Now you can Subscribe using RSS

Submit your Email

Sunday 12 July 2020

Bad boy ঃ35 (অন্তিম খণ্ড)

Unknown

                      [ পয়ত্ৰিশ ]

‘ পলাশ¸ তুমি ক’ত থাকিলা কালি?
‘ বন্ধু এজনৰ ঘৰত।’
‘ কোন বন্ধু?’
‘ মোৰ কলেজৰ বন্ধু। তুমি চিনি নাপাবা ।’
‘ ফোনটো কিয় অফ আছিল?’
‘ চাৰ্জ নাছিল। বন্ধুৰ ঘৰত কালি পূজা আছিল। ৰাতি বৰষুণ বাবে অাহিব নোৱাৰিলো।’
‘ থাকা¸ কিন্তু মোক কিয় এবাৰো নজনালা?’ কমচেকম ফোন এটা কৰি জনাবতো পাৰা মোক। মইহে জানো কিমান চিন্তাত আছিলো।’
অভিমান কৰি কৈ উঠিছিল প্ৰচ্ছায়াই।

‘ ছৰী¸ ভাৱেই নহল অ’।’
‘ কিয় তোমাৰ ভাল নহয় পলাশ? সন্ধিয়াৰে পৰা তোমাক নেদেখি যে কেনেকৈ আছো মইহে জানো! এতিয়াই যদি তুমি এইখিনি নাভাবা¸ বিয়াৰ পিছত…।’
কান্দো কান্দো হ’ল তাই।
‘ মই কি চব কথা তোমাক সুধি কৰিম নেকি প্ৰচ্ছায়া? মোৰ কি ফ্ৰীডম শেষ হৈ গ’ল। কৈছোৱেই চাৰ্জ নাছিল। জনাব পাহৰি গ’লো বাবে ছ’ৰী কৈছো। তথাপিও একেটা কথাকে পেঘেনিয়াই আছা।’
বিৰক্ত হৈছিল সি। অলপ টানকৈয়ে কৈ দিলে তাইক।

‘ কিয় এনেকৈ কৈছা পলাশ? তুমি বেলেগ হৈ গৈছা!’
ঠোকাঠুকি মাতেৰে কৈ উঠিল তাই। এইবাৰ সচাকৈয়ে দুটোপাল চকুপানী ওলাল প্ৰচ্ছায়াৰ।

‘ ধেই। ভাল নলগা হৈছে আৰু ’
খঙতে উচাত মাৰি ওলাই আহিল সি। এইবাৰ সচাকৈয়ে তাইৰ চকুদুটা চপচপীয়া হৈ পৰিল। দুখ লাগিছিল প্ৰচ্ছায়াৰ। কোনোদিনেই আগত তাইক কেনেকৈ কোৱা নাছিল সি। 

পলাশৰো বেয়া লাগিছিল। তাইক তেনেকৈ কৈ মুঠেই শান্তি পোৱা নাছিল। কিন্তু কি কৰিব! নিৰুপায় সি। যিকোনো উপায়েৰে তাইৰ পৰা আঁতৰি অহাৰ অযুহাত লাগে তাক। অকল তাইৰ পৰাই কিয়¸ ঘৰৰ মানুহবোৰৰ মনৰ পৰাও আঁতৰি অহাৰ সুযোগ লাগে। টেবিলত মুৰটো পেলাই দি সি ভাবিছিল কথাবোৰ। 

পলাশে যেতিয়া প্ৰচ্ছায়াক টানকৈ কৈছিল বৈশ্যদা ওচৰত নাছিল। চলচলীয়া চকু দুটাৰে তাইক কেবিনত সোমোৱা দেখি বৈশ্যদা আঁচৰিত হৈছিল।

‘ প্ৰচ্ছায়া¸ কোৱাচোন কি হ’ল?’
‘একো নাই দাদা।’
চকুদুটা মচি লুকুৱাবলৈ চেষ্টা কৰিলে তাই।
‘ কোনে কি ক’লে? পলাশে কিবা কৈছে?’
বৈশ্যদাই মৰমেৰে সোধাত আৰু লুকুৱাব নোৱাৰিলে তাই। কৈ দিলে কথাখিনি। এই মানুহজনকে তাই নিজৰ দাদাক বুলি ভাবে। ফাঁকি কেনেকৈ দিয়ে। প্ৰচ্ছায়াৰ কথাখিনি শুনি বৈশ্যদাৰ খং উঠিছিল। সি বাৰু কিয় তাইক এনেকৈ কব! চকুৰ আগতে প্ৰিয় ল’ৰা-ছোৱালীহালৰ যুটিটো ভাঙিব দিব নোৱাৰি। 

‘ ৰবাচোন মই তাক সুধিম।’
কৈ ওলাইছিল তেও। প্ৰচ্ছায়াই দিব খুজিও দিয়া নাছিল। পলাশৰ ওপৰত এই মানুহজনৰ প্ৰভাব অপৰিসীম।

‘ পলাশ¸ তই এইবোৰ কি কৰিছ?
‘ কিয় কি হলনো?
‘ নিজক সোধচোন। কিয় তাইক তেনেকৈ কৈ আহিলি?’
‘ চাওক বৈশ্যদা¸ নিজৰ জীৱনটোক কেনেকৈ আগবঢ়াই নিব লাগে¸ সেইখিনি মই জানো। আমাৰ মাজত আপুনি সুমোৱাৰ দৰকাৰ নাই।’
অনিশ্চস্বত্বেও বৈশ্যদাক টানকৈ মুখখন ঘুৰাইছিল পলাশে। ভাবিছিল খং কৰি বৈশ্যদা আঁতৰি যাব। কিন্তু তেও আঁতৰি নগল। 

‘ কি কলি তই? ’
বৈশ্যদাৰ খং উঠিছিল ঠিকেই। কিন্তু তাক ভালকৈ প্ৰত্যুত্তৰ এটা দিবলৈ ইচ্ছা কৰি টানি নিজৰ ফালে লৈ আহি হতভম্ব হৈ পৰিল। চকুৰ পানীৰে পলাশৰ চকুদুটা চপচপীয়া হৈ পৰিছিল।

‘ কি হৈছে পলাশ? কিয় কান্দিছ তই? ’
হতবাক হৈ বৈশ্যদাই চাই আছিল। 
চকুপানীয়ে কেতিয়াও প্ৰবঞ্চনা নকৰে। দুখে সামান্য সুৰুঙা পালেই ওলাই দৌৰ মাৰে। সকলো কথাই কৈছিল পলাশে। বৈশ্যদাৰ বুকুখন গধুৰ হৈ গৈছিল। বৈশ্যদায়ো কান্দিছিল।

‘ বৈশ্যদা¸ প্লিজ হেল্প মি।’ 

বহুদেৰি মুক হৈ ৰোৱাৰ পিছত বৈশ্যদাই কৈছিল¸ 
‘ তোক মই কি কম একো ভাবি পোৱা মাই। কি কৰা উচিত অনুচিত সেয়াও সিদ্ধান্ত লব পৰা নাই।’
‘ প্লিজ বৈশ্যদা¸ তাই সহ্য কৰিব নোৱাৰিব। ৰিয়েলিটিকতো অগ্ৰহ্য কৰিব নোৱাৰো! ফিফ্টি পাৰছেন্ট টিচু এফেক্টেড হৈ গৈছে।’
বৈশ্যদাক সন্মত কৰাবৰ বাবে শেষবাৰৰ চেষ্টা কৰিছিল সি।

‘ কিয় ইশ্বৰ ইমান নিষ্ঠুৰ। কিয় এই অন্যায় কৰিলে তোৰ লগত? …ঠিক আছে ভাই¸ মই তোৰ কথা ৰাখিম। তোক চেল্যুট ভাই…।’
তাক সাবতি ধৰিছিল বৈশ্যদাই। 
দুয়োজন মানুহৰ চকুদুটা চপচপীয়া হৈ পৰিছিল। একো ভুল কৰা নাই সি। পুৰণি সেই বুদ্ধিটোৱেই আজি প্ৰয়োগ কৰিছে। কথাবোৰ কও বুলিওতো কোনোপধ্যেই কব নোৱাৰে। পলাশে ভাবিছিল¸ আপোন মানুহবোৰক আকস্মিক দূৰ্যোগৰ বতৰা এটা দি অসুখী কৰিব নোৱাৰি। পৰালৈকে অকলে যুঁজাই ভাল। কষ্ট হয় তাৰ¸ বৰ কষ্ট। আশাবোৰ হেৰুৱাব খুজি আশাৰ সপোন দেখাৰ অভিনয় কৰিবলৈ বৰ কষ্ট। সি ভাবিছিল¸ যদি মানুহবোৰে হঠাত তাক বেয়া পাবলৈ লয়¸ যদি সকলোৱে তাক ঘিণ কৰি পেলাই¸ সহজ হবনে অন্তিম যাত্ৰা! ভবাৰ দৰে কথাবোৰ সহজ নহয়। নিবিচৰাকৈয়ে জানি শুনি আনক কষ্ট দিয়া কামটো সবাতোকৈ যন্ত্ৰনাদায়ক। তাতোকৈ যন্ত্ৰনাদায়ক আদৰ্শক সাৱতি কৰা অধঃপতনৰ অভিনয়। ওহো¸ নোৱাৰে। কথাবোৰ ভাবিও সি ব্যৰ্থ হৈ পৰে। কোনেও গম নোপোৱাকৈয়ে বুকুত কঢ়িয়াই ফুৰে এজাক ধুমুহা।

-----

‘ প্ৰচ্ছায়া¸ কালি তোমালোকক ইমান মাতিলো চিঞৰি চিঞৰি। এবাৰো ঘুৰি নাচালা।’
এদিন পুৱাই বৈশ্যদাই এনেয়ে কৈছি প্ৰচ্ছায়াক।
প্ৰচ্ছায়া আচৰিত হৈ গৈছিল। আগদিনাখন ঘৰৰ পৰা কলৈকো ওলোৱা নাছিল তাই।

‘ ক’ত দেখিলে বৈশ্যদা? মই দেখোন কালি ঘৰতে আছিলো।’
‘ হব দিয়া। লুকুৱাব নালাগে। পলাশৰ বাইকত উঠি কলাক্ষেত্ৰত যোৱা নাছিলা।’
‘ আপুনি চাগে বেলেগক দেখিলে।’
হাঁহিলে তাই।
‘ ইস¸ মই হবলা ইঁহতক চিনি নাপাও। মোক দেখিও পলাশে নেদেখা ভাও ধৰিলে। তোমাক অৱশ্যে পিছফালৰ পৰা দেখিছিলো। কিন্তু তুমিও ঘুৰি নাচালা।’
অভিযোগৰ সুৰত কলে বৈশ্যদাই।

‘ মই যোৱাই নাই যাওক। পলাশে বোধহয় বেলেগৰ লগত…।’
নভবাকৈয়ে এইখিনিলৈকে কৈ ৰৈ গ’ল তাই। বৈশ্যদালৈ চাই সন্দেহী দৃষ্টিৰে সুধিলে¸
‘ আপুনি সচাকৈয়ে পলাশক দেখিছিল?’
কিন্তু সেইটো প্ৰশ্নৰ উত্তৰ নিদি ওলোটাই সুধিলে বৈশ্যদাই¸
‘ তুমি সচাকৈ যোৱা নাছিলা?’
‘ ওহো ’
মুৰটো ল’ৰালে তাই।
‘ অহ¸ মই ভুল দেখিলো চাগে।’
স্বগতোক্তি কৰাৰ দৰে পালমৰা কথা কৈ বৈশ্যদা কোঠাটোৰ পৰা ওলাই গ’ল।
সকলো বুজি পালে প্ৰচ্ছায়াই। বুকুখন হেঁচা মাৰি ধৰিলে তাইৰ।
 প্ৰচ্ছায়াই অনুভৱ কৰিছিল সি অলপ বেলেগ হৈছিল। কিন্তু ইমানখিনিলৈ যাব বুলি ভবা নাছিল।  

দুপৰীয়া তাৰ কেবিনতে তাক লগ ধৰিছিৱ প্ৰচ্ছায়াই। কথাবোৰ খোলাখুলিকৈ জনাটো দৰকাৰ। কি ভাবিছে সি। তাইৰ খং উঠিছিল। আগদিনা ঘৰলৈ যাও বুলি সি কলৈ গৈছিল।

‘ প্ৰচ্ছায়া আহা¸ বহা। ’
তাইক দেখাৰ লগে-লগে কৈ উঠিছিল সি। তাই বহা নাছিল। তাৰ চকুত চকু থৈ স্পষ্টকৈ সুধিছিল 
‘ কালি কলৈ গৈছিলা তুমি?’
‘ ঘৰলৈ গৈছিলো। জানাই দেখোন।’
‘ মিছা কথা। বৈশ্যদাই নিজেই দেখিছে তোমাক কলাক্ষেত্ৰত। আন কাৰোবাৰ লগত আছিলা।’
খঙত ফোঁপাইছিল তাই।

তাইৰ ফালে অলপপৰ তভক মাৰি চাই নিৰ্লজ্জৰ দৰে হাঁহি দিছিল সি।

‘ গম পালা ন? অ’কে লেটছ ব্ৰেক আপ।’
‘ তুমি বলীয়া হৈছা নেকি পলাশ? কি কি কৈ আছা এইবোৰ!’
সি যেন বিৰক্ত হৈ পৰিছিল।

‘ প্ৰচ্ছায়া¸ ফ্ৰেংকলি কও¸ মোৰ ঘৰৰ মানুহে চহৰৰ ছোৱালী বোৱাৰী কৰিবলৈ সন্মত নহয়। ওচৰৰ গাঁৱৰে এজনীক মোলৈ যাঁচি আছে। বাপেক-মাকৰ এজনীয়ে ছোৱালী। দেখাই-শুনায়ো ভাল। মই ঘৰখনৰ অমতত যাব নোৱাৰিম। বেয়া নাপাবা।’

‘ তোমাৰ কি অধিকাৰ আছিল¸ মোৰ জীৱনটোৰ লগত খেলা কৰাৰ। যদি বিয়া কৰাবই নোৱাৰা ভাল পাইছিলা কিয়? কিয় দেখুৱাইছিলা মিছা সপোন।’
ফেঁকুৰী উঠিছিল তাই। ব্ৰেক আপ কৰাটো কি ইমান সহজ।

‘ প্ৰচ্ছায়া¸ যেতিয়া মৰিব খুজিছিলো¸ হতাশ হৈ¸ নিংসগ হৈ¸ ৰোগাগ্ৰস্থ হৈ জীৱন দূৰ্বিসহ হৈ পৰিছিল¸ তেতিয়া নমৰিলো। তিনিবাৰকৈ আত্মহত্যাৰ চেষ্টা কৰিও সফল নহলো। কিন্তু যেতিয়া জীৱনটো জীপাল কৰিব খুজিছো¸ ৰামধেনুৰ সাতো ৰঙেৰে জীৱন ৰঙিয়াল হোৱা যেন লাগিছিল¸ জীৱনে অভিমানী হৈ সংগ এৰিব খুজিছে। কিন্তু পলাশ কলিতা ইমান দূৰ্বল নহয়।’ কিন্তু কব নোৱাৰিলে সি। মাথো কলে প্লিজ মোক পাহৰি যোৱা।

‘ কিয় পাহৰি যাম তোমাক? কেনেকৈ পাহৰি যাম? কোৱা পলাশ¸ মোৰ ক’ত ভুল হ’ল?’

‘ তোমাৰ ভুল নাই প্ৰচ্ছায়া। ভুল মোৰ। মোৰ চৰিত্ৰৰ।’

‘ পলাশ তুমি…’
‘ এৰা¸ প্ৰচ্ছায়া। বেড বয় মই। সুবিধাবাদী। 
ভাবিছিলো¸ তোমাক ভাল পালে তোমাৰ পাপাই হয়তো তোমালোকৰ ঘৰতেই ৰাখিব। কিন্তু তেও কলেগৈ মোৰ সৰু ঘৰটোহে সম্পূৰ্ণ কৰিবলৈ। তুমিও একে কথাই ক’লা। কিন্তু চোৱা¸ স্নিগ্ধাক বিয়া কৰালে দেউতাকৰ গোটেইখিনি সম্পত্তিয়েই দিম বুলিছে। দুখীয়া ঘৰত জন্মিছো ভাই। এতিয়ালৈকে অভাবৰ মাজতে ইটো নাই সিটো নাই কৰি কটালো। কমচেকম এতিয়াটো সেইখিনি ৱাইফৰ পৰা আশা কৰিম ভাই।’
হো-হোৱাই হাঁহি দিলে সি।
হতবাক হৈ প্ৰচ্ছায়াই তাৰ চকুলৈ চাই ৰ’ল।
‘ পলাশ …
তাক চৰ এটা সোধাবলৈ হাতখন উঠায়ো মাৰিব নোৱাৰিলে তাই। খং ক্ষোভ অপমানত কপি উঠিছিল তাই। দুখত সৰসৰকৈ তাইৰ চকুপানী বৈ আহিছিল। তাৰ মন গৈছিল মছি দিবলৈ। কিন্তু অভিনয় কৰিবলৈ গৈ সি বাধ্য তাইক দুখ দিবলৈ। তাৰ ভাৱ হৈছিল¸ তাই তাৰ গালত চৰ এটা সোধোৱা হলেই হয়তো ভাল আছিল।

প্ৰচ্ছায়াৰ বুকুখন ফাটি যোৱা যেন লাগিছিল। তাইৰ মন গৈছিল চিঞৰি চিঞৰি কান্দিবলৈ। কিয় ভুল কৰিছিল তাই! তাইৰ পবিত্ৰ প্ৰেমৰ প্ৰতিবাদ কিয় এনেকৈয়ে পালে! তাইৰ মগজুটো খেলিমেলি হৈ পৰিছিল। কি কৰিব কি নকৰিব একো ভাবিব নোৱাৰি সোনকালেই ঘৰলৈ আহিছিল তাই। বৈশ্যদায়ো বাধা দিয়া নাছিল।

‘ মাজনী¸ সোনকালে আহিলি দেখোন।’
তাই সোনকালে অহা দেখি মাক সামান্য আঁচৰিত হৈ হৈছিল।
‘ উম¸ কাম শেষ হ’ল। সেয়ে সোনকালে আহিলো।’
‘ পলাশো আহিল নেকি?’
এনেয়ে মাকে সুধিছিল।
‘ নাই। তাৰ কাম অলপ আছে। বোধহয় নাহিব আজি। বন্ধু এজনৰ ঘৰত কিবা উৎসৱ আছে।’
কথাখিনি কৈয়ে নিজৰ ৰুমত সোমাইছিল প্ৰচ্ছায়া। তাইৰ ভয় লাগিছিল¸ জানোচা তাইৰ মুখলৈ চালেই মাকে গম পাই যায়। অনুমান কৰিছিল তাই¸ ব্ৰেক অাপ কৰাৰ পিছত সি চাগে এনেয়েও সেইদিনা আহিবলৈ সংকোচ কৰিব। কথাবোৰ কাকো কবলৈ মন যোৱা নাছিল প্ৰচ্ছায়াৰ। বাথৰুমত সোমাই শ্বাৱাৰটো অন কৰি উচুপি উঠিছিল তাই।

সেই ৰাতি সচাকৈয়ে পলাশ নিজৰ ৰুমলৈ নাহিল। সাহস নহল তাৰ। সি ভাবিছিল¸ যদি তাই ঘৰত সকলো কৈ দিছে¸ কেনেকৈ সমুখীন হব! কও বুলিওতো কব নোৱাৰিব। থাকক¸ সকলোৱে পলৰীয়া¸ বদমাছ বুলিয়েই তাক ভাবক। ৰাতিটোৰ বাবে আশ্ৰয়ৰ অভাব নাই এই চহৰত। নিতৌ এদিনকৈ থাকিলেও আৰামত এমাহ চলিব পৰাকৈ আপোন মানুহবোৰ আছে ইয়াত। পলাশে ভাবিছিল¸ চাগে প্ৰচ্ছায়া পিছদিনা অফিচলৈ নাহিব। বোধহয় তাৰ ফোনলৈ তাইৰ মাক¸ দেউতাক বা প্ৰত্যাশাৰ ফোন আহিব। তাক গালি পাৰিব। হয়তো এবাৰ ঘৰলৈ মাতিব। উত্তৰ কিছু ভাবি ৰাখিছিল। কিন্তু তাৰ অনুমানক ভুল প্ৰমানিত কৰি সেইবোৰ একো নহলগৈ। বন্ধুৰ ঘৰৰ পৰা অফিচলৈ আহি আকৌ আচৰিত হ’ল সি।
সেইদিনাও প্ৰচ্ছায়া অফিচলৈ আহিছিল।
 সম্পূৰ্ণ বেলেগ এজনী ছোৱালী হৈ তাই আহিছিল। উজাগৰী নিশা পাৰ কৰা ৰঙা পৰা চকুহাল লুকুৱাবলৈ ডাঠ চানগ্লাছযোৰ তাই পিন্ধি আহিছিল। ভুলতো তাৰ ফালে তাই চোৱা নাছিল। অবাবত কাৰো সতে কথা পতা নাছিল। যেন তাই এজনী হাঁহিব নজনা ৰবট হৈ পৰিছিল। 

পলাশৰ অসহনীয় হৈ পৰিছিল। কিন্তু জীৱনৰ জুয়ে দহি পেলালে কিয়েইবা থাকে প্ৰতিকাৰ।

‘ খুৰী¸ এসপ্তাহমান নাথাকিম। চুটি লৈছো। ঘৰৰ বিয়া এখনো আছে আৰু অলপ দৰকাৰী কামো আছে।’
দূপৰীয়া এপাক ৰুমলৈ আহি প্ৰচ্ছায়াৰ মাকক কৈছিল সি। 

‘ অ’ ঠিক আছে দিয়া। মাজনীক কৈছা?’
হাঁহি মাৰি মানুহজনীয়ে কৈছিল। বিশেষ ভাবিবলগা একো নাছিল তেওৰ। সি মুৰ দুপিয়াইছিল।

পলাশে বুজিছিল¸ তাই এতিয়াও কথাবোৰ কাকো কব পৰাগৈ নাই। কিন্তু কিমান দিনলৈ! তাৰ ওঠৰ কোণত সেমেকা হাঁহি এটা ওলাইছিল।
-------

প্লেনিং মতেই কামবোৰ কৰিছিল পলাশে। সি ভাবিছিল¸ এসপ্তাহৰ চুটি লৈ ঘৰলৈ যাবগৈ। এসপ্তাহ পিছত বৈশ্যদালৈ ফোন কৰিব। এচিষ্টেন্ট দুজনে কামবোৰ কৰিবপৰা হৈছেগৈ। একো কামেই সিয়ো পেণ্ডিং ৰখা। সেমেকা হাঁহি এটা ওলাইছিল তাৰ¸ এদিন সকলোৱে তাক ঠগ¸প্ৰৱঞ্চক বুলিয়েই ভাবিব। অফিচৰ সকলোৱে ভাবিব¸ ভাল সুবিধা পাই নিয়ম বৰ্হিভূতভাবে চাকৰী এৰি দিলে। খঙতে জিএমে তাৰ পেণ্ডিং চেলাৰী ব্লক কৰি দিব। দাসে মানুহৰ আগত ঠাট্টা¸ মস্কৰা কৰিবলৈ সুন্দৰ বিষয় এটা পাব। আৰু প্ৰচ্ছায়া…
এসপ্তাহতো প্ৰচ্ছায়ায়ো তাক ঘিন কৰি পেলাব। তাৰ পিছত তাৰ খবৰ কোনেও নাজানিব। নতুন চিমখন ফোনত লগাই সি বৈশ্যদাৰ ৰুমলৈ আহিছিল। বৈশ্যদাৰ হাতত এপ্লিকেচনখন দি এবাৰ প্ৰচ্ছায়াৰ কাষলৈ গৈছিল। 
‘ প্ৰচ্ছায়া¸ যাও। বেয়া পাই নাথাকিবা। বাটে-পথে দেখিলে মাতিবা।’
খুন্দামাৰি ধৰা শোকতো চেপি কৈ উঠিছিল সি।

‘ মোৰ লগত যি কৰিলা কৰিলা¸ এইজনীৰ লগত যাতে আকৌ এইবোৰ নকৰা। নহলে লোভে ক’ত নি পেলাব গমেই নাপাবা। শুভেচ্ছা থাকিল¸ ভাল হওক।’
তাৰ ফালে নোচোৱাকৈয়ে তাই শ্লেষেৰে কৈ উঠিছিল। আৰু এক মূহুৰ্তও তাত নোৰোৱাকৈ সি ওলাই আহিছিল। তাৰ নিয়ন্ত্ৰিত আবেগৰ পৰিধি ভাগি সৰসৰকৈ চকুদুটাৰে ধাৰ বাগৰি আহিছিল। যিয়ে দুদিন আগলৈকে তাক বুকুৰ এফাল বুলি জ্ঞান কৰিছিল¸ আজি তেৱেই চুড়ান্ত শ্লেষেৰে তাক অপমানেৰে কৰিছিল। কিন্তু এই পৰিস্থিতিটো তাৰেই সৃষ্টি। তাৰ বাবে দায়ী কোন? সি! তাৰ গভীৰ অভিমান হ’ল 
ইশ্বৰলৈ। এই বিশাল দুনীয়াখন দূৰ্ভাগ্য জাপি দিবলৈ ইশ্বৰে মাথোন তাকহে পালে! বাইকত উঠিবলৈয়ো সি চাই থাকিল আকাশৰ ফালে।
কাৰোবাৰ স্পৰ্শত উভতি চালে সি। সেমেকা দুচকুৰে বৈশ্যদাই তাৰ কাষত থিয় হৈছিল। তেওৰ চকুত দুফোট পানী। লাহেকৈ হাঁহিলে সি।
****

সি টকাৰ কথা ভবা নাছিল। অটল অমৃত যোঁজনাৰ কাৰ্ডখনে দুই লাখলৈকে সহায় কৰে। তাৰ একাউন্টতো প্ৰায় সত্তৰ হাজাৰমান আছিল। বেংকৰ একাউন্ট খোলোতেই হেল্থ ইঞ্চুৰেঞ্চৰো পলিচি এখন কৰি ৰাখিছিল। সেই সময়ত এনেয়ে নভবাকৈয়ে কৰি পেলাইছিল। এতিয়া সেইখনে সকাহ দিলে তাক। পাঁচলাখ টকা  বৰ কম নহয়। 
হেল্থ ইঞ্চুৰেঞ্চৰ ক্লেইম কৰাৰ পিছত প্ৰছেছিং হবলৈ অলপ সময় লাগে। পি এফ ভঙাই টকাখিনি হাতত পৰালৈকো অলপ সময় লাগে। দুয়োটা কাম আগবঢ়ালৈ ৰৈ দিছিল সি। মন গলেও কৰিবপৰা কামবোৰ বৰ সহজ নাছিল। পি এফৰ দুই লাখ আৰু হেল্থ ইঞ্চুৰেঞ্চৰ টকা পাচলাখলৈ আশা কৰি সপোনবোৰ জীয়াই ৰাখিছিল। কোনেও গম নোপোৱাকৈয়ে চেন্নাইত এপইন্টমেন্ট লৈ পেলাইছিল। টকাখিনি যোগাৰ হোৱাৰ পিছত যাবলৈ এসপ্তাহমান থাকোতে এদিন ঘৰত কৈ দিছিল।

‘ মোৰ অসুখ হৈছে। চিকিৎসাৰ বাবে বাহিৰলৈ যাম।’
‘ হা কি হৈছে তোৰ।
‘ ব্ৰেইন কেঞ্চাৰ।’
সেমেকা হাঁহি এটা মাৰিছিল। 

‘ কিইইই।’
ভূমিকম্প এটা আহিছিল। সেই ভূমিকম্পই ভাঙি পেলাইছিল সৰু ঘৰখন।
সি কিন্তু হাঁহিয়েই আছিল। 
হাঁহিয়েই জীৱনৰ পৰম সত্য।
 পৰম সাহস।

‘ ৰহ হুলস্থুল নকৰিবি। বেমাৰ মানুহৰ গাতেই হয়। টকা মই যোগাৰ কৰিছো। চিকিৎসা কৰাম। বাকী সকলো ওপৰৰ জনৰ হাতত।’

কাঁহ পৰি জীণ যোৱাৰ দৰে পৰিবেশ ঘৰখনত। অকলেই প্ৰস্তুতি সম্পূৰ্ণ কৰি কাকোৱেই অসুবিধা নিদিলে। সেই জটিল সময়তো তাৰ মুখৰ হাঁহিটোৱেই ঘৰৰ সাহস আছিল।

টেবলেটবোৰ খাই খাই যাব লগা দিনটোলৈ ৰৈ থাকিল। তাৰ প্ৰতি মৰম উথলি উঠিছিল সকলোৰে। অজান আশংকাত ঘৰৰ মানুহবোৰে তালৈ চাই ভিতৰি ভিতৰি কান্দিছিল। হাঁহি যেন হেৰাই গৈছিল। পলাশে জানে¸ কোনেও শান্তিত শুব পৰা নাই¸ এসাঁজ ভালকৈ খাব পৰা নাই। অথচ সি অসহায়। তথাপি জোৰকৈ মনটোক বুজাই সুখী হবলৈ চেষ্টা কৰিছিল। আলমাৰীৰ পুৰণি কিতাপবোৰ উলিয়াই পঢ়িছিল। এটা মূহুৰ্তও এনেয়ে থকাটো তাৰ বাবে অসহনীয় হৈ পৰিছিল। অথচ সন্ধিয়াৰ আড্ডালৈ যাবলৈয়ো মনটোৱে মনা নাছিল। নাই¸ দূৰ্ভাগ্যৰ কথাবোৰ কাকো জানিব দি লাভ নাই। 
---
আবেলি এনেয়ে চাইকেলখন লৈ ওলাই আহিছিল সি। বেমাৰী হ’ল বুলি কিমান আৰু ঘৰটোতে সোমাই থাকিব। তাৰ দেহটোহে দূৰ্বল হৈছিল¸ মনটোতো নহয়।
এনেয়ে গাঁৱৰ ভিতৰতে পাক এটা মাৰিছিল। কিমান দিন ঘুৰা নাই এনেকৈ। দুমাহ নে তাতোকৈয়ো বেছি। সঠিক হিচাপতো মনত নপৰে তাৰ। কিমান যে স্মৃতি ৰাখিছে এই ঠাইখনে। তাৰ শৈশৱ¸ কৈশোৰ¸ যৌৱনৰ স্মৃতি। এদিন এই গাঁৱৰ এনে এটা গলি নাছিল য’ত মাৰ্বল খেলি ঘুৰি ফুৰা নাছিল। লোকৰ বাৰীৰ ৰবাব টেঙা পাৰি ব’ল সাঁজি খেলিছিল। মনটো সেমেকি উঠিছিল। যদি সি হেৰাই যাই আৰু কোনোদিনেই এনেকৈ ফুৰিব নোৱাৰিব এই ওপজা ভূমিৰ গলিত। কেতিয়াও পাৰ কৰিব নোৱাৰিব নষ্টালজিক সময়। গধুৰ বুকুখনেৰে লাহে-লাহে চাইকেল চলাই আগবাঢ়িছিল।

‘ ঐ পলাশদা¸ কোনদিনা আহিলি?’
কাৰোবাৰ মাতত উচপখাই চালে সি।
সেইটো বিষ্ণু। হাফপেন্টটোৰ সৈতে গেঞ্জী এটা পিন্ধি চাইকেল চলাই আহিছিল। চাইকেলৰ কেৰিয়াৰখনৰ দুয়োফালে বান্ধি দুটা ডাঙৰ ড্ৰাম।

‘ অ’ বিষ্ণু¸ কি আনিলি?’
হাঁহি মাৰিবৰ চেষ্টা কৰে পলাশে।
‘ ময়ো গুৱাহাটীৰ পৰা একেবাৰে আহিলো নহয়। কোনে কৰেও লোকৰ তলত কাম। তইযে ৰমেশক বুদ্ধিতো দিছিলি¸ এতিয়া তাৰ লগত ময়ো গাহৰি পুহিছো। লাভো ভালেই হৈছেদে। যোৱামাহত চাৰিটা পোৱালি বিকিলো। এতিয়ালৈকে পঞ্চাশ হাজাৰ মান পালো। ৰমেশেতো মোতকৈও বেছি পাইছে।’
‘ আহচোন চাবি আমাৰ ফাৰ্মখন।’
হাঁহি হাঁহি বিষ্ণুই কৈ থাকে। পলাশৰ ভাল লাগি গ’ল। সি পাহৰি পেলালে নিজৰ দুখবোৰ। বিষ্ণুৱে মতাত সি পিছে পিছে আহি থাকিল।

পথাৰৰ বিষ্ণুহঁতৰ বাঁহৰ বাৰীখনৰ কাষতে সিঁহতে ফাৰ্মখন পাতিছিল। ৰমেশে গাহৰিকেইটাক দানা খুৱাই আছিল। তাক দেখি লাজকৈ হাঁহিলে। পলাশে আগুৱাই গৈ চালে। বাঁহৰ গৰালৰ ভিতৰত ছটা মাতৃ গাহৰি। ওচৰতে আঠটা সৰু সৰু পোৱালি। বোধহয় দহ পোন্ধৰদিনৰ বেছি বয়সীয়া নহয়। সিঁহতৰ ঘোট ঘোট শব্দত ঠাইখিনি মুখৰিত হৈ আছিল। এই মূহুৰ্তত ভেকেটা-ভেকেট গোন্ধটো বেয়া নালাগিল পলাশৰ। সি ৰমেশলৈ চাই থাকিল। কোনে ক’ব এই ল’ৰাটোৱে এদিন জীৱনৰ ওচৰত হাৰি আত্মহত্যা কৰিবলৈ ওলাইছিল।

দানাখিনি খুৱাৰ পিছত ৰমেশ তাৰ ওচৰলৈ আহিল। তালৈ চাই সি আকৌ এবাৰ হাঁহিলে। 

‘ যোৱা সপ্তাহত এঘাৰটা নটা পোৱালি হৈছিল। এটা মাকেই খালে।’
নোসোধাকৈয়ে কৈ উঠিল ৰমেশে।
পলাশে লাহেকৈ হাঁহিলে¸
‘ চা¸ ৰমেশ তই সেইদিনা জীৱনৰ ওচৰত অভিমান কৰি যাব খুজিছিলি। কিবা পালিহেতেন জানো! নিজৰ ঘৰখন ধ্বংস হ’লহেতেন। আৰু আজি চা¸ তই নতুনকৈ নিজক গঢ়িছ বাবে সকলো কিমান সুখী। আজি মোৰ দেখি ভাল লাগিছে। তঁহত দুয়োটাৰে বাবে। এনেকৈ আগবাঢ়ি যা।’

‘ সেই কথাবোৰ মনত পেলাই কিয় লাজ দিয় পলাশ দা¸ ভুল কৰিছিলো মই।’
তলমুৰকৈ ৰমেশে কৈ উঠিল।
অলপ ৰৈ আকৌ কলে 
‘ ধন্যবাদ তোক। তই সেইদিনা নোকোৱা হলে সাহ কৰিব নোৱাৰিলো হৈ।’
‘ ধন্যবাদ মোক নহয়। নিজক দে। নিজৰ মনটোক দে। মইনো কি কৰিছো¸ মাথোন উপদেশ এটাহে দিছো।’
হাঁহিলে সি।

#অন্তিম খণ্ড
----------------

পলাশৰ যোৱাৰ আগদিনা প্ৰচ্ছায়াক কৈ দিলে বৈশ্যই। কথাবোৰ আৰু লুকুৱাই ৰাখিব নোৱাৰিলে তেও। কথাদি কথা ৰাখিব পৰাকৈ তেওতো কোনো মহান নহয়। তেৱোতো সামান্য মানুহহে। 

‘ প্ৰচ্ছায়া¸ তোমাক ডাঙৰ কথা এটা কবলৈ আছে।’
‘ কি কথা দাদা?’
‘ পলাশৰ কথা।’
‘ মই নুশুনো দাদা। প্লিজ নকব মোক তেওৰ কথা।’
‘ ওহো¸ তুমি আজি শুনিবই লাগিব প্ৰচ্ছায়া। নহলে গম পোৱাৰ পিছত গোটেই জীৱন নিজক গালি পাৰি থাকিবা তুমি। আৰু ময়ো কোনোদিনেই শান্তি নাপাম। তুমি ভবাৰ দৰে পলাশ বেয়া ল’ৰা নহয় অ’ ভন্টি। সি তোমাক বহুত ভালপায়। যি কৰিছে সি তোমাৰ ভালৰ বাবেই কৰিছে। সি একেবাৰে গুচি যোৱাৰ পিছত যাতে তুমি তাক পাহৰি সুখী হৈ থাকিব পাৰা।’
বৈশ্যৰ চকুদুটা সেমেকি দুটোপাল চকুপানী বিৰিঙি উঠিছিল। মাতটো ঠোকাঠুকি হৈ পৰিছিল। হতভম্ব হৈ পৰিছিল প্ৰচ্ছায়া। তাইৰ বুকুখন চিৰিংকৈ মাৰিছিল।

‘ কলৈ গুচি যোৱা কথা কৈছে বৈশ্যদা? ভালকৈ কওকচোন।’
তাই বৈশ্যৰ হাত এখনত খামুচি ধৰিছিল।

‘ যোৱা মাহত ধৰা পৰিছে। তাৰ কেঞ্চাৰ। লাষ্ট ষ্টেজ। কাইলৈ চেন্নাইলৈ যাব। নাজানো আকৌ ঘুৰি আহিবনে নাই। তোমাক সি যিবোৰ কৈছে¸ চব মিছা কথা প্ৰচ্ছায়া। তোমাৰ বাহিৰে সি কাকোৱেই ভাল নাপায়।’

‘ কি ইইই ’
প্ৰচ্ছায়া ঢলি পৰিছিল। আকস্মিক সংবাদটোৱে তাইৰ ভৰিৰ তলৰ মাটি নোহোৱা কৰি পেলাইছিল। 

বৈশ্যৰ ভয় লাগিছিল। দুখো লাগিছিল। পলাশৰ বাবে। প্ৰচ্ছায়াৰ বাবে।
অলপ পিছতে জ্ঞান পোৱাৰ পিছতে তাই ফেঁকুৰী উঠিছিল।

‘ দাদা¸ ক’ত আছে সি? মোক লৈ ব’লক তাৰ ওচৰলৈ।’

‘ আজি নালাগে দিয়া প্ৰচ্ছায়া। কালি লগ কৰিবা তাক। কাইলৈ যাব সি চেন্নাইলৈ। পুৱা নটা পয়চল্লিশত ট্ৰেইন। বহুত বেছি সাহসী সি। মিছাতেই তাৰ ওচৰত দূৰ্বল হৈ তাক দূৰ্বল কৰি নিদিবা। ডাক্টৰে কৈছে একমাত্ৰ মনোবলেই আশা তাৰ।’

প্ৰচ্ছায়াৰ দুচকুৰে বাৰিষাৰ ঢল নামিছিল। ভগবানটো কিয় ইমান নিষ্ঠুৰ। বাৰে-বাৰে তাইৰহে সপোন ভাঙি দিয়ে। সেইদিনা দুখন ঘৰতে মানুহবোৰে শোৱা নাছিল। চকুপানীৰে প্ৰচ্ছায়া গাৰুটো তিতি গৈছিল। 

পিছদিনাই পুৱাই উঠি গা ধুই মন্দিৰত সোমাইছিল প্ৰচ্ছায়া। থাপনাত চাঁকি এগচ  জলাই আকৌ উচুপি উঠিছিল তাই। বহুদেৰি প্ৰাৰ্থনাৰ অন্তত তাই ওলাই আহিছিল। মাক-পাপাকে বাধা দিয়া নাছিল। তাইৰ লগত তেওলোকো আহিছিল এবাৰ তাক চাবলৈ। মনবোৰ সকলোৰে ভাৰাক্ৰান্ত হৈ পৰিছিল। ওৰে বাটচোৱা তাই উচুপি আহিছিল। কোনেও তাইক বাধা দিবলৈ সাহস কৰা নাছিল।

পলাশে সকলোকে মাত লগাই শেষবাৰৰ বাবে ঘৰখনৰ চাৰিওফালে এপাক ঘুৰিছিল। বিভিন্ন এংগলত ফটো সমূহ তুলি এবাৰ চাই তাৰ মনটো সেমেকি উঠিছিল। কোনে জানে হয়তোবা এয়াই শেষ দেখা। এই আদৰৰ ঘৰখন¸ এই চিনাকী গাঁৱখন¸ এই আপোন মানুহবোৰৰ সতে হয়তো আৰু কাহানিও দেখা নহবও পাৰে। ওলাবখোজা চকুপানীখিনিক বাধা দিবলৈ চকুদুটা মুদি দিলে সি। ঘৰৰ মানুহবোৰৰো মনবোৰ সেমেকি উঠিছিল। ইতিমধ্যে সিঁহতৰ আপোন আলহীবোৰো আহি পাইছিল। চুবুৰীৰ দুই এজন মানুহে নঙলাৰ কাষত উদগ্ৰীব হৈ ৰৈ আছিল। যেন দূৰনিত বিয়া হৈ যাবলৈ ওলোৱা জীয়াৰীক বিদায় দিবলৈ মানুহবোৰ আহিছিল। মাক-দেউতাকৰ ভৰি চুই সকলোৰে পৰা বিদায় লৈ গাড়ীত উঠা সময়ত কাৰোৱেই চকুলৈ চাবলৈ চাব নোৱাৰিলে সি। চকুপানী দেখিলে যে তাৰ চকুযুৰিও অবাধ্য হৈ পৰিব।

‘ যা বাছা যা। ভাল হৈ সোনকালেই উভতি আহিবি।’
শোকাকুল কণ্ঠেৰে মাক-দেউতাকে কৈ উঠা সময়ত পৰিবেশটো গোমা হৈ পৰিছিল।

‘ মই সোনকালেই আহিম।’
জোৰকৈ হাঁহি শেষবাৰৰ বাবে মানুহজাকলৈ চাই সি কৈছিল। সি কেঁকুৰীটো নেদেখা হোৱালৈকে মানুহজাকলৈ চাই সৰ্বশক্তিৰে হাতখন জোকাৰি থাকিল।
------
‘ পলাশ ’
কান্ধত কাৰোবাৰ স্পৰ্শ অনুভৱ কৰি উভতি চাই আচৰিত হৈ পৰিছিল পলাশ। শাৰীপাতি মানুহ কেইজন থিয় দি আছিল। প্ৰচ্ছায়া¸ প্ৰত্যাশা¸ তাইৰ মাক¸ দেউতাক¸ বৈশ্যদাৰ বৌ¸ কণমানি ল’ৰাটো। কৰুণ দৃষ্টি এটাৰে আটায়ে চাই আছিল তালৈ। 

‘ মা¸ পাপা¸ মাইনা¸ বৌ ’
প্ৰত্যেককে মাতি জেষ্ঠকেইজনৰ ভৰি চুই সেৱা কৰিলে সি। প্ৰচ্ছায়াৰ দেউতাকে একো কব নোৱাৰিলে। মাথো তাক আঁকোৱালি পিঠিত থপৰিয়াই দিলে। 
‘ জিজু¸ 
প্ৰত্যাশাই তাক মাতিছিল। নিৰ্মালি এপাহ তালৈ আগবঢ়াই কৰুণ কণ্ঠৰে কৈ উঠিছিল
‘ এয়া লওক। বায়ে শৰাই দিছিল।’
ফুলপাহ লৈ তাইলৈ চাই হাঁহিলে সি। লাহেকৈ তাইৰ গালত হাতবুলাই লাহেকৈ ক’লে ভালকৈ থাকিবা।

‘ পলাশ তুমি কৈছিলা তোমাৰ বা নাই। আজি এইজনী বায়ে তোমাক পবিত্ৰ বন্ধনৰ বান্ধেৰে বান্ধি পেলালো। সোনকালে আহিবা।’
তাৰ হাতত ৰাশি এটা পিন্ধাই বৌৰ চকুযুৰি বাস্পাকুল হৈ পৰিছল। মনটো ভাল লাগি গৈছিল তাৰ। ইমানবোৰ মানুহৰ আশীৰ্বাদ অথলে নাযায়। 
‘ বৌ¸ আজি বৰ ডাঙৰ উপহাৰ দিলে আপুনি। কিন্তু প্ৰতি উপহাৰ দিবলৈ এতিয়া মোৰ হাতত একোৱেই নাই।’
‘ নালাগে মোক উপহাৰ। সোনকালেই আহিবা তুমি।’
প্ৰত্যুত্তৰ সেমেকা হাঁহি এটা মাৰিছিল সি।

সকলোৰে দূৰত প্ৰচ্ছায়াই ৰৈ তালৈকে চাই আছিল। যেন এজনী দেবী মূৰ্তি। শুভ্ৰ সাঁজেৰে তাইক অপূৰ্ব লাগিছিল। পলাশ লাহে-লাহে তাইৰ ওচৰলৈ আহিল। তাইৰ চকুদুটা ৰঙা পৰি আছিল। নাকৰ পাহি ফুলি উঠিছিল। বোধহয় এসোঁতা কান্দিছিল। তাৰ নিজকে দোষী দোষী লাগিল।

‘ প্ৰচ্ছায়া…’

‘ তুমি মোক এবাৰো কিয় নকলা? দুখ-সুখ একেলগে ভগাই লোৱাৰ জানো আমি প্ৰমিজ কৰা নাছিলো? কিয় মোক ফাঁকি দিলা?’

সি কৰুণকৈ হাঁহিছিল¸
’ মানুহে জীৱনত বিছাৰা সকলোখিনিয়েই নাপায় প্ৰচ্ছায়া। সেয়ে সুখী হবলৈ প্ৰয়াস কৰাটোৱেই দুনীয়াৰ নিয়ম। মই বিছৰা নাছিলো¸ শোকৰ উপত্যকাত তুমি ডুবি যোৱা। হেৰুৱাৰ বেদনাই তোমাক খুলি খুলি খাওক।’

‘ মই তোমালৈ ৰৈ থাকিম পলাশ। ভাল হৈ তুমি উভতি আহিবা। আমি দুয়ো এদিন লগ হৈ একেলগ হ’ম।’
তাৰ হাতদুখন নিজৰ হাতৰ মাজত সুমুৱাই ললে তাই।

‘ ওহো¸ সেই প্ৰমিজ নকৰিবা মোক প্ৰচ্ছায়া। সাধাৰণ মানুহ মই। ইশ্বৰৰ ইচ্ছাকতো খণ্ডন কৰিব নোৱাৰো। প্ৰচ্ছায়া¸ তুমি মোক প্ৰমিজ কৰা¸ তুমি মোলৈ ৰৈ নাথাকিবা। মোৰ পৰিণতি যিয়েই নহওক¸ তুমি কেতিয়াও নিজক ভাঙি নেপেলোৱা। ভাল পুৰুষ এজনৰ তুমি সংগী হবা। কথা দিয়া মোক।’

‘ মই নোৱাৰো। ’উচুপি উঠিছিল তাই। 

‘ মোৰ এই শেষ ইচ্ছাও তুমি নুপুৰাবানে প্ৰচ্ছায়া? চোৱা মোৰ চকুলৈ। কি দেখিছা? আছে জানো হতাশা! যোদ্ধা মই¸ শেষ উশাহ থকালৈকে যুঁজি যাম। কিন্তু চিন্তাৰ ভাৱনাই মোক খুলি খুলি খাব। হস্পিটালৰ বেডত যেতিয়া মই শুই থাকিম¸ সাহস বুলিবলৈতো এই সময়বোৰেই থাকিব। অন্তঃত নিশ্চিন্ত হৈ শেষ উশাহকণলৈ মোক যুঁজিবলৈ প্ৰমিজ কৰা।’
এইবাৰ তাইৰ হাতদুখন নিজৰ দুয়োহাতত সুমুৱাই আঠুকাঢ়ি বহিছিল সি।
তাই কি কব! চকুৰ পানীৰে বাট নেদেখা হৈ কোনোমতে তাই মুৰ লৰাইছিল। ঠোকাঠুকি মাতেৰে কৈ উঠিল¸
‘ ওহো নহব পলাশ। আজিও তোমাৰ এষাৰো কথা নচলিব। আজিও মোৰেই মৰ্জি চলিব। আজিও স্বাৰ্থপৰ ময়েই হ’ম। তুমি উভতি আহিবই লাগিব।  মই সদায় তোমাৰেই নামৰ সেন্দুৰ লৈ থাকিম।’
এইবাৰ সৰু সেন্দুৰৰ টেমা এটা হাতৰ মুঠিত লৈ আগবঢ়াই দিলে তাই।
‘ এই সেন্দুৰৰ শক্তিয়েই তোমাক উভতাই আনিব। যদি সতী সাবিত্ৰীয়ে স্বামীৰ জীৱন যমৰ পৰা ওভতাই আনিব পাৰে¸ ময়ো পাৰিম। দিয়া¸ তোমাৰ নামৰ ৰং বুলাই দিয়া মোৰ কপালত।’

‘ এয়া অসম্ভৱ…কিয় জিদ কৰিছা প্ৰচ্ছায়া?’
আতংকিত হৈ পৰিল পলাশ। দুখোজ পিছুৱাই আহিল সি। এইবাৰ প্ৰচ্ছায়া দুখোজ আগুৱাই আহিল। চৌপাশৰ মানুহবোৰ যেন তেতিয়া একোটা শিলৰ মূৰ্তি।
‘ ওহো¸ আজি তুমি মোৰ কথা শুনিবই লাগিব পলাশ।’ 
কি কৰিব এতিয়া সি। কি কৰিব। 
এফালে জীৱন। এফালে মৃত্যু। 
কোনফালে বেছি হব পাল্লা ভাৰি। বৈশ্যদাই কান্ধত হাতখন ৰাখিলে তাৰ। সি বৈশ্যদালৈ চালে। বৈশ্যই মুৰ দুপিয়ালে। চপচপীয়া দুচকুৰে প্ৰচ্ছায়াই আঁকুল হৈ তালৈকে চাই আছে। 
সি জানে¸ এয়েই সেই নাৰী। যি জন্ম-জন্মান্তৰৰ পৰা তাৰ বাবেই ৰৈ আছে। যাৰ জীৱনৰ পুৰুষ মাথো সিয়েই। হঠাতে ভাৱ হয় পলাশৰ¸ জীৱন পৰীক্ষাত সি জয়ী হবই। ভাল মানুহৰ লগত অদৃষ্টই কেতিয়াও অন্যায় কৰিব নোৱাৰে। সি আকৌ আহিব। প্ৰচ্ছায়াৰ বাবেই আহিব। 
লাহেকৈ টেমাটো খুলি সি বোলাই দিলে তাৰ নামৰ সেন্দুৰ। আড়ম্বৰ নোহোৱা এখন বিয়া।
 সকলো পাহৰি তাক সাবতি ধৰিলে তাই।
পলাশে লাহেকৈ হাঁহিলে। দুখৰ মাজতো হাঁহি ওলাইছিল তাৰ। 
‘ থেংকিউ প্ৰচ্ছায়া। আকৌ প্ৰেৰণা দিলা তুমি। কিন্তু যোৱাৰ আগতে এনেকৈ চাব খোজা নাই তোমাক। সেই ঢৌ খেলা মেঘালীৰে ৰাতিপুৱাৰ সদ্যস্নাতা প্ৰচ্ছায়াজনীৰ ছবিখন আকৌ এবাৰ চাব খুজিছো। প্লিজ এবাৰ হাঁহি দিয়া।’
লাহেকৈ তাইৰ চুলিখিনিক ৰাবাৰৰ বেণ্ডদালৰ পৰা মুকলি কৰি দি তাইলৈ চাই হাঁহিলে সি। কিন্তু তাই কেনেকৈ হাঁহিব পাৰিব। অলপ পিছতেই তাইৰ চকুৱে বিচাৰি নোপোৱা দূৰলৈ গুচি যাব তাইৰ কলিজাটো এটা অনিশ্চিত ঠিকনা বিচাৰি। কৰুণ সেমেকা চকুযুৰিৰে একেথৰে তালৈ চাই ৰ’ল প্ৰচ্ছায়াই। সময় হৈ আহিছিল। দীঘলীয়া উকি মাৰি ট্ৰেইনখন যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছিল। তাৰ লগত ওলোৱা আত্মীয় দুজন কাষলৈ আহিছিল।

‘ যাও¸ সময় হ’ল।’
হাঁহি এটা মাৰি পলাশে মানুহ দুজনৰ পিছে-পিছে দৌৰি গৈ দবাটোত উঠিছিল। ট্ৰেইনখনে গতি লৈছিল। দৰ্জাখনৰ মুখত থিয় হৈ সি হাত জোকাৰি চিঞৰিছিল।

‘ মই আকৌ আহিম ।’
চিৰাচৰিত হাঁহিটো তাৰ মুখত লাগিয়েই আছিল। নেদেখা হোৱালৈকে সি হাতখন জোকাৰি থাকিল। নোৱাৰিলে প্ৰচ্ছায়াই। কোনেও নোৱাৰিলে হাতখন জোকাৰি বিদায় জনাব। সকলোবোৰ মানুহ মুৰ্তি হৈ পৰিছিল। প্ৰস্থৰ নিৰ্জিব মুৰ্তি। সময় যেন স্তব্ধ হৈ পৰিছিল।  

চেন্নাই অভিমুখী ট্ৰেইনখন দৌৰি আছিল। প্ৰচ্ছায়াই পলক নজপোৱাকৈ চাই ৰৈছিল পশ্চিমৰ ফালে। দুখ শোক একোৱেই তাইৰ অনুভৱ হোৱা নাছিল। সেই ট্ৰেইনখনত তাইৰ কলিজাটো গুছি গৈছিল।

বৈশ্যৰ হুমুনিয়াহ এটা ওলাই আহিছিল।
ষ্টেচনৰ ঘড়ীটোলৈ চাই তেও ভাবিছিল¸   এই সময় ৰৈ যোৱা হলে। এইখিনিতেই সকলোবোৰ এনেকৈয়ে ৰৈ যোৱা হেতেন! 
তেওৰ চকুহাল সেমেকি উঠিছিল। শুই থকা ৰেলৰ চিৰিবোৰৰ পৰা দৃষ্টি আঁতৰাই বৈশ্যই প্ৰচ্ছায়ালৈ চাইছিল। তেওৰ এনে লাগিছিল যেন বহু যুগ বছৰ আগৰে পৰাই প্ৰচ্ছায়া তেনেদৰেই ৰৈ আছিল। 
বগা চুৰিদাৰ আৰু মেলা চুলিৰে এজনী নাৰীয়ে যেন প্ৰেমাস্পদলৈ অপেক্ষা কৰি ৰৈ আছিল। যি নাৰীয়ে যুগ যুগান্তৰৰ পৰা তেনেকৈয়ে আছিল।

চাটকৈ বৈশ্যৰ মনত পৰিছিল পলাশে আগদিনা সলোৱা হোৱাটচ্এপ ষ্টেটাছটোলৈ¸

‘‘ ছাঁ পোহৰৰ খেল এই জীৱন
অাশা নিৰাশাৰ ভয়াবহ যুদ্ধৰ সময়
বুকুৰ মাজত জুই জ্বলাই লৈ
সাহসেৰে যুঁজি আছো মই বেড বয়।’’

কেতিয়াবাই নেদেখা হৈ যোৱা ট্ৰেইনখনলৈ চাই এইবাৰ নিজে-নিজেই বৈশ্যৰ হাতখন ওপৰলৈ উঠিল।

*****

সমাপ্ত

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib