Now you can Subscribe using RSS

Submit your Email

Sunday 12 July 2020

Bad boy ঃ34

Unknown

                            [ চৌত্ৰিশ ]



উপৰৱালা জব ভি দেতা¸ দেতা চপ্পৰ ফাৰকে…
কাষৰ ৰুমটোত টিভিত চিনেমাখনৰ গানটো চলি আছিল। বোধহয় ভায়েকে চাই আছিল। গানটোৰ কথাখিনিয়ে হঠাতে মনটো টানি নিছিল পলাশৰ। তাৰ মুখত হাঁহি এটা ওলাইছিল। সচাকৈয়ে ইশ্বৰে যেতিয়া দিয়ে¸ হাতৰ মুঠি খুলি দিয়ে। জীৱনত বেজি এটাও কেতিয়াও ভাগ্যৰ বলত নোপোৱা সি স্থানীয় লটাৰীখনত দ্বিতীয় পুৰস্কাৰটো পাইছিল। এনেয়ে এটা টিকট কাটিছিল সি। জানিছিলেই নাপায় বুলি। সেয়েহে আগদিনা হৈ যোৱা লটাৰীখনৰ ফলাফললৈ বৰকৈ গুৰুত্ব নাছিল। কিন্তু হঠাতে কমিটিৰ পৰা তালৈ ফোনত খবৰ দি ৰিলাল্ট লিষ্টখন দিয়াত সি আনন্দিত হৈ পৰিছিল। সিঁহতৰ ঘৰত আৰু এটা ফ্ৰিজৰ প্ৰয়োজন নাছিল। তথাপিও দহটকাতে ঘৰলৈ অহা সামগ্ৰীবিধকলৈ সকলোৰে আগ্ৰহৰ অন্ত নাছিল। 

তাৰ ভাগ্য চকৰী ঘুৰিছিল। সচাকৈয়ে ঘুৰিছিল। পলাশে ভাবিছিল¸ প্ৰচ্ছায়াক লগ পোৱাৰ পিছৰে পৰা হাঁহিবোৰ তাৰ কাষলৈ আহিবলৈ লৈছিল। 
 কি জীৱন আছিল¸ এতিয়া কিমান ধুনীয়া হৈ পৰিছে। কেইটামান মাহ আগলৈকে জীৱন যে দূৰ্বিসহ যন্ত্ৰনাৰ নামান্তৰ যেন আছিল। সৰু প্ৰাপ্য এটাৰ বাবেও কঠোৰ পৰিশ্ৰমৰ অন্তঃতো পোৱাটো অসম্ভৱ যেন হৈ পৰিছিল। হঠাতে প্ৰাপ্তিবোৰ সপোন যেন লাগি গৈছিল পলাশৰ। নিজৰ গাটো চিকুটি চাইছিল সি¸ সপোন দেখি থকা নাইতো এতিয়া। বেজিৰ খোঁচ খোৱাৰ দৰে সাময়িক মধুৰ বিষটোৱে সোঁৱৰাই দিছিল¸ সি সপোন দেখি থকা নাই। অবধাৰিতভাবেই তাৰ মুখত ধুনীয়া হাঁহি এটা ওলাই আহিছিল। সচাকৈয়ে প্ৰচ্ছায়াৰ দৰে মৰমিয়াল প্ৰেয়সীজনী পোৱাৰ পিছত লক্ষ্য প্ৰাপ্তিৰ সংগ্ৰামখন যেন তেনেই উজু হৈ পৰিছিলল তাৰ বাবে। আজিলৈ কোনোবা প্ৰেমিক ইমান লাকী হৈছিলনে! চৰকাৰী বিষয়াৰ উচ্চশিক্ষিতা জীক তাৰ দৰে সাধাৰণ ঘৰৰ সাধাৰণ ল’ৰা এটালৈ দিবলৈ মাক-দেউতাক সন্মত হৈ গৈছিল। প্ৰচ্ছায়াৰ মাক-দেউতাকলৈ শ্ৰদ্ধা বাঢ়ে তাৰ। ইশ্বৰ আছে। ভাল মানুহৰ লগত ইশ্বৰে সদায় ভালেই কৰে। আগতে অসুখী হলেই ইশ্বৰক দোষ দিয়া স্বভাবৰ বাবে ক্ষমা বিছাৰি মনতেই মুৰ দোৱালে সি। পলাশে সপোন দেখিছিল¸ যদি ভবামতেই এপিএছচিও এদিন পায়গৈ¸ কিমান যে ভাল হ’ব। তাতকৈও প্ৰচ্ছায়াৰ বেছি বিশ্বাস তাৰ ওপৰত। হাঁহি এটা মাৰি ভাবে সি। সপোন দেখাততো একো বাধা নাই।

---

‘ ঐ ভন্টি¸ কথা এটা কও শুনচোন।’
প্ৰচ্ছায়াৰ কথাটো কাৰ আগত প্ৰথমে কোৱা ভাল সিদ্ধান্ত ল’ব নোৱাৰি এদিন ভনীয়েককে কৈছিল পলাশে। দুদিন থকাকৈ মাকৰ ঘৰলৈ আহিছিল ভনীয়েক। ককায়েকে মতাত কাষলৈ আহিছিল তাই। 
‘ কি কথা দাদা?’
পলাশে এবাৰ ইফালে-সিফালে চাই লাহেকৈ কৈছিল¸

‘ তহঁতলৈ বৌ এজনী চাইছো। গুৱাহাটীৰ ছোৱালী।’

‘ সঁচা???’
তাই যেন উচ্ছাসিত হৈ চিঞৰিহে দিব। ককায়েকৰ বিয়াৰ বয়স হৈছে। তলে-তলে তায়ো ছোৱালী চায়েই আছিল। এতিয়া ককায়েকে কৈ দিয়াত ফুৰ্তি লাগি গৈছিল তাইৰ।
‘ উম।’
‘ কি নাম? কি কৰে? কোন কোন আছে?
‘ উস¸ উশাহ লবলৈ দেচোন। নাম প্ৰচ্ছায়া।  ডেকা লিখে। আমাৰ অফিচৰে এইচ আৰ। মাক-দেউতাক আৰু ভনীয়েক এজনী সিঁহতৰ ঘৰত।’
‘ চাও¸ চাও ফটো দেখুৱাচোন।’
ব্যস্ত হৈ পৰে তাই। সি মোবাইলৰ গেলাৰী খুলি ফটোখন দেখুৱাইছিল। 
‘ বাহ¸ বৰ ধুনীয়া দেখোন। ঐ ভাইটি¸ অ’ মা’…।’
অলপ পিছলৈ ঘৰৰ সকলোৱে জানি গৈছিল যে সি চহৰৰ বৰ ধুনীয়া ছোৱালী এজনী পচন্দ কৰিছে। তাৰ লাজ লাগিছিল। কথাটো জনাই দি ভালো লাগিছিল। সেয়ে আলেঙে-আলেঙে চাই আছিল। কিন্তু এনেকুৱা এটা খবৰ দিয়াৰ পিছত সি জানো আলেঙে-আলেঙে থাকিব পাৰে। অৱধাৰিতভাবেই সকলোৱে ঘেৰি ধৰিছিল তাক। 

‘ তই চহৰৰ ছোৱালী চাইছ হয়¸ সচাই আহিবনে গাঁৱলৈ? নে তয়ো বেলেগ কিবা ভাবিছ?’
মাকৰ ভয় হৈছিল¸ কিজানি আন বোৱাৰীবোৰৰ দৰে প্ৰচ্ছায়ায়ো তাক ঘৰখনৰ পৰা দূৰলৈ আঁতৰাই লৈ যায়। যদি চহৰৰ ছোৱালী বিয়া কৰাই সি ঘৰখনলৈকে পিঠি দিয়ে।

‘ তই ভুল বুজিছ মা। প্ৰচ্ছায়া¸ বহুত ভাল ছোৱালী। লগ পালে বুজিবি।’
সকলো কথা খুলি কৈ দিছিল সি।
সকলোবোৰ সুখী হৈ পৰিছিল।

‘ দাদা¸ তেনেহলে আমি সোনকালে যাও বল এদিন।’

‘ ৰচোন¸ আমাৰ ঘৰেই ওলোৱা নাই। আগতে ঘৰটো উলিয়াও ৰহ। নহলে এতিয়াই তেওলোকক মাতি বহুৱাবি ক’ত?

‘ ঐ দেখিলি আমাৰ বৰপুত্ৰক¸ আমাক ছোৱালী বিচৰাৰ সুযোগ নিদি নিজেই চালেগৈ।’
দেউতাকে জোকাইছিল মাকক। হোঁ-হোৱাই হাঁহি দিয়ে সকলোৱে। তাৰ লাজ লাগিছিল। সি লাজতে উঠি আহিছিল।

পলাশৰ সুখৰ ঠিকনা নাছিল। বিচৰা দৰেই সপোনবোৰে হাঁহিবলৈ লৈছিল। জীৱনে পাখি মেলিছিল। সি বাৰু ভাবিছিলনে কেতিয়াবা জীৱনে কেতিয়াবা ইমান ধুনীয়া কেঁকুৰীলৈ লৈ আনিব বুলি। নিজকে পৃথিবীৰ আটাইতকৈ সুখী মানুহ যেন লাগে। আৰু কি লাগে জীৱনত। আজিকালি প্ৰায়েই ভায়েক-ভনীয়েকে জোকাই তাক প্ৰচ্ছায়াৰ কথা কৈ। মৃদু ধমক এটা মাৰি ওলাই আহে। সিঁহতে হাঁহে। সি জানে¸ গোপনে মাকে গহনাৰ লিষ্ট এখন বনাই পেলাইছিল। বিচনাত শুই শুই ধুনীয়া কথাবোৰ ভাবি সি টোপনি গৈছিল।

-------
পুৱাৰে পৰা গাটো অলপ দূৰ্বল যেন লাগিছিল পলাশৰ। আগদিনা বৰষুণত ভিজা বাবে অলপ জৰ জৰ লাগিছিল গাটো। তথাপি গুৰুত্ব নিদি অফিচলৈ আহিছিল সি। ডেকা ল’ৰাই সৰু সৰু চৰ্দি কাঁহৰ দৰে অসুখক একো কেয়াৰ নকৰে। তাৰ চকুহাল দেখি প্ৰচ্ছায়াই গম পাইছিল।

‘ তোমাৰ গা বেয়া?’
মৰমেৰে তাৰ কঁপালত হাতখন লগাই চাইছিল তাই। 
‘ নাই দিয়া। সামান্য চৰ্দি লাগিছে। কালি বৰষুণত তিতিলো যে।’
সামান্য হাঁহি দিলে সি।
‘ কিমান কও¸ নিতিতিবা বুলি। ৰেইন কোটতো কিনি এনেয়ে ৰুমত থৈ দিবা।’
অভিমানত মুখ ওন্দোলাই ক’লে তাই। 
‘ ছৰী¸ আৰু নাপাহৰো দিয়া। এতিয়াৰ পৰা বেগত ৰাখিম।’
হাঁহি দিয়ে সি। ভাল লাগে তাৰ। যেতিয়া প্ৰিয়জনে প্ৰতিটো অসুবিধা-সুবিধাৰ প্ৰতি নজৰ ৰাখে খুউৱ আনন্দ হয়।
তাইৰ ওচৰৰ পৰা অাহি ফিল্ডলৈ গুচি আহিছিল সি। দৰকাৰী মানুহ এজনক লগ পাব লগা আছিল। অফিচটোত সোমাই ৰিচেপচন কাউন্টাৰত বহি অপেক্ষা কৰিছিল। এপইন্ট লোৱাই আছিল। তাৰ আগতেই কোনোবা এজন চৰকাৰী মানুহ সেই অফিচৰ মুৰব্বীজনৰ কেবিনত সোমাই আছিল। সেইজন নোলোৱাকৈ তেও তাক লগ কৰিব নোৱাৰে। কথা বুজাই তাক বেয়া নাপাবলৈ কৈ অপেক্ষা কৰিবলৈ কৈছিল ৰিচেপচনিষ্ট গৰাকীয়ে।  
পলাশে বেয়া পোৱা নাছিল। সি জানে¸ কৰ্প’ৰেটত চৰকাৰী বিষয়াবোৰ খুউব গুৰুত্বপূৰ্ণ। ইষৎ হাঁহি এটা ওলাই আহিছিল তাৰ। এনেয়ে বহি থকাতকৈ মোবাইলটো উলিয়াই লৈছিল সি।
এদিন হঠাতে মুৰটো বিষোৱা যেন লাগিছিল তাৰ। ক্ৰমশ বিষটো বাঢ়ি অসহ্য যেন হৈ পৰিল। চকুৰে ধোৱা-কোৱা যেন দেখিলে সি। সংজ্ঞা হেৰুৱাই পৰি যোৱাৰ উপক্ৰম হ’ল। ভয় লাগি গ’ল তাৰ। হঠাতে বাৰু কি হ’ল। ভয়তে বহি থকা চকীখনত আউজি জোৰকৈ খামুচি বহি থাকিল।

‘ ছাৰ…ছাৰ, এনি প্ৰবলেম?’
হয়তো তালৈ লক্ষ্য কৰিয়েই ৰিচেপচনিষ্ট গৰাকীয়ে নিজৰ বহা ঠাইৰ পৰা ওলাই আহি তাৰ গাত হেঁচুকি দিছিল। মুখেৰে একো কব নোৱাৰিলে সি। মাথো হাতখন ডাঙি কোনোমতে ইংগিত কৰিলে। দৌৰি গৈ তাই নিজৰ পানী বটলটো আনি হাতত দিলে তাৰ। ঘোটঘোটকৈ দুঘোট পি সি অলপ প্ৰকৃতিস্থ হ’ল। তাই তেতিয়াও আঁচৰিত হৈ তাৰ ফালেই চাই আছিল। তাইৰ মুখত ভয়ৰ ছাঁ।

‘ গাটো বেয়া লাগিছে। বোধহয় প্ৰেছাৰ বাঢ়িছে।’
কথাখিনি কৈ সি লাহে-লাহে বহাৰ পৰা উঠিল। আৰু মিটিং এটেণ্ড কৰিবলৈ মন নগল তাৰ। 

‘ যাও। ছাৰক কব পিছত ল’গ পাম।’
‘ আৰ য়ু চিয়ৰ? ’
ছোৱালীজনীলৈ চাই মুৰ দুপিয়াই সি উভতি আহিল। নিজৰ কেবিনত সোমাই চকীখনত মুৰটো পেলাই বহি থাকিল। কোনো নাছিল কেবিনত। এচিষ্টেন্ট দুজনো চাইটৰ পৰা আহি পোৱা নাছিল। প্ৰেছাৰততো মুৰ নিবিষাই। চাগে জ্বৰ জ্বৰ লাগি থকা বাবেই মুৰটো বিষাইছিল।
আগদিনা বন্ধুৰ বিয়া এখনত তাৰ টোপনি ক্ষতি হৈছিল। পিছদিনা তেনেকৈয়ে ডিউটি কৰিছিল। তাৰ প্ৰচ্ছায়াক জনাবলৈ মন নগল। মিছাতে আকৈ চিন্তা কৰিব। তেনেকৈয়ে সি বহু সময় বহি থাকিল। সন্ধিয়ালৈ ভাল পাইছিল। যেন একো হোৱাই নাছিল। পলাশে লক্ষ্য কৰিছিল¸ দুদিনৰ মুৰে-মুৰে যেন মুৰৰ বিষটোৱে তাক আমনি দিবলৈ আৰম্ভ কৰিছিল। বেছি সময় বিষ নাথাকে। কিন্তু যিখিনি সময় থাকে তাক যেন যমপুৰী দৰ্শন কৰাই আনে। হঠাতে বিষটোৱে স্বাভাবিক জীৱন যেন ব্যাহত কৰি পেলালে তাৰ। চিন্তা হৈছিল তাৰ।

‘ প্ৰচ্ছায়া¸ মোক মাইগ্ৰেইনে পালে নেকি কেনেবাকৈ।’
সি কৈ দিছিল।
‘ হা¸ ডাক্টৰক দেখুওৱা কাইলৈ। বেমাৰ পুহি ৰখা ভাল নহয়।’
ব্যতিব্যস্ত হৈ পৰে তাই।
‘ উম। দেখুৱাব লাগিব।’
অফিচৰ কামৰ মাজতে এটা সময়ত ওচৰৰে হস্পিটালতখনত এবাৰ দেখুৱাৰ কথা ভাবছিল পলাশে। এই মাইগ্ৰেইনটোৱে দুদিনতে জ্বলা-কলা খুৱাইছিল তাক।

‘ পলাশ¸ ময়ো যাও নেকি তোমাৰ লগত?
পিছদিনা ৰাতিপুৱা এসময়ত সুধিছিল প্ৰচ্ছায়াই।
‘ নালাগে দিয়া। বাকী মানুহে সেইটোৱে কব। এটা সময়ত ময়েই দেখুৱাই আহিমগৈ।’

এচিষ্টেন্ট দুজনক কামখিনি বুজাই দি সি হস্পিটাললৈ আহিছিল। বিৰক্তি লাগিছিল পলাশৰ। যিমানেই আহিবলৈ বেয়া পায়¸ সিমানেই আহিবলগা হয়। 

‘ আপুনি চিটি এখন কৰাওক বুজিছে।’
তাৰ কথাবোৰ মনোযোগেৰে শুনি কিবা এটা ভাবি ডক্টৰে প্ৰেছক্ৰিপচনখনত লিখিছিল। 
‘ চিটি কিয়?’
সোধো বুলিও সুধিব নোৱাৰিলে সি। ডক্টৰক পোনপটীয়াকৈ সোধাটো অন্যায়। সোনকানে মাইগ্ৰেইনটোৰ পৰা মুক্তি পোৱাৰ ইচ্ছাৰে চিটিস্কেন এখন কৰালে।

‘ তুমি দেখুৱালানে?
অফিচত তাক লগ পোৱাৰ লগে-লগে কাষলৈ আহিছিল তাই।
‘ উম।
‘ কি ক’লে? 
‘ মাইগ্ৰেইন নহয়। এনেয়ে জৰ বিষ। টোপনি খতি হ’ল যে সেইদিনা সেয়ে…’
এনেয়ে কৈ দিলে সি। ইচ্ছা কৰিয়েই চিটিস্কেনৰ কথাটোও নকলে। নহলে তাই আকৌ চিন্তা কৰিব থাকিব। 
তাৰ কথাষাৰ শেষ হবলৈ নাপালেই¸ তাই কথাষাৰ কাঢ়ি কৈ থাকিল।
‘ চোৱা¸ মোৰ কথা নুশুনা নহয়। সদায় টোপনি খতি কৰা। ৰাতি এপৰকৈ পঢ়িবা আকৌ মোবাইল চাই থকা। চাবা এতিয়াৰ পৰা কথা নুশুনা যদি। ’
অভিমান হয় তাইৰ।
সি হাঁহি দিয়ে।

পিছদিনা এটা সময়ত হস্পিটাললৈ গৈছিল সি। আগদিনা পৰীক্ষা কৰা ৰিপৰ্টখিনি লৈ ডাক্টৰজনক দেখুৱাইছিলগৈ।

‘ আপোনাৰ এটেডেঞ্চ ক’ত আছে?’
হঠাতে ডাক্টৰৰ প্ৰশ্নত উচপখাই উঠিছিল সি। কিয় বিছাৰিছে তাৰ অভিভাবকক।
‘ নাই ছাৰ¸ মই অকলে আহিছো।’
‘ অহ¸
সামান্য ক’লা পৰিল ডাক্টৰৰ মুখখন। মনটো চেবালে পলাশৰ।
‘ আপুনি মোক কব পাৰে ছাৰ। কিবা প্ৰবলেম পাইছে?’
এপলক তাৰ মুখলৈ চাই ৰ’ল ডাক্টৰে।

‘ আচলতে আপুনি বহু আগতেই আহিব লাগিছিল।’
‘ কিয় ডক্টৰ? কি হৈছে মোৰ।’
‘ আপুনি সোনকালেই এডমিট হৈ যাওক। পাৰিলে কালিলৈয়ে।’

‘ আচলতে হৈছে কি ডক্টৰ?’

‘ গিডিএছ¸ ইটচ এ ব্ৰেইন টিউমাৰ। 

 চকুৰে ধোৱা-কোৱা দেখিলে পলাশে। হঠাতে কি হৈ গ’ল! কিয় এনে হল! সু্খৰ সপোন এটা দেখিবলৈ লওতেই ক’ৰপৰা জানো ধুমুহা এজাকে আহি সকলো ভাঙি চিঙি থৈ যায়। হুৰহুৰাই অবাধ্য চকুলো বৈ আহে। ভৰিৰ তলৰ হেৰুৱা মাটিখিনি খামুচিব খুজি ৰৈ যায়। ভূমিকম্পৰ পিছত দেখোন মাটিখিনিও সমতল নহয়।

বহুত আশা আছিল। দায়িত্ব আছিল¸ কৰ্তব্য আছিল। লক্ষ্যপ্ৰাপ্তিৰ স্থানলৈ আৰু বহুদূৰ যোৱাৰ কথা আছিল। মাজতে বাটটোৱেই চিঙি গলে কিয়েইবা কৰিব পাৰে কোনে। হঠাতে তাৰ মনলৈ আহে¸ জীৱনটো আচলতে এটা পথ নহয়। এটা গতিহে আৰু সেই গতিৰ পথটোও সাধাৰণ পথ নহয়¸ এখন ঠুনুকা সাঁকো। আৰু ঠুনুকা সাঁকোৰেই বিশ্বাসেৰে মানুহবোৰ গৈ থাকে। সাঁকো ভাঙি সৰি পৰিলেই যাত্ৰাও শেষ। সেমেকা হাঁহি এটা ওলাই আহে তাৰ। জীৱনৰ যাত্ৰাৰ যতেই নৰওক¸ উচৰ্গা সদায় শ্ৰেষ্ঠই হব লাগে।

হতভম্ব হৈ সি আছিল। ডাক্টৰে চিটি ডিক্সখন দেখুৱাই কৈ আছিল¸

‘ চাওক¸ আমাৰ ব্ৰেইনৰ এইচেলবোৰৰ মাজে-মাজে বহু গেপ আছে। আৰু এই গেপবোৰৰ মাজে-মাজে যিবিলাক হোৱাইট স্পট পৰিছে¸ সেইখিনিয়েই ডেডলী টিউমাৰ।’

হতচকিত চকুযুৰি বহলকৈ মেলি পলাশে চাই আছিল চিটিখনলৈ। লেফ্ট চাইদোত অসংখ্য বগা বগা ফুট ফুট দাগ পৰিছিল। হিচাপ কৰো বুলিও নকৰিলে সি। মাথো অনুমান কৰিলে আঠটামান হব পাৰে।

‘ ছাৰ¸ কেঞ্চাৰটো নহয় ন?’
সন্দেহী চকুৰে ডাক্টৰৰ চকুলৈ চালে সি। কৰবাত পঢ়িবলৈ পাইছিল¸ টিউমাৰ ইজ দ্যা ফাৰ্ষ্ট ষ্টেজ অব কেঞ্চাৰ।

‘ ষ্টিল নট। বাট…
ৰৈ গ’ল ডাক্টৰ। এবাৰ তাৰ মুখলৈ চালে। আৰু আকৌ এবাৰ চিটিখনলৈ দেখুৱাই ক’লে¸

‘ চাৰ্জাৰীৰ বাহিৰে বেলেগ ট্ৰিটমেন্ট নাই। চাৰ্জাৰীৰ দ্বাৰা এই ভাইৰাছটো উলিয়াই দিব লাগিব। নহলে পিছলৈ কেঞ্চাৰো হব পাৰে। আচলতে আপোনাৰ চাৰ্জাৰী কেতিয়াবাই হৈ যাব লাগিছিল। প্ৰায় ফিফ্টি পাৰ্ছেন্ট এফেক্ট কৰিলেই।’

নাই¸ কথাবোৰ নোসোমাল তাৰ মুৰত। এটা কথাই খেলিছিল তাৰ মুৰত। কি হব এতিয়া? কি হব তাৰ? এইবাৰ পোনপটীয়াকৈ চিকিৎসা কৰা ডাক্টৰজনক সুধিলে পলাশে।

‘ ছাৰ¸ মোৰ হাতত কিমান সময় বাকী আছে?’
  আঁচৰিত হৈ ডাক্টৰে চাইছিল তাৰ মুখলৈ।

‘ কিয় কৈছে তেনেকৈ? চিকিৎসা কৰালেই ভাল হৈ যায়। মাথো মনোবল অটুট ৰাখক। সোনকালেই এডমিট হৈ যাওক।’

পলাশে হাঁহিছিল। জীৱনৰ জুয়ে দহাৰ যাতনা বাৰুকৈয়ে বুজিছিল।

‘ মই সাংঘাটিক ভয়াতুৰ নহয় ছাৰ। জীৱনক গ্ৰহণ কৰিব জানো। মাথো সেইবাবেই পৰিস্থিতিৰ মুখামুখি হবলৈয়ে সাহ কৰি বুজিব খোজো¸ চাকচেছৰ চাঞ্চ বাৰু কিমান?’

আশ্বৰ্য্যৰ দৃষ্টিৰে ডাক্টৰে চাই ৰৈছিল তাৰ মুখলৈ। অতি নগন্য সংখ্য ৰোগীহে কাচিৎ লগ পোৱা যায়¸ যিয়ে সাহসেৰে জীৱনৰ সংঘাটৰ মুখামুখি হয়। তেওৰো দুখ লাগি যায়¸ কিঁহৰ বাবে এনে ভৰ যৌৱনত মানুহবোৰৰ অসুখবোৰ হয়। কেতিয়াবা অসহায় লাগে তেওৰো। বিচলিত তেৱো হয়¸ ডাক্টৰোতো প্ৰথমেই এজন মানুহ।

‘ মই অনেষ্টলি কৈছো। চিক্সটি ফ’ৰ্টি। মাথো চাৰ্জাৰীটো অলপ ৰিস্কি। বহুত ডিপ হৈছে। ছ’ আই চাজেষ্ট ইউ কেন গ’ টু আউট চাইড অব ষ্টেট।’
প্ৰৱল আত্মবিশ্বাস মুখত আনি তেও কৈ দিয়ে। হাঁহিছিল পলাশে। জানে সি¸ কোনেও কমপ্লিক্লেটেড কেচ এটা সাহস নকৰে।

‘ খৰচ বাৰু কিমানমান হব? ’
‘ বেছি নালাগে¸ ধৰক আঠ দহ লাখ। হয়তো তাতকৈ সামান্য কম।’

হাঁহি এটা ওলাই আহে পলাশৰ। দহ লাখ টকা তাৰ জীৱনৰ দাম। হয়তো তাতোকৈ বেছি। দহলাখ টকা ঘৰৰ মানুহবোৰক সৰ্বশ্ৰান্ত কৰাৰ দাম। দহলাখৰ অংকটোৱে খেলিমেলি লগাই দিয়ে সকলোবোৰত।

‘ চাওক¸ নাৰ্ভাছ নহব। বেমাৰ মানুহৰ গাতেই হয়। সোনকালেই চিকিৎসা কৰাওক¸ ভাল হৈ যাব।’

ধন্যবাদ এটা সি ওলাই আহে চেম্বাৰৰ পৰা। নাই¸ পলাশ কলিতা কেতিয়াও ইমান দূৰ্বল নাছিল। দূৰ্বল হোৱাৰ কথাও নাছিল। সেমেকি উঠা চকুহাল মচি হাঁহি দিয়ে সি। মনটোও সচাই অদ্ভূত। কান্দি কান্দি আনক হঁহুৱাবলৈ কি যে আকাংক্ষা থাকে মনটোৰ। ভাৰাক্ৰান্ত মন এটা লৈ সি ওলাই আহিছিল। হস্পিটালৰ পৰা ওলাই চিধাই তাৰ প্ৰিয় ঠাইখনলৈ বাইকখন দোৰাইছিল। লাভাৰ্চ পইন্টৰ চাপৰ পিলাৰ এটাত বহি শ্লেষৰ হাঁহি এটা ফুটি উঠিছিল। অলপ আঁতৰত প্ৰেমিক যুগল এহালে গাতে গা লগাই বহি কথা পাতি আছিল। দেখি হিংসা লাগি গৈছিল পলাশৰ। কিমান সুখী তেওলোক। কিমান লাকী তেওলোক। আৰু সি! অলপ আগতে মৃত্যুৰ পৰোৱানা জাৰি কৰা হৈ গৈছিল তাৰ নামত। হঠাতে স্বাৰ্থপৰ হবলৈ মন গ’ল তাৰ। কি হব! কাৰ কি ক্ষতি হব যদি এতিয়া নিজৰ কথাই ভাবে। যন্ত্ৰনা ভূগি থকাতকৈ এটা মূহুৰ্তৰ সাহসেই ভাল। তলত বৈ থকা শান্ত সমাহিত বুঢ়া লুইতখনলৈ চাই থাকে সি। সৰসৰকৈ তাৰ দুয়ো গালেৰে চকুপানীখিনি বৈ আহে।
ফোনটো ৰিং হৈ হৈ কাটি যায়। ৰিচিভ কৰিবলৈ তাৰ ইচ্ছা নাযায়। পৃথিবীৰ সকলো মানুহকে এতিয়া শত্ৰু যেন লাগে। যেন সকলোৱে তালৈ চাই উপলুঙা কৰি পাৰ হৈ যায়।

ফোনটো অহৰহ ৰিং হৈ থকাত এপাকত ৰিচিভ কৰিলে সি।

‘ দাদা ভালে আছে?’
সিফালৰ পৰা আয়ানৰ মাতটো ভাহি আহিল।

‘ উম আছো ’
হাঁহি উঠিল পলাশৰ। মনত কৈ দিয়ে সি¸ দাদা ক’ত ভালে আছে আয়ান। দাদা¸ নিজেই এতিয়া শূণ্য হৈ পৰিছে। 

‘ দাদা¸ গাড়ী এখন কিনিলো কালি। দেউতাই কিনি দিলে বলেৰ’। পঢ়িও আছো¸ ভাড়াও মাৰিম। জীৱন জীৱলৈ এতিয়া শিকি গলো দাদা।’
সিফালৰ পৰা আয়ানে উচ্ছাসিত হৈ কৈ থাকে। পলাশে সলাগি কৈ উঠে।

‘ কংগ্ৰেটছ আয়ান। মনপুটি অধ্যয়ন কৰা¸ একাগ্ৰতাৰে কাম কৰা বিজয় আৱশ্যাম্ভাবী।’

‘ দাদা¸ কোনোবাদিনা ভাড়ালৈ গুৱাহাটীলৈ যাম। গলে আপোনাক লগ কৰিম দাদা। এতিয়া ৰাখো। ’

‘ উম¸ নিশ্চয় লগ কৰিম।’
ফোনটো ৰখাৰ পিছতে ভাৱ হ’ল পলাশৰ¸ সামান্য এটা ৰিপৰ্টে নাৰ্ভাচ কৰিব পৰাকৈ দেখোন সি কাহানিও ইমান দূৰ্বল নাছিল। ধুৰ¸ ইমান সহজে হাৰ নামানে। যুঁজিব সি।
কিন্তু কি হব! আপোন মানুহবোৰকতো দুখ দিব নোৱাৰি!
পলাশে সিদ্ধান্ত লৈ পেলাইছিল। অৱৰ্তমানত মানুহবোৰক শিকাব লাগিব জীয়াই থকাৰ অৱলম্বন। 
******

To be cont…

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib