Now you can Subscribe using RSS

Submit your Email

Wednesday 30 August 2017

মই ভাগৰা নাই¸ বাট হেৰুওৱা নাই

Unknown

ধুনীয়া ছোৱালীজনী দিব্যাংগ। হাত এখন নাই। লৰাজনো একেই¸ ভৰি এখন নাই। হয়তো কিবা দুৰ্ঘটনাত দুয়ো হেৰুৱাই পেলাইছে জীবনৰ অমুল্য অংগ। ভালকৈ নাচালে ধৰিবই নোৱাৰি যে তেওলোক স্বাভাবিক নহয়। অথচ দুয়োৰে মুখত দুখ নাই¸ হতাশা নাই। সাহসেৰে যুজিছে জীবনৰ যুঁজ।
হয়তো দুয়োজন জীবনসংগী।
চিকিম টিভিৰ প্ৰগ্ৰেম এটাত নৃত্য কৰিছে দুয়ো। আস: কি সুন্দৰ নৃত্য¸ সুন্দৰ মুদ্ৰা। সিঁহতক দেখিলে স্বাভাবিক সকলেও লাজ পাই যাব। কোনে কব সিঁহত দিব্যাংগ বুলি। দুয়োপাল চকুপানী ওলাই আহিল প্ৰবালৰ। অানন্দত তৃপ্তিত মন ভৰি গল তাৰ। সোঁহাতখন কপালত লগাই সি বিৰবিৰাই উঠিল ‘‘হেডচ্ অফ টু য়ু’’।
ইতিমধ্যে ষ্টুডিঅ’টো হাত তালিৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।
টিভিতো বন্ধ কৰি ওলাই আহিল সি। বজাৰলৈ যাব লাগিব। আবেলিয়েই পাণখিনি পাৰিছিল। আঠটামান হৈছে। বেছি দিব লাগিব। ঘৰৰ বস্তু বেচিবলৈ কিঁহৰ লাজ! মোনাখনত পাণখিনি ভৰাই চাইকেলখনৰ আগত ওলোমাই দিলে সি। ওচৰৰে গধুলি বজাৰখনলৈ যাওতে বাইকখন নিব ভাল নাপালে সি। বেকাৰ তেলপুৰি কি লাভ! আগতে কিমান চাইকেল চলালে। মাথো তিনি কিলোমিটাৰহে।
: বাবা¸ আহোতে জীয়ামাছ অলপ লৈ আহিবিচোন। দেউতাৰে বৰকৈ খাবলৈ মন কৰিছে।
- মাকে কৈ উঠিল।
: হবদে।
- মাকক ৰিঙিয়াই সি চাইকেলত উঠি পেডেল মাৰিলে।
----------------
: হেৰি নহয় নয়ন¸ যতীন বৰতাহঁতৰ মাটিখিনি এনেয়ে পৰি আছে। তাতে আমি কিবা কৰিব পাৰো দেখোন।
- সন্ধিয়া গণেশৰ পান দোকানৰ সমুখৰ তক্তাপোচখনত বহি থাকোতে কৈ উঠে সি। প্ৰায়েই সন্ধিয়াতো অলপ সময় লগ হয় সিঁহত। আজিকালি বৰকৈ সময় নাপায়েই। সকলো কামে-কাজে লাগিল। অথচ এটা সময়ত কিমান যে সময় সিঁহতে তাতেই অতিবাহিত কৰিছিল।
: কিমাননো আৰু টকা লাগে অ’ তোক? গাখীৰ বেচ¸ গাহৰি পুহিছ¸ গাড়ী এখন লাইনত দি থৈছে।
- হাঁহি হাঁহি কৈ উঠিল মদনে।
প্ৰবালে একো নকলে হাঁহিলে মাথো।
: হবদে বৰতাক সুধিম। দিব চাগে। পিছে কি ভাবিছনো?
- নয়নে সুধিলে।
: চা¸ দুপৰীয়া সময়খিনি এনেয়ে থাকো। বৰতাহঁতৰ আঠবিঘামান মাটিত কলৰ বাগান এখন খুলিব পাৰি।
: মানিছো ভাই তোক। টিপিকেল অসমীয়া মানুহ বনি গলি এক্কেবাৰে।
- নয়নে হাতদুখন ওপৰলৈ তুলি নমস্কাৰ কৰি কৈ উঠিল তাক। হোঁহোৱাই হাঁহি দিলে আটায়ে।
চাকৰী বিচাৰি লাভ নাই। প্ৰবালে জানে। তাৰ দৰে সাধাৰণ বি এ পাছ লৰা এটাই চাকৰীৰ পিছত দৌৰি ফুৰাটো বাটুলামি মাথো। টকাৰে চাকৰী কিনাৰ ক্ষমতা সিঁহতৰ দৰে মানুহবোৰৰ নাই। মেধাবীয়োতো নহয় জাকত জিলিকা হবলৈ। ভালেখিনি অমুল্য সময় নষ্ট কৰিলে সিঁহতে এই চৰম সত্যটোৱেই উপলব্ধি কৰোতে।
এতিয়া সিঁহতে বুজিছে।
আজিকালি সময়ৰ নাটনি তাৰ। সময় অপচয় কৰিবলৈ খুবেই টান পায়। ৰাতিপুৱা চাৰি বজাত উঠি উইংগাৰখনৰ প্ৰথম ট্ৰিপদুটা সিয়েই মাৰে। ড্ৰাইভাৰ ছটাতহে আহে। মাজে-সময়ে ৰাতিৰ ওচৰৰ দৰাবৰা¸ বিয়াৰ ট্ৰিপো সিয়েই মাৰে সামান্য টকাতে। এইখিনিয়েই উপাৰ্জনৰ সময়। বুঢ়া হলে জানো পাৰিব। নিজে যিখিনি কষ্ট পাইছে¸ তাৰ সন্তানে যাতে পাবলগীয়া নহয়। দিনে নিশাই সেয়াই চিন্তা তাৰ।
প্ৰবালৰ দেউতাক স্কুলৰ চকীদাৰ আছিল। সামান্য টকাৰে তিনিটাকৈ লৰা-ছোৱালীক সমানেই পঢ়াই-শুনাই ডাঙৰ কৰিছে। ছোৱালী দুজনীক বিয়া দি হাত খালী হৈ গল তেওৰ। তাৰ বাবে প্ৰবালৰ একো আক্ষেপ নাই। তালৈ একো দায়িত্ব এৰা নাই কেও। মাথো নিজৰ ভৰিত থিয় হব লাগে।
----------------
যোৱাকালি অনুৰাধাক দেখিছিল সি। আগতকৈ শকত হৈছে তাই। গুৱাহাটীলৈ যাওতে বিগবজাৰত সোমাইছিল সি। বিহু আহিছে¸ বায়েক¸ ভনীয়েক¸ ভাগিনীয়েকহঁতলৈ কাপোৰ কিনিব লাগে। সৰুৰে পৰা ভাগিনীয়েক কেইটাক দামী কাপোৰে দি আহিছে সি। অনুৰাধায়ো দেখিছিল তাক। দুৰৰ পৰা চাই ৰৈছিল তালৈ। হয়তো মাতিব খুজিও ৰৈ গৈছিল। তাইৰ কাষেৰেই গোগোৱাই পাৰ হৈ আহিছিল সি। তাইলৈ বেয়া ভাব নাই। কিন্তু তাইৰ লগত কথা পতাৰ প্ৰয়োজনবোধ নকৰে সি।
টোপনি নাহে তাৰ। ৰাতি বহুদেৰিলৈকে পুৰণি কথাবোৰে ভাহি থাকে চকুৰ আগত।
: সোনকালে চাকৰী এটা যোগাৰ কৰি লোৱা প্ৰবালদা। মোক এনেয়েও বেছিদিন ৰাখি নথয়।
: মইতো চেষ্টা কৰিয়েই আছো অনু। যতে যি শুনিছো এপ্লাই কৰিছো। এনেয়েতো বহি থকা নাই।
: আজিকালি ইন্টাৰভিউ দিলেই চাকৰী নাপায়। টকা দিব লাগিব।
: কৰ পৰা দিম। সাধাৰণ চাকৰীটোৰে দেউতাই আমাক ইমানখিনি ডাঙৰ কৰিলে। এতিয়া জানি শুনি টকা বিচাৰি ঘৰত অশান্তি কৰিলে কি হব। আৰু মইতো এনেয়ে বহি থকা নাই। প্ৰাইভেট হলেও চাকৰী এটা কৰিছো। আচলতে কি জানা অনু¸ আমাৰ খেতি থকা হলে চাকৰী নিবিচাৰি খেতিয়েই কৰিলোহেতেন।
- কৌতুকেৰে কৈ উঠে সি। মুখখন ইষৎ বেকা কৰি ঘুৰাই দিলে তাই। সি হাঁহি হাঁহি সাবতি ধৰিলে। আজিকালিৰ সকলো ছোৱালীয়ে প্ৰেমিকৰ ভাল সংস্হাপন বিচাৰে। অনুৱো পৃথক নহয়। তাৰ মৰম লাগে তাইলৈ¸ তাৰ মৰমৰ অনুৰাধালৈ।
: প্ৰবালদা¸ মোক পুজাত কি দিবা?
- বৰ আলসুৱাকৈ তাই সুধিছিল তাক।
: কোৱা কি লাগিব?
- আলফুলে তাইৰ চুলিত হাত বুলাই কৈ উঠে সি।
যেনেকৈয়ে নহওক বিহুৱে¸ পুজাই সি তাইক উপহাৰ দিয়ে ধুনীয়া এখন শাৰী নহলে চুৰিদাৰ। তাইৰ জন্মদিনতো তাৰ বাবে এটা উৎসবৰ নিচিনাই। তাইক বহুত ভাল পাইছিল সি¸ নিজৰ জীবনতকৈয়ো বেছি। কলেজত পঢ়ি থাকোতেই অনুৰাধাৰ প্ৰেমত পৰিছিল সি। দুয়ো দুয়োৰে প্ৰেমত হাবুডুবু খাইছিল। দিনটোত দুবাৰকৈ কথা পাতে সিঁহতে। প্ৰাইভেট চাকৰী তাৰ¸ বৰকৈ লগ কৰিবলৈ সময় নাপায়।
: প্ৰবাল¸ অনুৰাধাৰ বিয়া ঠিক হৈছে।
- নয়নৰ মুখত শুনি আচৰিত হৈ গৈছিল সি। তাৰ লগত তাইৰ অলপ কাজিয়া লাগিছিল। দুদিন তাইৰ লগত কথা পতা নাছিল সি। তাই ওফোন্দ পাতিছিল। অভিমানতে সিয়ো ফোন কৰা নাছিল।
প্ৰবাল হতভম্ব হৈ পৰিছিল। এয়া কেনেকৈ কৰিব পাৰে তাই তাৰ লগত। জীবন-মৰন একলগে থকাৰ শপত খাইছিল দুয়ো। আচৰিত হৈ নয়নৰ মুখলৈ চাইছিল সি। নাই¸ নয়নে ধেমালী কৰা নাই।
: প্লিজ মোক পাহৰি যোৱা প্ৰবালদা। আমাৰ সম্পৰ্কতো কোনেও মানি নললে।
- লাহেকৈ কৈ ফোনটো কাটি দিছিল তাই। ভৰিৰ তলৰ মাটিহে যেন হেৰাই গৈছিল তাৰ। ৰি ডায়েল কৰিছিল সি। ফোনটো ৰিং হৈ হৈ কাটি গৈছিল।
: তাই কিয় এনেকুৱা কৰিব? মোৰ কি দোষ?
- ফেকুৰী উঠিছিল সি।
: চা ভাই¸ বেকাৰ হোৱাটোৱে আমাৰ দোষ অ‘। সংস্হাপনহীন আমিবোৰৰ কাৰোবাক ভালপোৱাৰো অধিকাৰো নাই।
- হুমুনিয়াহ কাঢ়ি কৈ উঠিছিল নয়নে।
: মইতো বেকাৰ নহয়। কম দৰমহাৰ হলেও কিবা এটা কৰিছো।
- সি চিঞৰি উঠিছিল।
: চৰকাৰী চাকৰী আছে জানো? তই জানো দিব পাৰিবি বিলাসিতা? সেয়ে চৰকাৰী কেৰানী এটা পাই লাঠ মাৰিলে তোক। লাগিলে সেই কেৰানী বুঢ়া¸ টপা¸ চৰিত্ৰহীনেই হওক।
- সমান উস্মাৰে কৈ উঠিল নয়নে। ঘিন লাগে তাৰ অনুৰাধাৰ দৰে নাৰীলৈ। যিয়ে প্ৰেমৰ অভিনয় কৰে। তাকো এদিন এইদৰে কোনোবাই লাঠ মাৰিছিল। কৰুণ দৃষ্টিৰে প্ৰবালৰ ফালে চাইছিল সি। কপি উঠিছে লৰাটো। যেন বাগৰিহে পৰিব। ভৰিৰ তলৰ মাটি হেৰাই গৈছিল প্ৰবালৰ।
: চোৱা অনু¸ তুমি মোৰ লগত এনে কৰিবই নোৱাৰা। মোৰ নহলে কাৰোৱেই হব নিদিও মই। উঠাই লৈ যাম তোমাক।
- পিছদিনা তাইৰ ঘৰত গৈ চিঞৰি উঠিছিল সি। মাক-বাপেক ওলাই আহিছিল।
: ঐ কাক ধমকি দিছ তই।
- অনুৰাধাৰ ককায়েকে চাৰ্টৰ কলাৰত খামুচি ধৰিছিল তাৰ।
: হাত মোৰো আছে।
- আঁচোৰ মাৰি তেওৰ হাতখন আঁতৰাই আঙুলি টোৱাই কৈ উঠিছিল সি।
সি অভদ্ৰ নাছিল। তায়েই বাধ্য কৰিছে তাক।
তাৰ বুকুত জুই জলিছিল।
একো ভুল কৰা নাই সি। নিয়মিত চাকৰীৰ ইন্টাৰভিউ দি ফুৰিছে। যত্নৰ ত্ৰুতি কৰা নাই। কিয় তাই তেনেকুৱা কৰিব!
: তই তাইৰ ঘৰত ধমকি দি আহি ভাল নকৰিলি নেকি!
- নয়নে কৈছিল তাক।
: একো ভুল কৰা নাই। তাইৰ বিয়া ধ্বংস কৰি পেলাম মই।
- খঙত চিঞৰি উঠিছিল সি।
: সিঁহতে তোৰ ওপৰত এন টি এখন দিছে।
- হুমুনিয়াহ এটা কাঢ়ি কৈ উঠিছিল নয়নে।
বাকৰুদ্ধ হৈ পৰিছিল প্ৰবাল। ইমানলৈ কৰিব পাৰে তাই। এয়াই প্ৰেম আছিল। দুখত¸ খঙত হয়তো সি কিবা কৈ আহিছিল। সেইবুলি জানো তাইৰ সচাকৈয়ে অপকাৰ কৰিব পাৰিলেহেতেন। ঘৃণাত নাক কোচখাই তাৰ।
: চা ভাই¸ সকলো সময়ৰ হাতত এৰি দে। তায়েই দুৰ্ভগীয়া। তোৰ সঁচা প্ৰেমক নিচিনিলে! চাবি তাই সুখী হব নোৱাৰিব।
: মই তাইক অভিশাপ দিছো¸ তাই জীবনত সুখ নাপাব।
- নয়নক সাবতি ফেঁকুৰী উঠিছিল সি। নয়নৰো দুচকু সেমেকি উঠিছিল। প্ৰিয় বন্ধুৰ পিঠিত থপৰিয়াই সান্তনা দিছিল সি।
তাইৰ জোৰোণৰ দিনা সি মদ খাইছিল। জীবনত প্ৰথমবাৰৰ বাবে নিচাগ্ৰস্হ হৈ উচুপি উঠিছিল সি। লাজ মান কাটি কৰি মাক বাপেকৰ আগত সি ফেকুৰী উঠিছিল।
তাই আচৰিত হৈছিল। ইমানখিনি হোৱাৰ পিছত সি বিয়ালৈ যাব বুলি তাই আশা কৰা নাছিল। ভিতৰি ভয় খাইছিল তাই। সিঁহতৰ মানুহবোৰে চকু বহল কৰি চাইছিল। পেটে পেটে হাঁহি উঠিছিল তাৰ।
: চোৱা অনুৰাধা¸ জোৰকৈ কাৰোবাক ধৰি ৰাখিবলৈ মই ইমান মুৰ্খও নহয়। তাতে সকলোৰে জীবনত সচা প্ৰেম এবাৰ আহেই। মোলৈয়ো আহিব। চাবা¸ চাকচেচ এদিন হমেই। তুমি মোক জেদী কৰি তুলিলা। ধন্যবাদ
-অলপ ৰৈ পুণৰ কৈছিল সি।
: কইনা সাজত তোমাক চোৱাৰ হেপাহ আছিল। তুমি সুখী হোৱা।
- খুউব সৰুকৈ কৈ তাইৰ হাতত উপহাৰতো দি গুছি আহিছিল সি।
স্হানুৰ হৈ ৰৈছিল তাই। অনু নহয় অনুৰাধা বুলি মাতিছিল সি। যি তাৰ বাবে অচিনাকী আছিল। প্ৰবালৰ বেয়া লগা নাছিল। তাৰ মনটো জেদী হৈ পৰিছিল। ওঠৰ কোণত হাঁহি এটা ফুটি উঠিছিল।
: যি হল ভালেই হল বুজিছ! নিজৰ ইচ্ছাৰে এতিয়া আগুৱাব পাৰিম। কাৰো বাধ্য বাধকতা নাই। সফল হবলৈ সকলোৱে এদিন সুযোগ পাই¸ ময়ো পাম। সচা প্ৰেমতো পামেই।
- সেমেকা হাঁহি এটা মাৰি কৈছিল সি।
: ডেটচ্ লাইক মাই ফ্ৰেণ্ড।
- নয়নে সাবতি ধৰিছিল তাক। আনন্দতে দুয়োৰে চকু তিৰবিৰাই উঠিছিল।
সেয়া ছবছৰ আগৰ কথা। বন্ধন¸ উজ্জীবনৰ টকা ধাৰ লৈ মাকে দিছিল তাক। মুৰ্গীৰ ফাৰ্মখনত লাভ হৈছিল। নতুনকৈ গাহৰী ফাৰ্ম আৰু জাৰ্চিগাই দুজনী কিনি কৰ্মত মনোনিবেশ কৰিছিল। বেংকৰ লোণটো লৈ গাড়ীখন কিনিছিল।
যত্ন কৰিলেহে ৰত্ন পায়।
কষ্টই ভাগ্য।
ভাগ্যই লক্ষ্মী।
প্ৰবাল থমকি ৰোৱা নাছিল। ৰিস্ক লবলৈ ভয় নকৰে সি। কৰ্মমুখী মানুহে ভয় নকৰে। ডায়েৰী ফাৰ্মখন ডাঙৰ হৈছিল। দুজন মানুহক সংস্হাপন দিছিল সি। যোৱামাহতে গাড়ীখনৰ কিষ্টি শেষ হৈছে। ঘৰৰ বাবে এখন লাগে। চুইফট ডিজায়াৰ এখন লোৱাৰ মন আছে তাৰ¸ চিলভাৰ কালাৰৰ। ঘৰটোও ইতিমধ্যে হৈছে। বিয়াখন পাতিব লাগে। বয়স ৰৈ নাথাকে। মাক-দেউতাকে চিঞৰি থাকে আজিকালি।
সপোনবোৰ প্ৰায় পুৰ্ণ হৈ আহিছে তাৰ।
: ক্ৰিং ক্ৰিং ক্ৰিং
-হঠাতে ফোনটো বাজি উঠিল।
: অ’ নয়ন ক।
- হাঁহি মাৰি ফোনটো ৰিচিভ কৰিলে সি।
: এটা গুড নিউজ আছে প্ৰবাল। আমি যে সমবায়ৰ বাবে কে ভি আই বিত এপ্লাই কৰিছিলো। চেংচন হৈছে।
এইমাত্ৰ ভিনদেৱে ফোন কৰিলে।
- উৎসাহেৰে কৈ উঠিল সি।
: কি সচাই কৈছনে!
- প্ৰবালৰ মনটো ভাল লাগি গল। স্মল ইণ্ডাষ্ট্ৰীৰ বাবে সিঁহতে পোন্ধৰ লাখৰ লোণ এটা এপ্লাই কৰিছিল। ভবা নাছিল প্ৰথম বাৰেই পাব বুলি। নয়নৰ ভিনদেউ কে ভি আই বিত চাকৰী কৰে। তেৱেই বুধিটো দিছিল।
মনটো ভৰি গল প্ৰবালৰ।
: অ’ মা ভাত বাঢ়। ভোক লাগিছে।
- চিঞৰি সোমাই গল সি দ্ৰয়িংৰুমলৈ। মাক-দেউতাক দুয়োজনে টিভি চাই আছে।
ওঠত হাঁহি এটা জিলিকি উঠিল। যাত্ৰা ভুল হোৱা নাই।
সিঁহত সফল হব।
জীবন সংগ্ৰামত হাৰি নাযায়।
সি ভাগৰা নাই।
বাট হেৰুওৱা নাই।।

Unknown / Author & Editor

Has laoreet percipitur ad. Vide interesset in mei, no his legimus verterem. Et nostrum imperdiet appellantur usu, mnesarchum referrentur id vim.

0 comments:

Post a Comment

Blog Archive

Popular Posts

Coprights @ 2016, Blogger Templates Designed By Templateism | Templatelib