Now you can Subscribe using RSS

Submit your Email

Tuesday 14 July 2020

পৰিধিৰ সিপাৰে

Unknown

                                [ এক ]

ঝৰ্ণা অতিষ্ঠ হৈ পৰিছিল। হ’ল বুলি আৰু ইমানো সহি থাকিব নোৱাৰি। চব কথাৰে এটা সীমা থাকে। মানুহৰ সহ্যৰো এটা সীমা থাকে। সেই সীমা পাৰ হৈ গলেই বিদ্ৰোহৰ জন্ম হয়। সেই বিদ্ৰোহে সমাধান সূত্ৰ দিব নোৱাৰিলেই জন্ম হয় ঘৃনাৰ। সহনশীলতা এটা নিৰ্দিষ্ট সীমালৈহে শুদ্ধ। কিন্তু সীমা পাৰহৈ গলেই সহনশীলতাই ভীৰুতাৰ নাম পায়।
ঝৰ্ণা ভীৰু নহয়!
আবেগ-অনুভূতিহীন পুতলাও তাই নহয়।
ঘৃণাত নাক কোচ খাই যোৱা ঝৰ্ণাৰ দুচকুৰে সৰসৰাই পানী বৈ আহিছিল।
স্বপ্নভংগৰ বেদনাই তাইক খুলি খুলি খাইছিল। 
ছিঃ ইমান জঘন্য হব পাৰেনে মানুহবোৰ!

তাই এবুকু আশা লৈ ঘৰৰ পচন্দমতেই বিয়াত বহিছিল। বেংক বিষয়া দিগন্ত তালুকদাৰক অপচন্দ কৰিবলগা একো নাছিল। সম্ভ্ৰান্ত পৰিয়ালৰ মাজু পুত্ৰ দিগন্তক তাইৰ ভাল লাগিছিল। কিন্তু বিয়াৰ দুদিন পিছতেই তাইৰ মোহভংগ হৈ গৈছিল। বৌৱেকৰ ৰুমৰ পৰা অসংযত হৈ ওলাই অহা গিৰিয়েকক দেখি তাইৰ ভৰিৰ তলৰ মাটি হেৰাই গৈছিল। তাই উচুপি উচুপি মাকক জনাইছিল¸
‘ মা¸ কি কৰো মই? কেনে মানুহ এজনলৈ বিয়া দিলি মোক!’
 মাক বাকৰুদ্ধ হৈ পৰিছিল। তেওৰ বুকুতো শোকে খুন্দা মাৰি ধৰিছিল। কি কব তেও এতিয়া! সদ্য বিবাহিত জীয়াৰীক গুচি আহিবলৈ কবনে! সমাজৰ কুৎসা ৰটনা শুনিব পৰাকৈ সাহসী হবনে জীয়েক।
 মাকে তাইক বুজাইছিল¸ 
‘ চা মাইনা¸ ধৈৰ্য্য ধৰ। নিজৰ মানুহজনক আপোন কৰিবলৈ চেষ্টা কৰ। কিছুমান সমস্যা ধৈৰ্য্যৰে সমাধান নকৰিলেই নহয়।’
তাই মাকৰ কথা মানিছিল। ধৈৰ্য্য ধৰিছিল। হিয়া উজাৰি মৰমেৰে মানুহজনক ধৰি ৰাখিব খুজিছিল। কিন্তু গৰুৰ আগত টোকাৰি বোৱাৰ দৰে মানুহজনে জানো দেখিছিল! কৰ্মসুত্ৰে দূৰত থকা আপোন ককায়েকৰ দুটা সন্তানৰ মাতৃ বৌৱেকৰ লগত চলা গোপন অভিসাৰে পত্নীৰ চকুলৈ চাব পৰাকৈও মানুহজনক আহৰি দিয়া নাছিল। তেওৰ বাবে মাথো তাই এজনী বান্দী হৈ পৰিছিল। যিয়ে তেওৰ আলপৈচান ধৰিছিল। মাথো কেইটামান বিশেষ দিনৰ বাবেহে তাইক মানুহজনৰ প্ৰয়োজন হৈছিল। ঝৰ্ণা অতীষ্ঠ হৈ গৈছিল।
ঝৰ্ণা হতাশ হৈ পৰিছিল। তিনিমাহ পিছত ধৈৰ্য্যৰ বান্ধ চিগি মানুহজনক সুধি পেলাইছিল।

‘ যদি মোৰ প্ৰয়োজন নাছিলেই¸ বিয়া কৰাইছিল কিয়?’

‘ অ’ মোৰ বৌৰ লগত সম্পৰ্ক আছে। ইচ্ছা হলে তুমি গুছি যাবা পাৰা।’
সি স্পষ্টকৈয়ে তাইক কৈ দিছিল।
খঙত ¸ ঘৃণাত¸ দূখত তাই ফাটি পৰিছিল।
কি কৰিব তাই! কাক কব! লাভ হব জানো কিবা শাহুৱেকক কৈ। তেওলোক নাজানে বুলি তাইৰ বিশ্বাস হোৱা নাছিল। কি ঠিক¸ কিজানি পুতেকৰ এই দোষ এৰাবলৈকে তাইৰ দৰে সহজ সৰল যুবতী এগৰাকীক বিয়া কৰাই আনিছিল।  
অৱশেষত তাই সিদ্ধান্ত লৈ পেলাইছিল।
তাইৰ প্ৰয়োজন নোহোৱা মানুহটোৰ ওচৰত থকাতকৈ অকলে থকাই ভাল।
অসহ্য হৈ তাই মাকলৈ ফোন কৰিছিল।

‘ মা¸ দেউতাক কবি¸ মই ডিভোৰ্চ ল’ম। আৰু এওৰ লগত সংসাৰ কৰিব নোৱাৰো। বহুত চেষ্টা কৰিলো। আৰু নোৱাৰি। ইয়াত থাকিলে মই নিজেই শেষ হৈ যাম।’

কি কব মাকে! জীয়েকৰ কথাবোৰ শুনাৰ পিছত কোন মাক-বাপেকে জীয়েকক এৰি দিব পাৰে! চকুলো টুকি এদিন মাক-দেউতাকে তাইক লৈ আনিছিল। ঝৰ্ণাই কন্দা নাছিল। যন্ত্ৰনাৰ কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ অানন্দত তাই মিছিকিয়াইছিল। ডিভোৰ্চ লোৱাৰ পিছত স্বামীৰ ঘৰখনে তাইক সুদাই এৰা নাছিল। মিছা কথাৰ জাল গুঠি তাইক বদনামী কৰিবলৈ অহৰহ চেষ্টা কৰিছিল।

‘ ঝৰ্ণাৰ চৰিত্ৰ বেয়া। পৰ পুৰুষৰে অবৈধ সম্পৰ্ক আছিল।’
‘ তাই বিয়াৰ আগতেই কোমাৰ্য্য হেৰুৱাই কলংকৰ চেকা বহন কৰিছিল।’
কথাবোৰ বতাহত উৰে। ঝৰ্ণাই গুৰুত্ব নিদিয়ে। তাই জানে¸ শত্ৰুক বশ কৰিব নোৱাৰা মানুহৰ শেষ অস্ত্ৰ বদনাম!
শত্ৰু! সেই ঘৰখন এৰি অহাৰ পিছত তাইতো এতিয়া সেইখন ঘৰৰ বাবে চকুৰ কুটা দাঁতৰ হুল।

হাঁহি উঠে ঝৰ্ণাৰ। 
চোৰেহে যেন গৃহস্থক ওলোটাই চোৰ ধৰে।
ঝৰ্ণা ইমান দূৰ্বল নহয়।
ধুমুহা এজাক পাৰহৈ অহাৰ পিছত তাইৰ এতিয়া কলৈকো ভয় নাই।
---
নাই¸ কোনো সুখী নহল তাইৰ সিদ্ধান্তত। ৰিটায়াৰ্ড দেউতাক আৰু মাকে চকুলো টুকি হুমুনিয়াহ কঢ়াৰ বাহিৰে কোনেও নাভাবিলে তাইৰ যন্ত্ৰনাখিনি। বায়েক¸ ককায়েক¸ বৌৱেক কোনেও এবাৰো নুসুধুলে তাইক কিমান যন্ত্ৰনাত দিনবোৰ পাৰ কৰিছিলা! মাথো গোমোঠা মুখ এখন লৈ ককায়েক-বৌৱেক গুচি গ’ল ককায়েকৰ কৰ্মস্থলীৰ চহৰলৈ। বায়েকেতো কৈয়েই পেলালে¸

‘ মাইনা¸ তই বাৰু ঘপকৈ সিদ্ধান্তটো ল’লি নেকি? অন্তঃত এবাৰ চেষ্টা এটা কৰিব পাৰিলিহেতেন। পুৰুষ হয়েই ভোমোৰাৰ দৰে। পত্নীৰ মৰমেই পুৰুষক পথলৈ লৈ আনিব পাৰে।’
ঝৰ্ণা আচৰিত হৈছিল। নাৰী হৈয়ো বায়েকে কেনেকৈ কব পাৰে এনেকৈ! 
‘ তই কৈছ কি বা। কেনেকৈ কব পাৰ তই এনেকৈ? যদি ভিনদেৱে তোৰ সমুখতে আন মহিলাৰ সতে শুই দিলেহেতেন কি তই সহি থাকিব পাৰিলিহেতেন!’
বায়েকে একো কব পৰা নাছিল। মাথো চাই ৰৈছিল মুখৰ মুখলৈ। বায়েক¸ ককায়েক¸ বৌৱেকক তাই বেয়া পোৱা নাছিল। জানিছিল¸ সিঁহতে তাইৰ অস্তিত্বতকৈও তাইৰ ভবিষ্যতটোকলৈহে বেছিকৈ চিন্তিত হৈছিল। ক’ৰবাত পৰিয়ালৰ মৰ্য্যদা গৰ্হিত হব খোজা বুলি ভবা ধাৰণাৰ বাবেই তেওলোকে তাইৰ সিদ্ধান্তটোক সন্মান জনাব পৰা নাছিল। 
নাই¸ নিজৰ ভবিষ্যতটোকলৈ কেতিয়াও সংকিত নহয় ঝৰ্ণা। দেউতাকৰ বোজা হব নলগাকৈ নিজৰ ভৰিত থিয় হব পৰাকৈ দেউতাকে তাইক শিক্ষাখিনি দিয়াইছিলতো। চলি যাব তাইৰ জীৱনটো। এনেওতো কোনো কথা নাই যে পুৰুষ এজন লাগিবই জীৱনত। ঝৰ্ণাই সিদ্ধান্ত লৈছিল¸ বিয়াৰ আগতে কাম কৰা প্ৰাইভেট স্কুলখনতে আকৌ সোমাব। এইবাৰ বি এডটোও কৰি লব। এম এ পাছ কৰিয়েই লৰা-লৰিকৈ বিয়া হৈ যাব লগা হোৱা বাবে পঢ়া নহল। এতিয়াতো সময়ৰ কোনো সীমাবদ্ধতাও নাই।

---
 ঝৰ্ণাৰ কথাবোৰ শুনি খুউব বেয়া লাগিছিল অন্তৰাৰ। মাকৰ মুখত শুনিছিল খবৰটো। শুনি বাকৰুদ্ধ হৈ পৰিছিল। প্ৰিয় বান্ধবীৰ গাৰ পৰা মাহ হালধিৰ গোন্ধ ভালকৈ আঁতৰাই নাছিল। ডিভোৰ্ছ হলেইনে! কৰো বুলিও অন্তৰাই ঝৰ্ণালৈ ফোন কৰিব পৰা নাছিল। কি বুলি সুধিব! ঝৰ্ণায়ো তাইলৈ ফোন কৰা নাছিল। অন্তৰাৰ মন গৈছিল প্ৰিয় বান্ধবীৰ কাষত থিয় হবলৈ। কিন্তু আহো বুলিও আহিবপৰা সুযোগ আৰু সুবিধা অন্তৰাৰ নাই। শাহুৱেকৰ অনুমতি নোলোৱাকৈ যে তাই এখোজো বাহিৰলৈ ওলাব নোৱাৰে। শাহুৱেকক কিবাকৈ সৈমান কৰাই চাৰিদিন পিছত তাই মাকৰ ঘৰলৈ আহিছিল। উদ্দেশ্য এটাই আছিল¸ প্ৰিয় বান্ধবীৰ লগ কৰা। সেয়েহে কেঁচুৱাটোক আইতাকৰ লগতে এৰি সন্ধিয়া ঝৰ্ণাৰ ঘৰলৈ আহিল তাই।

‘ তই আজিহে সময় পালি? আহ আহ ’
অন্তৰাক দেখি হাঁহি হাঁহি কলে ঝৰ্ণাই। অন্তৰাই একো কব নোৱাৰিলে। ঝৰ্ণাৰ পিছে-পিছে সোমাই গ’ল ৰুমলৈ।

‘ খবৰটো শুনি বৰ দুখ পালো। তোৰ লগত বৰ বেয়া হ’ল। ইত্যাদি ইত্যাদি নকবি দেই তই। শুনি শুনি আমনি লাগি গৈছে আৰু।’
অন্তৰাক বহিবলৈ দি ঝৰ্ণাই হাঁহি হাঁহি কলেও অন্তৰাই অনুভৱ কৰিলে ঝৰ্ণাৰ বুকুৰ বেদনাখিনি। একো নকৈ ঝৰ্ণাৰ চকুলে চাই থাকিল তাই। মাহ-হালধিৰ গোন্ধ গাৰ পৰা আঁতৰি নোযোৱাতে ডিভোৰ্চ লব লগা পৰিবেশ হ’লে নাৰীয়ে কিমান দুখ অনুভৱ কৰে সেয়া মাথোন ঝৰ্ণাইহে জানিব চাগে!

‘ তোক সেইবোৰ নকও দে। মই জানো¸ তই যি ডিছিচন লবি¸ সেয়া বেষ্ট হবই লাগিব। সৰুৰে পৰা জানো তোক¸ যথেষ্ট ভাবি-চিন্তি চালিজাৰি চাইহে তই ডিছিচন লৱ।’
হাঁহি মাৰি ঝৰ্ণাৰ হাঁত এখনত খামুচি ধৰে অন্তৰাই।

‘ থেংক গড¸ তইযে বুজিছ মোক। নহলে এইকেইদিন সকলোৰে সান্তনাবোৰ শুনি শুনি ব’ৰ হৈ গৈছিলো জাননে।’
জোৰকৈ হাঁহি দিলে ঝৰ্ণাই। তাইৰ দুখবোৰ চেপি ৰখাৰ অভিনয়খিনি বুজি পালে অন্তৰাই। লাহেকৈ কলে তাই¸

‘ আচলতে কি জান! খুৰীহঁতে তোৰ ভবিষ্যতটোলৈ চিন্তা কৰে। পুৰুষ অবিহনে নাৰীৰ গতি নাই বুলি ভবা এই সমাজখনে অকলশৰীয়া নাৰীৰ জীৱন দূৰ্বিসহ কৰি পেলোৱাৰ কথাটো ভাবি খুৰীহঁতে ভয় খাইছে।’
অকস্মাতে মুখৰ পৰা ওলাই কথাষাৰ বুজি অন্তৰাই ঝৰ্ণাৰ মুখলৈ চালে। এনেকৈ কৈ কোনোবাখিনিত তাই আকৌ ঝৰ্ণাৰ দূৰ্বলতম অংশত আঘাট দিয়া নাইতো।

কথাখিনি শুনি ঝৰ্ণাৰ মুখখন গম্ভীৰ হৈ পৰিল। হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিল তাই¸
‘ অন্তৰা¸ স্বামী যদি দুখীয়া হয়¸ অভাৱৰ মাজতো সুখী হব পাৰি। মানুহজন ৰুগীয়া হলেও মুখখন চায়েই হাঁহি থাকিব পাৰি। এনেকি মানুহজন চোৰ¸ ডকাইট¸ মদাহী হলেও এটা সময়লৈ সহি থাকিব পাৰি। কিন্তু চৰিত্ৰহীন পুৰুষৰ পত্নী হৈ লগত থকা একেবাৰেই অসম্ভৱ।’
দীঘলকৈ উশাহ এটা লৈ অাকৌ ক’লে¸
‘ তিনি মাহ…তিনি মাহ ধৈৰ্য্য ধৰিছো মই। এইটো আশাৰেই ক্ষমা কৰি দিছিলো¸ এদিন বুজিব নিজৰ ভুল। মোক পত্নীৰ মৰ্য্যদা দিব। ক’ত¸ একোৱেই নহল দেখোন।’
হুমুনিয়াহ এটা ওলাই আহিল তাইৰ।

‘ সচাকৈ¸ আমি ছোৱালীবোৰে সদায় সহ্য কৰি যাব লাগে। মন গলেও বহু সময়ত প্ৰতিবাদো কৰিব নোৱাৰো। প্ৰয়োজনৰ সময়ত আপোন মানুহৰো কেতিয়াবা সহাঁৰি নাপাও। কেতিয়াবা ভাবো¸ অবিয়ৈ জীৱনটোৱেই চাগে ভাল আছিল।’
‘ একদমেই অ’¸ চাচোন নামত বিয়াও হ’লো। কিন্তু …।’
বিৰিঙি উঠা চকুহাল মছি ললে ঝৰ্ণাই।
বুকুখন মোছৰ খাই উঠিল অন্তৰাৰ। তাইৰো চকু দুটা সেমেকি উঠিল। 
অন্তৰাৰ মনত পৰিছিল কথাবোৰ। বোৱাৰী জীৱনবাট তাইৰো সেন্দুৰীয়া নাছিল। প্ৰাপ্তিৰ নামত কথাই পতি খুট বিছৰা শাহু আৰু তাইক বান্দীৰ দৰে ব্যৱহাৰ কৰিব খোজা ননদজনীয়ে তাইৰ জীৱন দূৰ্বিসহ কৰি পেলাইছিল। শুই উঠাৰ পৰা শোৱালৈ কাম কৰি তত নোপোৱা মানুহজনীক যেতিয়া শাহুৱেকে কাম কৰিব নজনা এলেহুৱা বুলিছিল¸ তাইৰ চিঞৰি চিঞৰি কান্দিব মন গৈছিল। অথচ তাই কি কৰা নাছিল ঘৰখনৰ বাবে। মাকৰ ঘৰত ভুলতে গৰুটোও এৰাল দিব নলগা ছোৱালীজনীয়ে গোহালি চাফা কৰাৰ পৰা দংদঙীয়া ননদৰ কাপোৰ পৰ্য্যন্ত ধুই দিছিল। শাহুৱেক¸ নন্দেকে মাথো কাপোৰবোৰ দম লগাই থৈ আহিছিল বাথৰুমত। একমাত্ৰ তেওলোকে ভালপাওক বুলিয়েই বিনা প্ৰতিবাদে তাই কৰি গৈছিল। তাৰ বিনিময় কি পাইছিল তাই! মাথো মানসিক অত্যাচাৰ! ভাতৰ তিতা সহিব পাৰিলেও মাতৰ তিতা যে অসহ্যকৰ। ভাব হয় অন্তৰাৰ¸ শাহু কোনোদিন মাক হব নোৱাৰে। ননদো কোনোদিন ভনীয়েক হব নোৱাৰে। পিছমূহুৰ্ততে মনটোক বুজনি দিয়ে সকলো মানুহ একেই নহয়। 
কথাবোৰ এইখিনি সময়ত কবলৈ মন নগল অন্তৰাৰ। তাইৰ দুখৰ তুলনাত হয়তো ঝৰ্ণাৰ দুখ বহুগুণে বেছি। লাহেকৈ ক’লে তাই¸

‘ দুখ নকৰিবি অ’ ঝৰ্ণা। পাহৰি যা চব। আমি চাগে কোনোৱেই সুখী নহও। জীয়াৰী জীৱনটোৱে যি মধুৰ আছিল। এতিয়া দেখোন উশাহ লবলৈয়ো লোকৰ পাৰ্মিচন লবগৈ লাগে।’

‘ সিঁহতৰ চাগে খানদানটোৱেই তেনেকুৱা অ’। তাৰ বৰদেউতাকৰ পুতেকৰ বোৱাৰীজনীক কেনেকৈ দিনেৰাতিয়ে অত্যাচাৰ কৰি আছে দেখিছিলো। বেছেৰীয়ে চকুৰ পানীৰে বাট নেদেখা হৈ কেনেকৈ দিন কটাইছে ভাবিলেও গা শিঁয়ৰি উঠে।’
ঘৃণাত নাকটো কোঁচ খাই আহে ঝৰ্ণাৰ। তাইৰ নিবেদিতা বৌলৈ মনত পৰিছিল। নিবেদিতা বৌ¸ তাইৰ সম্পৰ্কীয় জায়েকজনী। যিজনী দিগন্ত তালুকদাৰৰ সম্পৰ্কীয় ককায়েক ৰঞ্জিত তালুকদাৰৰ ঘৈনীয়েক আছিল। দিগন্তহঁতৰ পিছফালৰ ঘৰটোৱে ৰঞ্জিত তালুকদাৰৰ।  
ঝৰ্ণাই প্ৰায়ে শুনিছিল ৰাতি ৰঞ্জিত তালুকদাৰে মদখাই আহি উচ্চবাচ্য কৰিছিল।

‘ চাল্লি কুট্টী¸ আগতে যাৰ-তাৰ লগত লেটিপেটি কৰি এতিয়া পোৱালি এটাও দিব নোৱাৰা হলি।’
তাৰ পিছত ধাপ-ধুপ কাৰোবাক প্ৰহাৰ কৰাৰ শব্দ। বোধহয় পেন্টৰ বেল্ট খুলি কাৰোবাক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ভাৰসাম্যহীন হাতৰ কোবটো মানুহৰ গাতেই পৰিছিল নে আন ক’ৰবাত পৰিছিল সেয়াহে ঝৰ্ণাই নাজানে।  মাথো জানিছিল¸ এই সকলোবোৰ নিৰ্যাতনৰ লক্ষ্য নিবেদিতা বৌৱেই আছিল। গভীৰ দুখেৰে মনটো ভৰি পৰিছিল তাইৰ।

দুয়োখন ঘৰৰ ভিতৰত একমাত্ৰ নিবেদিতা বৌকে আপোন যেন লাগিছিল ঝৰ্ণাৰ। তেৱো তাইক ভনীয়েকৰ দৰে মৰম কৰিছিল। এদিন সুধিছিল ঝৰ্ণাই¸
‘ বৌ¸ তুমি ইমান অত্যাচাৰ কেনেকৈ সহি আছা? গুচি নোযোৱা কিয়?’
তেওৰ বাউসীত ৰঙা পৰি থকা দাগটোৱে আগৰাতিৰ বহু কথাই কৈ গৈছিল।
সেমেকা হাঁহি এটা মাৰি কৈছিল নিবেদিতা বৌৱে¸
‘ কলৈ যাম! যিদিনা দেউতাই বিয়া দি উলিয়াই দিছিল¸ কৈছিল¸ ‘‘ঘৰখনৰ সন্মান ৰাখিবি আই। এনে একো কামেই নকৰিবি¸ যাৰ বাবে তোৰ মাৰ-দেউতাৰে কান্দিবলগা হয়।’’ মই বহুত দুখীয়া ঘৰৰ ছোৱালী অ’ ঝৰ্ণা। ভাইটিৰ লগত মা-দেউতাই এটা কথাই ভাবি সুখত আছে যে মই ইয়াত সুখত আছো। আছো মই সুখত!’
নিবেদিতা বৌৰ চকুহাল সেমেকি উঠিছিল। কি বুলি সান্তনা দিব ঝৰ্ণাই ভাবি পোৱা নাছিল। সেইদিনা নিবেদিতা বৌৰ দুখবোৰ পাৰভাঙি বৈ আহিছিল।

‘ তিনিবছৰ! তিনিবছৰ বৰ কম সময় নহয় অ’ ঝৰ্ণা। এই তিনিবছৰ প্ৰতিদিনেই ধৰ্ষিতা হৈ আহিছো মই। ওকালি আহে¸ যেতিয়া মদৰ দূৰ্গন্ধ মুখত লৈ মানুহজনে এই দেহটোৰ ওপৰত জপিয়াই পৰে। নিজৰ এই দেহটোলৈকে ঘিন লাগি যায়। সিঁহতে কোৱাৰ দৰে মই বেয়া ছোৱালী কেতিয়াও নাছিলো। জানা¸ ঘৰলৈ যাওতে নিজৰে কিবা দোষ থকা বুলি পৰীক্ষাও কৰিছিলো মই¸ ডাক্টৰে চব ঠিকে থকা বুলিও কৈছিল। অথচ এই মানুহটোক এবাৰ ডাক্টৰৰ ওচৰলৈ যোৱাৰ কথা ক’লেই গালি-গালাচ আৰম্ভ হয়। মোৰ শাহুৰ মতেও দোষ মোৰেই। কেনেকৈ বুজাও কোৱা? মন গলেই শুনাই থাকে¸ মতা অমিতা গছ কামত নাহে। বাজী তিৰোতাৰ কি মূল্য। মোৰ কি মন নাযায়  মৰমলগা দেবশিশু এটাৰ মা হবলৈ। কেতিয়াবা সকলো হেৰুৱাই নিজকে শেষ কৰিব মন যায়। কিন্তু দেউতাহঁতৰ কথা ভাবি কৰিব নোৱাৰো। এইটো অৱস্থাত যদি ঘৰলৈ উভতি যাও¸ মই মৰাৰ আগতে তেওলোকে আত্মহত্যা কৰিব।’

ঝৰ্ণা¸ মুক হৈ পৰিছিল। কেনেকৈ মানুহজনীয়ে ইমান দূখ হজম কৰি গৈছিল। 

‘ চোৱা ঝৰ্ণা¸ মোৰ মুক্ত হোৱাৰ সুযোগ নাই। কিন্তু তোমাৰ আছে। তোমাৰ মা-দেউতায়ো নিশ্চয় তোমাক বুজে। সোনকালেই এই নৰককুণ্ডৰ পৰা মুক্ত হৈ গুচি যোৱা। জীৱনটো নতুনকৈ গঢ়াগৈ।’
বিনা প্ৰতিবাদে অত্যাচাৰে সহি যোৱা নিবেদিতা বৌৱেই তাইক সাহস দিছিল। অথচ কেতিয়াও আত্মহত্যা নকৰো বুলি কোৱা নিবেদিতা বৌৱেই এদিন সকলো আশা হেৰুৱাই কুঁৱাত জপিয়াই দিছিল। তুলি আনি চিকিৎসা কৰাৰ সময়তো সেই ঘৰখনে মানুহজনীক অসাবধানতাৰ দোহাই দি গালি পাৰিবলৈ এৰা নাছিল। 
এতিয়াবা কি কৰিছেগৈ নিবেদিতা বৌৱে। কথাটো মনত পৰাৰ লগে-লগে মনটো সেমেকি গ’ল ঝৰ্ণাৰ।

‘ আচলতে কি জান অন্তৰা! এজনী ছোৱালী এজন ল’ৰাৰ প্ৰেমত পৰাৰ পৰা বিয়ালৈকে কিমান পুৰুষ প্ৰধান দমনত চলে ভাবিলে বুজিবি। এই বোলে ইয়াক নামাতিবা¸ তাক নামাতিবা¸ তালৈ নাযাবা। যদি ভালপোৱা ফেচবুকৰ পাছৱৰ্ডটো দিয়া। বহু ছোৱালীয়ে আকৌ ভালপোৱাৰ প্ৰমাণ দিবলৈ প্ৰাক-বৈবাহিক দৈহিক সম্পৰ্কও গঢ়িব লগা হয়। আৰু আমি ছোৱালীয়ে ইচ্ছাৰ বিৰুদ্ধেও মানি লও। ইয়াতকৈ দুখলগা আৰু লাজলগা কথা কি হব পাৰে!’
খং উঠে আহে ঝৰ্ণাৰ। কথাবোৰে অন্তৰাকো ভবাই তোলে। মনে-মনে ৰৈছিল দুয়োজনী। অলপতে ঘৃণনীয় পৰিবেশৰ পৰা ওলাই সাংঘাটিক বিদ্ৰোহী হৈ উঠিছিল ঝৰ্ণা। 

‘ বাদ দে এইবোৰ কথা। এতিয়া কি ভাবিছ ক?’
অন্তৰাই লাহেকৈ সুধিলে তাইক।
‘ কি ভাবিম আৰু। আকৌ স্কুলতে সোমাই যাম। যদি ইয়াত পোষ্ট নাই¸ দুদিন দেৰিকৈ হলেও ওচৰে-পাজৰে ক’ৰবাত পাই যাম। তেতিয়া নহ’ল¸ গতিকে আকৌ বি এডত এডমিশ্যন ল’ম। মুঠতে ফ্ৰীডমখিনি ফুল এনজয় কৰিম।’
হাঁহি দিলে তাই।

‘ গুড। দ্যাটছ মাই ডাৰ্লিং বেষ্টি ।’
অন্তৰা সুখী হৈ পৰিল। তাই হাঁহি মাৰি সাৱতি ধৰিলে ঝৰ্ণাক।

*****

আগলৈ -

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib