্ছ আৰ অলৱেজ বেষ্ট ফ্ৰেইণ্ড।’
‘ য়াহ¸ ৱি ৱিল ডু এভ্ৰিথিং ফ’ৰ ইচ্ছ আডাৰ।’
বোধহয় একেই সময়তে পলাশেও সিফালে ফেচবুক খুলিছিল। অলপ পিছতে প্ৰত্যাশাৰ কমেন্টৰ লাভ ৰিয়েক্টৰে তাৰ ৰিপ্লাই আহিছিল। তাই বুজি পাই মানুহৰ ফিলিংচবোৰ। এই মৰমবোৰ এনেকৈয়ে ৰওক¸ যেন তাকেই বিছাৰিছিল তাই।
এই কমেন্টটোৰো লাভ ৰিয়েক্ট এটা দি আকৌ লিখিছিল তাই¸
‘ গুড বয়জ ।’
এইবাৰ হেপ্পী ৰিয়েক্ট এটাৰে সি সামৰিছিল। কেপচনটো প্ৰচ্ছায়াৰো ভাল লাগিছিল। বহুদেৰি ভবাৰ পিছত লিখি দিছিল¸ 
‘হেপ্পী ম’মেন্ট।’ 
‘ থেংকিউ ’
চিংগল লাইক এটাৰে সি প্ৰত্যুত্তৰ দিছিল।

----
পলাশে ভাবিছিল¸ সময়বোৰ সদায় এনেকৈ সুখী মূহুৰ্তবোৰতে ৰৈ যোৱা হ’লে। এটা প্ৰাপ্তিৰ পিছত বাকীবোৰো এনেকৈ আহি থকা হলে। কেঁচা পাকঘৰৰ মজিয়াত পিৰা পাৰি আটাইকেইটাই একেলগে ভাত খাই থকা মূহুৰ্তত ভাৱ হয়¸ সিঁহতেই যেন পৃথিবীৰ সবাতোকৈ সুখী পৰিয়াল। অথচ প্ৰত্যেকৰে মনৰ মাজত চলি থকা হুমুনিয়াহৰ ৰংবোৰ পলাশে বুজে। বেয়া দিনবোৰত এসাজ লঘোণে থাকিও মানুহকেইজনে হাঁহিব নেৰে। মাথো সপোনবোৰৰ আঁকাৰটোহে সৰু হৈ গৈ থাকে। স্বপ্নভংগৰ বেদনাবোৰ কঢ়িয়াই ইটোৱে আনটোৰ সাহস হৈ থাকে।

----
#Bad_boy

                               [ আঠাইশ ]

‘ নতুন বাইক ললি?’
হোৱাটচ্এপৰ ডিপিত নতুন বাইকখনৰ ফটো দেখি কিশোৰে ফোন কৰিছিল। প্ৰাপ্তিৰ আনন্দত ফটোখন ফেচবুক¸ হোৱাটচ্এপত শ্বেয়াৰ কৰিছিল পলাশে। হলেইবা সিঁহতৰ সুখবোৰ সৰু সৰু¸ তথাপিও অনুভৱখিনিতো একেই।

‘ উম¸ ললো দে ভাই এইখন। পুৰণিখন বেমাৰী হৈ পৰিছিল¸ চলাবও মন নোযোৱা হৈ পৰিছিল।’
‘ ভালেই কৰিলি ভাই। কংগ্ৰেটছ।’

‘ থেংকিউ দোষ্ট।’

‘ পলাশ¸ মই বৰ অশান্তিত আছো অ’। চাগে জীয়াই নাথাকিম মই।’
পলাশে কিবা সুধিব খুজিছিল। কিন্তু তাৰ আগতেই কিশোৰে কৈ তাক বাকৰুদ্ধ কৰি দিছিল।
‘ কিয়? কি হৈছে কিশোৰ?’
কিশোৰে একো কব পৰা নাছিল। কথাবোৰ ওলাই আহিব খোজা নাছিল। কেনেকৈ কয়¸ ঘৈনীয়েকৰ চাৰিত্ৰিক স্খলনৰ কথাবোৰ। ক’ৰবাত তাৰেই পৌৰুষত্বৰ অহমিকাত জানোচা আঘাট হয়।

‘ কিশোৰ¸ কবিনে কি হৈছে?’
পলাশ অধৈৰ্য্য হৈ পৰিছিল। আজিকালি মানুহবোৰ অসহিষ্ণু হৈ পৰিছে। সাহস হেৰুৱাই সোনকালেই হতাশ হৈ পৰা হৈছে।

‘ পলাশ¸ চাগে তাই মোক ঠগাই আছে অ’। বোধহয় কাৰোবাৰ লগত এফেয়াৰ চলি আছে।’
‘ প্ৰমাণ পাইছ।’
‘ পোৱা বুলিও নকও¸ একেবাৰে নাই পোৱা বুলিও নকও।’
‘ তেন্তে সচা নহবও পাৰে কিশোৰ। হতাশ নহবি¸ এনে কোনো সমস্যা নাই¸ যিটো আলোচনাৰ মাধ্যমেৰে সমাধান নহয়।’
‘ তই কি কব খুজিছ বুজিছো। কিন্তু বিশ্বাস হেৰালে জানো ঘুৰাই পায়?’
‘ হমম। তথাপিও একো সিদ্ধান্ত পটকৈ নলবি। আবেগেৰে মানুহ জয়ী নহয়।’
‘ বাৰু দে। লগ পাম দুই এদিনতে। ’
কিশোৰে ৰাখিছিল ফোনটো। কিন্তু তাৰ বুকুত সিঁচি থৈ গৈছিল এবুকু দুখ। 
দুখৰ সাংঘাটিক এক বৈশিষ্ট আছে। এটা দুখে সহজেই আন এটা দুখৰ সতে সহবস্থান কৰে। সদ্য প্ৰতিস্থিত কিশোৰৰ সংসাৰত কিহৰ অভাবত অশান্তিৰ সৃষ্টি হ’ল নাজানে। কিন্তু তাৰ দুখবোৰ….।

টোপনি অহা নাছিল পলাশৰ। বিচনাত বাগৰি পুৰণি কথাবোৰ মনত পেলাইছিল¸

সুখী হবলৈ কি লাগে মানুহক!
ভালপোৱা¸ আশা…
ওহো¸ কেতিয়াবা টকাৰো বিশেষ দৰকাৰ হয়। টকা অবিহনে কেতিয়াবা সকলোবোৰেই গৌণ হৈ পৰে। অথচ টকাৰ বাবেই কৰো বুলিও সকলো কৰিব নোৱাৰে। যিদৰে এদিন দেউতাকেও পৰা নাছিল। বিদেশী বহিস্কাৰৰ সময়ত নগালেণ্ডৰ পৰা চৰকাৰী চাকৰি এৰি মানুহজন গুচি আহিছিল আন্দোলন কৰিবলৈ। তেতিয়াও তাৰ জন্ম হোৱা নাই। ভৰপক সেই আন্দোলৰ সময়ৰ ত্যাগৰ মূল্য মানুহজনে কেতিয়াও নাপালে। ৰাজনীতিৰ মেৰপাকে ওচৰৰ স্কুলখনত হবলগা চাকৰিটোও হবলৈ নিদিলে। আৰু আপোন মানুহবোৰে? আপোন মানুহবোৰে জানো কমখন দুখ দিলে! তথাপি মানুহজন যেন এখন শিলৰ পাহাৰ। নিৰবে সকলো সহি গ’ল। কোনোদিনেই হাৰি নোযোৱাকৈ মাথো ত্যাগকে কৰি গ’ল। কেতিয়াবা আঁচৰিত হয় সি¸ কিয় কিয় বাৰু সি দেউতাকৰ দৰে সহ্য কৰিবপৰা গুণৰ অধিকাৰী নহল। সামান্য অনিয়ম দেখিলেই কিয় তাৰ বুকু জ্বলি উঠে।
প্ৰশ্নবোৰৰ উত্তৰ তাৰ ওচৰত আছে। সৰুৰে পৰা অন্যায় দেখি দেখি মানুহ বিদ্ৰোহী হৈ পৰে। কাঢ়ি আনিব মন যায় প্ৰাপ্য। হয়তো সেই বাবেই তাৰ খং উঠে¸ অভিমান হয়। যদি ভাগ্যই প্ৰতাৰণা নকৰিলেহেতেন¸ আজি সিঁহতৰ ভবিষ্যতবোৰ হয়তো বহুত বেলেগ হলহেতেন! কিন্তু ধানখেৰৰ দৰে এই খংবোৰ নুমাই যায়। মাথো তুঁহজুইৰ দৰে উমি-উমি জ্বলি থাকে নোপোৱাৰ বেদনাবোৰ।

‘‘ বেড বয়…তই বেড বয়। ভাল ল’ৰাই কেতিয়াও ভাগৰি নপৰে। কেতিয়াও হাৰিব নাজানে।
 কেন ইউ ড’ন্ট চেঞ্জ য়’ৰচেল্ফ টু বি গুড বয়?’’
হোৱাই নট? অৱকৰ্চ আই কেন।’’

হতাশাৰ দিনবোৰৰ পুৰণি কথাবোৰ মনত পৰি বিচনাখনত ছটফটাই থাকে সি। তাৰ মন নাযায় হোৱাটচ্এপ অন কৰি এবাৰ প্ৰচ্ছায়াক মেছেজ এটা কৰিবলৈ। এতিয়াতো হতাশাই চুব নোৱাৰাকৈ উচ্চ সি। সাহসেৰে প্ৰাপ্য হাঁচিল কৰিব পৰাকৈ উজ্জীবিত। কিন্তু জীৱনৰ এই চৰম সত্যটো শিকিবলৈ বাৰু কিয় লাগিল তাক ইমান বেছি সময়। নাই¸ পলাশৰ টোপনি নাহে। নতুন বাইকখনৰ উজ্জল ৰঙটোৱেও তাৰ বেয়া দিনবোৰৰ স্মৃতিক খেদি পঠাব নোৱাৰে। হুমুনিয়াহ এটা কাঢ়ি জোৰকৈ শুবলৈ চেষ্টা কৰিছিল সি। পুৰণি কথাবোৰ ভাবি থকাৰ এতিয়া একো অৰ্থ নাই। 
 ‘‘ মাইলচ্ টু গ’ বিফ’ৰ আই শ্লীপ
    মাইলচ্ টু গ’  বিফ’ৰ আই শ্লিপ’’
ৰ’বাৰ্ট ফ্ৰষ্টৰ কবিতাৰ অন্তিম শাৰীদুটা স্বগতোক্তি কৰি শুবলৈ যত্ন কৰে সি।

****

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib