Now you can Subscribe using RSS

Submit your Email

Wednesday 1 July 2020

Bad boyঃ29

Unknown

                        [ উনত্ৰিশ ]

পলাশৰ ৰুমৰ পৰা আহি প্ৰত্যাশাৰ কলিজাটো ফাটি যোৱাৰ দৰে হৈছিল। গা বেয়া লগাৰ অযুহাত দেখুৱাই কলেজলৈ নোযোৱাকৈ থাকিল তাই। 

‘ মাইনা¸ বেছি বেয়া যদি ডাক্টৰৰ ওচৰৰ পৰা আহো ব’ল।’
অফিচলৈ যাবলৈ ওলাই দেউতাকে এবাৰ কপালত হাত দি চালে। ঠিকেই আছে দেখোন।
‘ পাপা¸ জ্বৰ উঠা নাই। মাথো জ্বৰ জ্বৰহে লাগি আছে। আজি ৰেষ্ট ললেই ভালপাম চাগে।’
পাপাকলৈ চাই সামান্য হাঁহিলে তাই।

‘ মই কিমান কৈ থাকো¸ বৰষুণত নিতিতিবি। কথা নুশুন!’
মাক চিন্তিত হৈ পৰিছিল। যদিও আগদিনা কলেজৰ পৰা আহোতে বৰষুণজাকে পাইছিল¸ চাটিটোৰ বাবে প্ৰত্যাশাৰ মুৰটো তিতা নাছিল। তথাপিও মাকৰ মন। অলপতে চিন্তিত হয়।
‘ হব দিয়া মা¸ তাইৰ জৰ উঠা নাই নহয়।’ মাকৰ কান্ধত ধৰি প্ৰচ্ছায়া ভনীয়েকৰ কাষলৈ আহিছিল। ভনীয়েকৰ গা বেয়া বুলি কোৱাত তাইৰো বেয়া লাগিছিল। 

প্ৰত্যাশাই এনেয়েই বিচনাত বাগৰি আছিল। গা বেয়া বুলি পতিয়ন নিয়াবলৈ শুই থাকিবলৈ প্ৰয়োজন হৈছিল। প্ৰচ্ছায়া আগবাঢ়ি আহিছিল¸

‘ তুমি ফ্ৰীজৰ পানী আজি একদমেই নাখাবা হা।’
বায়েকৰ কথাত মুৰ দুপিয়াইছিল প্ৰত্যাশাই। দুখবোৰ ধৰা পৰে বুলি কাৰো চকুলৈ চাবলৈ সাহস নহল তাইৰ।

প্ৰত্যাশাই ভাবিছিল¸ জোৰকৈ হলেও তাই মনৰ পৰা উলিয়াব পেলাব পলাশদাক। আৰু নাভাবে তাৰ কথা। প্ৰথম প্ৰেমৰ বিফলতাই বাৰুকৈয়ে দহিছিল তাইক।

‘ প্ৰত্যাশা¸ প্লিজ গিভ মি ৱান চাঞ্চ। আই কান্ট লিভ উইডাউট ইউ।’
হঠাতে দেৱাশীষ নামৰ সহপাঠী ল’ৰাটোলৈ মনত পৰিছিল প্ৰত্যাশাৰ। বহুদিনৰে পৰা সি তাইৰ পিছে-পিছে ঘুৰি আছিল। তাই গ্ৰহণ কৰা নাছিল তাৰ প্ৰস্তাব। সকলোকে সকলো স্থান দিব নোৱাৰি। দেবাশীষ নামৰ বন্ধুজনক প্ৰেমিকৰ দৃষ্টিৰে কোনোদিনেই চোৱা নাছিল তাই। কিন্তু সি নাছোৰবান্দা¸ এদিন হলেও বোলে তাইৰ হৃদয় জিকিবই। মাজে-মাজে খঙ উঠিছিল তাইৰ। এতিয়া দেবাশীষলৈ মনত পৰি তাইৰ খং নুঠিল। পলাশৰ প্ৰতি তাইৰ প্ৰেম আৰু তাইৰ প্ৰতি দেবাশীষৰ প্ৰেম চাগে একেই। অথচ দেবাশীষৰ দৰে গভীৰ আত্মবিশ্বাসী তাই হব নোৱাৰে। কিদৰে বাৰু তাই প্ৰয়াস কৰে প্ৰিয় মানুহজনৰ বুকুৰপৰা বায়েকক উলিয়াই দিবলৈ! হুমুনিয়াহ এটা কাঢ়ি বাগৰ সলালে প্ৰত্যাশাই।

 আজিকালি তাৰ সতে কথা পাতিবলৈ কমাই দিছিল তাই। তাৰ সমুখত ওলাবলৈকে এৰি দিছিল তাই। তাক দেখা পালেই বুকুখন মোঁচৰ খাই উঠিছিল। বিবেকে গালি পাৰি উঠিছিল। সেই মানুহজন তাইৰ নহয়। ভগবানে বায়েকৰ বাবেহে পঠিয়াইছিল। প্ৰত্যাশাই কল্পনা কৰিছিল¸ বায়েকৰ কাষত পলাশৰ জোৰাটো। নিজকে বহুত অভাগী যেন লাগি যায় তাইৰ। হুমুনিয়াহ এটা কাঢ়ি চকু দুটা মুদি দিয়ে তাই। দুখবোৰ লুকুৱাই ৰাখিবলৈ বৰ কষ্ট। কাকোতো কবও নোৱাৰি।

প্ৰত্যাশাৰ কথাটো পলাশেও পাহৰিবলৈ যত্ন কৰিছিল। জানি শুনিয়েই তাইৰ সমুখত ওলাবলৈ সিয়ো এৰি দিছিল। সোনকালেই অফিচলৈ ওলাই যাবলৈ লৈছিল¸ যাতে প্ৰত্যাশাৰ কলেজলৈ যোৱাৰ সময়তে সিঁহত মুখামুখি হবলগা নহয়। সি জানে কথাবোৰ¸ প্ৰথম প্ৰেমক মানুহে সহজে পাহৰিব নোৱাৰে। হয়তো প্ৰত্যাশাকো অলপ সময় লাগিব। তাৰ ভাৱ হৈছিল¸ সি যেন ঘৰটো সলাই বেলেগলৈ যোৱাটো দৰকাৰ। কিন্তু প্ৰচ্ছায়াক সমুখত দেখি থকাৰ লোভটোৱে তাক অলপ স্বাৰ্থপৰ হবলৈ বাধ্য কৰিছিল।

সেইদিনা প্ৰচ্ছায়াক দেউতাক ঘৰত নাছিল। অফিচৰ ট্ৰেইনিং এটাৰ বাবে পাচদিনৰ বাবে ভূবনেশ্বৰলৈ গৈছিল। আবেলিৰ পৰা বৰষুণ এজাক দি আছিল। 
চাদৰ পৰা মেলি থোৱা কাপোৰখিনি অনাৰ পিছতে হথাতে প্ৰচ্ছায়াৰ মাকৰ গাটো বেয়া লাগিছিল। কাষৰ ৰুমত থকা মাইনাৰ কাষলৈ আহিবলৈ ওলাই হঠাতে মুৰ্চ্ছা গ’ল তেও। ধপচকৈ কিবা পৰাৰ শব্দ শুনি দৌৰি আহি মাকক ওপৰৰ চিৰিৰ পৰা বাগৰি পৰা দেখি প্ৰত্যাশাই চিঞৰি দিলে¸
‘ বা¸ মাৰ কিবা হৈছে।’
দৌৰি গৈয়ো অকলে মাকক উঠাব পৰা নাছিল প্ৰত্যাশাই।

‘ হা…কি হ’ল মাৰ?’
প্ৰচ্ছায়া উধাতু খাই দৌৰি আহিছিল। মানুহজনী সংজ্ঞাহীন হৈ পৰিছিল। প্ৰচ্ছায়াই ল’ৰালৰিকৈ পানীৰ বটলটো আনি মাকৰ গালে মুখে চটিয়াই দিছিল। খুউব ভয় খাইছিল দুয়োজনী ছোৱালীয়ে। সিঁহতে কোনোপধ্যেই মাকক উঠাব পৰা নাছিল। অজ্ঞান মানুহৰ ওজন এনেয়েই বহুত বাঢ়ি যায়। 

‘ মা¸ মা¸ কি হৈছে তোমাৰ? ’
গাত হেচুকি দিয়ো মাকৰ জ্ঞান নহাত এইবাৰ বাৰুকৈয়ে ভয় খালে দুয়োটাই। প্ৰত্যাশা আৰু ৰৈ নাথাকিল। দৌৰি আহি বেলকনিৰ পৰাই চিঞৰিলে তাই¸

‘পলাশ দাদা¸ পলাশ দাদা…।’

 এনেয়ে বিচনাখনত বাগৰ দিছিল পলাশে। দিনত যথেষ্ট পৰিশ্ৰম হৈছিল। এনেয়ে ফেচবুক খুলি ভাল লগা পোষ্টবোৰ চাই আছিল। ভাত বনাবলৈ যোৱা নাছিল তেতিয়ালৈ। হঠাতে কোনোবাই নামধৰি মতাত কাণ উণালে সি। কাষৰ ভাৰাতীয়া পৰিয়ালটো নাই¸ ঘৰলৈ গৈছে। মাজে-মাজে তেওলোকৰ দাদাজনেহে চিঞৰি মাতে। অলপ আড্ডা দি়য়ে। হঠাতে প্ৰত্যাশাৰ মাতটো বুজি অলপ আচৰিত হ’ল সি। তাইতো আগতে কেতিয়াও এনেকৈ চিঞৰি মতা নাই।

‘ কোৱা মাইনা।’
ওলাই আহিল বেলকনিলৈ চাই কৈছিল সি।

‘ মাৰ অসুখ হৈছে। সোনকালে আহক।’
কৈয়েই ভিতৰলৈ গুচি গৈছিল তাই। লৰালৰিকৈ টিচাৰ্টটো গাত সুমুৱাই পলাশ সিঁহতৰ ঘৰলৈ গৈছিল। মানুহগৰাকীক ডাংকোলাকৈ নি বিচনাখনত শুৱাই দি পানী চটিয়াই দিছিল। এইবাৰ মানুহজনীয়ে চকু মেলি চাইছিল। কিন্তু কথা কবলৈ যেন শক্তি নাছিল তেওৰ।

‘ কি হৈছে খুৰীৰ? ’
‘ নাজানো। হঠাতে গা বেয়া লগা বুলি পৰি গৈছে।’

প্ৰেচাৰ হৈছে। হয়তো হাই ব্লাড প্ৰেচাৰ আছে মানুহজনীৰ। কথাটো ভবাৰ লগে-লগে সুধিলে সি।
‘ খুৰীৰ হাই প্ৰেছাৰ আছে নেকি?’
‘ ওহো।’ মুৰটো লৰাই প্ৰচ্ছায়াই কৈ উঠিছিল¸ 
‘ হস্পিটাললৈ লৈ ব’লা পলাশ।’
তাই আতংকিত হৈ পৰিছিল। প্ৰত্যাশাই ইতিমধ্যেই হস্পিটাললৈ যাবলৈ সাজু হৈছিল। পলাশেও ভয় খাইছিল। বেমাৰ বুলি কলেই ভয় লাগে তাৰ। নিজৰ হাতখন চিঙি যাওক¸ সমস্যা নাই। কিন্তু আনৰ সামান্য অসুখ হলেও সি নাৰ্ভাচ হৈ পৰে। প্ৰত্যাশাৰ লগত মানুহজনীক ধৰি গাড়ীত বহুৱাইছিল। ঘৰত তলাটো মাৰি গাড়ীৰ চাবিপাত তাৰ হাতত দিলে প্ৰচ্ছায়াই। এতিয়াহে সমস্যাত পৰিল পলাশ। চাৰিচকীয়া চলাব নাজানে সি। জানিব কেনেকৈ কোনোদিনেই গাড়ীৰ ষ্টিয়েৰিঙত হাত থৈয়ে পোৱা নাই। সুবিধাই পোৱা নাই। চাবিপাত নলৈ কও নকওকৈ কৈ উঠিল সি¸

‘ প্ৰচ্ছায়া¸ মই আচলতে ফ’ৰ হুইলাৰ চলাই পোৱা নাই।’
কথাখিনি কবলৈ তাৰ লাজ লাগিছিল। ডেকাল’ৰা হৈ গাড়ী চলাব নাজানো বুলি কোৱাটোও এটা লাজৰ কথা। সামান্য আচৰিত হৈ তালৈ চালে প্ৰচ্ছায়াই। একো নকলে তাই। নিজেই চাবিপাত লৈ ড্ৰাইভিং চিটত বহিলগৈ। ক’ত বহিব নবহিব ভাবি সমুখৰ চিটতেই বহিল। 

বেছি ভয় খাব লগা একো হোৱা নাছিল। মুৰ ঘুৰাই চিৰিৰ পৰা পৰা বাবেহে অজ্ঞান হৈ গৈছিল। ইনজেকচন এটা দি ঔষধ অলপ দিছিল ডাক্টৰে। সেইখিনি বিচাৰি বিচাৰি আনি সিঁহত ঘৰলৈ আহিল মানে এঘাৰটা বাজি গৈছিল। মানুহগৰাকীয়ে ভালেখিনি আৰাম পাইছিল। মাথো অলপ দূৰ্বল হৈ আছিল।

‘ যোৱা যোৱা খোৱাৰ যোগাৰ কৰাগৈ।’
মন মাৰি থকা ছোৱালী দুজনীলৈ চাই সি কৈ উঠিছিল। বহু দেৰি হৈছে। দুয়োজনীয়ে এতিয়া মন মাৰি থাকিলে বেমাৰীকে সময়ত খুৱাব নোৱাৰিবগৈ। প্ৰচ্ছায়া বহাৰ পৰা উঠিছিল।
‘ এতিয়া ৰুমত বনাব নালাগে। ইয়াতে ভাত খাবা।’
প্ৰচ্ছায়াৰ তাৰ বাবেও ভাত বহাই দিছিল। প্ৰত্যাশা মাকৰ ওচৰতে বহি আছিল।

‘ অসুবিধা হলে জনাবা।’
আহিবৰ সময়ত সি কৈ আহিছিল। পিছদিনা অফিচলৈ নগল প্ৰচ্ছায়া। মাকৰ ওচৰত থাকিবলৈ চুটি ললে তাই। প্ৰত্যাশাও কলেজলৈ নগল। মাকে ভাল পাইছিল। সিঁহত জনা নাছিল যে ল’ প্ৰেছাৰ থকাৰ মানুহজনীৰ প্ৰেছাৰ ঘপহকৈ হাই প্ৰেছাৰ হৈ যাব। কথাটো পাপাকক কোৱা নাছিল সিঁহতে। মিছা-মিছি মানুহজনক টেনচন দিয়াহে হব। এনেয়েও এদিন পিছতেই আহিব পাপাক। 

অফিচলৈ প্ৰচ্ছায়া নোযোৱাত কিবা ভাল লগা নাছিল পলাশৰ। কিবা যেন খালি খালি লাগিছিল। দূপৰীয়া এবাৰ তাইলৈ ফোন কৰিলে সি। ওচৰতে আছিল ফোনটো। ৰিচিভ কৰিলে তাই¸

‘ অ’ পলাশ ’
‘ প্ৰচ্ছায়া¸ খুৰীৰ কেনেকুৱা?
‘ এতিয়া ভাল পাইছে।’
‘ চিন্তা নকৰিবা। সোনকালেই ভাল পাব।’
‘ চিন্তা কৰিবলগা নাই¸ টেবলেট কেইটা খাই থাকিলেই হ’ল।’

‘ উম¸ যত্ন লবা তেওৰ। লগতে নিজৰো।’
‘ উম ’
কথাখিনি কৈ অলপ ৰ’ল সি। আৰু কি কব ভাবি নাপালে। তথাপিও ফোনটো ধৰি থাকিল। প্ৰচ্ছায়ায়ো ফোনটো নাৰাখিলে।
হঠাতে মনত পৰি কৈ উঠিল তাই¸
‘ থেংকচ পলাশ¸ তুমি হেল্প নকৰিলে কালি অসুবিধা হ’ল হয়।’
’ থেংকচ কৈ কিয় লাজ দিছা প্ৰচ্ছায়া! মানুহে মানুহক হেল্প নকৰিলে কোনে কৰিব।’
সামান্য হাঁহি উঠিছিল সি। আকৌ কৈ উঠিছিল¸
‘ আচলতে মই একো হেল্প কৰা নাই। যি কৰিছা¸ তোমালোকেই কৰিছা। মই মাথো সাক্ষী গোপাল।’
হাঁহি দিছিল সি। তায়ো হাঁহিছিল।
‘ হমম। কেতিয়াবা পুৰুষ এজন ওচৰত থাকিলেও সাহস পোৱা যায়।’
‘ উম ’
পলাশৰ আৰু কথা পাতিবলৈ ইচ্ছা আছিল। কিন্তু অফিচৰ দায়িত্বত সময়ে সেই সুযোগ দিয়া নাছিল। প্ৰচ্ছায়াৰো কাম আছিল। পলাশৰ মন যায়¸ এদিন ঘন্টাৰ পিছত ঘন্টা তাইৰ চকুত চকু থৈ কথা পাতিবলৈ। ভালকৈ বুজি উঠক তাই তাক। কিন্তু তাইৰ সমুখত ৰোমান্টিক কথা পতা দূৰৰ কথা¸ চকুলৈয়ো চাবলৈ লাজ লাগে তাৰ!

‘ প্ৰচ্ছায়া¸ ভাল পাইছেনে খুৰীয়ে? তোমালেকেও নিজৰ যত্ন লবা দেই। ভালকৈ নোখোৱা বাবে মুখ শুকাই গৈছেগৈ।’
সন্ধিয়া অফিচৰ পৰা আহি আকৌ এবাৰ খবৰ লৈছিল পলাশে। মিচিকিয়াই প্ৰচ্ছায়াই মুৰ দুপিয়াইছিল। মাকৰ চিন্তাত ৰাতি ভালকৈ টোপনি নাহিলেও দুয়োজনীৰ মুখ শুকাই চকু কোটৰত সোমোৱা নাছিল। সি কেয়াৰ লবলৈ কোৱা দেখি হাঁহি উঠিছিল তাইৰ। কথাখিনি প্ৰত্যাশায়ো শুনিছিল। হঠাতে তাইৰ ভাৱ হৈছিল¸ এয়ে যেন সেই সুযোগ বায়েকৰ আগত পলাশৰ কথা উলিওৱাৰ। মাকে ইতিমধ্যেই ভাল পাইছিল। কাৰোবাৰ সতে ফোনত কথা পাতি আছিল মাকে। সেয়ে দুয়োজনীৰে চিন্তাবোৰ কমিছিল। প্ৰত্যাশা বায়েকৰ কাষচাপি আহিছিল।

‘ বা¸ তোমাক চাগে পলাশদাই ভালপায়।’ আচৰিত হৈ প্ৰচ্ছায়াই ভনীয়েকলৈ চাইছিল। কি কৈছে ভনীয়েকে। কোনে কলে তাইক।
‘ কিয় ক’লা মাইনা?’
‘ কাৰণ পলাশদাৰ বিহেভিয়াৰবোৰ। তোমাৰ চকুত পৰা নাই বা? আজিকালি সি তোমাৰ কেয়াৰ লবলৈ চেষ্টা কৰিছে। তোমাৰ ৰুমৰ খিৰিকিৰ কাষৰ বাৰাণ্ডাত বহি কিয় পলাশদাই গীতাৰ বজাই¸ কিয় তোমাৰ লগত মিছবিহেভ কৰাৰ বাবে মেইন ৰ’ডত মাৰপিট কৰিছে! এবাৰ ভাবিছা?’

ভনীয়েকৰ কথা শুনি প্ৰচ্ছায়াই আচৰিত হৈ চাই ৰ’ল। তাই কোনোদিনেই ইমানলৈ ভবা নাই।
‘ এহ…নহয় চাগে তুমি কোৱাৰ দৰে।’
প্ৰচ্ছায়া জাপ মাৰি উঠিছিল। ভনীয়েকৰ কথাবোৰ বিশ্বাস কৰিবলৈ টান লাগিছিল তাইৰ।

লাহেকৈ হাঁহিছিল প্ৰত্যাশাই।
‘ বা¸ ফ্ৰেইণ্ডৰ দৃষ্টিৰে তুমি চাই আছা বাবে এতিয়াও হয়তো বুজি পোৱা। কিন্তু এবাৰ ভালকৈ ভাবাচোন লীমা বা আৰু পলাশদাদাৰ ফ্ৰেইণ্ডশ্বিপৰ মাজত জানো তুমি একো পাৰ্থক্য দেখা নাই।’

প্ৰচ্ছায়াই ভনীয়েকৰ চকুলৈ চাইছিল। তাই বাৰু প্ৰচ্ছায়াক জোকাই আছে নেকি! 
‘ চব সময়তে মাথো ধেমালি ন!’
প্ৰচ্ছায়াই হাঁহি মাৰি ভনীয়েকক এক থাপৰ দিবলৈ হাঁতখন ডাঙিছিল। হাঁহি হাঁহি উঠি আঁতৰি গৈছিল প্ৰত্যাশা। এক নিৰাপদ দূৰত্বৰ পৰা কৈ উঠিছিল তাই¸

‘ অ’ বা¸ পলাশদাদা ভিনদেউ হলে মোৰ কিন্তু আপত্তি নাই দেই।’
কৃটিম খঙেৰে প্ৰচ্ছায়াই চাই ৰৈছিল তাইলৈ।

-------

দুদিন পিছতে প্ৰচ্ছায়াৰ পাপাক আহি পাইছিলহি। ঘৰ পায়েই ঘৈনীয়েকৰ অসুখৰ কথাটো শুনি দুয়ো জীয়েকক অলপ খঙ কৰিছিল তেও। বেছি অসুখ হোৱা হলে কি কৰিলেহেতেন বাৰু সিহতি!
কিন্তু পিছ মূহুৰ্ততে বিপদটো চম্ভালি লোৱা বাবে দুয়ো জীয়েকৰ বাবে অলপ গৌৰবো হৈছিল। এইবাৰ দেহৰ যতন নোলোৱা বাবে ঘৈনীয়েককো গালি দিছিল। 
‘ আপুনি মিছাত চিন্তা কৰিছে। ভাল পাইছো নহয়। ’
হাঁহি মাৰি মানুহজনী আঁতৰি গৈছিল।

‘ পাপা¸ পলাশদাদা নথকা হলে অলপ সমস্যা হ’লহেতেন। তেও জানা¸ কেয়াৰ লৈ আছিল আমাৰ।’
কথাখিনি পাপাকক কৈ প্ৰত্যাশাই বায়েকৰ ফালে চাই হাঁহিছিল। সামান্য খং উঠিছিল প্ৰচ্ছায়াৰ। আজিকালি সুবিধা পালেই ভনীয়েকে তাৰ কথা কৈ জোকাব খোজে। কিন্তু কথাবোৰ শুনি তাইৰ বিৰক্তি নালাগে। তাইৰ মন যায় জানিবলৈ¸ সচাকৈয়ে নে পলাশে তাইক লাইক কৰে নেকি জানিবলৈ। যদি সচাকৈয়ে লাইক কৰা বুলি গম পাই কি কৰিব বাৰু তাই! একচেপ্ত কৰিব নেকি! নে ৰিলেচন শেষ কৰিব! ওহো এটাও নকৰে তাই। কিন্তু এটা সুযোগ দিব তাক। সকলো ল’ৰাইতো অৰ্ণৱৰ দৰে নহয়!
ভাৱত বুৰ যায় তাই। 

-----

পলাশেই পুৱাই ভাবিছিল ভনীয়েকৰ বাবে ভাল মেখেলা-চাদৰ এযোৰ কিনাৰ কথা। বিয়াৰ পিছত তেনেকৈ একো দিয়াই নাই সি। দিবলগা হোৱাই নাই। আজিকালি তায়ো দাবী নকৰে। চাকৰীত সুমোৱাৰ পৰা ভায়েকেও একো নোখোজে। উপাৰ্জনক্ষম হোৱাৰ পৰাই সকলোকে সামৰ্থ অনুযায়ী ইটো সিটো দিবলৈ চেষ্টা কৰিছিল সি। অশেষ পৰিশ্ৰমৰ অন্তঃত অনা সামান্য বস্তু এপদো আপোন মানুহবোৰে হাতত লৈ মৰা হাঁহিটোৱে সচাকৈয়ে সকলো দুখ-কষ্ট পাহৰাই দিব পাৰে। সেই সন্তুষ্টিৰ পৃথিবীৰ কোনো সুখৰ লগতেই তুলনা নহয়। পলাশে এতিয়াও বিছাৰে¸ সিঁহতে তাক দাবী কৰক। কষ্টকৈ হলেও দিবলৈ চেষ্টা কৰিব সি। এতিয়াটো আগৰ তুলনাত তাৰ উপাৰ্জনো ভাল। যোৱা সপ্তাহত ভায়েকক দামী জিনচ এটা দিছিল। দেখি ভনীয়েকে ধেমালিকৈয়ে কৈছিল¸ ‘দাদা¸ মোক নিদিয়া?’ তাই বিছৰা নাছিল যদিও সি পিছৰবাৰ লৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল । কাইলৈয়ে ৰবিবাৰ। যাওতে লৈ যাব পাৰিব। কথাটো ভাবি পলাশৰ মনটো ভৰি উঠিছিল। 

‘ বৈশ্যদা¸ ভাল চাদৰ মেখেলা এযোৰত কিমানমান লব বাৰু?’
এপাকত বৈশ্যদাৰ কেবিনত সোমাই সি সুধিছিল। প্ৰচ্ছায়া তেতিয়া নাছিল।
‘ কাৰ কাৰণে?’
‘ ভন্টিৰ কাৰণে।’
‘ চাৰি-পাঁচহাজাৰত পাবি চাগে।’
‘ ক’ত লোৱা ভাল হবনো? ’
বৈশ্যদা অভিজ্ঞ মানুহ। বিবাহিত যেতিয়া প্ৰায়েই এইবোৰ বজাৰ কৰি ফুৰে। তাৰ যে দূৰ দূৰলৈকে ছোৱালীৰ কাপোৰ কিনাৰ অভিজ্ঞতা নাই। চেলোৱাৰ কামিজ হলে বেলেগ কথা। শ্বপিং ম’লৰ পৰা লৈ লব পাৰি। কিন্তু মেখেলা চাদৰ জাতীয় কাপোৰবোৰ কিনিব গলে ঠগ খোৱাৰ সম্ভাৱনাই বেছি। 

‘ বৈশ্যদা¸ ব’লক নহলে। কিনি দিব এযোৰ। মোৰ যে অভিজ্ঞতাই নাই কিনা।’
হাঁহি মাৰি এনেয়ে কৈ উঠিল সি।
ঠিক সেই সময়তেই প্ৰচ্ছায়া সোমাই আহিছিল। বৈশ্যই এবাৰ তাইৰ ফালে চাই কৈ উঠিল¸

‘ ওহো¸ তই মোৰ লগত যোৱাতকৈ প্ৰচ্ছায়াকে লগত লৈ যা। ছোৱালীৰ পচন্দ ছোৱালীয়েহে জানিব। মোৰ দৰে বুঢ়াই পচন্দ কৰা কাপোৰ পচন্দ নহলে আকৌ ঘুৰাবগৈ লাগিব।’
নিজৰ কথাত নিজেই ৰস পাই হো-হোৱাই হাঁহি দিলে তেও। যদিও ভালেখিনি চুলি পকিছিল¸ নিয়মিত ৰং লোৱা বাবে কোনেও ধৰিব পৰা নাছিল। তাতে তিয়াল্লিশ বছৰ বয়সত এনেয়ো আজিকালি পুৰুষ যুবকহৈয়ে থাকে। তথাপিও মানুহটোৱে সুবিধা পালেই নিজকে বুঢ়া বুলি কয়। কথাটোৱে নিজকেই আমোদ দিছিল বৈশ্যৰ।

‘ বৈশ্যদা¸ কলৈ যোৱাৰ কথা কৈছে?’
প্ৰচ্ছায়াই কথাখিনি ভালকৈ শুনা নাছিল। সেয়ে বৈশ্যৰ মুখত নিজৰ নামটো শুনি সুধিছিল।

‘ ই ভনীয়েকৰ বাবে কাপোৰ এযোৰ কিনিব খুজিছে। তুমিয়েই যোৱা নেকি। চাই পচন্দ কৰি দিয়াগৈ। মই পচন্দ কৰিলে ক’ত পচন্দ হব।’
কথাখিনি কৈ বৈশ্যদাই এনেভাবে তালৈ চালে যে¸ সি তাইক সুধিবলৈ বাধ্য হৈ পৰিল¸

‘ যাবা ?’
এপলক ভাবিলে প্ৰচ্ছায়াই। কলীগ তথা বন্ধুৰ কথা পেলাও বুলি পেলাব নোৱাৰি।

‘ ঠিক আছে। লাঞ্চ ব্ৰেকত যাম দিয়া।’
হঁহাৰ নিচিনাকৈ তাই কৈ উঠিল।

দূপৰীয়া অলপ সোনকালে দুয়োটা ওলাই আহিছিল। পলাশ অলপ ৰোমাঞ্চিত হৈ পৰিছিল। প্ৰথমবাৰৰ বাবে তাৰ বাইকৰ পিছফালে বহিছিল তাই। ছয় মাইলত নতুন বুটিক এখন খুলিছিল। তালৈকে তাক লৈ গৈছিল প্ৰচ্ছায়াই। আগতে এবাৰ বুটিকখনৰ পৰা কাপোৰ নিছিল তাই। ধুনীয়া দিজাইনৰ ভাল কাপোৰ উপযুক্ত মূল্যত লবলৈ পাৰি। তাইৰ পিছে পিছে বুটিকখনলৈ সোমাই সি সোমাই গৈছিল। হঠাতে ভূত দেখাৰ দৰে উচপ খাই বাহিৰলৈ ওলাই আহিছিল। প্ৰচ্ছায়া আচৰিত হৈ গৈছিল। কি হ’ল তাৰ আকৌ। বাহিৰলৈ ওলাই তাক মাতিছিল তাই¸
‘ আহা। কিয় ওলাই আহিলা?’

‘ ইয়াত নলও আহা। বেলেগত চাম।’
পলাশ ইতিমধ্যেই গৈ বাইকত বহিছিলগৈ।
‘ কিয়??’
তাই হতভম্ব হৈ পৰিছিল
‘ এনেয়ে। আহা বহা।’
তাইৰ মুখলৈ চাব পৰা নাছিল সি। তাইৰ মুখলৈ নোচোৱাকৈয়ে পকেটৰ পৰা চাবিপাত উলিয়াই কি হ’লত সুমুৱাই দি চেল্ফ মাৰিছিল। বাইকখন গৰজি উঠিছিল। তাৰ কাষলৈ আগবাঢ়ি গৈছিল তাই।

‘ কি কথা কোৱাচোন?’
এইবাৰ আৰু লুকুৱাব নোৱাৰিলে সি। তাইৰ ফালে নোচোৱাকৈয়ে ক’লে¸

‘ ভিতৰত মোৰ এক্স আছে।’

‘ একো নহয় আহা। যি অতীত হ’ল¸ তাক কিয় ইমান গুৰুত্ব দি আছা।’
প্ৰচ্ছায়াৰ খং উঠিছিল। তাৰ হাতখনত খামুচি একপ্ৰকাৰ টানি অনাৰ দৰে লৈ আহিল তাই। পলাশে আৰু বাধা দিব নোৱাৰিলে। কি জানো মনোবল পালে¸ চব সংকোচ¸ ক্ষোভ পাহৰি সাহসেৰে সোমাই আহিল। পলাশে আঙুলিয়াই দিয়া ফালে প্ৰচ্ছায়াই কেৰাহিকৈ চাইছিল। শকত ধুনীয়া মহিলাগৰাকীয়ে দুচকু বিস্ফোৰিত কৰি সিঁহতলৈ চাই আছিল। পলাশে এবাৰো চোৱা নাছিল সেইফালে। প্ৰচ্ছায়াৰ পচন্দমতেই ভাল কাপোৰ এযোৰ কিনি ওলাই আহিছিল দুয়োটা।
পলাশৰ মনটো ভাল লাগিছিল। সি জানে অংকিতাই চাগে প্ৰচ্ছায়াক তাৰ গাৰ্লফ্ৰেণ্ড বুলিয়েই ভাবিছে। ভাবক¸ তায়ো বুজক যে তাইৰ ডাম্প কৰিলে বুলিয়েই সি শেষ হৈ নাযায়। হাঁহি দিছিল সি। মনটোও সচাই আচৰিত। দেখিব নোৱাৰা কাৰোবাক চমক দি খুউব তৃপ্তি পায়। 

ৰেষ্টুৰেন্ট এখনৰ সমুখত বাইকখন ৰাখি তাইলৈ চালে সি। যাও নাযাওকৈ সোমাল তাই। কিবা কব খুজিও নকলে তাই। তাৰ মুখখন সাংঘাটিক ধৰণে গম্ভীৰ হৈ পৰিছিল। হয়তো একালৰ প্ৰেয়সীক দেখি দুখবোৰ উজাই আহিছিল। প্ৰথম প্ৰেমকতো কেতিয়াও পাহৰিব নোৱাৰি।

‘ পলাশ¸ কিয় বাৰু অতীতৰ পৰা পলাই থাকিব খোজা! যি হৈ গৈছে ভালৰ বাবেই হৈছে বুলি সহজভাৱে লোৱাচোন।’
তালৈ চাই কৈ উঠিছিল তাই। এতিয়াও তাইক তাৰ তেতিয়াৰ পলায়নবাদী মনোভাবে আশ্বৰ্য্যচকিত কৰি ৰাখিছিল। দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িছিল পলাশে। ঠিকেই কৈছে প্ৰচ্ছায়াই। কিন্তু কিয় জানো অংকিতাৰ লগত জড়িত কথাবোৰ মনত পৰিলেই ব্ৰেইনে কাম নকৰা হয় তাৰ। প্ৰচ্ছায়ালৈ চালে সি। এতিয়াও তাৰ মুখলৈকে চাই আছিল তাই।

‘ পাহৰিব খোজা কথাবোৰ মনত পৰিলে বৰ কষ্ট হয় প্ৰচ্ছায়া। কাহিনিও মনত পেলাব নোখোজা সেই ছবিবোৰ বাৰে-বাৰে চকুৰ আগলৈ উঠিলে বুকুখনে হাঁহাকাৰ কৰি উঠে। ’

কথাবোৰ প্ৰচ্ছায়ায়ো জানে। একেই দিনবোৰ তায়ো পাৰ কৰি আহিছে। কিন্তু ইমান নাৰ্ভাছ কেতিয়াও হোৱা নাই। হয়তো এয়াই ল’ৰা আৰু ছোৱালীৰ পাৰ্থক্য। ছোৱালীয়ে কম সময়তে নিজকে চম্ভালি লোৱাৰ বিপৰিতে ল’ৰাবোৰক অধিক সময় লাগে। এইবাৰ তাৰ হাতখনত নিজৰ হাতখন ৰাখি কলে তাই¸

‘ জীৱনটো বৰ আচৰিত পলাশ। কেতিয়া ক’ত কাক লগ পাই যোৱা কব নোৱাৰা। তুমি সাহসী হবই লাগিব। চোৱা¸ একেই দিন ময়ো দেখিছো¸ কিন্তু ইমান হাৰি যোৱা নাই।’

কথাখিনিয়ে মহৌশধৰ দৰে কাম কৰিছিল তাৰ। মূহুৰ্তৰ বাবে পুৰণি কথাবোৰ পাহৰি মুখখন উজ্জল হৈ পৰিছিল। চাগে এনেকুৱাই হয়¸ ভাল লগা কাৰোবাৰ এষাৰি মাততে দুখবোৰ পাহৰি যোৱা যায়।
‘ থেংকছ প্ৰচ্ছায়া।’
হাঁহি দিলে তাই।

-----

প্ৰচ্ছায়াই পলাশৰ দিনৰ কথাটোৱেই ভাবিছিল। কিমান বেছি ভাল পালে¸ কিমান বেছি আঘাট পালে মানুহে ভালপোৱা কাৰোবাৰ ছাঁটোৱো অসহ্যকৰ হৈ পৰে। অংকিতা নামৰ সেই ভদ্ৰ মহিলালৈ তাইৰ খং উঠিছিল। কি অধিকাৰ আছিল কাৰোবাৰ জীৱনৰ লগত খেলাৰ! আঁতৰি যাবই যদি খুজিছিল¸ আলোচনাৰ মাজেৰেওতো ব্ৰেকআপ কৰিব পাৰিলেহেতেন! কি দৰকাৰ আছিল পুলিচৰ হতুৱাই মাৰ খুওৱাৰ! পলাশে কোৱা কথাবোৰ বিশ্বাস কৰিবলৈ মন গৈছিল তাইৰ।

একেই সময়তে পলাশেও প্ৰচ্ছায়াৰ কথাই ভাবিছিল। ভাত খাই বিচনাখনত উপৰমুৱাকৈ শুই দিনৰ কথাবোৰ সি মনত পেলাইছিল। তাৰ দুখত দুখী হৈ তাই তাৰ হাতত নিজৰ হাতখন ৰাখিছিল। কিমান ভাল হব¸ যদি সচাকৈয়ে সেই হাত তাৰ হাততেই ৰৈ যায়। হোৱাটচ্এপত তাইৰ ডিপিখন সি উলিয়াই চালে। মিঠা এটা হাঁহিৰে ধুনীয়াকৈ ফটোখন তুলিছিল তাইৰ। হঠাতে আচৰিত ইচ্ছা হ’ল তাৰ। টপকৈ তাইৰ ফটোখনতে চুমা এটা আঁকি দিলে। তাৰ বৰকৈ ইচ্ছা হৈছিল তাইৰ লগত কথা পাতিবলৈ। এইবাৰ মেছেজ এটা পঠিয়ালে¸

‘ প্ৰচ্ছায়া¸ শুলা নেকি?’
‘ নাই। কোৱা ’
শুৱাৰ আগতে অলপ সময়ৰ বাবে ফেচবুক খুলিছিল প্ৰচ্ছায়াই। দিনটোৰ চিনাকি মানুহবোৰৰ পোষ্টবোৰ এবাৰ চাইছিল। পলাশৰ মেছেজ অহাত বেয়া নাপালে তাই। আজিকালি তাৰ লগত কথা পাতি বেয়া নালাগে তাইৰ। 
‘ থেংকচ হা’
আকৌ এবাৰ ধন্যবাদ জনাইছিল সি।
‘ ফ’ৰ হোৱাট?’
হাঁহি উঠিছিল তাইৰ। একেটা কথাৰ বাবে কিমানবাৰ ধন্যবাদ জনাব সি।
‘ ভুলটো আঙুলিয়াই দিয়াৰ বাবে। এতিয়াৰ পৰা সচাকৈয়ে পাহৰিব চেষ্টা কৰিম। মুখামুখি হলেও নপলাও। কিবা সিঁহতৰ খাই আছো নেকি!’

‘ গুড। দ্যাটছ্ মাই ফ্ৰেণ্ড। ’
হাঁহিছিল তাই। এইবাৰ প্ৰসংগটো সলাইছিল সি।
‘ প্ৰচ্ছায়া¸ কেনেকুৱা ল’ৰা বিছাৰা তুমি?’
‘ কিয়? মোৰ বাবে ল’ৰা বিছাৰিবা?’
কৌতুকৰ হাঁহি এটা ফুটিছিল তাইৰ মুখত। সিয়ো হাঁহিছিল। কথাবোৰ আগবঢ়াবলৈ কিছুমান কথাৰ বুজ লোৱাৰ দৰকাৰ।
‘ উম। বিছাৰিব পাৰো কোৱানা।’
‘ গুড লুকিং¸ স্মাৰ্ট¸ ইন্টেলিজেন্ট। যিয়ে মাথো মোক ভালপাব। মোৰ বাবে সকলো কৰিব পাৰিব। মোৰ ফেমিলীক ৰেচপেক্ট দিব। তেও মোক সদায় এটাকৈ ষ্টৰী কৈ শুৱাব লাগিব আৰু সদায় ৰাতিপুৱা মৰমেৰে উঠাবও লাগিব।’
হাঁহি হাঁহি লিখি আছিল প্ৰচ্ছায়াই। 

‘ ৱাও¸ ভেৰি ৰোমান্টিক। আই উইচ ফ’ৰ য়’ৰ ড্ৰীম কাম ট্ৰু চুন।’
পলাশ আকুল হৈ পৰিছিল। তাইৰ বহুখিনি কথা যেন তাৰ লগত মিলি গৈছিল। প্লিজ ভগবান¸ তাই যেন মোৰেই হয়। নেদেখাজনলৈ সেৱা এটা জনাইছিল সি।
‘ তুমি কোৱা। তুমি কেনেকুৱা ছোৱালী বিছাৰা?’
এইবাৰ প্ৰচ্ছায়াই সুধিছিল তাক।

‘ মোৰ একো ডিমাণ্ড নাই প্ৰচ্ছায়া। এটাই চৰ্ত ¸ মই ভালপোৱাৰ দৰে তেৱো মোক ভালপাব লাগিব। হিয়া উজাৰি দিম তেওক। মই তেওৰ¸ তেও মোৰ।’
এটা মেছেজ পঠিয়াই আকৌ লিখিছিল¸
‘ প্ৰচ্ছায়া¸ ভালপোৱা মোৰ বাবে পূজা। হৃদয়ৰ আৰতি¸ জীৱনৰ উপাসনা। মোৰ কি মন যায় জানা¸ কাকো পৰোৱা নকৰাকৈ মই তেওৰ ওচৰত আঠুকাঢ়ি কম¸ মই তোমাক বহুত ভালপাও। বহুত বহুত বহুত ভালপাও। মোৰ জীৱনৰ উপাসনা তেওৰ হাততে অৰ্পন কৰিম। মোৰ যৌৱন¸ মোৰ সপোন¸ ভবিষ্যত সকলো সঁপি দিম তেওক। তেও যদি কয়¸ শৰাইঘাটৰ পৰা জপিয়াই দিম¸ তেও যদি কয় হাত এখন কাটি দিম। তৃতীয় এজনৰ ক্ষতি নোহোৱাকৈ সকলো কথাই শুনিম। তেওৰ বাবে কটাই দিম উজাগৰী ৰাতি¸ লিখিম এহেজাৰ পৃষ্ঠাৰ কবিতা¸ বুকুত টাটু কৰি লম তেওৰ নাম। তেও বিছাৰিলেই মই কুকুৰ হৈ যাম তেওৰ বাবে¸ পাৰি আনিম আকাশৰ পৰা ডাৱৰৰ ফুল। মই তেওৰ প্ৰেমিক। পৃথিবীৰ কোনো প্ৰেমিকেই দিব নোৱাৰাকৈ ভালপোৱা দিম তেওক¸ কোনো দিনেই মচিব নিদিম মোৰ ঘৰ¸ ৰান্ধিম নিদিম ভাত¸ ধুব নিদিম বাচন-বৰ্তন¸ লেতেৰা কাপোৰ। তেওৰ হাঁহিটোৰ বাবে মই শেষ কৰি দিম নিজক¸ এৰি দিম তেও বেয়া পোৱা সকলোবোৰ বদ অভ্যাস। ’

‘ ইমান ভালপাবা তুমি?’
আশ্বৰ্য্যত চকু ডাঙৰ হৈ গৈছিল প্ৰচ্ছায়াৰ। 

‘ অ’ বহুত বেছি ভালপাম মই। মোৰ জীৱনতকৈয়ো বেছি।’

‘ পলাশ¸ কাৰোবাক ভালপোৱা তুমি?’
‘ হমম। ছবি এখন আঁকি ৰাখিছো প্ৰচ্ছায়া। মাথো ছবিখনহে স্পষ্ট হোৱাহৈ নাই। শুনিছাই দেখোন সেই গানটো¸
‘‘হৰ কিচিকে দিল মে এক লৰকী 
কা খয়াল ৰেহতা হ্যে।’’
কথাটো তেনেকুৱাই ।’
হাঁহি দিছিল পলাশে। 
প্ৰচ্ছায়াই হাঁহিব পৰা নাছিল। তাৰ আঁকুলতাখিনি কৰবাত তাইৰ মনটোও চুই গৈছিল।

‘ তোমাৰ ৱাইফ সচাকৈয়ে খুউৱ লাকী হব। চি উইল বি লাকীয়েষ্ট গাৰ্ল ইন দ্যা ৱৰ্ল্ড।’

‘ মোৰ হিংসা হৈছে সেই নাৰীলৈ!’ 
ভবাৰ লগে-লগে লিখি পেলালে তাই। 
‘ কিয়?’
‘ এনেয়ে ’

আৰু একো নকলে তাই। ৰৈ থাকিল তাৰ মেছেজলৈ। সিয়ো একো লিখিব নোৱাৰিলে। তাইৰ শেষৰ মেছেজটোৱে হিয়াখন চুই দিয়ে। দুয়ো যেন দুপাৰে ৰৈ শুনি থাকে নিৰবতাৰ সংগীত।

‘ শোৱ দিয়া পলাশ। টোপনি ধৰিছে।’
অলপপৰ ৰৈ তাৰ উত্তৰলৈ অপেক্ষা নকৰাকৈ চাট অফ কৰি দিয়ে তাই। পলাশৰ মনটো ভৰি উঠিছিল। নোকোৱাকৈয়ে কেতিয়াবা বহু কথা কোৱা যায়। 
কুছ বাতে হোতে হ্যে
জো চমঝায়া নহী জাতা¸
চমঝনা হোতা হ্যে।
প্ৰচ্ছায়ায়ো কথাবোৰ এনেকৈয়ে বুজি পাই যোৱা হলে! গুড নাইট এটা লিখি এইবাৰ টোপনি যাবলৈ চকু মুদি দিলে সি। প্ৰচ্ছায়াই পুৱা হলেওতো দেখিব।

*****-----

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

1 comments:

  1. Grand Ronde Casino Resort - Mapyro
    Grand Ronde Casino 제주도 출장안마 Resort is 인천광역 출장마사지 a 6-acre destination 논산 출장샵 located in 서울특별 출장안마 the heart of San Luis Obispo, California, just minutes 속초 출장샵 from downtown San

    ReplyDelete

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib