Now you can Subscribe using RSS

Submit your Email

Sunday 12 July 2020

Bad boy ঃ30

Unknown

                                [ ত্ৰিশ ]

ৰাতিপুৱা টোপনিৰ পৰা সাৰপায়ে ৰাতিৰ কথাটো মনত পৰিছিল পলাশৰ। আচৰিত ধৰণে প্ৰচ্ছায়াৰ কথাবোৰ তাইৰ কণ্ঠৰে শুনি থকা যেন লাগিছিল। গাৰুৰ কাষতে থকা ফোনটো সি তুলিছিল। পাচঁটা পয়চল্লিশ। সদায় এইখিনি সময়তে এপাক জগিং কৰিবলৈ যায়। ট্ৰেকপেন্টটো পিন্ধি জোতাযোৰ ভৰিত সুমুৱাৰ পিছতে হঠাতে তাৰ মনলৈ কথা এটা আহিছিল। লগে-লগে ফোনটো উলিয়াই হোৱাটচ্এপ ষ্টেটাছত লিখি পেলাইছিল¸ ‘ গুড মৰ্ণিং মাই প্ৰিঞ্চেছ। এ বিউটিফুল ডে ৱেইটিং ফ’ৰ ইউ।’ হাঁহি এটা খেলি গৈছিল তাৰ মুখত। প্ৰচ্ছায়া বোধহয় এতিয়াও উঠা নাই। উঠাৰ পিছত এসময়ত তাই নিশ্চয় দেখিবগৈ। তাৰ পিছত তাই চাগে এবাৰৰ বাবেও কনফিউজড হৈ পৰিব। তাৰ হাঁহি উঠিছিল। দৌৰি থকা সময়তো তাইৰ হাঁহিটোৱে তাৰ মনলৈ আহি থাকিল।
‘ পলাশ¸ কি হৈছে তোৰ। ইমান ৰোমান্টিক হৈ পৰিছ যে। আফটাৰ অল তই থাৰ্টি টু ইয়েৰৰ মেছিয়ৰ্ড ল’ৰা। চেঙেলীয়া ল’ৰাৰ দৰে কাণ্ডবোৰ কৰি আছে দেখোন।’
ভিতৰৰ তাৰ মানুহটোৱে হাঁহি হাঁহি সুধিছিল তাক।
‘ মই তাইৰ প্ৰেমত পৰিছো অ’। আৰু ভালপোৱাৰ বয়স নাথাকে।’
হাঁহি নিজকে নিজে কৈ দিছিল সি। 

পলাশৰ ষ্টেটাছটো দূপৰীয়া চকুত পৰিছিল প্ৰচ্ছায়াৰ। কাম নথকাত এনেয়ে হোৱাটচ্এপৰ ষ্টেটাছবোৰ চাবলৈ মন গৈছিল তাইৰ। তাইৰ বান্ধবীকেইজনীয়ে মাজে-মাজে ধুনীয়া ধুনীয়া ফটোবোৰ দি থাকে। প্ৰথমতেই তাৰ ষ্টেটাছটো দেখি মিচিকিয়াই দিছিল তাই। প্ৰচ্ছায়া কনফিউজড হোৱা নাছিল। তাই নিশ্চিত হৈ পৰিছিল। বৈশ্যদা তেতিয়া কোঠাটোত নাছিল। কিবা কামত জিএমৰ অফিচলৈ গৈছিল। প্ৰচ্ছায়াৰ এবাৰ পলাশৰ লগত কথা পতাৰ মন গৈছিল।

‘ প্ৰচ্ছায়া কোৱা।’
ফোনটো ৰিচিভ কৰি পলাশে কৈ উঠিছিল। 

‘ অই’ কোননো সেইজনী প্ৰিঞ্চেছ¸ যাক ইমান ধুনীয়াকৈ গুডমৰ্ণিং কৈছা?’

‘ হমম¸ আছে আৰু কোনোবা।’
এমোকোৰা হাঁহিৰে সি কৈ উঠিছিল। পলাশে জানিছিল¸ তাই দেখাৰ পিছত সুধিবই। কিন্তু ফোনহে কৰিব বুলি ভবা নাছিল।

‘ পিছে ইনবক্সত নকৈ এনেকৈ সকলোৱে দেখাকৈ ক’লা যে¸ যাক দিছা¸ তেও দেখোন গমেই নাপাব।’

‘ পাব পাব। পালেই চাগে।’
সি তপৰাই কৈ উঠিছিল।
‘ হমম। বদমাছী বুদ্ধিখিনি পুৰা শিকিছা ন?’
হাঁহিছিল তাই। সিয়ো হাঁহি দিছিল।

‘ প্ৰচ্ছায়া¸ মই কাৰোবাক বহুত ভালপাও অ’। নিজৰ জীৱনতকৈয়ো বেছি!’
‘ কৈ দিয়া তেওক।’
‘ ওহো ভয় লাগে মোৰ।’
‘ কিয়? ৰিজেক্ট হবলৈ ভয়লাগে?’
‘ মই নাজানো! হয়তো মোৰ অসহায়তাও এটা কাৰণ!’
‘ ভুল কৰিছা পলাশ। মনৰ কথাবোৰ কেতিয়াও লুকুৱাই ৰাখিব নালাগে।’
‘ হমম। জানো মই। তথাপিও ভয় লাগে।’
‘ তুমি ভয়াতুৰ। কাপুৰুষ তুমি।’
‘ হয়তো হয়।’
হুমুনিয়াহ এটা কাঢ়িছিল সি।
‘ বাৰু পিছত কথা পাতিম দিয়া। কাম কৰা এতিয়া।’

 সেই মূহুৰ্ততে বৈশ্যদা সোমাই আহিছিল। বৈশ্যদাৰ সমুখত কথা পাতিবলৈ লাজ লাগিছিল। ফোনটো ৰাখিছিল তাই।

এই ভয়! এই ভয়টোৱেই য’ত কূটৰ ঘাই আছিল তাৰ বাবে। পলাশে অনুভৱ কৰিছিল¸ তায়ো যেন তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। কিন্তু এবাৰ সাপে খালে কেঁচুলৈকে হোৱা ভয়টোৱেই শেষ মূহুৰ্তলৈ টানি ৰাখিছিল তাক। ছেহঃ ছোৱালীয়ে বাৰু কিয় নকয় প্ৰথমে। ছোৱালীওতো দিব পাৰে মনৰ দুৱাৰ খুলি। অসহায় হৈ পৰে সি¸
‘ ভালপাও বুলি কিয় কব লাগে মুখ খুলি
দুচকুত দেখিবা ভালপোৱাৰ ঠিকনা
হৃদয়ৰ সুকোমল সুশোভিত ভালপোৱা
চুই চালেই বুজিবা তোমাৰ ঠিকনা।’

----
 সন্ধিয়া পলাশক অাচৰিত কৰি তাৰ ভাড়াঘৰলৈকে আহিছিল কিশোৰ। আগতে কোনোদিনেই সেইটো ৰুমলৈ অহা নাছিল সি। লগ পাব লগা থাকিলেও আগতেও ফোন কৰি লৈছিল। তেনেস্থলত অ’টো ভাড়া কৰি মাতাল হৈ অহা অৱস্থাই পলাশক বাৰুকৈয়ে চিন্তিত কৰিছিল। তাতোকৈ বেছি চিন্তা লাগিছিল প্ৰচ্ছায়াৰ বাবে। কি বা ভাবিছে তাই। কিশোৰে  দোৰোল খোৱা জিভাৰে প্ৰথমবাৰ তাৰ ৰুমলৈ আহি গেটৰ ওচৰতে প্ৰচ্ছায়াক লগ পাই কৈছিল

‘ হাই প্ৰচ্ছায়া ’
উৎকট গোন্ধটো নাকত লগাত হাতখন নাকলৈ নিছিল তাই। আচৰিত হৈ তাই কিশোৰৰ মুখলৈ চাইছিল। কি দূখত কিশোৰদাই ইমান মদ খাই পলাশক বিছাৰি আহিবলগা হৈছিল¸ জানিবলৈ কৌতুহল হৈছিল তাইৰ। কোবাকুবিকৈ তাইৰ সমুখৰ পৰা আঁতৰি তাৰ ৰুমত সোমাইছিল কিশোৰ।

পলাশ হতভম্ব হৈ পৰিছিল। মদ খালেও আগেয়ে কেতিয়াও নিজক হেৰুৱাই যোৱাকৈ কিশোৰে মদ খোৱা নাছিল। 

‘ মই হাৰি গলো পলাশ!সকলো শেষ হৈ গ’ল। মই মৰি যোৱাই ভাল।’
ধুপুচকৈ তাৰ বিচনাখনত বহি হুকহুকাই কান্দি পেলাইছিল কিশোৰে।
‘ কিশোৰ…কিশোৰ…কি হৈছে কচোন!’
পলাশ অধৈৰ্য্য হৈ পৰিছিল। কিন্তু কিশোৰে একোৱেই নকলে। মাথো মুখখন ঢাকি কান্দিয়েই থাকিল।

সামান্য খং উঠিছিল পলাশৰ। লগতে লাজো লাগিছিল। বেলকনিৰ পৰা প্ৰচ্ছায়াই আলেঙে-আলেঙে চাই আছিল। ৰুমলৈ অহাৰ আগতে মদখাই নিজেও নাখাই আৰু কোনেও খায়ো তাৰ ৰুমলৈও নাহে বুলি এক প্ৰকাৰৰ কথা দিছিল সি। এতিয়া তেওলোকে গম পালে কমখন বেয়া কথা হবনে! কিন্তু কিশোৰৰ অৱস্থাটো দেখি দুখো লাগিছিল। 

‘ কি হৈছে খুলি নকলে কেনেকৈ বুজিম কিশোৰ? বি ষ্ট্ৰং মেন।’
কিশোৰৰ কান্ধত ধৰি এইবাৰ জোকাৰি দিলে সি।

‘ পলাশ¸ মই শেষ হৈ গলো ভাই। ডাঙৰ ভুল এটা কৰি পেলালো। সেইজনীয়ে মোক শেষ কৰি পেলালে।’
এইবাৰ কিশোৰে সাবতি ধৰিলে পলাশক।

‘ কোনে তোক শেষ কৰিলে? মনজিতাই? ভালকৈ কচোন।’
একো নুবুজি কিশোৰলৈ চাই থাকিল সি।

’ ওহো। মনজিতা ফুলৰ দৰেই নিস্পাপ। কিন্তু…।’
আৰু কব নোৱাৰিলে কিশোৰে। খঙতে বিচনাখনতে জোৰেৰে ভুকু এটা মাৰিলে সি। লগে লগে শব্দ কৰি বিচনাৰ সেই অংশটো অলপ বহি গ’ল।

কথাবোৰ মনত পৰিছিল কিশোৰৰ। চিনেমাৰ ৰিলৰ দৰে ঘটনাবোৰ চকুৰ আগত ভাহি উঠিছিল। এল পেটাৰ্নৰ ভাড়াঘৰটোত পাঁচটা ৰুমৰ প্ৰথম পাৰ্টটোত কিশোৰ আৰু মনজিতাই লৈছিল। সিফালৰ দুটা বিজয়া বাইদেউহঁতৰ। মাজৰ চিংগল ৰুমটোত সাগৰ নামৰ কম বয়সীয়া ল’ৰা এটা আছিল। কোনোবা এটা কোম্পানীক কাম কৰে। মাজে-মাজে ক’ৰবাত লেখা-মেলাও কৰে। বিজয়া বাইদেউৰ গিৰিয়েক কোনোবা এটা চৰকাৰী অফিচৰ চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী। চিংগল ৰুমটো আগতে এনেয়ে পৰি আছিল। দুমাহমান আগতে সাগৰ নামৰ ল’ৰাটোক কম ভাড়াতে ভাড়ালৈ দিছিল। গুৱাহাটীৰ দৰে চহৰত মালিকে ৰুম এটা কিয় এনেয়ে পেলাই ৰাখিব। কলেজত পঢ়াৰ পৰা মনজিতাৰ লেখা-মেলাৰ প্ৰতি চখ আছিল। কবিতা কেইটামান লিখিছিলো তাই। কিন্তু বিয়াৰ পিছৰে পৰা সকলো বাদ পৰিছিল। কিন্তু সাগৰ নামৰ ল’ৰাটোক দেখি তাইৰ আকৌ চখ হৈছিল পুৰণি চখটো পুৰোৱাৰ। ল’ৰাটোৰ বহুত মানুহৰ লগত চিনাকিও আছিল। কথাটো কিশোৰেও বেয়া পোৱা নাছিল। দুই এটাকৈ কবিতা আকৌ লিখিবলৈ ধৰিছিল। মাজে-মাজে সাগৰে নি দুই এখন পেপাৰত উলিয়ায়ো দিছিল। তাইৰ মুখখন উজ্জল হৈ পৰা দেখি কিশোৰৰো ভাল লাগিছিল। সাগৰ তাৰ আপোন নহলেও সৰু ভায়েকৰ দৰে হৈ পৰিছিল। কিন্তু সেই সাগৰেই যে তাৰ বুকুত এনেকৈ মৰ কামোৰটো মাৰিব¸ কিশোৰে ভুলতেও ভাবিব পৰা নাছিল।

‘ অ’ কিশোৰ¸ কথা এটা কও। বেয়া নাপাবা। মনজিতাৰ লগত সাগৰৰ হলিগলি বৰ ভাল দেখা নাই। তুমি যোৱাৰ পিছতে সাগৰ আহে।’
এদিন বাটতে লগ ধৰি বিজয়া বাইদেৱে কোৱা কথাত তাৰ খং উঠিছিল। কোন পুৰুষে বাৰু নিজৰ পত্নীৰ অপবাদ সহ্য কৰিব! 
‘ অ’ বাইদেউ¸ দুয়োটাই লেখা-মেলা কৰে বাবে অলপ কথা-বতৰা হয়। সেইটো আৰু আপুনি চকু দিব লাগেনে!’
অলপ টানকৈয়ে কৈছিল সি মানুহজনীক। মানুহজনী আহত হৈছিল। 
‘ বাৰু। পিছত পস্তাবা দিয়া।’
কৈয়ে তেও গুছি গৈছিল। কিশোৰৰ খং উঠিছিল। মানুহ গৰাকীক সেইদিনাৰ মতা বন্ধ কৰিছিল সি। মনজিতাইতো এনেয়েও দেখিব নোৱাৰে। ঘৰলৈ আহিলে বোলে অনবৰতে পিৰিক-পাৰাককৈ চাই থাকে। কথাটো মনজিতাক কৈ দুখ দিব খোজা নাছিল সি। তাৰ সাগৰক অবিশ্বাস কৰিবলগা একো নাছিল। কেইদিনমান পিছত আকৌ বিজয়া বাইদেৱে বাটত লগ ধৰিছিল তাক। সি অনিচ্ছা স্বত্তেও ভদ্ৰতাৰ খাতিৰত ৰৈ দিছিল। শ্লেষৰ হাঁহি এটা মাৰি মানুহজনীয়ে কৈ উঠিছিল¸
‘ ক’লেতো বিশ্বাসেই নকৰা। সেয়েহে প্ৰমাণ লৈ আহিছো। এই অমুকীয়ে লোকৰ  বেয়া হোৱাটো দেখিব নোৱাৰো বাবে কৈ দিও। সেই কাৰণেই মানুহে বেয়া পাই।’
শেষৰ কথাষাৰ কিশোৰলৈ কটুক্তি কৰি মানুহজনীয়ে কেৰাহিকৈ চাইছিল।

মগজ বেয়া হৈ গৈছিল কিশোৰৰ। সিঁহতৰ ৰুমৰ ভিতৰত সোমাই সাগৰে দৰ্জাখন জপাই দিছিল। সময়টো চাগে দূপৰীয়াৰ। ভিডিঅ’টোত দিনৰ উজ্জল পোহৰৰ গম পোৱা গৈছিল। কিশোৰে আঁচৰিত হৈ বিজয়া বাইদেউলৈ চাইছিল।

‘ বেয়া নাপাবা¸ তুমি বিশ্বাস কৰা নাছিলা বাবেই ভিডিঅ’ বনাবলগা হৈছিল। কালিৰ ঘটনা। মই কাকো কোৱাও নাই¸ দেখুওৱাও নাই। তুমি চালা যেতিয়া ডিলিত কৰি দিও।’
তাৰ সমুখতে ভিডিঅ’টো ডিলিত কৰি দিছিল বিজয়াই। সেই মূহুৰ্তত মানুহগৰাকীক পৰম আত্মীয় যেন লাগি গৈছিল কিশোৰৰ। ঠোকাঠুকি মাতেৰে সুধিছিল সি¸
‘ বাইদেউ¸ কিমান দিনৰ পৰা চলি আছে এইবোৰ?’

‘ এমাহ মানেই হ’ল প্ৰায়। কও কও বুলি বহুদিন কব নোৱাৰিলো। এই সাগৰৰ দৰে ল’ৰাবোৰ একদমেই বিশ্বাসৰ নহয় বুজিছা। ইহঁতে চুকতে খাই বুকুত লঠিয়াই। 
তুমি সোনকালেই ঘৰটো সলাই বেলেগলৈ যোৱাগৈ। নহলে ঘৈনীক হেৰুৱাই পেলাবা।’
মানুহ গৰাকীৰ কথাখিনি ভালকৈ তাৰ মুৰত সোমোৱা নাছিল। কি কৰো নকৰোকৈ অফিচলৈ গৈছিল। অফিচতো সি শান্তি পোৱা নাছিল। প্ৰাণাধিকা পত্নীক সোধো বুলিও একো সুধিব পৰা নাছিল।
‘ ৰুমটো সলাও দিয়া। মোৰ অলপ দূৰ হয়।’
এদিন সি ভাবি-চিন্তি ৰুমটো সলোৱাৰ কথা কৈছিল। কিন্তু মনজিতাই পোনচাটেই নাকচ কৰি কৈ উঠিছিল। 
‘ নসলাও দেই। ইমান কম টকাত ইমান সুবিধা সহজে ক’ত পাবা। অলপ এডজাষ্ট কৰিবই লাগিব ন।’
তাইৰ হাঁহিটোৱে তাৰ বুকুত সেলে বিন্ধাদি বিহিছিল। এদিন নিজৰ চকুৰে দেখা পাইছিল সি। অফিচলৈ ওলাই গৈ আদবাটৰ পৰাই কিবা এটা পাহৰি ঘুৰি আহিছিল। গেটৰ মুখতে বাইকখন ৰাখি সি ৰুমলৈ আগবাঢ়িছিল। ৰুমৰ দৰ্জাখন জপাই থোৱা আছিল। জোৰেৰে ঠেলি ভিতৰলৈ সোমাই সি হতভম্ব হৈ গৈছিল। দুয়োটা একেলগেই বহি কথা পাতি আছিল। বেটা টোপনিত লালকাল। তাক দেখি দুয়োটা উচপখাই উঠাৰ দৰে হৈছিল। 

‘ অ’ দাদা আহিলে।’
কোনোমতে মাতি সাগৰ পলোৱাৰ দৰে আঁতৰি গৈছিল। কিন্তু মনজিতাই লজ্জিত হবলৈ এৰি নিৰ্লজ্জৰ দৰে হাঁহি মাৰি কৈ উঠিছিল।
‘ কবিতা এটা চাব দিছিলো। পিছে তুমি ঘুৰি আহিলা যে?’
একো কোৱাৰ প্ৰয়োজনবোধ কৰা নাছিল কিশোৰে। খঙটোক কিবাকৈ দমন কৰি গাৰুৰ তলৰ পৰা পাৰ্চটো লৈ ওলাই আহিছিল। 

‘ তুমি বাৰু কিবা বেয়াকৈ ললা নেকি?’
সন্ধিয়া তাৰ ডিঙিত ধৰি লেনিয়াই সুধিছিল তাই। বিতৃষ্ণাৰে তাইলৈ নোচোৱাকৈয়ে কৈ উঠিছিল ¸ ‘নাই।’
সি মগজ বেয়া হৈ গৈছিল। একমাত্ৰ সন্মানৰ খাতিৰত¸ বেটাৰ খাতিৰত কোনোমতে নিজকে চম্ভালি লৈছিল। তাৰ মন গৈছিল¸ তাই সুধিবলৈ কিয় এনে কৰিলে তাই। তাৰ কি ভুল আছিল। ইচ্ছা হৈছিল¸ তাইক কোবাই খেদি দিবলৈ। সাগৰক ঘুচিয়াই নাক ভাঙি দিবলৈ। কিন্তু সেইবোৰ কৰা মানে নিজৰে ক্ষতি। গম নোপোৱা মানুহেও গম পাব। মানুহে কব¸ 
চা¸ এইজন ঘৈনীয়েকক চম্ভালিব নোৱাৰা মতা। কথাবোৰে খুলি খুলি খাইছিল তাক। নিজে দেখাৰ পিছত তাইক সোধাৰ প্ৰয়োজনবোধ নকৰে সি। চাৰিবছৰীয়া বেটাৰ ভবিষ্যতৰ কথা ভাবি ৰৈ যাবলৈ বাধ্য হয়। কি দোষ বেটাৰ। সি কি ভাবিব¸ ডাঙৰ হলে যেতিয়া সি বুজিব¸ তাৰ মাকে বাপেকক আৱৰ্তমানত পৰ পুৰুষৰে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল। 

 কথাবোৰ আলোচনা কৰিবলৈ¸ কাৰোবাক খুৱি কবলৈ বৰকৈ মন গৈছিল কিশোৰৰ। অকলে অকলে দুখৰ বোজা বোৱাটো সহজ নহয়। তাৰ কি এনে ভুল হৈ গৈছিল¸ যাৰ বাবে মনজিতাই সাগৰ নামৰ সেই ল’ৰাটোৰ লগত নতুনকৈ সম্পৰ্ক এটা গঢ়ি তুলিছিল। নাই¸ সি নাজানে। তাইক ভালপোৱাৰ বাবে সি ঘৰৰ লগত কাজিয়া কৰি ওলাই আহিছিল। বাৰম্বাৰ মাক-দেউতাক¸ ককায়েকহঁতৰ বুজনি ধমকিকো আওকান কৰি মনজিতাক আপোন কৰি লৈছিল। আৰু তাৰ প্ৰতিফল সি এনেকৈয়ে পাইছিল। বহু ভাবি-গুণি পলাশলৈ ফোন কৰিছিল সি। কিন্তু কও বুলিও কথাবোৰ ভালকৈ খুলি কব পৰা নাছিল। কথাবোৰে সোপা দি ধৰিছিল তাক। চকুদুটা সেমেকি উঠিছিল। বুকুখন ফাটি যোৱাৰ দৰে হৈছিল। তাৰ পিছতো দুবাৰমান পলাশলৈ ফোন কৰিছিল। পলাশেও ফোন কৰিছিল। সেইদিনাৰ তাৰ আবেগিক বাৰ্তালাপৰ প্ৰতিক্ৰি়য়া হিচাপে তাৰ মনৰ বুজ লবলৈ চেষ্টা কৰিছিল। বুজাব খুজিছিল। কিন্তু কথাবোৰ লুকুৱাই চব ঠিক হৈ যোৱা বুলি সি ফাঁকি দিছিল।
কিশোৰে নাজানে¸ কিয় কব নোৱাৰি কথাবোৰ! বিশ্বাসী বন্ধুকো দুখৰ কথাবোৰ কবলৈ কিহৰ সংকোচ হয়। চাল্লা উপায়েই বা কি! ধুমুহাৰ দিনবোৰ আৰম্ভ হৈছিল কিশোৰৰ। বেছিকৈ মদ খাবলৈ লৈছিল সি। মনজিতাই আপত্তি কৰিছিল। এনেয়েও মদ খোৱা মানুহক তাই বেয়া পাইছিল।

‘ তুমি মদ খাই আহিছা?’
উৎকট গোন্ধটো সহ্য কৰিব নোৱাৰি তাই নাকত হাত দিছিল। কবলৈ মন গৈছিল¸
‘ মোৰ টকাৰে মই খাইছো। তই কবলৈ কোন।’ কিন্তু কব পৰা নাছিল। অবাঞ্চিত পৰিবেশ এটাৰ সৃষ্টি হলে বেটাই ভয় খাব। এনেয়ে বেছিকৈ চিঞৰ বাখৰ হলেই কান্দি দিয়ে সি। একেখন চাদৰ তলতে সি আলেঙে আলেঙে থাকিব লৈছিল।
কথাটো মনজিতাৰো চকুত পৰিছিল। হঠাতে যেন হাঁহিবলৈ সি এৰি দিছিল। মদ আগতেও খাইছিল। কিন্তু কোনোদিনেই অপ্ৰকৃতিস্থ হৈ ঘৰ সোমোৱা নাছিল। কিন্তু আজিকালি যেন প্ৰায়েই মাতাল হৈ আহিব লৈছিল সি।

‘ তোমাৰ কিবা প্ৰবলেম হৈ আছে নেকি? অফিচত কিবা প্ৰৱলেম হৈছে?’
তাই আহি তাৰ কাষত বহিছিল। তাইলৈ নোচোৱাকৈয়ে সি মুৰ জোকাৰি দিছিল। 

‘ ওহো¸ কিবা এটা হৈছে তোমাৰ! আজিকালি আগৰ দৰে নাথাকা।’
তাইৰ তাৰ হাতখন নিজৰ দুয়োহাতৰ মাজত লৈছিল।

‘ একো হোৱা নাই। ডিছটাৰ্ব কৰি নাথাকিবা।’
আছোৰ মাৰি হাতখন তাইৰ দুয়োহাতৰ পৰা মুক্ত কৰি কৈ উঠিছিল। তাৰ কব মন গৈছিল¸ চব অশান্তিৰ মুল তুমি। 
কথাবোৰ ভাবি  ষ্ট্ৰীট লাইটটোৰ কাষত ৰেলিংখনত ধৰি এনেয়ে থিয় দি আছিল।
তাৰ চকুহাল চপচপীয়া হৈ পৰিছিল।
হঠাতে ফোনটো বাজি উঠাত চালে সি। মনজিতাৰ ফোন। পৰম বিৰক্তিত ফোনটো কাটি দিলে সি। তাই চাগে ভাত বাঢ়ি ৰৈ আছে। ফোনটো কাটি দিয়াত আকৌ ফোন কৰিছিল মনজিতাই। আকৌ কাটি দিছিল সি। অলপ ভাবিলে আৰু লাহে-লাহে ঘৰলৈ গ’ল।

‘ ক’ত গৈছিলা তুমি? ফোনটোও কাটি কাটি দি আছা।’ 
দেখাৰ লগে-লগে অভিযোগৰ সুৰত সুধিছিল তাই। 

একো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে সি। ভিতৰলৈ সোমাই গৈ চিধাই বিচনাত শুই পৰিল।

‘ ভাত দিছো আহা। ’
একো নামাতিলে সি। শুই থকাৰ ভাও ধৰি থাকিল। মনজিতা উঠি আহিছিল।
‘ ভাত দিছো¸ আহা।’
তাৰ গাত ধৰি হেঁচুকি দিছিল তাই।
‘ নাখাও¸ ভোক নাই মোৰ।’
তাইৰ হাতখন গুচাই দি বাগৰ সলাইছিল সি।
‘ হাৰে ভোক নালাগিবলৈ ক’ত কি খালা? ’
আচৰিত হৈছিল তাই।
‘ অভোক হৈ আছে।’ এপলক তাইৰ ফালে চাই মিছা মাতিছিল সি।
‘ নাখালে বেছি গেছ উঠিব। আহা।’
জোৰকৈ তাক ধৰি উঠাই দিছিল মনজিতাই। বিৰক্তিস্বত্তেও সি খাবলৈ বহিছিল। সামান্য খাই মুখ হাত ধুই উঠি আহিছিল।

বাহ¸ কি সুন্দৰ অভিনয় কৰিব পাৰে তাই। গোপনে পৰপুৰুষৰ বাহু বন্ধনত সোমাই গিৰিয়েকক ভালপোৱাৰ অভিনয়। শ্লেষৰ হাঁহি এটা ওলাইছিল কিশোৰৰ। নোৱাৰে¸ কথাবোৰ কাকো খুলি কব নোৱাৰে। যিয়ে শুনিব¸ সিয়েই হাঁহিব। 

---
সন্ধিয়া বাৰত প্ৰায়েই ছোৱালীজনীক লগ পাইছিল সি। তালৈ চাই তাই হাঁহিছিল। সি চিনি পাইছিল¸ তাই এজনী কলগাৰ্ল। হঠাতে মন গ’ল তাৰ নষ্ট হবলৈ।  মনজিতাইতো তাৰ একোৱেই বাকী ৰখা নাছিল। ছোৱালীজনীৰ লগত কথা পাতি মনজিতালৈ মেছেজ এটা পঠিয়াইছিল কিশোৰে। 
‘ আজি ঘৰলৈ নাযাও। পলাশৰ লগত থাকিম।’
তাৰ পিছত ফোনটো অফ কৰি দিছিল। মনতে ভাবিছিল¸ থাক তই আজি পৈয়েৰৰ লগত।’  

কম বয়সীয়া ছোৱালীজনীৰ হাঁহিত কিশোৰে হঠাতে পাহৰি পেলাইছিল তাৰ দুখবোৰ। মদ খোৱাৰ পিছত এনেয়েও দুখবোৰ বিন্দাছকৈ লব পাৰি। মাথো এটা কথাই তাৰ মনলৈ আহিছিল¸ তাৰ ঘৈনীয়েকতকৈ এই দেহোপজিবীনীজনী বহুগুণে ভাল। তাই যি কৰিছে অন্তঃত পেটৰ দায়ত। তাইৰ নামত থুৱাই দি অ’য়’ত বুক কৰা হোটেলত সোমোৱাৰ আগতে ফাৰ্মাচী এখনলৈ সোমাইছিল সি।

‘ দাদা¸ এপেকেট কনডম দিয়কচোন।
চাৰি-পাঁচজন জেষ্ঠ মানুহৰ সমুখতে সি আদ বয়সীয়া ফাৰ্মাচিষ্টজনক খোজাত মানুহকেইজনে তাৰ মুখলৈ আচৰিত হৈ চাইছিল। একো নকৈ ফাৰ্মাচিষ্টজনে সৰু কাগজৰ ঠোঙা এটাৰ ভিতৰত পেকেটতো সুমুৱাই দিছিল। কিশোৰৰ হাঁহি উঠিছিল¸ তাৰ দৰে এটা সন্তানৰ পিতৃ চফল যুবক এজনে কোনো মানুহ নথকাৰ সুযোগত থাউকতে বস্তুবিধ বিচাৰিবলৈ গলে হয়তো কোনেও নষ্ট ল’ৰাৰ দৃষ্টিৰে নাচালেহেতেন।  হাঁহি উঠিছিল কিশোৰৰ¸ এতিয়াও সমাজত মুকলিকৈ কনডম বুলি কব নোৱাৰা পৰিবেশত বাৰু কেনেকৈ যৌন অপৰাধ¸ যৌন ৰোগৰ পৰা হাত সাৰিবপৰাকৈ যৌনশিক্ষাৰ কথা ভাবিব পাৰে মানুহে। 

হাঃ হাঃ তাৰ দৰে মাতালে ভ্ৰষ্ট হবলৈ আহি আকৌ ভাবে সমাজৰ কথা। 
হাঁহি উঠিছিল তাৰ।
কথাবোৰ বেছি ভাবিবপৰা শক্তি তাৰ নাছিল। সুৰা আৰু সুন্দৰীৰ সান্নিধ্যই ৰাতিটোক এটা আদিম ৰাতিলৈ পৰিবৰ্তন কৰিছিল।

‘ মইতো ভাবিছিলো¸ আপুনি শুব নিদিবই বুলি।’
পুৱা কাপোৰ পিন্ধি থাকোতে ছোৱালীজনীয়ে হাঁহি মাৰি কৈ উঠিল। গণি গণি পইচাকেইটা উলিয়াই দিওতে তাৰ হাতখন কঁপিছিল।

ইফালে গোটেই ৰাতি মনজিতাৰ টোপনি অহা নাছিল। আগতে কোনোদিনেই এনেকৈ বাহিৰত থকা নাছিল কিশোৰ। বিভিন্ন দূঃচিন্তা¸ দূৰ্ভাৱনাত বিচনাখনত বহি থাকোতে কেতিয়া টোপনি আহিছিল তাই কবই নোৱাৰিলে। 

কিশোৰ হোটেলৰ পৰা ওলাই চিধাই ঘৰলৈকে গৈছিল। 

’ আহিলা !’
দৰ্জাখল খুলি তাক সমুখত দেখি সেমেকা হাঁহি মাৰিছিল মনজিতাই। সি উচপখাই উঠিছিল¸ গভীৰ দুচিন্তাৰে কিয় তাই উজাগৰী ৰাতি পাৰ কৰি দিলে তাৰ বাবে সাঁথৰ হৈ থাকিল।

‘ তুমি বোলে ঘৰটো খালী কৰিম বুলি কৈছা খুৰীৰ আগত?’
‘ অ’
জোতাৰ ফি়টা মাৰি থাকিয়েই উত্তৰ দিছিল কিশোৰে। শ্লেষৰ হাঁহি এটা বাগৰি গৈছিল তাৰ মুখত। বেটী¸ পৈয়েৰৰ পৰা দূৰত যাব লাগিব বুলি চিন্তা হৈছে হয়।’
কথাটো ভাবিছিল সি। কিন্তু তাক অবাক কৰি তাই কৈ উঠিছিল।

‘ ভালেই হব দিয়া। এইদুটা এনেয়েও বৰ সৰু। জানা¸ আমি গলে এই দুটা ৰুম বিজয়া বাইদেউহঁতেই লব বোলে। তেওলোকৰ ৰুমত বৰকৈ ৰ’দ নপৰে।’
আচৰিত হৈ তাইলৈ চাইছিল সি।

‘ অ’ ৰ’বাচোন¸ আহোতে ভাল ৰাশি এটা আৰু চাৰ্ট এটা আনিবা না। সাগৰৰ নিজৰ বায়েক-ভনীয়েক কোনো নাই যে! মোক হেনো তাৰ বায়েক যেন লাগে। ল’ৰাটো বৰ মৰম আকলুৱা।’
মনজিতাই কৈ আছিল। হঠাতে কিশোৰৰ মনটো খেলিমেলি হৈ গৈছিল।

‘ হব দিয়া।’
সি কোনোমতে কৈ ওলাই আহিছিল।তাৰ মনত সন্দেহ এটা হৈছিল। অফিচলৈ যোৱাৰ পৰত মালিকনীৰ ঘৰত সোমাইছিল সি।

‘ খুৰী¸ ৰুমটো খালি নকৰো চাগে।’
মালিকনীক দেখাৰ লগে-লগে সি কৈ উঠিছিল।
‘ অ’ মই বিজয়াক কথা দিলোৱেই নহয়। তুমি যাম বুলি কোৱা বাবে। তাই আকৌ বহুত দিনৰ পৰা কুটৰি আছিল সেইটো ৰুম লাগে বুলি। মইহে বোলে ইমানদিন থকা মানুহহালক কেনেকৈ বেলেগ ৰুমত যাব কও।’
মানুহ গৰাকীয়ে কৈ আছিল। কিশোৰৰ কাণত একো কথাই সুমোৱা নাছিল। মাথো এটা কথাই মনত পাক ঘুৰণি খাই আছিল।
‘ তোমাৰ ঘৈনীয়েৰৰ লগত সেই ল’ৰাটোৰ কিবা লেটিপেটি চলি আছে।’
‘ অ’ ৰবাচোন¸ কালি বন্ধুৰ ঘৰত থাকিলা বোলে। কব নাপায় ¸ তথাপি কও। বেয়া নাপাবা¸ তুমি মোৰ ল’ৰাৰ বয়সৰ। মিছাতে ছোৱালীজনীক কিয় কষ্ট দিয়া বাৰু। বিয়া কৰাইছা যেতিয়া বহুত কথা এৰাই চলিব লাগিব দিয়াচোন।’

কথাবোৰে খুন্দিয়াইছিল তাৰ বুকুত। কি উত্তৰ দিব একো ভাবিব নোৱাৰি ঘপকৈ কৈ উঠিছিল¸

‘ খুৰী¸ এই সপ্তাহতে আমি ৰুম খালি কৰিম দিয়ক।’
বিজয়া বাইদেউলৈ ঘিণ লাগিছিল তাৰ। সেই বেইমান মানুহজনীৰ কাষত থাকিব নোৱাৰি।

গভীৰ দুখবোধ এটা হেঁচা মাৰি ধৰিছিল কিশোৰক। নিজৰ ওপৰতে ঘিণ লাগিছিল। তাৰ প্ৰেম কি ইমানেই থুনুকা আছিল যে বাহিৰৰ এজনী মহিলাৰ চক্ৰান্তত ভৰি ধৰিছিল। মনটো অশান্ত হৈ পৰিছিল কিশোৰৰ। নাই¸ তাৰ আৰু জীয়াই থকাৰ অধিকাৰ নাই। কেনেকৈ মৰিব সি? এক্সিডেন্ট? ওহো¸ কেনেবাকৈ বাছি গলে বেয়া কথা হব! এক পৰিকল্পিত প্লেন বনাই সি ওচৰৰ নিৰ্মিয়মান বিল্ডিং এটাৰ ওপৰলৈ উঠি গৈছিল। বাৰ মহলীয়া বিল্ডিংৰ পৰা জপিয়াই দিয়াৰ পিছত সি জানে¸ তাৰ হাড় এডালো হাড় হৈ নাথাকিব। সি জপিয়াবলৈ উদ্যত হৈছিল¸ হথাতে বেটাৰ থুনুক থানাক মাতটো শুনি ৰৈ গৈছিল।
‘ পাপা¸ আহোকে থকেট আনিবাদে।’
বেটাই প্ৰায়েই কোৱা কথাটো মনত পৰি চকুদুটা চপচপীয়া হৈ পৰিছিল। কি দোষ তাৰ¸ কি দোষ মনজিতাৰ। তাৰ অবিহনে তাইৰ পৰিণতটো চকুৰ আগত ভাহি উঠাত সি নামি আহিবলৈ বাধ্য হৈছিল। 

কথাখিনি মনত পৰি কিশোৰে দু্হাতেৰে ঢাকি ফেঁকুৰী উঠিল।
‘ মোক ক্ষমা কৰা মনজিতা। ক্ষমা কৰি দিয়া মোক। তোমাৰ পবিত্ৰ প্ৰেমক সন্দেহ কৰি নিজেই পাপ কৰি পেলালো।’
-
পলাশে বুজিছিল¸ কিবা নহবলগীয়া ঘটনা ঘটিছে। সেইদিনা কিশোৰে সামান্য কৈছিল। হঠাতে বুকুখত চিৰিংকৈ মাৰিলে পলাশৰ। কিশোৰে বাৰু খঙৰ ভমকত কিবা সাংঘাটিক ভুল কৰি পেলোৱা নাইতো। কথাটো মনলৈ অহাৰ লগে-লগে কিশোৰক জোকাৰি দি কৈ উঠিল¸ 
‘ কিশোৰ …কিশোৰ…কথাবোৰ খুলি ক ভাই। নকলে কেনেকৈ সমিধান বিচাৰিব পাৰিম!’
এইবাৰ কিশোৰ অলপ শান্ত হ’ল। তাৰ চকুলৈ চালে আৰু কথাবোৰ কৈ দিলে।
কথাবোৰ শুনি পলাশ শিলপৰা কপৌৰ দৰে হ’ল। অশ্বৰ্য্যত চকু বহল হৈ গ’ল তাৰ। কি কৰি পেলালে কিশোৰে! কি কব একো ভাবি নাপায় কিশোৰৰ মুখলৈকে চাই থাকিল সি।

‘ কিবা ক পলাশ। কি কৰো মই? ’
ৰঙা পৰি উঠা চকুহালেৰে কিশোৰে পলাশলৈ চাই সুধিছিল।

----
#Bad_boy

                   [ ত্ৰিশৰ দ্বিতীয়ছোৱা ]

পলাশে কি কব! তাৰ একো ভাষা নাছিল। কিয় এনে হয়। বিশ্বাস কি ইমান ঠুনুকা! বাহিৰৰ এজনৰ প্ৰৰোচনাতো কি ঘপকৈ আপোনজনক অবিশ্বাস কৰিব পাৰি! 
পলাশে নাজানে¸ এনে পৰিবেশত পৰিলে সি নিজে কি কৰিলেহৈ। কিন্তু এই মূহুৰ্তত কিশোৰৰ ওপৰত খং উঠিছিল তাৰ। মন হৈছিল¸ টানকৈ দুআষাৰমান শুনাবলৈ। কিন্তু পৰিবেশটো তাক কথা শুনোৱাৰ নহয়। সি অনুভৱ কৰিব পাৰে¸ কি পৰিস্থিতিত কিশোৰ তাৰ ওচৰলৈ আহিছিল। হয়তো কাকো কব নোৱাৰা কথাবোৰ কবলৈকে তাৰ থিয় হব নোৱাৰাকৈ মদৰ প্ৰয়োজন হৈছিল। কাকো নোকোৱা কথাবোৰ কবলৈ কিশোৰে তাক¸ মাথোন তাক নিৰ্বাচন কৰিছিল। লাহেকৈ কিশোৰৰ গাত হাতখন ৰাখিলে সি।

‘ যি হ’ল হ’ল। এটা বেয়া সপোন বুলি পাহৰি যা।’ 
‘ ওহো¸ কথাবোৰ জনাৰে পৰা নিজৰ ওপৰত ঘিন লাগিছে পলাশ। তাইৰ ওচৰত যাবলৈ সাহস হেৰুৱাই পেলাইছো। বিবেকে কয়¸ মই যেন তাইৰ নামটো লবলৈয়ো যোগ্যতা হেৰুৱাই পেলাইছো।
মই যি পাপ কৰি পেলালো¸ ভগবানে নিশ্চয় শাস্তি দিব।’ 
কিশোৰ হতাশ হৈ পৰিছিল। আত্মগ্লানিৰ জুয়ে তাক দহি পেলাইছিল।

ভগবান মানে কি? এটা শক্তি¸ এটা নিৰাকাৰ সত্তা। ওহো মুঠেই নহয়। ভগবান এক মানসিক অনুভূতি। এক আত্ম সচেতনাৰ নাম। এক সুখানুতিৰ মানসিক অৱস্থা। সেয়ে মই ভগবানক বিশ্বাস কৰো। ভালপাও। মনটো ভাল লাগে। আকৌ সাহস পাও। পবিত্ৰ হৈ যায় মনটো। 
- পবিত্ৰনো কি আকৌ? নিজকে নিজে সোধে সি। 
এক সুখানুভুতিৰ মানসিক অৱস্থাহে।

পলাশৰ কবলৈ মন গৈছিল। কিন্তু নকলে। মাথো ক’লে¸ 

‘ কিশোৰ¸ আমাৰ জীৱনত কিছুমান কথা ঘটি যায়। যিবোৰ আবেগৰ বশৱৰ্তী হৈ কৰাৰ পিছত নিজৰ ভুল ভাগি যায়। নিজৰ ওপৰত ঘৃনা ওপজে। হয়¸ অতি গৰ্হিত কাম কৰিছ তাই। এবাৰ অন্তত মনজিতাৰ লগত আলোচনা কৰিলে তোৰ ভুল ভাঙিলহেতেন। কিন্তু সেয়া নকৰিলি। কিন্তু মোৰ ভাই¸ কথাবোৰ এনেকৈও ভাবচোন¸ তোক জীৱনত শিকনি দিবৰ বাবেই চাগে ইশ্বৰে এই ঘটনা কৰাইছিল। নহলে তই যদি শেষ মূহুৰ্তত কণমানিটোলৈ মনত নেপেলাই জপিয়াই দিলিহেতেন¸ পিছত…।’
আৰু কবলৈ টান পালে পলাশে। তাৰ চকুদুটা সেমেকি উঠিছিল। আকস্মাতে ছবি এখন মনলৈ আহিছিল। সেই অঘটন ঘটি যোৱা হ’লে হয়তো এতিয়া নিউজ চেনেলত বাৰ-বাৰ কিশোৰৰ আত্মহত্যাৰ খবৰটো দেখুৱাই থাকিলহেতেন!

‘ মই জানো¸ মই অক্ষমনীয় অপৰাধ কৰিছো। যাৰ বাবে মই তোৰ ওচৰতো সৰু হৈ গৈছো। কিন্তু বিশ্বাস কৰ¸ মোৰ বুকুৰ ভিতৰত কেনেকুৱা লাগিছে বুজাব নোৱাৰো।’

’ আত্মগ্লানিৰ বোজা কি মই বুজি পাও কিশোৰ। তোৰ দৰে দৰে নহলেও ময়ো পাৰ কৰিছো কিছু বেয়া দিন। আত্মগ্লানিৰ জুইত বাৰে-বাৰে নিজক পুৰিছো।’
পলাশৰ মনত পৰিছিল সেই কথাবোৰ। যিবোৰ সি কাহানিও কাৰো আগত কব নোৱাৰিলে। যিবোৰ কবলৈ বিশ্বাসী আপোন কাকোৱেই বিচাৰি নাপালে। নে বিচাৰি লব নোৱাৰিলে! পলাশে বুজে¸ সকলো কথা সকলোকে কব নোৱাৰি। বিশ্বাস কৰিব নোৱাৰি মানুহক। আজি শুনি যোৱা কথাবোৰে জানোচা কাইলৈ কাৰোবাৰ হাঁহিৰ খোৰাক হয়! নহলেবা সেই কথাবোৰে আপোন কাৰোবাক অসুখী কৰি তোল। অন্তৰ্মুখী স্বভাৱৰ মানুহৰ সেইটোৱেই দোষ। সহজে কাৰো ওচৰতে খুলিব নোৱাৰে মনৰ দুৱাৰ।
হুমুনিয়াহ এটা ওলাই আহিছিল তাৰ। কিশোৰে একো নুবুজি দুয়োহাতেৰে মুখখন ঢাকি বহি আছিল।

‘ তই তাইৰ ওচৰত ক্ষমা খুজি সকলো কৈ দে। মানসিক শান্তিৰ এইটোৱেই সহজ উপায়।’
এইবাৰ কিশোৰৰ কান্ধত হাতখন ৰাখি কৈছিল পলাশে। মুখৰ পৰা হাতদুখন আঁতৰাই কিশোৰে আচৰিত হৈ তাৰ মুখলৈ চাই থাকিল।

‘ কি কৈছ তই¸ শুনাৰ পিছত নিজকে ঠিকে ৰাখিব পাৰিবনে। কি কৰি পেলাই গেৰান্টি নাই। যদি তাই ডিভোৰ্চ দি দিয়ে। যদি ঘৰ এৰি গুচি যায়। যদি মনৰ দুখত আত্মহত্যা কৰি পেলাই। যদি বেটাক মোক কাষৰ পৰা লৈ আঁতৰি যায়। মই তাইক হেৰুৱাব নোখোজো অ’। মৰি যাম মই।’

‘ কিশোৰ¸ তই এইখিনি কৰিবই লাগিব অ’। তোৰ ভালপোৱাৰ ওপৰত বিশ্বাস ৰাখিবই লাগিব।’

‘ কিন্তু…’

‘ বুজি়ছো তোৰ নিজৰ প্ৰেমৰ ওপৰত অকনো বিশ্বাস নাই। বিশ্বাস থাকিলে জানো তই এক পক্ষীয়কৈ এনে সিদ্ধান্ত লৈ থাকিব পাৰ।’

‘ বিশ্বাস আছিল¸ কিন্তু মোৰ কৃত কৰ্মই সেই বিশ্বাসৰ ওপৰত কৰিব নোৱাৰা কৰি পেলাইছে।’

‘ চা কিশোৰ¸ তই হয়তো তাইক নোকোৱাকৈয়ো গোটেই জীৱন কথাবোৰ লুকুৱাই ৰাখিব পাৰিবি। কিন্তু গোটেই জীৱন নিজৰ মানুহজনীক সন্দেহ কৰি ভুল কৰা কথাটোৰ বাবে কোনোদিনেই শান্তি নাপাবি। কোনোদিনেই তাইৰ চকুত চকু থৈ কথা কোৱাৰ সাহস কৰিব নোৱাৰিবি। হয়তো এদিন অশান্তিত থাকিব নোৱাৰি ভাৰসাম্য হেৰুৱাই পেলাবি। বুঢ়া হৈ যেতিয়া এদিন মৃত্যু শয্যাত শুবলৈ ওলাবি¸ হয়তো তেতিয়া তাইৰ আগত সেই কৰি অহা ভুলৰ বাবে ক্ষমা বিছাৰিবি আৰু যেতিয়া অন্তিম মূহুৰ্ততো তাইৰ মুখত মূহুৰ্তৰ বাবে ঘৃণা দেখিবি¸ বিদায় বেলাতো ভাবিবি¸ কিয় মই আগতেই কথাবোৰ কৈ বোজাৰ পৰা মুক্ত নহলো। আৰু যদি কেনেবাকৈ তোৰ আগতেই তাই যায়গৈ তেতিয়াও একেই অনুভৱ কৰিবি। কাৰণ তই প্ৰকৃততে বেয়া মানুহ নহয়। পৰিস্থিতিৰ দায়ত পৰি ভুল কৰি পেলাইছিলি। মই বহুত মানুহ দেখিছো কিশোৰ¸ যিয়ে ধুনীয়া সংসাৰ এখন থকাৰ পিছতো একাধিক নাৰীৰে এফেয়াৰ কৰি ফুৰে। অথচ অনুশোচনাৰ তিলমানো অনুভৱ নহয়। কিন্তু মই জানো¸ এদিন হলেও অনুশোচনা আহিবই। আচলতে কি জান¸ ভুল কৰাটো ডাঙৰ কথা নহয়। নিজৰ ভুল বুজি শুদ্ধ কৰিব পৰাটোহে ডাঙৰ কথা। চো মাই ফ্ৰেণ্ড¸ গ’ টু য়’ৰ হোম এণ্ড টেল হাৰ এভ্ৰিথিং। কি হব নাভাবিবি। হয়তো তাই খং কৰিব¸ দুদিনৰ বাবে তোক এৰি গুচি যাব। কিন্তু যদি তোৰ প্ৰেম সঁচা হয়¸ তাই ক্ষমা কৰিবই। তোৰ কাষত সদায় থাকিবই। ’

পলাশে নিজৰ কথাত জোৰ দি কৈ আছিল। কিশোৰ মুগ্ধ হৈ পৰিছিল। 

‘ থেংক ইউ দোষ্ট। তোৰ কথাখিনিয়ে মোক নতুনকৈ সাহস দিলে। মই ক্ষমা খুজিম। লাগিলে মই মনজিতাৰ ভৰিত পৰি ক্ষমা খুজিম। এতিয়া অনুভৱ কৰিছো দোষ্ট¸ কিয় কথাবোৰ তেতি়য়াই তোৰ আগত নকলো। কিয় কবলৈ সংকোচ কৰিলো। তেতিয়াই তোৰ লগত আলোচনা কৰা হলে হয়তো আজি এই ভুল কৰি কান্দিবলগা নহলহেতেন! আজি মোৰ সচাকৈয়ে নিজক তোৰ ওচৰত বহু সৰু যেন লাগিছে ভাই।’
কিশোৰে তাক সাবতি ধৰিছিল। সেমেকা হাঁহি এটা মাৰিছিল পলাশে।

‘ আকৌ ভুল কৰিলি কিশোৰ। মোক প্ৰশংসা কৰিবলৈ গৈ আকৌ হীনমান্যতাত ভূগিলি। চা¸ লোকৰ চকুত অৱনমিত হলেও চলিব পাৰি। কিন্তু নিজৰ চকুত নিজে সৰু হৈ গলে বৰ অশান্তি। এসময়ত হতাশ হৈ মোৰ মনলৈও আত্মহননৰ চিন্তা আহিছিল। নিজকে সংযত কৰিছিলো। আৰু এতিয়া চা¸ জীৱনৰ মোহ মোৰ আটাইতকৈ বেছি।’
হাঁহি দিছিল সি।
কিশোৰ আচৰিত হৈছিল। হঠাতে নিজৰ দুখবোৰ পাহৰি খামুচি ধৰিছিল পলাশৰ হাতখন।

‘ প…লা …শ…ত য়ো…’

‘ সাতবছৰ আগতে বেয়াকৈ হাৰি গৈছিলো মই। সকলো ফালৰ পৰা হাৰি হতাশ হৈ গৈছিলো। তঁহত তেতিয়া চবেই নিজক লৈয়ে ব্যস্ত আছিলি। লগৰ সকলোৰে উন্নতি দেখি হীনমান্যতাত ভূগি নিসংগ হৈ পৰিছিলো। স্বপ্নভংগৰ বেদনাই খুলি খুলি খাইছিল। সেইবাবেই সৰু সুৰা বেমাৰবোৰে লগ এৰা নাছিল। জান¸ হতাশা বৰ বেয়া বেমাৰ¸ তাতোকৈ ভয়ংকৰ নিসংগতা আৰু তাতেই যদি শৰীৰো ৰুগ্ন হৈ পৰে¸ জীৱন দূৰ্বিসহ হৈ যায়। খং উঠিছিল দেউতাৰ ওপৰত¸ বাকীবোৰ ল’ৰাৰ দৰে লাখ-লাখ টকা ঘোচ দি মোৰ ভবিষ্যত গঢ়িবলৈ কিয় সক্ষম নাছিল মোৰ পৰিয়াল! কিয় জীৱনৰ বাটত এৰি পেলাইছিলো এটাৰ পিছত আনটো চখ। পিছত ভুল ভাঙিছিল। উপলব্ধি কৰিব পাৰিছিলো বাবেই নিজৰ ওপৰত খং উঠিছিল। লাইফৰ আইডিয়েল পাৰ্ছনজনক দোষাৰোপ কৰাৰ দুখটোৱে মোক বেয়াকৈ দহিছিল। ভাবি লৈছিলো¸ জীৱনৰ বাটত হাৰি একো কৰিব নোৱাৰা মই পৰিশ্ৰমী পিতৃৰ অকৰ্মন্য সন্তান। কিন্তু এতিয়া নাভাবো। সেই যে নিজকে চম্ভালিব শিকিলো¸ জীৱনে নতুন শিকনি দিলে মোক। আচলতে সফলতাৰ কোনো নিৰ্দিষ্ট আকাৰ¸ কোনো পৰিসীমা নাথাকে। মানুহ ভেদে এই আকাৰ ভিন্ন। মনে বিচৰাৰ দৰে সুখী হব জানিলেই জীৱন সফল। আৰু যেতিয়ালৈকে নিজে হাৰ নামানো তেতিয়ালৈ কোনেও হৰুৱাবও নোৱাৰে। হীনমান্যতাক সাহস কৰিবলৈ হলে সমাজক পৰোৱা নকৰি মনে বিছৰাৰ দৰেই চলিব লাগে। হয়তো সময় লাগিব¸ কিন্তু এদিন জয়ী হমেই।’
কৈ কৈ পলাশ ৰ’ল। এবাৰ কিশোৰলৈ চাই হাঁহিলে। আকৌ কলে¸
‘ কিশোৰ¸ আচলতে কি জান¸ আনে আমাক কি চাৰ্টিফিকেট দিয়ে সেয়া বেছি গুৰুত্বপূৰ্ণ নহয়¸ কিন্তু নিজে নিজৰ বিষয়ে কি ভাবো সেয়াহে বেছি গুৰুত্বপূৰ্ণ। সেই যে ভুলবোৰ কৰিলো¸ নিজেই নিজক গালি পাৰিলো। আৰু আজিও সেই নিজে দিয়া লেবেলখন গুচাবলৈকে অন্তহীন হাবিয়াস। আৰু সেই হাবিয়াসেই সদায় মোক দায়বদ্ধ কৰি ৰাখিছে আপোন মানুহৰ প্ৰতি¸ সমাজৰ প্ৰতি। আৰু সেই দায়বদ্ধতাই হয়তো সুখী কৰি ৰাখিব খোজে মোৰ পৰা সকলোকে। জীৱনৰ জুইত পুৰি পুৰি চাগে এদিন সচাকৈয়ে নিজৰ চকুত সোণ হৈ যাম।’ কৈ কৈ হাঁহি দিছিল পলাশে। জীৱনৰ যুঁজখন তাতকৈ ভালকৈ আৰু কোনে জানিব!
পলাশৰ কথাবোৰে কিশোৰৰ বাবে ঔষধৰ কাম কৰিছিল। স্বগতোক্তি কৰাৰ দৰে সি কৈ উঠিছল।

‘ সচাকৈয়ে দোষ্ট¸ সকলোকে ফাঁকি দিব পাৰি। কিন্তু আত্মপ্ৰৱঞ্চনা আটাইতকৈ কষ্টকৰ। তই ঠিকেই কৈছ¸ এতিয়াৰ পৰা ময়ো এনেকৈয়ে ভাবিম কথাবোৰ। মনজিতাই মোক ক্ষমা কৰক বা নকৰক মই ক্ষমা খুজিম। কাৰণ দোষ স্বীকাৰৰ দ্বাৰা পবিত্ৰ হৈ পৰিব মোৰ অন্তৰাত্মা।’

‘ গুড। ’
পলাশে হাঁহি দিছিল। কিশোৰে মিচিকিয়াই আকৌ এবাৰ তাক সাবতি ধৰিছিল।
কিশোৰে ঘৰলৈ অকলেই যাব খুজিছিল। কিন্তু পলাশে সেইটো অৱস্থাত অকলে যাবলৈ দিয়া নাছিল। বাইকত উঠাই কিশোৰৰ ভাড়াঘৰ ওলাইছিলগৈ দুয়োটা। নঙলামুখত কিশোৰক নমাই দি পলাশে চাই ৰৈছিল। ইয়াৰ পিছৰ যুঁজখন কিশোৰৰ অকলে। পলাশলৈ চাই হাঁত জোকাৰি কিশোৰে বুকুখন ডাঠ কৰি লৈছিল। তাৰ মুখত মদৰ গোন্ধ পাই মনজিতা আঁচৰিত হোৱা নাছিল। প্ৰায়েই হোৱা অভিজ্ঞতাৰে নাকত হাত দি তাইৰ মুখখন ক’লা পৰি গৈছিল। বেটা ইতিমধ্যে শুই পৰিছিল। কিশোৰ ফ্ৰেছ হৈ আহি মনজিতাৰ ভৰিৰ ওচৰত বহি দিছিল।

‘ মোক ক্ষমা কৰি দিয়া মনজিতা। ডাঙৰ পাপ কৰি পেলালো মই।’ 
মনজিতাৰ ভৰিত খামুচি কিশোৰ ফেঁকুৰী উঠিছিল। কৈ পেলাইছিল সকলোবোৰ কথা। মাজে-মাজে নিজৰ গালতে চৰিয়াই দিছিল।

কথাবোৰ শুনি মনজিতাই একো কব পৰা নাছিল। দুয়ো গালেৰে তাইৰ দুধাৰি চকুলো বৈ আহিছিল। কি কব তাই।  কি হব এতিয়া কৈ! মনটোৱে হাঁহাকাৰ কৰিছিল। তাইৰ চিঞৰি চিঞৰি কান্দিব মন গৈছিল। তাক সুধিব মন গৈছিল¸ ‘‘কিয় ইমান নিষ্ঠুৰ হব পাৰিলা কিশোৰ! কেনেকৈ ভাবিব পাৰিলা যে মই তোমাক ঠগাম। এবাৰ কিয় নুশুধিলা!’’ তাইৰ মন গৈছিল¸ সেই মূহুৰ্ততে বেটাক লৈ ক’ৰবালৈ গুছি যাবলৈ। কিন্তু কি লাভ হব! হোৱাটোতো হৈয়েই গৈছে। তাই যিয়েই নকৰক¸ ঘটি যোৱা কথাবোৰতো নোহোৱা হৈ নাযায়! মনজিতাই কিশোৰৰ চকুলৈ চাইছিল। তাইৰ ভাৱ হৈছিল¸ সি চাগে তাই আঁতৰি যাব বুলিহে বেছিকৈ ভয় খাইছিল।

‘ ভয় নকৰিবা কিশোৰ¸ মই তোমাক এৰি নাযাও। যিদিনা ঘৰত কাজিয়া কৰি তোমাৰ সতে জীৱন আৰম্ভ কৰিছিলো¸ নিজকে প্ৰমিজ কৰিছিলো¸ দুখে-সুখে সদায় তোমাৰ কাষত থাকিম। মই মোৰ প্ৰতিশ্ৰুতি ভংগ নকৰো। মাথো এটা কথাতহে বেয়া লাগিছে¸ মোৰ ভালপোৱাত ক’ত ক্ষুত আছিল যে এজনী বেলেগ মানুহৰ কথা শুনি তুমি ভুল কৰিব পাৰা।’
তাইৰ বুকুভেদি ওলাই আহিছিল কথাবোৰ। তাইৰ বিগলিত অশ্ৰুধাৰাই কিশোৰৰ বুকুভেদি পেলাইছিল।

‘ প্ৰমিজ কৰিছো মনজিতা¸ আগলৈ এনে ভুল কেতিয়াও নকৰো। আৰু কেতিয়াও তোমাক অকনো দুখ নিদিও। আজিৰ পৰাই মদ খাবলৈয়ো এৰি দিম। তুমি যেনেকৈয়ে বিচৰা তেনেকুৱাই হ’ম। প্লিজ এইবাৰলৈ ক্ষমা কৰি দিয়া। ’
দুয়ো কাণত ধৰি কিশোৰে কৈ উঠিছিল।

‘ ক্ষমা কৰিছো কিশোৰ। তোমাৰ পত্নী হিচাপে¸ বেটাৰ মাক হিচাপে ক্ষমা কৰিব মই বাধ্য। নমৰালৈকে সদায় একেই থাকিব মোৰ ভালপোৱা¸ কিন্তু এতিয়া এইবোৰ শুনি তোমাৰ প্ৰতি মোৰ সন্মান বহুত কমি গ’ল কিশোৰ।’

তালৈ নোচোৱাকৈয়ে কথাবোৰ কৈ আছিল মনজিতাই। বুকুৰ মৰ্মভেদী কথাবোৰে কন্দুৱাইছিল তাইক। কিন্তু তাই নাৰী। স্নেহশীলা¸ ক্ষমাশীলা নাৰী। নাৰীয়ে জানে গঢ়িব। পুৰুষে নাজানি ভুল কৰে। পুৰুষৰ অহংকাৰো নাৰীয়েই। কথাবোৰ কিশোৰেও মৰ্মে মৰ্মে অনুভৱ কৰিছিল। দুহাত উপৰলৈ তুলি তাৰ নমস্কাৰ কৰিবলৈ মন গৈছিল। নাৰী সচাকৈ মহিয়সী। কিশোৰে ভাবিছিল¸ মনজিতাই হয়তো ইচ্ছা কৰিও অন্তৰেৰে ক্ষমা কৰিব পৰা নাই। হয়তো কোনো নাৰীয়েই নোৱাৰেও। মাথো তাই কাষত থাকিলেই হ’ল। এতিয়া তাক সন্মান নকৰিলেও কথা নাই। এদিন সেয়া সি ঘুৰাই পাব তাৰ ভালপোৱাৰে। তাৰ বিশ্বাস আছে।

দুদিন পিছতেই কিশোৰে ভাড়াঘৰটো সলাইছিল। আহিবৰ সময়ত সকলোকে মাত দিলেও বিজয়া বাইদেউৰ চকুলৈ এবাৰলৈয়ো সি চোৱা নাছিল। সিঁহত ওলাওতে আলেঙে আলেঙে চাই ৰৈছিল মানুহজনীয়ে। মনজিতাই মাত দিয়াৰ সময়তো মানুহজনীয়ে তাইৰ চকুলৈ চাব পৰা নাছিল। ভগবানক সেৱা জনাইছিল মনজিতাই¸ ‘ হে ইশ্বৰ¸ বিজয়া বাইদেউৰ দৰে মানুহবোৰক সুমতি দিয়া।’

*****

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib