Now you can Subscribe using RSS

Submit your Email

Sunday 12 July 2020

Bad boy ঃ 32

Unknown

                             [ বত্ৰিশ ]



পুৱাৰে পৰা প্ৰচ্ছায়াৰ মনৰ মাজত ধুমুহা এজাক বলিছিল। এনে হোৱাৰ কথাটো নাছিল। কিয় বাৰু তাই ইমান দূৰ্বল হৈ পৰিছিল। তাই বাৰু নজনাকৈয়ে তাক ভালপাই পেলালে নেকি! আগতে দেখোন কাহানিও এনেকৈ দূৰ্বল হোৱা নাছিল। মাকে কোনোবা ল’ৰাই চাবলৈ অহাৰ কথা কওতেই কিয় তাইৰ বুকুত ধুমুহা আহিছিল। 
য়েছ¸ তাই নিবিচৰাকৈয়ে হিয়াত সোমাই গ’ল সি। উত্তৰটো মূহুৰ্ততে বিবেকে দি দিয়ে তাইক। চাগে এনেকুৱাই হয়¸ যেতিয়া কাৰোবাৰ দৰ্শন¸ চিন্তা-ধাৰনাত আকৃষ্ট হয়¸ নিবিচৰাকৈয়ে বুকুৰ একোণত তেও স্থান দখল কৰি লয়। হুমুনিয়াহ এটা ওলাই আহিছুল প্ৰচ্ছায়াৰ। সংকোচৰ পাৰ ভাঙি হিয়াৰ বতৰা দিওতেও সি পোনপটীয়াকৈ একো নকলে। ঠেলি দিলে তাইলৈ সিদ্ধান্ত। 
‘ মই মাথো তুমি সুখী হোৱাটোৱে বিছাৰো।’
কথাষাৰে বাৰে-বাৰে আমনি কৰি থাকিল তাইক। তথাপিও নিজক চম্ভালি কাকোৱেই বুজিবলৈ নিদিলে। সময়বোৰ আগুৱাই অহাৰ লগে-লগে বুকুৰ ঢপঢপনি বাঢ়ি আহিল। পৰীক্ষা দি উঠি ৰিজাল্টৰ সময় হৈ অহাৰ লগে-লগে পৰীক্ষাৰ্থী উদ্দিগ্ন হৈ পৰাৰ দৰে তায়ো উদ্বিগ্ন হৈ পৰিছিল। 

‘ অ’ মাজনী¸ এইযোৰ পিন্ধচোন।’
মাকে তাইক সেউজীয়া কাপোৰযোৰ উলিয়াই দিছিল। এমোকোৰা হাঁহি মুখত লৈ মাকে উলাহেৰে কামবোৰ কৰিছিল। ধুনীয়া দ্ৰয়িং ৰুমটো আগদিনাই নতুনকৈ সজাই থৈছিল। অকলেই মানুহঘৰক খুৱাবলৈ বিধে-বিধে জলপান প্ৰস্তুত কৰিছিল। যেন ভাগৰ লগা নাছিল তেওৰ। বহুদিনৰ পৰা আশা কৰি থকা বৰ জীয়ৰীৰ বিয়াৰ প্ৰাৰম্ভিক অনুস্থানটো জাক-জমকীয়াকৈ কৰিবলৈ মানুহজনী তৎপৰ হৈ পৰিছিল। ল’ৰাটো দেখাই শুনাই ভাল¸ চাকৰীও ভাল। বংশ মৰ্য্যদা থকা পৰিয়ালৰ। ফটোত দেখিছিল তেও¸ যেন সাইলাখ কোনোবা চিনেমাৰ নায়কৰ দৰে চেহেৰা। এনে এজন জোৱাই পাবলৈকেতো সকলোৱে কণ্যাৰ মাক-বাপেকেই আশা কৰি থাকে। মাক নিশ্চিত আছিল¸ প্ৰচ্ছায়াই যদিও ফটো চাবলৈও ইচ্ছা কৰা নাছিল¸ নিশ্চয়কৈ সন্মতি দিবই দিব। তেও বাৰে-বাৰে প্ৰচ্ছায়াৰ ৰুমলৈ আহি ইটো সিটো দিহা দি আছিল। যাতে জীয়েকজনী সকলোতকৈ আকষৰ্ণীয় হৈ পৰাত একো খুট নৰয়। 

পুৱাৰে পৰা প্ৰত্যাশাৰ মনটোও অলপ কেনেবা লাগি আছিল। বায়েকক চাবলৈ লৰাজন আহিববুলি গম পোৱাৰ পিছৰে পৰা তাইৰ ভাগি যোৱা মনটোৱে যেন আকৌ অশান্ত হবলৈ আৰম্ভ কৰিছিল। লুকাই চুৰকৈ বাৰে-বাৰে বায়েকলৈ চাইছিল তাই। ক’তা যিখিনি উৎসাহ বায়েকৰ চকুত থাকিব লাগিছিল¸ সেয়া দেখোন নাছিল। বায়েকৰ যদি বিয়া হৈ যায় পলাশে বাৰু তাইক গ্ৰহণ কৰিবনে! নে আকৌ আন কিবা দোহাই দি আঁতৰি থাকিব! ওহো¸ এয়া পাপ। এবাৰ মনেৰে ভিনদেউ বুলি মানি লব খোজাৰ পিছত আন ৰূপত ভাবিব খোজাটো সাংঘাতিক পাপ।

এঘাৰটামান বজাত মানুহঘৰ আহিছিল। প্ৰচ্ছায়াৰ দেউতাকে পদুলি মুখৰ পৰা আদৰি অনাৰ দৰে আগবঢ়াই আনিছিল। মাক ব্যস্ত হৈ পৰিছিল। লীমাই পৰ্দাৰ ফাকেৰে ল’ৰাটোলৈ চাই অাহি প্ৰচ্ছায়াৰ কাষত কৈ উঠিছিল¸
‘ ঐ¸ ল’ৰাটো বৰ হেণ্ডচামদেই। তই বৰ লাকী অ’।’
‘ ধুনীয়া পুতলা এটা হলে জানো লাকী হব পাৰি¸ যদি প্ৰাণ নাথাকে।’
কওনকওকৈ প্ৰচ্ছায়াই কৈ দিছিল। লীমা আঁতৰিত হৈ পৰিছিল। সন্দেহৰ চাৱনি এটাৰে প্ৰচ্ছায়ালৈ চাই সুধিছিল¸
‘ তাৰমানে …পলাশ ইয়াৰ কাৰণ…।’
একো নকলে প্ৰচ্ছায়াই। মাথো মুখ খন ঘুৰাই উদাস দৃষ্টিৰে বাহিৰলৈ চাই ৰ’ল।

প্ৰচ্ছায়াক আগতেই দেখিছিল মানুহঘৰে। ল’ৰাটোৰো তাইক দেখি পচন্দ হৈ গৈছিল। এসময়ত দুয়োটাকে কথা পাতিবলৈ দি ভিতৰলৈ গুচি গৈছিল সকলোবোৰ। সেইখিনি সুযোগেই যথেষ্ট আছিল প্ৰচ্ছায়াৰ বাবে। ল’ৰাটোক কিবা কবলৈ সুবিধা নিদিয়াকৈয়ে কৈ দিছিল তাই।

‘ এক্সুৱেলি মোৰ কথা অলপ আছিল আপোনাৰ লগত। বিয়া হলেও চাগে কোনোদিনেই ভালপাব নোৱাৰিম আপোনাক।’

কিছুমান কথা বেছি কোৱাৰ প্ৰয়োজন নহয়। তেওলোকেও বুজিছিল। কোনোদিনেই উত্তৰ নহাৰ প্ৰতিশ্ৰুতিৰে তেও বিদায় লৈছিল।

প্ৰচ্ছায়া আঁচৰিত হৈছিল। হঠাতে তাইৰ মনলৈ ইমান সাহস ক’ৰ পৰা আহিছিল। মাক-দেউতাকে তেতিয়াও নতুন মিতিৰ লগত সম্বন্ধ গঢ়াৰ সপোনত উটি-ভাহি ফুৰিছিল। তাইৰ বেয়া লাগিছিল। কিন্তু কি কৰিব! তেওলোকৰ ভাললগা আৰু তাইৰ সুখী হোৱাৰ বাটটোযে ভিন্ন। 

হব খোজা সম্বন্ধটো ভাঙি হাঁহি এটা ওলাই আহিছিল প্ৰচ্ছায়াৰ। অবাক হৈ লীমাই চাইছিল তাইলৈ।

‘ প্ৰচ্ছায়া¸ তই সচাকৈয়ে তেওক ৰিজেক্ট কৰি দিলি!’
কথাটো যেন বিশ্বাসেই হোৱা নাছিল লীমাৰ। প্ৰচ্ছায়াই লাহেকৈ হাঁহিছিল।
কিন্তু এই সিঁহত দুজনীৰ বাহিৰে আন কোনেও গম নাপালে। 

প্ৰচ্ছায়াই ভাবিছিল¸ যদি কেনেবাকৈ মাক-দেউতাকে গম পাই¸ তাই সঁচা কথাটো কৈ দিব। কাইলৈ নহলেও দুদিন পিছত হলেওতো ল’ৰাৰ পৰিয়ালৰ মানুহে খবৰটো দিবই। কিন্তু তাৰ আগতে কথাবোৰ এবাৰ পলাশৰ লগত পাতি লোৱাটো অতি প্ৰয়োজনীয় বুলি ভাবিছিল তাই। আবেলি এটা সময়ত লীমাৰ লগত ওলাই আহিছিল তাই। মাক-দেউতাক ইতিমধ্যেই সুখী হৈ পৰিছিল ল’ৰাৰ পৰিয়ালক লগ পাই। হয়তো আকাংক্ষিত সুখবৰটোৰ অপেক্ষাই সপোন দেখিবলৈ বাধ্য কৰাইছিল তেওলোকক। 

লীমাৰ ঘৰৰ পৰাই সন্ধিয়া প্ৰচ্ছায়াই ফোনটো লগাইছিল। কোঠাটোত সিঁহত দুজনীৰ বাবে কোনো নাছিল।

----
পলাশ তেতিয়া ঘৰতে আছিল। মনটো বেয়া হৈ থকাৰ বাবে কলৈকো ওলাই যাবলৈ তাৰ ইচ্ছা যোৱা নাছিল। এনেয়ে কিতাপখন লৈ শুই শুই পঢ়ি আছিল। 
প্ৰচ্ছায়াই ফোনকলটো দেখি পলাশ উচপখাই উঠিছিল। ধৰো-নধৰোকৈ সি ফোনটো ধৰিছিল। ‘হেল্ল’ সি জানিছিল¸ হয়তো তাই ভাল খবৰটো দিবলৈকে ফোন কৰিছিল। হয়তো ডেট ফিক্স হৈ গৈছে। হয়তো তাই সোনকালেই চাকৰীৰ পৰা ৰিজাইনো দি দিব। পলাশে ভাবিছিল¸ সোনকালেই সি ভাৰাঘৰ সলাব লাগিব। অসুবিধা নথকাহেতেন চাকৰীটোৱেই এৰি দিলেহেতেন। কিন্তু মজবুৰীৰ বাবে নিলকণ্ঠ হবলৈ বাধ্য।

‘ পলাশ¸ মই সেই ল’ৰাজনক ৰিজেক্ট কৰি দিলো।’
প্ৰচ্ছায়াই কৈছিল। তাইৰ মাতটো অভিমানী হৈ পৰিছিল। 

‘ হা …’
পলাশে নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাছিল।

‘ বুদ্ধু …যিটো ল’ৰাই প্ৰথম দিনাই এগৰাকী অচিনাকী গাভৰুক জীৱনৰ দস্তাবেজ লিখি দিবলৈ সাহস কৰিছিল¸ সেইটো ল’ৰাই চিনাকী ছোৱালী এজনীক সেই সঁচা কথাটো কবলৈ সাহস কিয় কৰিব নোৱাৰিলে?’
তাই হাঁহি দিছিল।
কি কব পলাশে! সি এতিয়া হাঁহিবই নে কান্দিব একো ভাবি পোৱা নাছিল। তাৰ দুগাৰেৰে বৈ অহা লুনীয়া পানীখিনিয়ে ওঠ স্পৰ্শ কৰোতেহে সি গম পাইছিল¸ যে সি কান্দিছে। সচাকৈয়ে চকুপানীবোৰো অাঁচৰিত। দুখতো সংগ দিয়ে আৰু সুখতো।
প্ৰচ্ছায়ায়ো বুজিছিল। তাই অনুভৱ কৰিছিল তাৰ মনৰ অৱস্থাটো। আকৌ এবাৰ খিলখিলাই হাঁহি দিছিল তাই।

‘ অই’ শুনা¸ তুমিতো কব নোৱাৰিলাই। কিন্তু ময়েই কৈ দিলো। এতিয়াতো কোৱা। নে এতিয়াও নোকোৱা!’
কথাখিনি কৈ প্ৰচ্ছায়া অলপ ৰ’ল। কিবা কও কও বুলিয়ো পলাশৰ কথা ওলাই নাহিল। লাহেকৈ হাঁহিলে প্ৰচ্ছায়াই। তাইৰ বিৰাট ইচ্ছা হৈছিল¸ এই মূহুৰ্তত তাৰ মুখখন চাবলৈ। সি চাগে কান্দিছে। আৰু ৰব নোৱাৰিলে তাই। আকৌ কৈ দিলে¸

‘ প লা শ¸ তুমি নোকোৱা যদি মই কও প্ৰথমে¸ …আই …আই…।’
‘ আই লাভ ইউ প্ৰচ্ছায়া। আই লাভ ইউ ফ’ৰ এভাৰ। আই কান্ট লিভ ৱিডাউট ইউ।’

‘ আই লাভ ইউ টু। অই¸ কালি লগ পাম তোমাক। সোনকালে আহিবা।’
হাঁহি হাঁহি ফোনটো ৰাখিছিল তাই।
আনন্দৰ সীমা নাছিল পলাশৰ। ফাঁচিকাঠত ওলমোৱা আচামীক হঠাতে মুক্তি দি পুৰস্কৃত কৰাৰ দৰে অনুভৱ হৈছিল তাৰ। অৱশেষত তাৰ জীৱনলৈও বৰষা আহিছিল। ৰামধেনুৰ সাতো-ৰঙেৰে তাৰ জীৱনটোও ৰঙীয়াল হৈ পৰিছিল। আপোন মানুহবোৰক শুভ সংবাদটো দিবলৈ মন গৈছিল পলাশৰ। প্ৰচ্ছায়াৰ প্ৰেম তাৰ বাবে কহিনুৰতকৈ কোনোগুণে কম নাছিল। প্ৰথমে বৈশ্যদালৈকে ফোন কৰাৰ কথা ভাবিছিল সি। প্ৰথমৰে পৰা বৈশ্যদায়েই সিঁহতৰ যুটিটোলৈ বেছিকৈ আশা কৰিছিল।

‘ হেল্ল¸ পলাশ ক 
দুবাৰ ৰিং কৰাৰ পিছত বৈশ্যদাই ফোনটো ধৰিছিল। 

‘ বৈশ্যদা¸ শুনকনা সাংঘাটিক ভাল খবৰ এটা আছে।’
পলাশ উৎসাহিত হৈ পৰিছিল।
‘ লটাৰীত এক ক্ৰোড় টকা পালি নেকি?’
ধেমালিতে বৈশ্যদাই সুধিছিল।
‘ ওহো¸ তাতোকৈয়ো বেছি। চি লাভচ্ মি।’
‘ হোৱাট?? সঁচাইনে?
যেন বিশ্বাসেই নহল বৈশ্যদাৰ। 
‘ সচাকৈয়ে বৈশ্যদা। তাই এইমাত্ৰ নিজেই কলে মোক। ’
পলাশ উৎসাহিত হৈ পৰিছিল।

‘ বহুত বহুত অভিনন্দন ভাই। এতিয়া তোৰ মুখত নুশুনো। কাইলৈ একেলগে দুয়োটাৰ মুখৰ পৰা শুনিহে বেছি মজা লাগিব।’
বৈশ্যদাই হাঁহি দিছিল। পলাশৰো ভাল লাগিছিল। ফোনটো ৰাখি ভাবিছিল কাক জনোৱা ভাল হব আৰু। ভায়েকৰ আগত কবলৈয়ো ৰৈ গ’ল। তাক কোৱাৰ পিছত মাক-দেউতাক¸ ভনীয়েক সকলোৱেই জানি যাব। লাজ লাগিল তাৰ। সিঁহতৰ বংশলৈ বোৱাৰী হিচাপে আহিবখোজা ছোৱালী চাগে প্ৰচ্ছায়াই প্ৰথম। এমোকোৰা হাঁহি মুখত লৈ বাহিৰলৈ ওলাই আহিল সি। কাইলৈ আগতে এবাৰ প্ৰচ্ছায়াক লগ পাই লওক¸ তাৰ পিছতো লাহে-লাহে কব ঘৰত।

পলাশ আৰু প্ৰচ্ছায়াৰ মিলনত আটাইতকৈ বেছি সুখী হৈ পৰিছিল বৈশ্য। অৱশেষত দুয়োটা যে মিলিলগৈ। মাজতে ভয়েই হৈছিল। দুয়োটা লগ নালাগিব বুলি। 

*****

‘ গুড মৰ্ণিং মাই প্ৰিঞ্চেছ। চকু মেলি চোৱাৰ লগে-লগেই দেখিবা ধুনীয়া পুৱাটোৱে তোমাক আদৰণি জনাব।’
প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ প্ৰচ্ছায়ালৈ মেছেজটো পঠিয়াইছিল পলাশে। সাৰ পাই বিচনাৰ পৰা নমাৰ আগেয়েই মেছেজটো পঠিয়াই এখন্তেক বহি ৰৈছিল সি। ভেন্টিলেনৰ ফাকেৰে পুৱাৰ কোমল পোহৰ কোঠাটোলৈ সোমাই আহিছিল। বাহিৰৰ পৰা চৰাইৰ খিচিৰ-মিচিৰ মাতবোৰ ভাহি আহিছিল। এমোকোৰা হাঁহিৰে পলাশ উঠি আহিছিল। ঘৰৰ পিছফালে মিঠা কৰদৈ এজোপা আছে। তাতে বিভিন্ন চৰাইবোৰ কৰদৈ খাবলৈ আহে। পাকঘৰৰ মাৰলিত ওলোমাই ৰখা পাঁৰৰ বাহটোৰ পৰা পাৰকেইটা উৰি আহি ৰুণ দি আছিল।চোতালত মাকে চটিয়াই দিয়া এমুঠি চাউল খাবলৈ চো মাৰি তাৰে দুটা নামি আহিছিল। দেউতাক চাগে গোহালিত। গৰু-চাগলীকেইটাই দৰ্জাখন খোলাৰ লগে-লগে হুৰমুৰাই ওলাই আহিছিল। 
মনটো ভৰি পৰিছিল তাৰ। এয়াইতো চিৰাচৰিত গাঁৱৰ মনোমোহা পৰিবেশ। বহুদিনৰ মুৰত হঠাতে ৰাতিপুৱাটোক নতুনকৈ চাবলৈ মন যায় তাৰ। এদিন এনেকৈ পুৱা এটাত প্ৰচ্ছায়াই এইঘৰখন শুৱনি কৰিবহি। প্ৰচ্ছায়ালৈ মনত পৰাৰ লগে-লগে উদ্দিগ্ন হৈ পৰে সি। সোনকালেই অফিচলৈ গৈ পোৱাৰ ইচ্ছাত সোনকালেই  দমকলৰ পাৰতে গা ধোৱে। কাপোৰসাঁজ পিন্ধি সাজু হৈ বাৰে-বাৰে ঘড়ীটোলৈ চাই থাকে। 

শুই উঠিয়েই মেছেজটো পাই মনটো ভাল লাগি গৈছিল প্ৰচ্ছায়াৰ। ডিজিটেল আখৰকেইটা এনেয়ে এবাৰ চুই চাইছিল তাই। কি যাদু আছে এই ল’ৰাটোৰ¸ যে তাৰ বাবে তাইৰ হিয়াখন ইমান উদ্বাউল। বিচনাৰ পৰা নমাৰ আগতে ৰিপ্লাই কৰে তাই¸ ‘ গুড মৰ্ণিং মাই দিয়েৰ। আইম এগাৰলি ৱেইটিং টু চি ইউ।’ লিখি উঠি লাজ লাগি গ’ল প্ৰচ্ছায়াৰ। লাজ-লাজকৈ মিচিকিয়ালে তাই। 

চাগে এনেকুৱাই হয়¸ যেতিয়া হঠাতে প্ৰেম হৈ যায়। কাৰোবাক চিৰদিনৰ বাবে নিজৰ একেবাৰে আপোন কৰি লবৰ মন যায়¸ গোটেই পৃথিবীখনেই সলনি হৈ নতুন যেন লগা হয়। চবফালে সকলো ধুনীয়া হৈ পৰে। স্কুটিখন চলাই অফিচলৈ আহি থাকোতে প্ৰচ্ছায়াৰ ভাৱ হৈছিল¸ তাই যেন বহুত দিন লগ পোৱা নাই পলাশক। কোনো ৰূপকথাৰ অপ্সৰাৰ দৰে পাখি দুখন পিঠিত লগাই মুহুৰ্ততে উৰি যাবলৈ মন গৈছিল। আস¸ প্ৰেমৰ অনুভৱেই সচাকৈয়ে আচৰিত¸ ব্যাকুল আকাংক্ষাই মনটোক চুই থৈ যায়।

একেই গতি আছিল পলাশৰো। ঘৰৰ পৰা ওলোৱাৰ আগতে প্ৰচ্ছায়াৰ মেছেজটো পঢ়ি সি বাৰে বাৰে তাইৰ ফটোখনতে চুমা খাইছিল। ইশ্বৰে যেতিয়া দিয়ে বুকু উপচাই দিয়ে। প্ৰাপ্তিৰ আনন্দত তাৰ দুচকু চপচপীয়া হৈ পৰিছিল। প্ৰাপ্তিৰ চকুলোখিনি বহু দেৰিলৈকে নমচাকৈয়ে ফোনত হাতত লৈ বহি ৰৈছিল সি। এই আনন্দখিনিৰ উপভোগৰ সময়খিনি এনেয়ে এৰি দিয়া নাযায়। মাকে ভাত বাঢ়ি নমতালৈকে খিৰিকিৰ কাষতে বহি ৰ’ল হেঁপাহখিনিৰ সৈতে। সোনকালেই আহি নিৰ্ধাৰিত সময়তকৈ আগতেই অাহি গেটৰ ওচৰতে সি ৰৈ আছিল। দূৰৰ পৰাই তাইক দেখি তাৰ বুকুৰ ধপধপনি বাঢ়িছিল। তাই আহি তাৰ ওচৰত ৰৈছিল।

‘ হাই ’
লাজ লাজ চাৱনিৰে তাই তালৈ চাইছিল। 
‘ হাই ’
পলাশ চঞ্চল হৈ উঠিছিল। গাম্ভীৰ্য্যতাৰ আবৰণ দলিয়াই তাইৰ দুচকুৰ গভীৰতাত তাৰ হেৰাই যাবলৈ মন গৈছিল। 
মুখৰ ভাষাই যেতিয়া প্ৰকাশৰ শব্দ নেপাই¸  চকুৰ ভাষাই কথা পাতে হেপাঁহৰ। 

হঠাতে কোনোবাই ওচৰতে কৃটিম কাহি দিয়াত দুয়োটা উচপ খাই উঠিছিল। ৰাণী কেতিয়া আহি দুয়োটাৰে পিছফালে থিয় দিছিল¸ সিঁহত এটায়ো গম পোৱা নাছিল।

‘ খুউব ধুনীয়া লাগিছে একেলগে দুয়োজনক। পলাশদা¸ আপুনি কিন্তু সাংঘাতিক লাকীদেই।’
মিচিকিয়াই ৰাণীয়ে জোকাইছিল দুয়োটাকে। লাজতে প্ৰচ্ছায়াৰ গাল দুখন সেন্দুৰীয়া হৈ পৰিছিল। সকলো কথা ৰাণীবাক কালিয়েই তাই কৈ দিছিল। হাঁহি দিছিল পলাশে। 
‘ লাকীতো হয়েই ৰাণী¸ নহলে জানো প্ৰচ্ছায়াক পাও।’
‘ সোনকালে বিয়াখনলৈ অপেক্ষা কৰিলোদেই।’
হাঁহি এটাৰে কৈ আঁতৰি গ’ল তাই। 

পলাশ মুগ্ধ হৈ পৰিছিল। পৃথিবীৰ সকলোতকৈ লাকী মানুহজন তাৰ যেন অনুভৱ হৈছিল। দুগুণ উৎসাহেৰে কামবোৰ কৰি পেলাইছিল। দুপৰীয়া বৈশ্যদাই তাক নিজৰ অফিচলৈ মাতিছিল। সি জানিছিল। এমোকোৰা হাঁহি মুখত লৈ সি বৈশ্যদাৰ কেবিনত সোমাইছিল। তাক দেখি প্ৰচ্চায়া আকৌ এবাৰ চঞ্চল হৈ উঠিছিল।

‘ পলাশ আৰু প্ৰচ্ছায়া¸ মই বুজাব নোৱাৰো¸ মই কিমান সুখী হৈছো। কিন্তু এই মূহুৰ্তত অলপ দোমোজাতো পৰিছো¸ পলাশ¸ তোক মই ভনীজোৱাই বুলি ভাবো নে প্ৰচ্ছায়াক ভাই বোৱাৰী বুলি ভাবো?’
হাঁহি হাঁহি বৈশ্যদাই দুয়োটালৈ চাইছিল। প্ৰচ্ছায়া লাজতে মুচকচ গৈছিল।  তাই জানিছিল যে কথাবোৰ বৈশ্যদাই গম পাইছিল। তাইৰ বেয়া লগা নাছিল। ভালপোৱাৰ কথা কবলৈ কাৰো বেয়া লাগিবই নোৱাৰে। 

‘ সম্পৰ্কৰ যিয়ে নাম নিদিয়ক বৈশ্যদা¸ মৰমবোৰ সদায় একেই ৰাখিব।’
পলাশে মিচিকিয়াই কৈ উঠিছিল। হাঁহিটো মুখত লৈয়ে বৈশ্যদাই মুৰ দুপিয়াইছিল।

‘ মোৰ মৰম আৰু আশীৰ্বাদ সদায়ে তহঁতৰ লগত থাকিব। প্ৰচ্ছায়া…মোৰ মৰমৰ ভাইটোক তোমাৰ হাতত গতালো¸ মৰমেৰে সদায় আঁৱৰি ৰাখিবা। আৰু তোকো কলো¸ মোৰ এই ভন্টিজনীৰ মুখত যেন সদায় এই হাঁহিটো থাকে। এই দায়িত্ব তোৰ।’

‘ প্ৰচ্ছায়া মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ বৈশ্যদা। তাই মোৰ উশাহ। মানুহে জানো নিজৰ উশাহক অনাদৰ কৰিব পাৰে। তাইৰ মুখৰ হাঁহিটোৰ বাবে সকলো কৰিম মই।’
বৈশ্যদাৰ কথা শুনি পলাশ আবেগিক হৈ পৰিছিল। হিয়াৰ আকুলতাৰে সি কৈ দিছিল। প্ৰচ্ছায়া মুগ্ধ হৈ পৰিছিল। বৈশ্যদা নথকাহেতেন চাগে দৌৰি গৈ তাৰ বুকুৰ মাজতে সোমাই পৰিলহেতেন তাই। মনৰ মাজতে কৈ উঠিল তাই¸
‘ ময়ো কথা দিছো পলাশ¸ কেতিয়াও তোমাৰ মুখলৈ হতাশা আহিব নিদিও।’
হঠাতে এটা আচৰিত কাম কৰি পেলালে প্ৰচ্ছায়াই। হাউলি বৈশ্যদাৰ ভৰিখন চুই কৈ উঠিছিল¸
‘ আশীৰ্বাদ কৰিব দাদা। আমাৰ যুগ্মজীৱন যেন মধুৰ হয়।’
প্ৰচ্ছায়াক দেখি পলাশো ৰৈ নাথাকিল। অন্তৰৰ শ্ৰদ্ধাখিনি উজাৰি দি সিয়ো পটকৈ হাউলি বৈশ্যদাৰ ভৰিখন চুই দিছিল। যেন কোনো বিগ্ৰহৰ সমুখত দুয়োটাই একেলগে সেৱা জনাইছিল। 

ক্ষনিকৰ বাবে বৈশ্যদা হতভম্ব হৈ পৰিছিল। হয়তো ইমানলৈ তেৱো ভবা নাছিল। তেওৰ মনটো হঠাতে উপচি পৰিছিল। 

‘ ঐ কি কৰিছ হব হব উঠ।’
দুয়োটাৰে মুৰত হাত ফুৰাইছিল বৈশ্যই। তেও অভিভূত হৈ পৰিছিল। এই ল’ৰা-ছোৱালীহালক মুৰৰ চুলি চিঙি হিয়া উজাৰি আশীৰ্বাদ দিছিল। 
ভাল হওক ইহঁতৰ। ভাল হওক।

বৈশ্যদাৰ কেবিনৰ পৰা সুখৰ মহানুভৱ লৈ পলাশ ওলাই আহিছিল। হৃদয়ৰ সাগৰৰ হেঁপাহৰ ঢৌবোৰে মধুৰ সপোন এটা ৰচি পেলাইছিল। তাৰ আনন্দৰ ঠিকনা নাছিল। প্ৰচ্ছায়াৰ প্ৰেমে তাৰ জীপাল কৰি তুলিছিল। নিৰস জীৱনটোলৈ হঠাতে মায়া জাগিছিল। আনহাতে প্ৰচ্ছায়া! তাইৰতো জীৱনৰ বাবে সি শ্ৰেষ্ঠ উপহাৰ হৈ আহিছিল। 

---

‘ মাইনা¸ আহাচোন। ’
সন্ধিয়া ভনীয়েকক মাতি নিজৰ ৰুমলৈ লৈ আহিছিল প্ৰচ্ছায়াই। তাইৰ উচ্ছাস দেখি প্ৰত্যাশা কৌতুহলী হৈ পৰিছিল।
‘ কোৱা বা।’
বায়েকৰ ওচৰতে আহি বহিছিল প্ৰত্যাশা।

‘ মাইনা¸ আই নিড য়’ৰ হেল্প। এক্সুৱেলি আই লাভ হিম। ৱি প্ৰমিজড্ টু লিভ লাইফ ৱিথ ইচ্ছ আদাৰ। চ’ …।’
লাজুকী চাৱনিৰে চাই কৈ দিছিল প্ৰচ্ছায়াই। কিছুমান কথা অসমীয়াত কোৱাতকৈ ইংৰাজীত কবলৈ ভাল।

‘ হুম? কাক প্ৰমিজ কৰিলা তুমি?’
একো নুবুজাৰ দৰে প্ৰত্যাশালৈ বায়েকলৈ চাইছিল।
‘ ইউ ন’ হিম। পলাশ।’
প্ৰত্যাশাৰ হাতখন খামুচি ধৰিছিল প্ৰচ্ছায়াই। প্ৰত্যাশাৰ বুকুখন চিৰিংকৈ মাৰিছিল। শেষ আশাত অন্তিম গজালটো মাৰি বায়েকৰ কথাষাৰে তাইৰ বুকুত শেলে বিন্ধি যোৱাৰ দৰে গৈছিল। কষ্টকৈ হাঁহি এটা মুখত লৈ কৈছিল তাই¸

‘ কংগ্ৰেটছ বা। তুমি সচাকৈয়ে সঠিক ডিছিছন এটা ল’লা। কিন্তু …তেওলোকক কি কবা?’
কথাষাৰ মনত পৰি প্ৰত্যাশা চিন্তিত হৈ পৰিছিল। যদি সেইখন ঘৰেও ছোৱালী পচন্দ হোৱা বুলি জনাই¸ দেউতাক লাজত নপৰিবনে! বায়েকৰ দৰে ধুনীয়া ভাল ছোৱালী এজনীকনো কিদৰে অপচন্দ কৰিব পাৰিব তেওলোকে। এইবাৰ আশংকাটোৱে বাৰুকৈয়ে চিন্তাত পেলালে তাইক। কিন্তু তাইৰ সেই চিন্তা আঁতৰ কৰি বায়েকে হাঁহি দিছিল।

‘ ড’ন্ট ৱৰী। তেওলোকৰ ৰিজাল্ট একো নাহে।’
‘ মানে…তুমি ল’ৰাটোক কৈ দিলা! য়ু আৰ গ্ৰেট বা।’
‘ উম।’
হাঁহি হাঁহি প্ৰচ্ছায়াই সাবতি ধৰিলে ভনীয়েকক। 

কিন্তু প্ৰচ্ছায়াই ভবাৰ দৰে চাবলৈ অহা মানুহঘৰে খবৰ নিদিয়াকৈ থকা নাছিল। সেইদিনাই সন্ধিয়া দেউতাকৰ ফোনত ফোন আহিছিল ল’ৰাৰ দেউতাকৰ। যদি ছোৱালীৰ মনৰ মাজত কোনোবা আছিলেই মিছাতে মানুহ এঘৰক মাতি আহিব কোৱাৰ কি অৰ্থ আছিল। নম্ৰতাৰে কথাখিনি কৈ সিফালৰ মানুহজনে ফোন ৰাখিছিল। বাকৰুদ্ধ হৈ পৰিছিল প্ৰচ্ছায়াৰ দেউতাক। আদৰৰ বৰ জীয়ে যদি কাৰোবাক কথা দি থৈছিলেই¸ কিয় আগতে কোৱা নাছিল তেওলোকক। কিয় বিয়াৰ বাবে প্ৰস্তাব অহাৰ পিছত মানুহঘৰ আহিব খোজোতেও একো কোৱা নাছিল!
একো উত্তৰ বিচাৰি নাপায় তেও। ইচ্ছা কৰা হলে তেতিয়াই ফোন কৰি প্ৰচ্ছায়াক বা ঘৈনীয়েকক কব পাৰিলেহেতেন। কিন্তু নকৰিলে। সন্ধিয়ালৈকে মনটোক বুজাই ধৈৰ্য্য ধৰি থাকিল। সন্ধিয়া অফিচৰ পৰা আহি ড্ৰয়ি ৰুমতে চোখাখনত হেলান দি বহি পৰিল।আনকালে দেউতাকে আহিয়েই দুয়োজনীকে প্ৰথমে মাতে। কিন্তু আজি কাকোৱেই মাতিব মন নগল তেওৰ

‘ পাপা¸ আহিলা। যোৱা ফ্ৰেছ হৈ আহাগৈ। মই চাহ কৰোগৈ।’
দেউতাক অহা দেখি প্ৰচ্ছায়াই হাঁহি মাৰি কৈ উঠিছিল। 
‘ হমম। অ’।’
এবাৰ প্ৰচ্ছায়াৰ ফালে চাই লাহেকৈ উঠি গল দেউতাক।

সুযোগৰ অপেক্ষাত ৰৈছিল তাই। কথা আছিল¸ যেতিয়া মাক-দেউতাক দুয়োজনেই একেলগে বহিব¸ তেতিয়াই প্ৰথমে ভনীয়েকে লাহেকৈ কথাবোৰ উলিয়াব। যিমানেই সাহসী নহওক¸ নিজৰ প্ৰেমৰ কথা মাক-দেউতাকৰ আগত উলিয়াবলৈ লাজ লাগিছিল প্ৰচ্ছায়াৰ।
অৱশ্যে সেই সময়খিনি আহিছিল। কিন্তু ঘটনাটো তাই নিয়ন্ত্ৰণলৈ নিব খোজাৰ আগতে দেউতাকে কবলৈ আৰম্ভ কৰিছিল। 

‘ তেওলোকৰ ৰিজাল্ট আহিল। এই বিয়াখন নহবগৈ বুজিছা।’
গভীৰ দুখেৰে মানুহজনে কৈ উঠিছিল।
‘ কিইইই ’
প্ৰচ্ছায়াৰ মাক যেন আকাশৰ পৰাহে সৰি পৰিছিল। মাজনীক তেওলোকে কেনেকৈ ৰিজেক্ট কৰিব পাৰে! ইমানদিনৰ পৰাতো তেওলোকেই খুজি আছিল। কথাটো অহজমৰ দৰে ওলাই মানুহজনীৰ খঙলৈ ৰূপান্তৰিত হৈছিল।

‘ কেনেকৈ ৰিজেক্ট কৰিব পাৰে তেওলোকে। মাজনীৰ দৰে ছোৱালী তেওলোকে এই গুৱাহাটীতে চাগে নাপায়। মই সুধিম বৰানীক। কিয় ভাবিছে তেওৰ ৰিলেটিভে। প্ৰপ’জেল আমি দিয়া নাছিলোতো!’
মাকৰ খংটো গৈ গৈ এইবাৰ কোনোবা বৰানীৰ ওপৰতে উঠিছিল।

‘ অণু …অণু¸ কথাবোৰ তুমি ভবাৰ দৰে হোৱা নাই। তেওলোকে আমাৰ ছোৱালীক ৰিজেক্ট কৰা নাই। তোমাৰ ছোৱালীয়েহে ল’ৰাক ৰিজেক্ট কৰিছে। দেউতাকে নিজেই কৈছে মোক¸ মাজনীয়ে হেনো কৈছিল কৌশিকক আন কাৰোবাক ভালপোৱা বুলি। কিন্তু এই কথাটো মাজনীয়ে আমাক আগতে নজনালে কিয়? আমি কি তাইৰ বেয়া চিন্তা কৰিলোহেতেন!’
গভীৰ দুখেৰে কথাবোৰ ওলাই আহিছিল। মাক মুক হৈ পৰিছিল। গিৰিয়েকৰ মুখত কথাবোৰ শুনি বাকৰুদ্ধ হৈ পৰিছিল। অৰ্ণৱৰ সতে সম্বন্ধটো ভাঙি যোৱাৰ পিছত তাই কাৰোৱেই সতে সম্বন্ধ কৰিব খোজা নাছিল। সেইবাবেই তেওলোকক সুখী কৰিবলৈ বিয়াত সন্মতি দি ল’ৰাটোক ৰিজেক্ট কৰি দিলে নেকি! কথাটো ভবাৰ লগে-লগে বুকুখন চিৰিংকৈ মাৰিল তেওৰ। এনেকৈ হলে দেখোন তাই আকোৱেই আপোন কৰিব নোৱাৰিব।

‘ হেৰি¸ তাই চাগে কাকোৱেই ভাল নাপায়। বোধহয় এতিয়াও বিয়াত বহিবলৈহে মন কৰা নাই।’
নিজৰ মনৰ আশংকা প্ৰকাশ কৰিলে মাকে।

‘ কিন্তু তাৰ বাবেই এনেয়ে আমাৰ আগত সন্মতি দিয়াৰ কি দৰকাৰ আছিল! মানুহঘৰৰ ওচৰত আমি লাজ নাপালোনে!’ 
সেমেকি উঠা দুচকুৰে তেও ঘৈনীয়েকৰ চকুলৈ চাইছিল। মানুহজনীও চিন্তিত হৈ পৰিছিল। উত্তৰ তেওলোকৰ ওচৰত নাছিল। 

‘ মাজনী, মাজনী …।’
হঠাতে খঙেৰে মানুহজনীয়ে ভিতৰলৈ চাই চিঞৰিছিল।

--

প্ৰচ্ছায়াই ভয় খাইছিল। আচলতে ভয়তকৈ তাইৰ বেয়া লাগিছিল বেছি। কেনেকুৱা পৰিস্থিতিৰ দেউতাকে মুখামুখি হৈছিল¸ তাই অনুভৱ কৰিব পাৰিছিল।  কথাবোৰ তাই ভবাৰ দৰে হোৱা নাছিল। হঠাতে সেই মানুহঘৰলৈ খং উঠে তাইৰ। কিয় বাৰু ইমান সোনকালেই তেওলোকে খবৰটো দিবলৈ উদগ্ৰীব হৈ পৰিল। নে তাই ৰিজেক্ট কৰাৰ বাবেই তেওলোকে কিবা কাৰণে অপমানিত বোধ কৰি তেওলোকে কথাটো জনাবলৈ ইমান খৰখেদা লগালে। ওহো¸ ভুল চাগে তেওলোকৰ নাই। তাইৰে ভুল। সেইদিনাই ৰাতিলৈ ঘৰত তাই কথাবোৰ খুলি কোৱাটো দৰকাৰ আছিল। কাষৰ ৰুমত মাক আৰু দেউতাকে পাতি থকা কথাবোৰ শুনি তাইৰ মুখখন শুকাই গৈছিল। যদিও লোকৰ কথা শুনাটো বেয়াকাম¸ কবলৈ সুযোগ বিচাৰি তাই কাষৰ ৰুমটোতেই আছিল। তাইৰ কাষতে ভনীয়েকেও কথাবোৰ শুনি আছিল। মাকে মতা শুনি ভয়তে এবাৰ প্ৰত্যাশাৰ মুখলৈ চাইছিল প্ৰচ্ছায়াই।
‘ কি হব এতিয়া!’ তাইৰ চকুৱে মুখে আতংকৰ ভাৱ এটাই বিৰাজ কৰিছিল।
‘ ভয় নকৰিবা¸ ঠিক হৈ যাব চব।’
চকুৰ ঠাঁৰেৰেই ইংগিত দি বায়েকৰ কান্ধত হাত এখন ৰাখিছিল প্ৰত্যাশাই। দীঘলকৈ উশাহ এটা লৈ প্ৰচ্ছায়া ওলাই আহিছিল। তাইৰ আঁচল যুঁজখন এতিয়াহে আৰম্ভ হৈছিল।

‘ মাজনী¸ কিয় শুনিলো এইবোৰ! তুমি বোলে কৌশিকক আন কাৰোবাক ভালপাও বুলি কৈছা।’
কথাষাৰ কওতে মাকৰ খঙতকৈও দুখবোধহে বেছিকৈ প্ৰকাশ হৈছিল। আজিলৈ টানকৈ এবাৰো কৈ পোৱা নাই ছোৱালী দুজনীক। তেওৰ খুউব দুখ লাগিছিল¸ এই ছোৱালীজনীয়ে তেওলোকক সুখী হবলৈ নিদিবই নেকি! তাই কি আজীৱন অবিয়ৈ হৈ থকাৰে সিদ্ধান্ত ললে। আশংকাৰ ছবিখন মনলৈ অহাৰ লগে-লগে দুটোপাল চকুলো ওলাইছিল। ঠিক একেই দুখেৰে উদাসীন হৈ দেউতাকে চকুৰ নিমিহ নকৰাকৈ তাইলৈ চাই আছিল। তেওৰ চকুহালিয়ে যেন কৈ উঠিছিল¸
‘ কিয় এনেকুৱা কৰিলা মাজনী¸ কিয়?’

আৰু নিজকে চম্ভালিব নোৱাৰিলে প্ৰচ্ছায়াই। মাকৰ কাষলৈ আহি উচুপি উঠিল তাই।

‘ মা¸ পাপা¸ ছ’ৰী। তোমালোকক কথাবোৰ আজি কব খুজিছিলো। কিন্তু তাৰ আগতে তোমালোকে গম পালা। ভুল হৈ গ’ল¸ কথাবোৰ সেইদিনাই তোমালোকক কব লাগিছিল। মই সচাকৈয়ে কাৰোবাক ভালপাও।’

মাক দেউতাক দুয়োজন উচপখাই উঠিছিল। কোনো মাক-দেউতাকেই কেতিয়াও সন্তানৰ দুচকুত চকুপানী চাব নোৱাৰে। তাইৰ চকুত চকুপানী দেউতাকৰ মনটোৱে হাঁহাকাৰ কৰি উঠিছিল। আজিলৈ কোনোদিনেই এনেকৈ দূৰ্বল হোৱা নাছিল।

‘ মাজনী¸ তুমি কান্দিছা কিয়? খুলি কোৱাচোন কথাবোৰ।?

‘ পাপা¸ মোৰ বাবেই তুমি মিছাতে অপমানিত হব লগা হ’ল। আইম ছ’ৰী পাপা।’
এইবাৰ দেউতাকৰ ওচৰত বহি তেওৰ কোলাত মুৰটো গুজি দিলে তাই।

‘ একো অপমানিত হোৱা নাই মাজনী। কেতিয়াবা সন্তানৰ মনৰ কথা নুবুজি মাক-দেউতাকৰ ভুল হব পাৰে। সেয়া দৰকাৰী নহয়। দৰকাৰী তুমি সুখী হোৱাটোহে।’
এইবাৰ আলফালে জীয়েকৰ চকুপানীখিনি মছি দিলে তেও।

আশংকা কৰাৰ দৰে কথাটো নোহোৱাৰ বাবে মাকৰ মুখলৈ সামান্য হাঁহি ওলাইছিল। কিন্তু মূহুৰ্ততে আকৌ সেই হাঁহি মাৰ গৈ উৎকণ্ঠিত হৈ উপৰাউপৰিকৈ সুধি পেলালে।

‘ ক’ৰ লৰা? কি কৰে? কি নাম?’

‘ মা¸ পাপা¸ বায়ে ভালপোৱা ল’ৰাজনক তোমালোকে চিনিপোৱা। দেখিছা¸ কথাও পাতিছা।’
এইবাৰ বায়েকৰ সলনি প্ৰত্যাশাই হাঁহি মাৰি কৈ মাক-দেউতাৰ পিছফালে থিয় দিলেগৈ।

‘ হা ’
আশ্বৰ্য্যত মাক-দেউতাকৰ চকু দুটা বহল হৈ পৰিছিল।

‘ বা¸ নামটো কৈ দিয়া আক’ 
এইবাৰ বায়েকলৈ চাই মিচিকিয়ালে প্ৰচ্ছায়াই। গোমা পৰিবেশটো অলপ পাতল কৰিবলৈ চেষ্টা কৰিছিল তাই।

মাক-দেউতাক দুয়োজনেই আচৰিত হৈ এবাৰ প্ৰত্যাশাৰ ফালে চাই প্ৰচ্ছায়ালৈ চালে। তাৰমানে মাইনায়ো কথাবোৰ জানে। 
‘ মই পলাশক ভালপাও¸ সিয়ো মোক বহুত ভালপায়।’
লাহেকৈ কৈ লাজতে তলমুৰ কৰিলে প্ৰচ্ছায়াই।

‘ পলাশ? কোন পলাশ? তলত থকা ল’ৰাটো?’
মাক অধৈৰ্য্য হৈ পৰিছিল। নামটো শুনাৰ লগে-লগে তলত ভাড়া থকা ল’ৰাজনৰ নামটো তেওৰ মনলৈ আহিল।
‘ উম ’ প্ৰচ্ছায়াই মুৰ দুপিয়াইছিল।

পলাশৰ নাম শুনাৰ লগে-লগে দেউতাক মুক হৈ পৰিছিল। ল’ৰাটোৰ লগত বহুহাৰ কথা পাতিছে তেও। নম্ৰ¸ ভদ্ৰ ল’ৰা। কিন্তু বিয়াৰ বাবে সেয়াই একমাত্ৰ দৰকাৰী কথা নহয়। ভাল সংস্থাপন আৰু ফেমিলী বেকগ্ৰাউণ্ডটো বিশেষ গুৰুত্ব দিবলগীয়া। আজিকালিৰ ছোৱালীয়ে আবেগৰ বশৱৰ্তী হৈ কথাবোৰ নাভাবে। সি বাৰু দৰমহায়েই পাই কিমান! জীয়েকক সুখত ৰাখিব পাৰিবনে? কথাবোৰে জুমুৰি দি ধৰিছিল মানুহহালক।

‘ কিন্তু মাজনী¸ তাৰ ঘৰৰ পৰিবেশ কেনেকুৱা¸ মানুহবোৰ কেনেকুৱা একোৱে নাজানো।’
এইবাৰ আশংকাখিনি চিন্তাহৈ দেউতাকৰ মুখেৰে ওলাই আহিছিল।

‘ সি খুউৱ ভাল ল’ৰা পাপা। সাধাৰণ ঘৰৰ ল’ৰা। যথেষ্ট কষ্টকৈ ডাঙৰ হোৱা ল’ৰা। পাপা¸ জানা সিয়ো তোমাৰ দৰেই। আজিলৈ একো বেয়া বস্তু মুখলৈ নিয়া নাই। তোমালোককো খুউব ভালপায়¸ ৰেচপেক্ট কৰে।’

‘ কিন্তু মাজনী¸ তই কৈছ¸ তহঁতৰ অফিচৰ দৰমহাও কম। সিয়ো চাগে বেছি দৰমহা নাপায়। চলিব কেনেকৈ? ৰাখিবই বা ক’ত? তাৰোপৰি সি গাঁৱৰ ল’ৰা। তই সৰুৰে পৰা গুৱাহাটীত ডাঙৰ হৈছ। সেই গাঁৱত গৈ মিলিবি কেনেকৈ? তই দুখ নাপাবিনে পিছলৈ?’

প্ৰচ্ছায়াই জানিছিল যে এনেবোৰ প্ৰশ্নৰ সমুখীন হবই। সেয়ে মাকৰ প্ৰশ্ন শুনি তাই দমি নগল। মুখত লৈ থকা উত্তৰটো কৈ দিলে¸

‘ তাৰ গাঁৱখন ঘোকোট গাঁৱ নহয় মা। গুৱাহাটীৰ পৰা মুঠেই আড়ৈঘন্টাৰ বাট। আজিকালি গাঁৱতো চহৰৰ সমানেই সুবিধা হৈছেগৈ। বহুক্ষেত্ৰত হয়তো ইয়াতকৈয়ো ভালহে। আৰু মা¸ কিয়নো ভাবিছা চাকৰীটো ভাল নহয় বুলি। কোম্পানীৰ চাকৰীহে¸ সদায়তো এইটোৱেই কৰি নাথাকে। ভাল কাম চাগে পাবই। আৰু জানা¸ অট্টালিকাত অসুখী হৈ থকাতকৈ সৰু ঘৰ এটাত মনৰ মানুহজনৰ লগত সুখী হোৱাটোৱেই ভাল চাগে।’
কথাখিনি কৈ প্ৰচ্ছায়ই মাক-দেউতাকৰ মুখলৈ চাইছিল। দুয়োজন মানুহ হতভম্ব হৈ পৰিছিল। প্ৰচ্ছায়া নিজেও আচৰিত হৈছিল। সংকোচ এৰি মাক-দেউতাকৰ সমুখত এনেকৈ কবলৈ ইমানখিনি সাহস তাই কেনেকৈ পাইছিল। চাগে প্ৰেমৰ শক্তিয়ে এনেকুৱা। সমস্ত পৃথিবী বিপৰীত ফালে গলেও যুঁজিবলৈ শক্তি পোৱা যায়।

‘ কিন্তু মাজনী¸ জীৱনৰ ডিচিছমবোৰ আবেগিক হৈ নলবা।’
দেউতাকে বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু তাই নাছোৰবান্দা। পলাশক বাদ একো কথাই ভাবিবলৈ তাই ইচ্ছুক নহয়।

‘ মই তাক বহুত ভালপাও পাপা। সিয়ো মোক বহুত ভালপায়। মোক নাপালে সি মৰি থাকিব পাপা। ময়ো তাৰ অবিহনে কেতিয়াও সুখী হব নোৱাৰিম। প্লিজ পাপা¸।’
প্ৰচ্ছায়াৰ দুচকু বাস্পাকুল হৈ পৰিছিল। যদি দেউতাকে নহব বুলি কয়¸ সিঁহতৰ ভবিষ্যত ভাল নহব। শেষবাৰৰ বাবে দেউতাকক অনুৰোধ কৰিছিল তাই।

অলপদেৰি দেউতাকে তাইৰ মুখলৈ চাই ৰৈছিল। বিভিন্ন কথাই অগা-দেৱা কৰিছিল তেওৰ মনত। জীয়েকৰ সুখেই তেওলোকৰ সুখ।

‘ ঠিক আছে। তুমি মাতা তাক কাইলৈ¸ কথা পাতো আমি।’
জীয়েকৰ গালত আলফুলে হাত বুলাই তেও কৈ উঠিছিল। প্ৰচ্ছায়াৰ মুখখন উজ্জল হৈ পৰিছিল। ফুৰ্তিতে দেউতাকক সাবতি ধৰিছিল তাই।
‘ থেংকিউ পাপা।’

মাক হতাশ হৈ পৰিছিল। লোকৰ ছোৱালীবোৰ বিয়াহৈ বেংলোৰ¸ মুম্বাইলৈ যায়। আৰু তেওৰ ছোৱালীয়ে বাছি ল’লে এখন গাঁৱলৈহে বোৱাৰী হৈ যাবলৈ। কৌশিক নামৰ বাংগালোৰত কৰ্মৰত ইঞ্জিনিয়াৰজনৰ লগত পলাশৰ তুলনা কৰি মাকৰ মনটো বেয়া লাগি গৈছিল। কিন্তু গিৰিয়েকে পিছদিনা পলাশক কথা পাতিবলৈ মতা কথাটোত একো মাত নামাতিলে। জীয়েকৰ স্পষ্টবাদীতাত তেও নিজেও আচৰিত হৈছিল। সেয়েহে তাইৰ সমুখতে কথাবোৰ আলোচনা কৰাতকৈ পিছত অকলে গিৰিয়কৰ সতে আলোচনা কৰাটোহে উত্তম হব বুলি ভাবিছিল।

‘ হেৰি¸ তাই কলে বুলিয়েই আমি জানো এনে এটা সিদ্ধান্ত লোৱাটো উচিত হব! তাইৰ ভবিষ্যতটোৰ কথাওটো আমি ভাবিব লাগিব!’
প্ৰচ্ছায়া নথকা সময়ত মাকে কৈছিল দেউতাকক। 

‘ তুমি তাইৰ মনৰ দৃঢ়তা দেখা নাই জানো অণু। মাজনী অবোধ ছোৱালী নহয়। তাই এজনী মেছিয়ৰ্ড ছোৱালী। তাইৰ ভালেইতো আমাৰো ভাল। কালি কথা পাতো দিয়া তাৰ লগত। তাই সুখী হলে¸ আমি আপত্তি নকৰো দিয়া।’
মাকলৈ চাই লাহেকৈ হাঁহি মাৰিছিল দেউতাকে।

কথাখিনি পলাশক জনাবলৈ প্ৰচ্ছায়া নিজৰ ৰুমলৈ উঠি আহিছিল। সমস্যাটো আধাখিনি সমাধান হৈ গৈছিল। তাই ভবাতকৈয়ো সহজেই দেউতাকে তাৰ সতে কথা পাতিবলৈ সন্মত হৈ পৰিছিল।

‘ অই’ শুনানা¸ গুড নিউজ এটা আছে।’
পলাশে ফোনটো উঠোৱাৰ লগে-লগে তাই হাঁহি মাৰি কৈ উঠিল।

‘ কোৱা প্ৰচ্ছায়া ’
কথাটো কি হব পাৰে পলাশে অনুমান কৰিব পাৰিছিল। তেতিয়া ভাতমুঠি বহাবলৈ উদ্যত হৈছিল মাথোন। প্ৰচ্ছায়াৰ ফোনটো দেখি তেনেকৈয়ে এৰি উঠি আহিছিল।

‘ এনেকৈ নহয়। বাহিৰলৈ ওলাই আহা।’
তাইৰ আব্দাৰ দেখি মিচিকিয়াই বাহিৰলৈ ওলাই আহিল সি। বেলকনিত তাই ৰৈ আছিল। তলৰ পৰাই তাইলৈ চাই হাঁহিলে সি।

‘ পলাশ¸ পাপাই তোমাক কালি মাতিছে। গম পাইছে কথাবোৰ।’
‘ হা¸ তুমি কলাই নেকি! কি বা সোধে মোক।’
তাৰ ভয় লাগিছিল। আঁচল বিপদতো যেন এতিয়াহে আহিছিল। প্ৰচ্ছায়াৰ মাক-দেউতাকে সন্মতি দিব জানো। দিবনে তাৰ দৰে সাধাৰণ ঘৰৰ ল’ৰালৈ ছোৱালী। যদি তেওলোকে নাকচ কৰি দিয়ে! দূৰ্ভাবনাই হঠাতে তাৰ মুখলৈ গোমা ৰং সানি দিছিল। প্ৰচ্ছায়াক কি কব ভাবি নাপায় মনে-মনে ৰ’ল সি। 

‘ পলাশ¸ কি ভাবিছা? ভয় কৰিব নালাগে। পাপাই মোৰ সুখ বাদ দি কেতিয়াও একো ডিচিছন নলয়।’

‘ হমম¸ ভয়তো হবই প্ৰচ্ছায়া। যাক আটাইতকৈ বেছি ভালপোৱা যায়¸ হেৰুৱাৰ ভয়ো যে আটাইতকৈ বেছিয়েই হয়। পাৰিমজানো সচাকৈ পাপাৰ মনটো জয় কৰিবলৈ। তেও যদি ৰিয়েলিটিৰ ধামখুমীয়াত অযোগ্য বুলি ধৰি লয়!’

‘ তুমি এনেয়ে ভয় কৰিছা পলাশ। মা¸ পাপাই মানি নললেও জানো মই হাঁত-সাবতি বহি থাকিম। আৰু মা¸ পাপাক বুজাব নোৱাৰাকৈ মোক বুৰ্বক ছোৱালী বুলি ভাবিলা নেকি? আফটাৰ অল চিটিৰ স্মাৰ্ট গাৰ্ল মই।’
লাহেকৈ হাঁহিলে তাই। তাৰ মুখতো সেমেকা হাঁহি এটা বিৰিঙিল। পৰীক্ষা শেষ নোহোৱালৈকে ভয় এটা থাকেই। ৰিজাল্ট নোপোৱালৈকে সেয়েহে শেষ নহয় পৰীক্ষাৰ্থীৰ উদ্দিগ্নতা।

‘ পলাশ শুনানা¸ তুমি যেতিয়া ৰাতিপুৱা মোক গুড মৰ্ণিং প্ৰিঞ্চেছ বুলি কৈ উঠোৱা¸ কিমান ভাললাগে বুজাব নোৱাৰো। বিয়াৰ পিছতো এনেকৈ আদৰেৰে মাতিবানে? মোক কিন্তু সদায়েই সাধু কৈ শুৱাব লাগিব। এজনী সৰু ছোৱালীৰ দৰে তোমাৰ কোলাত মুৰ থৈ টোপনি যাম মই।’
তাইৰ আকুলতাত সি পাহৰি যায় পিছদিনাৰ দূৰ্ভাৱনাৰ কথা। হিয়াৰ আকুলতাৰে সিয়ো কৈ উঠে¸
‘ কিয় নামাতিম! মোৰ জীৱনৰ তুমি সদায়েই ৰাজকুমাৰী। এপাহ ফুলৰ দৰে ধুনীয়া ৰাজকুমাৰী। তোমাৰ বাবেইতো মোৰ বুকুত সাৰপাই উঠে হেঁপাহবোৰ। তোমাৰ এই ধুনীয়া হাঁহিটোৰ বাবে মইযে মৰি যাবও পাৰো।’

‘ চু…মৰাৰ নকবা¸ প্লিজ। কেতিয়াবা নকবা। নহলে মই কান্দি দিম। তোমাৰ সতে জীৱনটো হাঁহি হাঁহিয়েই পাৰ কৰিব খোজো মই।’
মাতটো কৰুণ হৈ পৰে তাইৰ।

---- 

আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib