Now you can Subscribe using RSS

Submit your Email

Sunday 28 June 2020

Bad Boyঃ28

Unknown
                          [ আঠাইশ ]

পিছদিনা প্ৰত্যাশাৰ জন্মদিনৰ বাবে ঘৰখনত সৰুকৈ উথপথপ লাগিছিল। বায়েকৰ দৰে তায়ো পুৱাই মাকৰ লগত মন্দিৰত চাকি এগছ জলাই প্ৰাৰ্থনা জনাইছিল। পাপাকে দিয়া নতুন মোবাইলটোৰে বায়েকে দিয়া নতুন কাপোৰযোৰ পিন্ধি কেইবাখনো চেল্ফি তুলিছিল। আচলতে বাৰ্থডে বুলি তেনেকৈ বিশেষ একো আয়োজন কৰা নাছিল তাই। ক্লাছলৈ যাওতেই লগৰবোৰক ট্ৰিট দিব আৰু সন্ধিয়ালৈ ওচৰ চুবুৰীয়া দুজনমানক মাতিছিল চাহ খাবলৈ। পাপাকেই পুৱাই কেক এটা অৰ্ডাৰ দি আহিছিল। নিজৰ জন্মদিনটোলৈ সৰুতে বৰ হেপাঁহ আছিল প্ৰত্যাশাৰ। এগালমান মানুহৰ শুভেচ্ছাৰে সৈতে উপহাৰবোৰ পাইছিল। কিন্তু ডাঙৰ হৈ অহাৰ লগে-লগে বেছি হৈ ছৈ ভাল নলগা হৈ আহিছিল। আলহীৰ বাবে ঘৰতে গোলাব জামুন আৰু কিবা কিবি বনাই থকা সময়ত হঠাতে মাকক সুধি দিলে প্ৰত্যাশাই।

‘ মা¸ আজি পলাশদাদাক ইয়াতে ভাত খাবলৈ ক’বা নেকি?’
ভনীয়েকৰ কথা শুনি মুৰ তুলি চালে প্ৰচ্ছায়াই। কথাটো তায়ো বেয়া পোৱা নাছিল। দুয়োজনী ছোৱালীকে দুদিন বেয়া পৰিস্থিতিৰ পৰা বছাইছিল সি।
‘ অ’ মা¸ আজি তাক মতাতো কিন্তু বেয়া নহব। ’
ভনীয়েকক সমৰ্থন কৰি প্ৰচ্ছায়াই এনেভাবে কলে যে মাকেও সন্মতি দি দিলে। ল’ৰাটোক মাতি ভাত এসাঁজ খুৱাবলৈ বেয়া নালাগিল তেওৰ। প্ৰচ্ছায়াৰ মনটো ভাল লাগি গৈছিল। প্ৰত্যাশাৰো। কিন্তু এজননীয়ে আনজনীৰ মনৰ ধুমুহাজাকৰ উমান পোৱা নাছিল।

‘ অই’ আজি তোমাক মায়ে ভাত খাবলৈ মাতিছে।’
টেক্স এটা পঠিয়াইছিল তাই।

‘ কিয়? ’
হঠাতে অপ্ৰত্যাশিত আমন্ত্ৰনটো সি আচৰিত হৈছিল। যদিও তাইক এপলক সমুখত দেখাৰ বাসনাই তাৰ বুকুত ধান বনাদি বানিছিল।

‘ কিয় মাতিব নোৱাৰো নেকি? আহিবা তুমি।’
হাঁহি হাঁহি প্ৰচ্ছায়াই ফোনটো থৈ দিছিল।

পলাশে জানিছিল¸ বিশেষ একো কাৰণ নহলে তাক নিশ্চয়কৈ ভাত খোৱাকৈ নামাতে। কিন্তু উদ্দেশ্য নজনাকৈ উপাহাৰ কি আনিব সি। 

টক টক টক টক
কথাটো ভাবি থাকোতেই দৰ্জাত কোনোবাই নক কৰাৰ শব্দ হৈছিল। দৰ্জাখন খুলি ওলাই আহোতেই তাক দেখি প্ৰত্যাশাই মিছিকিয়াই হাঁহিছিল। 

‘ পলাশ দাদা¸ আপোনাক ইনভাইট কৰিবলৈ আহিছো। আজি মোৰ বাৰ্থডে।’

‘ হেপ্পী বাৰ্থডে। ’
হাঁহি মাৰি হাতখন আগবঢ়াই দিছিল সি।
‘ থেংকিউ। ’
হাঁহিৰেই সঁহাৰি দি কৈছিল তাই।
‘ আহক। সকলো ৰৈ আছে।’
‘ ঠিক আছে। গৈ আছো যোৱা।’

বাইকখন লৈ এপাক ওলাই আহিছিল সি। বাৰ্থডে বুলি গম পোৱাৰ পিছত একো এটা উপহাৰ নিনিয়াকৈ যোৱাটো ভুলেই নহয়¸ চৰম অসৌজন্য প্ৰদৰ্শন যেন লাগে তাৰ। সি বিছাৰি বিছাৰি গণেশগুৰিৰ পৰা ৰীতা চৌধুৰীৰ মাকামখন কিনি আনিছিল। ষ্টুডেন্ট এগৰাকীৰ বাবে কিতাপতকৈ ভাল উপহাৰ আৰু একো হব নোৱাৰে।

পলাশে ভবাৰ দৰে আৰু কাকো নিমন্ত্ৰণ কৰা নাছিল ভাত খোৱাকৈ। সি যোৱালৈ বাকী মানুহবোৰ চাগে উভতি গৈছিল। অলপ অসহজবোধ হৈছিল পলাশৰ। কেতিয়াবা অধিক আগ্ৰহো কাৰোবাৰ বাবে অস্বস্তিদায়ক হয়। প্ৰত্যাশা আৰু দেউতাকৰ সতে একেলগে খাবলৈ দি মাকৰ সতে আপ্যায়িত কৰিছিল প্ৰচ্ছায়াই। চিতল মাছৰ জোলৰ সৈতে চিকেন কাৰী দিওতে বাৰে-বাৰে তাৰ সৈতে চকুৱে চকুৱে পৰিছিল প্ৰচ্ছায়াৰ।
প্ৰতিবাৰ চকুত পৰোতেই তাই মিছিকিয়াই দিছিল।

‘ ডেকা ল’ৰা¸ লাজ নকৰিবা হা¸ পেট ভৰাই খোৱা।’
নিজৰ কথাতে ৰস পাই প্ৰচ্ছায়াৰ পাপাকে হো-হোৱাই হাঁহিছিল। ক’ত আৰু খাব পাৰে সি। যিমান সোনকালে পাৰে পৰিবেশটোৰ পৰা পলাবলৈ মন হৈছিল পলাশৰ। এনেকৈ প্ৰচ্ছায়াৰ সমুখত থকাতকৈ হোৱাটচ্এপত তাইৰ সতে কথা পতা বেছি ভাল। 
‘ আপুনি নাখালেই দেখোন।’
সি এৰা থালখনলৈ চাই প্ৰত্যাশা উচপিচাই উঠিছিল।

‘ খালোতো¸ ইমান বেছিকৈ দিছে।’
কোনোমতে কথাখিনি কৈ অলপ পিছতে বিদায় লৈছিল সি। সেইৰাতি আৰু প্ৰচ্ছায়াৰ সতে হোৱাটচ্এপত বাৰ্তালাপ নহল তাৰ। তাইৰ সতে কটোৱা সিঁহতৰ ঘৰৰ মূহুৰ্তকেইটাক মনত পেলাই হাঁহি এটা মুখত লৈয়ে সি টোপনি গ’ল।

-----প্ৰচ্ছায়াই ভাবে¸ কিমান ভাল হ’লহেতেন¸ যদি প্ৰথম দৰ্শনতে মানুহক চিনি পোৱাৰ এটা সুবিধা থাকিলহেতেন! অতীতৰ ভুল যেন কিছুমান কথাৰ তেতিয়া একো সুযোগেই নাথাকিলহেতেন জীৱনত দুখ দিয়াৰ। প্ৰথমবাৰ দেখাৰ পিছতে তাই অৰ্ণৱক চিনি পৰা হলে সেই ঘাঁ টুকুৰাই তাইক দহিব নোৱাৰিলেহেতেন। অথচ সুবিধাবাদী অৰ্ণবৰ দৰে মানুহবোৰৰো চকমকনি বেছি। হঠাতে পলাশলৈ মনত পৰি যায় প্ৰচ্ছায়াৰ। মনৰ তুলাচনীত হঠাতে দুয়োকে দুফালে উঠাই দিয়ে তাই। তুলাৰদৰে অৰ্ণবৰ ফালটো ওপৰলৈ উঠি যায়। এটা নাম নজনা অনুভুতিৰে প্ৰচ্ছায়াৰ মনটো ভৰি পৰে। তাৰ দৰে ল’ৰা চাগে খুউব কমেইহে লগ পোৱা যায়। যাক সহজেই বিশ্বাস কৰিব মন যায়। কিন্তু অতীতৰ ঘাঁবোৰে সকীয়াই থাকে। খেলিমেলি লাগি যায় তাইৰ। কিন্তু তাইৰ তাৰ সতে কথা পাতি ভাল লাগে। প্ৰায়েই ৰাতি বহুদেৰিলৈকে হোৱাটচ্এপত চাট কৰে দুয়োতাই। প্ৰচ্ছায়াৰ ভাব হয়¸ যদি তাইৰ বয়স অলপ কম হলহেতেন¸ যদি আগতে এবাৰ ঠগ নাখালেহেতেন চাগে ইমানদিনে তাই তাৰ প্ৰেমত পৰি গলহেতেন। কেতিয়াবা ভাব হয়¸ সি চাগে তাইৰ।

এদিন সন্ধিয়া তাই মোহাবিষ্ট হৈ বেলকনিত থিয় হৈ শুনি আছিল তাৰ যন্ত্ৰসংগীত। হিয়াৰ আকুলতাৰে বাৰাণ্ডাত বহি সি বজাইছিল পুৰণি ৰোমান্টিক গান এটাৰ সুৰ।

‘‘ প্ৰথম মৰমে যদি সহাৰি নেপাই
   ভালপোৱা কিয় জানো মৰহি যায়¸
   এখন হিয়া আৰু এখন হিয়া 
   মিলিলেহে মৰমে পূৰ্ণতা পায়।’’

প্ৰচ্ছায়াই তন্ময় হৈ চাই ৰৈছিল। তাই গম পোৱা নাছিল¸ কেতিয়া প্ৰত্যাশা আহি তাইৰ পিছফালে থিয় হৈছিল।

‘ বা ’
প্ৰত্যাশাই কান্ধত হাতখন থোৱাত ঘুৰি চাইছিল প্ৰচ্ছায়াই।

‘  তুমি পলাশদাদাক ভাল পোৱা নেকি?’
হাঁহি-হাঁহি প্ৰত্যাশাই সুধিছিল বায়েকক। তাইৰ কথাটো জনাৰ খুবেই প্ৰয়োজন হৈছিল। 
‘ ধেই¸ কি কৈ আছা তুমি। হি ইজ জাষ্ট মাই কলিগ¸ জাষ্ট এ গুড ফ্ৰেণ্ড।’
প্ৰচ্ছায়া উচপখাই উঠিছিল। ধেমালি কৰিবলৈ ভনীয়েকে আৰু কথা নাপালে। তেনেকৈ থিয় হৈ চাই থকা বাবে এইবাৰ লাজো লাগিছিল তাইৰ।

‘ বা¸ আৰ য়ু চিঅ’ৰ?’
হাঁহি আছিল প্ৰত্যাশাই।
‘ ধেৎ¸ কিবোৰ যে ধেমালি কৰা নহয়। চোৱা¸ কি ধুনীয়াকে বজাইছে সি।’
ভনীয়েকৰ গালত লাহেকৈ চুই তললৈ আঙুলিয়াই দেখুৱাই দিছিল প্ৰচ্ছায়াই। প্ৰত্যাশাৰ চকু দুটা উজলি উঠিছিল। 

---
পিছদিনা ইচ্ছা কৰিয়েই অলপ দেৰিকৈ ওলাইছিল প্ৰত্যাশাই। বায়েক ওলাই যোৱাৰ অলপ পিছতেই তায়ো ওলাই আহিছিল। পলাশ তেতিয়ালৈকে যোৱা নাছিল। বাইকখনলৈ লক্ষ্য কৰি ৰৈ থাকিল প্ৰত্যাশা।

‘ ময়ো যাও ৰব আপোনাৰ লগত। ’
পলাশে বাইকখন ষ্টাৰ্ট দিবলৈ ওলোৱাৰ সময়তে কৈ বেগাই কাষলৈ আহিছিল তাই। সি কোৱাৰ আগতেই বাইকৰ পিছফালে বহিছিল। অলপ দূৰ যোৱাৰ পিছত লাহেকৈ তাৰ কান্ধত হাত এখন তাই ৰাখিছিল। বেয়া পোৱাৰ কথা নাছিল তাৰ। গণেশগুৰিত তাইক নমাই দি গুছি যাব সি। 

‘ যাবা ’
তাইক নমাই দি হাঁহি মাৰি কৈছিল সি। তাইৰ মনটো চঞ্চল হৈ পৰিছিল। সি ঘুৰিব ওলোৱাৰ আগতেই তাই কৈ উঠিছিল।

‘ আপোনাৰ লগত মোৰ কথা এটা আছে।’
‘ কোৱা ’
বিশেষ নভবাকৈয়ে পলাশে কৈছিল। 

‘ বহুদিনৰ পৰা ভাবি আছো আপোনাক কও কও বুলি। আপোনাক মোৰ ভাল লাগে। মোৰ জীৱনত আপোনাৰ প্ৰয়োজন আছে।’
‘ তুমি কি কৈছা এইবোৰ? ’
হঠাতে যেন আকাশৰ পৰাহে সৰি পৰিছিল পলাশ। কি কৈছে তাই এইবোৰ। ইমান দিনৰ পৰা যাক ভনীয়েকৰ দৰে ভাবী আহিছে¸ তাইৰ মুখত ভালপোৱাৰ প্ৰস্তাব শুনি মুখৰ মাত হৰিছিল তাৰ।

‘ প্লিজ মোক কবলৈ দিয়ক। বহুত সাহস কৰি আজি কব খুজিছো। মনটোক বহুবাৰ শুধিলো বাৰে বাৰে একেটা কথাকে কলে। উইল ইউ বি মাইন ফ’ৰএভাৰ।’
তাৰ হাত এখন খামুচি তাই আঁকুল হৈ পৰিছিল। কি কব একো ভাবি পোৱা নাছিল সি। মানুহবোৰ অহা-যোৱা কৰি আছে। কোনোবা চিনাকীয়ে শুনিলে বেয়া কথা হব। তাৰ লাজ লাগিছিল।

‘ মোক অলপ সময় দিয়া।’
তাইৰ হাতখন এৰুৱাই দি সি লাহেকৈ কৈছিল।

‘ ঠিক আছে।’
লাজ লাজ চাৱনিৰে তালৈ তাই আঁকুল দৃষ্টিৰে চাই কৈ উঠিছিল।

কিয় এনে হয় বাৰু। হেঁপাহৰ সময়বোৰত কিয় এনেকৈ খেলিমেলিবোৰ লাগি যায়। নিজৰ ওপৰতে খং উঠিছিল তাৰ। আগৰ দৰেই প্ৰত্যাশাৰ লগত দূৰত্ব এটা ৰাখি চলিব লাগিছিল। সি জনা উচিত আছিল¸ তেজ মঙহৰ সম্পৰ্কবিহীন এজনী গাভৰুক সি ভগ্নীৰ দৃষ্টিৰে চালেও তাইৰ পৰাও একেই মৰ্য্যদা আশা কৰা অনুচিত। কও বুলিও কথাবোৰ বৈশ্যদাক কব নোৱাৰিলে সি। কিছুমান সমস্যাৰ সমাধান নিজে বিচৰাই ভাল। প্ৰত্যাশা প্ৰচ্ছায়াৰ দৰে নহয়। না শুনাৰ তাইৰ অভ্যাস নাই। কেনেকৈ কব¸ কি কব ভাবি থাকোতেই দুদিন পাৰ হ’ল। কও বুলিও প্ৰচ্ছায়াকো কব নোৱাৰিলে কথাবোৰ। কেনেকৈ কয়¸ প্ৰেয়সীক তাইৰেই ভনীয়েকৰ প্ৰস্তাব কথা। ধুমুহা এজাক লৈ ঘুৰি থাকে সি। পলাশে ভাবিছিল¸ চাগে এয়া প্ৰত্যাশাৰ তাৰ প্ৰতি দুদিনীয়া আকৰ্ষণ। চাগে সেইদিনা আবেলি তাইক নিৰাপদে লৈ অনা বাবে তাই তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। প্ৰচ্ছায়াক আকৰ্ষিত কৰিবলৈ বজোৱা গীতাৰৰ সুৰে হয়তো তাইৰ মনত সেই আকৰ্ষণত অলপ বেছিকৈয়ে সুযোগ দিছিল। সি বজাবলৈ বন্ধ কৰি পেলাইছিল। 

‘ আপুনি একো নকলে যে?’
বায়েকৰ ফোনৰ পৰা মনে-মনে তাৰ নম্বৰটো লৈ এদিন প্ৰত্যাশাই তাক মেছেজ কৰিছিল। দাদা বুলি মাতিবলৈ এৰি মাথোন আপুনি বুলি সম্বোধন কৰিবলৈ লৈছিল প্ৰত্যাশাই। উত্তৰ নিদিও বুলিও ইতিমধ্যেই তাইৰ হোৱাটচ্এপত চিন হৈ পৰা মেছেজটোৰ উত্তৰ নিদিয়াকৈ থাকিবলৈ থাকিবলৈ বিবেকে তাক বাধা দিছিল।

‘ এতিয়া তোমাৰ পঢ়াৰ সময়। ভালকৈ পঢ়া।’
মেছেজটো লিখি চাট অফ কৰি দিছিল সি। কিন্তু নাচাও বুলিও নোচোৱাকৈ থাকিব পৰা নাছিল। অাঁকুল হৈ লিখিছিল তাই¸
‘‘ আপোনাৰ জীৱনৰ মই অংশ হব খোজো। প্লিজ একচেপ্ত মি। কথা দিছো¸ এবুকু মৰমেৰে আবৰি ৰাখিম আপোনাক।’’

আৰু উত্তৰ দিয়া নাছিল সি। কি কব!
প্ৰেয়সীৰ ভগ্নীক প্ৰেয়সীৰ স্থানত বহুৱাব নোৱাৰি।  সি আঁতৰি ফুৰিব লৈছিল তাইৰ পৰা। তাই যেন আঁকুল দৃষ্টিৰে তালৈ চাই ৰৈছিল। 

প্ৰত্যাশা অধৈৰ্য্য হৈ পৰিছিল। মানুহৰ সহ্যৰো এটা সীমা থাকে। কিয় এতিয়ালৈ পলাশে এতিয়ালৈ একো কোৱা নাই। এদিন ৰাতিপুৱা পাপাক¸ মাক¸ বায়েক সকলো ব্যস্ত হৈ আছিল। সেই সুযোগতে তাই তাৰ ৰুমলৈকে আহিছিল। গা ধুই আহি অফিচলৈ যাবলৈ সাজু হৈছিল সি।দূৱাৰত নক হোৱাত সি দৰ্জাখন খুলি দিছিল। হুৰমূৰকৈ তাৰ ৰুমত সোমাই দৰ্জাখন বন্ধ কৰি দিছিল তাই। পলাশ আঁচৰিত হৈ গৈছিল। তাইৰ নাকৰ পাহি দুটা ফুলি উঠিছিল। প্ৰত্যাশা তাৰ কাষতে আহি বিছনাখন ধপহকৈ বহি তাৰ চকুলৈ চাই থাকিল। পলাশৰ ভয় লাগিছিল। কেনেবাকৈ প্ৰচ্ছায়াই গম পালে সৰ্বনাশ হবগৈ। 

‘ কিয় আপুনি মোক ইগন’ৰ কৰি আছে? মই কি ইমানেই বেয়া!’
হঠাতে উচুপি উঠিল তাই।

‘ মাইনা¸ প্লিজ নাকান্দিবা। চোৱা¸ কোনোবাই শুনিব।’

শুনিলে শুনক। ভ্ৰক্ষেপ নাই তাইৰ। কিয় তেও তাইক অপমান কৰিব! তাই ভালপোৱা আদৰি লব নোৱাৰে নাই¸ কিন্তু কিয় ইগন’ৰ কৰিব। হা বা না কিবা এটা কবই লাগিব তাইক। উচুপি উচুপি কৈ উঠিল তাই।
‘ মোৰ নাম প্ৰত্যাশা। মা¸ পাপা আৰু বা’ইহে মাইনা বুলি মাতে। তাৰ বাহিৰে আৰু কাকো মাইনা বুলি মতাৰ অধিকাৰ দিয়া নাই।’

‘ চোৱা¸ তুমি সৰু ছোৱালী। এয়া মাথো আকৰ্ষণ তোমাৰ।’

‘ মই সৰু ছোৱালী নহয়। আই এম টুৱেন্টি টু ইয়েৰছ্ অ’ল্ড গাৰ্ল। ’
প্ৰতিবাদ কৰি উঠিছিল তাই।
বুকুখন বিষাই উঠিছিল পলাশৰ। কেনেকৈ বুজাই এই সৰু ছোৱালীজনীক।
‘ ঠিক আছে বাৰু! চোৱা কথাবোৰ ইমান সহজ নহয়। তোমাৰ ভালপোৱাৰ বাবে মই মুঠেই লায়কৰ নহও। কিয় মিছাতে অপাত্ৰত দান কৰিব খুজিছা!’

‘ আপুনি কি মোৰ ভালপোৱাৰ প্ৰমাণ বিছাৰিছে পলাশদা? বহুত ভালপাও আপোনাক। কওক কি কৰিলে বিশ্বাস কৰিব। যদি আপুনি প্ৰমাণ বিছাৰে মই…’
এবাৰ নিজৰ বুকুখনলৈ চাই পিন্ধি থকা চাৰ্টটোলৈ চালে তাই। 

‘ ছিঃ ছিঃ মাইনা। কি কৈছা এইবোৰ। মোক কি ইমান নীচ বুলি ভাবিলা! তোমাৰ পবিত্ৰ ভালপোৱাত তিলমানো সন্দেহ নাই মোৰ। কিন্তু কেনেকৈ দলিয়াই পেলাও কোৱা সম্পৰ্কৰ বান্ধোন। ময়ো যে কাৰোবাক হৃদয়খন সপি দি থৈছো।’
বহাৰ পৰা উঠি গৈছিল পলাশ। তাৰ ভয় হৈছিল¸ নিজৰ ভালপোৱা প্ৰকাশ কৰিবলৈ হয়তো প্ৰত্যাশাই যিকোনো কৰি পেলাব পাৰে।

‘ সম্পৰ্কৰ বান্ধোন! তাৰমানে…’
প্ৰশ্নবোধক চিহ্ন এটা মুখত লৈ তাই পলাশলৈ চালে।

‘ এৰা মাইনা¸ মই প্ৰচ্ছায়াক ভালপাও। তুমি মোক ভালপোৱাৰ দৰে ময়ো তেওক বহুত বহুত বেছি ভালপাও। ’

হতবাক হৈ শুনি থাকিল প্ৰত্যাশাই। নিজকে চম্ভালি ললে তাই।

‘ প্ৰচ্ছায়াবায়ো আপোনাক ভালপায়?’
‘ মই নাজানো মাইনা। কোনোদিনেই কবলৈ সাহ কৰা নাই। নিজৰ অসমৰ্থতাৰ বাবে ভয় লাগে দেখোন।’
দুয়োহাতৰে মুখখন ঢাকি থিয় দি ৰৈছিল সি। প্ৰচ্ছায়াক কব নোৱাৰা দুখটোৱে হঠাতে তাক জোকাৰি দিছিল। মুক হৈ পৰিছিল প্ৰত্যাশা। কি কৰিব কি নকৰিব ঠিক কৰিবলৈ অলপ সময় লাগিল।

‘ বায়ো নিশ্চয় আপোনাক ভালপাব। মই বুজাম বাক।’
চকুদুটা মোহাৰি বহাৰ পৰা উঠিছিল প্ৰত্যাশা। বুকুখন চিৰাচিৰ হৈছিল তাইৰ। ছিঃ ছিঃ কি কৰিব ওলাইছিল তাই! নিজৰ বায়েকৰ লগতে প্ৰতিদণ্ডিতাত নামিবলৈ ওলাইছিল। এইবাৰ নিজৰ ওপৰতে খং উঠিল তাইৰ।

‘ এতিয়াৰ পৰা মই আপোনাক কি বুলি মাতিম! দাদা নে ভিনদেউ?’
যোৱাৰ আগতে সুধিছিল তাই।

‘ তোমাৰ যি মন যায়।’
‘ হব । কিন্তু আপুনি মোক বেয়া পাই নাথাকিব।’
ৰঙা পৰি উঠা চকু দুটা তাই মোহাৰি লৈছিল। পলাশৰো চকুহাল সেমেকি উঠিছিল।

‘ তুমিও মোক বেয়া নাপাবা। ৰাতিৰ সপোন বুলি এইবোৰ পাহৰি যোৱা। মই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম¸ মোতকৈ ভাল ল’ৰা এজন পাবা তুমি।’
সেমেকা হাঁহি এটা মাৰি তাই আঁতৰি গৈছিল। 

******

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib