Now you can Subscribe using RSS

Submit your Email

Sunday 12 July 2020

Bad boy ঃ33

Unknown

                            [ তেত্ৰিশ ]



‘ তুমি বাৰু মাজনীক কিয় ভালপোৱা?’
পলাশ হতভম্ব হৈ পৰিছিল। এইটো বাৰু কেনেকুৱা প্ৰশ্ন! আচৰিত হৈ এপলক মানুহজনৰ চকুলৈ চাইছিল। ওহো¸ নোৱাৰে। চকুযোৰলৈ বৰকৈ চাই থাকিবলৈ অসুবিধা। ঈগলৰ দুযোৰ তীক্ষ্ণ চকুৱে যেন তাক পৰীক্ষা কৰিছিল। চিকাৰ ধৰাৰ আগমূহুৰ্তত চোৱাৰ দৰে।

’ নিৰ্দিষ্ট একো কাৰণ কব নোৱাৰো। মাথো কব পাৰো¸ প্ৰচ্ছায়া অবিহনে মোৰ জীৱন বৃথা যেন লাগে। অসম্পূৰ্ণ অনুভৱ কৰো নিজকে। তেও কাষত থাকিলে গোটেই পৃথিবীখনকে জয় কৰাৰ সাহস পাও।’
একো নভবাকৈয়ে কৈ দিলে সি। যাহ¸ যি হয় হব! ইমান সহজে হাৰ নামানেতো সি। প্ৰশ্নটোৱেই তাৰ বাবে ভুল যেন লাগিছিল। যদি তেও সুধিলেহেতেন¸ কিমান ভালপোৱা? ক’লেহেতেন নিজৰ জীৱনতকৈয়ো বেছি ভালপাও। আপুনি নিজৰ জীয়েকক যিমান ভালপায়¸ ময়ো মোৰ প্ৰেয়সীক সিমানেই ভালপাও। যদি সুধিলে হেতেন¸ কি কৰিব পাৰিবা? তপৰাই ক’লেহেতেন¸ প্ৰমাণ দিবলৈ মই মৰি যাব পাৰো। এতিয়াই আপোনাৰ অট্টালিকাৰ চাদৰ পৰা চকু মুদি জপিয়াই দিব পাৰো। কিন্তু সুধিলে কিয় ভালপোৱা? কোন প্ৰেমিকে বাৰু কব পাৰিব। ভালপোৱাৰ কিবা কাৰণ থাকে নেকি! ভাৱপোৱা হৈহে যায়। সভয়ে মানুহজনৰ চকুলৈ চালে সি।

চাগে উত্তৰটোৱে প্ৰচ্ছায়াৰ দেউতাকক সন্তুষ্ট কৰিছিল। চকুৰ তীক্ষ্ণ দৃষ্টি এইবাৰ চকমকনিলৈ ৰূপান্তৰিত হৈছিল।

‘ তুমি ক’ত চাকৰী কৰা জানো। কিন্তু কি পোষ্টত আছা¸ কিমান দৰমহা পোৱা কোৱাচোন?’
পূৰ্বৰ দৰেই একেই তীক্ষ্ণ দৃষ্টিৰে সুধিলে প্ৰচ্ছায়াৰ দেউতাকে। পলাশ এইবাৰ আচৰিত নহল। প্ৰচ্ছায়াই যে তাৰ বিষয়ে কোৱা নাই¸ সেয়া হব নোৱাৰে। কিন্তু তেও তাৰ মুখৰ পৰা শুনিব খোজে। খুজিবই¸ জীয়েকৰ ভবিষ্যতৰ কথা আছে। মনতে হাঁহিলৈ একেই নম্ৰতাৰে কৈ থাকিল।
‘ বৰ্তমান মই তাত চেলচ্ এণ্ড মাৰ্কেটিঙ মেনেজাৰ হিচাপে আছো। দৰমহাও বেছি নাপাও। সাতাইশ হাজাৰ পাঁচশ টকা পাও কাটি কুটি। ঘৰভাৰা দি মাহটো চলাৰ পিছত একৈশ বাইছ হাজাৰ থাকেগৈ।’

‘ মদ-ভাং¸ চিগাৰেট খোৱা?’
‘ ওহো। মদ-ভাং¸ চাধা¸ চিগাৰেট¸ বিৰি¸ আফিং¸ গাঞ্জা¸ জৰ্দাপাণ একো নাখাও। চকলেট খাও মাউথ ফ্ৰেছ কৰিবলৈ।’
সামান্য হঁহাৰ দৰে কৈ উঠিছিল সি। তাৰ মনত পৰিছিল¸ বহুদিন আগতে পঢ়া বাংলা গল্পএটাৰ বদমাছ নামৰ চৰিত্ৰটোৱেও এনেকৈয়ে উত্তৰ দিছিল। মাথো তাৰ পৰিবেশটো বেলেগ আছিল আৰু পলাশৰ বেলেগ।
‘ আগতে খাইছিলা নেকি?’
হঠাতে প্ৰচ্ছায়াৰ মাকে সুধিলে এইবাৰ।
আকৌ হাঁহিলে সি। কলে¸
‘ খুড়ী¸ আমাৰ ঘৰত মদ বৰ্জিত। কোনেও আজিলৈকে মুখত দি পোৱা নাই। আমি বেয়াবস্তু বুলি ঘিন কৰো। আজিলৈ মদ খোৱা নাই। আৰু ভবিষ্যতলৈও নিনিও। মই একোৱেই লুকুৱা নাই। সকলো কৈছো প্ৰচ্ছায়াক।’

‘ সচাইনে? ’
এইবাৰ প্ৰচ্ছায়াৰ দেউতাকৰ মুখখন উচ্ছাসিত হৈ পৰিল। সি মদ-ভাং নাখাই বুলি মাজনীয়ে কৈছিল। এতিয়া তাৰ মুখতো নাখায় বুলি শুনি তেও সুখী হৈ পৰিল। অৱশ্যে সি যে চাধা চিগাৰেট নাখাই তাৰ প্ৰমাণ তেও ইতিমধ্যেই পাইছে। তাৰ পৰিস্কাৰ দাঁত আৰু গুলপীয়া ওঠযুৰিয়ে সেই উত্তৰ দি দিছে। 

‘ চোৱা¸ মাজনী আমাৰ খুউব মৰমৰ। আজিলৈ কেতিয়াও দুখ শব্দৰ সতেও চিনাকি হোৱা নাই। তাই তোমালোক দুয়ো দুয়োকে ভালপোৱা বুলি কৈছে। সেয়ে মাতিছো। কিন্তু তোমাৰ বিষয়েতো আমি একোৱেই নাজানো। ক’ত ঘৰ? কোন কোন আছে?’

পলাশে বুজিলে¸ তেখেতে তাৰ সবিশেষ জানিব বিছাৰিছে। হয়তো এইটোৱেই তাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই উত্তৰটোৱেই হয়তো নিৰ্ধাৰণ কৰিব তেওলোকৰ মতামত। তেওৰ চকুলৈ চাই সি কৈ থাকিল।

‘ খুৰা¸ কামৰূপ জিলাৰ এখন গাঁৱত মোৰ ঘৰ। সাধাৰণ পৰিয়াল আমাৰ। দেউতা চৰকাৰী চাকৰিয়াল নাছিল। খেতি মাটিও নাছিল আমাৰ। সাধাৰণ চাকৰী এটা দেউতাই আমাৰ তিনিটা ভাই-ভনীক ডাঙৰ কৰিছে। চাৰিবছৰ আগতে ভন্টিৰ বিয়াখন হৈ গৈছে। এতিয়া মা-দেউতা¸ ভাইটি আৰু মই। ভাইটিয়ে এমবিএ কৰি ওচৰৰে কোম্পানী এটাত এচিষ্টেন্ট মেনেজাৰ হৈ কাম কৰি আছে। আৰু ময়ে গ্ৰেজুৱেচন কৰাৰ পিছত পিজিডিবিএম কৰি আজি ইয়াত আছেহি। কিন্তু হয়তো সদায় নাথাকিম। চৰকাৰী চাকৰী বিছাৰি আছো। এইখিনিতে কব খোজো¸ যদিও কোৱা অনুচিত¸ বৰ্তমান চিভিলছৰ প্ৰস্তুতি চলাই আছো।’ এইখিনিলৈকে কৈ উশাহ এটা ল’লে সি। এবাৰ দুজনৰ মুখলৈ চালে আৰু কলে¸
‘ হয়তো আপোনালোকে সন্দেহ কৰিছে¸ মই প্ৰচ্ছায়াক হয়তো সিমানখিনি সুখ দিব নোৱাৰিম। যিমান আপুনি দিছে। কিন্তু মই আপোনাক কথা দিছো খুৰা¸ কেতিয়াও তাইক দুখ পাব নিদিও।’

তাৰ উত্তৰ শুনি প্ৰচ্ছায়াৰ দেউতাক সুখী হৈছিল। সাধাৰণ ল’ৰাটোৰ স্পষ্টবাদিতাই হয়তো মানুহজনক মোহিত কৰি পেলাইছিল। কিন্তু পলাশৰ কথাবোৰ শুনি প্ৰচ্ছায়াৰ মাক বিশেষ সুখী নহল। সাধাৰণ ঘৰৰ গাঁৱলীয়া ল’ৰা বুলি তাৰ মুখতে শুনাৰ পিছতে তেওৰ মুখখন সামান্য ক’লা পৰি গ’ল। আৰু কিবা এটা প্ৰশ্ন সুধিব লৈছিলহে। তাৰ আগতেই প্ৰচ্ছায়াৰ দেউতাকে ভিতৰলৈ চাই চিঞৰি মাতি দিলে¸
‘ মাজনী¸ মাজনী ’

ভিতৰৰ ৰুমটোতে প্ৰচ্ছায়া¸ প্ৰত্যাশা দুয়ো কথাবোৰ শুনি আছিল। পলাশৰ উত্তৰবোৰ শুনি প্ৰচ্ছায়াৰ মুখখন উজলি উঠিছিল। মিচিকিয়াই তাই ভুমুকিয়াই চাব খুজিছিল। প্ৰত্যাশাই বায়েকৰ কান্ধত ভেজা দি বায়েকক চিকুটি জোকাইছিল। কৃটিম খঙত বায়েকে ভনীয়েকলৈ চাইছিল। হঠাতে দেউতাকে মতাত প্ৰচ্ছায়া ওলাই আছিল। বায়েক অহা দেখি প্ৰত্যাশাও পিছে-পিছে সোমাই আহিল। পিছৰ কথাবোৰ তায়ো জানিব খোজে।

‘ পাপা¸ মাতিছিলা…’
আজলী ছোৱালীৰ দৰে প্ৰচ্ছায়াই দেউতাকৰ কাষলৈ আহিছিল।

‘ মাজনী¸ মোৰ ফালৰ পৰা তোমালোকৰ ৰিলেচনক গ্ৰীণ চিগনেল দি দিলো দেই। এতিয়া মাক সোধা। মায়ে বা কি কয়!’
‘ মইনো কি কম! তাইৰ ভালেই আমাৰ ভাল।’
এইবাৰ মাকেও কৈ দিলে।

প্ৰচ্ছায়াই এইখিনিলৈকেই যেন বাট চাই আছিল। দেউতাকৰ ডিঙিত মেৰিয়াই তাই কৈ উঠিল¸
‘ থেংকিউ পাপা।’
তেনেকৈয়ে থাকি তাই তাৰ চকুলৈ চাই থাকিল।

পলাশৰ ভাল লাগিছিল। লাজো লাগিছিল। ইমান সহজেই সিঁহতৰ সম্পৰ্কতো মানি লব বুলি সি কল্পনাও কৰা নাছিল। 

‘ আজিৰ পৰা মই আপোনাক জিজু বুলি মাতিমদেই।’
হাঁহি হাঁহি তাৰ কাষলৈ আহি প্ৰত্যাশাই কৈ দিলে। হঁহাৰ দৰে কৰি সিয়ো মুৰ দুপিয়ালে। ইমানপৰে সি পাহৰিয়ে পেলাইছিল যে এইখন ঘৰতে প্ৰত্যাশাও থাকে। হঠাতে মনত পৰি তাইৰ চকুলৈ চালে সি¸ ক’ৰবাত বাৰু তাইৰ চকুৰ কোণত বিষাদ লুকাই আছে নেকি! একেখন ঘৰৰে এজনী ছোৱালীৰ প্ৰেমক প্ৰত্যাখ্যান কৰি আন এজনীৰ প্ৰেমৰ বাবে আহিছিল সি। মূহুৰ্তলৈ তাৰ মনটো সেমেকি উঠিছিল। কিন্তু তাইৰ চকুত তেনে একো দুখ নেদেখিলে সি। 
প্ৰত্যাশা বুদ্ধিমতী। তাই জানে ক’ত কেনেকৈ আবেগবোৰ লুকুৱাব লাগে। হাঁহি হাঁহি আকৌ কলে তাই¸
‘ জিজু¸ আপুনি কিন্তু বাক কেতিয়াও কষ্ট নিদিবদেই। নহলে কিন্তু আপোনাৰ ঘৰলৈ গৈ মই এমাহলৈকে থাকিম।’
মুখৰ পৰা ঘপকৈ ওলাই যোৱা কথাষাৰলৈ মন কৰি অলপ থমকিল তাই। পাৰিব জানো সচাকৈ তাৰ ঘৰত এমাহ থাকিব। পিছ মূহুৰ্ততে আকৌ হাঁহিটো মুখত লৈ হাতখন আগবঢ়াই দি ক’লে তাই¸
‘ প্ৰমিজ কৰক¸ বাক কেতিয়াও দুখ নিদিও বুলি।’

পলাশে লাহেকৈ হাঁহিলে। প্ৰত্যাশাৰ প্ৰতি ভাতৃবৎ স্নেহ উথলি উঠিছিল তাৰ। তাইৰ হাতৰ তলুৱাত হাতখন ৰাখি সিয়ো কৈ উঠিল¸
‘ প্ৰমিজ কৰিছো মাইনা¸ প্ৰচ্ছায়াক কেতিয়াও অকণো দুখ পাব নিদিও।’

প্ৰচ্ছায়া সুখী হৈছিল। ভনীয়েকৰ লগত পলাশৰ কথা-বতৰাবোৰ শুনি তাই হাঁহি-হাঁহি চাই আছিল। কোঠাটোত সিঁহত তিনিওটাৰ বাহিৰে কোনো নাছিল। বিছৰা প্ৰশ্নখিনিৰ উত্তৰ পোৱাৰ পিছত সুখী হৈ প্ৰচ্ছায়াৰ দেউতাক উঠি গৈছিল। বহুদেৰি কথা পতাৰ পিছত মাকে চাহ বনাবলৈ উঠি গৈছিল। প্ৰত্যাশাই উঠি আহি বায়েকৰ ডিঙিত সাবতি ধৰিছিল। তাই ভাবিছিল¸ দেবাশীক তায়ো এটা সুযোগ দিব। তাইৰ ভাল বন্ধুজন হয়তো প্ৰেমিক হব পাৰে। অন্তঃত সম্পৰ্কৰ এই বোজাটো পাতলাবলৈয়ে এতিয়া তাইকো যে কাৰোবাৰ প্ৰয়োজন।

---

‘ পলাশ শুনানা¸ পাপাই তোমালোকৰ ঘৰৰ মানুহক এদিন আহিবলৈ কৈছে।’
এদিন সন্ধিয়া প্ৰচ্ছায়াই কৈছিল তাক। মাক-দেউতাকেই তাইক কৈছিল কবলৈ। আজিকালি তেওলোকৰ সি নিজৰ ল’ৰাৰ নিচিনাই। মাথোন শোৱেহে তলৰ নিজৰ ৰুমটোত। খোৱা-বোৱা সকলো সিঁহতৰ ঘৰতেই। সি ইচ্ছা কৰা নাছিল। টান পাইছিল জানোচা¸ কোনোবাই কিবা কয়। কিন্তু তাইৰ দেউতাকৰ মৰমৰ ধমকত বাধ্য হৈ পৰিছিল সি। বিয়াখন হবই যেতিয়া লোকৰ কথালৈ কাণ দিয়া মানুহ তাইৰ দেউতাক নহয়। খুউব ভাল লাগে প্ৰচ্ছায়াৰ। খুউব সুখী হয় তাই। প্ৰচ্ছায়াৰ ভাৱ হয়¸ যদি পৃথিবীৰ সকলোবোৰ মাক-দেউতাক তাইৰ পাপাক আৰু মাকৰ দৰে হ’লহেতেন! কিমান যে ভাল হলহেতেন! লীমালৈ মনত পৰি দুখ লাগে তাইৰ। তাই অনুভৱ কৰে¸ তাই যেন পৃথিবীৰ আটাইতকৈ লাকী ছোৱালী। তাইৰ মন বুজা ¸ সুখ ক’ত চাব জনা পাপাক¸ মাক¸ বান্ধবীৰ দৰে মৰমৰ ভনীয়েক আৰু পলাশৰ দৰে প্ৰিয়জন থকাৰ পিছত কোনো যুবতীয়েই দুখী হ’ব নোৱাৰে।

‘ অই’ কিবা কোৱা।’
সি মনে-মনে ৰোৱা দেখি আকৌ ক’লে তাই।

‘ প্ৰচ্ছায়া¸ তুমিতো জানা¸ ডাঙৰ নহলেও ঘৰ এটা সাজি আছো। ওলাবলৈ অলপ বাকী আছে। সেইটো নোলোৱালৈকে মাক¸ দেউতাক কবলৈ অলপ অসুবিধা। জানোচা ভাবেই¸ ইস ঘৰ ওলোৱাই নাই। সি নিজৰ বিয়াৰ কথাহে ভাবে। তাৰেপৰি চাগে তেওলোক অহাৰ পিছত নিশ্চয় পাপাও যাব খুজিব আমাৰ ঘৰলৈ। কিন্তু পুৰণি ঘৰটোত বহুৱাবলৈ মা-দেউতাৰ লগতে মোৰো বেয়া লাগিব দিয়াচোন।’
অলপ ৰৈ আকৌ ক’লে সি¸ 
‘ পূজালৈ ৰৈ দিও দিয়া। তিনিটা মাহহে আৰু।’

কি কব প্ৰচ্ছায়াই। এই সহজ সৰল মনটোৰ বাৰে-বাৰে প্ৰেমত পৰে তাই। অাপোন মানুহৰ ওচৰত তাৰ অকণো লুকঢাক নাই।

‘ হব দিয়া। পাপাক বুজাই ক’ম মই।’
তাৰ হাত এখন দুহাতৰ মাজত লৈ কয় তাই। 

‘ থেংকিউ।’
মৰমেৰে সি তাইলৈ চাই থাকিল। তাইৰ গভীৰ চকুযুৰিত বাৰে-বাৰে হেৰাই যোৱাৰ মন গৈছিল। তাৰ মন গৈছিল অবাধ্য হৈ পৰা সমুখৰ চুলিখিনি ঠিক কৰি দিবলৈ। কিন্তু মানুহবোৰৰ সমুখত লাজ লাগিছিল। 

‘ অই’ সকলো প্ৰেমিক প্ৰেমিকাই ফুৰিব যায়। তুমিহে মোক কলৈকো নিনিয়া। এতিয়াটো মা-পাপায়ো পাৰ্মিচন দিছে।’
হঠাতে হাঁহি মাৰি কৈ উঠিল তাই। তাইৰ মন গৈছিল তাক জোকাবলৈ। এনে নহয় যে সি তাইৰ লগত একেবাৰে নাযায়। একেলগে অফিচলৈ অহা-যোৱা কৰে। প্ৰায়েই দুয়োটাই চিনাকি ৰেষ্টুৰেন্টখনত বহে। কথা পাতে¸ হাঁহে। কিন্তু কথাবোৰ শেষ নহয়।

‘ কলৈ যাবা কোৱা?’
এইবাৰ তাইৰ হাত দুখন নিজৰ হাতৰ মাজত লৈ তাইৰ চকুলৈ মৰমেৰে চাই সুধিলে সি¸

‘ তুমি যলৈকে নিয়া পাৰ্ক বা মুভি…’
‘ নিম দিয়া। প্ৰতি উইকেণ্ডত তোমাৰ লগত লংড্ৰাইভত যাম। ৰেষ্টুৰাত খাম¸ ভাল চিনেমা এখন চাম। কিন্তু …কিন্তু…বিয়াৰ পিছত।’
কৌতুকেৰে কলে সি।

‘ এতিয়ানো কিয় নিনিয়া?’
হাঁহি উঠিল তাই
‘ মোৰ লাজ লাগে অ’।’
‘ কিয়? মোৰ লগত যাবলৈ লাজ? নে লোকে প্ৰেমৰ কথা গম পাই বুলি লাজ?’
‘ এটাও নহয়। মৰমী পত্নীক লগত লৈ ফুৰাৰ সুখ প্ৰেয়সীক লৈ ফুৰাতকৈ যে বহুখিনি বেছি। তাতে কেনেবাকৈ তোমাৰ মা-পাপাই গম পালে কি ভাবিব কোৱাচোন। তেওলোকৰ বিশ্বাসকনো কিয় আঘাট কৰো।’

‘ হমম। বুজিছো দিয়া মা-পাপাই গম পালে বেয়া পাব বুলি ভয় কৰা।’
আকৌ জোকালে তাই।

‘ চোৱা¸ তোমাৰ সতে একেটা কেম্পাছতে আছো। মন গলেই দেখাপাও তোমাক। মন  গলেই কথা পাতিব পাৰো। আৰু কিয় লাগে বেলেগে সময়।’

‘ হলেও এনেকৈ প্ৰেম হয় নেকি?
কৃটিম খঙেৰে চালে তাই। হাঁহি দিলে সি। 
‘ প্ৰেম মানেই পাৰ্কৰ সন্ধিয়া নহয়
নহয় চিনেমা হ’লৰ আন্ধাৰ চুক
প্ৰেমে দাবী নকৰে ৰেষ্টুৰেন্টৰ সুস্বাদু আহাৰ
অয়ো ৰুমৰ নিবিড় মূহুৰ্তও নহয় প্ৰেমৰ প্ৰকাশ
প্ৰেম থাকে বুকুৰ মাজত
প্ৰেমে বিচাৰে হিয়াৰ উত্তাপ
প্ৰেম মানেই সততাৰ আকাশ
প্ৰেম মানেই এসাগৰ বিশ্বাস।’
কবিতা মতাৰ দৰে মাতোতে তাৰ মাতটো সামান্য ডাঙৰকৈ ওলাল। ওচৰতে বহা টেবুলখনৰ ল’ৰা-ছোৱালীহালে হাঁহি-হাঁহি সিঁহতলৈ চাই আছিল। প্ৰচ্ছায়াৰ লাজ লাগিছিল। তাৰ চকুলৈ চাই অভিমানৰ সুৰেৰে কৈ উঠিল তাই¸

‘ হব¸ কথাৰে তোমাক বলে নোৱাৰো।
হাহে তাই। প্ৰচ্ছায়াই জানে¸ সময়ৰ তাৰ নাটনি। কোম্পানীৰ চাকৰীত দিনটো ঘুৰি কাম কৰাৰ পিছত দুঘন্টামান পঢ়েগৈ।তাৰ পিছত তাইৰ সতেও কথা পাতে। বন্ধপালেই ঘৰলৈ দৌৰি যায়। তাই বেয়া নাপায়। দায়িত্ববোধখিনি ভাল লাগে। 

‘ অই’ বুজিলো বাৰু। পিছত তুমি মোৰ লগত পাৰ্ক যাবা¸ ৰেষ্টুৰা¸ মুভি¸ লংড্ৰাইভো যীবা। মোৰ লগত মন্দিৰ যাবানে নোযোৱা?’
‘ ওহো ’
‘ কিয়? ’
‘ মোৰ বাবে মন্দিৰৰ দেবী তুমিয়েই। আৰু কিয়নো লাগিছে কোনো বিগ্ৰহৰ পূজা।’
‘ ধেৎ ¸ কিয় তেনেকৈ কিয় কৈছা? ভগবানে বেয়া পাব। মানুহক দেবীৰ আসনত ৰাখিব নাপায়।’
‘ পালে পাওক। কিনো মিছা কথাটো কলো। তুঝমে ৰব দিখতা হে য়াৰা মে ক্যা কৰু।’
হাঁহি দিয়ে সি।

প্ৰচ্ছায়াৰ ভাল লাগে। খুউব সুখী তাই। ইশ্বৰক মন্দিৰত নহয়¸ মানুহৰ মাজতহে বিচাৰে সি। ভিক্ষাৰীবোৰ দেখিলে যেতিয়া মানুহবোৰে মুখ ঘুৰাই দিয়ে¸ কাষলৈ গৈ সি সোধে কিবা খালেনে নাই। তাইৰ লগত আহোতেও কেইবাদিনো পঞ্চাশ এশটকালৈকে দি তাইৰ পৰা গালি খাইছে সি। কিন্তু তাৰ ভ্ৰক্ষেপ নাই। 

---
আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib