Now you can Subscribe using RSS

Submit your Email

Sunday 12 July 2020

Bad boy ঃ31

Unknown

[ একত্ৰিশ ]

পলাশে বাইকখন লৈ কিশোৰক থবলৈ যাওতে বেলকনিত থিয় হৈ আছিল প্ৰচ্ছায়া। সি উভতি অহাও তাই গম পাইছিল। প্ৰচ্ছায়াই বুজিছিল¸ কিশোৰদাৰ কিবা অসুবিধা হৈছিল¸ যাৰ বাবে পলাশৰ কিবা প্ৰয়োজন হৈছিল। তাইৰ জানিবলৈ ইচ্ছা হৈছিল। কিন্তু সেইৰাতি পলাশ অনলাইন নহা দেখি একো নুসুধিলে তাই। কিশোৰৰ কথাবোৰ শুনি পলাশৰো মনটো বেয়া হৈ গৈছিল। সেয়ে প্ৰচ্ছায়াৰ লগতো কথা পাতিবলৈ তাৰ মন যোৱা নাছিল।

পিছদিনা এটা সময়ত মাথো প্ৰচ্ছায়াই সুধিছিল¸

‘ কালি কিশোৰদা আহিছিল?’
‘ অ ’
সলাগি থৈছিল সি।
সোধো বুলিও তাই সুধিব পৰা নাছিল। বুজিছিল সি। লাহেকৈ কৈছিল¸
‘ কিশোৰৰ ঘৰত অলপ খেলিমেলি হৈছিল।’

‘ অ ’
প্ৰচ্ছায়াৰ খং উঠিছিল কিশোৰদাৰ ওপৰত। মদ খাই বাবে চাগে ঘৈনীয়েকৰ লগত কাজিয়া লাগিছিল। আৰু সেইটো কথাৰ বাবে পলাশক মাতিব লাগেনে! এইবাৰ পলাশৰ ওপৰতো খং উঠিল তাইৰ। লোকৰ কাজিয়া ভাঙিবলৈ বাৰু কিয় যাব লাগে! ৰব নোৱাৰি কৈয়েই দিলে তাই¸

‘ পলাশ¸ তুমি বাৰু লোকৰ কাজিয়া ভাঙিবলৈ কিয় যাব লাগে?’
‘ বন্ধুযে¸ কি কৰিবা আৰু। দেখিছাই দেখোন নিজেই নিব আহিছে।’
হাঁহি মাৰি মিছাকৈয়ে কলে সি। লোকৰ কিছুমান কথা তাৰ মাজতেই থকা ভাল। তাৰ ভাল লাগিছিল¸ অলপকৈ তায়ো যেন তাৰ কেয়াৰ লবলৈ আৰম্ভ কৰিছিল।

‘ চোৱানা¸ মোৰ ফোনটো হেং মাৰি থাকে। কালি পৰি পেলাই স্পটো পৰিল। আবেলি ওলাবা হা¸ নতুনকৈ এটা কিনিম।’
নিজৰ ফোনটো দেখুৱাই কৈ উঠিছিল তাই।

‘ হব দিয়া।’
পলাশৰ মনটো ভৰি উঠিছিল। এনেয়ে সি উদ্বাউল¸ তাতে প্ৰচ্ছায়াৰ আহ্বানত মনটো নাছি উঠিছিল তাৰ।

 আবেলি ডিউটিৰ পৰা ওলাই দুয়োটা ওলাই আহিছিল। বেলতলাত ম’বাইল দোকানৰ অভাব নাই। ধুনীয়া ডাঙৰ দোকান এখনত প্ৰচ্ছায়া সোমাইছিল। প্ৰচ্ছায়াৰ আগৰ মোবাইলটো বেয়া হোৱা নাছিল। মাথোন মাজে-মাজে অলপ হেং মাৰিছিল। দুদিন আগতে অকস্মাতে টেবুলৰ পৰা পৰি ডিচপ্লেত দাগ এটা বহিছিল। তেতিয়াই ঠিক কৰিছিল তাই¸ নতুন ফোন এটা কিনিব। থ্ৰীজীবি ৰেমৰ ম’বাইলটো যোৱা ডেৰ বছৰৰ পৰা চলাই আছিল। তাইৰ আমনি লাগিছিল। ৱান প্লাছ কোম্পানীৰ শেহতীয়া দামী ফোন এটা পচন্দ কৰিছিল প্ৰচ্ছায়াই। চিক্স জিবি ৰেম¸ 58 mp কেমেৰাৰ ফোনটো অৱশেষত সামান্য ডিছকাউন্টত ২৭হাজাৰ টকাত কিনিছিল। বুকুখন ধমকৈ মাৰিছিল পলাশৰ। তাৰ ফোনটোৰ দুগুনৰো বেছি দামী প্ৰচ্ছায়াৰ নতুন ফোনটো।

‘ ফোনটো ধুনীয়া ন?’
‘ উম ’
প্ৰচ্ছায়াই সোধাত লাহেকৈ সলাগিছিল সি। 
‘ চাও¸ ফটো কেনেকুৱা হয়।’
তাক কেমেৰাৰ ফালে চাবলৈ দি ফটো এখন তুলিছিল তাই। তাৰ পিছত নিজৰ চেল্ফি এখন। প্ৰচ্ছায়া উচ্ছাসিত হৈ পৰিছিল। কেমেৰাৰ কোৱালিটি সচাকৈয়ে ভাল। আহিবৰ সময়ত চুইটচ্ শ্বপ এখনত থিয়ৈ থিয়ৈ দুয়োটাই কফি আৰু তাইৰ প্ৰিয় কেক খাইছিল। অনৰ্গল কথা কৈ আছিল তাই। তাইৰ কথা¸ বান্ধবীবোৰৰ কথা। কাৰোবাক বিশ্বাস কৰাৰ পিছত ছোৱালীয়ে মন খুলি কব পাৰে। তায়ো কৈ আছিল। পলাশে শুনি গৈছিল। মাথো মাজে-মাজে উ-আ কৰি গৈছিল। সাতাইশ হাজাৰটকীয়া মোবাইলৰ কথাটোৱে তাক খুলি খুলি খাইছিল। সি জানো দিব পাৰিব তাইক এতিয়াৰ দৰে জীৱন এটা। যোৱা চাৰিটা বছৰে শ্ৰম কৰিও পাচটা কোঠালিৰ ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেনেস্থলত উচ্চপদস্থ বিষয়াৰ জীয়ৰী প্ৰচ্ছায়াই থাকিব পাৰিবনে সুখী হৈ! কমদিনতে তাই মোহভংগহৈ নপৰিবনে। হাঁহাকাৰ লাগি যায় পলাশৰ বুকুত। জানিশুনি ভুল কৰা উচিত নহয়। কাৰোবাক সপোন দেখুৱাটোও উচিত নহয়। কিন্তু এই হৃদয়খনযে কিয় জানো অবুজ হয়! জানিও দেখোন আগবাঢ়ি যায়। দিনবোৰ গৈ থাকে¸ আকাংক্ষিত কথাষাৰহে কোৱা নহয়গৈ।

------

প্ৰচ্ছায়াৰ খং উঠে পলাশৰ ওপৰত। কিয় কব নোৱাৰে সি। তাই জানে¸ ইতিমধ্যে দুয়োটাই দুয়োটাৰ চকুত ধৰা পৰি গৈছে। প্ৰায়েই ৰাতি এপৰলৈকে হোৱাটচ্এপত কথা পাতি থাকে সিঁহতে। কিন্তু সি মুখ খুলি এবাৰলৈয়ো ভালপাও বুলি কোৱা নাই। বুদ্ধু¸ ছোৱালীয়ে আগতে কয় নেকি! অভিমান হয় তাইৰ। মাতিবও মন নাযায় তেতিয়া। কিন্তু তাক সমুখত দেখাৰ লগে-লগে সকলো খং উৰি যায়।
ভালপোৱা চাগে এনেকুৱাই। সকলো সময়তে প্ৰিয়জনৰ কাষত থাকিব মন যায়। ভাবিছিল প্ৰচ্ছায়াই¸ থাকক এনেকৈয়ে। সি আগতে নকলে¸ তায়ো কেতিয়াও নকয়।

----
‘ কাইলৈ মানুহ আহিব।’
এদিন ৰাতিপুৱাই মাকে কৈছিল প্ৰচ্ছায়াক। প্ৰস্তাবটো কেতিয়াবাই আহিছিল। মাথো বেংলোৰত থকা ল’ৰাটোৱেহে আহিব পৰা নাছিল। মুখা-মুখি নোহোৱাকৈ ফোনত কথা পাতিবলৈ তাই অস্বীকাৰ কৰিছিল। নেদেখাকৈ নুবুজাকৈ ফোনত কথা পতা মানেই এটা অশান্তি। হয়তো পিছলৈ নিয়মিত সিফালৰ পৰা ফোন আহিব আৰু  ভদ্ৰতাৰ খাতিৰত তাই কথা পাতিব লাগিব। আচলতে ভালকৈ চিনি নোপোৱাকৈ অচিন কাৰোবাৰ লগত হোমৰ গুৰিত বহি সংগী হবলৈ প্ৰচ্ছায়াৰ অকণো হাবিয়াস নাছিল। কিন্তু মাকৰ খেচখেচনিৰ বাবেহে মানুহঘৰক আহিবলৈ কৈ সকাহ পাইছিল। কিন্তু এতিয়া তেওলোক সচাকৈয়ে আহিবলৈ লোৱাত দোমোজাত পৰিছিল তাই। 
এতিয়া কি হব!
এতিয়া যে কথাবোৰ বেলেগ হৈ হৈছে। পলাশলৈ মনত পৰি হথাতে মনটো বেয়া হৈ পৰিছিল।

‘ মাজনী¸ তই এপাক বিউটি পাৰ্লাৰৰ পৰা আহিবিচোন।’
মাক উচ্ছাসিত হৈ পৰিছিল। পৰম আকাংক্ষিত জীয়েকৰ বিয়াখনলৈ এখোজ আগবঢ়াৰ সুখে মানুহজনীৰ মুখখন পোহৰাই তুলিছিল।

‘ কিয় মা? নাযাও মই বিউটি পাৰ্লাৰলৈ। কোনোবাই মোক পচন্দ কৰিলে এনেকৈয়ে কৰিব লাগিব।’
কথাখিনি কৈয়েই তাই আঁতৰি আহিছিল। ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবগৈ কোনো সুখী হব নোৱাৰে। কিয় জানো তাই তেতিয়া মাকৰ কথাত সন্মতি দিছিল! যদি সন্মতি নিদিলেহয়¸ অন্তঃত আজি এই পৰিবেশ নহলহয়!

অফিচতো কামত মন বহুৱাব পৰা নাছিল প্ৰচ্ছায়াই। তাইৰ চকু দুটাই বাৰে-বাৰে পলাশক বিছাৰিছিল। কিন্তু সি তেতিয়া বাহিৰত ব্যস্ত। আবেলি পলাশ আহিছিল বৈশ্যদাৰ কেবিনলৈ। লুকাই লুকাই তাইলৈ চাই আছিল। কও বুলিও কব নোৱাৰিলে প্ৰচ্ছায়াই। কিছুমান কথাৰ বাবে নিৰ্দিষ্ট সময় থাকে। 

‘ পলাশ¸ ৰাতি কথা পাতিম হা। কথা অাছে অলপ।’
অফিচৰ পৰা ওলোৱাৰ সময়ত তাৰ কাষলৈ আহি কৈছিল প্ৰচ্ছায়াই।

‘ উম ’
সি কিবা কবলৈ লোৱাৰ আগতে আঁতৰি গৈছিল তাই। 
তাইৰ চকুলৈ চাই আচৰিত হৈছিল পলাশ। আজিলৈ তাইক ইমান গহীন হোৱা কেতিয়াও দেখা নাছিল সি। কি হৈছে বাৰু তাইৰ। নে সচাকৈয়ে তাইৰ আন কাৰোবাৰ লগত…। আৰু ভাবিব নোৱাৰিলে সি! মনটোৱে হাঁহাকাৰ কৰি উঠিছিল। ধিক্কাৰ হৈছিল নিজৰ ওপৰত। ছেহঃ প্ৰচ্ছায়াক হেৰুৱালে জীৱনলৈ সঁচা প্ৰেম কাহানিও নাপাব।

উগুল-থুগুল মন এটা লৈ ৰাতিলৈ সি অপেক্ষা কৰিছিল। শুনিবলৈ সি অধৈৰ্য্য হৈ পৰিছিল। বাৰে-বাৰে ফোনটোলৈ চাই আছিল। ভাত কেইটা হোৱাৰ পিছত চাৰে নমান বজাত মেছেজ কৰিলে সি¸
‘ প্ৰচ্ছায়া¸ কিবা কথা থকা বুলি কৈছিলা।’
‘ অলপ পিছত ফোন কৰিম ৰবা।’ অলপ পিছতে উত্তৰ দিলে তাই।
মেছেজটো চাই বহি থাকিল সি। এতিয়া সময় নাপায় নুপুৱাই যেন হ’ল। ভাত খাবলৈ তাৰ মন নগল। এনেয়ে চকুদুটা মুদি শুই থাকিল। 

ইফালে প্ৰচ্ছায়াও অস্থিৰ হৈ উঠিছিল। সিদ্ধান্ত এটা লোৱাৰ আগতে কথাবোৰ ভালকৈ জনাটো দৰকাৰ। কিন্তু তাৰ বাবে মুকলি মুৰীয়া সময় অলপ দৰকাৰ। ঘৰৰ মানুহবোৰ ভাত খাই শুৱালৈকে তাই অপেক্ষা কৰি ৰ’ল। এঘাৰটামান বজাত সকলো শুৱাৰ পিছত তাই ফোন কৰিছিল তালৈ। সি ফোনৰ ওচৰতে আছিল। প্ৰথমবাৰ ৰিং হোৱাৰ লগে-লগে উঠালে ফোনটো।

‘ প্ৰচ্ছায়া কোৱা।’
তাৰ মাতটো উদভ্ৰান্তৰ দৰে শুনা গৈছিল।
‘ কৈছো ’
দীঘলকৈ উশাহ এটা লৈছিল প্ৰচ্ছায়াই।

‘ পলাশ¸ কাইলৈ ল’ৰা এজন আহিব মোক চাবলৈ। কম্পিউটাৰ ইঞ্জিনিয়াৰ। বেংলোৰত থাকে।’
খুউৱ লাহে-লাহে কথাবোৰ কৈছিল তাই। পলাশ হতভম্ব হৈ পৰিছিল। অৱশেষত  কৰাটোৱেই হ’লগৈ। কি কৰিব এতিয়া! এতিয়া শেষ মূহুৰ্তত হৃদয়ৰ বান্ধ খুলি দিবনে! এফালে তাইৰ অনন্ত সুখ¸ আনফালে তাৰ ভবিষ্যতহীন জীৱন! ওহো¸ ইমান স্বাৰ্থপৰ সি হব নোৱাৰে। তাইৰ সুখেই তাৰ সুখ। সেমেকি উঠা চকুহাল মচি লৈছিল সি।

‘ পলাশ…’
সি একো কোৱা নেদেখি তাই আকৌ মাতিছিল।’
‘ প্ৰচ্ছায়া¸ খুউব ভাল কথা। ভালকৈ কথা পাতি লবা।’
বৈ অহা চকুলো মচি মচি সি সেমেকা হাঁহি এটা মাৰিছিল। মনটোক বুজাইছিল¸ চব ইশ্বৰৰ ইচ্ছা। ইশ্বৰৰ ইচ্ছা।
‘ মোৰ বিয়া হৈ যাব পলাশ।’
মাতটো কৰুণ হৈ পৰিছিল প্ৰচ্ছায়াৰ।
‘ উম। ঘৰ এখন হব তোমাৰ। সংগী এজন পাবা।’
‘ কিন্তু মোৰ এতিয়াই বিয়া হবলৈ মন যোৱা নাই।’
‘ চব কথাৰে কিছুমান নিৰ্দিষ্ট সময় থাকে প্ৰচ্ছায়া। আৰু এইটো তোমাৰ উপযুক্ত বয়স। সময়ক স্বীকাৰ কৰি লোৱা সুখী হব পাৰিবা।’
‘ কিন্তু মই আন কাৰোবাক ভালপাও।’
‘ ভালপাবলৈ বৰ সহজ প্ৰচ্ছায়া। হৃদয়খন দি দিলেই হ’ল। কিন্তু সপোন ভাঙিলে সুখী হবলৈ টান।’
‘ সপোন ভাঙিলেও সেই সপোন মই পুনৰ জীয়াই তুলিম।’
‘ নোৱাৰিবা¸ ভঙাৰ পিছত গঢ়িবৰ ক্ষমতা আজিলৈ কাৰোৱেই হোৱা নাই।’

‘ পলাশ¸ তুমি নিষ্ঠুৰ। তুমিও বুজিও নুবুজা!’
‘ ওহো¸ মই হতভগীয়া। সেয়ে নুবুজাকৈয়ো বহুকথা বুজি পাও।’
‘ তুমি হতভগীয়া নোহোৱা। হতভগীয়া মই¸ যিয়ে কাষত থাকিব আপোন কৰি লব নোৱাৰিলো। ’
কি কব পলাশে! বুকুখন ভাঙি টুকুৰা-টুকুৰ হৈ গলেও প্ৰচ্ছায়াৰ সুখৰ বাটত সি হেঙাৰ হব নোখোজে। তাৰ চকুৰ আগত আগত ভাহি উঠে¸ বাংগালোৰত থকা সেই অচিন সুন্দৰ যুবকৰ আগত যেন সি বাওনা। হুমুনিয়াহ এটা ওলাই আহিল তাৰ। 
‘ বিছৰা ধৰণে সকলোৱে আপোন কৰিব পাৰিলে পৃথিবীত দুখ বুলি একোৱেই নাথাকিলহেতেন প্ৰচ্ছায়া।’
অলপ ৰৈ অাকৌ ক’লে সি¸
‘ প্ৰচ্ছায়া¸ কবি অতনু ভট্টাচাৰ্য্যৰ অপ্ৰাপ্তি কবিতাটো পঢ়িছানে? 
প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়
 যি শোকৰ ৰ'দত পোৰা নাই
 জুৰুলি জুপুৰি হোৱা নাই দুখৰ বৰষুণত 
যি শংকিত হোৱা নাই 
ভাগ্যৰ সৈতে যুঁজি 
এখন্তেক ক্লান্ত হোৱা নাই 
ভালপোৱাই যাক ব্যাকুল কৰা নাই 
অপেক্ষাই যাক উদ্বাউল কৰা নাই 
যাৰ বাবে নদীবোৰ মাথো নদী 
শিলবোৰ মাথো শিল 
যাৰ বাবে সমগ্ৰ পৃথিৱী 
মাথো মাটিৰ ভূগোল 
যিজনে মানুহৰ শোভাযাত্ৰাত 
চামিল হ'ৱলৈ শিকা নাই 
তেওঁৰ বাবে সুখো এক ধৰনৰ দুখ ।’

পলাশে কবিতাটো মাতি আছিল। প্ৰিয় কবিতাটো প্ৰায় মুখস্থ হৈ গৈছিল তাৰ। প্ৰচ্ছায়া অধৈৰ্য্য হৈ পৰিছিল। কিয় বাৰু সি এনেকুৱা কৰিছে। নে সি তাইক সচাকৈয়ে ভাল নাপায়। সেয়া কি তাইৰ কেৱল ভ্ৰম!’ 

‘ পলাশ¸ তুমি মোক জোকাই আছা নেকি?
কি ফুৰ্তি পাইছা বাৰু?’
খঙতে সুধিলে তাই। হাঁহি দিছিল পলাশে। নিজৰ ভাগ্যৰ ওপৰত হাঁহি উঠিছিল তাৰ
‘ হা…কি জোকাম মই তোমাক! যাক ভাগ্যই বাৰে-বাৰে জোকাই¸ সি আকৌ কেনেকৈ কাৰোবাক জোকাব পাৰে প্ৰচ্ছায়া।’

প্ৰচ্ছায়া মুক হৈ পৰিছিল। অলপ ৰৈ কৈছিল¸
‘ পলাশ¸ বাহিৰলৈ আহাচোন।’
তাই নিজেও ওলাই আহিছিল বেলকনিলৈ। বেলকনিৰ পৰা তললৈ চাই আছিল। কেইফুটমান উচ্চতাৰ পৰা সিঁহতৰ চকু মিলিত হৈছিল।

‘ পলাশ…
‘ হমম
‘ এতিয়াও নোকোৱা! তুমি কি মই সচাকৈয়ে বিয়া হৈ যোৱাটো বিছাৰা!’
‘ মই মাথো তোমাৰ সুখ বিচাৰো।’
‘ ঠিক আছে।’
ফোনটো কাটি ভিতৰলৈ সোমাই গৈছিল প্ৰচ্ছায়া। সি বাহিৰতে থিয় হৈ ৰৈছিল। সেইৰাতি দুয়োটাৰে টোপনি অহা অহা নাছিল। 
পিছদিনা পুৱা কোনো নুঠাতেই পলাশ গুচি গৈছিল ঘৰলৈ। 

******

আগলৈ-

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib